#সূৰ্যফুলৰ_দেশলৈ
খণ্ড ২৭
কিতাপ এখনৰ পাত লুটিয়াই খিৰিকীৰ কাষতে বহি ৰৈছোঁ। যদিও কিতাপ মেলি বহিছোঁ তথাপি দৃষ্টি বাহিৰত। ইণ্টাৰভিউটো দি অহাৰে পৰা এইকেইদিন কোনো কামতেই ভালকৈ মন বহুৱাব পৰা নাই। একেৰাহে মাত্ৰ ভাবি ৰৈছোঁ আহিবলগীয়া এটা মেছেজ বা ফোনৰ কথা। ফোনটো বাজিলেই বা মেছেজ এটা আহিলেই দৌৰ মাৰি গৈ চাইছোঁগৈ কিজানি সেই মেছেজটোৱে কঢ়িয়াই আনিছে এটা ভাল খবৰ!
কিতাপৰ পাতত মনটো বহুৱাবলৈ চেষ্টা কৰোঁতেই মৃদু শব্দৰে মোবাইলটোত নটিফিকেশ্যন এটা আহিল। জাঁপ মাৰি চকীৰ পৰা উঠি গৈ হাতত তুলি ললোঁ বিছনাত পৰি ৰোৱা মোবাইলটো। মোবাইল কোম্পানীৰ মেচেজ। অতি শীঘ্ৰেই ৰিচার্জ কৰিবলৈ মনত পেলাই দিয়া এটা মেছেজ।
বিৰক্তিৰে মোবাইলটো বিছনাখনলৈ দলিয়াবলৈ ধৰোঁতেই আকৌ এটা মেছেজৰ নটিফিকেশ্যন স্ক্ৰীনত জিলিকি উঠিল। ব্যগ্ৰতাৰে মেচেজটো খুলিলোঁ
Dear Ms.Krishnakshi Baruah
Further to the rounds of interview you had with us, we are pleased to offer you to join 'অসম Daily'. Enclosed is the soft copy of the offer letter.
মেছেজটোৰ লগে লগে 'অসম Daily' ৰ লেণ্ডফোন নম্বৰটোৰ পৰা এটা ফোন আহিল। তিনি বজাত পোৱাকৈ মাতি পঠিয়াইছে। এইচ আৰ 'পাঞ্চালী ৰায়চৌধুৰীয়ে' মোক এবাৰ লগ কৰিবলৈ বিচাৰিছে।
যুৱতীগৰাকীয়ে সিফালৰপৰা ফোন কাটিছিল। হাতত ফোনটো লৈ দৰক লাগি ৰৈ থাকিলোঁ মই। মোবাইলটো বুকুত সাবটি লৈ লাহে লাহে লেপেটা কাঢ়ি বহি পৰিলোঁ মজিয়াত। ইমান আনন্দৰ মুহূৰ্ত এটাত কেনেকৈ যেন আনন্দ কৰিব লাগে পাহৰি গৈছোঁ মই। মোবাইলটো বুকুত তেনেকৈ সাবটি ধৰি থাকিয়েই হুকহুকাই কান্দি উঠিলোঁ।
এই কান্দোন সুখৰ।
এই কান্দোন সপোন পূৰণৰ।
যোৱা চাৰিটা মাহৰ কষ্টৰ শেষত এই চাকৰি।
মই যেন হঠাৎ হৈ পৰিছোঁ পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালীজনী। কাৰো সহায় নোলোৱাকৈ মই এটা চাকৰি পালোঁ। কাৰোৰে ওচৰত মূৰ তল নকৰাকৈ কেৱল নিজৰ অৰ্হতাৰে আজি মোৰ মোবাইলত জিলিকি ৰৈছে এটা সংবাদ মাধ্যমৰ এখন অফাৰ লেটাৰ।
উফ!
কেনেকৈ প্ৰকাশ কৰা যায় এই আনন্দ!
কেনেকৈ উদযাপন কৰা যায় এই মুহূৰ্ত!
