#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩০
আজি পাঁচদিন হ'ল 'অসম Daily' ত মই চাকৰি কৰি থকা। ডিউটি লিষ্ট অনুসৰি আজি মোৰ অফ। আজিকালি ব্যস্ততাবোৰো মোৰ ভাললগা হৈ আহিছে। এনেকুৱা কি আকৰ্ষণ আছে এই চাকৰিত যাৰ বাবে দিনৰ দিনটো অকণো নোৰোৱাকৈ কাম কৰি থাকিলেও তিলমাত্ৰও মোৰ ভাগৰ অনুভৱ নহয়।
কালি তেজস্বীনি বায়ে কৈছিল মোৰ নামত এখন আই কাৰ্ড খুব সোনকালেই ইছ্যু কৰাৰ কথা। কথাষাৰ ভাবিয়েই মনটো ভাল লাগি গ'ল। কিমান যে সপোন মোৰ ডিঙিত এখন আই কাৰ্ড ওলোমাই ৰখাৰ। য'ত লিখা থাকিব মোৰ নাম।
জাৰ্নেলিষ্ট কৃষ্ণাক্ষী বৰুৱাৰ নাম।
হঠাৎ মনত পৰিল সাগ্নিকে কালি দি থৈ যোৱা ডায়েৰীখনলৈ। ৰাতি বহুত হোৱাৰ বাবে ৰূমলৈ আহি তেনেকৈয়ে টেবুলত থৈ দিছিলোঁ সেইখন। আজি যেতিয়া অফিচ যাবলগীয়া নাই, গোটেই দিনটো ডায়েৰীৰ প্ৰতিটো গান, প্ৰতিটো কবিতা এটা এটাকৈ পঢ়ি শেষ কৰিম।
হকাৰজনে চোতালত পেলাই থৈ যোৱা বাতৰি কাকতখন আনিবলৈ বুলি উঠি আহিলোঁ। যোৱা কিছুদিনৰ পৰা মই বাতৰিকাকত এখন ল'বলৈও আৰম্ভ কৰিছোঁ। সংবাদ মাধ্যমত এংকৰ হিচাপে কাম কৰাৰ প্ৰথম আৰু প্ৰধান চৰ্তটোৱেই হৈছে দেশ-বিদেশৰ বিভিন্ন খবৰ ৰখা।
বাতৰি কাকতখন হাতত লৈ বহিয়েই ফোনটো চালোঁ। ইমানদেৰি আজি তেওঁ ফোন কৰা নাই কিয়! অজানিতে কিবা এটা চিন্তা লাগি গ'ল। মেছেজ এটা কৰিবলৈ লৈও তেওঁৰ ফোনৰ নম্বৰটো ডায়েল কৰিলোঁ মই।
: কৃশ্বু...
খুব দুৰ্বল কন্ঠেৰে মাতিছে তেওঁ।
মুহূৰ্ততে চটফটাই উঠিলোঁ।
কি হৈছে তেওঁৰ?
তেওঁৰ এই কণ্ঠ মোৰ যে একেবাৰেই অপৰিচিত।
: কি হৈছে আপোনাৰ? গা ভাল নে? ঠিকেই আছে নে আপুনি?
: যোৱাৰাতিৰ পৰা খুব জ্বৰ কৃশ্বু।
: হঠাৎ? কালি ইয়াৰ পৰা যোৱালৈকেতো একেবাৰেই সুস্থ আছিল আপুনি। ইস! কি খালে এতিয়া? চাহ টাহ একাপ দিবলৈকে...
এক অসহায় মাতেৰে কৈ উঠিলোঁ ।
: মই ঠিকেই আছোঁ কৃশ্বু... ইমান চিন্তা নকৰিবাচোন।
চিন্তা নকৰিম মই !
কেনেকৈ চিন্তা নকৰিম !
ইথাৰৰ সিপাৰে তেওঁৰ অসহায় দুৰ্বল মাত আৰু চিন্তা নহ'ব মোৰ!
কি কৰোঁ মই!
