#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_২৮

টক্‌ টক্‌ টক্‌

মোৰ আৰু দেৱাশ্ৰী বাৰ কোঠাৰ মাজৰ দুৱাৰখন কৰোবাৰ টোকৰত কঁপি উঠিল। খকমককৈ শোৱাৰ পৰা উঠি বহি পৰোঁতেই দুৱাৰৰ সিফালৰ পৰা দেৱাশ্ৰী বাৰ মাতটো ভাঁহি আহিল

: কৃষ্ণা... ঐ কৃষ্ণা। উঠ আকৌ। অফিচ নাই জানোঁ আজিৰ পৰা?

হে ঈশ্বৰ!
কেইটা বাজিল?
বহুত দেৰি হ'ল নেকি?

একেজাপে বিছনাৰ পৰা উঠি থিয় হৈ মোবাইলটো হাতত লৈ সময় চাই দেখোঁ চাৰে ছয় বাজিছে। ঢামকৈ বিছনাখনত আকৌ পৰি তন্দ্ৰালস মাতেৰেই তাইক উত্তৰ দিলোঁ

: চাৰে ছয় বাজিছে বা। দহ বজাত মোৰ অফিচ।

মই উত্তৰ দিয়ালৈ সেই খণ্ডত নাছিলেই তাই। এইবাৰ মোৰ কোঠাৰ দুৱাৰৰ সন্মুখত থিয় হৈ ৰিঙিয়ালে

: উঠনা কৃষ্ণা। দুৱাৰ খোল।

দুচকুত এসোপা টোপনিৰেই দুৱাৰখন খুলি দিলোঁ মই।

: বা চাৰে ছয়হে বাজিছে। শুবলৈ দিয়ানা অকণমান। কালি বহুত দেৰিলৈকে ফোনত কথা পাতি আছিলোঁ।

সোমাই আহোঁতেই তাইৰ কান্ধতে মূৰটো পেলাই কৈ উঠিলোঁ। এইবাৰ মোক বিছনাত বহুৱাই খৰধৰকৈ ক'লে তাই

: সাগ্নিক চলিহা হা! গোটেই ৰাতি পাতিবলগীয়াকৈ কিমান কথা ওলায় অ' তহঁতৰ!

বিছনাত বহুৱাই দিয়াৰ ভাগতেই বাগৰি আকৌ শুবলৈ চেষ্টা কৰোঁতেই মোৰ মূৰত হাত ফুৰালে তাই

: উঠনা মাজনী। মই মন্দিৰলৈ যাওঁ। তয়ো ওলা। আজি এটা স্পেচিয়েল দিন। তই পাহৰিছ চাগৈ। 

প্ৰশ্নবোধক চাৱনিৰে মেলো নেমেলো দুচকুৰেই তাইলৈ চালোঁ আৰু বিৰবিৰালো

: আজি মোৰ প্ৰথম অফিচ ন বা?

: উমম। সেইটোতো হয়েই। লগতে আজি মোৰ বাৰ্থডে'। 

আজি এক ডিচেম্বৰ। 
দেৱাশ্ৰী বাৰ জন্মদিন।
মইতো জানো এই কথা। কেনেকৈ যে পাহৰিব পাৰিলোঁ!

ধহমহাই বিছনাৰ পৰা উঠি সাবটি ধৰিলোঁ তাইক। বৰ আকুলতাৰে। সাবটি থকাতে টপককৈ চুমা এটা খাই কৈ উঠিলোঁ

: হেপী বাৰ্থডে' বা। বহুত  মৰম আৰু শুভেচ্ছা।

: এগালমান মৰম তোলৈকো। এতিয়া প্লিজ ৰেডি হ। সাত বজাত মন্দিৰ খুলিব। সোনকালে গৈ আহিম। তোৰ নতুন চাকৰি পোৱাৰ খবৰটোও গণেশ বাবাক জনাব নালাগিব জানোঁ!

ওলাই গ'ল দেৱাশ্ৰী বা। লৰালৰিকৈ গা ধুই দুৱাৰত তলা লগালোঁ। 

গেইটৰ ওচৰতে থিয় দি আছে তাই। হাতত কেইটামান বুন্দীয়া লাড়ুৰে এটা প্ৰসাদৰ টোপোলা।

খোজকাঢ়িয়ে গৈয়ে দুয়োজনী মন্দিৰ পালোঁগৈ। মন্দিৰত বিশেষ ভিৰ নাই। দেৱাশ্ৰী বায়ে চাকি আৰু ধূপৰ পেকেট এটাও হাতত আনিছিল। ওপৰলৈ গৈ চাকিগছ জ্বলাই থিয় দিলোঁহি গণেশ বাবাৰ সন্মুখত। আজি মই নিজৰ বাবে একোৱেই প্ৰাৰ্থনা নকৰিলো। কাষতে চকুমুদি হাতযোৰ কৰি থিয় দি ৰোৱা দেৱাশ্ৰী বালৈ এবাৰ চাই ঈশ্বৰক কৈ উঠিলো

: হে প্ৰভু। এই ছোৱালীজনীক কেতিয়াও দুখ নিদিবা। আজিৰ দৰেই আৰু হাজাৰটা জন্মদিন  যেন তাইৰ জীৱনলৈ আহে।

