Posts

#সূৰ্য্যফুলৰ_দেশলৈ #খণ্ড_৪৫ পুৱাৰ বাছত মাহঁত গ'লগৈ। যি সময়ত মোৰ মন মাহঁত যোৱাৰ দুখেৰে ভৰি পৰিব লাগিছিল, সেই সময়ত আন এক চিন্তাইহে মনটো আৱৰি ৰাখিছে।একেটা কথাই একেৰাহে ঘূৰি ফুৰিছে মোৰ মন মগজুত। মায়ে লৈ অহা প্ৰস্তাৱটো। উফ্ কি অশান্তি! গোটেই ৰাতি এক মিনিট সময়ো টোপনি নগ'ল মোৰ। মই জানো, কোনো মাকেই এই কথা কোৱা অস্বাভাৱিক নহয়। বিশেষকৈ আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ছোৱালীয়ে এটা বয়সৰ পিছত এই কথা মাক দেউতাকৰ মুখেৰে শুনা একেবাৰেই যে সাধাৰণ কথা। কিন্তু মই যেন এই কথা শুনাৰ বাবে কেতিয়াও প্ৰস্তুত নাছিলোঁ। কোনোদিনে ভৱাই নাছিলোঁ এনে এটা দিন আহিব, যিটো দিনত মোৰ বিয়াৰ চিন্তা কৰিব মাঁহতে। ভাবে নে! সেই কথাটো শুনাৰ নিৰ্দিষ্ট ক্ষণটোলৈকে কোনোবা ছোৱালীয়ে ভাবেনে বিয়াৰ কথা! চিন্তা কৰিব পাৰে নে, যে এনেকৈ এদিন এটা প্ৰস্তাৱ আহিব। অনুমতি বিচাৰিব ঘৰৰ মানুহে। সেই উত্তৰ 'হা' হোৱাৰ অপেক্ষাত আশাৰে বাট চাই থাকিব এহাল মানুহ। পৃথিৱীৰ আটাইতকৈ আপোন মানুহহাল। আৰু সেই 'হা' ক'বলৈ গৈ কঁপি উঠিব তেওঁলোকৰ বুকুৰ ছোৱালীজনী। যোৱাৰ আগে আগে গাড়ীত উঠিবৰ সময়তো মায়ে কৈ থৈ গৈছে : মই জানো ডাঙৰ আই, তই এবাৰ 'না' ব...
#সূৰ্যফুলৰ_দেশলৈ #খণ্ড_৪৪ : ডাঙৰ আই এয়া তোলৈ আইতাৰে দি পঠিয়াইছে। কোমল কাপোৰ আৰু কপাহেৰে মেৰিয়াই থোৱা জোনবিৰি এডাল বেগৰ পৰা উলিয়াই মোৰ হাতত দি ক'লে মায়ে। ৰঙা আৰু সেউজীয়া বাখৰ খটোৱা এডাল খুব ধুনীয়া জোনবিৰি।  : ইমান ধুনীয়া মা! সোণৰ নেকি এইডাল? জোনবিৰিডাল হাতত লৈ আনন্দেৰে কৈ উঠিলোঁ মই। : উম... আইতাৰৰ বিয়াত দিয়া। বৰ যত্নেৰে সাঁচি থৈছিল ডাঙৰ নাতিনীক দিবলৈ। বৰ বেছি বস্তু নাই আইতাৰৰ। কিন্তু এইডাল তই জন্ম হোৱাৰ পিছতে তোক দিবলৈ বুলি মোৰ হাতত দিছিল। কিন্তু মইহে ইমানদিনে তোক দিয়া নাছিলোঁ। যেতিয়া বস্তুবিধৰ আদৰ, মূল্য জনা হ'বি তেতিয়াহে দিম বুলি থৈ দিছিলোঁ। এতিয়া টিভিত ওলাওতে পিন্ধিব পাৰিবি বুলিয়েই লৈ আহিছোঁ! এইবাৰ জোনবিৰিৰ আনন্দৰ ঠাইত মোৰ মনটো কিবা এক অজান দুখেৰে ভৰি আহিল। কিমান দিন যে দেখা নাই আইতাক! মোৰ পিছতে প্ৰায় সমানে সমানেই দুয়োজনী ভনী জন্ম হোৱাৰ বাবে মই আইতাৰ লগতে ডাঙৰ হোৱাৰ দৰে। বহুত ডাঙৰলৈকে আইতাৰ লগত নুশুলে টোপনি নাহিছিল মোৰ। কলেজত পঢ়ালৈকে আব্দাৰ জুৰিছিলোঁ আইতাৰ পৰা সাধু শুনাৰ। আইতাৰ গাৰ এটা বৰ ধুনীয়া গোন্ধ আছিল। চুলিত সদায়েই ডাবৰ আমলা তেল সনা আইতাৰ গাৰ পৰা অনবৰতে বাহিৰ হৈছিল সেই ত...
