#সূৰ্য্যফুলৰ_দেশলৈ

#খণ্ড_৪৫

পুৱাৰ বাছত মাহঁত গ'লগৈ। যি সময়ত মোৰ মন মাহঁত যোৱাৰ দুখেৰে ভৰি পৰিব লাগিছিল, সেই সময়ত আন এক চিন্তাইহে মনটো আৱৰি ৰাখিছে।একেটা কথাই একেৰাহে ঘূৰি ফুৰিছে মোৰ মন মগজুত।

মায়ে লৈ অহা প্ৰস্তাৱটো।
উফ্ কি অশান্তি!

গোটেই ৰাতি এক মিনিট সময়ো টোপনি নগ'ল মোৰ। মই জানো, কোনো মাকেই এই কথা কোৱা অস্বাভাৱিক নহয়। বিশেষকৈ আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ছোৱালীয়ে এটা বয়সৰ পিছত এই কথা মাক দেউতাকৰ মুখেৰে শুনা একেবাৰেই যে সাধাৰণ কথা। কিন্তু মই যেন এই কথা শুনাৰ বাবে কেতিয়াও প্ৰস্তুত নাছিলোঁ। কোনোদিনে ভৱাই নাছিলোঁ এনে এটা দিন আহিব, যিটো দিনত মোৰ বিয়াৰ চিন্তা কৰিব মাঁহতে।

ভাবে নে!
সেই কথাটো শুনাৰ নিৰ্দিষ্ট ক্ষণটোলৈকে কোনোবা ছোৱালীয়ে ভাবেনে বিয়াৰ কথা!
চিন্তা কৰিব পাৰে নে, যে এনেকৈ এদিন এটা প্ৰস্তাৱ আহিব। অনুমতি বিচাৰিব ঘৰৰ মানুহে। সেই উত্তৰ 'হা' হোৱাৰ অপেক্ষাত আশাৰে বাট চাই থাকিব এহাল মানুহ। পৃথিৱীৰ আটাইতকৈ আপোন মানুহহাল। আৰু সেই 'হা' ক'বলৈ গৈ কঁপি উঠিব তেওঁলোকৰ বুকুৰ ছোৱালীজনী।

যোৱাৰ আগে আগে গাড়ীত উঠিবৰ সময়তো মায়ে কৈ থৈ গৈছে

: মই জানো ডাঙৰ আই, তই এবাৰ 'না' বুলিলেই দেউতাৰে মানি ল'ব। কিন্তু ভনীয়েৰ দুজনীৰ মুখলৈ  চাই উত্তৰটো তই চিন্তা কৰিবি বুলি আশা কৰিলোঁ।

সেই কথা শুনিও মই মনে মনেই ৰ'লো।

কি ক'ম মই!
বিয়া হ'ম বুলি নে?
কি হ'ব মোৰ সপোনবোৰৰ!
আৰম্ভ হৈছেহে মাথোঁ। 
কিমান যে সপোন মোৰ!
হঠাতে কেনেকৈ মই কৈ দিওঁ বিয়া হ'ম বুলি!
সম্ভৱ নে এই কথা!

এই সকলোবোৰ কথা বাদ দিয়ো বুকুৱে বাৰে বাৰে উমান দিয়ে যে এই বুকুত অন্য কাৰোবাৰ বাবে ঠাই নাই। সমগ্ৰ বুকু অধিকাৰ কৰি মাথোঁ বহি ৰৈছে এটাই নাম- 'সাগ্নিক'। তেওঁৰ কাষলৈ ঘূৰি নগ'লোঁ বুলিয়েইনো হঠাৎ বেলেগ এজন পুৰুষৰ বাবে আজৰাই দিব পাৰোঁনে এই ঠাই! 

কিমান দেৰি যে বিছনাখনত তেনেকৈয়ে দীঘল দি পৰি থাকিলোঁ। দুয়োহাত বুকুত ৰাখি ওপৰলৈ দৃষ্টি দি তেনেকৈয়ে পৰি ৰ'লো বহুসময়।

এটা সময়ত অফিচলৈ বুলি সাজু হ'লো। আজিও এটা বিহু বিশেষ অনুষ্ঠানৰ ৰেকৰ্ডিং আছে। মায়ে দি থৈ যোৱা চাদৰ মেখেলা এযোৰ উলিয়াই ইস্ত্রি কৰি বেগ এটাত সুমুৱাই ওলাই আহিলোঁ অফিচলৈ বুলি।

আজি অহাৰে পৰা এক মিনিটো আজৰি পোৱা নাই। একেলেথাৰিয়ে দুখন বুলেটিন পঢ়ি আহি টিফিন খুলি বহিছিলো মাত্ৰ। খৰধৰকৈ সোমাই আহিল ঋষভ আৰু কৈ উঠিল

: গৰম খবৰ কৃষ্ণা। যোৱা যদি ওলোৱা।

: আৰে কি গৰম খবৰ? কোৱা আকৌ!  নক'লে কেনেকৈ জানিম? 

টিফিনটো খোলাৰ ভাগতে থৈ তালৈ চালোঁ মই।

: খবৰটো আহিছে লখৰাৰ ফালৰ পৰা। লখৰাৰ নাম শুনিছা ন?

