#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৪৩
ৰাতিপুৱা পাঁচ বজাতে এলাৰ্মৰ শব্দত জাঁপ মাৰি বিছনাৰ পৰা উঠিলোঁ। মা আৰু ভন্টি ৰাতিৰ বাছত গুৱাহাটীলৈ আহি আছে। পুৱা ছয়মান বজাতে খানাপাৰা পাবহি তেওঁলোক। আমি দিনে ৰাতিয়ে ঘূৰি ফুৰা এই গুৱাহাটী চহৰ মোৰ মাহঁতৰ বাবে এতিয়াও বৰ ডাঙৰ ঠাই, অচিনাকি ঠাই। ৰাস্তা পদূলিৰ একোৱেই আও ভাও নাপায় তেওঁলোকে। দেউতা যদিও অকলেই ঘূৰিব পাৰে কিন্তু মা আৰু ভন্টী দুজনীৰ বাবে গুৱাহাটী চহৰৰ খানাপাৰাত বাছৰ পৰা নামি কাহিলীপাৰাৰ মোৰ ৰূমটোলৈকে অহাটো এক প্ৰকাৰৰ দুৰূহ কাম।
মোৰ মনত পৰিল প্ৰথমবাৰ গুৱাহাটীলৈ অহাৰ কথা। দেউতাৰ স্কুলৰ কিবা কাম এটাৰ বাবে আহোঁতে আমাকো লগতে লৈ আহিছিল। শৰাইঘাট দলং, তাৰকাগৃহ, চিৰিয়াখানা প্ৰতিটো বস্তু দেখুৱাইছিল দেউতাই। ইমান ডাঙৰ চহৰ, ইমান ডাঙৰ ঘৰবোৰ আমি 'ৰ' লাগি চাইছিলোঁ।
লৰালৰিকৈ ফ্রেশ্ব হৈ খানাপাৰালৈ বুলি ওলাই আহিলোঁ মই। চিনাকি অটোখনক কালি ৰাতিয়েই ফোন কৰি মাতি থৈছিলোঁ।
পুৱাৰ খালি ৰাস্তাৰে অটো দৌৰাইছে চালকে। দিনৰ ভাগত যি খানাপাৰালৈ আহিবলৈ কাহিলীপাৰাৰ পৰা প্ৰায় পঞ্চল্লিছ মিনিট সময় লাগে তালৈ এতিয়া প্ৰায় বিশ মিনিটতে আহি পালোঁহি।
মাহঁতৰ বাছ এতিয়াও আহি পোৱা নাই। যোৰাবাটৰ পেট্ৰল পাম্প এটাত বোলে পেট্ৰল ভৰাবলৈ সোমাইছে। পোন্ধৰ মিনিটমান সময় অপেক্ষা কৰাৰ পিছত দেখিলো বাছখন আহি ৰৈছেহি।
প্ৰায় দৌৰি যোৱাৰ দৰে গৈ মই ৰ'লোগৈ বাছখনৰ দুৱাৰদলিত। প্ৰথমতে বেগটোৰে সৈতে ভন্টি নামিল। সাবটি ধৰিলোঁ তাইক।
কিমান দিনৰ পিছত যে দেখিছোঁ!
এইবাৰ বাছৰ পৰা নামি আহিল মা। নামিয়েই মোৰ গালে মুখে হাত ফুৰালে।
: ইমান ক্ষিণাইছ ডাঙৰ আই! বৰ কষ্ট হয় নেকি অফিচত?
: মা ক্ষীণহে দেখিলা নে? মই আকৌ শকত হৈছোঁ বুলি ডায়েটিং কৰাৰ কথাহে ভাবি আছোঁ।
ভন্টিৰ হাতৰ পৰা বেগটো লৈ লাহেকৈ হাঁহি কৈ উঠিলোঁ মই।
মা অলপ ক্ষিণাইছে।
আগতকৈ যেন দূৰ্বল হৈছে।
ডিঙিৰ ছালবোৰ অকণমান কোঁচ খাইছে।
মা দেউতাহতৰো যে বয়স হ'ব পাৰে কিয় জানোঁ সেই কথা কেতিয়াও মানি ল'বলৈ মন নাযায়।
যিটো ডিঙিত ওলমি খেলিবলৈ শিকিছিলোঁ সেই ডিঙিত বয়সৰ ভাঁজ পৰিবলৈ আৰম্ভ কৰাৰ কথা সঁচাকৈয়ে অসহনীয়।
: থ থ পাই কিনো টেটেৰী মেমেৰি হোৱাতো আজিকালিৰ ফেশ্যন বুজি নাপাওঁ আই।
অটোলৈ বুলি আগবঢ়া মোৰ পিছে পিছে কৈ কৈ আহি থাকিল মা। অটো ষ্টাৰ্ট দিয়াৰ পিছতো বাৰে বাৰে আঁৰ চকুৰে মায়ে চাই থাকিল মোলৈ।
তীব্ৰ গতিৰে অটো আগবঢ়াইছে চালকে। লাহে লাহে ৰাস্তাবোৰ ভৰি পৰিছে মৰ্ণিং ৱাক কৰিবলৈ অহা স্বাস্থ্য সচেতন মানুহবোৰেৰে। মায়ে খিৰিকীৰে বাহিৰলৈ চাই গৈছে গুৱাহাটী মহানগৰী।
: আমাৰ সমান বয়সৰ মানুহেও লংপেন্ট পিন্ধি খোজকাঢ়িছে চা।
একোবাৰত মায়ে বাহিৰলৈ আঙুলিয়াই কৈ উঠিল।
একেৰাহে কথা পাতি অহা ভন্টি আৰু মই এইবাৰ বাহিৰলৈ দৃষ্টি দিলোঁ। প্ৰায় ষাঠিৰোৰ্ধৰ এজুম মহিলা। ট্ৰেক পেন্ট আৰু টি শ্বাৰ্ট পিন্ধি খোজকাঢ়িছে তেওঁলোকে।
এক ভাললগা দৃশ্য।
বয়সক হাতৰ মুঠিত ধৰি ৰাখিব পৰাটোও মহানগৰীৰ অভিজাত মানুহখিনিৰ যে এক কলা সেই কথা মই মাক বুজালোঁ।
অটোখন আহি ৰৈছিলহি মোৰ ৰূমৰ গেইটত।
: এইকণ বাট আহোতেই ইমান টকা লয়নে?