মন্দিৰৰ পৰা ওলাই আহি চেন্ডেলযোৰ পিন্ধোতেই চকুত পৰিল সেইগৰাকী মানুহ যি এদিন মই কলেজৰ পৰা আহোঁতে মাইগ্ৰেইনৰ বিষত ৰাস্তাৰ কাষত হলহলাই বমি কৰোঁতে তুলি ধৰিছিলহি মোক। ৰাস্তাৰে অহা যোৱা কৰি থকা ভদ্ৰ মানুহবোৰৰ মোক ঘূৰি চাবলৈও সময় নাথাকোঁতে তেওঁ মোক লৰালৰিকৈ এটা পানীৰ বটল কিনি আনি মুখখন ধুৱাই দিছিলহি। তেওঁ এগৰাকী গণিকা। মন্দিৰটোতে আউজি ৰৈ আছে। হয়তো গ্ৰাহকৰ অপেক্ষাত ৰৈছে। কাষ চাপি গ'লো মই।

: ভালে আছে নে বাইদেউ?
মানুহগৰাকীৰ চকুৱে মুখে যেন বিজুলী এছাতিয়ে ঢৌ খেলি গ'ল।

: ভাল। মোৰ ভাল ভন্টি। মই তোমাক মন্দিৰলৈ সোমাই যাওঁতেই দেখিছিলোঁ। মাত দিব খুজিও নিদিলোঁ। লগত আৰু এগৰাকী আছে যে তেওঁৰ আগত মই মাত দিলে কিজানি লাজেই পোৱা। আৰু বা চিনি পোৱা নে নোপোৱা!

: কি যে কয় বাইদেউ। কিয় লাজ পাম বাৰু? দেৱাশ্ৰী বা লাৰু এটা দিয়াচোন।

দেৱাশ্ৰী বাৰ হাতৰ পৰা প্ৰসাদৰ লাৰু এটা লৈ মানুহগৰাকীৰ হাতত গুজি দিলোঁ।

: প্ৰসাদ খাওক বাইদেউ। 

দুয়োহাত আঁজলি পাতি প্ৰসাদৰ লাৰুটো লৈ এবাৰ কপালত লগাই মানুহগৰাকীয়ে সুধিলে

: তুমি কলেজ পঢ়িয়েই আছা নে ভন্টি?

: নাই বাইদেউ। কলেজ শেষ হ'ল নহয় মোৰ। আজিৰ পৰা নতুন চাকৰি।

: বৰ ভাল খবৰ শুনালা ৰাতিপুৱাই। ভাল হওক, ভাল হওক।

মোৰ বাহুত আলফুলে স্পৰ্শ কৰি কথাষাৰ কৈ উঠিল তেওঁ। মই নাজানোঁ এগৰাকী গণিকাৰ আশীৰ্বাদত ভাল হয়নে মানুহৰ দিন? এগৰাকী গণিকাই আশীৰ্বাদ দিলে লাগে নে মানুহৰ গাত? কিন্তু সেই 'ভাল হওক' মাতষাৰত আছিল কিবা যেন এক আচৰিত প্ৰশান্তি।

এইবাৰ দেৱাশ্ৰী বায়ে মানুহগৰাকীক বৰ গহীনকৈ উঠিল

: সকলোবোৰ আশীৰ্বাদ তাইক দি শেষ কৰি নিদিব আকৌ বাইদেউ। আজি মোৰো জন্মদিন। মোলৈকো অকণমান থ'ব।

হাঁহি হাঁহি দেৱাশ্ৰীবাৰ গাতো হাত ফুৰালে তেওঁ। 

মন্দিৰৰ পৰা ঘূৰি আহি লৰালৰিকৈ পুৱাৰ কামখিনি কৰি অঁতালো। ৰাতিৰ ভাত অলপ ৰৈ গৈছিল। তাকে কণী আৰু পিয়াজ এটাৰে ভাজি খাই অফিচৰ বাবে সাজু হ'লো। ডিচেম্বৰ মাহ যদিও দুপৰীয়াৰ ভাগত গুৱাহাটীত খুব বেছি ঠাণ্ডা নপৰে। জিন্সটোৰ ওপৰতে পাতল চুৱেটাৰ এটা পিন্ধি অফিচলৈ বুলি ওলাই আহিলোঁ। গেইটৰ সন্মুখত আহি ৰৈছিলহি সাগ্নিকৰ গাড়ী। মই নিজেই যাব পাৰিম বুলি বাৰে বাৰে কোৱাৰ পিছতো তেওঁ আহিছিল। গাড়ীৰে গৈ প্ৰায় বিশ মিনিটমানতে অফিচ পালোঁগৈ।

'অসম Daily'

মোৰ নতুন ঠিকনা। গাড়ীৰ পৰা নামোতেই সুধিলে তেওঁ

: নিবলৈ আহিম নে কৃশ্বু?
 
