#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_৪৪

: ডাঙৰ আই এয়া তোলৈ আইতাৰে দি পঠিয়াইছে।

কোমল কাপোৰ আৰু কপাহেৰে মেৰিয়াই থোৱা জোনবিৰি এডাল বেগৰ পৰা উলিয়াই মোৰ হাতত দি ক'লে মায়ে। ৰঙা আৰু সেউজীয়া বাখৰ খটোৱা এডাল খুব ধুনীয়া জোনবিৰি। 

: ইমান ধুনীয়া মা! সোণৰ নেকি এইডাল?

জোনবিৰিডাল হাতত লৈ আনন্দেৰে কৈ উঠিলোঁ মই।

: উম... আইতাৰৰ বিয়াত দিয়া। বৰ যত্নেৰে সাঁচি থৈছিল ডাঙৰ নাতিনীক দিবলৈ। বৰ বেছি বস্তু নাই আইতাৰৰ। কিন্তু এইডাল তই জন্ম হোৱাৰ পিছতে তোক দিবলৈ বুলি মোৰ হাতত দিছিল। কিন্তু মইহে ইমানদিনে তোক দিয়া নাছিলোঁ। যেতিয়া বস্তুবিধৰ আদৰ, মূল্য জনা হ'বি তেতিয়াহে দিম বুলি থৈ দিছিলোঁ। এতিয়া টিভিত ওলাওতে পিন্ধিব পাৰিবি বুলিয়েই লৈ আহিছোঁ!

এইবাৰ জোনবিৰিৰ আনন্দৰ ঠাইত মোৰ মনটো কিবা এক অজান দুখেৰে ভৰি আহিল। কিমান দিন যে দেখা নাই আইতাক! মোৰ পিছতে প্ৰায় সমানে সমানেই দুয়োজনী ভনী জন্ম হোৱাৰ বাবে মই আইতাৰ লগতে ডাঙৰ হোৱাৰ দৰে। বহুত ডাঙৰলৈকে আইতাৰ লগত নুশুলে টোপনি নাহিছিল মোৰ। কলেজত পঢ়ালৈকে আব্দাৰ জুৰিছিলোঁ আইতাৰ পৰা সাধু শুনাৰ।

আইতাৰ গাৰ এটা বৰ ধুনীয়া গোন্ধ আছিল। চুলিত সদায়েই ডাবৰ আমলা তেল সনা আইতাৰ গাৰ পৰা অনবৰতে বাহিৰ হৈছিল সেই তেলৰ দৰেই এক মিঠা সুঘ্ৰাণ। বহুত পিছত হে জানিছিলোঁ সেইটো যে ডাবৰ আমলা তেলৰ গোন্ধ। আমাৰ বাবে সেইটো গোন্ধ কেৱল আইতাৰ গোন্ধ আছিল। এতিয়াও তেলবিধৰ গোন্ধ পালে এনেকুৱা লাগে, যেন আইতাৰ গাটো তেল যেন নহয়, তেলটোহে আইতা যেন গোন্ধাই।

: আইতাৰৰ গাটো আজিকালি বৰ ভাল নাথাকে ডাঙৰ আই।

মায়ে যেন মোৰ মনৰ বিষাদ এই কথাষাৰ কৈ বঢ়াইহে তুলিলে। জোনবিৰিডাল হাতত লৈ বহুদেৰি বহি থাকিলোঁ তেনেকৈয়ে।