আগতকৈ সোনকালেই ফোনটো ৰাখিলে তেওঁ। হয়তো কথা পাতিবলৈ কষ্ট পাইছে। অকলশৰীয়া মানুহজনক এতিয়া প্ৰয়োজনত কিবা এটা দিবলৈকো কাষত যে কোনোৱেই নাই। তেওঁক তেনেকৈ এৰি ময়ো ইয়াত শান্তিৰে থাকিব নোৱাৰিম।
ঘড়ীলৈ চাই দেখোঁ ন বাজিছে। তেওঁলৈ কিবা এটা ৰান্ধি নিয়াৰ কথা চিন্তা কৰিয়েই মুখখন ধুই আলনাৰ পৰা বাহিৰলৈ যাব পৰা কাপোৰ এসাজ টানি আনিলোঁ আৰু লৰালৰিকৈ ওলাই আহিলোঁ বজাৰলৈ। মুৰ্গীৰ মাংস অলপমান লৈ ঘৰলৈ আহি বৰ সযতনে তেওঁৰ বাবে জালুকেৰে জোল এখন ৰান্ধিলোঁ। মাংসখিনি টিফিন এটাত ভৰাই ওলাই আহিলোঁ তেওঁৰ ঘৰলৈ বুলি।
তেওঁক একো কোৱা নাই। ক'লেই 'তুমি অকলে আহিব নালাগে মই লৈ আহিমগৈ' বুলি জ্বৰীয়া গাৰেই এইখিনি ওলাবহি।
খুব ট্ৰেফিক লাগিছে। স্কুল, কলেজ, অফিচলৈ সকলো মানুহ একেলগে এই সময়তে ওলাই আহে।
ট্রেফিকত ৰৈ ৰৈ প্ৰায় আধা ঘণ্টাৰ পিছতে 'জোনাক এপাৰ্টমেণ্টৰ' সন্মুখত ৰ'লহি বাছখন। বাছৰ পৰা নামিয়েই খৰধৰকৈ গৈ লিফ্টৰ চুইচ্চ টিপিলোঁ। নাজানো কিয় লিফ্টখন চাৰি নম্বৰ ফ্ল'ৰতে ৰৈ আছিল।
অলপ দেৰি ৰৈ লিফ্টখন তললৈ নহাৰ বাবে চিৰিৰেই দ্বিতীয় মহলালৈ উঠি গ'লো মই। লিফ্টলৈ অপেক্ষা কৰাৰ ধৈৰ্য নহ'ল। জ্বৰত ভুগি আছে মানুহজন। কেনেকৈ ৰৈ থাকোঁ মই!
হাত দিলোঁগৈ তেওঁৰ দুৱাৰৰ বাহিৰত থকা কলিং বেলটোত। দুৱাৰখন খোল খোৱা নাই। আকৌ এবাৰ খুব জোৰেৰে বেলটো বজালোঁ মই। এনেকুৱা লাগিছিল যেন বাৰে বাৰে বজালে সোনকালেহে খুলি দিব তেওঁ দুৱাৰখন। মই যেন ৰৈ থাকিবও পৰা নাই। বাৰে বাৰে খৰ খোজেৰে অহা যোৱা কৰিছোঁ ইফালৰ পৰা সিফাললৈ। যিমানেই ক্ষণ পাৰ হৈছে সিমানেই যেন এক অজান আশংকাত বুকু কঁপি উঠিব খুজিছে।
কেনে আছে তেওঁ!
কুশলে আছে নে মানুহজন!
ইমান দেৰি কিয় কৰিছে দুৱাৰ খুলিবলৈ!
প্ৰায় চল্লিশ চেকেণ্ডমানৰ পিছত খোল খালে দুৱাৰখন।
: ইমান দেৰি লাগে নে...