: নাই নাই। নালাগে। অফিচ খটি কৰি আহিব নালাগে আপুনি। মই নিজেই যাব পাৰিম।

গাড়ী ঘূৰিল তেওঁৰ। মই অফিচলৈ আগবাঢ়ি গ'লো। যোৱা দুবাৰৰ দৰে ৰেজিষ্টাৰত নাম লিখিবলৈ চিকিউৰীতি গাৰ্ডজনৰ ওচৰত ৰ'লোহি। আজি মানুহজনে মোক দেখিয়েই ৰেজিষ্টাৰৰ পাত লুটিওৱা নাছিল। তাৰ সলনি কৈ উঠিল

: আজি নালাগে। আপুনি জইন কৰিছে নহয়! তেজস্বীনি বাইদেৱে ফোন কৰি আপোনাক নাম নিলিখাকৈ যাবলৈ দিবলৈ কৈছে। ৰেজিষ্টাৰখন বাহিৰৰ মানুহৰ বাবেহে! আপুনিতো এতিয়াৰ পৰা এই অফিচৰে মানুহ।

হাঁহি পেলালে মানুহজনে।

কাণত বাজি ৰ'ল মানুহজনৰ কথাষাৰ

" আপুনিতো আজিৰ পৰা এই অফিচৰেই মানুহ।"

কিবা এটা বৰ ভাল লাগিল। তিনি নম্বৰ ফ্ল'ৰত ৰোৱা লিফ্টখনৰ পৰা ওলায়েই চকুত পৰিল 'অসম Daily' হৰ্ডিংখনৰ তলতে এটা ওখ ফুলদানি। হয়তো নতুনকৈ সজাইছে। এইকেইদিন এই ফুলদানিটো মোৰ চকুত পৰা নাছিল।

দুৱাৰ ঠেলি সোমাই গ'লো ভিতৰলৈ। 

: গুডমৰ্ণিং কৃষ্ণাক্ষী।

ৰিছেপশ্যনৰ যুৱতী এগৰাকীয়ে কৈ উঠিল।

: হাই। গুডমৰ্ণিং।

তেওঁৰ ওচৰ চাপি গ'লো।

: আজিৰ পৰা জইন কৰিছা ন?

: উম। 

: মই প্ৰত্যাশা দেই আৰু এওঁ লুটফা। 

গুডমৰ্ণিং অভিবাদন জনোৱা প্ৰত্যাশা নামৰ যুৱতীগৰাকীয়ে লুটফা বুলি পৰিচয় কৰাই দিয়াৰ লগে লগে মিহিকৈ হাঁহিলে লুটফাই। ইমানদিনে দেখি আছিলোঁ যদিও এগৰাকীৰো নাম নাজানিছিলোঁ মই।

: সোমাই যোৱা কৃষ্ণাক্ষী। আজিৰপৰা ইয়াত ৰ'ব নালাগে আৰু।

প্ৰত্যাশাই হাঁহি হাঁহি কৈ উঠিল।

সোমাই গ'লো মই। অফিচটোৰ চাৰিওফালে চকু ফুৰালোঁ । সোমায়েই বাওঁফালে মেকআপ ৰূমটো আৰু সোঁফালে প্ৰায় পোন্ধৰটামান কম্পিউটাৰেৰে এডোখৰ ঠাই। সেইখিনি নিউজ ডেস্ক। য'ত বাতৰি এটা প্ৰস্তুত কৰি আগবঢ়াই দিয়া হয় দৰ্শকৰ বাবে। যি ঠাইত এক মিনিটৰ বাবেও আজৰি নাপায় কোনেও। ঠাইডোখৰত শাৰী শাৰীকৈ সজাই থোৱা চকীবোৰত বহিবলৈ কাৰোৰে সময় নাথাকে। এতিয়াও হাতত কাগজ একোখন লৈ ইফালৰ পৰা সিফাললৈ ব্যস্ত খোজেৰে অহা যোৱা কৰি আছে সকলো। 

টেলিভিছন পৰ্দাৰ আঁৰৰ ব্যক্তি এইসকল। যাক দৰ্শকে কেতিয়াও চিনি নোপোৱাকৈয়ে, কেতিয়াও নেদেখাকৈয়ে ৰৈ যায়। কিন্তু এইসকলৰ অবিহনে এটা বাতৰি বা অনুষ্ঠানো ওলাই নাহে দৰ্শকৰ সন্মুখলৈ। কেৱল এইসকলেই কিয়! কেমেৰা পাৰ্চন, মেকআপ আৰ্টিষ্ট, কন্ত্ৰ'ল ৰূমত (পি চি আৰ / এম চি আৰ) দিনে নিশাই কষ্ট কৰা ইমানবোৰ মানুহ কাকোৱেইতো মানুহে চিনি নাপায়।

আগুৱাই গ'লো মই। চকুত পৰিল শাৰী শাৰীকৈ কেইবাটাও কেবিন। প্ৰতিটোতে একোখন নীলা নামফলকেৰে লিখা আছে প্ৰত্যেকৰে নাম আৰু পদবী। 

" মৃণ্ময় দুৱৰা
এডিটৰ-ইন-চিফ "

মই গৈ যিটো কেবিনৰ সন্মুখত থিয় দিছিলোঁগৈ সেইটো এডিটৰ-ইন-চিফৰ কেবিন। লাইট বন্ধ আছে কেবিনটোৰ। হয়তো তেখেত এতিয়াও আহি পোৱা নাই। 

: কৃষ্ণাক্ষী...