ক'ব নোৱাৰাকৈ এইবাৰ মোৰ মুখেৰে চিঞৰৰ দৰে শব্দ এটি ওলাই আহিল।
সকলোকে যেন চিঞৰি চিঞৰি জনাওঁ
"চোৱা মই চাকৰিটো পালোঁ। কষ্টকৰ দিনবোৰ অথলে নগ'ল মোৰ। সপোন পূৰণ হ'ল মোৰ"
লৰালৰিকৈ ঘৰলৈ ফোন লগালোঁ। দেউতাই ৰিচিভ কৰিছে।
: দেউতা...
আনন্দত মাতটো ডাঙৰকৈ ওলাল মোৰ।
: চাকৰিটো পালি মা?
মই নোকোৱাকৈয়ে সুধি পেলালে তেওঁ।
: পালোঁ। পালোঁ মই চাকৰিটো। উফ মোৰ কেনেকুৱা লাগিছে বুজাব পৰা নাই। কিন্তু এক মিনিট...মই নোকোৱাকৈয়ে তুমি কেনেকৈ জানিলা?
: তোৰ এইটো মাতৰ সৈতে যে একেবাৰেই পৰিচিত আইজনী। প্ৰতিবাৰেই কিবা এটা সাফল্যৰ পিছত এইটো মাতেৰেইতো খবৰবোৰ দিয়।
কেনেকৈ যে মাক দেউতাকে সন্তানৰ প্ৰতিটো মাত, প্ৰতিটো কাম, জন্মৰ পৰা ডাঙৰ হোৱালৈকে প্ৰতিটো ক্ষণ আজীৱন বুকুত সুমুৱাই ৰাখিব পাৰে !
: আচ্ছা এটা কথা কচোন মা।
দেউতাৰ মাত ভাঁহি আহিল ফোনৰ সিপাৰৰ পৰা।
: সোধো নে?
: সোধা আকৌ!
: ইমান কষ্টৰ পিছত এইটো চাকৰি পাই আগৰ চাকৰিটোতকৈ এটা বেলেগ অনুভৱ হোৱা নাই নে?
ভাবি চালোঁ মই।
হয়তো! এই অনুভৱ 'খবৰ 24×7' ৰ চাকৰিটো পাই হোৱা অনুভৱতকৈ সম্পূৰ্ণ বেলেগ। যদিও আনন্দ তেতিয়াও লাগিছিল কিন্তু আজি এই খবৰে মোৰ বুকুলৈ, মোৰ জীৱনলৈ বেলেগ এটা অনুভৱ কঢ়িয়াই আনিছে। যি অনুভৱ সুকীয়া। যি বৰ্ণোৱা নাযায় ভাষাৰে।
: হৈছে। হৈছে দেউতা।
সামান্য আবেগিক মাতেৰে ক'লো মই।
: হ'বই। দুখৰ অনুভৱ নকৰাকৈ প্ৰকৃত সুখৰ অনুভৱ কৰাও যে কঠিন। আনন্দ কৰ মা। সুখী হ।
: মাক দিয়া না।
মা, ভন্টি সকলোৰে লগত কথা পাতি ফোনটো ৰাখিয়েই সাগ্নিকলৈ ফোন লগালোঁ মই।
: হেল্ল...
আনন্দত মাতটো এইবাৰো যেন এটা চিঞৰ হৈয়েই বাহিৰ হ'বলৈ খুজিলে। মোৰ এই মাতৰ লগত একেবাৰেই পৰিচিত নহয় তেওঁ।
: কৃশ্বু... ইমান ফুৰ্তি যে? কি হ'ল?
: চাকৰিটো... মই চাকৰিটো...
: পালা? চাকৰিটো পালা তুমি কৃশ্বু?
তেওঁ নেদেখে বুলি জানিও ফোনটো জোৰেৰে হেঁচি ধৰি মূৰ দুপিয়ালোঁ মই। কিয় জানোঁ চকুপানী ওলাই আহিল। মোৰ প্ৰতিটো কষ্ট, প্ৰতিটো দুখৰ সাক্ষী এই পুৰুষ। মোৰ কষ্টবোৰ কম কৰিবলৈ অহৰ্নিশে চেষ্টা কৰে এইজন মানুহে। আজি তেওঁক এই ভাল খবৰটো দি যেন সুখৰ চকুলোত তিতিছোঁ মই।
: মই জানিছিলোঁ। চাকৰিটো যে মোৰ কৃশ্বুয়েই পাব মই খুব ভালকৈ জানিছিলোঁ। বিশ্বাস আছিল মোৰ। লাভ ইউ। আই লাভ ইউ কৃশ্বু। কেতিয়াৰ পৰা জইন কৰিবলৈ দিছে?