খট্ককৈ হোৱা শব্দৰ ফালে দৃষ্টি ঘূৰাই প্ৰায় চিঞৰি উঠাদি মই কিবা এটা ক'বলৈ লওঁতেই দেখোঁ দুৱাৰত এগৰাকী মহিলা। ক'লা পাইজামা, বগা টি-শ্বাৰ্ট, ওপৰলৈ পকাই বান্ধি থোৱা চুলি, দুচকুত চশমাৰে ঘৰুৱা সাজত এগৰাকী স্মাৰ্ট মহিলা।
শিৰত মিহি কিন্তু উজ্জ্বল সেন্দূৰৰ ৰেখা।
: কওকচোন।
বৰ ব্যস্ত কন্ঠেৰে সুধিলে মানুহগৰাকীয়ে। যেন কিবা এটা কাম আধা কৰি থকাতে এৰি খৰধৰকৈ উঠি আহিছিল মানুহগৰাকী। মই আকৌ এবাৰ দুৱাৰখনৰ ওপৰত থকা ফ্লেটৰ নম্বৰটোলৈ চালোঁ। কিজানি দুশ্চিন্তা আৰু লৰালৰিৰ বাবে ভুল ঠাইলৈকে আহিলোঁ!
'B- 211'
নাই! ভুল হোৱা নাই মোৰ। এই ঠিকনা তেওঁৰেই।
: আপুনি?
ওলাও নোলাওকৈ মোৰ মুখেৰে ওলাল এটাই মাথোঁ শব্দ।
: মই সাগ্নিক চলিহাৰ ৱাইফ। আপুনি তেখেতক বিচাৰিছে নেকি?
তেওঁৰ মুখৰ পৰা ওলোৱা মাথোঁ দুশাৰী বাক্যই মুহূৰ্ততে জঠৰ কৰি পেলালে মোক।
অকণো লৰচৰ কৰিব নোৱাৰাকৈ।
মূৰৰ পৰা ভৰিলৈকে এসোঁতা চেঁচা তেজ যেন শৰীৰৰ মাজেৰে বৈ গ'ল।
থৰ হৈ ৰৈ গ'লো মই।
পাৰ হ'ল কেইটামান নীৰৱ মুহূৰ্ত।
: কাক বিচাৰিছে আপুনি?
আকৌ সুধিলে মানুহগৰাকীয়ে।
এইবাৰ আমাৰ কথা-বতৰা শুনি তেওঁ ভিতৰৰ পৰা ওলাই আহিল। টাৱেল এখনেৰে তিতা চুলি মোহাৰি মোহাৰি গা ধুই ওলাই অহা মানুহজন মোক দেখি ঠাইতে ৰৈ গ'ল। স্থানুৰ দৰে একেঠাইতেই ৰৈ থাকিল তেওঁ।
চকুত চকু থ'লোঁ তেওঁৰ। মানুহগৰাকীয়ে এইবাৰ তেওঁলৈ চাই সুধিলে
: তোমাৰ চিনাকি নেকি?
তেওঁ কিবা কোৱাৰ আগতেই মই এবাৰ তেওঁলৈ আৰু এবাৰ মানুহগৰাকীৰ শিৰৰ সেন্দূৰলৈ চাই লাহে লাহে উচ্চাৰি উঠিলোঁ
: নাই নাই মোক চিনি নাপায় তেওঁ। বেয়া নাপাব। হয়তো ভুল ঠিকনালৈ আহিলোঁ।
তেওঁ কিবা উত্তৰ দিলে নে নাই মই নাজানিলোঁ। কিবা জানিবলৈ বা শুনিবলৈ সেই ঠাইত ৰৈ থকা নাছিলোঁৱেই মই। অহা বাটেৰেই লিফ্টলৈ অপেক্ষা নকৰাকৈ প্ৰায় দৌৰি অহাৰ দৰে নামি আহিলোঁ তললৈ। বুকুৰ ভিতৰত একেলগে যেন প্ৰবাহিত হৈছিল কেইবা ভল্ট বিদ্যুৎ।
