#সূৰ্যফুলৰ_দেশলৈ
খণ্ড ২৬
এটা সতেজ পুৱা। এলাৰ্ম দিছিলোঁ সোনকালে উঠিবৰ বাবে। কিন্তু এলাৰ্মটো বাজিবলৈ নাপাওঁতেই সাৰ পালোঁ। ইণ্টাৰভিউৰ বাবে কৰিবলগীয়া প্ৰস্তুতিখিনি কৰি ৰাতি প্ৰায় এক মান বজাতহে শুইছিলোঁ। ইণ্টাৰভিউটোৰ খবৰ পায়েই সাগ্নিকে গধূলি দি থৈ গৈছিলহি প্ৰায় এমাহমানৰ 'আছাম ট্ৰিবিউন' বাতৰি কাকতখিনি। তাৰোপৰি 'হেপী ইণ্ডিয়া'ৰ পৰা ইস্তফা দি ঘূৰি আহোঁতে কালিৰ দিনটোৰ প্ৰতিখন বাতৰি কাকতৰ এখনকৈ কিনি আনিছিলোঁ। সম্ভাব্য প্ৰশ্নবোৰ কাগজ এখনত টুকি ৰাখি যিমান পাৰোঁ ভালকৈ উত্তৰবোৰ প্ৰস্তুত কৰিলোঁ।
পুৱা চাৰে পাঁচ বাজিছে। দুৱাৰখন খুলি নিঃশব্দে বাহিৰলৈ ওলাই আহিলোঁ। চৌহদটো একেবাৰে নিজান পৰি আছে। ডাঠ কুঁৱলীয়ে ৰাস্তা পদূলি ছানি ধৰিছে। ঘৰৰ মালিকজনে নতুনকৈ এখন ফুলনি পাতিছে। ফুলৰ সমান্তৰালকৈ কাৰ্পেট বনৰ এটা শাৰীও মালীজনে বৰ ধুনীয়াকৈ কৰিছে। উঠি গৈ সেইখিনি ঠাইতে থিয় দিলোঁগৈ। কাৰ্পেট বনবোৰত কুঁৱলীৰ টোপালবোৰ পৰি বৰ ধুনীয়া কৰি তুলিছে। প্ৰতিজোপা বনৰ আগত সৰু সৰু কুঁৱলীৰ টোপালবোৰ দেখি এনেকুৱা লাগিছে যেন মুকুতাৰ মালা এডাল কোনোবাই ছিঙি বনবোৰৰ ওপৰত সিঁচৰিত কৰি দিছিল। লাহেকৈ চেন্ডেলযোৰ খুলি সেই কুঁৱলীৰ টোপালৰ ওপৰেৰে খোজ কাঢ়িলো। এটা চেঁচা অনুভৱে দেহৰ ভিতৰলৈকে চুই গ'ল।
এই ফুলনিখন পতাও প্ৰায় এমাহ হ'ল। কালিলৈকে প্ৰত্যেক দিনা ৰাতিপুৱাই মই এইফালেৰেইতো ওলাই গৈছিলোঁ। ইমান দিনে বনবোৰত কুঁৱলীৰ টোপাল মোৰ চকুতেই পৰা নাছিল নে! আচলতে মানুহ যেতিয়া মনেৰে সুস্থ নাথাকে, থিৰেৰে নাথাকে কোনো বস্তুৱেই দুচকুত ধুনীয়া হৈ ধৰা দিব নোৱাৰে। যদিও সেই চাকৰিটো মই কৰি আছিলোঁ তথাপি প্ৰতিটো দিনেই যেন বৰ কষ্টেৰেহে পাৰ কৰিছিলোঁ।