#সূৰ্যফুলৰ_দেশলৈ #খণ্ড_৪৩ ৰাতিপুৱা পাঁচ বজাতে এলাৰ্মৰ শব্দত জাঁপ মাৰি বিছনাৰ পৰা উঠিলোঁ। মা আৰু ভন্টি ৰাতিৰ বাছত গুৱাহাটীলৈ আহি আছে। পুৱা ছয়মান বজাতে খানাপাৰা পাবহি তেওঁলোক। আমি দিনে ৰাতিয়ে ঘূৰি ফুৰা এই গুৱাহাটী চহৰ মোৰ মাহঁতৰ বাবে এতিয়াও বৰ ডাঙৰ ঠাই, অচিনাকি ঠাই। ৰাস্তা পদূলিৰ একোৱেই আও ভাও নাপায় তেওঁলোকে। দেউতা যদিও অকলেই ঘূৰিব পাৰে কিন্তু মা আৰু ভন্টী দুজনীৰ বাবে গুৱাহাটী চহৰৰ খানাপাৰাত বাছৰ পৰা নামি কাহিলীপাৰাৰ মোৰ ৰূমটোলৈকে অহাটো এক প্ৰকাৰৰ দুৰূহ কাম।  মোৰ মনত পৰিল প্ৰথমবাৰ গুৱাহাটীলৈ অহাৰ কথা। দেউতাৰ স্কুলৰ কিবা কাম এটাৰ বাবে আহোঁতে আমাকো লগতে লৈ আহিছিল। শৰাইঘাট দলং, তাৰকাগৃহ, চিৰিয়াখানা প্ৰতিটো বস্তু দেখুৱাইছিল দেউতাই। ইমান ডাঙৰ চহৰ, ইমান ডাঙৰ ঘৰবোৰ আমি 'ৰ' লাগি চাইছিলোঁ। লৰালৰিকৈ ফ্রেশ্ব হৈ খানাপাৰালৈ বুলি ওলাই আহিলোঁ মই। চিনাকি অটোখনক কালি ৰাতিয়েই ফোন কৰি মাতি থৈছিলোঁ।  পুৱাৰ খালি ৰাস্তাৰে অটো দৌৰাইছে চালকে। দিনৰ ভাগত যি খানাপাৰালৈ আহিবলৈ কাহিলীপাৰাৰ পৰা প্ৰায় পঞ্চল্লিছ মিনিট সময় লাগে তালৈ এতিয়া প্ৰায় বিশ মিনিটতে আহি পালোঁহি। মাহঁতৰ বাছ এতিয়াও আহি পোৱা নাই। যোৰাবাটৰ  প...
