#সূৰ্যফুলৰ_দেশলৈ
খণ্ড ২৫
দেওবাৰ।
বিশেষ ব্যস্ততা নাই। নৱেম্বৰৰ শেষৰ ভাগ। ঠাণ্ডাৰ এটা পাতলীয়া আৱেশে মেৰিয়াব খোজে। ৰাতিপুৱা সোনকালে উঠিবলৈ মন নোযোৱা সময়। বন্ধৰ অচিলা লৈ আজি শোৱাৰ পৰা অকণমান দেৰিকৈয়ে উঠিলোঁ। বহুদেৰি বিছনাতে কেৰমেৰকৈ থাকি ঘড়ীলৈ চাই দেখোঁ দহ বাজিবৰ হ'ল।
চেন্ডেল চোঁচৰাই অলসতাৰে ৱাশ্বৰুমলৈ সোমালো। অকণমান ৰ'দত বহিবৰ মন গৈছে। চাহ একাপ গেছত বহাই দি গাৰুবোৰৰ গিলিপ খুলিলোঁ। চকী এখন হাতলত ধৰি চোঁচৰাই নি একেবাৰে চোতাল পোৱালোঁগৈ। ৰ'দৰ ফালে চকীখন মুখ কৰি দি গাৰু দুটা আনি তাতে থ'লোঁ।
চাহৰ উতল আহিছিল। লৰালৰিকৈ চাহকাপ বাকী ৰ'দ পৰা চিৰিকেইটাতে বহি সাগ্নিকলৈ এটা মেছেজ লিখিলোঁ
: গুড মৰ্ণিং... উঠক আৰু। দেওবাৰ বুলি কিমাননো শোৱে!
তিনিটা চুমাৰ ইম'জিৰে মেচেজটো পঠিয়াই ফোন থৈ চাহত চুমুক দিছিলোঁ মাত্ৰ। এটা অচিনাকী নম্বৰেৰে ফোনটো বাজিল। নম্বৰ চিনি নাপালে সাধাৰণতে ফোন ৰিচিভ কৰিবলৈ অকণমান অসুবিধা পাওঁ। ফোনটো চাইলেণ্ট কৰি আঁতৰাই থ'লোঁ। সেই কলটোৰ ৰিং শেষ হোৱাৰ লগে লগেই এটা লেণ্ডলাইন নম্বৰেৰে ফোনটো আকৌ বাজি উঠিল। গুৱাহাটীৰ ক'ড। এইবাৰ ফোনটো ৰিচিভ কৰিলোঁ মই। লগে লগে এটা সুন্দৰ কন্ঠেৰে এগৰাকী যুৱতীয়ে কৈ উঠিল
: এম আই স্পীকিং টু কৃষ্ণাক্ষী বৰুৱা?
: য়েছ দিছ ইজ কৃষ্ণাক্ষী...
: মই 'অসম Daily' নিউজ চেনেলৰ পৰা কৈছোঁ। কাইলৈ চাৰে দহ বজাত ইণ্টাৰভিউৰ বাবে কনফাৰ্ম কৰিবলৈ এইটো এটা ৰিমাইণ্ডাৰ কল মেম।
আচৰিত হ'লো। কোনো ইণ্টাৰভিউৰ খবৰতো নাপাওঁ মই! কোনো ইণ্টাৰভিউৰ বাবে মোলৈ কল বা মেছেজ অহাই নাই। হয়তো তেওঁলোকৰ কিবা ভুল হৈছে। যুৱতীগৰাকীক বিনম্ৰতাৰে ক'লো
: ক্ষমা কৰিব। আপোনাৰ কিবা ভুল হৈছে চাগৈ। মোলৈ ইণ্টাৰভিউৰ বাবে কোনো কল অহা নাই। এতিয়া হে মই শুনিলোঁ ইণ্টাৰভিউটোৰ কথা।
: মেম আজি চাৰি পাঁচ দিনৰ পৰা আপোনালৈ ফোন কৰাৰ চেষ্টা কৰি থকা হৈছে। কিন্তু প্ৰতিবাৰেই ফোন চুইটছ অফ দেখুৱায়। আমি টেক্সট মেছেজ আৰু ৱাটচ এপতো মেছেজ পঠিয়াইছোঁ। ৱাটচ এপত আপোনাৰ মেছেজ চিন হৈছে। কিন্তু আপুনি ৰিপ্লাই কৰা নাই। এনিৱে', আপুনি কাইলৈ চাৰে দহ বজাত পোৱাকৈ আহিব পাৰিব নে?