আজি মোৰ সপোনৰ দিশে এখোজ। ইণ্টাৰভিউলৈ চাৰে দহ বজাত পোৱাকৈ মাতিছে। তথাপি তালৈ যাবলৈ যেন মই আয়োজন চলাইছোঁ প্ৰায় সাতমান বজাৰে পৰা। যোৱাবাৰ ইণ্টাৰভিউ দিবলৈ গৈ নোখোৱা নোবোৱাকৈ গোটেই দিনটো বহি থাকিবলগীয়া সেই অভিজ্ঞতাৰ বাবেই আজি লৰালৰিকৈ ভাততে আলু দুটা দি গেছত বহালো। গা ধুই ইস্ত্রি কৰিলোঁ কালি নতুনকৈ কিনি অনা ক'লা হাত দীঘল শ্বাৰ্টটো আৰু এটা ছাই ৰঙৰ ফৰ্মেল পেন্ট। ক'লা অকণমান হিল থকা পাম্পশ্বুযোৰ বহুদিনৰ মূৰত বাহিৰ কৰিলোঁ আলনাৰ তলত সজাই থোৱা পুৰণি জোতা বাকচটোৰ পৰা। দুবাৰমান জোৰেৰে ফুঁৱাই ধূলি জোকাৰি ফটাকানি এটুকুৰাত তেল সানি চিকচিকিয়া কৰি সেইযোৰ চাফা কৰি পেলালোঁ।
কাঢ়া ইস্ত্রি কৰা কাপোৰসাজ পিন্ধি দীঘল চুলিখিনিৰে গলধনত লগাকৈ এটা পৰিপাটি খোপা বান্ধিলোঁ। মুখখনত অকণমান পাউদাৰ সানি ডাঠকৈ কাজল বুলালো। ওঁঠত পাতলকৈ লিপবাম। ফাইলটোত বায়'ডাটাকে আদি কৰি অন্যান্য যাৱতীয় কাগজখিনি ভৰাই গোসাঁইঘৰত সেৱা এটা কৰি ওলাই আহিলো।
অফিচটোলৈ ঘৰৰ পৰা অটোৰে গ'লে বিশ মিনিট মানৰ বাট যদিও অকণমান সোনকালেই ওলালো।
গেইটৰ ওচৰৰ পৰা ফোন কৰিলোঁ দেউতালৈ
: দেউতা। ইণ্টাৰভিউলৈ ওলালোঁ।
: যা মা! ভাল হ'ব। ভগৱন্তই মংগল কৰক।
চাকৰিটো পোৱা নোপোৱা একেবাৰে পিছৰ কথা। কিন্তু তই নিজে যিমান পাৰ ভালকৈ এটেণ্ড কৰিবি। মাৰে গোঁসাই ঘৰত চাকি আগবঢ়াইছে।
মাৰ লগতো অকণমান কথা পাতি ফোনটো ৰাখিলো।
ঘড়ীলৈ চাই দেখোঁ ন বাজি পোন্ধৰ মিনিট গৈছে। বাছলৈ ৰৈ থাকিবলৈ মন নগ'ল। অটো এখনত বহি লৰালৰিকৈ অফিচটো পালোঁগৈ।
" অসম Daily"
এখন ডাঙৰ হৰ্ডিং জিলিকি ৰৈছে। অটোখনত পইচাটো দি লৰালৰিকৈ সোমাই গৈ অফিচটোৰ গ্ৰাউণ্ড ফ্ল'ৰত ৰ'লোগৈ। খাকী ৰঙৰ পোছাক পিন্ধি বহি ৰৈছে এজন চিকিউৰীতি গাৰ্ড। তেখেতক উদ্দেশ্যি সুধিলোঁ
: 'অসম Daily' ৰ অফিচটো কোনটো ফ্ল'ৰত আছে বাৰু?