#সূৰ্য্যফুলৰ_দেশলৈ #খণ্ড_৪২ : বাইদেউ বহি লওক। বহুদেৰি থিয় হৈ অহাৰ পিছত চিটি বাছখনৰ কন্দাক্টৰজনে বহিবলৈ চিট এটা দেখুৱাই দিলে। বাছখনৰ একমাত্ৰ খালি চিটটোত লৰালৰিকৈ বহি কপালত জিলিকি উঠা বিন্দু বিন্দু ঘামবোৰ ডিঙিৰ স্কাৰ্ফখনেৰে মোহাৰি খিৰিকীৰে বাহিৰলৈ চালোঁ। কিনকিনকৈ বৰষুণ পৰিছে। এপ্ৰিলৰ আৰম্ভণি। প্ৰকৃতিয়ে বসন্তক অনাৰ যো জা চলাইছে। যান্ত্ৰিক মহানগৰীৰ দুৱাৰদলিতো যেন সংগোপনে ৰৈছেহি বহাগ। ৰাস্তাৰ কাষৰ বিজ্ঞাপনৰ বৃহৎ হৰ্ডিংবোৰত লাগি ৰৈছে চিনেমা জগতৰ বিভিন্ন তাৰকাৰ মুগাৰ সাজ পিন্ধা ফটো। চিটি বাছবোৰত জুবিন ভিটালীৰ বিহুগীত। গাঁৱত বিহুৰ আগে আগে এনেকুৱা সময়বোৰত তাঁতৰ শালৰ খিট্‌ খিট্‌ শব্দই বতৰা দিয়ে বহাগ অহাৰ। গুৱাহাটীত যদিও সেই পৰিবেশ নাই তথাপি বিহুৰ আগে আগে জাপি গামোচা বা শালৰ বিভিন্ন কাপোৰেৰে উজ্বলি উঠে স্থায়ী অস্থায়ী বিপনীবোৰ। অৱশ্যে আজিকালি বাহিৰৰ গামোচায়ো অসমৰ বজাৰ শুৱনি কৰিছেহি।  চাৰিওফালৰ বিহু বিহু লগা পৰিবেশটো দেখি ঘৰলৈ বৰকৈ মনত পৰিছে। এবছৰেই হ'ল ঘৰলৈ নোযোৱা। দেউতা, মা, ভন্টিহতৰ লগত ফোনতহে মাথোঁ কথা বতৰা। চাকৰিৰ ব্যস্ততাই কেনেকৈ যে আঁতৰাই ৰাখিছে ঘৰখনৰ পৰা! ঘৰৰ মানুহেও আজিকালি 'এপাক ঘ...
#সূর্যফুলৰ_দেশলৈ #খণ্ড_৪১ অফিচলৈ সোমাই গৈয়ে দেখোঁ প্ৰত্যাশাৰ সৈতে ৰিছেপশ্যনৰ চকীত একেলগে বহি আছে দেৱলীনা বা। আজিৰ পৰা জইনিং তাইৰ। লুটফাৰ ঠাইত 'অসম Daily' ৰ ৰিছেপশ্যনিষ্ট হিচাবে জইন কৰিছে দেৱলীনা বায়ে।  প্ৰত্যাশাই ৰিছেপশ্যনৰ ফোনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে শিকাই আছে দেৱলীনা বাক। খুব আগ্ৰহেৰে প্ৰত্যাশাৰ পৰা কথাবোৰ শিকি আছে তাই। প্ৰাপ্তিৰ সুখেৰে উজ্জ্বলি উঠিছে তাইৰ মুখখন। কিমান দিনৰ পিছত যে সুখী হৈছে ছোৱালীজনী!  বুকুখন ভৰি আহিছে মোৰ। ইমান মন দি শুনিছে যে মই ৰৈ থকাৰো উমান পোৱা নাই তাই।  : দেৱলীনা বা... লাহেকৈ মাত দিলো মই। : কৃষ্ণাক্ষী... মাত দিয়েই বহি থকাৰ পৰা উঠি আহি মোক সাবটি ধৰিলেহি তাই। বহুত সময়। সাধাৰণ সৌজন্যতাতকৈ বহুত বেছি সময় তাই মোক সাবটি ধৰি থাকিলে। মোৰ গাৰ পৰা হাত এৰি দিয়াৰ পিছতো মোৰ চকুলৈ বহু সময় চাই থাকিল তাই।  : তোমাক কি বুলি ধন্যবাদ জনাম কৃষ্ণাক্ষী... চকুত মোৰ বাবে অশেষ কৃতজ্ঞতা। : মনে মনে থাকা। তুমি মোৰ আপোন। এসময়ত তুমি মোৰ বাবে কি কৰি থৈছা সেয়া মই এদিনলৈও পাহৰা নাই দেৱলীনা বা। মোৰ জীৱনৰ সেই বেয়া সময়বোৰত কেনেকৈ মোৰ ছাঁ হৈ ৰৈছিলা সেই কথা মই জীৱনত পাহৰিব নোৱাৰ...