মই বেগৰ পৰা পইচাখিনি উলিয়াই অটোচালকক দিয়াৰ লগে লগেই কৈ উঠিল মায়ে। মানুহজনে মৃদুভাৱে হাঁহিলে মাৰ কথাত।
ৰূমৰ দুৱাৰ খুলিলোঁহি। দেউতা যদিও ইয়ালৈ আহিছে কিন্তু মা কেতিয়াও এই ৰূমটোলৈ আহি পোৱা নাই।
: এই পাৰ বাঁহ যেন ৰূমটোত কেনেকৈ থাক অ' ডাঙৰ আই!
মই দুৱাৰ খোলাৰ লগে লগে কৈ উঠিল মায়ে।
: এজনী মানুহৰ কাৰণে একেবাৰে জোখৰ ৰূম মা। আহাঁ মুখ হাত ধুই লোৱাহি।
ৱাশ্বৰূমৰ দুৱাৰ খুলি পানীৰ টেপটো খুলি দি ক'লো মই। ভন্টিয়ে মোৰ ৰূমৰ প্ৰতিটো বস্তু তন্ন তন্নকৈ চাবলৈ ধৰিলে। টেবুলৰ কিতাপবোৰ, টেবুলৰ সন্মুখৰ ৱালত লগাই ৰখা ডিউটি লিষ্টখন সকলোবোৰ বস্তু ৰূমলৈ সোমায়েই পিটিকি পিটিকি চাবলৈ ধৰিলে তাই। মই বিছনাতে বহি মৃণ্ময় দুৱৰালৈ এটা মেছেজ লিখিলোঁ
: চাৰ মোৰ দহ বজাৰ পৰা থকা ডিউটিটো মই দুই বজাৰ পৰা কৰিব পাৰোঁ নে? মা আহিছে গাঁৱৰ পৰা। ডক্টৰৰ ওচৰলৈ নিব লাগিছিল।
: অ'কেই।
প্ৰায় এক মিনিটৰ ভিতৰতে মাথোঁ এটা শব্দৰে ৰিপ্লাই দিলে মৃণ্ময় দুৱৰাই।
: মাৰ ভৰিখন এতিয়া কেনেকুৱা অ' ভন্টি?
মোবাইলটো আঁতৰাই থৈয়েই সুধিলোঁ মই।
: একেই আছে অ'। ডাক্তৰৰ এপইণ্টমেণ্ট কেইবজাত ডাঙৰ বা?
: এঘাৰ বজাত পোৱাকৈ মাতিছে। কিন্তু অকণমান আগতেই যাব লাগিব।
লাহেকৈ উত্তৰ দিলোঁ মই।
কিছুদিনৰ পৰা ভৰিৰ বিষ এটাই আমনি কৰিছে মাক। প্ৰথমচোৱাত একো নক'লেই। এদিন দুপিয়াই দুপিয়াই খোজকঢ়া দেখিহে দেউতাই সুধি গম পালে যে এটা প্ৰচণ্ড ভৰিৰ বিষে ভিতৰি কোঙা কৰি পেলাইছে মানুহজনীক। লগে লগে দেউতাই নি ডাক্তৰক দেখুৱালে যদিও সেইখিনি দৰবেৰে বৰ বিশেষ ভাল পোৱা নাই।
হঠাৎ খোলা দুৱাৰেৰে সোমাই আহিল দেৱাশ্ৰী বা। হাত ভৰি ধুই ওলাই আহিছে মা। মই দেৱাশ্ৰী বাক চিনাকি কৰি দিয়াৰ লগে লগেই তাই মাক সেৱা এটা কৰি ভন্টিৰ গালত লাহেকৈ চুই মৰম কৰি মোক সুধিলে
: ব্ৰেকফাষ্ট কি বনাইছ কৃষ্ণা?