: মই নিশ্চয় আহিম। আপোনাক অশেষ ধন্যবাদ আৰু ভুল বুজাবুজিৰ বাবে এক্সট্ৰিমলি চৰি...
: ন' ইশ্ব্যু মেম। হেভ আ গ্ৰেইট ডে'।
ফোন থ'লে যুৱতীগৰাকীয়ে। ফোনটো থৈ মই বুজিবলৈ চেষ্টা কৰিলোঁ কি হৈছে? মইতো সদায়েই অফিচত ফোন ৰাখি দিনটোৰ বাবে ওলাই যাওঁ। ৰাতিপুৱা দহ বজাত বন্ধ কৰা সেই ফোনৰ চুইটছ খোল খায় আবেলি প্ৰায় ছয় বজাত। তেনেস্থলত কেনেকৈ চিন হয় মোৰ ৱাটচ এপৰ মেছেজ? কেনেকৈ নোহোৱা হয় মোলৈ অহা মেছেজবোৰ?
হঠাৎ যেন কিবা এক শক্তিয়ে মোক জোকাৰি দিলে ভিতৰৰ পৰা। ফোনত মোৰ লক নাই। এক অটল বিশ্বাসেৰে বন্ধ কৰি 'হেপী ইণ্ডিয়া'ৰ পৰ্দাৰ সিপাৰৰ টেবুলত ৰাখি থৈ যোৱা সেই ফোনৰ চুইটছ দিনত খোল খাই নেকি?
ইণ্টাৰভিউৰ বাবে অহা সেই মেছেজ মোহাৰি পেলায় নেকি মানুহহালে?
পঢ়ি পেলায় নেকি সাগ্নিক আৰু মোৰ মাজত হোৱা প্ৰেমময় কথা বতৰা!
ভৰিৰ তলৰ মাটি যেন আতঁৰি গৈছিল।
কি কৰো?
কি কৰা যায় এতিয়া?
ইমানদিনে এনেকুৱা কিমান মেছেজ আহিছিল যি সেই মানুহহালে মই নথকাৰ সুযোগ লৈ চুইটছ খুলি মোহাৰি পেলাইছে?
যি সপোন পূৰ কৰিবলৈ প্ৰতিদিনে মই কিতাপ বিক্ৰী কৰিছোঁ, যি জীয়া সপোনৰ বাবে হাতত এবোজা কিতাপ বা বিষৰ তেল লৈ দোকান, বজাৰ, ৰাস্তাই ঘাটে ঘূৰি ফুৰিছোঁ সেই সপোনৰ বাটত কোনো বাধাই মই কেতিয়াও সহ্য নকৰোঁ।
এই চাকৰি মই কোনোপধ্যেই কৰিব নোৱাৰোঁ। চাকৰিটো কৰাৰ নামত কোনো কাৰণতে মই সপোনৰ জলাঞ্জলি দিব নোৱাৰোঁ।
এক প্ৰচণ্ড খং নে দুখে মুহূৰ্ততে মোৰ অন্তৰাত্মাক
গ্ৰাস কৰি আনিলে। এটা বিষাক্ত ফেঁটীসাপৰ দৰে ফনা মেলি উঠিছে ভিতৰৰ সেই অনুভৱে।
ঘপকৈ বহাৰ পৰা থিয় হ'লো। মাত্ৰ কেইমিনিটমানৰ আগতে গাৰু ৰ'দাবলৈ বাহিৰ কৰা সেই চকী ক্ষণিকতে টানি আনি ৰূম পোৱালোহি মই। ৰ'দাবলৈ লোৱা গাৰুকেইটা বিচনালৈ প্ৰায় দলিয়াই থোৱাৰ দৰে থৈ আলনাৰ পৰা কাপোৰ এযোৰ আঁজুৰি আনিলোঁ। কাপোৰসাজ পিন্ধি কাগজ কলম উলিয়াই টেবুলত বহি এখন ৰেজিগনেশ্যন লেটাৰ লিখিলোঁ। তাত মই লিখা নাছিলোঁ মোৰ ব্যক্তিগত অসুবিধাৰ বাবে অফিচটো এৰিব লগাৰ কথা। সেই কাগজত মই বৰ স্পষ্টকৈ লিখি পেলাইছোঁ তেওঁলোকৰ অবিশ্বাসী ব্যৱহাৰৰ বাবেহে অফিচটো এৰাৰ কথা।