দুই নম্বৰ ফ্ল'ৰৰ পৰা নামি এক নম্বৰ ফ্ল'ৰৰ চিৰি এটাত ঢপকৈ বহি পৰিলোঁ। সন্মুখত কি আছে যেন একোয়েই দেখা নাই। কাণত মাথোঁ বাজি থাকিল
" মই সাগ্নিক চলিহাৰ ৱাইফ।"
"মই সাগ্নিক চলিহাৰ ৱাইফ।"
মুহূৰ্ততে সম্বিত ঘূৰি আহিল। মই আৰু এক মিনিটো ইয়াত ৰৈ থকা উচিত নহয়। চিৰিৰ কাষৰ ৰেলিংডালত ধৰি প্ৰায় জোৰ কৰি নিজকে থিয় কৰালোঁ আৰু থৰক বৰককৈ ওলাই আহিলো এপাৰ্টমেণ্টটোৰ পৰা। এবাৰত দেখোঁ মোৰ পিছে পিছে আহি আছে তেওঁ। এইবাৰ খুব খৰ খোজেৰে তেওঁ মোক লগ ধৰিব নোৱাৰাকৈ খোজ পেলালো মই। ৰৈ থকা বাছ এখনত ভিৰ ফালি সোমাই পৰিলোঁ।
বাছৰ প্ৰচণ্ড ভিৰ, হাই উৰুমী একোৱেই যেন মোৰ কাণত সোমোৱা নাই।
গোটেই মানুহজনী যেন শিল হৈ পৰিছোঁ।
প্ৰচণ্ড ধুমুহাই নীড় ভাঙি পেলোৱাৰ পাছতো কি হৈ গ'ল একো ধৰিব নোৱাৰা নিৰীহ চৰাই এজনীৰ দৰে জুপুকা লাগি ৰৈছোঁ মই। হাতেৰে খামুচি ধৰিছোঁ তেওঁলৈ বুলি নিয়া টিফিনটো।
: ভন্টি গণেশগুৰি পালোঁহি। নামা আকৌ।
: অঁ পালোঁহি নেকি?
কন্দাক্টৰজনৰ কথাত নামিবলৈ ধৰোঁতেই হঠাৎ পৰিবলৈ ধৰি যেনেতেনে লোহাৰ ৰডডালত ধৰি থিয় দি ৰ'লো।
: কি হৈছে ভন্টি? ঠিকেই আছা নে? মূৰ ঘূৰাইছে নেকি?
মহিলা এগৰাকী আগবাঢ়ি আহি গাত ধৰিলেহি মোৰ। মানুহগৰাকীৰ হাতখন গাৰ পৰা লাহেকৈ আঁতৰাই দি মোৰ যে একো নাই হোৱা তাকে বুজাবলৈ সোঁৱে বাঁৱে মূৰ জোকাৰি বাছখনৰ পৰা নামি পৰিলোঁ।
বাছ ষ্টেণ্ডৰ কাষৰ ডাষ্টবিনটোলৈ দলিয়াই দিলোঁ তেওঁলৈ খুব যত্নৰে ৰান্ধি নিয়া মাংসখিনি। চিটিকি পৰা মাংসখিনিৰ ওপৰত চাৰিটামান ভতুৱা কুকুৰে ৰৌ ৰৌৱাই জঁপিয়াই পৰিল।
এখোজ দুখোজকৈ আহি খুব ধৈৰ্য ধৰি কোঠাৰ দুৱাৰ খুলিলোঁ মই। পৰ্দা এখন অকণমান মেল খাই আছিল। জোৰেৰে টানি দিলোঁ সেইখন। অকণমানো পোহৰ আহিবলৈ সুৰুঙা নথকাকৈ ৰূমটো আন্ধাৰ কৰি পেলালোঁ।
হেণ্ডবেগটো বিচনালৈ দলিয়াই বেৰখনতে আউজি ৰ'লো মই।
কি আছিল সেয়া!
যি হৈ গ'ল সেয়া সঁচা আছিল নে সপোন!