: চাওঁচোন কি বনাও। ভবাই নাই।
আচলতে আমাৰ গাঁৱৰ ঘৰবোৰত ব্ৰেকফাষ্ট বুলি বিশেষ কিবা এটা নাথাকেই কেতিয়াও। চাহ খোৱাৰ অলপপৰ পিছতে ভাত খোৱাৰ অভ্যাস মাহঁতৰ।
: মই ৰাতি মটৰ তিয়াই থৈছিলোঁ। ঘুগুনি কৰিম। তই লুচী অলপ বনা। আমি সকলোৱে একেলগে খাম।
দেৱাশ্ৰী বাৰ কথাত মালৈ চালোঁ মই। ৰুটি লুচীতকৈ ভাত কেইটামান হ'লেই ভালপায় তেওঁ। কিন্তু দেৱাশ্ৰী বাৰ কথাত এটি হাঁহিৰে মায়ে কৈ উঠিল
: হ'ব দিয়া। আমি আজি একেলগেই খাম। মই আচাৰ অলপো আনিছোঁ। লুচীৰ লগত খাই ভালেই লাগিব।
হাঁহিমুখেৰে ওলাই গ'ল দেৱাশ্ৰী বা। মই জানোঁ কাকো না কৰিব নোৱাৰে মোৰ মায়ে। লাগিলে সেয়া নিজেই খুব কষ্ট পোৱা কথা এটাই নহওক কিয়!
সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰাৰ পিছত আমি ওলাই আহিলোঁ দিছপুৰ পলিক্লিনিকলৈ বুলি। অস্থিৰোগ বিশেষজ্ঞ ডঃ ৰজত গাৰ্গৰ এপইণ্টমেণ্ট কালিয়েই ফোন কৰি লৈ থৈছিলোঁ মই।
দহ বাজি বাৱন্ন মিনিট গৈছে। ৰিছেপশ্যনৰ চকীবোৰ ইতিমধ্যেই বিভিন্ন ৰোগীৰে ভৰি পৰিছে। আমাৰ নাম দহ নম্বৰত। ল'ৰা এজনে হাতত কাগজ এখন লৈ মাতি গৈছে নামবোৰ।
: পাঁচ গৈছেহে। বহুত দেৰি আছে আমাৰ।
মায়ে সৰুকৈ ক'লে।
ইতিমধ্যেই এঘাৰ বাজি গৈছে। দুই বজাত মই অফিচ পাবগৈ লাগিব। এজন এজন পেছেন্টক বহু দেৰি চাইছে ডাক্তৰজনে। উচপিচাবলৈ ধৰিলোঁ মই। দুই বজাত অফিচ পোৱা মানে মই ডেৰ মান বজাত ওলাব লাগিব। তাৰ আগতেই ৰূমত থ'বগৈ লাগিব মা আৰু ভন্টিক। এবাৰত ভাবিলোঁ অনুৰোধ কৰি অকণমান আগলৈ আনি লওঁ নেকি নামটো। কিন্তু পিছমুহূৰ্ততে ভাৱ হ'ল সকলোতো একেই ৰোগী। একেই বিষ বেদনাৰে জৰ্জৰিত।
এইবাৰ অকণমান উঠি আহিলোঁ মই। আমাৰ সন্মুখেৰেই ষ্ট্ৰেচাৰত গোটেই গা সেউজীয়া কাপোৰেৰে ঢাকি উলিয়াই আনিছে এজন ৰোগীক। হয়তো অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াইছে। চকুহাল মুদি আছে ৰোগীজনে। এনাস্থেচিয়াৰ প্ৰভাৱ এতিয়াও আঁতৰা নাই।
এইবাৰ পুনৰ মাৰ কাষত বহিবলৈ বুলি উভতিবলৈ লৈ হঠাৎ এখন চিনাকি মুখ দেখি চকুৰ পলক জপাবলৈও যেন পাহৰি গ'লো মই।
সুদীপ্ত চৌধুৰী।
কান্ধত ল'ৰাটো পেলাই লৈ খুব খৰখোজেৰে সোমাই আহিছে হস্পিতালখনৰ ভিতৰলৈ। প্ৰায় আউলি বাউলি চুলি, ঘৰত থকা সাজেৰেই পিছে পিছে উধাতু খাই আহিছে পত্নী।
আগবাঢ়ি গ'লো মই।
: বাইদেউ...
: কৃষ্ণাক্ষী...তুমি ইয়াত?
: মাক ডাক্তৰৰ ওচৰত দেখুৱাবলৈ আনিছিলোঁ।
: ঋষিৰ গা আকৌ বৰ বেয়া কৰিছে। হঠাৎ ৰাতিপুৱা লেবেজান দিলে ল'ৰাটোৱে..
