#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_২৯

পুৱা ছয় বাজি পোন্ধৰ মিনিট গৈছে। আজি মোৰ মৰ্ণিং ডিউটি। ফোনটো বাজিল। কেবৰ ড্ৰাইভাৰজনৰ ফোন। মানুহজনৰ নামটো মই এতিয়ালৈকে নাজানোঁ। সেয়ে নম্বৰটো 'কেব' বুলি চেভ কৰি থৈছিলোঁ । আজি সুধি নামেৰে সৈতে চেভ কৰি ল'ব লাগিব। পাচলি,মাছ, ড্ৰাইভাৰ,ৰিক্সা,পানী মিস্ত্ৰী এইধৰনেৰে নম্বৰ চেভ কৰি সাংঘাতিক বেয়া পাওঁ। পৰাপক্ষত মানুহজনৰ নামটো সুধি সেইমতেই চেভ কৰি ৰাখোঁ নম্বৰটো।

: আমি পালোঁহি। ওলাই আহক।
: মই এতিয়াই আহি আছো দাদা।

গেইটৰ সন্মুখত ৰৈ আছে গাড়ীখন। কালি কোৱা সময় অনুসৰি ছয় বাজি পঁচিশ মিনিটতহে মোক পিক কৰাৰ কথা আছিল। সেইমতেই কামবোৰ কৰি আছিলোঁ মই। কাপোৰ কানি পিন্ধি সাজু হৈছিলোঁ যদিও একোকে খোৱা নহ'ল। চিৰা অকণমানত গৰম গাখীৰ দি খাবলৈ বহিছিলো মাত্ৰ। সেইখিনি নোখোৱাকৈয়ে বাতিটো প্লেট এখনেৰে ঢাকি লৰালৰিকৈ ওলাই আহিলোঁ।

সংবাদ মাধ্যমৰ গাড়ীয়ে কালৈকো অপেক্ষা কৰিব নোৱাৰে। কাৰণ গাড়ীখনত বহি থকা মানুহখিনিৰ কাৰোবাৰ লাইভ অনুষ্ঠান থাকে, কোনোবা আকৌ সেই অনুষ্ঠানটো চলোৱাৰ দায়িত্বত থাকে। গতিকে ধার্য কৰি দিয়া সময়তকৈ এক মিনিটো ইফাল সিফাল হোৱা মানেই এটা অনুষ্ঠানত তাৰ প্ৰভাৱ পৰা।

প্ৰায় দৌৰি যোৱাদি গৈ বহি পৰিলোঁ কেবখনত। মান্যতা আৰু দীপিকাৰ বাহিৰে প্ৰায়বোৰ মুখেই অচিনাকী। কালি চিনাকি কৰাই দিয়াৰ সময়ত তেওঁলোক নাছিল বোধহয়।

: একদম সময়ত আহি পাইছা!
মান্যতাই কৈ উঠিল।

: মই কেতিয়াবাৰ পৰাই ৰেডি হৈ আছোঁ। কিন্তু কালি মোক ছয় বাজি পঁচিশ মিনিটত পিক কৰাৰ কথা কৈছিল।

সামান্য হাঁহি ক'লো মই।

: আপোনাক পিক কৰিবলৈ মোক এইটো সময়েই দিছিল। কিবা খেলিমেলি হৈছে যেন পাওঁ।

ড্ৰাইভাৰজনে কৈ উঠিল।

: আজি সময়তো ভালকৈ ক্লিয়েৰ কৰি ল'বা। ৰাতিপুৱা কেবখন সময়তকৈ এক মিনিট আগতে আহিলেও বৰ অসুবিধা হয়। এনিৱে' তোমাক সকলোৰে সৈতে চিনাকি কৰাই দিওঁ ৰ'বা। দুই এজনৰ কালি অফ আছিল, তুমি লগ পোৱা নাই বোধহয়।

মান্যতাই কথাষাৰ কৈয়েই সকলোৰে পৰিচয় দিবলৈ আৰম্ভ কৰিলে।

: এয়া দর্শনা, ডেস্কৰ। দুমাহমান হৈছে চেনেললৈ অহা। এয়া মেক আপৰ দীপিকা, লগতো পাইছাই। এয়া মাৰ্কেটিঙৰ চিৰঞ্জীৱ দা আৰু এয়া ঋষভ।

: ঐ মান্যতা, মই কি কৰোঁ নক'লি যে? 

সকলোৰে লগত চিনাকি কৰাই দিয়াৰ লগে লগেই ঋষভ নামৰ ল'ৰাজনে কৈ উঠিল। কৈ মানে একপ্ৰকাৰ হুলস্থুলেই কৰি দিলে।

তাৰ কথা কোৱাৰ সুৰটোত সকলোৱে সমস্বৰে হাঁহি উঠিলোঁ। হাঁহি হাঁহিয়েই মান্যতাই কৈ উঠিল

: চৰী ভাই চৰী। কৃষ্ণাক্ষী এয়া আমাৰ চেনেলৰ আটাইতকৈ হেণ্ডচাম নিউজ ৰিডাৰ লগতে ৰিপ'ৰ্টাৰ ঋষভ কৌশিক। এসময়ত এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰু আছিল।

এইবাৰহে ভালকৈ চালোঁ মই ল'ৰাজনলৈ। প্ৰায় সম বয়সীয়াই হ'ম আমি। এটা ঢিলা ৰঙা চুৱেটাৰ, পাতল নীলা জিন্স পিন্ধিছে। ঢকঢককৈ বগা। সঁচাকৈয়ে ধুনীয়া সি।

