সূৰ্যফুলৰ দেশলৈ -খণ্ড 2


বৈ অহা চকুপানীখিনি কোনেও নেদেখাকৈ হাতৰ তলুৱাৰে মচি লৈ অফিচৰ গেইটৰ পৰা বাহিৰত ভৰি থ'লো। গেইটৰ সন্মুখত বহি থকা চিকিউৰিটি গাৰ্ডজনে মোলৈ চাই উঠিল। দেউতাৰ বয়সৰ এই মানুহজনে মোলৈ এনেদৰে চালে যে তেওঁ মোৰ বিষয়ে, গীতাৰ্থ ভৰদ্বাজে মোক কোৱা কথাবোৰৰ বিষয়ে যেন সকলো কথা বৰ বিশদভাৱে জানে। মোৰ চকুত তেতিয়া চকুপানী নাছিল, তেওঁক মই একো কোৱাও নাছিলোঁ। তেওঁকহে নালাগে চাকৰি এটা যে মই এইমাত্ৰ হেৰুৱাই পেলাইছোঁ সেই কথা মই মোৰ বাহিৰে কাকো জানিবলৈ সুযোগ দিয়া নাছিলোঁ। কিন্তু তেওঁ যেন গম পাইছে তেওঁক গোটেই অফিচটোৰ ভিতৰত একমাত্ৰ 'বৰদেউতা' বুলি সম্বোধন কৰা এই ছোৱালীজনী যে কাইলৈৰ পৰা এই অফিচটোলৈ নাহে। তাঁৰেৰে খুৰাকেইটা বান্ধি থোৱা ভগা চকীখনৰ পৰা লাহেকৈ উঠি আহিল মানুহজন। মই লৰালৰিকৈ গুচি যাব খোজোঁতেই তেওঁ মাত লগালে

: তোমাৰ কিবা অসুবিধা হৈছে নেকি ? সকলো ঠিকেই আছেনে ?

দুখ লগাৰ সময়ত কোনোবাই 'কিবা হৈছে নেকি' বুলি সুধিলেই হুকহুকাই কান্দি উঠা মোৰ পুৰণি বেমাৰটো যেন সাৰ পাই উঠিব খুজিল। তদুপৰি প্ৰায় ষাঠি বছৰীয়া এই মানুহজনৰ মাতত আছিল এনে এক আপোন সুৰ যি সুৰ মই মোৰ দেউতাৰ মাতত শুনো। যি সুৰে মোক মুহূৰ্ততে 'কৃষ্ণাক্ষী বৰুৱা'ৰ পৰা 'আইজনী' কৰি পেলায়। যাব খুজিও ৰৈ গ'লো মই। হাতত সেই কাগজখন লৈ তেওঁক কেনেদৰে কওঁ মই যে ঠিকেই আছোঁ! পাৰিনে মিছা মাতিব এইজন মানুহক? তেওঁ তেতিয়াও মোৰ মুখলৈ চাই আছিল এটা উত্তৰৰ অপেক্ষাত। এইবাৰ তেওঁৰ চকুলৈ নোচোৱাকৈ মই কৈ পেলালোঁ

: মোক উলিয়াই দিছে বৰতা। কাইলৈৰ পৰা অফিচলৈ আহিবলৈ মানা কৰিছে।

বৰ সহজভাৱে ক'বলৈ লৈছিলোঁ যদিও কথাষাৰ কওঁতে ক'ৰবাত যেন কঁপি উঠিলোঁ মই। চাকৰি এটাৰ পৰা উলিয়াই দিছে বুলি কাৰোবাক ক'বলৈ ইমান যে টান মই যেন প্ৰথমবাৰ অনুভৱ কৰিলো।

মোৰ উত্তৰত হাঁহি পেলালে মানুহজনে। মই আচৰিত হ'লো! মই এনে কি কথা ক'লো যাৰ বাবে তেওঁৰ হাঁহি উঠিছে?  হাঁহি হাঁহিয়েই তেওঁ মোক ( নে নিজকে) কৈ উঠিল