মানুহগৰাকীয়ে যেন কথাখিনি ক'বলৈকো খুব কষ্ট পাইছে।
ৰিছেপশ্যনত কিবা এটা সুধি আকৌ পত্নীৰ কাষত থিয় দিছেহি সুদীপ্ত চৌধুৰী আৰু কৈ উঠিছে
: ডাক্তৰ আহি পোৱা নাই। আৰু দহ মিনিটমান লাগিব বোলে।
মানুহজন বহি পৰিল চকী এখনত। এইবাৰ মই লৰালৰিকৈ আগবাঢ়ি গ'লো ঋষিৰ ওচৰলৈ। তাক পথালিকৈ কোলাত শুৱাই লৈছে সুদীপ্ত চৌধুৰীয়ে।
তাৰ মুখখনলৈ চালোঁ।
উফ! কোনো প্ৰাণ থকা মানুহৰ মুখ এনে নিস্তেজ মই কেতিয়াও দেখা নাই। কাগজ এখিলাৰ দৰে শেঁতা পৰি গৈছে ল'ৰাটো। দুচকু টোপনি যোৱাৰ দৰে মুদি আছে সি। মই আলফুলে হাত ফুৰালোঁ তাৰ গাল আৰু মূৰত। ক'ব নোৱাৰাকৈ দুচকু ভৰি আহিল মোৰ।
ঋষিৰ মাকলৈ চালোঁ। বহুকেইখন খালি চকী থকা সত্বেও ৱাল এখনত ভেঁজা দি দুচকু মুদি থিয় দি ৰৈছে তেওঁ।
সুদীপ্ত চৌধুৰীৰ দুচকুও যেন আজি একেবাৰে ঢেলা। মোক সন্মুখত দেখিলে প্ৰতিদিনে তেওঁৰ দুচকুত দেখা অসহজবোধো আজি যেন নাই।
তেওঁ আজি মাত্ৰ এজন পিতৃ।
সন্তান হেৰুওৱাৰ ভয়ত বিধস্ত এজন পিতৃ।
একেথিৰে চাই ৰৈছে সন্তানটিৰ মুখলৈ।
এবাৰত মোক লাহেকৈ মাত দিলে
: ভালে আছা কৃষ্ণাক্ষী?
তেওঁৰ প্ৰশ্নত মূৰ দুপিয়াই লাহে লাহে মই মানুহগৰাকীৰ কাষলৈ উঠি আহিলোঁ।
: বাইদেউ...
মাত দিলোঁ সৰুকৈ।
দুচকু মেলি তেওঁ মোলৈ চালে।
: চিন্তা নকৰিব। ঋষি ভাল হ'ব বাইদেউ। ইমানবোৰ প্ৰাৰ্থনা অথলে নাযায়।
মানুহগৰাকীৰ দুচকুত জলমল কৰিছে চকুপানীয়ে।
: ভগৱান কেতিয়াবা নাই যেন লাগে কৃষ্ণাক্ষী। তাৰ সলনি যদি এই কষ্টবোৰ যদি মোকেই দিলেহেঁতেন ঈশ্বৰে।
থোকাথুকি মাতেৰে কৈ উঠিল মানুহগৰাকীয়ে।
: তেজ দিব লাগিলে মোক মাতিব বাইদেউ। ৰাতি বাৰ বজাতো মোক দৰকাৰ হ'লে ফোন কৰিব। মই সদায়েই আছোঁ। ঋষি ভাল হ'ব। সি ভাল হ'বই লাগিব।
লাহে লাহে মূৰ দুপিয়ালে তেওঁ।
: সুদীপ্ত চৌধুৰী...
ৰিছেপশ্যনিষ্ট গৰাকীয়ে নাম ধৰি মতাত সোমাই গ'ল মানুহহাল। মই ঘূৰি আহি আকৌ মাৰ কাষত বহিলোঁ।
প্ৰায় বাৰ বজাত আমাৰ নাম মাতিলে। মাক দেখুৱাই লৰালৰিকৈ প্ৰয়োজনীয় পৰীক্ষাখিনি কৰাই তেওঁলোকক ৰূমত থৈ অফিচলৈ বুলি ওলাই আহিলোঁ মই।
মাৰ অৰ্থৰাইটিজ। মনটো এক বিষাদেৰে যেন ভৰি পৰিল। ইমানদিনে নেদেখুৱাৰ বাবে ডাক্তৰে মৃদু ভৰ্ৎসনা কৰি উঠিল মাক।
আচলতে বেমাৰবোৰ মায়ে কেতিয়াও নকয়েই। আগতে মই সদায়েই ভাবোঁ আমাৰ যেনেকৈ এজাক বৰষুণত তিতিলেই জ্বৰ,কাঁহ, মূৰৰ বিষ আদি নানানটা বেমাৰেৰে নাযায় নুপুৱাই হয় মাৰ কেতিয়াও নহয়!
কিন্তু ডাঙৰ হৈ বুজিলোঁ মাকবোৰৰো বেমাৰ হয়। অসুখ হয় মাকবোৰৰো। তেওঁলোককো আৰামৰ প্ৰয়োজন। কিন্তু সেই কথা মাকবোৰে লুকুৱাই ৰাখে (নে ক'বলৈ সুযোগেই নাপায়!)।
মই ক্লাছ ছিক্স নে চেভেনত পঢ়ি থকাৰ কথা। এবাৰ স্কুলৰ পৰা আহি দেখিছিলোঁ মাৰ জ্বৰ উঠা। কিন্তু সেইদিনাও টেবুলত আমাৰ বাবে ভাত ডালি ভাজি সজাই ধুনীয়াকৈ ঢাকি থোৱা আছিল। কেৱল সেয়াই নহয়, ভন্টিয়ে জিকাৰ ভাজি খাই বেয়া পায় বুলি বেলেগকৈ আলু এটাও ভাজি থৈছিল মায়ে। আমাৰ বেমাৰ হ'লে ওৰে নিশা বিছনাৰ কাষত বহি ৰোৱা মাৰ একো অসুখৰ যে উমানেই নাপাওঁ আমি। এতিয়াও দেউতাই জোৰ কৰি গুৱাহাটীলৈ পঠিওৱাৰ বাবেহে...
: কৃষ্ণাক্ষী...