: হাই কৃষ্ণাক্ষী। পিছৰ চিনাকিতো বাৰু বাদ দিয়া। মই ঋষভ কৌশিক। নিউজ ৰিডাৰতকৈ ৰিপ'ৰ্টাৰ বুলিলেহে বেছি খাপ খাব। ইংলিছ নিউজ ৰিডাৰ দুগৰাকী অফিচত কিবা কাৰণত উপস্থিত নাথাকিলেহে নিউজ পঢ়ো মই। ৰিপৰ্টিঙতহে ইন্টাৰেষ্ট বেছি।

গাড়ীখনৰ পিছফালৰ চিটটোত বহি থকা পৰাই মোৰ ফালে হাত আগবঢ়ালে সি।

: হাই ঋষভ। নাইচ টু মিট ইউ।
তাৰ আগবঢ়াই দিয়া হাতত হাত থৈ ক'লো।

বিজুলী গতিৰে গৈ কেবখন অফিচৰ তলত ৰ'লগৈ। দুপদুপাই নামি আহিলোঁ সকলো। লাহে লাহে, ধীৰে ধীৰে, এই শব্দবোৰ সংবাদ মাধ্যমৰ অভিধানৰ বাহিৰত। আজি মান্যতা ৰাতিপুৱাৰ অনুষ্ঠানটোৰ এংকৰিঙৰ দায়িত্বত আছে। দীপিকা আৰু তাই প্ৰায় দৌৰি মেক আপ ৰূমৰ ভিতৰ সোমালেগৈ। মই কালি তেজস্বীনি বায়ে দেখুৱাই দিয়া ঠাইখিনিত বহিবলৈ বুলি আগবাঢ়ি যাওঁতেই নিউজ ডেস্কৰ পৰা মাত ভাঁহি আহিল

: কৃষ্ণাক্ষী...
দৃষ্টি ঘূৰাই দেখোঁ তেজস্বীনি বা।

: গুড মৰ্ণিং বা। আপুনি কেবত নাহে নেকি?
: নাই নাই। মই নিজেই ড্ৰাইভ কৰি আহোঁ অ'।

কম্পিউটাৰ এটাত খুব মনোযোগেৰে কিবা এটা চাই বহি আছে তেওঁ আৰু তেওঁৰ চকীতে ধৰি থিয় দি ৰৈছে ঋষভ। মই কাষ চাপি যোৱাৰ লগে লগেই ঋষভে তেজস্বীনি বাক উদ্দেশ্যি ক'লে

: তেজু বা এওঁক দিয়া। লিখি দিব।

একো বুজি নোপোৱাৰ দৰে ৰৈ থাকিলোঁ মই। তেজস্বীনি বা চকীখনৰ পৰা উঠি আহিল আৰু ঋষভলৈ এবাৰ চাই মোক উদ্দেশ্যি ক'লে

: এই নিউজ পেকেজটো লিখি দিব পাৰিবা নেকি কৃষ্ণাক্ষী? 
 
কি পেকেজ কি কথা একো নজনাকৈয়ে মূৰ দুপিয়ালোঁ মই। 'খবৰ 24×7' ত পেকেজ লিখাৰ কাম মই কেইবাবাৰো কৰিছোঁ। ৰিপ'ৰ্টাৰজনে সংগ্ৰহ কৰি অনা খবৰ এটা টিভিত কেনেকৈ বাজিব, কোনখিনিত কোনখন ছবি দেখুৱাব, কোনোবাই যদি কিবা এষাৰ কৈছে সেইটো কোনখিনি ঠাইত সুমুৱাব লাগিব তাকেই ধুনীয়াকৈ সজাই পৰাই লিখাই হৈছে পেকেজ।

আজি ৰাতিপুৱা ক'ৰবাত জুই লাগিছে। জ্বলি ভস্মীভূত হৈছে সম্পূৰ্ণ এটা এলেকা। সেইটোৰে পেকেজ লিখিবলৈ দিছে তেজস্বীনি বায়ে। প্ৰায় আধা ঘন্টামানৰ ভিতৰতে সেইটো লিখি বাক দেখুৱালোঁ।

: বৰ ধুনীয়াকৈ লিখিলা কৃষ্ণাক্ষী। 
কাগজখন হাতত লৈয়েই কৈ উঠিল তেওঁ।

: ঠেংক্স বা।

: শুনাচোন আৰু এটা কাম দিওঁ দেই তোমাক। এইটো অভিনেত্ৰী গাৰ্গী বৰবৰুৱাৰ ফোন নম্বৰ। দুপৰীয়াৰ মহিলা অনুষ্ঠানটোৰ বাবে আমি তেওঁক মাতিবলৈ খুজিছোঁ। এই মানুহগৰাকীক মাতিবলৈ আমি বহুতবাৰ চেষ্টা কৰিছোঁ। কিন্তু কোনোপধ্যেই এটা ইণ্টাৰভিউৰ বাবেও মান্তি নহয় তেওঁ। তেওঁক কল কৰি মান্তি কৰাবলৈ চেষ্টা কৰাছোঁন।

: ঠিক আছে বা।

: আৰু শুনা, এবাৰতো মান্যতাক বহুত টানকৈ কৈ দিছিল। আজিও যি টি ক'ব পাৰে। সাজু হৈ ল'বা। নিজৰ ফালৰ পৰা একো তাৰিখ বা সময় নিদিবা। তেওঁ যিদিনা যি সময়তে আহিব পাৰে সেইদিনাই আহক। লাইভত যদি আহিব নোৱাৰে তেন্তে ৰেকৰ্ডিঙেই যাওক অনুষ্ঠানটো।