: কাপোৰযোৰ ইস্ত্রি কৰি দিলোঁ দেই বা।

মায়ে ঘৰৰ পৰা লৈ অনা মুগাৰ কাপোৰযোৰ মোৰ হাতত দি ক'লে ভন্তিয়ে।

আজি চেনেলত বিহুৰ অনুষ্ঠানৰ ৰেকৰ্ডিং। বিহু পূজাৰ সময়ত কিমানযোৰ যে চাদৰ মেখেলাৰ প্ৰয়োজন হয় এংকৰসকলক। কিন্তু সিমানবোৰ চাদৰ মেখেলা নিজৰ পইচাৰে কিনি ল'ব পৰাকৈ দৰমহা তেওঁলোকে নাপায়। কেতিয়াবা কিছুমান নিউজ চেনেলে মেক আপ ৰূমেৰে সংলগ্ন চেঞ্জিং ৰূমত চাদৰ মেখেলা বা শাৰী অলপ আনি থয় এংকৰৰ বাবে। কিন্তু অনুষ্ঠানৰ
পৰিমাণ চাই সেয়া তেনেই নগণ্য। 'খবৰ 24×7' ত সেইকথা দেখিছিলোঁ মই। কিন্তু 'অসম Daily' চেনেলে কেৱল যোগান ধৰে এংকৰৰ ব্লেজাৰকেইটা। 'খবৰ 24×7' এ বহুকেইটা বিভিন্ন চাইজৰ একৰঙী কুৰ্তীও আনি এংকৰৰ বাবে ৰাখিছিল।

এইকেইদিন পিন্ধিবৰ কাপোৰ কেইযোৰমান মাক লৈ আনিবলৈ কৈছিলোঁ মই। কাপোৰৰ লগতে মই নোখোজাকৈয়ে মাৰ মুঠিখাৰুযোৰো লৈ আনিছে মায়ে। 

কাপোৰসাজ বেগ এটাত ভৰাই খৰধৰকৈ অফিচ পালোঁহি মই। সোমায়েই দেখোঁ ৰিছেপশ্যনৰ চ'ফাত বহি আছে আমন্ত্ৰণ কৰা ঢোলৰ ওজাজন। এজন ষাঠিৰোৰ্ধৰ ব্যক্তি। লগত এজন সৰু ল'ৰা।

এটা পুৰণা যেন লগা মুগাৰ চোলা আৰু বহুবাৰ ধোওতে শুধ বগাৰ পৰা প্ৰায় মদৰুৱা ৰং লোৱা এখন চুৰিয়া পিন্ধিছে মানুহজনে। কান্ধত এখন গামোচা। ভৰিত হাৱাই চেন্ডেল। লগত অহা ল'ৰাজন প্ৰায় বাৰ তেৰ বছৰ মান বয়সৰ। চাৰিওফালে দৃষ্টি ঘূৰাই দুয়ো অফিচটো তন্ন তন্নকৈ চাইছে। কোনোবা এপাকত প্ৰকাণ্ড লেডাৰ চ'ফাখনত আলফুলে হাতফুৰাইছে। কোনোবা এপাকত লিৰিকি বিদাৰি চাইছে চ'ফাখনৰ কাষতে সজাই ৰখা ডাঙৰ শৰাইখন।

মানুহজনৰ কাষ চাপি গ'লো মই।

: নমস্কাৰ...মই কৃষ্ণাক্ষী।

: নমস্কাৰ নমস্কাৰ। 

খপজপকৈ বহাৰ পৰা উঠিল মানুহজন। সৰু ল'ৰাজনেও দুয়োহাত যোৰ কৰি নমস্কাৰ দি টপপকৈ ক'লে

: নমস্কাৰ বাইদেউ। 

মই তালৈ চাই সামান্য হাঁহি মানুহজনক ক'লো

: আপোনাক অনুষ্ঠানটোৰ বাবে কালি ময়েই ফোন কৰিছিলোঁ। বহুদেৰি হ'ল নেকি আহি পোৱা? চাহ তাহ একাপ খালে নে বাৰু?

: আমি চাৰে ন বজাতে পালোঁহি মাজনী। প্ৰথম ট্ৰেইনখনতে আহিলোঁ গুৱাহাটীলৈ। খালোঁ খালোঁ। এওঁ আমাক চাহ বিস্কুট বৰ ধুনীয়াকৈ খুৱালে।

ৰিছেপশ্যনত বহি থকা দেৱলীনা বালৈ আঙুলিয়াই দেখুৱালে মানুহজনে। বালৈ চাই হাঁহিলোঁ মই।

: আপোনালোক অকণমান বহক। আপোনালোকৰ লগত আন এজন গায়কৰো ইণ্টাৰভিউ হ'ব। তেওঁ আহি পালেই আমি ৰেকৰ্ডিংটো আৰম্ভ কৰিম।

: ভোক লাগিছে দেউতা।

ঘূৰিবলৈ লৈছিলোঁ মাত্ৰ। ল'ৰাটোৱে মানুহজনক উদ্দেশ্যি কোৱা কথাষাৰ মোৰ কাণত পৰিল। 

: তোমাৰ ভোক লাগিছে? ৰ'বা দেই মই কিবা এটা আনিবলৈ দিওঁ। মেগী খোৱা নে?