মোটোকাই ভাঁজ এটা কৰি কাগজখন হেণ্ডবেগটোতে ভৰাই গপগপাই কোঠাৰ বাহিৰ হ'লো। মোৰ সাংঘাতিক খং উঠিছে। খং শব্দটোৰ ব্যৱহাৰ মোৰ জীৱনত বৰ কম। কিন্তু বিশ্বাসৰ অপমৃত্যু ঘটিলে মই বৰ দুখ পাওঁ। সেয়া লাগিলে কোনো সম্বন্ধতেই হওক বা কোনো কথাতেই হওক। বিশ্বাসৰ মূল্য দিব নজনা মানুহ কেতিয়াও ক্ষমাৰ যোগ্য নহয়।
যিদিনা মই এই চাকৰিটোত জইন কৰিছিলোঁ সেই দিনটোৰ পৰা আজিলৈকে এটা দিনো মই অফিচটোৰ কোনো কামত ফাঁকি দিয়া নাই। আখৰে আখৰে মানিছোঁ মানুহহালৰ প্ৰতিটো কথা। ভাত খাবলৈ বাধা দিয়া দিনটোৰ পৰা আজিলৈকে কোনোদিনেই বস্তু বিক্ৰী কৰোঁতে দিনত ভাত খাই পোৱা নাই। কোনোদিন ৰুটি, কোনোবাদিনা মেগী খায়েই এই কেইটা মাহ কটাই দিছোঁ। মেনেজমেণ্টৰ ছাত্ৰী বুলি মিছা কথা কৈ বস্তু বিক্ৰী কৰিছোঁ।
তাৰ পিছতো?
তাৰ পিছতো কৰিব পাৰেনে এনে কাণ্ড?
কৰিব পাৰেনে এনে অন্যায়?
এটা ভাল চাকৰি এটা নাপালে ওৰে জীৱন এই কাম কৰি পাৰ কৰি দিবলৈকো প্ৰস্তুত মই। কিন্তু এনে এটা নীচ কাম কৰাৰ পিছত এই মানুহহালৰ লগত কোনোপধ্যেই মই চাকৰিটো কৰি থাকিব নোৱাৰোঁ।
ৰ'দ বাঢ়ি আহিছে। খঙৰ বাবেই নে কি নাজানোঁ এই নৱেম্বৰ মাহতো প্ৰচণ্ড গৰম উঠিছে মোৰ। তথাপি যেন মোৰ খোজ নৰ'ল। এখন ৰিক্সা মাতি বহি পৰিবলৈকো যেন মোৰ দুভৰিয়ে এক মিনিট সময়ো ৰ'বলৈ নুখুজিলে। অকণমান সময় এখন ৰিক্সাৰ বাবে ৰৈ দিলেই যেন খুব দেৰি হৈ যাব এনে এটা ভাৱেৰে ৰ'দচেৰেঙাৰ মাজেৰে খৰ খোজেৰে গৈ থাকিলোঁ মই। সাধাৰণতে লগত থকা ছাতিটোও আজি নাছিল।
ৰঙা পৰিলোঁ গোটেই মানুহজনী। ঘামেৰে তিতি তেনেই জুৰুলি জুপুৰি দিলোঁ। গণেশ মন্দিৰৰ ওচৰ পাইছোঁহি। ভিতৰলৈ নোসোমোৱাকৈ সন্মুখ ভাগৰ পৰাই ঈশ্বৰৰ চকুলৈ চালোঁ। চকু মুদা নাই আজি। নাজানো দুচকুৱে মোৰ কি ক'ব খুজিছিল, নাজানোঁ ঈশ্বৰে বুজিছে নে নাই দুচকুৰ এই ভাষা! তথাপি মই চাই ৰ'লোঁ একেথিৰে আৰু লাহে লাহে কৈ উঠিলো
: শক্তি দিয়া প্ৰভূ। মোক শক্তি দিয়া।