তেজস্বীনি বাৰ হাতৰ পৰা গাৰ্গী বৰবৰুৱাৰ নম্বৰটো লৈ ফোনত টুকি থ'লো। ইমান ৰাতিপুৱাই ফোন কৰিলে মান্যতাক কোৱাৰ দৰে মোকো বেয়াকৈ কৈ দিব পাৰে তেওঁ।

অকণমান দেৰিকৈ ফোনটো কৰিম বুলি চাহ একাপ খাবলৈ কেণ্টিনলৈ উঠি গ'লো। মেচিনটোৰ পৰা চাহ ল'বলৈ বুলি বুটামটো টিপোতেই মহিলা এগৰাকী আগবাঢ়ি আহিল।

: নতুনকৈ জইন কৰিছা যেন পাওঁ। 

এখন সাধাৰণ নীলা শাড়ী পৰিহিতা এগৰাকী মহিলা। শিৰত জিলিকিছে দগমগীয়া উজ্জ্বল সেন্দূৰৰ ৰেখা। হাতত দুডালমান মিহি খাৰু।

: হয় বাইদেউ। 

: মই চাহ কৰোঁ ইয়াত। মিলু বাইদেউ বুলিয়েই মাতে সকলোৱে। মেচিনৰ চাহ খাবা জানোঁ? একাপ কৰি দিওঁ নহ'লে! 

: নালাগে বাইদেউ। ল'লোৱেই নহয়। এইকাপ পেলনিহে যাব!

কথাষাৰ কৈ উঠোতেই  সুহুৰিয়াই সুহুৰিয়াই কোনোবা এজন সোমাই আহিল। চাই দেখোঁ ঋষভ। 

: বাইদেউ চাহ একাপ খুৱাওক না। আজিকালিতো বাইদেৱে মোক পাহৰিলেই!

মিলু বাইদেউক উদ্দেশ্যি কথাষাৰ কৈয়েই চকী এখন টানি বহি পৰিল সি।

: পাগলটো! ই এনেকুৱাই। বৰ ভাল ল'ৰা।
হাঁহি হাঁহি কৈ উঠিল মানুহগৰাকীয়ে।

চাহকাপ লৈ নবহাকৈয়ে মই খাবলৈ ধৰিলোঁ। এইবাৰ মোলৈ চাই ক'লে সি

: বহি লোৱা আকৌ। থিয় হৈনো চাহ খায়নে?

: নাই নালাগে ঋষভ। মোৰ আচলতে কাম এটাও আছে। লৰালৰিকৈ খাই যাওঁগৈ।

মোৰ মূৰত একেৰাহে আছিল গাৰ্গী বৰবৰুৱাৰ কথা। তেজস্বীনি বায়ে দিয়া কামটো কৰিব নোৱাৰিলে মোৰ বৰ বেয়া লাগিব। মানুহগৰাকীক মান্তি কৰাব নোৱাৰিলোঁ বুলি সেমেনা সেমেনিকৈ তেজস্বীনি বাক জনাবলৈ যে মোৰ একেবাৰেই মন যোৱা নাই। 

চাহ কাপ শেষ কৰি উভতিবলৈ লৈছিলোঁ মাত্ৰ। হঠাৎ এটা প্ৰচণ্ড উজুটি খালোঁ। মূৰটো ঘূৰাই যোৱা যেন লাগিল। কোনে জানো কেতিয়া এটা পানীৰ সৰু ড্ৰাম আনি এইখিনিতে ৰাখিছিলহি। একেবাৰেই নেদেখিলোঁ মই। বিষত বাওঁভৰিৰ আঙুলিটো হাতেৰে হেঁচি ধৰি ঠাইতে বহি পৰিলোঁ। দৌৰি আহিল ঋষভ।

: ইচ ইচ তেজ ওলাইছে দেখোন। সোনকালে ফ্ৰীজৰ পৰা অলপ বৰফ আনি দিয়কচোন বাইদেউ।

কোন পলকত জানোঁ ফিৰফিৰাই তেজ ওলাই থকা মোৰ ভৰিৰ আঙুলিটো হাতেৰে ধৰি সেইখিনিতে আঁঠু কাঢ়ি বহি পৰিল সি। মই নালাগে বুলি ক'বলৈ খুজিছোঁ যদিও মুখেৰে ওলাই অহা নাই সেই শব্দ। প্ৰচণ্ড বিষত এহাতেৰে দুচকু ঢাকি ওঁঠ কামুৰি ৰ'লো মই। মিলু বাইদেৱে বৰফৰ লগতে ফটা কাপোৰ এটুকুৰা আৰু এটা ফাষ্ট এইড বক্সো আনিছিল। এইবাৰ কাপোৰডোখৰেৰে সি আলফুলে মচিবলৈ ধৰিলে মোৰ ভৰিৰ তেজ। 

: মই কৰিম ঋষভ। কাপোৰখন মোক দিয়া।
খুব কষ্টৰে উলিয়ালোঁ মই সেই মাত।

মোৰ কথা যেন সি শুনাই নাই তেনে ভাৱত তেজখিনি মচি আঙুলিটোত বৰফ ঘূৰাবলৈ লাগিল। মাজে মাজে ফুঁৱাই থাকিল আঙুলিটোত। 

ইস্‌। মই বৰ অসুবিধা পাইছোঁ।
কোনোবাই মোৰ ভৰিৰ আঙুলিৰ তেজ মোহাৰি বহি ৰ'ব সেই কথা মানি ল'ব পৰা নাই মই। বাৰে বাৰে দুহাত মেলি ৰখাবলৈ খুজিলোঁ তাক। তথাপি যেন ৰ'ব খোজা নাই তাৰ হাত। আঙুলিত বৰফ ঘূৰাই থাকিয়েই এপাকত সুধিলে

: অকণমান ভাল পাইছা নে কৃষ্ণাক্ষী?