: নাই নাই নালাগে। ই এনেই...

দেউতাক যেন বৰ অসহজ হ'ল তাৰ কথাত।

: সৰু ল'ৰা। ভোক লাগিব পাৰে। আপুনি কিবা খালে জানো!

: মোক নালাগে মাজনী। দিয়া যদি তাকে কিবা এটা খুৱাই দিয়া।

মূৰ দুপিয়াই মই আগবাঢ়ি গ'লো দেৱলীনা বাৰ ওচৰলৈ।

: বা মই মেক আপ ল'বলৈ যাওঁ। দুটা মেগীৰ পেকেট কাৰোবাৰ পৰা অনোৱাই মিলু বাইদেউক কৈ দিয়ানা মাইক্ৰ'ৱেভতে বনাই দিবলৈ। প্লিজ।

টকা পঞ্চাশটা দেৱলীনাবাৰ হাতত গুজি দি মই সোমাই আহিলো অফিচৰ ভিতৰলৈ। সোমায়েই মুখামুখি হ'লো মৃণ্ময় দুৱৰাৰ। ডেস্কত আৰু দুজনৰ সৈতে ৰাতি হ'বলগীয়া টক শ্ব' এটাৰ বিষয়ে আলোচনা কৰি আছে তেওঁ।

: গুড মৰ্ণিং চাৰ...

নিজেই মাত দিলোঁ মই।

মোৰ মাতত সাংঘাতিক ধৰণেৰে অসহজ হ'ল মানুহজন। প্ৰতিদিনেই লগে লগে বৰ সপ্ৰতিভ হৈ উত্তৰ দিয়া মানুহজনে আজি কেইচেকেণ্ডমান ৰৈ খপজপকৈ কৈ উঠিল

: গুড মৰ্ণিং...

কৈয়েই আকৌ তেওঁ নিজৰ কথাত ব্যস্ত হ'ল।

মৃণ্ময় দুৱৰাৰ সৈতে কথা পাতি থকা বাকী দুজন মানুহকো পুৱাৰ সম্ভাষণ জনাই মই মেক আপ ৰূমলৈ সোমাই গ'লো। প্ৰায় আধাঘণ্টা মানত প্ৰেংকিয়ে খুব ধুনীয়াকৈ সজাই তুলিলে মোক। মুগাৰ কাপোৰযোৰৰ লগত মিলাকৈ ডাঠ ৰঙা লিপষ্টিক, চকুত গ'ল্ডেন আই শ্বেদ' লগাইছে সি। গলধনতে পেলাই এটা ডাঙৰ খোপা বান্ধিছে। আগফালে কেইডালমান চুলি উলিয়াই কাৰ্ল কৰি পেলাই দিছে দুয়োকাষে। মেক আপ কৰি থকাৰ মাজতে এবাৰ বৰ সৰুকৈ সি মোক সুধিলে

: কালি ভালে ভালে ঘৰ পালাগৈ ন?

তাৰ প্ৰশ্নত আচৰিত হ'লো মই। প্ৰশ্নবোধক চাৱনিৰে তালৈ চালো আৰু ক'লো

: কিয় সুধিলা?

: মই বৰ চিন্তা কৰি আছিলোঁ কৃষ্ণাক্ষী। সেয়ে ঘৰ গৈ পোৱাৰ পিছত মই কল কৰিছিলোঁ তোমাক। কিন্তু ফোনত চিন্তা কৰাৰ কথা ক'বলৈ বেয়া লাগি এনেই ফোন কৰা বুলি ক'লো। কথা এটা কও বেয়া পাবা নেকি?

: কোৱাচোন।

: আজিৰ পৰা দুৱৰা চাৰৰ লগত নাযাবা। কিয়, কি কথা এইবোৰ নুসুধিবা। কেতিয়াবা ক'ম দিয়া। এটাই জানি থোৱা ছোৱালীবোৰৰ বাবে দুৱৰা চাৰ সাংঘাতিক দুৰ্বল আৰু কিছুমান বেয়া ৰেকৰ্ডো আছে তেওঁৰ।

মনে মনে ৰ'লো মই।
প্ৰেংকিয়ে কালি মোক অলপ ৰৈ কেবতে যাবলৈ কোৱা কথাষাৰৰ অৰ্থ মই যেন ভালকৈয়ে বুজি উঠিলোঁ।