: মই জানিছিলোঁৱেই। জানিছিলোঁৱেই মই! এয়াই হ'ব। 

হাঁহি থকা ওঁঠখনৰ বিপৰীতে আচৰিত ধৰণেৰে কৰুণ হৈ পৰিছিল মানুহজনৰ ঘোলা চকুহাল। মোৰ কোনো কথাই আৰু পাতিবলৈ মন নগ'ল। কোনোবাই আহি দেখাৰ আগতে সেই ঠাইৰ পৰা মই খৰকৈ আঁতৰি আহিলোঁ। হাতখন ঘামি কাগজখন তিতি গৈছিল। লৰালৰিকৈ সেইখন বেগটোত ভৰাই মোৰ ভাড়া কোঠাটোলৈ বুলি খোজকাঢ়ি আহি থাকিলোঁ। 

বেলিটোৱে লাহে লাহে মেলানি মাগিছিল। যেনি তেনি ছটিয়াই দিছিল হেঙুলী বৰণবোৰ। 

অফিচবোৰ শেষ হ'বৰ সময় হোৱাৰ বাবে ৰাস্তাত ক্ৰমাৎ বাঢ়ি আহিছিল গাড়ী মটৰৰ ভীৰ। সন্ধিয়াৰ মহানগৰীখনে যেন প্ৰাণ পাই উঠিছিল। প্ৰাণ পাই উঠিছিল ৰাস্তাৰ কাষৰ সৰু সৰু ফাষ্টফুডৰ দোকানবোৰে। হঠাৎ কিবা খোৱাবস্তুৰ গোন্ধ এটা নাকত লগাত মনলৈ আহিল মই যে আজি ৰাতিপুৱাৰ পৰা অমলেট এটা আৰু চাহ একাপৰ বাহিৰে একোৱেই খোৱা নাই। পেটৰ ভোকটোৱে আকৌ এবাৰ মোক কিবা এটা খাবলৈ সকীয়াই উঠিল। কিন্তু মনত সেই যন্ত্ৰণাৰ বোজা লৈ কোন সতে মই খাওঁ? 

ফুটপাথৰ কাপোৰ বেচা ছোৱালীজনীলৈ চকু গ'ল মোৰ।  ঘৰত পিন্ধা পাইজামা, নাইটি আদি বস্তু কিছুমান লৈ সদায় বহাৰ দৰে আজিও বহি আছিল তাই। ছোৱালীজনীক মই কলেজত পঢ়ি থকাৰ পৰা জানো। জানো মানে দেখি আহিছো। চকুৰ চিনাকি। কোটৰত সোমোৱা উদাসীন দুচকু, গ্ৰাহকক সন্তুষ্ট কৰিবলৈ জোৰকৈ পিন্ধি লোৱা কৃত্ৰিম হাঁহিৰে এই ছোৱালীজনী মোৰ বৰ চিনাকি। 

হঠাৎ মোৰ মনলৈ আহিল কাইলৈৰ পৰা মই কি কৰিম? কেনেবাকৈ এই ছোৱালীজনীৰ নিচিনাকৈ ভগা তক্তাপোছৰ বিচনা এখনত পাইজামা, নাইটি এসোপা লৈ কৃত্ৰিম হাঁহি এটা মুখত বিৰিঙাই ময়ো যদি .... !