মূৰ দুপিয়ালোঁ মই। যিমান জোৰত মূৰ দুপিয়ালে মই সুস্থ হৈ উঠিছোঁ বুলি ভৰিৰ পৰা হাত এৰি দিব পাৰে সিমান জোৰকৈ মূৰ দুপিয়ালোঁ মই। কিন্তু মোৰ ঢুলুঢুলু দুচকুৱে যেন প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছিল যে আঙুলিটো অত্যন্ত বিষাইছে মোৰ।

ফাষ্ট এইড বক্স খুলি কিবা এটা মলম উলিয়াই নিজৰ তৰ্জনী আঙুলিত লগাই এইবাৰ সেই আঙুলি লাহে লাহে সঞ্চালন কৰিবলৈ ধৰিলে মোৰ দুখপোৱা ঠাইখিনিত। কি কৰোঁ কি নকৰোঁকৈ কাষতে থিয় দি থকা মিলু বাইদেউক এইবাৰ সি বেণ্ডেজৰ কাপোৰ কাটিবলৈ এখন কেঁচী আনিবলৈ পঠিয়ালে। সেই বেণ্ডেজ আঙুলিত বান্ধি দি হাতত ধৰি থিয় কৰালে মোক আৰু মিলু বাইদেউক উদ্দেশ্যি কৈ উঠিল

: কোনে ৰাখিছিলহি এই পানীৰ ড্ৰামটো?

: বাহাদুৰে।

: সি বেটাই দেখা নাছিল এইখিনিতে মানুহ এজনী ৰৈ থকাৰ কথা। যিকোনো মুহূৰ্তত চাহ খাই ঘূৰিব পাৰে তাই, সেই কথা সি দেখা নাছিল? আৰু কৃষ্ণাক্ষী। এই  ভৰিৰ নখবোৰ চুটিকৈ ৰাখিলে তোমালোক ছোৱালীবোৰৰ কি ক্ষতি হয়? 

বকি জকি উঠিল সি।

কাৰ বাবে তাৰ এই খং বুজা নগ'ল!

বাহাদুৰ, পানীৰ ড্ৰাম, নে ভৰিৰ নখ দীঘলকৈ ৰখা ছোৱালীবোৰৰ বাবে। হাঁহি পেলালো মই। লাহেকৈ ক'লো

: ঠেংক্স ঋষভ। ঠেংক ইউ চ' মাচ্চ'।

এইবাৰ ডেস্কলৈ আগবাঢ়ি যাব খোজোঁতেই মোৰ হাতত ধৰিব খুজিলে সি। হয়তো থৈ আহিব খুজিছিল মোক। বহুৱাই থৈ আহিব খুজিছিল এখন চকীত। মই সজোৰে ক'লো

: মই পাৰিম। নালাগে। মই যাব পাৰিম।
কৈয়েই এক মুহুৰ্তও নোৰোৱাকৈ খোজ ল'লো মই। 
 
: টেক কেয়াৰ।

দুটা শব্দ উচ্চাৰণ কৰি এইবাৰ চাহৰ টেবুলত আকৌ বহিলগৈ সি। মই লাহে লাহে ভৰিখন মাটিত পেলাই প্ৰায় দুপিয়াই যোৱাদি গৈ বহি পৰিলোগৈ তেজস্বীনি বাৰ কাষৰ চকীখনত। তেতিয়াও টিং টিং কৈ ৰৈ ৰৈ এটা বিষৰ অনুভৱ ভৰিখনত হৈয়েই আছিল।

বহুসময় ক'লৈকো এখোজোঁ উঠি নোযোৱাকৈ তেনেকৈয়ে বহি ইটো সিটো কাম কৰি থাকিলোঁ।

দহ বাজি যোৱাৰ লগে লগে গাৰ্গী বৰবৰুৱাৰ নম্বৰটো উলিয়াই ল'লো। খুব জনপ্ৰিয় এগৰাকী পুৰণি অভিনেত্ৰী গাৰ্গী বৰবৰুৱা। প্ৰতিটো চৰিত্ৰৰে দুৰ্দান্ত অভিনয় কৰে তেওঁ।

মনত পৰিল এটা চৰিত্ৰৰ কথা। চিনেমাখনৰ নামটো পাহৰিছো। তেখেতে অভিনয় কৰিছিল এগৰাকী দুখুনী বিধৱা নাৰীৰ। যাৰ বিয়াৰ কেইদিনমানৰ পিছতেই মৃত্যু হয় স্বামীৰ। দেউতাই সেইখন চিনেমা আমাক হললৈ চাবলৈ লৈ গৈছিল। কিবা ভাল অসমীয়া চিনেমা আহিলে দেউতাই আমাক দেখুৱাইছিল। মই কিজানি তেতিয়া ক্লাছ চেভেন মানত পঢ়ো। ভনী দুজনী একেবাৰে সৰু। চিনেমাখনৰ দুটামান দৃশ্যত গোটেই হলৰ মানুহে উচুপি কান্দিছিল। মায়েও! দেউতায়ো- 'ইচ ইচ দেখিছানে বাৰু এইহেন ছোৱালীজনীৰ এনেকুৱা হ'ব লাগে নে ' বুলি গোটেই সময়খিনি দুখ কৰি আছিল। ওঁঠৰ কাষেৰে এটি হাঁহি বাগৰি গ'ল মোৰ।

ফোন বাজিল। বাজি বাজি ৰিং বন্ধ হ'ল। নুঠালে তেওঁ। হয়তো ব্যস্ত! লগে লগে কল নকৰি প্ৰায় দহ পোন্ধৰ মিনিট ৰৈ আকৌ কল কৰিলোঁ মই। এইবাৰ ফোনটো ৰিচিভ কৰিলে তেওঁ

: হেল্ল'।

খুব বিৰক্তিৰে যেন ফোনটো উঠাইছে।

: গুড মৰ্ণিং গাৰ্গী বাইদেউ। মই কৃষ্ণাক্ষী বৰুৱাই কৈছোঁ 'অসম Daily' নিউজ চেনেলৰ পৰা।

: মই অলপ ব্যস্ত হৈ আছোঁ। অকনমান দেৰিকৈ কল কৰিবা।

: চৰী বাইদেউ। মই কেইবজাত..

