#সূর্যফুলৰ_দেশলৈ
#খণ্ড_৪১
অফিচলৈ সোমাই গৈয়ে দেখোঁ প্ৰত্যাশাৰ সৈতে ৰিছেপশ্যনৰ চকীত একেলগে বহি আছে দেৱলীনা বা। আজিৰ পৰা জইনিং তাইৰ। লুটফাৰ ঠাইত 'অসম Daily' ৰ ৰিছেপশ্যনিষ্ট হিচাবে জইন কৰিছে দেৱলীনা বায়ে।
প্ৰত্যাশাই ৰিছেপশ্যনৰ ফোনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে শিকাই আছে দেৱলীনা বাক। খুব আগ্ৰহেৰে প্ৰত্যাশাৰ পৰা কথাবোৰ শিকি আছে তাই। প্ৰাপ্তিৰ সুখেৰে উজ্জ্বলি উঠিছে তাইৰ মুখখন। কিমান দিনৰ পিছত যে সুখী হৈছে ছোৱালীজনী!
বুকুখন ভৰি আহিছে মোৰ। ইমান মন দি শুনিছে যে মই ৰৈ থকাৰো উমান পোৱা নাই তাই।
: দেৱলীনা বা...
লাহেকৈ মাত দিলো মই।
: কৃষ্ণাক্ষী...
মাত দিয়েই বহি থকাৰ পৰা উঠি আহি মোক সাবটি ধৰিলেহি তাই। বহুত সময়। সাধাৰণ সৌজন্যতাতকৈ বহুত বেছি সময় তাই মোক সাবটি ধৰি থাকিলে। মোৰ গাৰ পৰা হাত এৰি দিয়াৰ পিছতো মোৰ চকুলৈ বহু সময় চাই থাকিল তাই।
: তোমাক কি বুলি ধন্যবাদ জনাম কৃষ্ণাক্ষী...
চকুত মোৰ বাবে অশেষ কৃতজ্ঞতা।
: মনে মনে থাকা। তুমি মোৰ আপোন। এসময়ত তুমি মোৰ বাবে কি কৰি থৈছা সেয়া মই এদিনলৈও পাহৰা নাই দেৱলীনা বা। মোৰ জীৱনৰ সেই বেয়া সময়বোৰত কেনেকৈ মোৰ ছাঁ হৈ ৰৈছিলা সেই কথা মই জীৱনত পাহৰিব নোৱাৰোঁ।
তাইৰ ওঁঠত সোঁহাতৰ তলুৱাৰে মৃদু হেঁচা দি কৈ উঠিলোঁ মই।
: আহাঁনা অকণমান বহো। মই দেৱলীনা বাক অকণমান সময় লৈ যাব পাৰোঁনে প্ৰত্যাশা? যদি কামত অসুবিধা নহয়।
প্ৰত্যাশাই কাম শিকাই আছিল তাইক। শেষৰ বাক্যটোৰে তাইৰ অনুমতি লোৱাৰ দৰে সুধিলোঁ মই। তায়ো হাঁহি মাৰি 'হ'ব' বুলি কোৱাৰ লগে লগে ৰিছেপশ্যন এৰিয়াৰ প্ৰকাণ্ড চ'ফাখনতে বহিলোহি দুয়োজনী।
: মাৰ কি খবৰ দেৱলীনা বা?
বহিয়েই সুধিলোঁ তাইক।
: কি খবৰ হ'ব কোৱা? মই হেপী ইণ্ডিয়াত দিনটো ঘূৰি কিতাপ বেছি উপাৰ্জন কৰি নিয়া টকাৰে মোৰেই প্ৰেমিকৰ সৈতে প্ৰেম কৰাত ব্যস্ত তেওঁ।
ম্লান হাঁহিৰে কৈ উঠিল তাই।
: দুখ নকৰিবা বা। আৰু তেওঁ তোমাৰ প্ৰেমিক নাছিল। তেওঁ তোমাক সঁচাকৈয়ে ভালপোৱা হ'লে এনেকৈ তোমাক এৰি... বাৰু বাদ দিয়া এইবোৰ। হেপী ইণ্ডিয়াৰ কি খবৰ?
হাঁহি সুধিলোঁ মই।
: সেইহালৰ যে কথাই নুসুধিবা। দিনৌ নতুন নতুন ল'ৰা ছোৱালীক মেনেজাৰ হোৱাৰ সপোন দেখুৱাই কিতাপ আৰু বিষৰ তেল বেচিবলৈ পঠিয়াইয়েই আছে।
প্ৰায় বিশ মিনিট সময় আমি চ'ফাখনতে বহি কথা পাতিলোঁ। এসময়ত উঠি আহিলোঁ ভিতৰলৈ। দেৱলীনা বাও বহিলগৈ নিজৰ ঠাইত।
সোমায়েই দেখোঁ নিউজ ৰূমত এটা কম্পিউটাৰৰ সন্মুখত তেজস্বীনি বা, মান্যতা, অনুজদা আৰু ঋষভ থূপ খাই থিয় হৈ কিবা এটা চাই আছে। বেগটো নিজৰ ঠাইত থৈ আগবাঢ়ি গ'লো ময়ো।
: কিবা গৰম খবৰ নেকি তেজু বা ?
মোৰ মাতত ঘূৰি চালে সকলোৱে।
: গৰম নহয় অ'। দুখলগা খবৰ।
: কি হৈছে তেজু বা?