কাৰোবাৰ মাতত ঘূৰি চালোঁ। খৰধৰকৈ সোমাই আহিছে তেজস্বীনি বা। 

: গুড মৰ্ণিং বা।
: গুড মৰ্ণিং ডিয়েৰ.. কেতিয়াবাই পালাহি নেকি তুমি? ময়ো সোনকালেই পালোঁহিহেঁতেন। বৰষুণ পৰিলে। জানাইতো এটোপাল বৰষুণতে গুৱাহাটীৰ কি অৱস্থা হয়। সেয়ে অলপ দেৰি হৈ হ'ল।

চেলোৱাৰ যোৰৰ দোপাত্তাৰ আগটোৰে মুখখন মচি মচি কৈ উঠিল তেওঁ। 

বতৰটো ৰাতিপুৱাৰে পৰা গোমা। কিন্তু বৰষুণ পোৱা নাছিলোঁ মই। হঠাৎ কেনেকৈ যে নামি আহিল বৰষুণজাক!

: ইয়ালৈকে আহাঁ কৃষ্ণাক্ষী

শাৰী শাৰী কিউবিকলৰ এটাত বহি পৰিছিলগৈ তেওঁ। চকী এখন টানি ময়ো গৈ তেওঁৰ কাষতে বহিলোঁগৈ।

বেগৰ পৰা ফণী এখন উলিয়াই বতাহত বাউলি হোৱা চুলিখিনি আচুঁৰি থাকি তেজস্বীনি বায়ে ক'লে

: আজি অকণমান আখজা লাগিব। প্ৰথম দিন যে। কাইলৈ পৰা চাবাচোন সব ঠিক হৈ যাব। প্ৰথম অফিচটোতো চাগৈ এনেকুৱাই লাগিছিল ন?

শেষৰ বাক্যটোৱে যেন মোৰ বুকুত কিবা জোঙা অস্ত্ৰ এপাত হে বহুৱাই দিলে। যি অস্ত্ৰই বুকু ভেদি প্ৰৱেশ কৰিছেগৈ কলিজাৰ জোৰকৈ বন্ধ কৰি থোৱা এটা কুঠৰীত। আৰু সেই বন্ধ কুঠৰীৰ দুৱাৰ ভাঙি হুৰমুৰকৈ ওলাই আহিব খুজিছে এসোপা কথা।

হয়তো ! 'খবৰ 24×7' ৰ অফিচলৈ প্ৰথমদিনা গৈয়োতো এনেকুৱাই লাগিছিল। কাকোয়েই চিনি নাপাওঁ। সেইদিনা অৱশ্যে আজিৰ সৈতে এটা পাৰ্থক্য আছিল। সেইদিনা অকলে বহি ৰোৱা নাছিলোঁ মই। মোৰ লগত একেলগে বহি ৰৈছিল দ্বিপান্বিতা আৰু চৈতালীও। প্ৰথমে ফুচফুচকৈ, তাৰ পিছত স্পষ্টকৈ আৰু তাৰ পিছত গাত ঢকিয়াই হাঁহিব পৰালৈকে সহজ হৈ উঠিছিলোঁ আমি। দ্বিপান্বিতাই অৱশ্যে কম কথা কৈছিল। কিন্তু চৈতালী! তাইৰ যেন এবাৰ আৰম্ভ হ'লে শেষেই নহ'ব কথাৰ ভঁৰাল। 

আঃ! কিয় বাৰে বাৰে মোৰ মনলৈ আহিব খোজে তাইৰ কথা! 

কিয় মোৰ জীৱনৰ প্ৰথম অফিচটোক মই চৈতালী আৰু সুদীপ্ত চৌধুৰী নামৰ মানুহ দুজনক মনত নেপেলোৱাকৈ ভাবিব নোৱাৰোঁ? জুপি বা,লোপমুদ্ৰা,অনুজা বা কত ভাল মানুহোতো সেই অফিচটোত আছিল।

কিয় এনেকুৱা হয়? ভালবোৰ নেওচি বেয়াবোৰেই সদায় কিয় ছানি ধৰিব খোজে মানুহৰ মন? কিয় বেয়াবোৰে সদায়েই ঢাকি পেলাব খোজে ভাল কথাবোৰ?

মই কি জীৱনত কেতিয়াও কাৰোৰে সৈতেই আনন্দেৰে ভগাই ল'ব নোৱাৰিম নেকি মোৰ প্ৰথম চাকৰিৰ অভিজ্ঞতা? 

আঃ! কি যে এক অস্বস্তিকৰ অৱস্থা।

: আজি যোৱাৰ আগতে তোমাক ডিউটি লিষ্টখন বনাই দিম কৃষ্ণাক্ষী। আজি তুমি ষ্টুডিঅ'ত বহি দুটামান এংকৰিঙকে চোৱা। হ'ব নে? মানুহবোৰ আহি পালেই  তোমাক সকলোৰে সৈতে চিনাকি কৰাই দিম।

তেজস্বীনি বায়ে কথাষাৰ কওঁতেহে ভাৱৰ পৃথিৱীৰ পৰা উভতি আহিলো মই। লাহেকৈ মূৰটো জোকাৰি সন্মতি দিলোঁ তেওঁৰ কথাত। তেওঁ কিবা এটা লিখিবলৈ লৈছে। মই ফোনটো উলিয়ালোঁ। জমা হৈছে বহুকেইটা মেছেজ

" মই অফিচ পালোঁহি কৃশ্বু"
" কিবা অসুবিধা পালেই মোক কল কৰিবা"
" দুপৰীয়া কিবা এটা ভালকৈ খাবা"

মেছেজবোৰৰ ৰিপ্লাই কৰি বহি ৰ'লো মই।
 
: মান্যতা...!