মোক জোকোৱাৰ দৰে সুধিলে সি।

: ইয়াত থকা ইমান বছৰ হ'ল, লখৰাৰ নাম নুশুনিম নে? কথাও যে কোৱা আৰু !

: খবৰ পাইছোঁ তাৰে এটা ঘৰত নাৰীদেহৰ ব্যৱসায় চলে। পুলিচো যাব। সেইটো নিউজ কৰিম। খবৰটো পাওঁতে ডেস্কত দুৱৰা চাৰো আছিল। তেৱেঁই ক'লে তোমাক লগত লৈ যাবলৈ। লাহে লাহে বোলে এনেকুৱা নিউজবোৰতে তোমাক ইনভল্‌ভ কৰাব। দুৱৰা চাৰে তোমাক ক্ৰাইম ৰিপৰ্টাৰ বনাইহে এৰিব যেন পাইছোঁ।

: তোমাৰ হাতত কিমান সময় আছে? ভাতকেইটা খাই লওঁনে মই? দেৰি হৈছে নেকি তোমাৰ?

টিফিনৰ পৰা এচামুছ ভাত মুখত ভৰাবলৈ লৈ সুধিলোঁ মই।

: ভাত খাই লোৱা কৃষ্ণাক্ষী। পাঁচ মিনিট ৰ'ব আৰু সি!

এইবুলি প্ৰেংকিয়ে কিবা অকণমান মোৰ টিফিনত দিলে।

: খাই চোৱাচোন কেনেকুৱা হৈছে? কলদিলেৰে পাৰ মাংস ৰান্ধিছিলোঁ।

প্ৰতিখন ব্যঞ্জনেই যে কি সাংঘাতিক ধুনীয়া ৰান্ধে সি। 

: বৰ সোৱাদ হৈছে প্ৰেংকি।

মাংসখিনিৰে ভাত অকণমান সানি খাই তাক ক'লো মই।

: অকণমান খাই চাবি নেকি তয়ো?

কাষতে মোৰ বাবে ৰৈ থকা ঋষভক সুধিলে প্ৰেংকিয়ে।

: দে আকৌ!

: কিন্তু কিহত দিওঁ? 

: হ'ব দে বেলেগকৈ নালাগে। মই কৃষ্ণাৰ পৰাই অকণমান খাই চাওঁ।

কৈয়েই সি মই খাই থকা টিফিনটোৰ পৰা মাংস এটুকুৰা লৈ মুখত ভৰালে। যিমান পাৰি লৰালৰিকৈ টিফিনটো খাই উঠিবলৈ লৈ হঠাৎ কিবা এটা মনত পৰাৰ দৰে কৈ উঠিলোঁ মই

: মোৰ দেখোন আজি আবেলি প্ৰগ্ৰেম আছে। পাহৰিছিলোঁৱেই ঋষভ। কেনেকৈ মেনেজ কৰোঁ এতিয়া? 

: তেজু বাক কৈ চোৱানা বেলেগ কাৰোবাক দিবলৈ। মান্যতায়েই কৰিব পাৰে দেখোন।

ঋষভে মোলৈ চাই কৈ উঠিল।

মনে মনে ৰ'লো মই।

মান্যতাই মোক কোৱা কথাখিনি মই যে পাহৰিব পৰা নাই। এতিয়া যদি মোৰ অসুবিধা বুলি মোৰ অনুষ্ঠানটো তাইক কৰিবলৈ দিওঁ মানি ল'বনে তাই!

কৰিব জানো!
কি কৰা যায়!

তথাপি এবাৰ সুধি চাওঁ বুলিয়েই তেজস্বীনি বাৰ কাষলৈ উঠি আহিলোঁ মই।

: তেজু বা...

ৱাটচ এপত কাৰোবাৰ সৈতে চাটিং কৰি আছিল তেওঁ।

: কোৱা কৃষ্ণাক্ষী...

ফোনৰ পৰা মূৰ তুলি মোলৈ চালে।

: মই ঋষভৰ সৈতে ৰিপ'ৰ্টিং এটালৈ যাব লাগে তেজু বা। আহোঁতে অকণমান দেৰি হ'ব। আবেলিৰ অনুষ্ঠানটো মান্যতাই কৰি দিব পাৰিব নেকি বাৰু?

 আমাৰ কথা বতৰা শুনিও নুশুনাৰ দৰে কাষৰ টেবুলখনতে বহি আছে মান্যতা। তেজস্বীনি বায়ে মাত দিলে

: মান্যতা শুনচোন...

লাহেকৈ আমাৰ ফালে মুখ ঘূৰালে তাই।

: আজি আবেলি বিহু বিশেষ প্ৰগ্ৰেম এটা আছে অ'। ৰেকৰ্ডিং হ'ব। কৃষ্ণাক্ষীয়েই কৰাৰ কথা আছিল। কিন্তু তাই ৰিপ'ৰ্টিং এটালৈ যাবলগীয়া হোৱাৰ বাবে এতিয়া সেইটো তাই কৰিব নোৱাৰিব। তই কৰি দে না প্লিজ...

