Posts

Showing posts from August, 2021
#সূৰ্যফুলৰ_দেশলৈ খণ্ড ২৫ দেওবাৰ। বিশেষ ব্যস্ততা নাই। নৱেম্বৰৰ শেষৰ ভাগ। ঠাণ্ডাৰ এটা পাতলীয়া আৱেশে মেৰিয়াব খোজে। ৰাতিপুৱা সোনকালে উঠিবলৈ মন নোযোৱা সময়। বন্ধৰ অচিলা লৈ আজি শোৱাৰ পৰা অকণমান দেৰিকৈয়ে উঠিলোঁ। বহুদেৰি বিছনাতে কেৰমেৰকৈ থাকি ঘড়ীলৈ চাই দেখোঁ দহ বাজিবৰ হ'ল। চেন্ডেল চোঁচৰাই অলসতাৰে ৱাশ্বৰুমলৈ সোমালো। অকণমান ৰ'দত বহিবৰ মন গৈছে। চাহ একাপ গেছত বহাই দি গাৰুবোৰৰ গিলিপ খুলিলোঁ। চকী এখন হাতলত ধৰি চোঁচৰাই নি একেবাৰে চোতাল পোৱালোঁগৈ। ৰ'দৰ ফালে চকীখন মুখ কৰি দি গাৰু দুটা আনি তাতে থ'লোঁ।  চাহৰ উতল আহিছিল। লৰালৰিকৈ চাহকাপ বাকী ৰ'দ পৰা চিৰিকেইটাতে বহি সাগ্নিকলৈ এটা মেছেজ লিখিলোঁ : গুড মৰ্ণিং... উঠক আৰু। দেওবাৰ বুলি কিমাননো শোৱে! তিনিটা চুমাৰ ইম'জিৰে মেচেজটো পঠিয়াই ফোন থৈ চাহত চুমুক দিছিলোঁ মাত্ৰ। এটা অচিনাকী নম্বৰেৰে ফোনটো বাজিল। নম্বৰ চিনি নাপালে সাধাৰণতে ফোন ৰিচিভ কৰিবলৈ অকণমান অসুবিধা পাওঁ। ফোনটো চাইলেণ্ট কৰি আঁতৰাই থ'লোঁ। সেই কলটোৰ ৰিং শেষ হোৱাৰ লগে লগেই এটা লেণ্ডলাইন নম্বৰেৰে ফোনটো আকৌ বাজি উঠিল। গুৱাহাটীৰ ক'ড। এইবাৰ ফোনটো ৰিচিভ কৰিলোঁ মই। লগে লগে এটা সুন্...
#সূৰ্যফুলৰ_দেশলৈ #খণ্ড_৩০ আজি পাঁচদিন হ'ল 'অসম Daily' ত মই চাকৰি কৰি থকা। ডিউটি লিষ্ট অনুসৰি আজি মোৰ অফ। আজিকালি ব্যস্ততাবোৰো মোৰ ভাললগা হৈ আহিছে। এনেকুৱা কি আকৰ্ষণ আছে এই চাকৰিত যাৰ বাবে দিনৰ দিনটো অকণো নোৰোৱাকৈ কাম কৰি থাকিলেও তিলমাত্ৰও মোৰ ভাগৰ অনুভৱ নহয়। কালি তেজস্বীনি বায়ে কৈছিল মোৰ নামত এখন আই কাৰ্ড খুব সোনকালেই ইছ্যু কৰাৰ কথা। কথাষাৰ ভাবিয়েই মনটো ভাল লাগি গ'ল। কিমান যে সপোন মোৰ ডিঙিত এখন আই কাৰ্ড ওলোমাই ৰখাৰ। য'ত লিখা থাকিব মোৰ নাম।  জাৰ্নেলিষ্ট কৃষ্ণাক্ষী বৰুৱাৰ নাম। হঠাৎ মনত পৰিল সাগ্নিকে কালি দি থৈ যোৱা ডায়েৰীখনলৈ। ৰাতি বহুত হোৱাৰ বাবে ৰূমলৈ আহি তেনেকৈয়ে টেবুলত থৈ দিছিলোঁ সেইখন। আজি যেতিয়া অফিচ যাবলগীয়া নাই, গোটেই দিনটো ডায়েৰীৰ প্ৰতিটো গান, প্ৰতিটো কবিতা এটা এটাকৈ পঢ়ি শেষ কৰিম। হকাৰজনে চোতালত পেলাই থৈ যোৱা বাতৰি কাকতখন আনিবলৈ বুলি উঠি আহিলোঁ। যোৱা কিছুদিনৰ পৰা মই বাতৰিকাকত এখন ল'বলৈও আৰম্ভ কৰিছোঁ। সংবাদ মাধ্যমত এংকৰ হিচাপে কাম কৰাৰ প্ৰথম আৰু প্ৰধান চৰ্তটোৱেই হৈছে দেশ-বিদেশৰ বিভিন্ন খবৰ ৰখা।  বাতৰি কাকতখন হাতত লৈ বহিয়েই ফোনটো চালোঁ। ইমানদেৰি আজি তেওঁ ফো...