একেই গতিৰে খোজ পেলাই গ'লিটোৰে সোমাই গ'লো। মই নাজানোঁ আজি বন্ধৰ দিনত মানুহহাল ক'ত থাকে। তথাপি ভাবিলোঁ যিহেতু এইটো মানুহগৰাকীৰেই ঘৰ, গতিকে মানুহজন নাথাকিলেও মানুহগৰাকী ঘৰত থাকিবই। তেওঁৰ বাবে সদায় কৰি অহা সেই সমীহৰ ভাৱ নিমিষতে নোহোৱা হৈ তাৰ ঠাই লৈছিল এক প্ৰচণ্ড খঙে।
দুপদুপাই গৈ গেইটৰ শলখাত হাত দিবলৈ লৈ দেখোঁ মানুহহাল আৰু এজনী প্ৰায় তিনি বছৰ মান বয়সৰ কণমানি ছোৱালীয়ে চোতালতে হাঁহি হাঁহি বহি আছে। মানুহগৰাকীৰ পিন্ধনত এটা নাইটি আৰু মানুহজনৰ পিন্ধনত এটা হাফপেন্ট আৰু টি চাৰ্ট।
উচপ খাই উঠিলোঁ মই। মানুহগৰাকীক সদায় 'মেডাম' বুলি সম্ভ্রমেৰে সম্বোধন কৰা মানুহজনে এবাৰ কিবা কথা প্ৰসংগত কৈছিল ইয়াৰ পৰা প্ৰায় দুঘৰ এৰি তেওঁৰ ঘৰ। তেওঁৰ এখন বেলেগ সংসাৰ থকাৰ কথা আৰু ইয়াত যে তেওঁ আমাৰ দৰেই মাত্ৰ এটা চাকৰিহে কৰি আছে সেই কথাও জনাইছিল আমাক। কিন্তু আজিৰ এই পৰিৱেশ সম্পূৰ্ণ বেলেগ। প্লেট এখনৰ পৰা এটা কমলা হাতত লৈ এফুট এফুট কৈ উলিয়াই ছোৱালীজনীৰ মুখত গুঁজিছে মানুহজনে। মাজে মাজে তাৰে এফুটা গুঁজিছে সদায় মেডাম বুলি সম্বোধন কৰা সেই মানুহগৰাকীৰ মুখত। মানুহগৰাকী আজি কোমল। কঠোৰতাৰ তিলমানো আভাস নাই। এগৰাকী মৰমী পত্নী হৈ বহি ৰৈছে মানুহজনৰ কাষত।
কেইমুহূৰ্তমান সেই দৃশ্য চাই থাকি গেইটখন খুলি পেলালো মই। খটংকৈ উঠা সেই শব্দত গেইটৰ ফালে ঘূৰি চালে মানুহহালে। মোক দেখি খকমককৈ বহাৰ পৰা থিয় দিলে। মই একেকোবে গৈ মানুহহালৰ সন্মুখতে ৰ'লোগৈ। ঘটনাৰ আকস্মিকতাত কি কৰোঁ কি নকৰোঁ হৈ পৰা মানুহহালে যেন মোক কি সুধিব একো ঠিৰাং কৰিব নোৱাৰিলে। এক উপায়হীন দৃষ্টিৰে দৰক লাগি চাই ৰ'ল। অলপপৰ তেনেকৈয়ে থাকি মানুহজনীয়ে মোক কোমল স্বৰেৰে সুধিলে
: আজি দেওবাৰে ইয়াত যে কৃষ্ণাক্ষী?
: কিয়? আহিব নালাগিছিল নেকি?
: বন্ধ বা আন বেলেগ দিনত কিবা কাৰণত অফিচলৈ আহিবলগীয়া হ'লে আগতীয়াকৈ এটা খবৰ দি হে এই অফিচলৈ অহাৰ নিয়মৰ কথা বোধকৰোঁ তুমি জানিছিলা কৃষ্ণাক্ষী। আৰু এই নিয়মৰ উলঙ্ঘন কৰিলে...
কিবা এটা ক'বলৈ লৈছিল তেওঁ। শেষ কৰিবলৈ নিদিয়াকৈয়ে প্ৰায় চিঞৰি উঠিলো মই
: কি কৰিব? শাস্তি দিব? উলিয়াই দিব চাকৰিৰ পৰা? নে ইনছেন্টিভৰ টকা কাটিব। কওক?