: বেয়া নাপাব তেজু বা। মোৰ নিজৰ কাম আছে। মই নোৱাৰিম। তদুপৰি কৃষ্ণাক্ষীৰ দৰে ভালকৈ এংকৰিং কৰিবও নাজানোঁ। মই কৰিলে বেয়াহে হ'ব অনুষ্ঠানটো। বেলেগ কাৰোবাক কওকচোন।

কথাখিনি কৈয়েই অচিনাকী মানুহৰ দৰে মোৰ ফালে এবাৰো নোচোৱাকৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল তাই।

প্ৰশ্নবোধক দৃষ্টিৰে তেজস্বীনি বায়ে চাই ৰ'ল তাই যোৱাৰ ফালে।

সদায়েই শান্ত সৌম্য মান্যতা।

বিশেষকৈ তেজস্বীনি বাৰ মুখত কোনোদিনেই উত্তৰ দি পোৱা নাই তাই। তেজস্বীনি বায়ে কৰিবলৈ দিয়া প্ৰতিটো কথা আখৰে আখৰে পালন কৰে ছোৱালীজনীয়ে। 

আজি তাইৰ এই ব্যৱহাৰত তেজস্বীনি বা যেন আচৰিত হৈছে। এইবাৰ মোলৈ চাই লাহেকৈ ক'লে

: তুমি আজিৰ অনুষ্ঠানত সুধিবলগীয়া প্ৰশ্নখিনি তৈয়াৰ কৰিছিলা নেকি?

: মই চাইছিলোঁ কিন্তু লিখিতো লোৱা নাই তেজু বা। কিন্তু মই তৈয়াৰ হৈয়েই আহিছিলোঁ।

: তুমি ফট্‌কৈ কেইটামান প্ৰশ্ন মানে অতিথিজনৰ বিষয়ে সংগ্ৰহ কৰা তথ্যখিনি কাগজ এখনত লিখি দিব পাৰিবা নেকি?

: পাৰিম। কিন্তু কৰিব কোনে?

: অলংকৃতাই কৰি দিব। তাইক মাতা।

নিউজ ডেস্কৰ পৰা মই মাতি আনিলোঁ অলংকৃতাক। তেজস্বীনি বায়ে তাইক সোধাৰ লগে লগেই তাই কৈ উঠিল

: কৰি দিব পাৰিম বা। কিন্তু চাদৰ মেখেলা? মইতো অনা নাই।

: বেয়া নোপোৱা যদি মোৰ চাদৰ মেখেলাযোৰকে পিন্ধিব পাৰিবা অলংকৃতা।

মোৰ কথাত সন্মতি দি গুচি গ'লগৈ তাই। মই লৰালৰিকৈ প্ৰশ্ন অলপমান তৈয়াৰ কৰি তেজস্বীনি বাৰ হাতত দি ওলাই আহিলোঁ ৰিপ'ৰ্টিংটোৰ বাবে।

গাড়ীত আজি কেৱল ঋষভ আৰু মই। কেমেৰা পাৰ্চনজন বাইকেৰে আহিছে। 

: তেজু বাৰ লগত কালি কি কথা পাতিলা?
অলপদূৰ গৈয়ে প্ৰশ্ন কৰিলে ঋষভে।

: হেই ...গাৰ্লছ টক হা। কিয় লাগে তোমাক?

: আৰে এনেকৈ কৈছা যে! কোনোবাদিনা সুধিছো নেকি কোৱা এনেকৈ? কিন্তু আজি জানিবলৈ মন গ'ল। কথাখিনি আৰম্ভ কৰোঁতে ময়ো আছিলোঁ ন। সেয়েহে... নক'লে নালাগে বাৰু!

: ধেমালি কৰিছোঁ অ'। একদম চিৰিয়াছ হৈ গ'লা তুমি। কিনো ক'ব কোৱা! কথা সেইখিনিয়েই আৰু। মানুহজনে অলপো নুবুজে তেওঁক। মাইকী মানুহ মানেই কাম কৰা মেচিন বুলি ভাবে।

: সেইখিনিতো ময়ো শুনিলোঁ। তেজু বায়ে কি ভাবিছে এতিয়া সেইটো কোৱা।

: তেওঁ ভাবিছে এবাৰ সুযোগ দিব। তাৰ পিছতো একেই থাকিলে ডিভ'ৰ্চৰ পৰ্যায়লৈকে যাব বোলে।

: গ্ৰেইট... সিদ্ধান্তটো মই বৰ ভাল পাইছোঁ।

: তুমি এই কথা সঠিক বুলি ভাবানে ঋষভ?
লাহেকৈ সুধিলোঁ মই।

: নাভাবিম? এশ শতাংশই সঠিক বুলি ভাবোঁ কৃষ্ণা। মানুহৰ এটাই জীৱন। কি গৰজত ইমান অশান্তি লৈ থাকিব লাগে! সকলোৰে সুখী হোৱাৰ অধিকাৰ আছে। তাতে তেজু বায়ে নিজে উপাৰ্জনো কৰে।

: উপাৰ্জন কৰে মানে? কোনোবাই যদি উপাৰ্জন নকৰে, তেন্তে সেই নাৰীয়ে কি আজীৱন অশান্তি সহ্য কৰি থাকিব?