বেৰখনত আউজি থিয় হৈ থাকি লাহে লাহে মজিয়াতে বহি পৰিলোঁ। ৰৈ ৰৈ কাণত বাজি থাকিল সেই এশাৰী বাক্য
" মই সাগ্নিক চলিহাৰ ৱাইফ।"
" মই সাগ্নিক চলিহাৰ ৱাইফ।"
থৰথৰকৈ কঁপিবলৈ ধৰিছোঁ। হঠাৎ এনেকুৱা লাগিল যেন কেৱল হৃদয়েই নহয়, অংগ প্ৰতংগকে আদি কৰি হাড়লৈকে ভাগি চূৰ্ণ বিচুৰ্ণ হৈ গৈছে। বহি থকা ঠাইতে জৰজৰাই খহি পৰিছে সকলো।
পিন্ধি যোৱা ঢিলা চুৱেটাৰটোৰ পৰা হাত দুখন গাৰ ভিতৰলৈ সুমুৱাই আঁঠুৰে চুৱেটাৰটো পাৰ কৰি দি গোটেই মানুহজনী চুৱেটাৰটোৰ ভিতৰত সোমাই জুপুকা লাগি বহি থাকিলোঁ। ঘণ্টাৰ পিছত ঘন্টা একেদৰেই বহি ৰ'লো মই। একেই ভংগীত। চকুৰে অহৰহ নিগৰিছে চকুপানী।
কেনেকৈ সহ্য কৰোঁ এই বিষ?
কেনেকৈ ভাবি লওঁ তেওঁৰ ইমান প্ৰেম, ইমান ভালপোৱা, ইমান আদৰ মিছা আছিল বুলি? কেনেকৈ মিছা আছিল সেইহাল চকু? কেনেকৈ মিছা আছিল মোৰ সামান্য কিবা এটা অসুবিধাতে ধৰফৰাই উঠা সেই মানুহজন!
একো চিন্তা কৰিব নোৱাৰা হৈ আহিছোঁ মই।
মোৰ গোটেই ভিতৰখন যেন খালি হৈ পৰিছে। এটা চেকেণ্ডতে মই গোটেই মানুহজনীয়েইতো খালি হৈ গ'লো। লাহেকৈ চকুহাল মুদি ৱালত মূৰটো আউজাই দিলোঁ। এইবাৰ উচুপনিৰ শব্দবোৰ ৰূপান্তৰিত হৈছে কান্দোনলৈ। চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে মোৰ। কিন্তু সেই চিঞৰ মিশ্ৰিত কান্দোন কোনোবাই শুনে বুলি ৱাশ্বৰুমলৈ উঠি আহিলোঁ মই। পানীৰ টেপটো জোৰেৰে খুলি দি গাৰ সমস্ত শক্তিৰে আটাহ পাৰি উঠিলো।
নাজানোঁ কিমান সময় মই তেনেকৈয়ে চিঞৰি থাকিলোঁ। এটা সময়ত চিঞৰিবলৈও শক্তি নোহোৱা হ'ল। বাল্টিৰে পানী বাহিৰ হৈ গোটেই মজিয়া ভৰি পৰিছিল। এইবাৰ পানীৰ টেপটো বন্ধ কৰি ওলাই আহিলোঁ মই।
বৰ অৱশ লাগিছে।
শৰীৰেৰে নে মনেৰে ক'ব নোৱাৰোঁ!
বিছনাৰ কাষতে লেপেটা কাঢ়ি বহি মূৰটো বিছনাত পেলাই দিলোঁ। খৰিকাঁজাই জোপাৰ পৰা এটা সুগন্ধি ভাঁহি আহিল। সেই সুগন্ধিয়েও যেন উৰি উৰি আজি গোটেই কোঠাত বিয়পাইছে একেটিয়েই বাক্য
" মই সাগ্নিক চলিহাৰ ৱাইফ।"
কাণখন জোৰেৰে হেঁচি ধৰিলোঁ মই।
একো শব্দ সোমাই আহিব নোৱাৰাকৈ।
মুহূৰ্ততে যেন এটা জীৱন্ত শৱ হৈ পৰিছোঁ।
উশাহ লৈ থকা এটা শৱদেহ।
যাৰ উশাহটোৰ বাহিৰে শৰীৰৰ সকলো অংগই যেন অচল হৈ গৈছে।
নিজকে নিজেই সুধিলোঁ
" জীয়াই আছোঁ নে মই? এনেকৈয়ো জীয়াই থাকে নে মানুহ?"
ইমানেই লাহেকৈ কথাষাৰ ফুচফুচাই উঠিলোঁ যেন কোঠাটোত এজন দ্বিতীয় ব্যক্তি বহি আছে আৰু মোৰ এই কথা শুনাৰ লগে লগেই মোলৈ আঙুলি টোঁৱাই হাঁহি হাঁহি কৈ উঠিব- 'প্ৰেমত পৰিবলৈ গৈছিলি? মূৰ্খ ছোৱালী!'