বিচিত্ৰ ভাৱনা কিছুমান বুকুৰ মাজত লৈ আহি থাকোঁতে কাৰোবাৰ গাত খুন্দা লগাত সম্বিৎ ঘূৰি আহিল। চাই দেখোঁ টিকটিকিয়া এখন ৰঙা শাড়ী, পাণৰ ৰঙেৰে ওঁঠ ৰঙীন কৰি, বুকু আৰু পেটৰ আধাতকৈও বেছি অংশ উন্মুক্ত কৰি আহি থকা এগৰাকী মহিলা। গণেশ মন্দিৰৰ আশে পাশে এই খণ্ডত এনেকুৱা বহুকেইগৰাকী মহিলা বহুবাৰ দেখা পাইছোঁ মই । কলেজত থাকোতে এদিন লগৰ কোনোবাই কৈছিল তেওঁলোক বোলে 'গণিকা'। দেহ ব্যৱসায়ী তেওঁলোক। মই তেতিয়ালৈকে কেতিয়াও গণিকা দেখা নাছিলোঁ। মোৰ মনত সেই গণিকা শব্দটোৱে বহুদিনলৈকে খুন্দিয়াই থাকিছিল আৰু ঠাইখিনিৰে অহা যোৱা কৰোঁতে বহুদিনলৈকে মই ডিঙি মেলি মেলি বৰ আচৰিত বস্তু দেখাৰ দৰে চাই গৈছিলোঁ মহিলাকেইগৰাকীক। এবাৰ কলেজৰ কিবা এটা পৰীক্ষা দি আহি থাকোতে হঠাতে হোৱা অসম্ভৱ মূৰৰ বিষৰ বাবে বাটৰ কাষত হলহলাই বমি কৰি দিছিলোঁ। বমি কৰি কৰি লেবেজান দিয়া মোক তুলি ধৰিবলৈও কাষত কোনোৱেই নাছিল। কাষেৰে নাকত ৰুমাল লৈ পাৰ হৈ গৈছিল সমাজৰ অভিজাত শ্ৰেণীৰ বহুকেইজন মানুহ। দোকান এখনৰ খুটা এটাত ধৰি উঠিবলৈ চেষ্টা কৰি থকা মোক তুলি ধৰিছিলহি সমাজৰ মানুহৰ চকুত বেয়া, নীচ নাম পোৱা এনেকুৱা এগৰাকী মহিলাই। হাতত তুলি দিছিল এটা পানীৰ বটল। সেই মানুহগৰাকীক অহা যোৱা কৰা ৰাস্তাত দেখি ' ভালে আছে নে বাইদেউ' বুলি দিয়া এষাৰ মাতৰ বাবে হাঁহিয়াতৰ পাত্ৰ হৈছিলোঁ লগৰ বহুকেইজন বন্ধুৰ। সিহঁতে মোক হাঁহিছিল আৰু মই সিহঁতক। সিহঁতে মই কৰা কামটোত হাঁহিছিল আৰু মই হাঁহিছিলোঁ সিহঁতৰ মানসিকতাক।

ৰিক্সা এখনো নোলোৱাকৈ প্ৰচণ্ড গৰমত প্ৰায় পাঁচ কিলোমিটাৰ ৰাস্তা কেনেকৈ খোজকাঢ়ি আহি ৰূমটো পালোহি মই গমেই নাপালো। ৰূমৰ দুৱাৰমুখত থিয় দিহে ভাবি উঠিলোঁ অফিচটোত জইন কৰাৰ পিছৰে পৰা আজি প্ৰথমবাৰৰ বাবে মই খোজকাঢ়ি ঘৰ পালোহি। পিন্ধি থকা মাখনৰঙী কুৰ্তীটো ঘামত জুৰুলি জুপুৰি হৈছিল। ঘামত তিতি পৰিস্ফুট হৈ পৰিছিল বগা অন্তৰ্বাসৰ ষ্ট্ৰীপ। অকণমান জোখতকৈ বেছি টান কাপোৰ এসাজ পিন্ধিলেই কথাৰে থকা-সৰকা কৰা ৰাস্তাৰ কাষৰ উদণ্ড ল'ৰাবোৰে মোক কি আজি একো কোৱা নাছিল? বিকৃত কথা বতৰা আৰু অশ্লীল ইংগিত কিছুমানেৰে মোক কি আজি জোকোৱা নাছিল নেকি কোনেও? নে মোৰ কাণত কাৰো কথাই আজি সোমোৱা নাছিল। 

নে পৃথিৱীৰ দুখ দিব পৰা কোনো কথায়েই আজি মোৰ বেগটোত সোমাই থকা সেই কাগজখনৰ সমান দুখলগা নাছিল!

বেগটো খুচৰি ৰূমৰ চাবিপাত উলিয়াই আনিলোঁ। চাবিপাতত ৰবৰৰ অকণমানি গণেশ বাবাৰ চাবিৰ ৰিং এটা ওলমি আছিল। মই চাবিপাত পকাবলৈ লৈও চাবিৰ ৰিংটোলৈ চাই তভক মাৰি ৰ'লো। জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ কাম এটা কৰাৰ আগতে মই সদায় চকু মুদি সেৱা জনাই আহিছোঁ গণেশ বাবাক। আজি গীতাৰ্থ ভৰদ্বাজৰ টেবুলতো মই ব্ৰঞ্জৰ গণেশ বাবাক দেখিছিলোঁ। আজি মোৰ কোঠাত থকা মাটিৰ গণেশ জনা আৰু চাবি ৰিংটোত ওলমি ৰোৱা ৰবৰৰ গণেশ বাবাতকৈ ব্ৰঞ্জৰ ভগৱানজন অধিক শক্তিশালী হৈ উঠিছিল।