মোৰ মাতত আছিল দুৰ্বাৰ খং। যি খং হয়তো তেওঁলোকৰ তলত কাম কৰা কোনো কৰ্মচাৰীৰ দুচকুত কেতিয়াও দেখা নাছিল মানুহহালে।
: তুমি মুখে মুখে উত্তৰ দিছা? পাহৰি গৈছা আমি ইচ্ছা কৰিলে এই মুহূৰ্ততে তোমাক চাকৰিৰ পৰা উলিয়াই দিব পাৰোঁ।
চিৰাচৰিত কথাৰ সুৰলৈ আহিছিল মানুহজনী। মানুহজনীৰ কথাৰ উত্তৰত প্ৰায় একেই সুৰেৰেই ময়ো কৈ উঠিলোঁ
: আৰু কি কৰিব পাৰে ইচ্ছা কৰিলে? মোবাইল খুলি মেছেজ পঢ়িব পাৰে? ইণ্টাৰভিউৰ বাবে অহা মেছেজ দিলিত কৰি থ'ব পাৰে? আৰু কি কৰিব পাৰে আপোনালোকে?
বিস্ফোৰিত নেত্ৰেৰে এইবাৰ মানুহহালে চাই ৰৈছে আৰু ধৰা পৰা চোৰৰ দৰে চুচুক চামাককৈ সৰু ছোৱালীজনীক কৈ উঠিছে
: পাৰ্লি তুমি আইতাৰ লগত খেলাগৈ যোৱা।
দৌৰ মাৰি ছোৱালীজনী আঁতৰ হোৱাৰ লগে লগে আকৌ ক'লো মই
: কি অধিকাৰত মোৰ মোবাইল চুইছিল আপোনালোকে?
গৰজি উঠিছোঁ মই।
মনে মনে ৰৈছে মানুহহাল।
: মনে মনে আছে কিয়? ক'ত পাইছিল এজনী ছোৱালীৰ অনুমতিৰ অবিহনে মোবাইলৰ চুইটছ খোলাৰ অধিকাৰ? কিয় কৰিলে এই কাম? মিষ্টাৰ এণ্ড মিছেছ গাঙ্গুলি। উত্তৰ দিয়ক। কিয় চুইছিল মোৰ মোবাইল?
মিষ্টাৰ এণ্ড মিছেছ গাঙ্গুলি সম্বোধনত দ্বিতীয়বাৰৰ বাবে উচপ খাইছে মানুহহালে।
এইবাৰ বেগৰ পৰা বাহিৰ কৰিলোঁ লিখি অনা ৰেজিগনেশ্যন লেটাৰ আৰু বৰ শান্ত সুৰেৰে মানুহগৰাকীৰ হাতত সেইখন থাপি দি কৈ উঠিলোঁ
: এয়া মোৰ ৰেজিগনেশ্যন লেটাৰ।
হাত পাতি কাগজখন মানুহগৰাকীয়ে লওঁতেই অকণমানি ছোৱালীজনী দৌৰি আহিল মানুহজনৰ ওচৰলৈ আৰু মৰমলগাকৈ বাংলাতে কৈ উঠিল
: পাপা আহাঁ না আমি খেলোঁগৈ।
এক ব্যংগাত্মক হাঁহি মাৰি মানুহজনক ক'লো
: যাওক। জীয়াৰীয়ে খেলিবলৈ মাতিছে।
গপগপাই আঁতৰি আহি গেইটৰ ওচৰ পাওঁতেই কোমল স্বৰেৰে মাত দিলে মানুহগৰাকীয়ে
: কৃষ্ণাক্ষী...
: কওক
ঘূৰি চালোঁ মই।
: তোমাৰ পাবলগীয়া পইচাখিনি লৈ যোৱা।
মানুহজনৰ হাতৰ পৰা টকা অলপ লৈ মোৰ হাতত গুঁজিব খুজিছে মানুহগৰাকীয়ে।
মই আশাও কৰা নাছিলোঁ সেই টকাৰ। তথাপি যিহেতু সেয়া মোৰ প্ৰতিদিনে ৰ'দত ঘূৰি কিতাপ বিক্ৰী কৰি পোৱা টকা গতিকে ঘূৰি গৈ টকাখিনি মই হাত পাতি ল'লো। টকাখিনি হাতত দি মানুহগৰাকীয়ে বৰ লাহেকৈ সুধিলে
: তুমি জাৰ্নেলিষ্ট?