#সূৰ্যফুলৰ_দেশলৈ #খণ্ড_২৯ পুৱা ছয় বাজি পোন্ধৰ মিনিট গৈছে। আজি মোৰ মৰ্ণিং ডিউটি। ফোনটো বাজিল। কেবৰ ড্ৰাইভাৰজনৰ ফোন। মানুহজনৰ নামটো মই এতিয়ালৈকে নাজানোঁ। সেয়ে নম্বৰটো 'কেব' বুলি চেভ কৰি থৈছিলোঁ । আজি সুধি নামেৰে সৈতে চেভ কৰি ল'ব লাগিব। পাচলি,মাছ, ড্ৰাইভাৰ,ৰিক্সা,পানী মিস্ত্ৰী এইধৰনেৰে নম্বৰ চেভ কৰি সাংঘাতিক বেয়া পাওঁ। পৰাপক্ষত মানুহজনৰ নামটো সুধি সেইমতেই চেভ কৰি ৰাখোঁ নম্বৰটো। : আমি পালোঁহি। ওলাই আহক। : মই এতিয়াই আহি আছো দাদা। গেইটৰ সন্মুখত ৰৈ আছে গাড়ীখন। কালি কোৱা সময় অনুসৰি ছয় বাজি পঁচিশ মিনিটতহে মোক পিক কৰাৰ কথা আছিল। সেইমতেই কামবোৰ কৰি আছিলোঁ মই। কাপোৰ কানি পিন্ধি সাজু হৈছিলোঁ যদিও একোকে খোৱা নহ'ল। চিৰা অকণমানত গৰম গাখীৰ দি খাবলৈ বহিছিলো মাত্ৰ। সেইখিনি নোখোৱাকৈয়ে বাতিটো প্লেট এখনেৰে ঢাকি লৰালৰিকৈ ওলাই আহিলোঁ। সংবাদ মাধ্যমৰ গাড়ীয়ে কালৈকো অপেক্ষা কৰিব নোৱাৰে। কাৰণ গাড়ীখনত বহি থকা মানুহখিনিৰ কাৰোবাৰ লাইভ অনুষ্ঠান থাকে, কোনোবা আকৌ সেই অনুষ্ঠানটো চলোৱাৰ দায়িত্বত থাকে। গতিকে ধার্য কৰি দিয়া সময়তকৈ এক মিনিটো ইফাল সিফাল হোৱা মানেই এটা অনুষ্ঠানত তাৰ প্ৰভাৱ পৰা। প্ৰায় দৌৰি যোৱাদ...
#সূৰ্যফুলৰ_দেশলৈ #খণ্ড_২৮ টক্‌ টক্‌ টক্‌ মোৰ আৰু দেৱাশ্ৰী বাৰ কোঠাৰ মাজৰ দুৱাৰখন কৰোবাৰ টোকৰত কঁপি উঠিল। খকমককৈ শোৱাৰ পৰা উঠি বহি পৰোঁতেই দুৱাৰৰ সিফালৰ পৰা দেৱাশ্ৰী বাৰ মাতটো ভাঁহি আহিল : কৃষ্ণা... ঐ কৃষ্ণা। উঠ আকৌ। অফিচ নাই জানোঁ আজিৰ পৰা? হে ঈশ্বৰ! কেইটা বাজিল? বহুত দেৰি হ'ল নেকি? একেজাপে বিছনাৰ পৰা উঠি থিয় হৈ মোবাইলটো হাতত লৈ সময় চাই দেখোঁ চাৰে ছয় বাজিছে। ঢামকৈ বিছনাখনত আকৌ পৰি তন্দ্ৰালস মাতেৰেই তাইক উত্তৰ দিলোঁ : চাৰে ছয় বাজিছে বা। দহ বজাত মোৰ অফিচ। মই উত্তৰ দিয়ালৈ সেই খণ্ডত নাছিলেই তাই। এইবাৰ মোৰ কোঠাৰ দুৱাৰৰ সন্মুখত থিয় হৈ ৰিঙিয়ালে : উঠনা কৃষ্ণা। দুৱাৰ খোল। দুচকুত এসোপা টোপনিৰেই দুৱাৰখন খুলি দিলোঁ মই। : বা চাৰে ছয়হে বাজিছে। শুবলৈ দিয়ানা অকণমান। কালি বহুত দেৰিলৈকে ফোনত কথা পাতি আছিলোঁ। সোমাই আহোঁতেই তাইৰ কান্ধতে মূৰটো পেলাই কৈ উঠিলোঁ। এইবাৰ মোক বিছনাত বহুৱাই খৰধৰকৈ ক'লে তাই : সাগ্নিক চলিহা হা! গোটেই ৰাতি পাতিবলগীয়াকৈ কিমান কথা ওলায় অ' তহঁতৰ! বিছনাত বহুৱাই দিয়াৰ ভাগতেই বাগৰি আকৌ শুবলৈ চেষ্টা কৰোঁতেই মোৰ মূৰত হাত ফুৰালে তাই : উঠনা মাজনী। মই মন্দিৰলৈ যাওঁ। তয়ো ওলা। আজি এট...