সুখী হৈ পৰিছে তেওঁ। মোৰ সুখবোৰ বাগৰিছে তেওঁৰ বুকুলৈকো।
: অহা সোমবাৰৰ পৰা। কিন্তু আজি এবাৰ এইচ আৰ গৰাকীয়ে লগ পাবলৈ বিচাৰিছে। তিনি বজাত পোৱাকৈ মাতি পঠিয়াইছে।
: মই আহি আছোঁ। তুমি অকলে যাব নালাগে। মই লৈ যাম।
: আপোনাৰ অফিচ?
: সোনকালে অফিচৰ পৰা ওলাই দিম। আজি মোৰ কৃশ্বুৰ দিন। চেলিব্ৰেটতো কৰিবই লাগিব।
: শুনক...
লাহেকৈ উচ্চাৰিলো মই।
: কোৱা। কোৱা না।
: আজি বাইক লৈ আহিব প্লিজ।
: এনিথিং ফৰ ইউ....। য়েছ, এনিথিং ফৰ ইউ। তুমি ৰেডি হৈ থাকিবা। টু থাৰ্টিত মই গৈ পামগৈ।
ফোনটো থৈ তেনেকৈয়ে বহি ৰ'লো বহুপৰ। সুখৰ নদী এখন যেন বুকুৰ ভিতৰত ফেনে ফোটোকাৰে বাঢ়ি আহিছে আৰু মই উটি যাব খুজিছোঁ সেই বানত।
মোৰ টেবুলখনৰ সন্মুখভাগলৈ চালোঁ। খুব সোনকালেই ইয়াত আকৌ এখন ডিউটি লিষ্ট ওলমি ৰ'ব। এখন কেব গেইটৰ সন্মুখত ৰ'বহি। য'ত বহি সংবাদ মাধ্যমলৈ যাব জাৰ্নেলিষ্ট কৃষ্ণাক্ষী বৰুৱা।
আজি নিজকে বৰ সযতনে সজালো। এযোৰ চিয়াঁহী নীলা চেলোৱাৰ, লগত এখন জয়পুৰী কাম কৰা দুপাত্তা,পাতলকৈ লিপষ্টিক, কাণত এযোৰ সৰু ঝুমকা, হাতত সাগ্নিকে উপহাৰ দিয়া ঘড়ীটো।
নিজকে খুব ধুনীয়া দেখিলোঁ। আইনাত বাৰে বাৰে চালোঁ। বুকুৰ সেই আনন্দ যেন বাহিৰ হৈ উপচি পৰিছে মুখ আৰু সমগ্ৰ দেহত।
আইনাৰ সন্মুখত ৰৈ নিজকে নিজে ক'লো
: হেল্ল' জাৰ্নেলিষ্ট কৃষ্ণাক্ষী বৰুৱা... বি হেপী অলৱেইজ।
ফোনটো বাজিল।
ইতিমধ্যে তেওঁ আহি পাইছিলহি।
: পাঁচ মিনিট পাঁচ মিনিট বুলি পোন্ধৰ মিনিট পাৰ হ'ল কৃশ্বু। নিজকে আজি ইমানকৈ সজাইছা নে? কিমান দেৰি ৰ'ব লাগিব সঁচা কথাটো কৈ দিলে এনেকৈ বাইকৰ ওপৰত বহি নাথাকোঁ আৰু। এঘুমটি শুয়েই লওঁ।
হাঁহি হাঁহি ক'লে তেওঁ।
অতদেৰিৰ পৰা পাঁচ মিনিট বুলি তেওঁক গেইটৰ সন্মুখতে ৰখাই থৈছোঁ মই। লৰালৰিকৈ কৈ উঠিলোঁ
: এইবাৰ সঁচাকৈয়ে পাঁচ মিনিট। লাগিলে আপুনি ঘড়ী চাই থাকক। পাঁচ মিনিট যি পাঁচ মিনিট।
দুৱাৰত তলা লগাই খৰধৰকৈ ওলাই আহিলোঁ মই। দৌৰি যোৱাদি গৈ তেওঁৰ ওচৰ পালোগৈ।
: চৰী চৰী... বহুত দেৰি ৰ'বলগীয়া হ'ল আপুনি।
: ইটচ অ'কেই কৃশ্বু...