মানুহজনে এবাৰ মোলৈ চাই ৰেজিষ্টাৰ এখন আগবঢ়াই সুধিলে
: ইণ্টাৰভিউৰ বাবে আহিছে? এইখন পুৰাই দিয়ক।
হয়তো মোৰ সাজ পোছাক আৰু হাতৰ ফাইলেই মই নোকোৱাকৈয়ে ঘোষণা কৰিছে যে মই ইণ্টাৰভিউলৈ আহিছোঁ। ৰেজিষ্টাৰখনত নাম সময় আদি পুৰোৱাৰ লগে লগে মানুহজনে আঙুলিয়াই দেখুৱালে
: থাৰ্ড ফ্ল'ৰ... লিফ্ট এইফালে।
মানুহজনক ধন্যবাদ জনাই আগবাঢ়ি গৈ লিফ্টত সোমালো। এটা ভাললগা সুৰ বাজি থাৰ্ড ফ্ল'ৰত ৰ'লগৈ লিফ্টখন। ওলায়েই চকুত পৰিল 'অসম Daily' চেনেলৰ এখন সৰু হৰ্ডিং। কাঁড় চিন এডালেৰে যিফালেৰে দেখুৱাইছে সেইফালেৰেই সোমাই গ'লো মই। সোমাই যোৱা গোটেই কৰিডৰটো শাৰী শাৰী ইনড'ৰ প্লেণ্টেৰে খুব ধুনীয়াকৈ সজোৱা হৈছে। ৰাস্তাটো শেষ হৈ যিখিনিতে দুৱাৰখন আৰম্ভ হৈছে সেইখিনিতে এখন দীঘলকৈ বেনাৰ লগোৱা আছে। চেনেলটোত আজিৰে পৰা আৰম্ভ হ'বলগীয়া সন্ধ্যা আঠ বজাৰ 'আজিৰ বিশেষ' নামৰ অনুষ্ঠানটোৰ বেনাৰ সেইখন।
দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'লো। এটা সুসজ্জিত ৰিছেপশ্যন। সন্মুখত দুটা কম্পিউটাৰ আৰু দুটা লেণ্ডফোন লৈ দুগৰাকী খুব ধুনীয়া যুৱতী বহি আছে। তেওঁলোক দুগৰাকীৰ সন্মুখতে থিয় হৈ মাত দিলোঁ মই
: এক্সিউজ মি...
: য়েছ...
এগৰাকীয়ে মোলৈ কিবা এটা কাম কৰি থকাৰ পৰা মূৰ তুলি চালে।
: মই কৃষ্ণাক্ষী বৰুৱা। আজি ইণ্টাৰভিউৰ বাবে মাতিছিল মোক।
: কোনে কল কৰিছিল বাৰু আপোনাক?
মই উত্তৰ দিয়াৰ আগতেই লেণ্ডফোনত কথা পাতি থকা আনগৰাকী যুৱতীয়ে ফোনটো থৈ মোলৈ চাই ব্যস্ততাৰে কৈ উঠিল
: কৃষ্ণাক্ষী বৰুৱা ন? আপুনি প্লিজ অকনমান বহক। পাঞ্চালী বায়ে মাতিছিল তেওঁক।
শেষৰ বাক্যটো তেওঁ কাষৰ আনগৰাকী যুৱতীক উদ্দেশ্যি ক'লে।
হাতত ফাইলটো লৈ বহি পৰিলোঁ মই। দেৰি হ'ব বুলি এক মানসিক প্ৰস্তুতিৰেই আচলতে আজি ওলাই আহিছোঁ। সন্মুখত চলি থকা প্ৰকাণ্ড টিভিটোত বাজি আছে 'অসম Daily' চেনেলটো। এগৰাকী ধুনীয়া এংকৰে বাতৰি পঢ়ি আছে। একেবাৰে সৰু মাতেৰে চলি থকা টিভিটোত এংকৰগৰাকীৰ মাত বুজিবৰ উপায় নাই। প্ৰায় দহ মিনিটমানৰ পিছতে ৰিছেপশ্যনৰ যুৱতী এগৰাকীয়ে মোক উদ্দেশ্যি ক'লে
: কৃষ্ণাক্ষী বৰুৱা...
: হয়। কওক।
থিয় হৈ লৰালৰিকৈ আগুৱাই গ'লো মই।
: আপোনাক এইচ আৰে মাতিছে। সোমাই যাওক।
ইমান কম সময় বহিবলগীয়া হোৱাটোও যেন মোৰ বাবে এক আচৰিত কথাহে আছিল।
: কোনফালে যাব লাগিব বাৰু?