কিবা এটা ক'বলৈ লওঁতেই ফোন ৰাখিলে তেওঁ।

দৰ্শকৰ কাৰণেইতো এওঁলোক তাৰকা হৈ পৰে আৰু তাৰকা হোৱাৰ পিছত দৰ্শকৰ বাবেই হৈ পৰে সময়ৰ অভাৱ। ব্যস্ত হ'ব পাৰে! কিন্তু কথাৰ সুৰ এনেকুৱা কিয়? এইবাৰ পূৰা দুই ঘণ্টাৰ পিছত মই তেখেতলৈ আকৌ ফোন লগালোঁ

: গাৰ্গী বাইদেউ মই কৃষ্ণাক্ষী। 'অসম Daily' ৰ পৰা। আপুনি দেৰিকৈ ফোন কৰিবলৈ কৈছিল যে! সেয়ে...

: দেৰিকৈ মানে আবেলি সময়ত ফোন কৰিবলৈ কৈছিলোঁ। উপায় নাই আৰু! এনিৱে' কোৱাচোন।

মই জানিছিলোঁ তেখেত কোনোপধ্যেই মান্তি নহ'ব। তথাপি মই ক'ব লাগে বাবেই যেন ক'লো

: আমাৰ চেনেলত দুপৰীয়া তিনি বজাত এটা অনুষ্ঠান সম্প্ৰচাৰ হয় বাইদেউ। নাৰী বিশেষ অনুষ্ঠান। সেই অনুষ্ঠানটোলৈ আপোনাক নিমন্ত্ৰণ জনাবৰ বাবে কল কৰিছিলোঁ।

: আগতেও বহুবাৰ কল আহিছে এই চেনেলৰ পৰা। মই নোৱাৰিম। খুব ব্যস্ত হৈ আছোঁ।

: বাইদেউ আপুনি আহিলে আমি সুখী হ'লো হয়। সোতৰ ডিচেম্বৰ তাৰিখে আইদেউ সন্দিকৈৰ মৃত্যু দিন। সেই দিনৰ লগতে সংগতি ৰাখি আমি অনুষ্ঠানটোৰ আয়োজন কৰিব খুজিছিলোঁ।

নাজানোঁ কিয় মোৰ মুখেৰে ওলাই আহিল এইষাৰ কথা। তেজস্বীনি বায়ে কোনো বিশেষ অনুষ্ঠানৰ কথা কোৱা নাছিল মোক। অলপ দেৰিৰ আগতে কিবা এটা চিনেমা বিষয়ক লেখা প্ৰস্তুত কৰিবলৈ লওঁতেই এই তথ্য পাইছিলোঁ বাবেই চাগৈ ঘপকৈ ইয়াকে মনলৈ আহিল।

মানুহগৰাকীক মান্তি কৰাবলৈকে যেন মই আশ্ৰয় ল'লো এই কথাৰ। মনে মনে ভাবিলোঁ, এগৰাকী অভিনেত্ৰীয়ে নিশ্চয় আইদেউ সন্দিকৈৰ মৃত্যু দিনত অনুষ্ঠিত কৰা অনুষ্ঠান এটাৰ বাবে না কৰিব নোৱাৰে। কিন্তু মোক মিছা প্ৰমাণিত কৰি মানুহগৰাকীয়ে আগতকৈও দুগুণ বিৰক্তিৰ সুৰেৰে কৈ উঠিল

: আঃসা। কৈছোঁতো কোনোপধ্যেই নোৱাৰিম। আৰু এতিয়া এই চেনেলে চেনেলে গৈ ইণ্টাৰভিউ দি থকাৰ সময় আৰু মন এটাও মোৰ নাই। 

তেওঁৰ কথাৰ সুৰ একেবাৰেই ভাল নালাগিল মোৰ। ফোনটো ৰাখিব খুজিলে তেওঁ। এইবাৰ বৰ লাহে লাহে ক'লো মই

: আপোনাৰ এটা ইণ্টাৰভিউ চাইছিলোঁ বাইদেউ। য'ত আপুনি পীড়িত মহিলাসকলৰ দুৰৱস্থাৰ বিষয়ে কৈ খুব দুখ কৰিছিল। দুখ কৰিছিল ডাইনী সন্দেহত হত্যা কৰা সেই মহিলাখিনিৰ বাবে। আৰু আপোনাৰ প্ৰতিটো কথাই নাৰী সৱলীকৰনৰ বিষয়েই হয়। তদুপৰি আইদেউ সন্দিকৈৰ মৃত্যু দিনৰ লগত সংগতি ৰাখি কৰা এটা অনুষ্ঠানৰ বাবে আপুনি না কৰিব বুলি একেবাৰেই ভবা নাছিলো বাইদেউ। তথাপি আপোনাৰ ওচৰত সময় নাই যেতিয়া কিনো কৰিব পৰা যায়!