অস্পষ্টভাৱে উচ্চাৰিছে তেওঁ।
থৰ লাগি চাই ৰৈছে মোলৈ।
: কি চাইছে?
: ভাবিছোঁ দুজন বডীগাৰ্ড থকা হ'লে ভাল আছিল!
: কিয়?
আচৰিত হৈ চাইছোঁ মই।
: ইমান ধুনীয়া ছোৱালী এজনী বডীগাৰ্ড নথকাকৈ কেনেকৈ নিও?
খিলখিলাই হাঁহি উঠিলোঁ মই।
: ক'ত যে লুকুৱাই থোৱা এই হাঁহিটো কৃশ্বু...
বাইকত বহি আলফুলে তেওঁৰ বাহুত হাত ৰাখিলোঁ। মোৰ সাফল্যত এই মানুহজনৰ আনন্দ আৰু মোৰ দেউতাই মোৰ বাবে পোৱা আনন্দৰ মাজত কি পাৰ্থক্য? দেউতাৰ সমান কোনেও ভালপাব নোৱাৰে বুলি শৈশৱৰ পৰা এটা বদ্ধমূল ধাৰণা মোৰ মনত বহি গৈছিল। কিন্ত এই মানুহজনে মোক অনুভৱ কৰাইছে যে দেউতাৰ সমান নহ'লেও দেউতাৰ পিছতে যদি কোনো পুৰুষে মোক ইমান ভাল পাইছে সেয়া হৈছে তেওঁ।
আঃ! ইমান নিৰাপত্তা এই দুবাহুত। তেওঁৰ বাহুত থোৱা হাত বাহুৰে পিছলাই নি বুকুত ৰাখিলো ।
'অসম Daily' ৰ অফিচৰ সন্মুখত ৰ'লোহি আমি। মই নামি পৰাৰ লগে লগে ক'লে তেওঁ
: মই ৰৈ আছোঁ কৃশ্বু...তুমি আহাঁগৈ।
: দেৰি হয় যদি!
: একো নহয় তুমি যোৱা। আজি গোটেই আবেলিটো যে তোমাৰেই নামত।
এক বিশেষ ভঙ্গীৰে কৈ উঠিল তেওঁ।
অলপদূৰ আগবাঢ়ি গৈয়েই ঘূৰি চালোঁ তেওঁলৈ। বাইকৰ হেণ্ডেলত হেলমেটটো ৰাখি তাতে হাত থৈ চাই ৰৈছে মোলৈ। চকুৱে চকুৱে পৰাত তেওঁলৈ চাই এবাৰ হাঁহিলো।
গাৰ্ডজনে আজি চিনাকিৰ ভাৱেৰে হাঁহি এটা মাৰি আগবঢ়াই দিলে ৰেজিষ্টাৰখন। নাম, কাক লগ কৰিম, সময় আদি গোটেই কথাবোৰ পুৰাই লিফ্টেৰে উঠি গ'লো তৃতীয় মহলৰ 'অসম Daily' ৰ অফিচটোলৈ বুলি। ইন্দ'ৰ প্লেণ্টখিনিৰ মাজেৰে কৰিড'ৰটোৰে পাৰ হৈ গৈ ৰিছেপশ্যনত থিয় দিলোঁগৈ।
যুৱতী দুগৰাকীৰ পিছফালৰ বেৰত ওলমি ৰোৱা প্ৰকাণ্ড ঘড়ীটোলৈ চাই দেখোঁ দুই বাজি সাতচল্লিছ মিনিট পাৰ হৈছে। তিনি বজাত মাতিছিল মোক। ব্যস্ততাৰে ইটো সিটো ফোন উঠাই থকা যুৱতীগৰাকীয়ে মোলৈ চাই সামান্য হাঁহি সুধিলে
: কৃষ্ণাক্ষী বৰুৱা ন?