যুৱতীগৰাকী ইতিমধ্যেই পুনৰ ব্যস্ত হৈ পৰিছিল ফোনটোত। আনগৰাকী যুৱতী তেতিয়া উঠি গৈছিল। অগত্যা হাতেৰে ফোনটো হেঁচা মাৰি ধৰি মোক বৰ সৰুকৈ ক'লে তেওঁ
: সোমাই গৈ বাওঁফালে মেকআপ ৰূমটো আছে। তাৰ পৰা পোনে পোনে গৈ এইচ আৰৰ কেবিনটো আপুনি দেখিবই।
যুৱতীগৰাকী ভাললগাকৈ প্ৰফেশ্যনেল। তেওঁক এটি ধন্যবাদৰ হাঁহি মাৰি সোমাই গ'লো মই।
তেওঁ কোৱা অনুসৰিয়েই অলপদূৰ গৈ চকুত পৰিল এইচ আৰৰ কেবিনটো। এখন নামফলক।
"পাঞ্চালী ৰায়চৌধুৰী।
এইচ আৰ। অসম Daily"
মিহি টোকৰ দিলোঁ দুৱাৰত
: য়েছ কাম ইন।
এক গম্ভীৰ নাৰী কণ্ঠ।
সোমাই গ'লো কোঠাটোলৈ। টেবুলখনৰ কাষতে থিয় হৈ কিবা ফাইল এটা খুচৰি আছে তেওঁ। এটা নীলা শ্বাৰ্টৰ লগত ব্লেক ফৰ্মেল পেন্ট, দুভৰিত পেঞ্চিল হিল পাম্পশ্বু পৰিহিতা, ডিঙিত 'অসম Daily' ৰ আই কাৰ্ডেৰে প্ৰায় পাঁচ ফুট পাঁচ ইঞ্চি উচ্চতাৰ এগৰাকী যুৱতী। মোক দেখিয়েই ফাইল খুচৰি থকাৰ পৰা চকীত বহিলগৈ তেওঁ।
: কৃষ্ণাক্ষী বৰুৱা। ৰাইট?
: য়েছ মেম
: প্লিজ চিট
মই বহি পৰাৰ লগে লগে মোলৈ হাত আগবঢ়ালে
: চি ভি প্লিজ..
ফাইলৰ পৰা বায়'ডাটাখন উলিয়াই তেওঁৰ হাতত তুলি দিলোঁ।
: 'খবৰ 24×7' ৰ অভিজ্ঞতা আছে তোমাৰ?
ওপৰে ওপৰে বায়'ডাটাখনত চকু ফুৰাইয়ে প্ৰথম প্ৰশ্নটো কৰিলে তেওঁ।
: হয় মেম।
উত্তৰটো দিয়েই মই ভিতৰৰ পৰা সন্ত্ৰস্ত হৈ পৰিলোঁ যাতে এইবাৰৰ প্ৰশ্নটো চেনেলটো এৰাক লৈ নহয়। হে ঈশ্বৰ তেওঁ যাতে নোসোধে 'কিয় এৰিলোঁ মই চেনেলটো?' সকলো প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰিও এই প্ৰশ্নটোৰ উত্তৰ কালিৰে পৰা ভাবি উলিয়াব নোৱাৰিলোঁ মই। উপায় নাপাই সাগ্নিককো এবাৰ সুধিলোঁ। তেওঁ কৈছিল - 'এইটো তুমি অসহজ হ'বলগীয়া কথা নহয় কৃশ্বু। লাজ পাব লাগে সি হে। সি তো ছোৱালীৰ বাহুত ধৰি ৰাস্তাই ঘাটে ঘূৰি ফুৰিছে। তোমাক সুধিলে তুমি খোলাকৈয়ে সকলো কৈ দিবা।'
: তোমাৰ বিষয়ে কোৱাচোন কৃষ্ণাক্ষী? Tell Me About Yourself.
ভবাতকৈ এটা বেলেগ প্রশ্ন কৰিলে তেওঁ। যিমান পাৰোঁ মই প্ৰস্তুত হৈ অহাৰ ধৰনেৰেই ভালকৈ এই প্ৰশ্নৰ উত্তৰ দিলো।
: এংকৰিঙৰ উপৰিও নিউজ লিখিব পাৰা নে? আই মিন ডেস্কত কাম কৰাৰ অভিজ্ঞতা আছেনে কৃষ্ণাক্ষী?
: হয় মেম। মই কৰিছোঁ।
: গ্ৰেইট..
: আচ্ছা কোৱাচোন, তুমি কিয় আমাৰ চেনেলত কাম কৰিবলৈ বিচাৰা?