তেজস্বীনি বাক সকলোৱে মতাৰ দৰেই ময়ো 'তেজু বা' বুলি মাতিব পৰা হৈ উঠিছোঁ। কাষ চাপি গ'লো মই। মই ওচৰলৈ যোৱাৰ লগে লগে সেই ঠাইৰ পৰা আঁতৰি গ'ল ঋষভ। সি যোৱাৰ ফালে অকণমান সময় চাই
কম্পিউটাৰ স্ক্ৰীনত চকু ফুৰাই শিয়ৰি উঠিলোঁ ।
উফ! কি যে এক বিভৎস দৃশ্য।
বোৱাৰী এগৰাকীক জ্বলাই দিছে শহুৰেকৰ ঘৰৰ মানুহে। ফটোখন ব্লাৰ নকৰাকৈ ৰিপৰ্টাৰে পঠিয়াই দিয়া ভাগতেই চাই আছে সকলোৱে। দুচকু মুদ খাই গ'ল মোৰ।
: কিমান দিন হৈছিল বিয়া হোৱা তেজু বা?
: ছমাহ। চোৱাচোন কি অৱস্থা কৰিলে ছোৱালীজনীৰ। প্ৰেম বিবাহ হৈছিল বোলে। মৰি থাকিল ছোৱালীজনী।
ক্ষোভেৰে কৈ উঠিল তেজস্বীনি বায়ে।
নোৱাৰি। নোৱাৰি চাব সেই দৃশ্য।
ছোৱালীজনীৰ কইনা হোৱা ফটো এখন একাষে জিলিকি আছে। মুখত এটি সুখী হাঁহিৰে এজনী আমাৰ সমান বয়সৰ ছোৱালী। জুয়ে পোৰাৰ পিছত গাত পিন্ধি থকা নাইলনৰ নাইটিটো লিপিট খাই লাগি ধৰিছে ছোৱালীজনীৰ গাত। একেলগে চাৰি পাঁচখন ফটো। এখন ফটোত গাত একুৰা উমি উমি জ্বলি থকা জুই। আন এখনত গোটেই গাটো ক'লা পৰি গৈছে। এখনত কোনোবাই তাইৰ গাৰ নাইটিতো খুলি দিবলৈ চেষ্টা কৰোতে নাইটিৰ লগতে চপৰা চপৰে উঠি আহিছে মঙহ।
এটা ভিডিঅ' চলালে অনুজ দায়ে। ভিডিঅ'টোত গাত একুৰা জ্বলি থকা জুই লৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে তাই। দৌৰি ফুৰিছে চোতালৰ ইমূৰৰপৰা সিমূৰলৈ। এপাকত মাটিত বাগৰি দিছে। বহুদেৰিৰ পিছত কোনোবাই এখন কম্বল জাপি দিছে গাত।
হে ঈশ্বৰ!
যাৰ ভৰষাত গুচি আহিছিল ছোৱালীজনী সেই মানুহজন ক'ত!
কিয় এবাৰো অহা নাই জ্বলি থকা পত্নীৰ কাষলৈ।
তাইৰ গাৰ সেই জুই জ্বলা নাই কিয় তাৰ বুকুত!
: তেজু বা কোনে লৈছিল ভিডিঅ'টো?
: আমাৰ সেই ঠাইৰ সাংবাদিকক কোনোবাই মোবাইলত পঠিয়াইছে। তাৰ পিছত তেওঁ গৈ বাতৰিটো সংগ্ৰহ কৰিছে।
: কোনটো মানুহে ছোৱালীজনীক ৰক্ষা কৰিবলৈ নগৈ এই দৃশ্য কেমেৰাত বন্দী কৰি থাকিল? জ্বলাই পেলোৱা মানুহবোৰতকৈও আগত সেই পাষণ্ডটোক পুলিচত দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিনে? আচল দোষী সি। ঘৰৰ মানুহে যদি জ্বলাই দিছে সিহঁততো বৰ্বৰেই, কিন্তু সি যদি ভিডিঅ' কৰি নাথাকি কিবা এটা কৰিলেহেঁতেন ছোৱালীজনী ৰক্ষা পৰিলহেঁতেন অ'।
: কৃষ্ণাক্ষী বৰুৱা আপুনি এইবাৰ নোসোমাব। কৃপা কৰক প্লিজ।
মই বৰ খঙেৰে কোৱা কথাষাৰৰ উত্তৰত ঠাট্টা কৰি কৈ উঠিল নিউজ এডিটৰ অনুজ দায়ে। মই বুজিলোঁ সিদিনা গাৰ্গী বৰবৰাক মই বাইট নোলোৱা ঘটনাটোৰ বাবেই এই আচৰণ।
এইবাৰ কম্পিউটাৰ স্ক্ৰীনত ভাহি উঠিছে এজন পুৰুষৰ ভাষ্য। সাংবাদিকৰ বুমৰ সন্মুখত কান্দি কান্দি কৈ উঠিছে তেওঁ
: বিয়াৰ পিছৰে পৰা এইখন ঘৰত শাৰীৰিক মানসিক অত্যাচাৰ চলি আহিছে তাইৰ ওপৰত। বহুবাৰ কান্দি কান্দি ঘৰলৈ ফোন কৰিছে তাই। এদিন যদি টিভি বিচাৰি অত্যাচাৰ কৰিছে এদিন আকৌ ফ্ৰীজ, আন এদিন বাইক। তাই সুখী হওক বুলিয়েই ময়ো নিজৰ সামৰ্থৰে সিহঁতে খোজা সকলোখিনি বস্তুৱেই দিবলৈ চেষ্টা কৰিছিলো। দুবাৰমান তাই ঘৰলৈ একেবাৰে গুছি আহোঁ বুলিও ফোন কৰিছিল মোক। মইহে বোলো 'সমাজে বেয়া বুলিব। বিয়া হৈছ যেতিয়া সহি সামৰি থাকিবলৈ শিক।' কিন্তু তথাপি আজি তাইক এনেকৈ...