মেক আপ ৰূমৰ পৰা ওলাই অহা যুৱতী এগৰাকীক ৰিঙিয়াই মাতিছে তেজস্বীনি বায়ে। কাষ চাপি আহিল ছোৱালীজনী। ধকধককৈ বগা ছোৱালীজনীৰ চকুৰ মনিকেইটা নীলা। কি সাংঘাতিক ধুনীয়া!

: অঁ তেজু বা। কোৱা।
: তোৰ নিউজ আছে?
: এঘাৰ বজাৰ বুলেটিনখন আছে বা।

কথাষাৰ কৈয়েই এবাৰ মোৰ ফালে চাই আকৌ তেজস্বীনি বাক সুধিলে

: নতুন?
: উম। আজি জইন কৰিছে। 

এইবাৰ মান্যতাই মোলৈ চাই লাহেকৈ হাঁহিলে। মই থিয় হৈ নিজেই চিনাকি হ'লো

: মই কৃষ্ণাক্ষী।
: মই মান্যতা। মান্যতা বৰদলৈ।

হাতখন মোৰফালে আগবঢ়াই কৈ উঠিল তাই।

: লগ পাম দেই। নিউজটো পঢ়ি আহোঁ।

কথাষাৰ কৈ তাই ঘূৰিবলৈ লওঁতেই তেজস্বীনি বায়ে ক'লে

: এটা কাম কৰছোঁন মান্যতা। ষ্টুডিঅ'লৈ এইকো লৈ যা। প্ৰথম দিনাইনো তাই কি কাম কৰিব? দুটামান এংকৰিঙকে চাওক। তাই সকলো জানেই, তথাপি ইটো সিটো কথা অকণমান দেখুৱাই দিবি।

: অ'কেই তেজু বা। আহাঁ কৃষ্ণাক্ষী।

মান্যতাৰ কথাত মই কিউবিকলটোৰ পৰা ওলাই আহিলোঁ। ইমানদেৰি তাই ওখ কিউবিকলটোৰ বেৰখনৰ সিপাৰে ৰৈ আমাৰ সৈতে কথা পাতি আছিল। অতপৰে তাইৰ মুখখনহে দেখিছিলোঁ মই। ওলাই আহি দেখোঁ চেলোৱাৰ পেন্ট এটাৰ ওপৰতে ব্লেজাৰটো পিন্ধি নিউজ পঢ়িবলৈ লৈছে তাই। মই চোৱা দেখি অৰ্থটো বুজি পাই হাঁহি কৈ উঠিল

: ড্ৰেছ সলাবলৈ মন নগ'ল। ওপৰত স্পেগেটি আৰু ব্লেজাৰটো পিন্ধি গুচি আহিলোঁ। আধাহে ওলায় আৰু। তলৰখিনিনো কোনে দেখে ন?

হাঁহি পেলালো মই। 

'খবৰ 24×7' ত বহুবাৰ এই কাম দেখিছোঁ। কেতিয়াবা ওপৰত স্পেগেটি আৰু ব্লেজাৰেৰে সুসজ্জিত হৈ তলত জয়পুৰী লং স্কাৰ্ট পিন্ধিয়েই নিউজ পঢ়িবলৈ দৌৰাদৌৰিকৈ যায়। এবাৰতো জুপি বায়ে তলত মেখেলা আৰু ওপৰত স্পেগেটি, ব্লেজাৰ পিন্ধিয়েই বাতৰি পঢ়িছিল। কাৰণ বাতৰি শেষ হোৱাৰ পাঁচ মিনিটৰ পিছতে তেওঁৰ এটা অনুষ্ঠানৰ এংকৰিং কৰিবলগীয়া আছিল। বাতৰিৰ পৰা ওলায়েই ব্লেজাৰ খুলি খৰধৰকৈ ব্লাউজ আৰু চাদৰখন পিন্ধি লৈ পিছৰ অনুষ্ঠানটো কৰিছিলগৈ। 

উপায় নাই। সময়তকৈ এক মিনিট ইফাল সিফাল হ'ব নোৱাৰে অনুষ্ঠানৰ সময়। আৰু দিনত বহুবাৰ পঢ়িবলগীয়া হ'লে কিমান বাৰে বাৰে কাপোৰ সলাব! 

ষ্টুডিঅ'ৰ ভিতৰ সোমালোগৈ দুয়োজনী। ষ্টুডিঅ'ৰ বাতৰি পঢ়া নিৰ্দিষ্ট ঠাইখিনিত বহি পৰিলগৈ মান্যতা  আৰু মই অকণমান দূৰত ষ্টুডিঅ'ৰ এটা চুকত বহি তাইলৈ চাই ৰ'লো। 'খবৰ 24×7' ত যদিও মই বিভিন্ন অনুষ্ঠান কৰিছিলোঁ, তথাপি কেতিয়াও বাতৰি পঢ়া নাছিলোঁ। 

: আগতে ক'ত কাম কৰিছিলা তুমি কৃষ্ণাক্ষী?
ব্লেজাৰৰ কলাৰটোত লেপেলডাল লগাই সুধিলে তাই।

: খবৰ 24×7 ত। 

: তাৰ পৰা ওলায়েই ইয়াত জইন কৰিছা?