প্ৰশ্নটোৰ উত্তৰ মই আৰম্ভ কৰোঁতেই কাৰোবাক ফোন কৰি কেবিনটোলৈ মাতিলে তেওঁ।
: অকণমান আহিবা তেজস্বীনি।
প্ৰায় লগে লগে এগৰাকী যুৱতী কেবিনটোলৈ সোমাই আহিল। যুৱতীগৰাকীৰ পিন্ধনত কটনৰ এযোৰ ধুনীয়া চেলোৱাৰ কামিজ। দুচকুত ক'লা ফ্ৰেমৰ এযোৰ ষ্টাইলিশ চশমা।
: মাতিছিল মেম...
: য়েছ য়েছ। তেজস্বীনি...এওঁ কৃষ্ণাক্ষী। তুমি এটা কাম কৰা। এওঁক এটা স্ক্ৰীন টেষ্ট কৰাই লোৱা আৰু দুটামান নিউজ ৰাইটিং কৰাই চোৱাচোন।
: অ'কেই মে'ম। প্লিজ কাম কৃষ্ণাক্ষী।
এটা ধুনীয়া হাঁহিৰে যুৱতীগৰাকীয়ে মোক কৈ উঠিল। তেওঁৰ লগে লগে মই কেবিনটোৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ।
: আগতে ক'ৰবাত কাম কৰিছিলা নেকি বাৰু তুমি?
: হয়। 'খবৰ 24×7' ত।
: সেয়ে দেখা যেন লাগিছে আকৌ ! আগৰ এংকৰিঙৰ কিবা ভিডিও আছে নেকি কৃষ্ণাক্ষী? তেতিয়া স্ক্ৰীন টেষ্ট নকৰালেও হ'ব।
: নাই। এনেকুৱা একো ভিডিও মোৰ ওচৰত নাই।
: একো নাই । হ'ব দিয়া। আচলতে স্ক্ৰীন টেষ্টৰ এই গোটেই সময়খিনি ভিডিও এটা থাকিলে ৰাহি হৈ যায় যে। সেইটোকে চাই ল'ব পৰা যায়তো।
কথা কৈ কৈয়েই মেক আপ ৰূমটোলৈ মোক লৈ গ'ল তেওঁ।
: ঐ প্ৰেংকি এওঁৰ স্ক্ৰীন টেষ্ট হ'ব। এটা মেক আপ দি দে না প্লিজ।
: শ্বিঅ'ৰ তেজু। কিন্তু টাইম লাগিব অকণমান। এই দীপিকাজনী ক'ত যে গ'ল? অকলে অকলে সব কৰি থাকিবলগীয়া হৈছে।
দাঁতেৰে ক্লিপ এডাল চেপি ধৰি এগৰাকী এংকৰৰ চুলিত সযতনে লগাই থকাৰ পৰা কৈ উঠিল প্ৰেংকিয়ে।
প্ৰেংকিলৈ চালোঁ। আঁঠুৰ পৰা তললৈকে ফটা এটা জিন্স আৰু এটা গাত লিপিত খাই থকা হাত দীঘল গুলপীয়া টি শ্বাৰ্ট পিন্ধিছে। দুচকুত পাতলকৈ কাজলৰ বোল। খুব ধুনীয়াকৈ থ্ৰেদিং কৰা চেলাউৰী। কাণত বগা পাথৰৰ এযোৰ সৰু কাণফুলি। বাৰ্গাণ্ডি হাইলাইট কৰা কান্ধলৈকে পৰা চুলি।
হঠাৎ মেক আপ ৰূমটোৰ দুৱাৰ ঠেলি সোমাই আহিল কোনোবা এজন। তেওঁক দেখিয়েই চিঞৰ বাখৰ কৰি উঠিল প্ৰেংকিয়ে-
: ঐ দীপিকা ক'ত মৰি থাকগৈ কচোন। যা এতিয়াই স্ক্ৰীন টেষ্টৰ বাবে মেক আপ দে।
: ইস ৰাম! এইজনী। খাবলৈ যাবলৈও শান্তি নাই হেৰৌ।
মূৰত লগাই অহা চানগ্লাছযোৰ খুলি টেবুলত থৈ প্ৰেংকিক উত্তৰ দিলে দীপিকাই।
দীপিকা বুলি নাম ধৰি যাক মাতিছে তেওঁ প্ৰেংকিৰ দৰেই এজন যুৱক। নিজকে যুৱতীৰ দৰে সজাই ভালপোৱা যুৱক। আজিকালি নিউজ চেনেলসমূহত এনে ধৰণৰ মেকআপ আৰ্টিষ্টেই বেছিকৈ দেখা যায়। মেকআপত সাংঘাতিক সুদক্ষ হাত তেওঁলোকৰ। নিজৰ আচল নামটোৰ লগত সংগতি ৰাখি এনেদৰেই তেওঁলোকে নিজকে নিজেই নাম এটা দি লয়। দীপিকাৰ নাম হয়তো দীপক আছিল। কিন্তু প্ৰেংকিৰ কি নাম হ'ব পাৰে সেয়া মই বহুত ভাবিও উলিয়াব নোৱাৰিলোঁ। প্ৰবীণ, প্ৰকাশ অথবা প্ৰাঞ্জল?