কান্দোনত ভাগি পৰিছে মানুহজন।
বৰ আচৰিত হ'লো মই।
কেনেকুৱা দেউতাক তেওঁ! যৌতুকৰ নামত মানুহঘৰে ছোৱালীজনীক অত্যাচাৰ কৰিছে বুলি জানিও ইমানদিনে নিজেও সহি তাইকো সহি থাকিবলৈ বাধ্য কৰালে। কিহৰ বাবে? কেৱল সমাজৰ ভয়ত? কোনখন সমাজ? যিখন সমাজে ছোৱালী এজনীক বিয়া দিয়া মানেই নিজৰ ঘৰখন পৰৰ বুলি ভাবিবলৈ বাধ্য কৰায় সেইখন সমাজলৈকে ভয় কৰিলে নে মানুহজনে? এইবাৰ বৰ উষ্মাৰে কৈ উঠিলোঁ
: তুমি কি ভাবা তেজু বা? এই ঘটনাটোৰ বাবে ছোৱালীজনীৰ মাক দেউতাকো কিছু পৰিমানে জগৰীয়া নহয় নে? তেওঁলোকে যদি জানিছিলেই তাইক অত্যাচাৰ কৰাৰ কথা, কিহৰ কাৰণে ফ্ৰিজ, টিভি দি দি যৌতুকক বাৰে বাৰে প্ৰশ্ৰয় দিছিল তেওঁলোকে?
একো উত্তৰ নিদিয়াকৈ অলপ সময় তভক মাৰি ৰ'ল তেজস্বীনি বা। তাৰ পিছত খৰধৰকৈ ক'লে
: বাৰু এইবোৰ বাদ। আজি মাৰ্চৰ কেই তাৰিখ মনত আছেনে কৃষ্ণাক্ষী?
: আজি...আজি আঠাইশ তাৰিখ।
লৰালৰিকৈ মোবাইলৰ কেলেণ্ডাৰত চকু ৰাখি ক'লো মই।
: ইগজেক্টলি... বিহুলৈ মাত্ৰ কেইটামান দিন। বিহু বিশেষ অনুষ্ঠানবোৰ ৰেডি কৰিবৰ হ'ল নহয়! এইবাৰ কোন গেইষ্টক মাতিব লাগিব, তাৰ এখন লিষ্ট তোমাৰ ফালৰ পৰা আজিয়েই মোক দিবা। সোনকালে কৈ নথ'লে বেলেগ চেনেললৈ যাবলৈ ফিক্সড হৈ যাব তেওঁলোক। আৰু শুনা... ঋষভৰ সহায় লৈ কৰিবা কামটো। তাৰ আইডিয়া আছে।
মিহিকৈ হাঁহি কৈ উঠিল তেজস্বনি বায়ে।
গুচি আহিলোঁ মই নিজৰ চকীলৈ। অলপপৰ তেনেকৈয়ে বহি থাকিলোঁ। জ্বলি ছাঁই হোৱা ছোৱালীজনীৰ মুখখনে বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে। তথাপিও কাগজ এখন আৰু কলম এটা টানি লৈ চিন্তা কৰিবলৈ ধৰিলোঁ আমন্ত্ৰণ কৰিব পৰা অতিথিৰ বিষয়ে। প্ৰথমতেই মনলৈ আহিল গাৰ্গী বৰবৰাৰ নাম। বিহুনৃত্যত অসম্ভৱ দখল তেওঁৰ। বহু ঠাইলৈ বিচাৰক হিচাপেও নিমন্ত্ৰণ কৰা হয় তেওঁক। কিন্তু মানুহগৰাকীৰ লগত এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছত কোনোপধ্যেই সম্ভৱ নহয় তেওঁক ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰা।
তেজস্বীনি বায়ে ঋষভৰ সহায় ল'বলৈ কৈছিল। সাগ্নিক আৰু মোক দেখাৰ পিছৰে পৰা কি অদ্ভুত আচৰণ কৰিছে সি। কিন্তু মই যে তাৰ সহায় ল'বই লাগিব। কাৰণ এয়া মোৰ ব্যক্তিগত কথা নহয়। অফিচটোৰ ভিতৰলৈ সোমোৱাৰ পিছত ব্যক্তিগত বুলি কোনো কথাই থকাতো মই পছন্দ নকৰো।
তাক বিচাৰি উঠি আহিলোঁ মই। কিছুক্ষণ ইফালে সিফালে বিচৰাৰ পিছত দেখোঁ কিউবিকলটোৰ একেবাৰে চুকৰ ফালে চকী এখনত বহি আছে সি। থুতৰিত হাত থৈ কিবা যেন চিন্তাত বিভোৰ।
: ঋষভ...
কাষলৈ আহি মাত দিলোঁ।
: য়েছ...
অসম্ভৱ গহীনকৈ এদিনীয়া চিনাকি মানুহৰ দৰে উত্তৰ দিলে সি।
:এনেকৈ কিয় আছা? কিবা কথাত মন বেয়া কৰিছা?