এইবাৰ মানুহগৰাকী যেন খন্তেক তভক মাৰি ৰ'ল আৰু কেইমুহূৰ্তমান নীৰৱতাৰ পিছত এটা কোমল সুৰেৰে কৈ উঠিল

: কেতিয়া আছে বাৰু অনুষ্ঠানটো? সোমবাৰৰ আগত কিন্তু মোৰ সময় নহব দেই। লাইভৰ সময়তো মই গৈ নাপাম। ৰেকৰ্ডিং হ'লে হে পাৰিম।

মোৰ মুখেৰে এটি আনন্দৰ হাঁহি ওলাই আহিল।

: সোমবাৰৰ বাবেই ৰাখোঁ তেন্তে বাইদেউ। সময়তো আপুনিয়েই কওকচোন ।

: আবেলি চাৰি বজাৰ সময় ৰাখা। আৰু এটা কথা! মই পাৰ্চনেল গাড়ী লৈ নাযাওঁ। জাপৰিগোগৰ মোৰ ফ্লেটলৈ গাড়ী পঠিয়াব লাগিব।

: ঠিক আছে বাইদেউ। আমি চেনেলৰ গাড়ী পঠিয়াই দিম। আপোনাক অশেষ ধন্যবাদ।

ফোনটো ৰাখিলো। ঘূৰি চাই দেখোঁ পিছফালে ৰৈ আছিল তেজস্বীনি বা। এতিয়াহে গম পালোঁ।

: বা তেওঁ আহিব।
উৎফুল্লিত হৈ ক'লো মই।

: শুনিলোঁ। আৰু তুমি কেনেকৈ তেওঁক মান্তি কৰালা সেয়াও শুনিলোঁ।

: তেওঁ কোনোপধ্যেই মান্তি নোহোৱাৰ বাবেই এনেকৈ ক'বলগীয়া হ'ল বা।

: ৱেল দান কৃষ্ণাক্ষী। আৰু শুনা, এতিয়াহে মই ভাবিছোঁ আমিতো আইদেউ সন্দিকৈৰ লগত সংগতি ৰাখিয়েই সোতৰ তাৰিখৰ অনুষ্ঠানটো কৰিব পাৰোঁ। মহিলা বিশেষ অনুষ্ঠান এটাৰ বাবে ইয়াতকৈ ভাল কথা কি হ'ব পাৰে! তেওঁ সোমবাৰেই ৰেকৰ্ডিঙলৈ আহক বাৰু কিন্তু সোতৰ তাৰিখেহে অনুষ্ঠানটো সম্প্ৰচাৰ হ'ব। সেইটো অনুষ্ঠানৰ এংকৰিঙো তুমি কৰিবা। 

মোৰ বাহুত মৰমেৰে চুই আঁতৰি গ'ল তেওঁ। 

ঘড়ীলৈ চালোঁ। ডিউটি শেষ হ'বলৈ আৰু দুঘণ্টা আছে। আজি দেৱাশ্ৰী বাৰ জন্মদিনৰ পাৰ্টি। ৰাতিলৈ ৰূমতে সৰুকৈ পাতিব খুজিছে তাই। মানুহ বুলিবলৈ প্ৰিয়ম্বদা, মই, সাগ্নিক আৰু দেৱাশ্ৰী বাৰ বয়ফ্ৰেণ্ড হিমাংশুৰ লগতে কাষৰ পাৰ্টৰ অবিনাশ নামৰ বেংকত চাকৰি কৰা ল'ৰাজন। ৰাতিৰ ভাতসাজ খোৱাকৈ মাতিছে সকলোকে।

দুই বজাৰ লগে লগে অফিচৰ পৰা ওলালোঁ মই। ভৰিখনৰ বিষটো কমিছিল যদিও সম্পুৰ্ণকৈ শেষ হোৱা নাছিল। নিৰ্দিষ্ট সময় এটাৰ মূৰে মূৰে দোপ একোটা দি দিয়েই অটো এখনত বহিলোঁগৈ। 

গণেশগুৰিৰ বজাৰতে দেৱাশ্ৰী বাৰ বাবে এটা ধুনীয়া কুৰ্তা কিনিলো। প্ৰিয়ম্বদা আৰু মই লগ হৈ দল-দোপ নামৰ বেকাৰীখনত এটা সৰু কেকৰ অৰ্ডাৰ দিছিলোঁ। সেইটো লৈ ৰূম পালোহি। মায়ে ফোন কৰিলে। অফিচৰ পৰা আহি পোৱাৰ সময়ত সদায়েই ফোন কৰে তেওঁ। মাৰ ফোনটো ৰাখিয়েই সাগ্নিকলৈ মেছেজ কৰিলোঁ

: মই ৰূম পালোঁহি দেই। আপুনি লাঞ্চ কৰিলেনে? গধূলি লগ পাম। ভৰিখন এতিয়া অথনিতকৈ যথেষ্ট ভাল। চিন্তা কৰি নাথাকিব। 

কাপোৰযোৰ সলায়েই ডাঙৰ বাতি এটাত ঠাণ্ডা পানী লৈ তাৰ ওপৰত পাত্ৰ এটাত কেকটো থলোঁ। বেকাৰীৰ  মানুহজনে কেকটো ফ্ৰীজত থ'বলৈ কৈছিল। নহ'লে ঠাণ্ডা দিন হ'লেও ৰাতিলৈকে বন্ধ কোঠাৰ ভিতৰত গলি যাব পাৰে। ক'ত আৰু ফ্ৰীজ পাওঁ!