উত্তৰ নিদিলোঁ মই। প্ৰয়োজনবোধ নকৰিলো। কিন্তু এই টকা কিয় মোৰ হাতত পৰিছেহি সেই কথা বুজিবলৈ বাকী নাথাকিল মোৰ।
ওলাই আহিলো অফিচটোৰ পৰা। মানুহহালৰ আঁৰ হৈ ঘৰটোলৈ আকৌ এবাৰ ঘূৰি চালো। কিয় জানো মোৰ এনেকুৱা লাগিল এয়া যেন এক বিদায়ৰ মুহূৰ্ত। মই ইমান বেয়াপোৱা ঠাইখিনিৰ পৰা ওলাই আহোঁতেও এক অজান শোকে বুকুত খুন্দা মাৰিলে মোৰ।
যিমানেই যি নহওক, যিমানেই এই ঠাই বেয়া নাপাওঁ কিয়; তথাপিও মোৰ হাতত মাত্ৰ বাইশ শ টকা থাকোঁতে এই চাকৰিটোৱেই মোক যোগাৰ দিছিল এসাঁজ ভাতৰ। সচৰাচৰ আমি দেখা জীৱনটোৰ বাহিৰতো যে এটা বেলেগ জীৱন থাকে, এচাম মানুহে বুকুত কেনেকৈ এখন শোকৰ সাগৰ লৈয়েই আজীৱন কটাই দিয়ে, সেই কথা মোক এই চাকৰিটোৱেই বুজালে। সহজ অৰ্থত জীৱনৰ লগত যুঁজিবলৈ শিকালে মোক এই চাকৰিটোৱে। দেৱলীনা বা, ৰুণুমা আৰু কতখন যে আপোন মুখে পলকতে অগা দেৱা কৰিলে মোৰ চকুৰ সন্মুখত।
ফোনটো বাজিল। দেউতাৰ ফোন। ফোনটো ৰিচিভ কৰোঁতেই দেউতাই সুধিলে
: ভাত ৰান্ধিছনে আইজনী?
: নাই।
: কি হ'ল মা? মনটো বেয়া নেকি?
এটা মাথোঁ শব্দ মই ক'লো। তাতেই ধৰফৰাই উঠিল তেওঁ।
: তোমাক মোৰ কিছুমান কথা ক'বলৈ আছে।
: ক আকৌ। কচোন মা। কিবা অসুবিধা পাইছ নেকি?
: মই তোমাক অকণমান দেৰিকৈ ফোন কৰি আছোঁ দেউতা। বাহিৰত আছোঁ। ক'ৰবাত বহি ফোন কৰিম মই।
নাজানোঁ কিয় দেউতাক আজি সকলো কথা কৈ দিবলৈ বৰ মন গৈছে। মিছা কথা কৈ কৈ অতিষ্ঠ হৈ পৰিছোঁ মই। আৰু মিছা কথাৰ বোজা যেন ব'ব নোৱাৰা হৈ আহিছোঁ।
এটা ভাগৰ অনুভৱ হৈছে।
খোজকাঢ়ি ভাগৰ লাগিছে মোৰ।
আহোঁতেও গোটেইটো ৰাস্তা খোজকাঢ়ি আহিছোঁ।
মনটোও কিবা এটা বৰ দুখেৰে ভৰি আহিছে।
আজি যদি ছোৱালীজনীয়ে ফোনটো নকৰিলে হয়!
আজি যদি মই গম নাপালোঁহেঁতেন কাইলৈ ইণ্টাৰভিউ এটা থকাৰ কথা! আৰু যদি কেতিয়াও গম নাপালোঁহেতেন মই! এটা অস্বস্তিকৰ ভাৱে গ্ৰাস কৰি আনিছে ক্ষণিকতে।
ক'ৰবাত অকণমান বহিবলৈ পোৱা হ'লে! ভোকো লাগিছে। লৰালৰিকৈ ওলাই অহাৰ বাবে একো খোৱা নহ'ল। চাহকাপ খাবলৈ লওঁতেই এইবোৰ ঘটনা।
দেউতালৈ ফোন এটা কৰিবলৈও ক'ৰবাত বহি ল'বলৈ মন গৈছে। ঘৰ পোৱালৈ ৰ'বলৈও যেন মন যোৱা নাই।
যেন এতিয়াই কৈ পেলাওঁ।
শেষ কৰোঁ মনৰ এই অশান্তি।
সন্মুখত হোটেল এখন ।
লখিমী ভোজনালয়।
সোমাই গ'লো তালৈকে। আচলতে এই মুহূৰ্তত মোৰ প্ৰয়োজন হৈছে এটা নিৰিবিলি পৰিবেশৰ। কিন্তু নিৰিবিলি পৰিবেশ মানেইতো দামী ৰেষ্টুৰেণ্ট।
টেবুলত খিটিং খাটাং গিলাচ থোৱাৰ শব্দ।
বিভিন্ন কোলাহল আৰু ভিৰৰ মাজতে এচুকৰ এখন টেবুলত বহি পৰিলোঁ। ল'ৰা এজন আগবাঢ়ি আহিল
: কি দিম বাইদেউ?