: কিবা অফিচিয়েল কথা আছে যদি কোৱা। অন্যথা কোনো কথাই পাতিবলৈ মই আগ্ৰহী নহয়।
তেজস্বীনি বায়ে কোৱা গেইষ্ট লিষ্টখনৰ বিষয়ে ক'লো তাক। প্ৰায় পোন্ধৰ মিনিটমান সময় বিভিন্ন অতিথিৰ বিষয়ে ভাবি উলিয়াই মোক লিষ্টখন প্ৰস্তুত কৰাত সহায় কৰি দি সি উঠি যাবলৈ লওঁতেই মই মাত দিলোঁ
: মোৰ তোমাৰ লগত কথা আছে ঋষভ।
ৰৈ গ'ল সি। মোৰ ফালে ঘূৰি চাই এইবাৰ লাহেকৈ ক'লে
: কোৱা।
: প্ৰথমতে তুমি বহা।
মোৰ মাতত অনুৰোধ নহয়, এক যেন আদেশৰহে সুৰ আছিল। বহি পৰিল সি। সি বহাৰ লগে লগে মই একেবাৰে তাৰ সন্মুখলৈ আহি দুয়োহাত কঁকালত ৰাখি তাৰ চকুলৈ স্পষ্টভাৱে চাই সুধিলোঁ
: তুমি মোৰ লগত এনে ব্যৱহাৰ কৰাৰ কাৰণ কি?
: তোমাৰ লগত মই কোনো কথাই পাতিব নোখোজো কৃষ্ণা। কোনো কথা নাই মোৰ তোমাৰ লগত।
এইবাৰ সি উঠি যাবলৈ লওঁতেই তাৰ হাতত ধৰি তাক আকৌ জোৰেৰে বহুৱাই দিলোঁ মই।
: মোৰ কথা শেষ হোৱা নাই ঋষভ।
: কোৱা।
মোৰ চকুলৈ নোচোৱাকৈ উত্তৰ দিলে সি।
: এনেকুৱা কি ভুল কৰিলোঁ মই যাৰ বাবে আজি চাৰি পাঁচ দিন ধৰি এনেকুৱা আচৰণ কৰিছা তুমি। মোক তুমি ক'বই লাগিব।
এইবাৰ মোৰ চকুলৈ পোনকৈ চালে সি আৰু সৰুকৈ কিন্তু বৰ স্পষ্টভাৱে কৈ উঠিল
: শুনিব খুজিছা? শুনা। যি কথা মই তোমাৰ মুখৰ পৰা শুনিব লাগিছিল সেই কথা মই শুনিলোঁ এজন অচিনাকি মানুহৰ মুখেৰে। যিজন মানুহে দাবী কৰে তোমাক ভালপোৱাৰ। তোমাৰ প্ৰেমিক থাকিব পাৰে কৃষ্ণা। কাৰ নাথাকে! এয়াতো কোনো ভুল কথা নহয়। কিন্তু আমাৰ ইমানদিনীয়া বন্ধুত্বত এই কথা মই জনাৰ যোগ্য নহয় বুলি কিয় ভাবিলা তুমি? তাৰ পিছতো তুমি দাবী কৰা যে তুমি মোৰ বন্ধু? এই অফিচৰ প্ৰত্যেকজন কৰ্মচাৰীয়েই জানে যে ঋষভ কৌশিক আৰু কৃষ্ণাক্ষী বৰুৱা বন্ধু। খুব ভাল বন্ধু। এনে বন্ধু যি বন্ধুত্বত কথা লুকুওৱা নাযায়। আৰু ময়ো ইমানদিনে তেনেকৈয়ে ভাবি আহিছিলোঁ। কিন্তু তুমি এক মুহূৰ্ততে মোক মিছা বুলি প্ৰমাণ কৰি দিলা কৃষ্ণা। কালি যদি কিবা কাৰণত বাহিৰলৈ ওলাই যাওঁতে নুশুনিলোঁহেতেন, সদায় নজনাকৈয়ে থাকি গ'লোহেঁতেন মই। আজি নিজৰ ওপৰতে লাজ লাগিছে মোৰ। মই তোমাক অজানিতে ভাল পাই পেলাইছিলোঁ। কিন্তু তুমি...
অনর্গল কৈয়েই আছে সি। আৰু তেনেকৈয়ে থৰ হৈ শুনি আছোঁ মই। কালি সাগ্নিক চলিহাৰ লগত হোৱা মোৰ কথা বতৰা শুনি পেলাইছে ঋষভে। বহুদেৰি কথাবোৰ শুনি থাকি এটা সময়ত প্ৰায় জোৰেৰে চিৎকাৰ কৰি উঠিলোঁ মই
: ষ্টপ ইট। প্লিজ ষ্টপ ইট ঋষভ। তুমি শুনিবলৈ বিচাৰিছা? জানিবলৈ বিচাৰিছা তুমি তেওঁৰ বিষয়ে। আহাঁ,বাহিৰলৈ আহাঁ। এনেধৰণৰ ব্যক্তিগত কথা পতাৰ ঠাই এয়া নহয়। ওলাই আহাঁ।
: নালাগে। মই জানিবলৈ নিবিচাৰোঁ। যি জানিবলগীয়া আছিল সকলো মই ইতিমধ্যে গম পাই গৈছোঁ।
: নহয় ঋষভ। তুমি একো জনা নাই। একো জনা নাই বাবেই আজি ইমানখিনি কথা তুমি ক'ব পাৰিলা। আহাঁ। তোমাক মই ক'বই লাগিব।
গপগপাই মই ওলাই অহাৰ লগে লগে মোৰ পিছে পিছে উঠি আহিল সিও। এক অসম্ভৱ দুখ আৰু খঙে গ্ৰাস কৰি আনিছে মোক। ঋষভলৈ নোৰোৱাকৈ লিফ্টৰ বুটাম টিপি নামি আহিলো মই। পিছে পিছে আনখন লিফ্টেৰে নামি আহিল সিও। মই খৰ খোজেৰে আগবাঢ়ি গৈ ৰ'লোগৈ গেইটৰ ওচৰৰ পাৰ্কিং প্লেচত।
: কৃষ্ণা... খং উঠিছে তোমাৰ? দুখ পালা তুমি? মই তেনেকৈ ক'ব নালাগিছিল চাগৈ...