তলাটোত পকাবলৈ লোৱা চাবিপাত হাতৰ মুঠিত লৈ দুৱাৰখন নোখোলাকৈয়ে চিৰিটোত বহি পৰিলোঁ মই। সন্ধিয়া নামিছিল। মানুহ মনিব নোৱাৰা ঘোপমৰা আন্ধাৰ হৈছিল। দিনটোৰ প্ৰচণ্ড গৰমৰ পিছত গা জুৰ পেলোৱা শীতল বতাহ এজাক বলিছিল। গৰমত জেপজেপিয়া দিয়া মোৰ শৰীৰটো শীতল কৰি নিছিল সেই বতাহজাকে।

কিন্তু ভিতৰৰ মানুহজনীক? 
ভিতৰৰ মানুহজনী তেতিয়াও দুখ আৰু অপমানৰ জুইত জ্বলিয়েইতো আছিলোঁ। 

বুকুখন লাহে লাহে চুই চালোঁ। ইয়াতে এটা সপোন লৈ ফুৰিছিলোঁ মই। আজি সপোনটো মৃত। খালি। একেবাৰেই খালি। মোৰ জন্মৰ আগতে মায়ে সন্তান এটা জন্ম দিয়েই হেৰুৱাইছিল। দেউতা আৰু মায়ে বোলে সপোন দেখিছিল ছোৱালী এজনীৰ।সপোনটোৰ তেনেকৈ মৃত্যু ঘটোতে মাৰ বাৰু এনেকুৱাই লাগিছিল নে? ইমান খালি? যেন সকলো শেষ হৈ গৈছে ! 

মোৰ ৰূমটো অকণমান আওহতীয়া। গধূলি এইখিনি ঠাইত বহি থাকি বৰ ভাল লাগে। আজি যদিও সেই ভাললগাৰ অনুভৱ নাছিল তথাপি হুলস্থূলৰ পৰা আঁতৰত অকলে বহি থাকিব পৰাকৈ ইয়াতকৈ উপযুক্ত ঠাই এই মুহূৰ্তত মোৰ বাবে একোৱেই নাছিল। বৰ ভাগৰ লাগিছিল মোৰ। ৰাতিপুৱাৰে পৰা একো নোখোৱা আৰু ইমান দূৰ গৰমত খোজকাঢ়ি অহাৰ ভাগৰে মোক অৱশ কৰি পেলাইছিল। তথাপি ভিতৰলৈ উঠি যাবলৈ মোৰ মন নগ'ল। 

মোবাইলটো বাজি উঠিল। দেখিছিলোঁ ফোনটোত ভাঁহি আহিছে দেউতাৰ নাম। এই চিৰিটোতে বহি মই সদায় সন্ধিয়া ঘৰলৈ ফোন এটা কৰো। আজি এতিয়ালৈকে ফোন নকৰা বাবে চাগৈ চিন্তা কৰি দেউতাই কৰি পেলাইছিল ফোনটো। 

'দে'তা কলিং' শব্দটো চাই চাই মই যেন ফোনটো ধৰিবলৈকে পাহৰি গ'লো। বাজি বাজি এসময়ত বন্ধ হৈ গ'ল মোবাইলৰ ৰিং। মই যেন সকাহ পালোঁ। মোৰ আজি কাৰোৰে ফোন ধৰিবলৈ, কাৰোৰে সৈতে কথা পাতিবলৈ যে অকণোৱেই মন যোৱা নাই। কিন্তু পিছমুহূৰ্ততে আকৌ মোবাইলটো বাজি ভাঁহি আহিল একেটাই শব্দ 'দে'তা কলিং'। মই খুব ভালকৈ জানোঁ যে যেতিয়ালৈকে মই নুঠাও তেতিয়ালৈকে যিমানবাৰেই হওক একেলেথাৰিয়ে বাজিয়েই যাব ফোনটো। চকুপানী মোহাৰি মাতটো যথাসম্ভৱ সহজ কৰি মাতিলোঁ - 

: দে'তা কোৱা।

: ভালেই আছ নে আইজনী? চাহ খালি নে?

মোহাৰি থোৱা চকুপানীখিনি আকৌ টোপ টোপকৈ সৰি পৰিল। জোৰকৈ কৈ উঠিলোঁ

: ভাল দে'তা। মাহঁতে কি কৰিছে?