#সূৰ্যফুলৰ_দেশলৈ খণ্ড ২৭ কিতাপ এখনৰ পাত লুটিয়াই খিৰিকীৰ কাষতে বহি ৰৈছোঁ। যদিও কিতাপ মেলি বহিছোঁ তথাপি দৃষ্টি বাহিৰত। ইণ্টাৰভিউটো দি অহাৰে পৰা এইকেইদিন কোনো কামতেই ভালকৈ মন বহুৱাব পৰা নাই। একেৰাহে মাত্ৰ ভাবি ৰৈছোঁ আহিবলগীয়া এটা মেছেজ বা ফোনৰ কথা। ফোনটো বাজিলেই বা মেছেজ এটা আহিলেই দৌৰ মাৰি গৈ চাইছোঁগৈ কিজানি সেই মেছেজটোৱে কঢ়িয়াই আনিছে এটা ভাল খবৰ! কিতাপৰ পাতত মনটো বহুৱাবলৈ চেষ্টা কৰোঁতেই মৃদু শব্দৰে মোবাইলটোত নটিফিকেশ্যন এটা আহিল। জাঁপ মাৰি চকীৰ পৰা উঠি গৈ হাতত তুলি ললোঁ বিছনাত পৰি ৰোৱা মোবাইলটো। মোবাইল কোম্পানীৰ মেচেজ। অতি শীঘ্ৰেই ৰিচার্জ কৰিবলৈ মনত পেলাই দিয়া এটা মেছেজ। বিৰক্তিৰে মোবাইলটো বিছনাখনলৈ দলিয়াবলৈ ধৰোঁতেই আকৌ এটা মেছেজৰ নটিফিকেশ্যন স্ক্ৰীনত জিলিকি উঠিল। ব্যগ্ৰতাৰে মেচেজটো খুলিলোঁ Dear Ms.Krishnakshi Baruah Further to the rounds of interview you had with us, we are pleased to offer you to join 'অসম Daily'. Enclosed is the soft copy of the offer letter.   মেছেজটোৰ লগে লগে 'অসম Daily' ৰ লেণ্ডফোন নম্বৰটোৰ পৰা এটা ফোন আহিল। তিনি বজাত পোৱাকৈ মাতি পঠিয়াইছে। এইচ আৰ ...
#সূৰ্যফুলৰ_দেশলৈ খণ্ড ২৬ এটা সতেজ পুৱা। এলাৰ্ম দিছিলোঁ সোনকালে উঠিবৰ বাবে। কিন্তু এলাৰ্মটো বাজিবলৈ নাপাওঁতেই সাৰ পালোঁ। ইণ্টাৰভিউৰ বাবে কৰিবলগীয়া প্ৰস্তুতিখিনি কৰি ৰাতি প্ৰায় এক মান বজাতহে শুইছিলোঁ। ইণ্টাৰভিউটোৰ খবৰ পায়েই সাগ্নিকে গধূলি দি থৈ গৈছিলহি প্ৰায় এমাহমানৰ 'আছাম ট্ৰিবিউন' বাতৰি কাকতখিনি। তাৰোপৰি 'হেপী ইণ্ডিয়া'ৰ পৰা ইস্তফা দি ঘূৰি আহোঁতে কালিৰ দিনটোৰ প্ৰতিখন বাতৰি কাকতৰ এখনকৈ কিনি আনিছিলোঁ। সম্ভাব্য প্ৰশ্নবোৰ কাগজ এখনত টুকি ৰাখি যিমান পাৰোঁ ভালকৈ উত্তৰবোৰ প্ৰস্তুত কৰিলোঁ। পুৱা চাৰে পাঁচ বাজিছে। দুৱাৰখন খুলি নিঃশব্দে বাহিৰলৈ ওলাই আহিলোঁ। চৌহদটো একেবাৰে নিজান পৰি আছে। ডাঠ কুঁৱলীয়ে ৰাস্তা পদূলি ছানি ধৰিছে। ঘৰৰ মালিকজনে নতুনকৈ এখন ফুলনি পাতিছে।  ফুলৰ সমান্তৰালকৈ কাৰ্পেট বনৰ এটা শাৰীও মালীজনে বৰ ধুনীয়াকৈ কৰিছে। উঠি গৈ সেইখিনি ঠাইতে থিয় দিলোঁগৈ। কাৰ্পেট বনবোৰত কুঁৱলীৰ টোপালবোৰ পৰি বৰ ধুনীয়া কৰি তুলিছে। প্ৰতিজোপা বনৰ আগত সৰু সৰু কুঁৱলীৰ টোপালবোৰ দেখি এনেকুৱা লাগিছে যেন মুকুতাৰ মালা এডাল কোনোবাই ছিঙি বনবোৰৰ ওপৰত সিঁচৰিত কৰি দিছিল। লাহেকৈ চেন্ডেলযোৰ খুলি সেই কুঁৱলীৰ টোপা...