তীক্ষ্ণভাৱে সুধিলোঁ মই।

: মই সেইটো কোৱা নাই কৃষ্ণা। মই কোৱাৰ অৰ্থ হৈছে, যি উপাৰ্জন নকৰে তেওঁৰ বাবে এটা উপাৰ্জনৰ চিন্তাও জানো আহি পৰা স্বাভাৱিক নহয়! খঙত এৰি থৈ গৈ পিছদিনাৰ পৰা চলিব কেনেকৈ? কিছুমানৰতো উভতি যাব পৰাকৈ ঘৰ এখনো নাথাকে।

: এইখিনিতেইতো তোমালোক পুৰুষসকলে ভুল কৰি পেলোৱা ঋষভ। তোমালোকে ভাবা যে উপাৰ্জন নথকা মহিলা মানেই দুৰ্বল। নাৰীৰ কিমান শক্তি ভাবিবও নোৱাৰা তোমালোকে। কিবা কৰি হ'লেও চলিব পৰাকৈ এটি উপাৰ্জনৰ পথ নাৰীয়ে উলিয়াই ল'ব পাৰেই। অফিচৰ সন্মুখৰ সেই চাহ কৰা মহিলাগৰাকী দেখিছা নে? বুকুত কেঁচুৱাটো বান্ধি কেনেকৈ কাম কৰি খাইছে? তেওঁক এৰি থৈ যোৱা মানুহটোৱে চাগৈ ভাবিছিল, মানুহগৰাকী আকৌ কান্দি কান্দি আহি তেওঁৰ ভৰিত পৰিবহি।

: মোকো তেনেকৈ ভাবিছা তুমি? বাৰু বাদ দিয়া এইবোৰ। মোৰ মনলৈ কি চিন্তা আহিছে জানা! মোৰ মায়েও যদি সঠিক সময়ত সাহস দেখুৱাই পাপাৰ পৰা বেলেগ হৈ গ'লহেতেন! প্ৰতিদিনে পাপাৰ কটু কথা শুনি জীয়াই নাথাকিলহেঁতেন মানুহজনী। মালৈ মোৰ বৰ দুখ লাগে কৃষ্ণা। কেতিয়াবা মন যায় মাক লৈ আঁতৰি বেলেগ ক'ৰবাত থাকিমগৈ। মাক অকণমান সুখ দিবলৈ বৰ মন যায় অ'।

আবেগিক হৈ পৰিছে সি।
মাকৰ কথা ওলালেই যে আবেগিক হৈ পৰে ল'ৰাটো।

: জীৱনটোত আচলতে সুখ কি বুজিয়েই নাপালে মায়ে। সৰুৰে পৰা কেৱল পাপাই মাক বেয়া ব্যৱহাৰ কৰাই দেখি আহিছিলোঁ। পাপাই ভালপোৱা সকলো কাম কৰিও কোনোদিনেই মায়ে পাপাক সন্তুষ্ট কৰিব পৰা নাছিল। প্ৰায় প্ৰতিদিনেই দেখিছিলোঁ মাৰ ওপৰত পাপাই কৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতনবোৰ। অসহায় হৈ চাই ৰৈছিলোঁ মই।

বৰ লাহে লাহে এটা ভৰা কন্ঠেৰে কৈ গৈছে ঋষভে।

: মই তেতিয়া একেবাৰে সৰু। মানে ধৰা ক্লাছ ফ'ৰ বা ফাইভ  এনেকুৱা। পাপাৰ বদলি হৈছিল এখন পাহাৰিয়া ঠাইলৈ। পাপাৰ সহকৰ্মী আছিল ৰাজীৱ খুড়া। আমাৰ ঘৰলৈ সঘন আহ-যাহ তেওঁৰ। পাপা নাথাকোঁতেও মাজে মাজে আহিছিল মানুহজন। তুমি জানানে কৃষ্ণা, মোৰ আজিও মনত পৰে, ৰাজীৱ খুড়া আৰু মায়ে যেতিয়া কথা পাতিছিল মোৰ মা যেন বৰ সুখী হৈছিল। পাপাই অকথ‍্য ভাষাৰে গালি পাৰি ওলাই যোৱাৰ পিছত উচুপি উচুপি কান্দি থকা মাৰ মুখখনত ৰাজীৱ খুড়া আহিলে বিয়পি পৰিছিল এটি হাঁহি। মোৰ মা খুব ধুনীয়া। হাঁহিলে আৰু ধুনীয়া দেখি মাক। এদিন হঠাৎ খবৰ আহিছিল এটা পথ দুৰ্ঘটনাত ৰাজীৱ খুড়াৰ মৃত্যু হৈছিল। মায়ে সেইদিনা চিঞৰি চিঞৰি কান্দিছিল। পাপাৰ বন্ধু তেওঁ। কিন্তু পাপাতকৈ দুখত দহিছিল মা। ঠাণ্ডা দিন আছিল তেতিয়া। মায়ে সেইকেইদিনত খুব ধুনীয়া চুৱেটাৰ এটা গুঁঠি আছিল। এটা তেজৰঙা চুৱেটাৰ। পাপা অফিচলৈ যোৱাৰ পিছত আৰু পাপা ৰাতি শোৱাৰ পিছত মনে মনে গুঁঠিছিল মায়ে। হয়তো ৰাজীৱ খুড়ালৈ। মানুহজনক চুৱেটাৰটো দিয়া নহ'ল। কিন্তু তথাপিও গুঁঠি সম্পূৰ্ণ কৰিছিল তেওঁ। এদিন পাপাই চুৱেটাৰটো পাই তেওঁৰ বাবে গোঠা বুলি পিন্ধি লৈছিল। পিন্ধি ওলাই যোৱাৰ পিছতে আকৌ এবাৰ সেইদিনা বুকু চপৰিয়াই কান্দিছিল মায়ে। 