মিলু বাইদেউৰ মাতত হে তন্ময়তা ভাগিল মোৰ। প্ৰত্যাশাৰ লগত কথা পাতি ৰৈ আছে তেওঁ।
: কি ভাবি আছা? দুবাৰকৈ মাতিলোঁ।
: নাই..একো নাই।
সোমাই গ'লো ভিতৰলৈ। বেগটো থৈ বহি পৰিলোঁ। তেজস্বীনি বায়ে কোনোবা গেইষ্ট এগৰাকীক ফোন কৰি বিহুৰ অনুষ্ঠানৰ বাবে ঠিক কৰি আছে। ফোনটো থৈয়েই মোৰ ফালে চাই ক'লে
: বাকী গেইষ্টকেইজন তুমি ঠিক কৰা কৃষ্ণাক্ষী। মোৰ দেৰি হৈছে। দুটালৈকে ডিউটি আছিল। এঠাইলৈ যাবলৈও আছে। তোমাৰ বাবেই ৰৈ আছিলোঁ মই। আৰু শুনা বিহু স্পেচিয়েল আৰু কিবা প্ৰগ্ৰেম কৰিব পৰা যায় নেকি এবাৰ ভাবিবাচোন।
কৈয়েই লৰালৰিকৈ বেগটো লৈ গুচি গ'ল তেওঁ। তেজস্বীনি বায়ে দি থৈ যোৱা কাগজখন হাতত লৈ চালোঁ এতিয়াও বহু কেইজন বাকী আছে।
: বিহুৰ প্ৰগ্ৰেমৰ তৈয়াৰী?
মই লিষ্টখন উলিয়াই ফোন কৰিবলৈ লওঁতেই মোৰ কাষত থিয় দিলেহি মান্যতা।
: নক'বা আৰু! বহু কেইজন বাকী আছে জানানে? তোমাৰ আজিলৈ শেষ নেকি?
: নহয় অ'। জেনেৰেল ডিউটি মোৰ। ছয় বজাত হে শেষ হ'ব। চাৰে তিনি বজাত আকৌ বুলেটিন আছে। আজিকালিতো বুলেটিন পঢ়াহে আৰু! বাকী প্ৰগ্ৰেমবোৰতো তোমাৰ হাতলৈকে গ'লগৈ।
তাইৰ শেষৰ কথাষাৰৰ সুৰটোত উচপ খাই উঠিলোঁ মই।
মোৰ হাতলৈকে গ'লগৈ মানে!
কি ক'বলৈ খুজিছে তাই!
: কি বুজাবলৈ বিচাৰিছা মান্যতা?
: মই যি বুজাবলৈ বিচাৰিছোঁ সেয়া তুমি ভালকৈ বুজিছা কৃষ্ণাক্ষী। আগতে বিহু পূজাৰ সময়ত কোন গেইষ্টক মাতিব লাগিব, কোনটো অনুষ্ঠানৰ কেনেকৈ তৈয়াৰী কৰিব লাগিব এই গোটেই কথাবোৰ তেজু বায়ে মোৰ লগত বহিয়েই ঠিক কৰিছিল। কিন্তু লাহে লাহে দেখিছোঁ এই গোটেই কথাবোৰ তোমাৰ লগতহে আলোচনা কৰা হৈছে তেওঁ। ৰিপ'ৰ্টিং, প্ৰগ্ৰেমৰ গেইষ্ট ফিক্সদ কৰা গোটেইবোৰত কৃষ্ণাক্ষী বৰুৱা নহ'লেই নহয়! নহ'বই বা কিয়, আমিতো আৰু দুৱৰা চাৰৰ কেবিনত চাহ খাই কাম উলিয়াব নাজানোঁ।
কথাখিনিয়ে যেন মোৰ বুকুৰ কোনোবাখিনিত বেয়াকৈ আঘাত কৰিলে। তথাপি মুখত সেই ভাৱ নেদেখুৱাই বৰ শান্ত স্বৰেৰে ক'লো
: তোমাৰ ঠেক মগজুৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই মান্যতা। আনে কি ভাৱে সেয়াতো আৰু মোৰ কন্ট্ৰ'লত
নাই।
উচাৎ মাৰি আঁতৰ হ'ল মান্যতা।
আৰু মই তেনেকৈয়ে কাগজ কলম সন্মুখত লৈ বহি থাকিলোঁ বহুপৰ।
কিয় ক'লে মান্যতাই এই কথা!
কোনোবাই মোৰ কাম ভালপাই যদি দুটা কাম পাচিছে সেয়াতো মোৰ ভুল হ'ব নোৱাৰে! আজিলৈকে কোনোদিনেই মই নমতাকৈ সোমাই পোৱা নাই মৃণ্ময় দুৱৰা বা আন কাৰোবাৰ কেবিনত। উপযাচি গৈ কেতিয়াও কাঢ়ি লোৱা নাই কাৰো কাম।
তথাপি...
এসময়ত চিন্তাবোৰ মন মগজুৰ পৰা আঁতৰ কৰি কামত ধৰিলোঁ। মাজে মাজে চিন্তা কৰি থাকিলোঁ তেজস্বীনি বায়ে কৈ যোৱা স্পেচিয়েল অনুষ্ঠানটোৰ কথা।
কি কৰিব পৰা যায়!
কেনেকৈ সকলোতকৈ বেলেগ কৰিব পৰা যায় অনুষ্ঠানটো!