: নাই। তুমি একো ভুল কৰা নাই। মই লুকুৱাইছোঁ কথা, বন্ধুত্বত আঘাত হানিছোঁ মই। তুমি একো ভুল কৰা নাই ঋষভ। শুনা। যাৰ বিষয়ে অথনিৰে পৰা তুমি কৈ আছিলা সাগ্নিক চলিহা তেওঁৰ নাম। পি ডব্লিউ ডিৰ এজন উচ্চপদস্থ অভিযন্তা। ভাল পাইছিলোঁ মই তেওঁক। অ, মই তেওঁক ভাল পাইছিলোঁ। হয়তো এতিয়াও মনৰ পৰা আঁতৰাব পৰা নাই মই তেওঁক। পাৰিব লাগিছিল। পাৰিব লাগিছিল বুকুৰ পৰা গতিয়াই উলিয়াই দিব। চেষ্টাও কৰিছোঁ মই। কিন্তু হাজাৰ চেষ্টা কৰিও মই পৰা নাই এই কাম কৰিব।
: কিয় কৃষ্ণা? কিয় উলিয়াবা বুকুৰ পৰা? এনে কি বাধা আছে তোমালোকৰ প্ৰেমত?
: কিয় জানা? কাৰণ তেওঁ বিবাহিত। বিবাহিত হৈয়ো মোক নজনোৱাকৈ প্ৰেমত পেলালে তেওঁ। কিন্তু অন্য এগৰাকী নাৰীৰ জীৱন আন্ধাৰলৈ ঠেলি দি কোনো মতেই মই মোৰ জীৱন পোহৰাব নোৱাৰো। তদুপৰি মিছা কথা কৈছিল তেওঁ মোক। এই ভুল অক্ষমনীয়। ভুল তেওঁ বিবাহিত হৈ প্ৰেমত পৰাতো নহয়। বিবাহিত হ'ল বুলিয়েই যে কাৰোবাক ভাল লাগিব নোৱাৰিব তেনেতো কোনো কথা নাই। কিন্তু ভালপোৱাত মিছাৰ কোনো স্থান নাই। মিছাৰেই আৰম্ভ হৈছিল আমাৰ এই ভালপোৱা।
হঠাৎ মন কৰিলোঁ খঙত ৰঙা পৰি আহিছে ঋষভৰ মুখ। ৰখাই থোৱা বাইক এখনত এহাতেৰে ভৰ দি আনখন হাত জোৰেৰে মুঠি মাৰি ধৰিছে সি। এইবাৰ অকণমান কোমলকৈ ক'লো মই
: শুনিলা ঋষভ। এইয়াই মোৰ ভালপোৱাৰ কাহিনী। কোন সতেৰে শুনাও তোমাক বা অন্য কাৰোবাক এই কাহিনী!
মুখত এটি বিষাদৰ হাঁহিয়ে ঢৌ খেলি গ'ল মোৰ।
: কৃষ্ণা... হাউ দেয়াৰ হি কৃষ্ণা...
খঙত কঁপি উঠিছে সি।
উচপ খাই উঠিছোঁ মই।
: ঋষভ... মই এতিয়া ঠিকেই আছোঁ। এয়া আগৰ কথা। তুমি সোধাৰ বাবেহে...
: সি বেটাই কেনেকৈ ইমান সাহস পালে তোমাৰ লগত এনেকুৱা কৰিবলৈ। ঘৈণীয়েক থকাৰ পিছতো তোমাক নোকোৱাকৈ... চাল্লা তাক মই মাৰি...
: ঋষভ...
চিঞৰি উঠিলোঁ মই। খঙত শ্বাৰ্টৰ অস্তিন কোঁচাই লোৱা ল'ৰাটো এইবাৰ মোৰ দুচকুলৈ চাই দুখোজ পিছুৱাই গৈছে। কি ঠাইত মই ৰৈ আছোঁ, কি পৰিবেশত আছোঁ, কাৰ লগত কথা পাতিছোঁ একো নোচোৱাকৈ মই গাৰ সমস্ত শক্তিৰে চিঞৰি উঠিলোঁ। অহা যোৱা কৰি থকা মানুহবোৰ ৰৈ গৈছে মোৰ চিঞৰত।
: হাউ দেয়াৰ ইউ ঋষভ? তেওঁক মাৰিম বুলি কি সাহসত মোৰ সন্মুখত ক'ব পাৰিলা তুমি? এই অধিকাৰ তোমাক কোনে দিলে? তেওঁ মোক কষ্ট দিয়াৰ বাবে শাস্তি দিয়াৰ অধিকাৰ মোৰ বাহিৰে আন কাকো মই আজিলৈকে দিয়া নাই। তেওঁ ইতিমধ্যেই যথেষ্ট শাস্তি পাইছে, যথেষ্ট কষ্ট পাইছে। তাৰ পিছতো যদি মই ভাবোঁ যে এই শাস্তি যথেষ্ট নহয়, তেন্তে তাৰ বিচাৰ মই কৰিম। সাগ্নিক চলিহাৰ বিষয়ে মোৰ আগত দুনাই যাতে এনেকৈ কেতিয়াও নোকোৱা। নহ'লে মই পাহৰি যাম যে তুমি মোৰ বন্ধু।
: কৃষ্ণা...