কাণত ই পি ডাল সুমুৱাবলৈ লৈ সুধিলে তাই। কিন্তু মই তাইৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতেই ই পি টো দেখুৱাই তাই কৈ উঠিল

: কৃষ্ণাক্ষী এইটো ই পি দেই। আমি কাণত এইটো সুমুৱাই লওঁ। অনুষ্ঠান বা বাতৰি এটা আৰম্ভ নতুবা শেষ কৰিবৰ সময়ত অথবা বিৰতিৰ পৰা ঘূৰি আহিবৰ হ'লে কন্ত্ৰ'ল ৰূমৰ পৰা আমি কাণত লগাই লোৱা এইডালত কামাণ্ড আহে। 10- 9-8 এনেকৈ। আৰু 'Go' বুলি কামাণ্ড দিয়াৰ লগে লগে আমি আৰম্ভ কৰি দিব লাগে। ইস্‌ মই যে কি কৈ আছোঁ তুমি চাগে জানাই। তেজু বায়ে দেখুৱাই দিবি বুলি কোৱাৰ বাবে মই এইটোকে দেখুৱালো আৰু।

হাঁহি উঠিল তাই।

জানোঁ মই। সংবাদ মাধ্যমত এটা হ'লেও অনুষ্ঠানৰ এংকৰিং কৰা প্ৰত্যেকেই আচলতে এই কথা জানে। কেৱল বিৰতিৰ সময়তেই নহয় সহজ অৰ্থত ক'বলৈ গ'লে ষ্টুডিঅ'ত বহি থকা এংকৰগৰাকীক যিকোনো নিৰ্দেশনা দিবৰ বাবেই এই ই পি ডাল ব্যৱহাৰ কৰা হয়।

বাতৰি আৰম্ভ হ'ল। প্ৰতিটো বিৰতিতে তাই মোক ইটো সিটো বিভিন্ন কথা সুধি থাকিল। কথা বতৰাবোৰ বৰ মৰমলগা ছোৱালীজনীৰ। হঠাৎ নিউজৰূমৰ দুৱাৰ খুলি খুব সন্তৰ্পনে চাহ দিয়া ল'ৰাজন সোমাই আহিল আৰু মোৰ কাণত বৰ সৰুকৈ ফুচফুচাই ক'লে

: আপোনাক তেজস্বীনি বায়ে মাতিছে।

উঠি আহিলোঁ মই। এডিটৰ-ইন-চিফ মৃন্ময় দুৱৰাৰ কেবিনটোৰ সন্মুখত ৰৈ আছিল তেজস্বীনি বা। মই গৈ পোৱাৰ লগে লগে ক'লে

: মৃণ্ময় ছাৰ আহিল। চিনাকি কৰাই দিওঁ ব'লা।

কোঠাটোলৈ সোমাই গ'লো দুয়ো। এটা সুসজ্জিত কোঠা। একোণত লেডাৰৰ চ'ফা। বেৰত এখন ধ্যানমগ্ন বুদ্ধৰ ডাঙৰ পেইণ্টিং। মজিয়াত দামী কাৰ্পেট। আকাশৰঙী হাত দীঘল চাৰ্ট, ওপৰত ক'লা ৱেইষ্টক'ট পৰিহিত মানুহজন এখন ৰিভলভিং চেয়াৰত বহি আছে। মুখত বৰ যত্নকৈ ৰখা ফ্ৰেঞ্চ কাট ডাঢ়ি। চকীখনত খুলি ওলোমাই থোৱা আছে এটা ছাইৰঙী ব্লেজাৰ। 

: গুড মৰ্ণিং ছাৰ। এওঁ কৃষ্ণাক্ষী বৰুৱা। আজিৰপৰা জইন কৰিছে। 

মোক চিনাকি কৰাই দিলে তেজস্বীনি বায়ে।

: হেল্ল' কৃষ্ণাক্ষী।

মানুহজনে কাগজ এখনত কিবা এটা লিখি থকাৰে পৰা ঘপকৈ এনেকৈ চালে যেন আমি সোমাই গৈ তেওঁৰ ওচৰত ৰোৱাও তেওঁ এতিয়াহে দেখিলে।

: হেল্ল' ছাৰ।

: ৱেলকাম টু 'অসম Daily'

দুয়োহাত কোঁচত ৰাখি ৰিভলভিং চেয়াৰখন সোঁফালৰ পৰা বাওঁফাললৈ এপাক ঘূৰাই কৈ উঠিল তেওঁ।

: ঠেংক্স ছাৰ।

: ভালকৈ কাম কৰিবা। কিবা অসুবিধা পালে শিকাবলৈ তেজস্বীনি হঁততো আছেই।

খুব জোৰেৰে এইবাৰ যেন তেওঁ ওঁঠত হাঁহি এটি বিৰিঙাব খুজিলে। কিন্তু বৰ যত্ন কৰাৰ পিচতো ওঁঠৰ পৰা বাহিৰ হৈ নাহিল সেই হাঁহি।