মেক আপ কৰি হৈছিল। প্ৰেংকিয়ে মেকআপ কৰাৰ পিছতে দীপিকাই চাদৰ মেখেলাযোৰ বৰ ধুনীয়াকৈ পিন্ধাই দিলে। বিনু নামৰ ছোৱালী এজনীয়ে নতুনকৈ মেক আপত জইন কৰিছে। দীপিকাই মোৰ গাত দি দিয়া চাদৰখন পিন মাৰি দিলে তাই। 

ঠিক জইন কৰা নহয় প্ৰেংকি আৰু দীপিকাই কাম শিকাইছে ছোৱালীজনীক। ভালকৈ কৰিব পৰা হ'লেই ইয়াতে কামত সুমুৱাই ল'ব। ছোৱালীজনী প্ৰেংকিৰ চিনাকি। শিৱসাগৰৰ ফালৰ। হাচবেণ্ড ঢুকাল। বিয়া হোৱা দুবছৰমানহে হৈছিল।  কেইদিনমানৰ আগতে কিবা এটা কাম লাগে বুলি কান্দি কান্দি ফোন কৰিলে প্ৰেংকিক। বিয়াৰ আগতে বিউটি পাৰ্লাৰ এখনত কাম কৰিছিল। বিয়াৰ পিছত বাদ পৰিল। শিকালে মেক আপ কৰিব পাৰিম বোলাত লৈ আনিলে প্ৰেংকিয়ে। 

পাঁচদিনমান হৈছেহে অহা। এতিয়া তাৰ লগতে থাকে। কামলৈ খুব আগ্ৰহ। প্ৰেংকি আৰু দীপিকাই মেক আপ দি থাকিলে বৰ আগ্ৰহেৰে চাই থাকে তাই।

ছোৱালীজনীৰ চকুহাল অনবৰতে এই কান্দো এই কান্দোকৈ জলমলাই থাকে। যেন এখন গোমা হৈ ওফন্দি থকা আকাশ। কোনোবাই অকণমান চুই দিলেই যেন টপটপকৈ সৰিব চকুলোৰ বৰষুণ।

মই সাজু হোৱাৰ পিছতে ঢোলৰ ওজাজন আৰু সৰু ল'ৰাটোক সামান্য মেক আপ দিবৰ বাবে বিনুৱে মেক আপ ৰূমলৈ মাতি আনিলেগৈ। অকণমান পাফ নামাৰিলে ইমান ষ্ট্ৰং লাইটবোৰত খুব বেয়া দেখি। মেক আপৰ চকীখনত বহুৱাই দীপিকাই মুখত পাফটো মৰাৰ লগে লগে হোহোঁৱাই হাঁহি উঠিল মানুহজনে। হাঁহি হাঁহিয়েই ক'লে

: বোপাই ঔ সৰুতে ভাওনা কৰিছিলোঁ বুইছা। তেতিয়া আকৌ আমি এইবোৰ 'মেকাপ' নোবোলো নহয়। এইবোৰ পে'ন কৰা বুলি কওঁ। আমাক সেই পে'ন কৰি দিয়া মানুহবোৰো তোমালোকৰ দৰে ধুনীয়া নাছিল। দিন কাল বদলিল। সেই তেতিয়াৰ পৰা আজিহে এই বুঢ়া ছালত পাউদাৰ সানিছোঁ।

: আজি তই পাউদাৰ সনাৰ কথা মায়ে জানিলে বাৰু কি হ'ব দেউতা?

সৰু ল'ৰাটোৱে বৰ আনন্দ পোৱাৰ দৰে সুধিলে দেউতাকক।

: নক'বি ঔ মাৰক। এই বুঢ়া বয়সত পাউদাৰ সানি টিভিত ওলাবলৈ গৈছিল বুলি জোকাই মাৰিব মোক।

প্ৰেংকি, দীপিকা, মই আৰু বিনুৱে তেওঁলোকৰ কথাবোৰ শুনি বৰ আমোদ পালোঁ। 

ইতিমধ্যে আহি পাইছিলহি আমন্ত্ৰিত গায়কজনো। সমীৰ ৰঞ্জন তেওঁৰ নাম। জিন্সৰ পেন্টৰ লগত এটা গামোচাৰ আৰ্হিৰ শ্বাৰ্ট পিন্ধিছে তেওঁ। চুলিবোৰ একোছাকৈ বন্ধা। হাতত পকাই পকাই মনি এডাল পিন্ধিছে। কাণত পিষ্টলৰ গুলিৰ দৰে আকৃতিৰ কাণফুলি। 