এক আচৰিত দৃষ্টিৰে মোলৈ চাই ৰৈছে সি। চায়েই ৰৈছে। এইবাৰ মই খৰ খোজেৰে উচাৎ মাৰি আঁতৰ হ'লো তাৰ কাষৰ পৰা।
অফিচৰ দিশেৰে নগৈ মই খৰকৈ খোজ ল'লো গেইটৰ বাহিৰলৈ। অকণমান সময় মই নিজৰ সৈতে কটাবলৈ বিচাৰিছোঁ। কেৱল নিজৰ সৈতে।
কিয় যে সেই মানুহজনৰ নাম ওলালেই এনেকৈ মোৰ মূৰত কুণ্ডলি পকাই বহেহি হাজাৰ ভাৱনাই।
ভুল কৰিছে তেওঁ। মই জানো। বৰ ডাঙৰ ভুল। বিবাহিত হৈয়ো প্ৰেমিকাক সেই কথা নোকোৱাৰ সমান ডাঙৰ ভুল আৰু এই জগতত কি হ'ব পাৰে?
আৰু শাস্তি! যিয়েই এই কথাবোৰ জানে প্ৰত্যেকেই কয় শাস্তি দিব লাগে তেওঁক। অঁ ,মই শাস্তি দিব লাগে তেওঁক। প্ৰিয়ম্বদাই, দেৱাশ্ৰী বায়ে প্ৰায়েই কয় 'ইমান কষ্ট অকলেই কিয় খাই থাকিবি তই? ঘৈণীয়েকৰ নম্বৰ কালেক্ট কৰি জনাই দে সকলোবোৰ'।
কিন্তু শাস্তি জানো কেৱল ময়েই পাইছোঁ!
তেওঁ পোৱা নাই শাস্তি?
উদভ্ৰান্তৰ দৰে ভালপাই তেওঁ মোক।
মইতো তেওঁলৈ মনত পৰিলে কান্দিব পাৰোঁ অকলে। কিন্তু তেওঁ?
শৰীৰেৰে আন এগৰাকীৰ কাষত থাকি মনটো ক'ৰবাত সপি থোৱা জানো কম শাস্তিৰ কথা! কথা পাতিবলৈ নিবিচাৰে তেওঁৰ প্ৰেমিকাই! প্ৰেমিকাৰ লগত কোনো ভৱিষ্যত নাই বুলি জানিও পত্নীক সেই কথা জনাই দিছে তেওঁ। জনাই দিছে সেই হৃদয় আৰু কোনেও অধিকাৰ কৰিব নোৱাৰাৰ কথা। অগণন কটু কথাও শুনিছে নিশ্চয় সেই নাৰীৰ পৰা।
সেয়া কি কম কষ্ট?
সেয়া কি সাধাৰণ শাস্তি?
তাৰ পিছতো বেলেগকৈ মই কিবা শাস্তি দিয়াৰ কথা ভবাৰ যুক্তি ক'ত?
কেতিয়াবা ভাৱ হয় হিন্দী চিৰিয়েলবোৰত দেখুৱাৰ দৰে যদি জীৱনৰ একাংশ পাহৰি পেলোৱা বেমাৰ এটাই মোৰ হ'লহেঁতেন, যদি পাহৰি পেলালোহেঁতেন সাগ্নিক চলিহা নামৰ সেই মানুহজনক, অন্ততঃ বৰ শান্তিৰে জীয়াই থাকিলোহেঁতেন মই।
উফ...!
হঠাৎ অনুভৱ কৰিলো মূৰটো প্ৰচণ্ডভাৱে বিষাইছে। চাহ একাপ খাওঁ বুলি আগবাঢ়ি গ'লো। ৰাষ্টাটো পাৰ হ'বলৈ ধৰোঁতেই হঠাৎ দেখোঁ এহাল চিনাকি চকু। এখন চিনাকি মুখ।
বস্তিৰ নীৰজ। লক্ষ্মীৰ খুব ভাল বন্ধু নীৰজ।
সেইদিনা ৰাজকুমাৰে টানি আজুৰি লৈ যোৱাৰ পিছত লক্ষ্মীৰ কোনো খবৰ নাপাওঁ মই। মানুহটোৱে টানি নিওতে কান্দি কান্দি যোৱা ছোৱালীজনীৰ অসহায় মুখখন সেইদিনাৰে পৰা একেৰাহেই ভাঁহি আছে দুচকুত। নীৰজক দেখি লক্ষ্মীৰ খবৰ জানিবলৈ বিয়াকুল হৈ পৰিলোঁ মই।
ষ্টপেজটোত ৰোৱা চিটি বাছখনৰ খিৰিকীৰ মুখলৈ আগবঢ়াই দিছে সি ভিক্ষাৰ পাত্ৰ। কোনোবাই ঠাং ঠুং শব্দ কৰি দুই এটকা দলিয়াই দিছে তাৰ সেই থালখনলৈ। চিটি বাছখন যোৱালৈ অপেক্ষা কৰিলোঁ মই।
এটা সময়ত মানুহ উঠাই গুচি গ'লগৈ বাছখন। মই নীৰজৰ ওচৰ পালোগৈ।
: দিদি...