: কি মেক আপ দিওঁ তেজু বা?
দীপিকাই মোৰ মুখখন ক্লিঞ্জাৰেৰে চাফা কৰি কৰি তেজস্বীনিক সুধিলে।
: দে কিবা এটা পাতলকৈ। স্ক্ৰীন টেষ্ট হে। বৰ হেভী নহ'লেও হব।
এটা পাতল মেক আপ দিলে দীপিকাই। চকুত ডাঠকৈ কাজল আৰু আই শ্বেড' বুলাই দি ঘৰৰ পৰা বান্ধি যোৱা খোপাটো খুলি চুলিখিনি স্ট্রেইট কৰি আগটো পাফ কৰি দিলে। ওঁঠত ব্ৰাশ্বেৰে বুলালে এটা পাতল মেৰুণ ৰঙৰ লিপষ্টিক।
: অসুবিধা পাইছা যদি বেগ আৰু ফাইলটো ইয়াতে থৈ যোৱা কৃষ্ণাক্ষী।
মেক আপ লৈ উঠি আহিব খোজোঁতেই তেজস্বীনি বোলা যুৱতীগৰাকীয়ে কৈ উঠিল। তেওঁৰ কথামতেই বেগটো আৰু ফাইলটো মেক আপ ৰূমৰ তিনিজনীয়া চোফাখনতে থৈ হাতত মোবাইলটো লৈ ওলাই আহিলোঁ । তেজস্বীনি মোৰ আগে আগে গৈ এটা ষ্টুডিঅ'ত সোমাইছিলগৈ।
ষ্টুডিঅ'টোৰ দুৱাৰমুখত থিয় হৈ নাজানো কিয়
কিবা এটা ভয় ভাৱ হ'ল। বহুদিন এংকৰিং নকৰাৰ বাবেই চাগৈ!
ইফালে সিফালে চাই লাহেকৈ কপাল আৰু বুকুত হাতখন লগাই সেৱা এটা কৰি আগবাঢ়ি গ'লো ষ্টুডিঅ'লৈ। বৰ ঠাণ্ডা হৈ আছে ভিতৰখন। সোমায়েই কঁপি উঠিলোঁ। ঠাণ্ডা দিনেই হওক বা গৰম; খুব ঠাণ্ডা কৰি ৰখা হয় ষ্টুডিঅ'ৰ ভিতৰচ'ৰা। এবাৰ 'খবৰ 24×7' ত কাৰোবাক সোধোতে কেমেৰাকে আদি কৰি বিভিন্ন মেচিনবোৰ ভালে থাকিবৰ বাবেই এই ব্যৱস্থা কৰা হয় বুলি জনাইছিল।
: এই চ'ফাখনত বহা কৃষ্ণাক্ষী।
এখন ধুনীয়া ক'লা লেডাৰৰ চ'ফালৈ আঙুলিয়াই দেখুৱালে তেওঁ। বহি পৰাৰ লগে লগে মোৰ শ্বাৰ্টটোত লেপেলডাল লগাই দি কৈ থাকিল -
: কৃষ্ণাক্ষী তোমাৰ অভিজ্ঞতা আছেই বাৰু। তথাপি নিয়মৰ বাবেই কৈছোঁ, এইডালেৰে দর্শকলৈ মাতটো যায় দেই। ৰেকর্ডিঙত তোমাৰ মাতটো আহিবৰ বাবে এইটো এটা মাইক্ৰ'ফোন।
এইবাৰ কেমেৰা এটাৰ কাষলৈ গৈ মোলৈ চাই ক'লে
: এইটো এংকৰৰ কেমেৰা। এইটোলৈ চাই প্ৰথমে দুটামান হেডলাইন, তাৰ পিছত তিনিটা ব্ৰেকিং নিউজ আৰু শেষত কেইশাৰীমান নিউজ পঢ়িবা তুমি। আৰু তাৰ পাছত এটা প্ৰগ্ৰেমৰ কেইটামান শাৰী পঢ়ি যাবা। অ'কেই? ক্লিয়েৰ?