ল'ৰা এজন সোমাই আহিছিল। কোঠাটোৰ চাৰিওকাষে বৰ ব্যস্ততাৰে 'ৰূম ফ্ৰেশ্বনাৰ স্প্ৰে' কৰিবলৈ ধৰিলে ল'ৰাজনে। ক্ষন্তেকতে খুব ধুনীয়া চন্দনৰ মিঠা সুবাস এটা বিয়পি পৰিল কোঠাটোত।

ল'ৰাজনক উদ্দেশ্যি এইবাৰ খুব কঠিন মাতেৰে মৃণ্ময় দুৱৰাই কৈ উঠিল

: এইবোৰ কাম মই আহি বহাৰ পিছত কৰিবলৈ কিয় থোৱা? কাইলৈৰ পৰা যাতে মই কেবিনত সোমোৱাৰ আগতেই সকলো কাম কৰি আজৰি কৰি ৰাখা।

হাতত ৰূম ফ্ৰেশ্বনাৰটো লৈয়েই মূৰ তল কৰি এখন্তেক থিয় দি ৰ'ল ল'ৰাজন। তাৰ পিছত বৰ ভয় ভয়কৈ লাহে লাহে কৈ উঠিল

: ছাৰ সিদিনা আপুনি কৈছিল বহাৰ পিছত স্প্ৰে' কৰিবলৈ। আগতে মাৰিলে গোন্ধটো গুছি যায় বুলি কৈছিল ছাৰ।

আগৰ বাৰতকৈ দুগুণ কঠিন মাতেৰে ল'ৰাজনক প্ৰায় হুমকিয়াই উঠিল মানুহজনে

: মুখে মুখে উত্তৰ দিবা? 

ল'ৰাজনে এইবাৰ মূৰ তল কৰা ভাগতেই ওলাই যাবলৈ ধৰোঁতেই মানুহজনে খুব টান মাতেৰে পুনৰ ক'লে

: শুনা! মাৰ্কেটিং হেডক মই মাতিছোঁ বুলি ক'বা।

মূৰ দুপিয়াই ল'ৰাজন ওলাই যাওঁতেই তেজস্বীনি বা আৰু ময়ো কোঠাটোৰ পৰা ওলাই আহিলোঁ। মোৰ অনুভৱ হ'ল ল'ৰাজনে যেন আমাৰ আগত খুব লাজ পাইছিল। এটা দুখবোধে মুহূৰ্ততে ঘেৰি ধৰিলে মোক।

মৃণ্ময় দুৱৰাৰ কোঠাৰ পৰা ওলাই খোজকাঢ়ি আহি থাকোঁতে তেজস্বীনি বায়ে ক'লে

: ছাৰ অলপ খঙাল। মনেৰে কিন্তু বেয়া নহয়।

একো নক'লো মই।

কিন্তু মোৰ সুধিবলৈ মন গ'ল-  খঙাল কেৱল সৰু মানুহবোৰৰ লগত নে সকলোৰে লগত? খঙাল কেৱল  ৰূম ফ্ৰেশ্বনাৰ স্প্ৰে' কৰা, চাহ কৰা বা ঝাড়ু লগোৱা মানুহকেইজনৰ লগত নে সকলোৰে লগত একেই ব্যৱহাৰ তেওঁৰ? সকলোৱে কাম নকৰিলেই বা সকলোৰে কাম সময়মতে নহ'লেই যদি তেওঁৰ একে ধৰণেৰেই খং উঠে তেন্তে তেনে মানুহ মই সন্মান কৰোঁ। অন্যথা কেৱল নিজতকৈ দুৰ্বল মানুহৰ ওপৰত খং জৰা মানুহলৈ মোৰ কেতিয়াও শ্ৰদ্ধা নাই বা নাথাকিব।

সকলোৰে লগত চিনাকি হ'লো। এডিটৰ-ইন-চিফৰ পৰা আৰম্ভ কৰি ৰিছেপশ্যনৰ লুটফা আৰু প্ৰত্যাশা- সকলোৰে ওচৰলৈকে তেজস্বীনি বায়ে মোক লৈ গ'ল। ময়ো সকলোৰে নামবোৰ যিমান পাৰোঁ মনত ৰাখিবলৈ যত্ন কৰিলোঁ।

সন্ধ্যা ছয় বাজিল। দহ বজাৰ পৰা ছয় বজালৈকে আজিৰ ডিউটিৰ সময়। ঘৰলৈ যাবলৈ বুলি সুধিবলৈ তেজস্বীনি বাৰ ওচৰলৈ আহিলোঁ

: আজিলৈ মই যাব পাৰোঁ নে বা? কাইলৈ কেইবজাত আহিব লাগিব বাৰু? 

কিবা এটা মনত পৰাৰ দৰে লৰালৰিকৈ কম্পিউটাৰটোৰ পৰা প্ৰিণ্ট কৰি তেওঁ এখন ডিউটি লিষ্ট উলিয়াই দিলে। কাগজখন হাতত লৈ আহিবলৈ খোজোঁতেই ফোনটো বাজি উঠিল। দেৱাশ্ৰী বাৰ ফোন।

: কৃষ্ণা শুনচোন। কাইলৈ বাৰ্থডে বুলি সৰুকৈ পাৰ্টি এটা ৰাখিব খুজিছোঁ।

: আজি বাৰ্থডে আৰু কাইলৈ পাৰ্টি যে বা?