ফোনত কথা পাতি পাতি সোমাই অহা গায়কলৈ থৰ  লাগি চাই ৰ'ল মানুহজন আৰু সৰু ল'ৰাজনে।

" অলপ পাতল লিপষ্টিক এটা সানি দিয়া"
" চুলিখিনি অলপ স্ট্রেইট কৰি হেয়াৰ স্প্ৰে' মাৰি দিয়া"

আদি বিভিন্ন ধৰণেৰে প্ৰেংকিক নিৰ্দেশনা দি মেক আপ লৈ সাজু হ'ল জনপ্ৰিয় গায়ক সমীৰ ৰঞ্জন।

ষ্টুডিঅ'লৈ বুলি ওলাই আহিলোঁ আমি। আহি থাকোঁতেই মই চিনাকি কৰাই দিলোঁ সমীৰ ৰঞ্জনক

: এখেত খৰ্গেশ্বৰ বৰুৱা দেই। ঢোলৰ ওজা। এসময়ত ভূপেন হাজৰিকা দেৱৰ বিহুৰ অনুষ্ঠানবোৰৰ আৰম্ভণিত ঢোল বজাইছিল তেওঁ। আৰু এয়া তেওঁৰ সৰু পুত্ৰ। 

বৰ উৎসাহেৰে কৈ উঠিলোঁ মই। বাপেক পুতেকে নমস্কাৰ জনালে সমীৰ ৰঞ্জনক। বিখ্যাত গায়কে এবাৰ মানুহ দুজনলৈ চাই মুখখন অকণমান হঁহাৰ দৰে কৰি মোৰ কাণত ফুচফুচাই কৈ উঠিল

: আপোনালোকে বেলেগ এদিনো মোৰ অনুষ্ঠান ৰাখিব পাৰিলে হয়। আজি এওঁলোকৰ লগত... মই কিন্তু একদম ভালপোৱা নাই দেই। আগতেই জনা হ'লে চিন্তা কৰি চালোঁহেঁতেন। দুটামান বেলেগ চেনেললৈও মাতিছিল। সেয়া কেঞ্চেল কৰি ইয়ালৈ আহিলোঁ। আৰু এতিয়া আহি দেখিছোঁ এইবোৰ...আপোনালোক জনা শুনা মানুহ। এইবোৰ কাম কৰিব নাপায় নহয়। বাৰু বাদ দিয়ক এইবোৰ। অসমীয়াই গাব লাগিব নে হিন্দীও চলিব। মোৰ হিন্দী গীত এটা এইকেইদিনতে ৰিলিজ হ'ব।

: আমাৰ অনুষ্ঠানটো বিহু বিশেষ সমীৰ। তাত হিন্দী গান কেনেকৈ চলিব? কেতিয়াবা বেলেগ সময়ত চলি গ'লেও আজি ঢোলৰ ওজাৰ লগত আপুনি হিন্দী গাব?

: আজিকালি বিহুৰ অনুষ্ঠানবোৰতো দেখোন ৰাইজে হিন্দী গাবলৈয়ে অনুৰোধ কৰে।

এইবাৰ মই একো উত্তৰ নিদিলোঁ তেওঁক।
আমি আহি ষ্টুডিঅ' পাইছিলোঁহি।

: আমি এতিয়া ষ্টুডিওলৈ সোমাম। মোবাইল আছে যদি চুইটছটো অফ কৰি লওক।

মই খৰ্গেশ্বৰ বৰুৱাক লাহেকৈ ক'লো।

: নাই নহয় মাজনী। মোবাইলটো ঘৰৰহে। ওলাই আহিলে নানো। মানুহজনী দিনটো অকলে থাকে। বিপদে আপদে লাগে বুলি তেওঁকে দি থৈ আহোঁ।

সামান্য হাঁহি মানুহজনে কৈ উঠিল। হাঁহিলে সৰল মানুহজনক আৰু সৰল দেখি। সমীৰ ৰঞ্জনে দুই তিনিটা প্ৰকাণ্ড মোবাইল উলিয়াই চুইটছ অফ কৰিলে। 