: য়েছ মেম।
: মেম নহয় দেই। তেজস্বীনি বা বুলিয়েই মাতিবা।
: ঠিক আছে বা।
: এতিয়া আৰম্ভ কৰাছোঁন। কেনেকৈ কৰিবা তুমি? বহিয়েই কি বুলি ক'বা? ধৰি লোৱা এইটো এটা বিয়লিৰ বাতৰি। কোৱাচোন। আৰম্ভ কৰা।
: নমস্কাৰ, বিয়লিৰ বাতৰিলৈ স্বাগতম। ষ্টুডিওত মই কৃষ্ণাক্ষী বৰুৱা।
: পাৰফেক্ট... এতিয়া টেলিপ্ৰম্পটাৰত থকা হেডলাইন আৰু নিউজটো পঢ়া।
সন্মুখৰ টেলিপ্ৰম্পটাৰটোত শাৰী শাৰীকৈ ওলাই থকা এটা বাতৰি পঢ়িবলৈ দিয়া হৈছে মোক। এটা এক্সিডেন্টৰ বাতৰি। তেওঁ যেনেকৈ কৈছে সকলোখিনি অকণো খোকোজা নলগাকৈ কৰি গৈছোঁ মই। গোটেইখিনি পঢ়াৰ পিছত কৈ উঠিল তেওঁ
: বঢ়িয়া কৃষ্ণাক্ষী। এতিয়া ধৰি লোৱা মই এজন ৰিপোৰ্টাৰ। তুমি এটা ষ্টুডিঅ'ত বহি আছা আৰু মই থিয় হৈ আছোঁ এক্সিডেন্টৰ ঠাইখিনিত। তুমি মোৰ সৈতে কেনেকৈ সংযোগ কৰিবা আৰু প্ৰথম প্ৰশ্নটো কেনেকৈ সুধিবা কোৱাচোন?
লগে লগে আৰম্ভ কৰিলোঁ মই
: এতিয়া আমি যাবলৈ বিচাৰিছোঁ দুৰ্ঘটনাস্থলীত উপস্থিত থকা আমাৰ সংবাদিক তেজস্বীনিৰ ওচৰলৈ। হয় তেজস্বীনি, দুর্ঘটনাটো কেনেকৈ আৰু কোন সময়ত সংঘটিত হ'ল সেই বিষয়ে আমাক সবিশেষ জনাওক।
: বঢ়িয়া। বঢ়িয়া। আৰু এটা কথা দেই যেতিয়ালৈকে সাংবাদিকজন নিজেই নৰয় তেতিয়ালৈকে তুমি তেওঁক মাজতে কথা কৈ ৰখাই নিদিবা। তেওঁক কথাখিনি শেষ কৰিবলৈ দিবা। অঁ অৱশ্যে তেওঁ যদি খুব বেছিকৈ একেখিনি কথাকে কৈ আছে বা বৰ জৰুৰী বুলি নভবা কিছুমান কথা বাৰে বাৰে ৰিপিট কৰি কৈ আছে অথবা বাতৰিৰ সময় শেষ হ'বৰ হৈছে তেন্তে বেলেগ কথা। আহাঁ। ওলাই আহাঁ।
মূৰ দুপিয়াই তেওঁৰ কথাখিনি শলাগি পিছে পিছে ওলাই আহিলোঁ মই। এইবাৰ এটা কনফাৰেঞ্চ হলৰ ভিতৰত মোক বহিবলৈ দি তেওঁ ওলাই গ'ল আৰু ক্ষন্তেক পিছতে হাতত দুখনমান কাগজ লৈ আহি কৈ উঠিল
: এইখন লোৱা। ইয়াৰ পৰা অসমীয়ালৈ অনুবাদ কৰি বাতৰি এটা প্ৰস্তুত কৰা।
ইংৰাজীত লিখা কিবা এটা বাতৰি তেওঁ মোৰ সন্মুখত ৰাখি ওলাই গ'ল আৰু প্ৰায় পোন্ধৰ মিনিটৰ পিছত খৰ খোজেৰে সোমাই আহি সুধিলে
: হ'ল নে কৃষ্ণাক্ষী?