: মাৰে সন্ধিয়া গোঁসাই চাকি দি উঠিছে। আজি বুজিছ, মাৰে বোলে দুপৰীয়া শোওতে সপোন দেখিলে তই হেনো কান্দি আছ। মই বোলো হেৰৌ, দুপৰীয়াৰ সপোন হ'বলা ফলিয়ায়? দুদিনৰ পিছত ছোৱালী প্ৰতিদিনে টিভিত ওলাব। ডাঙৰ হ'ল তাই। মুঠতে যেনেতেনে বুজাই বঢ়াইহে মাৰক আজি ঠিক কৰিছোঁ। কিন্তু কোন পলকত গৈ আইথানলৈ চাকি আগ কৰি আহিলে ক'বই নোৱাৰিলোঁ বুজিছ নে?

শেষৰ কথাখিনিত হাঁহি দিলে দেউতাই। 

উচপ খাই উঠিলোঁ মই। 

মায়ে সপোন দেখিছিল? ভয় খাইছিল মোৰ কিবা এটা হৈছে বুলি?

মাকবোৰে বাৰু কেনেকৈ গম পায় সন্তান যে দুখত আছে? মাকবোৰক কোনে উমান দিয়ে পেটৰ পোৱালিয়ে কোঠাৰ বাহিৰৰ চিৰিত অকলশৰে এন্ধাৰত বহি উচুপি ৰোৱাৰ? 

যেনেতেনে এটা দুটা কথা নিজৰ ফালৰ পৰা কৈ ফোনটো ৰাখি এইবাৰ সশব্দে কান্দি উঠিলোঁ মই। এটোপ দুটোপ বৰষুণ সৰিছিল। গাতো পৰিছিল সেই বৰষুণৰ টোপাল।

নিজকে সামৰি দুৱাৰৰ তলাত চাবি ঘূৰালোঁ । হাত দিলোঁ লাইটৰ চুইটছত। অতপৰ আন্ধাৰত বহি থকা বাবে চকুত বৰকৈ ধৰিছিল লাইটটোৱে। চকু পৰিল প্লাষ্টিকৰ টুল এটাতে গামোচা এখন পাৰি সৰস্বতী মাৰ ফটো এখন আৰু গণেশ বাবাৰ ফটো এখনেৰে সাজি লোৱা মোৰ 'গোঁসাই ঘৰ' নামৰ অকণমানি ঠাইকণত। আজি প্ৰথমবাৰৰ বাবে সন্ধিয়া ধূপ এডালো নজ্বলোৱাকৈ উকা হৈ আছিল ঠাইখিনি। বৰ বেয়া দেখিছিলোঁ মই। 

লৰালৰিকৈ হাত মুখ ধুই তিতা কাপোৰসাজ সলাই বহি পৰিলোঁ ভাগি পৰাৰ সময়ত সাহস পোৱা সেই ঠাইকণত। পেকেটটোৰ পৰা ধূপ এডাল উলিয়াই জ্বলাবলৈ লৈও উচুপি উচুপি বহুদেৰি বহি থাকিলোঁ সেইখিনিতে। কঁপা কঁপা হাতেৰে ধূপডাল জ্বলাই সদায় গোৱাৰ দৰে প্ৰাৰ্থনা এটা গাবলৈ চেষ্টা কৰিলোঁ। বৰ কষ্ট কৰি দুহাত যোৰ কৰি গুণগুণাই উঠিলোঁ

: কিমতে ভকতি কৰিবো তোমাত হৰি এ
 মঞি মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
 মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।।

কাণলৈ ভাঁহি আহিল মায়ে গোৱা 'কিমতে ভকতি'ৰ অমিয়া সুৰ। আৰু নোৱাৰিলোঁ গাব। হুকহুকাই কান্দি উঠিলোঁ। গোসাঁইৰ চৰণত মূৰটো ৰাখি কান্দোনত ভাগি পৰিলোঁ মই। কান্দি কান্দিয়েই কৈ উঠিলোঁ -

:কিয়? কিয় এনেকুৱা কৰিলা প্ৰভূ? কি দোষৰ এনে শাস্তি দিলা মোক? মই ক'লৈ যাওঁ? কি কৰোঁ এতিয়া মই?