সকলো অতিথিক ফোন কৰা হৈ গৈছিল। তিনিজন অতিথিৰ বাহিৰে বাকী সকলোৱে কথা দিছিল 'অসম Daily' লৈ অহাৰ।
হঠাৎ মোৰ মনত ক্ৰিয়া কৰিবলৈ ধৰিলে অন্য এক কথাই। প্ৰায় বিশজনমান গায়ক গায়িকাক আমন্ত্ৰণ কৰা হৈছে চেনেললৈ। অৰ্থাৎ গোটেই দিনকেইটা প্ৰায় একেধৰণৰ অনুষ্ঠানেই হ'ব।
কিন্ত কেনেকুৱা হ'ব যদিহে আমন্ত্ৰণ কৰা হয় এজন ঢোলৰ ওজাক!
মোৰ হঠাৎ মনত পৰিল আমাৰ গাঁৱৰ কিৰণ ককালৈ। ঢোলৰ ওজা কিৰণ ককা। ঢোলৰ কথা ওলালেই ককাই বৰ বৰ দুখেৰে কৈ উঠে তেওঁলোকৰ দুৰৱস্থাৰ কথা। কেনেকৈ ঠায়ে ঠায়ে গজি উঠা বিহুমেলাবোৰত কোনো স্থান নাই ককাহঁতৰ। কেতিয়াবা কাচিৎ কোনোবাই মাতিলেও আমন্ত্ৰিত গায়ক গায়িকাসকলে গাই হোৱাৰ পিছত অকণমান সময়ৰ বাবেহে মঞ্চত উঠিবলৈ দিয়া হয় তেওঁলোকক। কোনো শিল্পী পেঞ্চনে ঢুকি নোপোৱা ককাই এতিয়াও বিহু আহিলে ঢোলৰ বৰতি টানি ঢোলটো ঠিক কৰি চোতালতে কেইচাপৰমান মাৰে। হুঁচৰি গাবলৈ যোৱা ল'ৰাবোৰক শুদ্ধ কৰি দিয়ে ভুল হোৱা ঢোলৰ চেও।
কিন্তু কাক আমন্ত্ৰণ কৰোঁ!
কালিলৈকে আহিব পৰাকৈ কাক আমন্ত্ৰণ কৰিব পাৰোঁ মই! আৰু তেনেকুৱা ককোৱেইতো মই চিনি নাপাওঁ ইয়াত।
কাক সোধা যায়!
বহুদেৰি চিন্তাৰ পিছত অকস্মাতে মোৰ মনলৈ আহিল এটা নাম।
অবিনাশ। হয়, অবিনাশ।
আমাৰ চৌহদতে থকা, বেংকত চাকৰি কৰা সেই ল'ৰাজন। গান ভালপোৱাৰ উপৰিও বৰ ধুনীয়াকৈ বিভিন্ন বাদ্যযন্ত্ৰ বজাই তেওঁ। সেইসূত্ৰেই বহুত মানুহৰ লগত চিনাকীও আছে তেওঁৰ।
অবিনাশৰ কথা মনত পৰাৰ লগে লগেই ফোন কৰিলোঁ। তেৱেঁই জনালে ৰঙিয়াৰ ফালৰ এজন ওজাৰ কথা। ফোন নম্বৰো দিলে। মই মানুহজনলৈ ফোন কৰি ঠিক কৰিলোঁ অনুষ্ঠানটো। বাৰে বাৰে সুধিলে মানুহজনে
: আপুনি নিশ্চিত নে যে মোকেই মাতিছে আপুনি?
সুখী হৈ উঠিছে মানুহজন।
তেজস্বীনি বাক ফোন কৰি জনালোঁ তেওঁক আমন্ত্ৰণ কৰাৰ কথা।
গোটেই কামখিনি কৰি ঘড়ীলৈ চাই দেখোঁ ন বাজিবৰ হ'ল। যদিও দহ বজাতহে মোৰ ডিউটি শেষ হ'ব তথাপি কামখিনি শেষ হোৱাৰ বাবে ঘৰলৈ যাবলৈ মন গ'ল মোৰ। অহাৰ পৰা মাহঁতৰ লগত ভালকৈ কথাই পতা হোৱা নাই। এতিয়া ওলালে অফিচ কেব নাপাওঁ। তথাপি অটো এখন লৈয়েই গুচি যাব পাৰিম।
অনুমতি ল'বলৈ বুলি আগুৱাই গ'লো মৃণ্ময় দুৱৰাৰ কেবিনলৈ। কিবা এটা চিন্তাত বিভোৰ মানুহজন।
: চাৰ..
: অ.. কৃষ্ণাক্ষী। আহাঁ।
মই মাত দিয়াৰ লগে লগে খপজপকৈ কৈ উঠিল তেওঁ।
: আজি মই অকণমান সোনকালে ওলাব পাৰিম নেকি চাৰ?
মোৰ প্ৰশ্নত ঘড়ীলৈ চালে মানুহজনে আৰু ক'লে
: আৰু এঘণ্টাহে আছে। তদুপৰি এতিয়া ওলালেতো তুমি কেব নোপোৱা!
মানুহজনে যে মই সোনকালে যাব খোজা কথাটোত ভালপোৱা নাই, সেই কথা পৰিস্ফুট হৈ পৰিল তেওঁৰ মুখত।
: অটো লৈ যাম ছাৰ। আচলতে মা আৰু ভন্টি আহিছে। সেয়েহে...