কাগজখন তুলি দিলোঁ তেওঁৰ হাতত। ল'ৰা এজন চাহ লৈ সোমাই আহিছে। তেজস্বীনি বায়ে চাহৰ কাপটো মোৰ সন্মুখত থ'বলৈ দেখুৱাই ক'লে
: চাহ খোৱা। ডিঙি শুকাই গৈছে চাগৈ।
সামান্য হাঁহি কোঠাটোৰ পৰা ওলাই গ'ল তেওঁ।
হাঁহিটো ধুনীয়া।
হাঁহিলে এসোপা সৰলতা চকুৱে মুখে বিয়পি পৰে ছোৱালীজনীৰ।
তেওঁ ওলাই যোৱাৰ লগে লগে উঠি গৈ কনফাৰেঞ্চ হলটোৰ আইনাৰ দুৱাৰেৰে বাহিৰলৈ চালোঁ। ব্যস্ত খোজেৰে মানুহবোৰ অহা যোৱা কৰি আছে।
চকীখনত পুনৰ বহি ফোনটো হাতত ল'লো। সাগ্নিকৰ চাৰিটা মিছড কল। ফোনটো চাইলেণ্ট কৰি ৰখাৰ বাবে গমেই পোৱা নাছিলোঁ। কল বেক কৰিলোঁ।
: ঠিকেই আছা নে কৃশ্বু?
এই 'ঠিকেই আছা নে' প্ৰশ্নটোৰ অৰ্থ বেলেগ। কালিৰে পৰা একেটাই কথা তেওঁৰ- 'শশাংক তামূলী বা সুদীপ্ত চৌধুৰীৰ দৰে মানুহ যদি লগ পোৱা লগে লগে ওলাই আহিবা কৃশ্বু। কোনো দৰকাৰ নাই তেনেকুৱা ঠাইত চাকৰি কৰাৰ।'
: একদম ঠিকেই আছোঁ। চিন্তা নকৰিব।
মোৰ মাতত আছিল এক আশ্বাসৰ সুৰ।
ফোনটো ৰাখোঁতেই আকৌ সোমাই আহিল তেজস্বীনি বা।
: এইচ আৰে তোমাক এবাৰ লগ কৰিবলৈ খুজিছে কৃষ্ণাক্ষী।
উঠি গ'লো 'পাঞ্চালী ৰায়চৌধুৰী' ৰ কেবিনলৈ। প্ৰায় পাঁচ মিনিটমান দুই এটা বিষয়ত কথা পতাৰ পিছতে তেওঁ ক'লে
: তুমি এতিয়া যাব পাৰা কৃষ্ণাক্ষী। দুদিনমানৰ ভিতৰতে আমি জনাম। মাতিলেই যিকোনো মুহূৰ্তত আহিব পৰাকৈ সাজু হৈ থাকিবা। অল দ্যা বেষ্ট।
ওলাই আহিলোঁ 'অসম Daily' ৰ অফিচৰ পৰা। বুকুত ফাইলটো সাবটি লিফ্টেৰে নামি আহিলোঁ।
খোজত এক আশা।
বাৰে বাৰে মনলৈ আহিছে পাঞ্চালী ৰায়চৌধুৰীৰ মুখৰ সেই শেষৰ বাক্যশাৰী
"মাতিলেই যিকোনো মুহূৰ্তত আহিব পৰাকৈ সাজু হৈ থাকিবা"
নাজানোঁ কিয় কিবা এক সাহসে যেন মোৰ ভিতৰচ'ৰাত মূৰ দাঙি উঠিল। ইমান দিনে বুকুৰ ভিতৰত নিতাল মাৰি শুই থকা এটা এটা হেঁপাহ যেন আকৌ সাৰ পাই উঠিছে।
(আগলৈ)
© গায়ত্ৰী
Comments
Post a Comment