: হা? এটা কাম কৰা! একাপ চাহ দিয়া। নিমকি হ'বনে?
: হ'ব বাইদেউ।
: দিয়া। দুখন নিমকিও দিয়া।
ল'ৰাজন আঁতৰি যোৱাৰ লগে লগেই দেউতালৈ ফোন লগালোঁ। বজাৰ লগে লগেই ৰিচিভ কৰিলে দেউতাই। এনেকুৱা লাগিল তেওঁ যেন ফোনটোলৈ বাটহে চাই আছিল।
: ক চোন আইজনী কিবা ক'বলৈ খুজিছ?
: দেউতা...
: ক মা। কি হৈছে?
আকুল হৈ সুধিছে দেউতাই।
: মোৰ 'খবৰ 24×7' ৰ চাকৰিটো নাই।
দেউতা যেন মুক হৈ ৰ'ল।
মই এফালৰ পৰা কৈ গ'লো কেনেকৈ হাতত এখন কাগজ থমাই দি মোক উলিয়াই দিয়া হৈছিল চাকৰিটোৰ পৰা। প্ৰায় পোন্ধৰ দিন বিচাৰি থাকিও চাকৰি এটা নাপায় কেনেকৈ মই দোকান অফিচ ঘৰ সকলোতে কিতাপ আৰু বিষৰ তেল বেছি ফুৰিলোঁ। আৰু কেনেকৈ আজি সেই চাকৰিটোও এৰি থৈ বহি ৰৈছোহি। এটাও কথা নুলুকুৱাকৈ কৈ পেলালোঁ সকলোবোৰ।
কথাখিনি কৈ অলপ সময় ৰ'লো। দেউতা মনে মনেই ৰৈছিল। মাত দিলোঁ
:দেউতা..
: হম্মম...
: মোক ক্ষমা কৰা দেউতা। মই দোষ কৰিছোঁ তোমালোকৰ ওচৰত।
মনে মনেই ৰৈছে তেওঁ।
: কি ভাবিছা দেউতা?
: নাই অ'। ভাবিছোঁ কেতিয়া ইমান ডাঙৰ হ'ল মোৰ ছোৱালীজনী।
: তোমাৰ খং উঠা নাই?
: উঠিছে। কিন্তু তই এই কামটো কৰা বা 'খবৰ 24×7' ৰ চাকৰিটো হেৰুওৱাৰ বাবে নহয়। ঠিক খং নহয়। দুখ পাইছোঁ। ইমানখিনি স্বাধীনতা তহঁত তিনিওজনীকে মই দিছিলোঁ যাতে যিকোনো কথা মুখ খুলি বিনা দ্বিধাই তহঁতে মোক ক'ব পাৰ। কিন্তু তথাপি ইমান ডাঙৰ কথা এটা...
: চৰী দেউতা...