এইবাৰ এটা দীঘল হুমুনিয়াহ এৰিলে সি আৰু পুনৰ ক'লে

: মা বোধহয় প্ৰেমত পৰিছিল। এটা কষ্টকৰ জীৱনৰ যাতনা সহিবলৈ মানুহক কেতিয়াবা কাৰোবাৰ প্ৰয়োজন হয় কৃষ্ণা। সকলো সময়তে মানুহে নিজৰ ঘাত নিজেই মলম সানিব নোৱাৰে। সেই সময়তে মানুহক প্ৰয়োজন হয় কোনোবা প্ৰিয়জনৰ। ৰাজীৱ খুড়া বোধহয় সেই মানুহজন হৈ আহিছিল মাৰ জীৱনলৈ। যেতিয়াৰ পৰাই বুজা হৈছোঁ তেতিয়াৰ পৰাই জানো যে মাৰ প্রিয় ৰং বগা। বগা পিন্ধি ভালপায় মায়ে। কেতিয়াবা ভাৱ হয়, মায়ে বাৰু মনেৰে ৰাজীৱ খুড়া মৰোঁতেই বিধৱা হৈ পৰিছিল নেকি! কোনেও নজনাকৈ পিন্ধি লৈছিল নেকি বৈধৱ্যৰ সাজ? শিৰত দগমগীয়া সেন্দূৰ উজ্বলায়ো মানুহ যে বিধৱা হ'ব পাৰে কৃষ্ণা। কাষত সংগী থাকিও তিলতিলকৈ মৰি মৰি জীয়াই থাকিব পাৰে মানুহ।

নিশ্বুপ হৈ গাড়ী চলাই গৈছে ঋষভে।

সঁচাকৈ!
কাষত কোনোবা থাকিলে বুলিয়েই সদায়েই সম্পূৰ্ণ হ'ব পাৰেনে মানুহ! কতবাৰ কোনোবা আঁতৰি যোৱাৰ পিছতো প্ৰিয়জনে আজীৱন বুকুত সামৰি লৈ ফুৰিব পাৰে সেই প্ৰেম।

কি যে বৈচিত্ৰময় মানুহৰ জীৱনবোৰ!

পৰিবেশটো সলাবলৈকে এইবাৰ লৰালৰিকৈ সুধিলোঁ মই

: পুলিচ গৈ পালে নে গম পোৱা নেকি ঋষভ?

: নাই...ওলোৱাৰ আগে আগে মই অফিচাৰজনক ফোন কৰিছিলোঁ। তেওঁলোক ওলাবলৈ লৈছেহে। 

গাড়ীৰ স্পীদ বঢ়ালে সি। দৃষ্টি সন্মুখত ৰাখিয়েই ক'লে

: মোৰ মোবাইলত ৱাটচ এপটো খোলাচোন কৃষ্ণা। পুলিচ অফিচাৰজনে লোকেশ্যনটো দিছিল। এবাৰ চাই দিয়া।

গাড়ীৰ ডেশ্ববর্ডৰ পৰা ঋষভৰ মোবাইলটো লৈ ৱাটচ এপ খুলিলোঁ মই। মেপ অন কৰি ঠাইখিনি পালোঁহি আমি। ৰাস্তাৰ কাষতে গাড়ীখন ৰখাই নামি পৰিলোঁ। কেমেৰা পাৰ্চন নিৰ্মলো আহি পাইছিলহি। পুলিচৰ গাড়ী এতিয়াও আহি পোৱা নাই। পুলিচ আহি পোৱালৈকে আমি সেইখিনিতে ৰৈ থাকিবলৈকে ঠিক কৰিলোঁ।

এটা কদৰ্যময় পৰিবেশ। এটা নলাৰে সংলগ্ন শাৰী শাৰী হোটেলৰ দৰে তৰ্জাৰ কিছুমান জুপুৰি ঘৰ। এইবোৰতো হোটেল আৰু দোকান। 

: ঘৰটো ক'ত ঋষভ? এইবোৰ দেখোন হোটেলহে। কিন্তু লোকেশ্যন এইটোৱেইতো দেখুৱাইছিল।

লাহেকৈ সুধিলোঁ মই।

: থাকিব ৰ'বা! সৌ দোকান দুখনৰ মাজেৰে চোৱা, এটা মানুহ অহা যোৱা কৰিব পৰা ৰাস্তাৰ দৰে ঠাই দেখিছানে? তাৰ পিছফালেই নিশ্চয় ঘৰবোৰ আছে।

হঠাৎ বিকট চাইৰেন বজাই সোমাই আহিল পুলিচৰ গাড়ীখন। লগে লগে কেমেৰা সাজু কৰিলে নিৰ্মলে। মুহূৰ্ততে হুৱাদুৱা লাগি গ'ল ঠাইখিনিত। হোটেলৰ দৰে সেই ঘৰবোৰ বন্ধ কৰি তৎক্ষণাতে মানুহবোৰ যেনি তেনি দৌৰিবলৈ ধৰিলে।