মোক দেখিয়েই উৎসাহেৰে মাত লগালে সি।
: তুমি ইয়াত যে নীৰজ?
: মোৰ আজি চাৰি পাঁচদিন ধৰি ষ্টেচনত কামাই ভাল নহয়। সেয়ে ৰাজকুমাৰৰ মানুহে ইয়াত থৈ গৈছেহি। কেতিয়াবা কামাই ভাল নহ'লে আমাক এনেকৈ বাহিৰত থৈ যায়হি দিদি। এয়া আমাৰ শাস্তি। তাত আমাক দুপৰীয়া ভাত খাবলৈ দিয়ে। যিদিনা এনেকৈ ওলাই আহোঁ সেইদিনা দুপৰীয়াৰ ভাত খোৱা নহয় আমাৰ। দিনটো ভোকত ৰাখি আমাক শাস্তি দিয়ে সিহঁতে। আপুনি ইয়াত যে দিদি?
তাৰ কথাবোৰ শুনি বুকুখন মোচৰ খাই উঠিল মোৰ।
ভাত খাবলৈ নাপায় সি গোটেই দিনটো!
ইস ইস কেনেকৈ থাকে ইমান কষ্টৰ পিছতো ইহঁত মুখত এটি হাঁহি লৈ!
: সৌটো মোৰ অফিচ নীৰজ।
: ইয়াত নৌকৰি কৰে আপুনি?
: উম..
সামান্য হাঁহি উত্তৰ দি ঘড়ীলৈ চালোঁ মই। বুলেটিনলৈ সময় আছে।
: আজি কিবা খালা জানো নীৰজ? কিবা এটা খাবা নেকি?
: বৰ ভোক লাগিছে দিদি। কিন্তু দেৰি হৈ যাব। আকৌ কামাই কম হ'লে গালি পাৰিব।
ভয়ে ভয়ে কৈ উঠিল সি।
: কিমান হ'ব লাগে?
: কমেও এশ টকা।
: কিমান হ'ল তোমাৰ?
: ত্ৰিশ টকামান হৈছে দিদি।
: হ'ব দিয়া বাকীকেইটা মই দি দিম। হ'বনে?
সুখ মনে মূৰ দুপিয়ালে সি। মই তাক লৈ গ'লো বাছ ষ্টপেজটোৰ কাষতে টেবুল এখনত ষ্ট'ভ এটা লৈ চাহ আৰু লুচি তৰকাৰী বিক্ৰী কৰা মানুহগৰাকীৰ ওচৰলৈ। টেবুলখনৰ কাষতে গ্ৰাহকলৈ বুলি পাৰি থোৱা দীঘল বেঞ্চখনত বহি মই তাক সুধিলোঁ
: লক্ষ্মী কেনে আছে নীৰজ?
: নাজানো দিদি। সেই যে ৰাজকুমাৰে লৈ গৈছিল লক্ষ্মীক, তাৰ পিছত আজিলৈকে লক্ষ্মীক কোনেও বস্তিত দেখা নাই।
: দেখা নাই মানে? বেলুন বেচিবলৈহে ওলাই অহা নাই নে ঘৰতেই নাই?
: নাজানোঁ দিদি, কামলৈ ওলাই নহাৰ বাবে এদিন গৈছিলোঁ মই তাইক বিচাৰি। কিন্তু তাই ঘৰত নাছিল। কোনো নাছিল ঘৰটোত। তাৰ পিছত আৰু একো খবৰ নাপাওঁ।
মুহূৰ্ততে এক চিন্তাই গ্ৰাস কৰি আনিলে মোক। লক্ষ্মীৰ মাক দেউতাকৰ কোনো চিন নাই। দুজনী ছোৱালীৰ লগত থাকে তাই। ক'লৈ বা গ'ল ছোৱালীজনী!
: পুৰী খাম দিদি।
নীৰজৰ মাতত বাস্তবলৈ ঘূৰি আহিলোঁ। মানুহগৰাকীয়ে ভাজি ভাজি খৰাহীটোত থৈ যোৱা ফুলা লুচীকেইখনলৈ চাই সেপ ঢুকিছে সি। লৰালৰিকৈ কৈ উঠিলোঁ
: বাইদেউ লুচী তৰকাৰী দুই প্লেট দিবচোন।
: আজি চাহ নোখোৱা?