বৰ ক্ষোভ জাগিছিল যেন হঠাতে ঈশ্বৰ নামৰ সেই সত্বালৈ। অভিমান এজোলোকাই বুকুত ভিৰ কৰিছিলহি। 

হঠাৎ কোনো নথকা সেই অকলশৰীয়া কোঠাটোত ক'ৰপৰা জানো মোৰ কাণৰ কাষত স্পষ্টকৈ ভাঁহি আহিল দেউতাৰ মাত- 

: মোৰ আইজনী সবাতোকৈ শক্তিশালী। একো ধুমুহাই তচনচ কৰিব নোৱাৰাকৈ শক্তিশালী মোৰ গোসাঁনী ছোৱালী।

ভাঁহি আহিল মাৰ মাত-

: ডাঙৰআই অ' তইহে পাৰিবি। তোৰ বাহিৰে কাৰ শক্তি আছে কচোন। আমাকো দুৰ্বল সময়ত সাহস দিব পৰাকৈ শক্তিশালী মোৰ ছোৱালী।

ডাঙৰ ভনীজনীৰ সেই  মাত-

: বা তই গুৱাহাটীত থাকি আদৱ-কায়দাবোৰ ভালকৈ শিকি লোৱাৰ পিছত মোকো লৈ যাবি  দেই। 

সৰু ভনীৰ আব্দাৰ-

: তোৰ দৰমহাৰে মেৰুণ ৰঙৰ জেকেট এটা দিবিনে বা? পিন্ধিবলৈ বৰ মন আছে অ'।

কাণ দুখন জোৰেৰে হেঁচি ধৰিলোঁ মই। ইমান জোৰেৰে হেঁচি ধৰিছিলোঁ যে কাণত কিজানি এই সময়ত নিজে কিবা ক'লে নিজৰ মাতটোও নোসোমাব। 

উঠি আহিলোঁ আইনাখনৰ ওচৰলৈ। নিজকে চাই পেলালোঁ। কৰাল মৰা চকুপানীৰ ওপৰতে বৈ থকা সতেজ চকুপানীবোৰেৰে বৰ বেয়া দেখাইছে মোক। হাতেৰে জোৰেৰে ঘঁহি ঘঁহি মোহাৰি পেলালোঁ চকুপানীবোৰ।

আইনাখনত এইবাৰ এয়া দেউতাৰ আইজনী। 
মাৰ ডাঙৰআই।
ভনী দুজনীৰ শক্তিশালী বায়েক। 

নাই নাই! কৃষ্ণাক্ষী বৰুৱা এবাৰলৈ ভাগি পৰিলেও ভাগি পৰিব নোৱাৰে আইজনী। 'খবৰ 24×7' ত চাকৰি এটা নোপোৱা ছোৱালীজনী ভাগি পৰিলেও ভাগি পৰিব নোৱাৰে ডাঙৰআই। ভাগি পৰিব নোৱাৰে দুজনী ভনীয়েকৰ ডাঙৰ বায়েক। ডাঙৰ ছোৱালীবোৰ শক্তিশালী হয়। ঘৰ এখন সামৰি ধৰিব পৰাকৈ। চকুপানীবোৰ পলকতে লুকুৱাই পেলাব পৰাকৈ।

আইনাৰ সন্মুখৰ পৰা আঁতৰি আহি দুৱাৰখন খুলি  দিলোঁ। চেঁচা বতাহ এজাকে চুই গ'ল। বাহিৰত দোপালপিতা বৰষুণ। এখোজ দুখোজকৈ বাহিৰ ওলালোঁ। বৰষুণজাকে ধুৱাই নিলে মোক, ধুৱাই নিলে অলপ আগলৈকে কান্দি কান্দি ভাগৰি পৰা কৃষ্ণাক্ষী বৰুৱাক। 

আইজনীয়ে বৰষুণত খিলখিলাই হাঁহি উঠিল। 

আকাশলৈ চাই দুচকু মুদি হাত দুখন মেলি ধৰিলো। কিয় জানো মোৰ জানিবলৈ বৰ মন গ'ল এই চহৰত দোপালপিতা বৰষুণত আইজনীৰ বাহিৰে তিতি আছেনে আন কোনোবাই? কোনোবা বাৰে বাৰে জী উঠিছেনে কেইখনমান বিশেষ মুখ মনত পেলাই? 

বৰষুণজাকে যেন মোক সাজু কৰিহে তুলিলে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া মোৰ সংগ্ৰামখনলৈ।

"সমুখত ধূসৰ আকাশ
তথাপিও বেলিটো চুই চোৱাৰ হেঁপাহ

মৌনতাই চুমি থকা ওঁঠ
বুকুত এহেজাৰ যন্ত্ৰণা
তথাপিও আশাবোৰ সাৰে আছে
দুচকুত ঢিমিক ঢামাককৈ সপোন ফুলিছে ।"

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