:  হিমাংশুৰ আজি আজৰি নাই অ'। এনিৱে' সাগ্নিকৰ নম্বৰটো মোলৈ মেছেজ কৰচোন। তেওঁকো নিমন্ত্ৰণ দিওঁ।

সাগ্নিকৰ নম্বৰটো দেৱাশ্ৰী বালৈ পঠিয়াই লিফ্টেৰে তললৈ নামি আহিলোঁ। বাছ এখন ধৰিবলৈ বুলি বাছ ষ্টেণ্ডত ৰওতেই দেখোঁ হাতত এজাপ কিতাপ লৈ ছোৱালী এজনী আহি আছে। শীৰ্ণকায় শৰীৰটোত এযোৰ ঢিলা চেলোৱাৰ। দিনটো খোজকাঢ়ি ফুৰাৰ ভাগৰত বিধস্ত এখন মুখ। হয়তো হেপী ইণ্ডিয়াৰ দৰে কোনোবা অফিচত কৰ্মৰত।

বুকুখন বিষাই উঠিল। দেৱলীনা বালৈ বৰ মনত পৰিল। বাছ ষ্টেণ্ডৰ পৰাই তাইলৈ এটা ফোন লগালোঁ। অফিচৰ পৰা ওলালে চাগৈ তাই।

: কৃষ্ণাক্ষী...

হুলস্থুল এসোপাৰে তাইৰ মাতটো ভাঁহি আহিল।  ঘৰলৈ যাবলৈ বুলি বাছত উঠিছে বোধহয়।

: দেৱলীনা বা। ভালে আছা নে?

: বায়েৰলৈ মনত পৰিল?
অভিমান ভৰা কন্ঠৰে ক'লে তাই। 

: কিয় মনত নপৰিব ? কিন্তু দিনততো তোমাক ফোন কৰিবই নোৱাৰি। চাকৰি এটা পালোঁ নহয় বা। তোমাক জনাম বুলিও জনাবই পৰা নাই। 

এটা এটাকৈ গোটেই কথাখিনি দেৱলীনা বাৰ আগত কৈ গ'লো। কেনেকৈ মানুহকেইজনে মোৰ ফোনৰ চুইটছ খুলি পঢ়ি পেলাইছিল ইণ্টাৰভিউৰ বাবে অহা প্ৰতিটো মেছেজ। তাৰ পৰা ওলাই কেনেকৈ মই 'অসম daily'ত এটা চাকৰি পালোঁ গোটেই কথাখিনি দেৱলীনা বাৰ আগত কৈ গ'লো।

মুহূৰ্ততে ধোঁৱা হৈ উৰি গ'ল দেৱলীনা বাৰ সকলো অভিমান। তাইৰ মাতত স্পষ্ট হৈ ফুটি উঠিছিল সেই আনন্দ। কিমানজন মানুহে নিজে দুখত থাকিও আনৰ সুখত হাঁহি পেলাব পাৰে! এইবাৰ বৰ আবেগিক কন্ঠৰে সুধিলোঁ মই

: তোমাৰ কথা কোৱাচোন। ভালে আছা নে বা?

: ভাল বেয়ানো আৰু কি! আছোঁ আৰু এই নৰকখনতে। তুমি যে ওলাই যাব পাৰিলা বৰ ভাল হ'ল কৃষ্ণাক্ষী। 

হয়! নৰকেইতো হয় সেইখন। য'ত সোমোৱাৰ পিছত নিজৰ ফোনটোলৈকে নিজৰ হৈ নাথাকে সেই ঠাইক নৰকৰ বাহিৰে কি নাম দিয়া যায়!

অলপদেৰি কথা পাতি ফোনটো ৰাখিলো। বাছ এখন আহি ৰৈছিলহি। বাছখনৰ চিট এটাত হেলান দি খিড়িকীখন খুলি দিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ

"এনেকুৱা কি উপায় আছে যি উপায়েৰে মই দেৱলীনা বাক তাৰপৰা উলিয়াই আনিব পাৰোঁ।"

"কেনেকৈ মই উদ্ধাৰ কৰিব পাৰোঁ তাইক, যিজনী ছোৱালীৰ বাবে সেইখন নৰকতো মই অকণমান হাঁহিব পাৰিছিলোঁ। ভাঙি নপৰাকৈ থিয় দি ৰৈছিলোঁ জীৱনৰ ভয়ংকৰ দুৰ্যোগৰ সময়তো " 

নিজকে নিজে যেন মই প্ৰতিজ্ঞা কৰিলোঁ দেৱলীনা বাক মই উলিয়াই আনিম সেইখন ঠাইৰ পৰা। খুব সোনকালে। হাঁহিবলৈ পাহৰি পেলোৱা ছোৱালীজনীৰ মুখত বিৰিঙাই তুলিম এটি হাঁহি।

©গায়ত্ৰী

(আগলৈ)

(আগৰ খণ্ডৰ লিংক)

https://www.facebook.com/groups/917699648365704/permalink/2281150222020633/

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ

সূৰ্যফুলৰ দেশলৈ -খণ্ড 2