মই সৰু ল'ৰাটোলৈ চালোঁ। সি অথনিৰে পৰা খুব সন্তৰ্পনে মন কৰি আছে মানুহজনৰ প্ৰতিটো কাম। তাৰ দুচকুত ফুটি উঠিছে এক অন্য জ্যোতি।

এয়া যে সিহঁতৰ বয়সেই। 
ৰঙীন বস্তু ভাল দেখাৰ বয়স।

মানুহজনৰ ফোন নম্বৰটো মই কাগজ এখনত টুকি ল'লো। অনুষ্ঠানৰ মাজতে দৰ্শকক আৰ্থিক সাহাৰ্যৰ বাবে আহ্বান জনাবলৈ। সেই কথাৰ অনুমতি কালিয়েই ফোনত মই মানুহজনৰ পৰা লৈ থৈছিলোঁ।

অনুষ্ঠান আৰম্ভ হ'ল। লগত লৈ অহা ঢোল দুটাৰ এটা টেবুলৰ ওপৰত ৰাখি আনটো ডিঙিত আঁৰি ল'লে খৰ্গেশ্বৰ বৰুৱাই। এফালে সমীৰ ৰঞ্জনৰ গীত আৰু আনফালে খৰ্গেশ্বৰ বৰুৱাৰ ঢোলৰ মাতে যেন আগতীয়াকৈ বিহু নমাই আনিলে ষ্টুডিঅ'লৈ। ঢোল বজোৱাতো যেন মানুহজনৰ বাবে এটা পূজা কৰাৰ দৰে কথা। 

অহৰহ কৈ গৈছে তেওঁ ঢোলৰ বিষয়ে। ঢোলৰ মাত হেনো চাৰিটা - এটা ঘিট, এটা ধুম, এটা দাও আৰু এটা ধিন। এইকেইটা চাপৰেৰেই বোলে ঢোল বাজে।

"নাচা বাপু গোপাল
গোৱালি পাৰাতে নাচা বাপু গোপাল
গোৱালি পাৰাতে নাচা।"

চকু মুদি গাই প্ৰাণ ঢালি ঢোল বজাইছে মানুহজনে। পুত্ৰই বজাইছে তাল।

তাৰ মাজে মাজে সমীৰ ৰঞ্জনে গোৱা বিহুবোৰতো ঢোল বজাই সংগ দিছে তেওঁ।

সমীৰ ৰঞ্জনে অসমৰ ৰাইজক উপহাৰ দিছে বহুকেইট জনপ্ৰিয় গীত। পি চি আৰত থকা ল'ৰাকেইজনে মোৰ কাণত ই পি ডালত বাৰে বাৰে অনুৰোধ কৰি থাকিল সমীৰ ৰঞ্জনৰ ইটো সিটো গীত।

অনুষ্ঠানত এফালে সমীৰ ৰঞ্জনে কৈ গৈছে কেনেকৈ বেছি শ্ব' হোৱাৰ বাবে কেঞ্চেল কৰিবলগীয়া হয় শ্ব'বোৰ আৰু আনফালে খৰ্গেশ্বৰ বৰুৱাই কৈ গৈছে শিল্পী পেন্সনে ঢুকি নোপোৱাৰ বাবে কেনেকৈ খুব কষ্টেৰে চলিবলগীয়া হৈছে তেওঁলোকে। 

: ঢোলটো বজোৱাৰ বাহিৰে একো কৰিবলৈকে নিশিকিলোঁ। এবাৰ এজন প্ৰখ্যাত গায়কে মই অনুষ্ঠান কৰি নামি আহোঁতেই কৈছিল এইটো ঢোলেৰে বোলে মই জগত জিনিম। কিন্তু ক'তা! আজি নতুন ঢোল এটা কিনিবলৈকো হাতত পইচা নাথাকে।

দুখমনেৰে কৈ উঠিছে তেওঁ।

তাৰ মাজতে মই আহ্বান জনালোঁ আৰ্থিক সাহায্যৰ বাবে। দৰ্শকৰ আগত টিভিৰ সন্মুখত সমীৰ ৰঞ্জনে ত্ৰিশ হাজাৰ টকাৰ তেওঁক সাহায্য দিয়াৰ কথা ঘোষণা কৰিলে। পি চি আৰত বহি থকা ল'ৰাকেইজন সমীৰ ৰঞ্জনৰ মহানতাত গদগদ হৈ পৰিল।