এনেকৈয়ে হোষ্টেলীয়া ফ্ৰীজৰ ব্যৱস্থা কৰি লৰালৰিকৈ দেৱাশ্ৰী বাৰ ৰূম পালোঁগৈ। ৰূমতে আছিল তাই। ছুটী লৈছে আজি। খোলা দুৱাৰেৰে সোমাই গ'লো মই। প্ৰিয়ম্বদা আৰু দেৱাশ্ৰী বা দুয়োজনী লগ হৈ খৰাহী এটাতে পিয়াজ আদা নহৰুৰ বাকলি গুচাই আছিল। দেৱাশ্ৰী বালৈ বুলি কিনি অনা কুৰ্তাটো তাইৰ হাতত দিলো। 

: মোৰ ফালৰ পৰা এইটো বাৰ্থডে গিফ্ট দেই দেৱাশ্ৰী বা।

: ৱাও! ঠেংক্স কৃষ্ণা। এইটো আজি ৰাতিয়েই পিন্ধিম ৰ।

মুহূৰ্ততে উৎফুল্লিত হৈ পৰিল তাই। সৰু সৰু কথাতে সংঘাটিক ধৰণেৰে সুখী হৈ উঠে ছোৱালীজনী। 

: মাংসখিনি ময়েই ৰান্ধিম দিয়া দেৱাশ্ৰী বা।

পাকঘৰলৈ পানী এগিলাচ ল'বলৈ গৈ ৰিঙিয়াই ক'লো তাইক।

: ঠিক আছে দে মাংস তয়েই ৰান্ধিবি। মই মাছখিনি ৰান্ধিম আৰু প্ৰিয়ম্বদাই চালাড কৰিব। 

সাতমান বজালৈ আমাৰ ৰন্ধা হৈ গৈছিল। হিমাংশু আৰু অবিনাশ আহি পাইছিল। সাগ্নিক ৰাস্তাতে আছিল। প্ৰায় বিশ মিনিটমান লাগিব বুলি জনাইছিল মোক। পানীত থৈ দিয়া কেকটো এপাকত লৈ আহিলোগৈ মই। আহোঁতে মাংস ৰন্ধা কাপোৰসাজ খুলি বেলেগ এসাজ কাপোৰ পিন্ধি চুলিখিনি আঁচুৰি আহিলোঁ।

সকলো আছে। প্ৰিয়ম্বদা, দেৱাশ্ৰী বা, হিমাংশু, অবিনাশ। তথাপি তেওঁ আহি নোপোৱাৰ বাবেই কিবা খালি খালি লাগি আছে। কিয় যে এনেকুৱা হয়!

টেবুল এখনতে কেকটো থৈ মম দুডালমান খুচি দিলোঁ। প্ৰিয়ম্বদাই বেলুনৰ পেকেট এটা আনিছিল। হিমাংশু আৰু তাই লগ হৈ বেলুনখিনি ফুলাই চেল' টেইপ এটাৰে বেৰখনত লগালে। কাগজ এখনত ৰং পেঞ্চিলেৰে প্ৰিয়ম্বদাই 'হেপী বাৰ্থডে দেৱাশ্ৰী' বুলিও লিখি আনিছিল। কেকটো সজোৱা টেবুলখনৰ সন্মুখৰ দেৱালখনতে সেইখন আঠা লগাই দিলে তাই। এজনী সৰু ছোৱালীৰ দৰে গোটেই কামবোৰ কৰি ফুৰিছে প্ৰিয়ম্বদাই।

মই দিয়া কুৰ্তিটো পিন্ধি সাজু হৈ দেৱাশ্ৰী বা ৰূমৰ বাহিৰ হ'ল। তাইক দেখি স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিল মুখৰ পৰা

: ৱাও! কি যে মৰম লাগিছে তোমাক বা।

ইতিমধ্যে সাগ্নিকো আহি পাইছিল। আহিয়েই দেৱাশ্ৰী বাক যন্ত্ৰবৎ জন্মদিনৰ শুভেচ্ছা জনায়েই ইচ আচকৈ বহি পৰিল মোৰ দুখ পোৱা ভৰিখনৰ কাষত। 

: ক'ত দুখ পালা কৃশ্বু?

আলফুলে, বৰ মৰমেৰে, কোমলকৈ স্পৰ্শ কৰিলে বেণ্ডেজ কৰি থোৱা ভৰিৰ সেই অংশ। বিষ প্ৰায় নাইকিয়াই হৈছিল। যিখিনি বিষ বাকী ৰৈছিল সেয়া চাগৈ এই স্পৰ্শৰ বাবেই ৰৈ গৈছিল। তেওঁ হাত ফুৰোৱাৰ লগে লগেই যেন নিমিষতে নাইকিয়া হ'ল সেই বিষ। 

এইবাৰ দেৱাশ্ৰী বায়ে কৈ উঠিল

: আমাক কোৱা নাছিলি কিয় কৃষ্ণা? আমি এবাৰলৈও গম নাপাও তই আঙুলিত দুখ পালি বুলি। 

: সামান্য উজুটি খাইছিলোঁ দেৱাশ্ৰী বা। এতিয়া একদম ঠিক আছোঁ ।

কৈয়েই কেকৰ ওপৰত থকা মম দুডাল জ্বলাই দিলোঁ মই। জ্বলি উঠা মম দুডালৰ সন্মুখত ৰৈ আইচিং কেকটোত প্লাষ্টিকৰ চুৰিখন বহুৱালে তাই। কেকটো কাটি সকলোকে খুৱাই দি দেৱাশ্ৰী বায়ে আৱেগেৰে কৈ উঠিল

: ঠেংক ইউ ... জন্মদিনত প্ৰথমবাৰ ঘৰৰ পৰা দূৰত আছোঁ। কিন্তু মোৰ এবাৰো অনুভৱ নহ'ল যে মই ঘৰত নাই। মোৰ জীৱনলৈ অহাৰ বাবে সকলোকে অশেষ ধন্যবাদ।