 হাতত বুম লৈ অনর্গল কথা কৈ গৈছে ঋষভে। 

দুখন দোকানৰ মাজৰ সৰু গলিৰ দৰে ঠাইখিনিৰে সোমাই গ'লো আমি। গলিটোৰ একাষে বহুদিনৰ পৰা পেলাই দ'ম কৰি ৰখা বুঢ়া তামোলৰ বাকলি, পাণৰ পিকেৰে সাংঘাতিক লেতেৰা এটুকুৰা ঠাই। আনকাষে এটা আৱৰ্জনাৰে ভৰি থকা খাল। নলাৰ পানী, হোটেলৰ পেলনীয়া খাদ্যৰে ভৰি থকা খালটোৰ পৰা এক অসহ্যকৰ দুৰ্গন্ধ বাহিৰ হৈছে। নাকত সোপা দি ঋষভহঁতৰ পিছে পিছে আগবাঢ়ি গ'লো।

সোমাই গৈ দেখোঁ আগফালৰ হোটেলবোৰতকৈ চাপৰ এশাৰী তৰ্জাৰ ঘৰ। চাৰি পাঁচটামান সৰু সৰু কোঠা। 
ৰাস্তাৰ পৰা একেবাৰেই দেখা নাযায়।

আমি সোমাই যোৱাৰ লগে লগেই কোঠাবোৰৰ পৰা ওলাই আহিছে কেইবাজনো পুৰুষ আৰু মহিলা। মহিলাকেইগৰাকীৰ পিন্ধোনত খুব ৰংচঙীয়া শাৰী। ওঁঠত কাঢ়া লিপষ্টিক। পুৰুষকেইজনৰ প্ৰায় আটাইকেইজনৰে পিন্ধনত লুঙী। এজন নে দুজনৰহে মাথোঁ হাফপেন্ট।

এইবাৰ মাজৰ কোঠা এটাৰ পৰা পৰ্দা ঠেলি আগবাঢ়ি আহিল নাইটি পৰিহিতা এগৰাকী মহিলা। বুকুৰ আটাইকেইটা বুটাম খোলা। স্থূলকায় মহিলাগৰাকী  পুলিচ কেইজনৰ ফালে আগবাঢ়ি আহিল।

: চালাম ছাৰ।

পুলিচ অফিচাৰজনলৈ চাই গলগলীয়া মাতেৰে কৈ উঠিল মানুহগৰাকীয়ে। মহিলাগৰাকীৰ মুখত নাই কোনো ভয় কিম্বা দুশ্চিন্তাৰ চাপ।

: হ'ব হ'ব চালাম মাৰিব নালাগে। আৰু ক'ত ক'ত কি আছে সঁচা কথা ক।

: ইমান খং কিয় কৰিছে চাৰ? এই... হাচিনা... চাৰৰ বাবে এক গ্লাছ নেমুৰ চৰবত আন ৰে।

কাৰোবাক উদ্দেশ্যি কৈ উঠিল মানুহগৰাকীয়ে। 

: আমি চৰবত খাবলৈ অহা নাই। যি সুধিছো সঁচা ক। নহ'লে...

গৰজি উঠিল পুলিচ বিষয়াজন।
এইবাৰ মানুহগৰাকীৰ মুখত ফুটি উঠিছে এক বিৰক্তিৰ চাপ।

চৰবত আনি মানুহগৰাকীৰ কাষতে ৰ'লহি হাচিনা নামৰ ছোৱালীজনী। ফ্ৰক পৰিহিতা এজনী প্ৰায় পোন্ধৰ ষোল্ল বছৰীয়া ছোৱালী। নাকফুলি এটাৰে বৰ মৰমলগা মুখখন। 

তাইক দেখি পুলিচ বিষয়াজন যেন কিছু পৰিমানে অপ্ৰস্তুত হ'ল। ছোৱালীজনীয়ে তেওঁৰ ফালে চাই চিনাকি মানুহক দেখাৰ দৰে এটি হাঁহি মাৰিলে। মানুহজনে এবাৰ ঋষভৰ ফালে আনবাৰ মোৰ ফালে চাই এইবাৰ খপজপাই মহিলা পুলিচ এগৰাকীক কিবা এটা নিৰ্দেশ দিলে। লগে লগে আগবাঢ়ি গৈ মানুহগৰাকীৰ হাতত ধৰিলে পুলিচগৰাকীয়ে। এইবাৰ মানুহজনৰ ফালে আঙুলিয়াই চাই চিঞৰি উঠিল  মহিলাগৰাকীয়ে

: মোৰ হাতত ধৰাৰ ভুল নকৰিব। ওপৰত মোৰ মানুহ আছে। এতিয়াই ফোন কৰি মতাই আনিম।

কৈয়েই মানুহগৰাকীয়ে নাইটিৰ খোলা বুটামেৰে হাত ভৰাই এটা অকণমানি মোবাইল ফোন উলিয়ালে আৰু কাৰোবলৈ ডায়েল কৰিবলৈ ধৰিলে। বাৰে বাৰে কৰাৰ সত্বেও সিফালৰ পৰা কোনেও নধৰিলে ফোন। মানুহজনীয়ে এইবাৰ ক্ষোভত চিঞৰি উঠিল