হাঁহি উঠিল মোৰ। 
মাত্ৰ কেইমুহূৰ্তমান আগত যিজন মানুহৰ লগত অনুষ্ঠান কৰিবলৈ তেওঁ অস্বস্তিবোধ কৰিছিল এতিয়া তেওঁৰ বাবেই টেলিভিশ্যনৰ পৰ্দাত ঘোষণা কৰিছে ত্ৰিশ হাজাৰ টকাৰ সাহায্য।

খ্যাতিৰ বাবে, জনপ্রিয়তাৰ বাবে কিছুমান মানুহে ইচ্ছাৰ বিৰুদ্ধে গৈয়ো কি কি যে কাম কৰিবলগীয়া হয়!

অনুষ্ঠান শেষ কৰি ওলাই আহিলোঁ আমি। বেগৰ পৰা চেকবুক উলিয়াই মানুহজনৰ হাতত দি সমীৰ ৰঞ্জন লৰালৰিকৈ গুচি গ'লগৈ ষ্টুডিঅ'ৰ পৰা। ময়ো মানুহজনৰ হাতত তুলি দিলোঁ চেনেলৰ পৰা খাম এটাত ভৰাই দিয়া অলপ মাননি।

তেওঁলোকক বিদায় দিয়েই কেণ্টিনলৈ আহিলোঁ মই। ইমান দেৰি কথা কৈ কৈ চাহ একাপ খোৱাৰ বৰ ইচ্ছা হ'ল। মিলু বাইদেউক চাহ একাপ দিবলৈ কৈ চকী এখন টানি বহি পৰিলোঁ। ঋষভো আহি বহিলহি মোৰ সন্মুখত। খুব সহজ হৈ কথা পাতিবলৈ ধৰিলে আজিৰ অনুষ্ঠানটোৰ বিষয়ে। চাহ দুকাপ দুয়োটাৰে সন্মুখত ৰাখি আঁতৰি গ'ল মিলু বাইদেউ।

: তোমাক বৰ ধুনীয়া লাগিছে কৃষ্ণা।

: ঠেংক্স।

: আচ্ছা এই মানুহজনৰ সৈতে সমীৰ ৰঞ্জনক মাতিবলৈ কোনে আইডিয়া দিছিল? 
বিৰক্তিৰে সুধিলে সি।

: আচলতে আইডিয়া কাৰো নাছিল ঋষভ। সমীৰক আগতেই মাতি থোৱা আছিল। কেৱল সমীৰকে নহয় আটাইকেইদিনৰ বাবেই গেইষ্ট ফিক্সড হৈ আছে। এওঁক লৈ অনুষ্ঠান এটা কৰাৰ ইচ্ছা হোৱাৰ বাবেই এনেকৈয়ে মিলাবলগীয়া হ'ল।

: পি চি আৰত আজি ময়ো আছিলোঁ। তুমি জানানে এই মানুহজনৰ কিমান জ্ঞান আছে? যিবোৰ আচলতেই নৱপ্ৰজন্মই জনা উচিত। তেওঁক লৈ এটা এক্সট্ৰা শ্ব' কৰিব পৰা যায়। তেওঁৰ ঘৰলৈ গৈয়ো এটা বিশেষ অনুষ্ঠান কৰিব পৰা যায় ন?

: ডেফিনিটলি পাৰি ঋষভ। লগতে লুপ্তপ্ৰায় পুতলা নাচৰ শিল্পী কেইজনমান লৈয়ো যদি এটা অনুষ্ঠান কৰিব পৰা যায় বৰ ভাল হয় অ'।

হঠাৎ খটতকৈ উঠা এটা শব্দত ঋষভ আৰু মই দুয়ো দৃষ্টি ঘূৰাই চালোঁ। তেজস্বীনি বায়ে গাড়ীৰ চাবি টেবুল এখনত দলিয়াই দি দুয়োহাতেৰে মূৰটো হেঁচি ধৰি বহি দিছে চকী এখনত।

: মিলু বাইদেউ একাপ চাহ দিয়ক।

প্ৰায় চিঞৰি কোৱাৰ দৰে কৈ তেনেকৈয়ে বহি থাকিল তেজস্বীনি বা। আমি দুয়ো তেওঁৰ ওচৰলৈ উঠি গ'লো।

: বা। অল অ'কেই? গাটো বেয়া নেকি?