কি কৰা যায়?
যাওঁ নেকি প্ৰিয়ম্বদাৰ ওচৰলৈকে আৰু কওঁগৈ
: আজি এৰাতিৰ বাবে মোক আশ্ৰয় দিয়াচোন প্ৰিয়ম্বদা। মই বৰ ভয় খাইছোঁ। অকলে থাকিবলৈ ভীষণ ভয় লাগিছে মোৰ।
নে গুচি যাওঁগৈ ঘৰলৈকে? মাৰ কোলাত মূৰ থৈ ভাঙি পৰোঁ কান্দোনত।
এনেকুৱা কি কাম কৰোঁ, যি কৰিলে অকণমান শান্তি পাম মই।
ঘৰৰ পৰা অহৰহ ফোন আহি আছে। ৰাতিপুৱাৰ পৰা এবাৰো ফোন ৰিচিভ কৰা নাই। এইবাৰ লাহেকৈ ৰিচিভ কৰিলোঁ ফোনটো
: হেল্ল'...
: ডাঙৰ বা। কিয় ফোন ৰিচিভ কৰা নাই তই? মা আৰু দেউতা চিন্তাত ক'ব নোৱাৰা হৈ গৈছে।
সৰু ভন্টিৰ ফোন।
মনে মনে ৰৈছোঁ মই। আকৌ সুধিলে তাই
: বা... ঠিকেই আছতো!
হুকহুকাই কান্দি উঠিলোঁ মই। মাত্ৰ দুদিনৰ আগতে তাইক মই কৈছিলোঁ এজন মোক খুব ভালপোৱা মানুহৰ কথা, এজন মানুহৰ কথা যি মোৰ বাবে সকলো কৰিব পাৰে।
: ভন্টি। মোৰ সকলো শেষ হৈ গ'ল অ'। শেষ হৈ গ'ল সকলো।
: কি হ'ল বা?
ভয়ে ভয়ে সুধিছে তাই।
এটা এটাকৈ তাইক সকলো কথা কৈ গ'লো।
এখন্তেক ৰৈ এইবাৰ লাহে লাহে কৈ উঠিল তাই
: এটা ল'ৰাৰ কাৰণে কিয় কান্দিবি তই ডাঙৰ বা? আমি সকলো আছোঁ। আমি সকলোৱে তোক কিমান ভাল পাওঁ! কিমান মৰম কৰো! আমাৰ কথা ভাব। এজন মানুহে এৰি দিলে বুলিয়েই সকলো শেষ হৈ গ'ল নে তোৰ? নাকান্দিবি ডাঙৰ বা।
অলপ সময় মোক তেনেদৰেই বুজাই ফোনটো ৰাখিলে তাই।
আঃ! মোৰ অকণমানি ভনীজনী।
কান্দি থকা বায়েকক বুজাব পৰাকৈ কেতিয়া ইমান ডাঙৰ হৈ গ'ল তাই?
মানুহ কেতিয়া কেনেকৈ ইমান বুজন হৈ পৰে!
দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলোঁ।
কোঠাটোত যেন উশাহ বন্ধ হ'ব খুজিছে মোৰ।
বাহিৰত আন্ধাৰ।
আন্ধাৰৰ মাজলৈ এখোজ দুখোজকৈ আগুৱাই গ'লো মই।
হঠাৎ চকু পৰিল গেইটৰ ওচৰত এক ছায়ামূৰ্তি। খুব অধৈৰ্য হৈ যেন পায়চাৰি কৰি আছে।
এই ছাঁ মোৰ ভুল হব নোৱাৰে।
তেওঁৰ প্ৰতিটো আঙুলিলৈকে মোৰ চিনাকি। দুৱাৰ খুলি মই বাহিৰলৈ ওলোৱা দেখি গৈছে তেওঁ।
ক্ষিপ্ৰতাৰে ভাঁহি আহিল গেইটৰ সিপাৰৰ পৰা সেই মাত
: কৃশ্বু...সোণ মোৰ...