: যোৱা যোৱা।
: ঠেংক ইউ চাৰ।
: শুনা...
মই ঘূৰিবলৈ লওঁতেই মাত দিলে তেওঁ।
: কওক চাৰ।
: অটো লৈ যাব নালাগে। মই সেইফালেই গৈ আছোঁ। তোমাক ড্ৰপ কৰি দিম দিয়া।
: নাই নালাগে চাৰ। মই অকলে যাব পাৰিম।
: আঃসা। কিয় নোৱাৰিবা যাব। মই সেইফালে যাম কাৰণেহে। কিন্তু তুমি যদি বেয়া পাইছা তেন্তে ...
মানুহজন যেন মুহূৰ্ততে অসন্তুষ্ট হৈ পৰিল। এইবাৰ লৰালৰিকৈ কৈ উঠিলোঁ মই
: ঠিক আছে চাৰ। মই বেগটো লৈ আহোঁ তেনেহলে।
কথাষাৰ মানুহজনক কৈ মই আঁতৰি আহিলোঁ। টেবুলৰ পৰা বেগটো লৈ মেকআপ ৰূমলৈ ভুমুকিয়াই মাত লগালোঁ প্ৰেংকিক।
: তুমি কাম কৰা দেই প্ৰেংকি। মই আজি অলপ সোনকালেই যাওঁ।
: অকলে যাবা?
: নহয় নহয়। দুৱৰা চাৰ সেইফালেই ক'ৰবালৈ যাব। মই তেওঁৰ লগতে যাম।
এইবাৰ ক্ষন্তেক তভক মাৰি ৰ'ল সি আৰু ক'লে
: আৰু অলপপৰ হে। কেবতে নোযোৱা কিয়? দুৱৰা চাৰৰ লগত কিয় যাব লাগে?
: নহয় অ'। মাহঁত আছে যে অকণমান সোনকালেই ওলাই দিওঁ।
প্ৰেংকিয়ে হয়তো আৰু কিবা ক'ব খুজিছিল কিন্তু দুৱাৰখন জপাই ওলাই আহিলোঁ মই।
লৰালৰিকৈ বাহিৰ ওলাই দেখোঁ গাড়ী লৈ তলতে ৰৈ আছে মৃণ্ময় দুৱৰা। দুৱাৰ খুলি গাড়ীত বহিলোঁ। এখন বিলাসী গাড়ী। ভিতৰখনত খুব ধুনীয়া এক সুগন্ধি। মৃদু সুৰেৰে সংগীত বাজিছে
"মোৰ ফাগুন আছেহি আহি ৰৈ
তোমাৰ কথাকে ক'বলৈ
আছেনে সময় তোমাৰ
সমীৰৰ খবৰ শুনাৰ
অধীৰ নহ'বা অঞ্জনা..."
: তুমি কাহিলীপাৰাত থাকা নহয়?
হঠাৎ সুধিলে মানুহজনে।
এদিন কথা প্ৰসংগত সুধিছিল তেওঁ মোৰ ঠিকনা। ইমান মনত ৰাখিছে!
আচৰিত!
: হয় চাৰ।
মুখেৰে একো নমতাকৈ গাড়ী চলাই গৈছে মানুহজনে।
বহুদেৰি এনেকৈয়ে অহাৰ পিছত সৌজন্যতাৰ খাতিৰতে সুধিলোঁ মই
: মেম ভালে আছে নে চাৰ?
এইবাৰ হঠাৎ মোৰ ফালে ঘূৰিলে তেওঁ আৰু লাহেকৈ ক'লে
: ইমান ধুনীয়া গান, ইমান ধুনীয়া পৰিবেশত এতিয়া ঘৰৰ কথা নাপাতো দিয়া কৃষ্ণাক্ষী।
ৰৈ গ'লো মই।
কিয় জানো মোৰ হঠাৎ মনলৈ আহিল সুদীপ্ত চৌধুৰীৰ কথা। এদিন এনেকৈয়েতো তেওঁ...
এইবাৰ মই একো নামাতি খিৰিকীৰে বাহিৰলৈ চালোঁ আৰু ক্ষণ গণিলোঁ ঘৰলৈ গৈ পোৱাৰ। আৰু কেইমিনিটমানৰ পিছতে ঘৰ পামগৈ।
প্ৰচণ্ড বতাহ বলিছে বাহিৰত।
চ'তৰ শেষৰ ৰাস্তাৰ ধূলি উৰুৱাই নিছে বতাহজাকে।
ধূলিৰ ধুমুহা।
বৰষুণ অহা নাই।
ঠিক যেন বৰদৈচিলাৰ আগমন।
দোকানবোৰ বন্ধ কৰিছে, ৰাস্তাৰ কাষৰ সৰু সৰু ঠেলাবোৰ ট্ৰিপালেৰে ঢাকি গৈছেগৈ মানুহবোৰ।
মোৰ সো উৰুত এইবাৰ কিবা এটা স্পৰ্শ অনুভৱ হোৱাত হঠাৎ উচপ খাই ঘূৰি চাই দেখোঁ মৃণ্ময় দুৱৰাই হাত ৰাখিছে।
থৰ লাগি ৰ'লো মই। লাহেকৈ উচ্চাৰিলো
: চাৰ...