প্ৰিয়ম্বদা আৰু মই সাবটি ধৰিলোঁ তাইক। 
বৰ মৰমেৰে। 

সাগ্নিকে দেৱাশ্ৰী বাৰ বাবে এটা খুব ধুনীয়া লেডাৰৰ হেণ্ডবেগ আনিছিল। বেগটো তাইৰ হাতত দি মোৰ কাষত ৰ'লহি তেওঁ। আজি অহাৰ পৰাই অন্যমনস্ক হৈ আছে মানুহজন। 

: তোমাক এটা বস্তু দিবলৈ আছে কৃশ্বু।
: কি বস্তু?
: গাড়ীত আছে। যাবৰ সময়ত দিম।

খাই বৈ আজৰি হ'ল সকলো। বৰ ধুনীয়াকৈ পাৰ হ'ল গোটেই গধূলিটো। অবিনাশ ইতিমধ্যেই গৈছিলগৈ। সাগ্নিকো যাবলৈ ওলাল। সকলোকে মাত লগাই মোৰ কাষলৈ আহি ক'লে তেওঁ

: অকণমান গাড়ীলৈকে আহিবা নে কৃশ্বু ?

তেওঁৰ লগতে ওলাই আহিলোঁ মই। এঘাৰ বাজিছে। গেইটৰ বাহিৰত ৰখাই থোৱা তেওঁৰ গাড়ীখনত নিয়ৰৰ এটা বগা চামনি পৰিছিল। বৰ ঠাণ্ডা পৰিছে। মই পিন্ধি থকা পাতল চুৱেটাৰটোৱে যেন আঁতৰাব পৰা নাই সেই ঠাণ্ডা।

গাড়ীৰ ভিতৰত বহি পৰিলোঁ দুয়ো। পিছফালৰ ছিটটোৰ পৰা তেওঁ কিবা এটা পেকেট উলিয়ালে। পেকেটটো খুলি মোৰ হাতত তুলি দিলে এখন ডায়েৰী। 

গাড়ীৰ ভিতৰৰ লাইটটো জ্বলাই দিলে তেওঁ।

পাত লুটিয়ালোঁ ডায়েৰীখনৰ। পৃষ্ঠাবোৰত মোৰ ফটো। আৰু কিছুমান তেওঁ বিভিন্ন ঠাইত তোলা তেওঁৰ প্রিয় ফটোবোৰৰ ক'লাজ। কোনোবাখন ফটোৰ তলত দুটামান গানৰ কলি, কোনোবাখনত ইংলিছ বা অসমীয়া কবিতাৰ একোটা শাৰী। পাত লুটিয়াই গ'লো মই।

এটা পৃষ্ঠাত উমলিঙত মই মেগী খাই থাকোঁতে তোলা এখন ফটো আৰু ঠাণ্ডাত দুয়োহাত মোহাৰি থকা এখন ফটোৰ ক'লাজ। কাষৰ পৃষ্ঠাত সূৰ্যাস্ত চাই থকা সময়ত আমি দুয়ো উঠা এখন ফটো। তাতেই খেলি থকা ল'ৰা এজনক মাতি আনি তুলিবলৈ দিছিল সেইখন। তাৰ তলতে দুটামান শাৰী

" চিনাকি পাহাৰৰ সীমনাত 
তুমি মই আৰু এটা আলফুলীয়া গধূলি।
বতাহৰ গুঞ্জনত ক'ৰবাত ফুলিছে 
এমুঠি বনৰীয়া ফুল।

কেতিয়াবা তুমি, মই আৰু বৰষুণজাক
কেতিয়াবা কেৱল তোমাৰ নামতেই এজাক বতাহ।
মৰমবোৰ ফুলে এনেকৈয়ে 
সুৰুয গলা গধূলিত।"

ডায়েৰীখন হাতত লৈ আবেগিক হৈ পৰিলোঁ মই। মাত্ৰ দুটা শব্দ ওলাই আহিল মুখেৰে

: ইমান ধুনীয়া! 

আকৌ পাত লুটিয়াবলৈ লওঁতেই কৈ উঠিল তেওঁ

: এতিয়া এইখন থোৱা। ৰূমলৈ গৈ লাহে ধীৰে চাবা।

হঠাৎ যেন গহীন হৈ পৰিছে তেওঁৰ কণ্ঠস্বৰ।

অকণমান কাষ চাপি দুহাত মেলি সাবটি ধৰিলোঁ তেওঁক। 
আঃ এই সুগন্ধি!
ইমান ভাললগা!

কিন্তু তেওঁ যেন আজি নিৰ্লিপ্ত হৈ ৰৈছে। প্ৰাণস্পন্দনহীন মানুহৰ দৰে। বিৰবিৰাই উঠিল

: বহুত ৰাতি হ'ল। যোৱাগৈ কৃশ্বু।

লাহে লাহে এৰুৱালো তেওঁৰ গাত মেৰিয়াই ৰখা দুহাত আৰু গাড়ীৰ দুৱাৰ জপাই উচ্চাৰি উঠিলোঁ

: গুড নাইট। ভালকৈ যাব।

গুচি গৈছিলগৈ তেওঁ।
প্ৰথমবাৰলৈ মই চৌহদৰ ভিতৰ নোসোমোৱাকৈয়ে উভতি গৈছিলগৈ তেওঁ।

© গায়ত্ৰী

(আগলৈ)

(আগৰ খণ্ডৰ লিংক)

https://www.facebook.com/groups/917699648365704/permalink/2283726815096307/

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ

সূৰ্যফুলৰ দেশলৈ -খণ্ড 2