: হয়।
লাহেকৈ মূৰ দুপিয়ালোঁ।
: পাঞ্চালী বায়ে মাতিছিল আপোনাক? অৰ্থাৎ এইচ আৰে?
: হয় হয়।
কাৰোবালৈ ফোন ডায়েল কৰিলে তেওঁ আৰু খুব সৰু মাতেৰে কি সুধিলে মোৰ কাণত নপৰিল। ফোনটো থোৱাৰ পিছতে মোক কৈ উঠিল
: সোমাই যাওক। তেখেত কেবিনতে আছে।
কেবিনটোলৈ বুলি খোজ আগবঢ়ালো। মেকআপ ৰূমটো পাৰ হৈ যাওঁতে হঠাৎ কোনোবাই মেক আপ ৰূমৰ দুৱাৰ খুলি ওলাই আহোঁতেই মোৰ গাত খুন্দা লাগিল। চাই দেখোঁ সিদিনা তেজস্বীনি বায়ে প্ৰেংকি বুলি মতা ধুনীয়া মেকআপ আৰ্টিষ্ট গৰাকী। খুন্দাটো মাৰিয়েই ইচ্ ইছাই উঠিল তেওঁ
: omg! এম চ' চৰী.. একদমেই নেদেখিলোঁ জানা!
: ইটছ অ'কেই প্ৰেংকি...
: ৱাও! তুমি মোৰ নামো জানা দেখোন!
: সিদিনা তেজস্বীনি বায়ে মতা শুনিছিলোঁ। আহিছিলোঁ যে মই! স্ক্ৰীন টেষ্টৰ বাবে মেকআপ ল'বলৈ।
মই মনত পেলাই দিব খুজিলোঁ প্ৰেংকিক।
: য়ে ৰাম! হয়তো ! কেনেকৈ যে পাহৰি গৈছোঁ চোৱানা। জইন কৰিবা?
: উমম। আজি পাঞ্চালি মেমে মাতিছিল।
: গ্ৰেইট। কংগ্ৰেশ্বুলেছন।
মোৰ বাহুত আলফুলে ধৰি কাণৰ কাষত মুখখন লগাই কৈ উঠিল তেওঁ।
ধন্যবাদ জনাই মই পাঞ্চালী মেমৰ কেবিনলৈ আগুৱাই গ'লো। লাহেকৈ টোকৰ দিলোঁ দুৱাৰত।
: প্লিজ কাম।
সোমাই গ'লো।
: হাই কৃষ্ণাক্ষী। কংগ্ৰেশ্বুলেছন...
মোলৈ বুলি হাত আগবঢ়ালে তেওঁ।
: ঠেংক ইউ মেম।
তেওঁৰ হাতত হাত থৈ ক'লো।
: কেতিয়াৰ পৰা জইন কৰিব পাৰিবা? অফাৰ লেটাৰত সোমবাৰ দিছোঁ। এক ডিচেম্বৰ পৰিব। পাৰিবা নহয়?
: য়েছ মেম। পাৰিম।
: পাৰফেক্ট.. প্ৰায় বিশ গৰাকী এংকৰৰ মাজৰ পৰা আমি তোমাক ছিলেক্ট কৰিছোঁ। আশা কৰিছোঁ খুব নিষ্ঠাৰে যেন তুমি কাম কৰা কৃষ্ণাক্ষী।
প্ৰায় দহ মিনিট কথা পাতিলে তেওঁ মোৰ লগত। পাঞ্চালী ৰায়চৌধুৰীয়ে মোৰ বাবে ধার্য কৰা দৰমহাৰ পৰিমান আছিল 'খবৰ 24×7' ৰ দৰমহাতকৈ যথেষ্ট বেছি। সেইখিনি দৰমহাৰ পইচাৰে মই খুব ভালকৈ চলিব পৰাৰ উপৰিও প্ৰয়োজনত ঘৰলৈকো কেতিয়াবা পঠিয়াবহে পাৰিম।
: তেন্তে সোমবাৰে লগ পাম !
: শ্বিঅৰ মেম.. ঠেংক ইউ চ' মাচ্চ ।
ওলাই আহিলোঁ কেবিনটোৰ পৰা।
: হাই কৃষ্ণাক্ষী।
হঠাৎ কাৰোবাৰ মাতত ঘূৰি চালোঁ। কিবা কাম এটা কৰি থকাৰ পৰা হাত জোকাৰি মাতিছে তেজস্বীনি বায়ে।
: হেল্ল' বা...