: বাৰু হ'ব দে। মানুহ চিনিলি। জীৱন দেখিলি। জীৱনটোত লগ পোৱা সকলো মানুহ যে বন্ধু নহয় তাৰ উমান পালি। চাবিচোন এই দিনকেইটাই ওৰে জীৱন কেনেকৈ সহায় কৰিব। আমিতো সদায় আছোঁ। মাৰ আছে, মই আছোঁ। এটা পৰিয়াল আছে। দুখবোৰ ভগাই ল'বি। অকলে নসহিবি। কেতিয়াও নসহিবি। সমস্যাবোৰ ভগাই ললে সমাধানৰ পথো বৰ সহজেই ওলায়।
বুকুৰ পৰা এটা বোজা আঁতৰি গৈছিল।
আজি বহুদিনৰ পিছত বৰ পাতল লাগিছে মনটো।
ওচৰত থকা হ'লে দেউতাই বাৰু কি কৰিলেহেঁতেন? মূৰত হাত ফুৰাই মৰম কৰিলেহেঁতেন নে? নে ৰ'দে বৰষুণে কিতাপ বেচা, জীৱনে দেখুওৱা ৰং বোৰেৰে খেলি অৱশ হৈ পৰা জীয়াৰীৰ মূৰত হাত ফুৰাই অকণমান বিশ্ৰামৰ অনুভৱ কৰাবলৈ বিচাৰিলেহেঁতেন ? ক্ষন্তেক চকু মুদি মই যেন অনুভৱহে কৰিলোঁ সেই হাতৰ স্পৰ্শ। সেই নিৰাপত্তা।
ল'ৰাজনে দি যোৱা চাহকাপ ঠাণ্ডা হৈছিল। তথাপি যেন চাহকাপ খাই বৰ তৃপ্তি পালোঁ। আচলতে মুখৰ সোৱাদ যে বহুখিনি মনৰ লগতেই জড়িত। চাহকাপ খাই ওলাই আহিলোঁ হোটেলখনৰ পৰা।
আজি বহুদিনৰ পিছত মোৰ নিজলৈ কিবা এটা কিনিবৰ মন গৈছে। ইণ্টাৰভিউলৈ যাবলৈকে বুলি এটা ফৰ্মেল শ্বাৰ্ট কিনিলো মই। শ্বাৰ্টটো কিনি দোকানখনৰ পৰা ৰাস্তালৈ দৃষ্টি ঘূৰাই দেখোঁ মোৰ বৰ চিনাকি সেই বগা গাড়ীখনৰ পৰা হাঁহি হাঁহি ওলাই আহিছে সুদীপ্ত চৌধুৰী আৰু চৈতালী। চৈতালীৰ বাহুত মেৰিয়াইছে সুদীপ্ত চৌধুৰীৰ আলফুল হাতে।
ওঁঠৰ কাষেৰে ক'ব নোৱাৰাকৈয়ে এটি হাঁহি ওলাই আহিল মোৰ। কিছুমান মানুহক কোনো পৰিস্থিতিয়েই কেতিয়াও সলনি কৰিব নোৱাৰে। যিখিনি হয় সেয়া পৰিস্থিতিৰ দাসত পৰি হোৱা এটা সাময়িক সলনি মাথোঁ।
ৰূমলৈ বুলি খোজ আগবঢ়ালোঁ।
আজিও এটা চাকৰি হেৰুৱাই আহিছোঁ। নহ'ব পাৰে সেই চাকৰি মোৰ পছন্দৰ, তথাপি মোৰ প্ৰতিদিনৰ প্ৰয়োজন পুৰাইছিল সেই চাকৰিয়ে।
সন্মুখত এটা অনিশ্চিত ভৱিষ্যত। তথাপি যিকোনো পৰিস্থিতিৰে মূখামুখী হ'বলৈ আজি যেন মই নিজকে সাজু কৰি তুলিছোঁ। জীৱনে যি শিকাইছে তাৰ পৰা অন্ততঃ এয়া বুজি উঠিছোঁ যে মোৰ সপোন পূৰণ নোহোৱালৈকে ৰাস্তাত কিতাপ বিক্ৰী কৰি হ'লেও আত্মসন্মানেৰে মূৰ তুলি থাকিব পাৰিম মই।
কেইমাহমান আগতে 'খবৰ 24×7' ৰ চাকৰিটো হেৰুৱাই চকুপানী মচি মচি এই একেটা ৰাস্তাৰে ৰূমলৈ গৈ থকা ছোৱালীজনী আজি মোৰ মাজত নাই।
ক'ব নোৱাৰাকৈয়ে গান এটা গুণগুণাই উঠিলোঁ।
চাকৰি নাই।
এটা অনিশ্চিত ভৱিষ্যত।
মুখত এটা গানৰ কলি। কি বিসদৃশ কম্বিনেশ্যন।
বিসদৃশ বস্তু কিছুমানো কেতিয়াবা বৰ ভাললগা হৈ পৰে।
এৰা ! এয়াতো জীৱনৰেই ৰং।
জীৱনৰ অনুজ্জ্বল কেনভাছখন ৰঙীন কৰি তুলিবলৈ মই যেন আজি বদ্ধপৰিকৰ।
(আগলৈ)
©গায়ত্ৰী
Comments
Post a Comment