তেওঁৰ কথাত সামান্য হাঁহি 'খাম' বুলি মূৰ দুপিয়ালোঁ মই। তেওঁৰ হাতৰ লাল চাহত নেমু চেপি তৈয়াৰ কৰা চাহকাপ বৰ প্ৰিয় মোৰ। প্ৰায়েই সেইকাপ চাহ খাবলৈ আবেলি ওলাই আহোঁ মই।
ষ্টিলৰ প্লেট এখনত বাতৰি কাগজ এখন ৰাখি তাত গৰম গৰম ফুলা লুচী আৰু ডিছপ'জেবল প্লাষ্টিকৰ বাতি এটাত ধোঁৱাই থকা আলুৰ তৰকাৰীৰ লগতে মোৰ প্ৰিয় চাহকাপ নীৰজ আৰু মোৰ মাজতে বেঞ্চিখনত ৰাখিলে মানুহগৰাকীয়ে। এইবাৰ তেওঁ মিহিকৈ কাটি ৰখা পিয়াজ আৰু ধনীয়া চামুচ এখনেৰে তৰকাৰীখিনিৰ ওপৰত চটিয়াই দিলে।
এবছৰমান বয়সৰ কেঁচুৱা এটা আছে তেওঁৰ। কাষৰ চকী এখনত কাপোৰ এখন পাৰি লুচী ভজা সময়খিনি কেঁচুৱাটো তাতে বহুৱাই থয় মানুহগৰাকীয়ে।কেতিয়াবা কেঁচুৱাই কান্দোনত গছৰ পাত সৰুৱায়। তেতিয়া কাপোৰ এখনেৰে কেঁচুৱাটো পিঠিত বান্ধি লৈ এবাৰলৈও মুখত বিৰক্তিৰ ভাৱ প্ৰকাশ নকৰাকৈ লুচী ভাজি গ্ৰাহকক খুৱায় তেওঁ। আজিও কেঁচুৱাটোৱে আমনি কৰি আছে। আমাক খাবলৈ দিয়েই লৰালৰিকৈ তেওঁ একাষলৈ গৈ চাদৰখনেৰে ঢাকি কেঁচুৱাটোক গাখীৰ খুৱাবলৈ ধৰিলে। ইমান সময়ে কান্দি থকা কেঁচুৱাটো মাকৰ বুকুৰ উম পাই মনে মনে ৰ'ল। মানুহজনী অকলশৰীয়া। গিৰিয়েকৰ কথা সুধিছিলো এদিন।
" সি অসভ্যই বেলেগ মাইকী আনিলে ভন্টি। কেতিয়াও নাহে আৰু নাচায়ো আমাক "
বৰ দুখেৰে কৈছিল মানুহগৰাকীয়ে।
নীৰজলৈ চালোঁ। মই ফুঁৱাই ফুঁৱাই গৰমৰ বাবে খাব নোৱাৰি ৰৈ থকা ইমান গৰম লুচী কেইখন তৎক্ষণাত খাই শেষ কৰিলে সি।
: আৰু খাবা?
মোৰ কথাত সজোৰে মোৰ দুপিয়ালে নীৰজে। গাখীৰ খুৱাই থকাৰ পৰা মানুহগৰাকী উঠিবলৈ লওঁতেই লৰালৰিকৈ মই উঠি গৈ আৰু তিনিখন লুচী আনি তাৰ প্লেটত দিলোঁহি। সেইকেইখনো বহুদিন ভোকত থকা মানুহৰ দৰে গোগ্ৰাসে খাবলৈ ধৰিলে সি।
মোৰ জেপত থকা ফোনটো ভাইব্ৰেট কৰি উঠিল। উলিয়াই দেখোঁ কেইবাটাও মিছড কল অলংকৃতাৰ। বাৰে বাৰে ফোন কৰিছে তাই। এতিয়ালৈকে অফিচলৈকো অহা নাই অলংকৃতা। ইভিনিং ডিউটি আজি তাইৰ। লৰালৰিকৈ ফোনটো ৰিচিভ কৰিলোঁ মই।
: হেল্ল'...
: হুৱেৰ আৰ ইউ কৃষ্ণাক্ষী?
: কিয়?
এইবাৰ থতমত খালে তাই আৰু লাহেকৈ ক'লে
: নাই...এনেয়ে...
: ঋষভে সুধিছে নহয়? শুনা অলংকৃতা। তাক ক'বা মোৰ খবৰ ল'বলৈ কাকো ফোন কৰিবলৈ লগাব নালাগে সি। অকলে চলিব মই জানো। অকলেই থাকি ভালপাওঁ মই। মোৰ বাবে অযথা চিন্তা কৰাতো মোৰ বৰ অপছন্দ কাম।
ফোন ৰাখিলে তাই। লুচী তৰকাৰী খাই নীৰজ একাষে ৰৈ আছিল। ভোকত শুকাই থকা মুখখনত যেন এতিয়া সন্তুষ্টিৰ ভাৱ। তাৰ হাতত পইছা কেইটামান গুজি দি তাক এখন পল্টন বজাৰলৈ যোৱা চিটি বাছত উঠাই দিলোঁ মই। বাছখনৰ ফুটষ্টেপটোত থিয় দি মূৰটো উলিয়াই হাতখন জোকাৰি চিঞৰি চিঞৰি ক'লে সি
: লক্ষ্মীক দেখিলেই মই আপোনাক লগ পোৱাৰ কথা ক'ম দিদি।
তাক নেদেখা হোৱালৈকে চাই ৰ'লো মই। মানুহগৰাকীক খোৱাৰ পইচাটো দি লাহে লাহে এইবাৰ অফিচলৈ বুলি ৰাওনা হ'লো।
মনত হাজাৰ কথাৰ বুৰবুৰনি। হাজাৰটা সমাধান নোহোৱা প্ৰশ্ন।
এফালে সাগ্নিক আনফালে ঋষভ।
তাৰ মাজত এতিয়া লক্ষ্মীৰ বাবে এক চিন্তাই মোৰ ভিতৰচ'ৰাত মূৰ দাঙি উঠিছে।
ক'ত গ'ল ছোৱালীজনী!
একেলগে ঘূৰি ফুৰা ল'ৰাটোৱেই নজনাকৈ ক'ত হেৰাই গ'ল তাই!
© গায়ত্ৰী
(আগলৈ)
Comments
Post a Comment