আগবাঢ়ি আহিল তেওঁ।
: কংগ্ৰেটছ কৃষ্ণাক্ষী।
: ঠেংক্স বা।
: বাই দি ৱে' ইউ আৰ লুকিং চ' প্ৰীতি।
এটা হাঁহি মাৰি সুধিলোঁ মই
: সোমবাৰে কিমান সময়ত আহিম বাৰু বা?
: কোৱা নাই নেকি পাঞ্চালী মেমে?
সোঁৱে বাঁৱে মূৰ জোকাৰিলোঁ মই।
কেইছেকেণ্ড মান চিন্তা কৰি তেওঁ ক'লে
: এটা কাম কৰা। সোমবাৰে দহ বজাত পোৱাকৈয়ে আহাঁ। তাৰ পিছত চাওঁ কেনেকৈ কি ডিউটি দিয়া হয়। ঠিক আছে?
অফিচৰ পৰা ওলাই আহিলোঁ মই । দূৰৰ পৰাই দেখিলোঁ মোবাইলটোত কিবা এটা চাই মই এৰি থৈ যোৱাৰ দৰেই বাইকখনত বহি ৰৈছে তেওঁ। মোক দেখি লৰালৰিকৈ মোবাইলটো সামৰি কৈ উঠিল
: চ' নাউ? ফাইনেলী জাৰ্নেলিষ্ট কৃষ্ণাক্ষী বৰুৱা হা!
মুখত এটি হাঁহি বিৰিঙিল মোৰ।
: ক'ৰবাত বহিব নে অকণমান? কফি শ্বপ বা আন ক'ৰবাত?
এইবাৰ পিন্ধিবলৈ লোৱা হেলমেটটো হাতত লৈ ক'লে তেওঁ
: কফি নহয় কৃশ্বু। আজি তোমাক মই এখন বেলেগ ঠাইলৈ লৈ যাম। যাবা নে ? আজি তোমাৰ বিশেষ দিন। চেলিব্ৰেশ্বনো বিশেষ হ'ব লাগিব।
: ক'ত?
: বহাচোন বাৰু। দেখিবা নহয়।
মই বহি পৰাৰ লগে লগেই বাইক দৌৰালে তেওঁ। ছয়মাইলেৰে খানাপাৰা পাৰ হৈ গতি লৈছিল যোৰাবাটৰ ফালে। এইবাৰ মই আকৌ সুধিলোঁ
: আমি ক'ত গৈ আছোঁ? মই কিন্তু সোনকালে ৰূম পাবগৈ লাগিব। ঘৰৰ পৰা ফোন কৰিলে দেৰিলৈকে বাহিৰত থাকিলে চিন্তা কৰিব।
: চিন্তা নকৰিবা কৃশ্বু। তোমাক সাত বজাৰ আগতেই ৰূমৰ সন্মুখত ড্ৰপ কৰিম মই। আমি উমলিঙলৈ গৈ আছোঁ।
মই আৰু বিশেষ প্ৰশ্ন নকৰিলো।
বৰ্ণিহাটৰ দলংখন পাৰ হোৱাৰ মাত্ৰ কেইটামান চেকেণ্ডৰ পাছতেই হঠাৎ বাইকখন পাহাৰত উঠিবলৈ লৈছিল৷ ৰাস্তাটোৰ দুয়োকাষ ঘেৰি লৈছিল অগণন সেউজীয়াই৷ দূৰত সৰু সৰু কিছুমান ঘৰ। তেওঁ এটা সুহুৰি বজাইছে। বতাহৰ মাজেৰে মোৰ কাণলৈ বৈ আহিল সুহুৰিটো৷ পাহাৰবোৰে জাৰকালিৰ মিহি ঠাণ্ডাৰ আৱেশ অলপ অলপকৈ নিগৰাই আনিছিল৷ চেলোৱাৰযোৰ হাত দীঘল আছিল যদিও চুৱেটাৰ নিপিন্ধাৰ বাবে এজাক চেঁচা বতাহে কঁপাই গ'ল মোক। বাহুত ধৰি ৰখা মোৰ হাতখন হঠাৎ তেওঁৰ জেকেটৰ পকেটটোত সুমুৱাই দিলে। কাষ চাপি গ'লো মই৷ নাজানোঁ কেনেকৈ তেওঁৰ অনুভৱ হৈছিল মই যে ঠাণ্ডা পাইছোঁ।