: কৃষ্ণাক্ষী প্লিজ। প্লিজ মোক অকণমান মৰম দিয়া।
: চাৰ... এয়া কি কৈছে আপুনি...?
গাড়ীৰ গতি যেন আগতকৈ কমি আহিছে।
: তুমি যিমান ওপৰলৈ যাবলৈ বিচাৰা মই তোমাক লৈ যাম। মোক মাথোঁ অলপ সংগ দিয়া কৃষ্ণাক্ষী। কথা দিছোঁ কোনেও গম নাপাব এই কথা। প্লিজ... মোক নিৰাশ নকৰিবা...
: গাড়ী ৰখাওক।
বৰ শান্ত স্বৰেৰে ক'লো মই।
: কাহিলীপাৰা এতিয়াও পোৱাহি নাই।
: আপুনি গাড়ী ৰখাওক চাৰ। মই কৈছোঁ আপুনি গাড়ী ৰখাওক।
: ধুমুহা আহিছে কৃষ্ণাক্ষী। হয়তো বৰষুণ দিব।
: আপুনি গাড়ী ৰখাব নে চাৰ?
সজোৰে ক'লো মই।
এইবাৰ মানুহজনে ৰাস্তাৰ একাষে নি ৰখাই দিলে গাড়ীখন। গাড়ীখনৰ লকটোত হাত দি মই তেওঁৰ ফালে ঘূৰিলোঁ আৰু তেওঁৰ চকুত চকু ৰাখি বৰ স্পষ্টকৈ ক'লো
: আপুনি কিয় ভাবি ল'লে এই কৃষ্ণাক্ষী বৰুৱাই সামান্য এটা চাকৰিৰ খাতিৰত আত্মসন্মান বিক্ৰী কৰিব বুলি? ওপৰলৈ যাবলৈ মোক আপোনালোকৰ দৰে নিকৃষ্ট মনৰ মানুহৰ গাত ভেজা দিয়াৰ প্ৰয়োজন নাই। আপুনি হয়তো নাজানে জীৱিকাৰ বাবে ৰাস্তাই ঘাটে,দোকানে বজাৰে কিতাপ বিক্ৰী কৰি ঘূৰি ফুৰা ছোৱালী মই। কোনো কাৰণতেই আত্মসন্মান জলাঞ্জলি দিবলৈ শিকা নাই কেতিয়াও। আৰু দ্বিতীয়দিনা যদি এনেকুৱা কিবা চিন্তা মনলৈ আনে তেন্তে মনত ৰাখিব 'অসম daily' চেনেলৰ পৰা মই ৰিজাইন দিম। আৰু সেই ৰেজিগনেশ্যন লেটাৰত মই কেতিয়াও নিলিখোঁ ব্যক্তিগত সমস্যাৰ বাবে চাকৰি এৰা বুলি। তাত মই ডাঙৰ ডাঙৰকৈ লিখি থৈ যাম যে এডিটৰ ইন চিফ মৃণ্ময় দুৱৰাৰ লেতেৰা স্বভাৱৰ বাবে কাম কৰিব নোৱাৰি মই এই পদক্ষেপ ল'বলৈ বাধ্য হ'লো।
কথাখিনি কৈয়েই দুৱাৰ খুলি নামি পৰিলোঁ। ধুমুহা ডাঙৰকৈ আহিছে। প্ৰায় আধা কিলোমিটাৰ বাট এতিয়াও আছে। প্ৰচণ্ড ধুমুহাৰ মাজেৰে খৰ খোজেৰে আহি থাকিলোঁ মই।
ওপৰলৈ লৈ যাবলৈ বিচাৰে মোক মৃণ্ময় দুৱৰাই!
কিন্তু তেওঁ হয়তো বুজা নাই নিজৰ আত্মসন্মান ৰক্ষাৰ খাতিৰত এনেকুৱা হাজাৰটা চাকৰি এৰি দিবলৈ মই তিলমানো কুন্ঠাবোধ নকৰোঁ।
জীৱনে কম সময়তে বহুত কথাই শিকালে।
এই প্ৰচণ্ড ধুমুহাৰে যেনেকৈ মই আহি আছোঁ জীৱনৰ হাজাৰ ধুমুহাৰ মাজেৰেও নিজৰ আত্মসন্মান ৰক্ষা কৰি এনেকৈ আগুৱাই যাবলৈ মই প্ৰস্তুত।
কোনো মৃণ্ময় দুৱৰা বা সুদীপ্ত চৌধুৰীলৈ ভয় কৰা মানুহ এতিয়া এই কৃষ্ণাক্ষী বৰুৱা নহয়।
মই আহি ৰূমৰ দুৱাৰ মুখ পালোঁহি। নিজকে স্বাভাৱিক কৰিবলৈ অকণমান সময় চিৰিটোতে বহি পৰিলোঁ।
ভদ্ৰতাৰ মুখাৰ আঁৰত প্ৰতিজন পুৰুষেই একেই নেকি!
কিয়!
কিয় এনে হয়!
জীৱনে মোক বাৰে বাৰে এই কথা কিয় ভাবিবলৈ বাধ্য কৰে যে
" সকলো পুৰুষ একেই "
(আগলৈ)
©গায়ত্ৰী
Comments
Post a Comment