: চাল্লা কুকুৰৰ বাচ্চাই ফোন নধৰে এতিয়া। তাৰ কাৰণে এক ৰাতিও মই শান্তিত শুব নোৱাৰোঁ। ৰাতিহে চিনি পায় মাত্ৰ।

মহিলা পুলিচগৰাকীয়ে টানি টানি লৈ গ'ল মানুহজনী। বাকী কোঠাকেইটাৰ পৰাও পুলিচ দুগৰাকী আগবাঢ়ি গৈ টানি টানি উলিয়াই আনিলে আৰু দুগৰাকীক।

একেবাৰে চুকৰ কোঠাটোৰ পৰা পুলিচ এগৰাকীয়ে হাতত ধৰি উলিয়াই আনিছে আন এগৰাকী মহিলাক। 

মানুহগৰাকীৰ মুখখন দেখি উচপ খাই উঠিলোঁ মই। 

তেওঁ মোৰ চিনাকি। সেই এদিন মই কলেজৰ পৰা আহোঁতে মূৰত বিষত বমি কৰোঁতে মোক পানীৰ বটল এটা আনি  হাতত তুলি দিয়া মানুহগৰাকী। পিছে পিছে মানুহগৰাকীৰ শাৰীখনত ধৰি কান্দি কান্দি ওলাই আহিছে চাৰি বছৰমান বয়সৰ এটি ল'ৰা। পুলিচগৰাকীয়ে যিমানেই মানুহগৰাকীক টানিছে সিমানেই ৰাউচি জুৰি কান্দিছে ল'ৰাটোৱে। এপাকত পুলিচগৰাকীৰ ধৰি থকা হাতখন আঁজুৰি এৰুৱাই মানুহগৰাকীয়ে ল'ৰাটো কোলাত তুলি ল'লে। ল'ৰাটো লৈ থকাৰ ভাগতেই পুলিচগৰাকীক অনুনয় কৰি কৈ উঠিল তেওঁ

: মোক নিনিব বাইদেউ। মই একো কৰা নাছিলোঁ। মই ধান্দা কৰা নাছিলোঁ। ল'ৰাটোক মই শুৱাই আছিলোঁ। দয়া কৰক বাইদেউ। ইয়াৰ মুখলৈ চাওক এবাৰ।

ল'ৰাটো লৈয়েই হাত যোৰ কৰি কৈ উঠিল মানুহজনীয়ে। কিন্তু পুলিচগৰাকীয়ে টানি আজুৰি উলিয়াই আনিছে মানুহজনীক।

মই ঋষভলৈ চালোঁ।
সি ওচৰ চুবুৰীয়াৰ বাইট লৈছে।
উদ্দাত্ত কন্ঠেৰে মানুহবোৰে কৈ উঠিছে আজি বহুদিন ধৰি সিহঁতক সহ্য কৰি থকাৰ কথা। বহুবাৰ পুলিচক খবৰ দিয়াৰ পিছতো কেতিয়াও এই কথা পুলিচে গুৰুত্ব নিদিয়াৰ বাবেই ক্ষোভ কৰিছে মানুহখিনিয়ে। পৰিবেশটো ইমান বেয়া হোৱাৰ বাবে পুলিচ প্ৰশাসনক জগৰীয়া কৰিছে মানুহখিনিয়ে।

মানুহগৰাকীয়ে মোক দেখা নাই। কেঁচুৱাটোৰ আমনিৰ বাবে কালৈকো চোৱা নাই তেওঁ। 

: এনেকৈ ৰৈ ৰৈ আহিছ কিয়? জলদি আহ।

খহটা মাতেৰে পুলিচগৰাকীয়ে দবিয়াই তেওঁৰ হাতত ধৰিলে। এইবাৰ মানুহগৰাকীয়ে আকৌ এবাৰ পুলিচগৰাকীৰ হাতখন আছাৰ মাৰি এৰুৱালে আৰু কেঁচুৱাটো লৈ আগবাঢ়ি গ'ল হোটেলবোৰৰ ফালে।  হোটেল এখনৰ সন্মুখত ৰৈ থকা মানুহ এজনৰ হাতত থমাই দিলে কেঁচুৱাটো। মানুহজনে মুহূৰ্ততে কোঁচাই নিলে হাতখন। এইবাৰ মানুহগৰাকীয়ে চেপা মাত এটাৰে মানুহজনক কৈ উঠিল

: ইয়াক ৰাখ। যদি এবাৰলৈও ই কষ্ট পায় তেন্তে মই সবকে কৈ দিম এই বাচ্চা যে তোৰ। ঘৈণীয়েৰে চিঞৰি চিঞৰি টিভিৰ মানুহক আমাৰ বদনাম গাই আছে। তোৰ বদনাম যদি এনেকৈ গাব নালাগে ল'ৰা ভালকৈ ৰাখিবি।

মানুহটোৱে এইবাৰ হাত পাতি ল'ৰাটো কোঁচলৈ ল'লে। তাক চুমা দুটামান খাই ঘূৰি দিওঁতেই হঠাৎ মোক দেখি ৰৈ গ'ল মানুহজনী। এটা বিষন্ন হাঁহিৰে মোৰ ফালে চাই ক্ষন্তেক সময় তভক মাৰি ৰ'ল তেওঁ আৰু তাৰ পিছত এটাও শব্দ নোকোৱাকৈ পুলিচগৰাকীৰ হাতত নধৰাকৈ লৰালৰিকৈ গাড়ীত উঠিলগৈ। 