মেঘালয়খনৰ সৌন্দৰ্য্যই তেনেকুৱা, পাহাৰবোৰে সৰু সৰু জুৰিবোৰক বুকুৰ মাজেৰে বৈ যাবলৈ দিয়ে, জুৰিবোৰ বাগৰি আহে সেউজীয়াবোৰৰ মাজেৰে৷ সেউজীয়া পাহাৰৰ বুকুত যেন ওপঙি ফুৰিছে কঁহুৱা কোমল ডাৱৰবোৰ।
দুয়ো হাত মেলি ধৰিলো শূন্যত। মেঘবোৰ যেন মই মেলি দিয়া হাত দুখনৰ কাষেৰেই পাৰ হৈ গৈছিল৷
উমলিং সোমাইছিলোঁহি আমি। নিজান ঠাইখিনিত দুটামান শাৰী শাৰী চাংঘৰ। তাৰে এটাৰ সন্মুখত বাইকখন ৰখালেহি তেওঁ।
ইমান ধুনীয়া! ইমান সৌন্দৰ্য মই যেন আগতে ক'তো দেখা নাই। সেউজীয়াই আৱৰি ৰখা সেই শাৰী শাৰী চাং ঘৰৰ গাত বেলিয়ে এৰি দিছে অজস্ৰ হেঙুল ৰং। গছবোৰ ফালি হেঙুলীয়া সূৰুযে গালে মুখে যেন ৰং সানি দিছে আমাৰ।
: ব'লা কৃশ্বু।
এটা চাং ঘৰলৈ উঠি গ'লো আমি। মানুহ এগৰাকীয়ে মেগী আৰু চাহ বিক্ৰী কৰি আছিল। তেওঁক মেগী আৰু চাহৰ অৰ্ডাৰ দি চাং ঘৰটোত ভৰি ওলোমাই বহি ৰ'লো দুয়ো।
: আৰু অকণমান সময়ৰ পাছতে সূৰ্যাস্ত হ'ব। ইয়াত এটা চানচেট পইণ্ট আছে, য'ৰ পৰা আমি বেলি মাৰ যোৱা খুব ধুনীয়াকৈ দেখিম।
: আপুনি আহিছে আগতে?
মানুহগৰাকীয়ে দি যোৱা ধোঁৱাই থকা গৰম মেগীত ফুঁৱাই ফুঁৱাই সুধিলোঁ মই।
: বহুতবাৰ। চহৰৰ যান্ত্ৰীকতাৰ পৰা আঁতৰি কতবাৰ যে বহি ৰৈছোঁহি ইয়াত।
পৰিবেশটো সঁচাকৈয়ে ধুনীয়া। চহৰৰ কোলাহলৰ পৰা আঁতৰত কিমান যে চাগৈ সুখী এই সৰলমনা মানুহবোৰ। চাং ঘৰটোৰ তলত অকণ অকণ ল'ৰা ছোৱালী দুটামানে খেলি আছিল। সদায় খোৱা মেগীখিনিও এই পৰিবেশত যেন আজি বিশেষ হৈ উঠিছে। গাজৰ আৰু মটৰেৰে তৈয়াৰ কৰা মেগীখিনিৰ ওপৰত মিহিকৈ কুটি দিয়া ধনীয়াখিনিয়ে মেগীখিনি আৰু সোৱাদলগা কৰি তুলিছে।
ঠাণ্ডা দিন। সোনকালে বেলি মাৰ যায়। লৰালৰিকৈ মেগী খাই সূৰ্যাস্ত চাবলৈ বুলি ভিউ পইণ্টটোলৈ উঠি আহিলোঁ আমি।
চাই থাকোঁতেই চকুৰ আগতে পাহাৰৰ মাজত কেইমুহূৰ্তমানৰ ভিতৰতে লাহে লাহে লুকাই পৰিছে বেলিটো। সূৰুযৰ শেষ কিৰণে শুকুলা ডাৱৰবোৰত হেঙুল বৰণ সানিছে।
মই থৰ লাগি চাই ৰৈছোঁ সেই দৃশ্য।
নিজৰ মাজতে ভাৱত বুৰ গৈছোঁ মই।
ধুনীয়াৰ সংজ্ঞাও কেতিয়াবা হেৰাই যায়। সংজ্ঞাহীন সৌন্দৰ্য এয়া। কি অপৰূপ!
"শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী শৰতৰ
সোঁৱৰণি সোণালী"
গান এটি গুণগুণাই উঠিল তেওঁ। তেওঁৰ গানতহে মোৰ সম্বিত ঘূৰিল।
"ৰঙীন বজাৰ পাৰ হৈ হৈ
শুদাকৈ ভৰিৰে দূবৰি গছকি গৈ
সৰু সৰু জিৰজিৰিয়া
নিজৰাৰ পাৰতে
হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা
পৰিবযে খুজিছিলোঁ পিছলি!
শ্বিলঙৰে গধূলি....
লাহে লাহে এন্ধাৰ হ'ল
দূৰণিৰ খাচী গাঁওখন
তুমি আৰু ময়ে মিলি
দুয়োতেই হ'লোঁ মগন ...
এহাতেৰে মোক সাবটি আপোনমনে গাই গৈছে তেওঁ।
ৰৈ যাওক সময়।
এই সময় ৰৈ যাওক।
মৌন হৈ ৰ'লো দুয়ো বহুপৰ। এবাৰত নীৰৱতা ভাঙি কৈ উঠিল তেওঁ
: ব'লা কৃশ্বু। ঘূৰি যাওঁ। আন্ধাৰ হ'ল।
: আৰু অকণমান সময় প্লিজ।
লাহে লাহে বিৰবিৰাই উঠিলোঁ মই।
: আমি আকৌ আহিম। খুব সোনকালেই। বহুতদেৰি বহাকৈ। আজি দেৰি হৈছে কৃশ্বু।
ঘূৰি আহিলোঁ আমি। গুৱাহাটী সোমাওতে সাত বাজিবৰ হ'ল। এখন বেকাৰীত ৰৈ কেইটামান পেষ্ট্ৰী কিনিলোঁ। দেৱাশ্ৰী বা, প্ৰিয়ম্বদা আৰু সেই ল'ৰাজনৰ বাবে। যি মোক এদিন গৌতম নামৰ সেই দানৱৰ পৰা উদ্ধাৰ কৰিছিল।
গেইটৰ সন্মুখত ড্ৰপ কৰিলেহি তেওঁ।
: বাই। ইমান ধুনীয়া ঠাই এখনলৈ লৈ যোৱাৰ বাবে ঠেংক ইউ চ' মাচ্চ।
ৰূমলৈ সোমাবলৈ লৈ ক'লো তেওঁক।
: ঠেংক ইউৰে কাম নচলিব।
: মানে?
এইবাৰ নিজৰ গালত তৰ্জনী আঙুলিটোৰে টুকুৰিয়াই দেখুৱালে তেওঁ।
তেওঁৰ ইংগিত বুজি পালোঁ মই। ঘোপাকৈ চাই কৃত্ৰিম খঙেৰে আঁতৰি আহিলোঁ। তেওঁ চাই থাকিল মই ভিতৰলৈ সোমোৱালৈকে। চায়েই থাকিল।
ইমান সুখ মানুহৰ জীৱনলৈ কেনেকৈ একেলগে আহে?
বুকু ভৰিবলৈ মানুহক আৰুনো কি লাগে?
"মৰিচিকাৰ বুকুত আশাৰ সঞ্জীৱনী
দুচকুৰে নিগৰিছে সুখৰ চকুলো
য'ত লিখা আছে
জোনাকৰ ঠিকনা।
দুহাত মেলি দিছোঁ,
অ' আকাশ মোক উৰিবলৈ দিয়া।
মোক উৰিবলৈ দিয়া ।"
(আগলৈ)
© গায়ত্ৰী
(আগৰ খণ্ডৰ লিংক)
https://www.facebook.com/groups/917699648365704/permalink/2279413282194327/
Comments
Post a Comment