চকুপানীৰে তিতি বুৰি যেন বাহিৰ হৈছে সেই মাত।
হয়। ঠিকেই শুনিছোঁ মই। কান্দিছে তেওঁ।
এই ঠাণ্ডাৰ ৰাতি চেঁচা ঘন নিয়ৰৰ মাজত কি কৰিছে মানুহজনে?
এটাও মাত নমতাকৈ দৌৰি ভিতৰ সোমাই দুৱাৰখন জোৰেৰে বন্ধ কৰি দিলোঁ মই।
কিয় আহিছে তেওঁ?
আৰু কি জানিবলৈ বাকী থাকিল মোৰ!
আঁঠু দুটাত সাবটি ধৰি বিছনাৰ এচুকত টিৰটিৰকৈ কঁপি বহি পৰিলোঁ মই।
বাহিৰত তেওঁ নিয়ৰত তিতিছে আৰু ভিতৰত মই তিতিছোঁ চকুপানীত।
কি কৰোঁ মই!
ওলাই যাওঁ নেকি!
দৌৰ মাৰি ওলাই গৈ তেওঁৰ গাত ধৰি জোকাৰি সোধোগৈ নেকি হাজাৰটা প্ৰশ্ন! অথবা তেওঁৰ সন্মুখত উজাৰি দিওঁ নেকি মোৰ ভিতৰত থকা সমস্ত ক্ষোভ!
কিন্তু তেনেকুৱা একোকে নকৰিলো মই।
বতাহত কঁপি কঁপি মোৰ কৰ্ণকুহৰলৈ যেন আকৌ ভাঁহি আহিল সেই মাত
" কৃশ্বু...সোণ মোৰ"
লাইটটো অফ কৰি বিছনাত পৰিলোঁ। লাহেকৈ মূৰ থ'লো গাৰুত। দুয়োহাত জোৰ কৰি মূৰৰ তলত ৰাখি 'দন্ত্য দ' টোৰ দৰে শৰীৰৰ ভাঁজ এটাৰে উচুপি উচুপি কান্দিলো। কিমান পৰ নাজানোঁ। কিন্তু বহুদেৰিলৈ উচুপিয়েই থাকিলোঁ মই।
শেষ হৈ গৈছে।
সকলো শেষ হৈ গৈছে।
যেন সযতনে হাতত তুলি লোৱা এটা চিচাৰ গিলাচ হাতৰ পৰা পিছলি পৰি গৈছে আৰু সেই চিচাৰ টুকুৰাবোৰত ভৰি দি তেজেৰে ৰাঙলী হৈ পৰিছোঁ মই।
বহুত ৰাতি হৈছে।
কান্দি কান্দি অৱশ হৈ পৰা মানুহজনী এইবাৰ খপজপকৈ উঠিলোঁ বিছনাৰ পৰা।
এখোজ দুখোজকৈ থিয় দিলোঁগৈ খিৰিকীৰ কাষত। খিৰিকীখন খুলি দিলোঁ। ফেৰফেৰীয়া এছাটি চেঁচা বতাহ বৈ আহিছে।
ইমান নিজান! কেইটামান তৰা আৰু মোৰ বাহিৰে কোনো সাৰ পাই থকা নাই এতিয়া। মই যেন অতদেৰিৰ পৰা এইখিনি নির্জনতাই বিচাৰি আছিলোঁ।
এৰা! এই নির্জনতা আৰু একাকীত্বইতো আজীৱন সঁচা আছিল। কিয় আহে কিছুমান মানুহ দুদিনলৈ সেই নির্জনতা ভাঙি প্ৰৱেশ কৰিবলৈ? দুদিনলৈ এখন ৰঙীন পৃথিৱীৰ সৈতে চিনাকি কৰি দিবলৈ কিয় জীৱনলৈ আহে মানুহ?