গাড়ীখনে মানুহজনীলৈকে অপেক্ষা কৰি আছিল। বহাৰ লগে লগেই ধূলি উৰুৱাই আঁতৰি গ'লগৈ জীপখন। 

মাক যোৱাৰ ফালে চাই ল'ৰাটোৱে হঠাৎ দুয়োহাত মেলি চিঞৰি চিঞৰি কান্দি উঠিল। 

: যাওঁ ব'লা কৃষ্ণা। 
বুমটো সামৰি কৈ উঠিল ঋষভে।

: কেঁচুৱাটোৱে কেনেকৈ কান্দিছে চোৱাচোন।

: হা? তাকেই অ'...

বেগটোত বুমটো ভৰাই বিশেষ গুৰুত্ব নিদিয়াকৈ গলিটোৰে ওলাই গ'ল সি। ময়ো ওলাই আহিলোঁ তাৰ পিছে পিছে। 

কেঁচুৱাটোৱে এবাৰত বৰ জোৰেৰে চিঞৰি উঠিলে। দুখোজমান গৈয়েই ঘূৰি চাই দেখোঁ মানুহজনীয়ে কেঁচুৱাটো যাৰ হাতত গতাই থৈ গৈছিল সেই মানুহটোৱে ঠেকেছা মাৰি নমাই দিছে ল'ৰাটোক। মাটিত লেটি লৈ বাগৰি বাগৰি কান্দিছে ল'ৰাটোৱে। 

: কৃষ্ণা... আহাঁ না সোনকালে। 

গলিটোৰ মূৰত থিয় হৈ ৰিঙিয়াই মাতিলে ঋষভে। মই তথাপিও ৰৈয়েই থাকিলোঁ সেইখিনিতে।

: মোৰ কাম আছে কৃষ্ণা। প্লিজ সোনকালে আহাঁ।

মই এইবাৰ খৰধৰকৈ আগবাঢ়ি গলো ঋষভৰ ওচৰলৈ। ল'ৰাটোৱে কান্দিয়েই আছে।

: কিয় ৰৈ আছিলা কৃষ্ণা?
গাড়ীৰ চিটবেল্ট বান্ধি সুধিলে সি।

: ল'ৰাটোৱে কেনেকৈ কান্দিছে দেখিলানে তুমি? তাক দেখি মই বৰ কষ্ট পাইছোঁ ঋষভ।

একো নামাতিলে সি। কেইমুহূৰ্তমানৰ পিছত লাহেকৈ মাতিলোঁ তাক

: ঋষভ...

: কোৱা কৃষ্ণা...

: কেতিয়াবা কি ভাৱ হয় জানা এই যে পল্টন বজাৰ বস্তিৰ শিশুবোৰ অথবা আজি কান্দি থকা ল'ৰাটো এই শিশুবোৰ আজীৱন কষ্ট খাবলৈকে জন্ম হয় নেকি! 

একো নোকোৱাকৈ এটা দীঘল হুমুনিয়াহ এৰিলে ঋষভে। 

আমি অফিচ পালোঁহি। পাৰ্কিং প্লেচত গাড়ীখন ৰাখি নামি আহিলোঁ দুয়ো। কিবা এটা আধালিখাকৈ বুলেটিনখন পঢ়ি আহি কৰিম বুলি টেবুলতে এৰি থৈ গৈছিলোঁ। সেই কামটোলৈ মনত পৰাত লৰালৰিকৈ খোজ পেলালো মই।

: দি...দি...

খৰধৰকৈ অফিচলৈ আগবাঢ়োতেই কাৰোবাৰ চিঞৰত ৰৈ গ'লো মই। চাৎ কৈ পিছলৈ ঘূৰিলোঁ। হঠাৎ দেখোঁ কান্দি কান্দি মোৰ ওচৰলৈ দৌৰি আহিছে বস্তিৰ নীৰজ। দৌৰি দৌৰি আহি ল'ৰাটো ফোঁপাই জোপাই পেটটোত দুয়োহাতেৰে ধৰি কুঁজা হৈ ৰ'লহি মোৰ সন্মুখত।

: নীৰজ...কি হৈছে নীৰজ? তুমি ইয়াত যে?

: মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ দিদি।

: কোৱা নীৰজ।

: দিদি... লক্ষ্মী... লক্ষ্মী...

: লক্ষ্মী? কি হৈছে তাইৰ? কোৱা নীৰজ। কি হৈছে লক্ষ্মীৰ?

এইবাৰ হুকহুকাই কান্দিবলৈ ধৰিলে সি আৰু কুঁজা হৈ থকা ল'ৰাটো লেপেটা কাঢ়ি বহি দিলে ঠাইখিনিতে।

: মোক নোকোৱা কিয় নীৰজ? লক্ষ্মীৰ কি হৈছে?

এইবাৰ এটা এটাকৈ ফুটা নুফুটা কন্ঠেৰে নীৰজে দিয়া উত্তৰটোত থৰ হৈ ঠাইতে ৰৈ গ'লো মই।

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ

সূৰ্যফুলৰ দেশলৈ -খণ্ড 2