পাৰাপাৰহীন নির্জনতাৰ মাজত বৰ স্থিৰ হৈ নিজকে নিজেই প্ৰশ্ন কৰিলোঁ
" কান্দিছোঁ কিয় মই? এজন মানুহৰ বাবে কান্দি কাটি বাউলি হ'ব পৰাকৈ কেনেকৈ দুৰ্বল হ'ব পাৰিলোঁ মই? কাৰোবাৰ দুদিনীয়া মিছা প্ৰেমৰ বাবেই জীৱন শেষ হৈ যাব পাৰে নে মোৰ? মাত্ৰ পাঁচটা মাহ। জীৱনৰ পাঁচটা মাহে এনেকৈ বিধস্ত কৰি পেলাইছে নে মোক?"
নাই নাই!
এয়া হ'ব নোৱাৰে!
কাইলৈ গাৰ্গী বৰবৰুৱাৰ সৈতে ইণ্টাৰভিউৰ দিন। এই চেনেলত এটা বিশেষ অনুষ্ঠান। ভাল হ'বই লাগিব। সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব -
"কৃষ্ণাক্ষী বৰুৱাই ভাল এংকৰিং কৰে। কেৱল প্ৰেমত হাৰিলে বুলিয়েই জীৱনৰ আন ক্ষেত্ৰবোৰতো হাৰি যোৱা নাই তাই"
খিৰিকীৰ ওচৰৰ পৰা আঁতৰি হাত দিলোঁ লাইটৰ চুইচ্চত। কাগজ এখিলা টানি আনি গাৰ্গী বৰবৰুৱাক সুধিবলৈ বুলি প্ৰশ্ন তৈয়াৰ কৰিবলৈ লওঁতেই থপককৈ টেবুলৰ পৰা মাটিত পৰিল সাগ্নিকে উপহাৰ দিয়া ঘড়ীটো। যিটো মোৰ হাতত পিন্ধাই দিয়াৰ পিছত সেইদিনা তেওঁ কৈছিল
"এইটো যেতিয়াই পিন্ধা তোমাৰ অনুভৱ হ'ব যে মই তোমাৰ কাষতে আছোঁ।"
আঃ! ক'ত নাই তেওঁ!
কেৱল এটা ঘড়ীতেই নে?
কি দলিয়াই পেলাওঁ মই! ক'ত নাই সেই বিশেষ মানুহজন! টেবুলৰ ওপৰত পৰি ৰোৱা ফটো সংলগ্ন সেই ডায়েৰীখনত, ঘড়ীটোত নে প্ৰতিপাহ খৰিকাঁজাইত। ক'ত নাই তেওঁ?
সকলোবোৰ দলিয়াই পেলালেও নিজকে কেনেকৈ দলিয়াই পেলাওঁ মই! মোৰ দেহৰ প্ৰতিটো অংগতেইতো তেওঁৰ পৰশ। কেনেকৈ বুকুৰ পৰা আঁজুৰি উলিয়াই দলিয়াই পেলাওঁ সেই ভগা চিগা কলিজা।
লাহেকৈ ঘড়ীটো মজিয়াৰ পৰা উঠাই টেবুলত থৈ কাগজ কলম লৈ প্ৰস্তুত কৰিবলৈ ল'লো কাইলৈৰ ইণ্টাৰভিউটোৰ বাবে দুটামান প্ৰশ্ন। কিন্তু বাৰে বাৰে লিখি কাটি পেলাইছোঁ প্ৰশ্নবোৰ আৰু কাগজবোৰ ফালি নুৰা কৰি মজিয়ালৈ দলিয়াই দিছোঁ।
বাৰে বাৰে মনলৈ আহিব খোজে সেই মানুহগৰাকীৰ মুখখন। মাজৰাতি তেওঁ যেন এন্ধাৰৰ মাজৰ পৰা খিৰিকীৰে চাই খিলখিলাই হাঁহি কৈ উঠিছে
" মই সাগ্নিক চলিহাৰ ৱাইফ "
কাগজ কলম থৈ আঁঠুত মূৰ গুজি বহি ৰ'লো মই। হঠাৎ মনলৈ আহিল
" জ্বৰীয়া গাৰে তেওঁ বাৰু এতিয়াও নিয়ৰত তিতিয়েই আছে নেকি ...!"
©গায়ত্ৰী
(আগলৈ)
(আগৰ খণ্ডৰ লিংক)
https://www.facebook.com/groups/917699648365704/permalink/2285462868256035/
Comments
Post a Comment