: গা চা বেয়া নহয় কৃষ্ণাক্ষী। মন বেয়া। বৰ বেয়া মন। বিৰক্ত হৈছোঁ মই। এই পৃথিৱীখনৰ পৰা। মতা মানুহবোৰৰ পৰা।

: আৰে আৰে মই ৰৈ থাকোঁতেই পুৰুষ জাতিক ইমান বদনাম?

হাঁহি হাঁহি কৈ উঠিল ঋষভে।

: মই একদম ধেমালিৰ মুডত নাই ঋষভ। আচ্ছা কোৱাচোন মই আৰু প্ৰদ্যুত দুয়ো চাকৰিয়াল হয় নে নহয়!

প্ৰদ্যুত মানে তেজস্বীনি বাৰ স্বামী।
গুৱাহাটীৰ এখন প্ৰখ্যাত কলেজৰ ফিজিক্সৰ প্ৰফেছাৰ। ছাত্ৰ ছাত্ৰীৰ আদৰ্শ শিক্ষক বুলি এবাৰ বৰ গৌৰৱ কৰি কৈছিল তেওঁ।

: নিঃসন্দেহে হয়।
উত্তৰ দিলোঁ মই।

: তেন্তে ক'ত লিখা আছে যে মোৰ পুৱা ছয় বজাৰ ডিউটি থাকক বা ৰাতি দহ বজালৈকে ডিউটি থাকক ঘৰৰ সকলো কাম মই অকলেই কৰিব লাগিব বুলি? কিয় মই দহ বজাত ঘৰ গৈ সোমাওঁতে অথবা ৰাতিপুৱা ছয় বজাত ঘৰৰ পৰা ওলাই আহোঁতে তেওঁ মোক একাপ চাহ বা এমুঠি ভাত ৰান্ধি খুৱাব নোৱাৰে।

অলপ সময় মনে মনে ৰৈ এইবাৰ মই ক'লো

: সহায়িকা এগৰাকী ৰাখিলে এই কথাৰ সমাধান নহয় নে বা? 

: সেই চেষ্টাও মই কৰি চাইছোঁ কৃষ্ণাক্ষী। মহাশয়ে বোলে সহায়িকাৰ হাতৰ ভাত খাই বেয়া পায়। মোৰ হাতৰ ৰন্ধা বোলে তেওঁৰ বৰ প্ৰিয়। বিয়াৰ পিছতে এই কথা শুনি বৰ সুখ পাইছিলোঁ বুজিছা। তৰহে তৰহে তেওঁ ভালপোৱা বস্তুৰে ভৰাই পেলাইছিলোঁ টেবুল। কিন্তু লাহে লাহে বুজিলোঁ এই 'তোমাৰ হাতৰ খাই ভালপাওঁ' বোলা কথাষাৰ পুৰুষ সমাজে কৰা বিশেষকৈ হাচবেণ্ড জাতিটোৱে কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেঙৰামী আৰু আমি ইম'শ্যনেল ফুল মাইকী মানুহবোৰ তাতেই পিছলি গৈ জীৱন তেওঁলোকৰ নামত অৰ্পণ কৰি দিওঁ। ৰান্ধিবলৈ পাহৰি যাওঁ নিজেই খাই ভালপোৱা বস্তু। পাকঘৰ ভৰি পৰে তেওঁলোকে ভালপোৱা বিভিন্ন মুখৰোচক বস্তুৰে। আৰু যেতিয়াই আমি এই কথা বুজিবলৈ আৰম্ভ কৰোঁ, তেতিয়ালৈ বহু দেৰি হৈ যায়। এনেকৈয়ে ছয় বজাতো সকলো কাম কৰি অহা বা দহ বজাৰ ডিউটি কৰি গৈয়ো ভাত ৰান্ধি খুৱাবলগীয়া একোজনী তেজস্বীনিৰ সৃষ্টি হয়। 

এইবাৰ অলপপৰ মনে মনে ৰৈ পুনৰ ক'লে তেওঁ

: সেইবোৰো এবাৰলৈ মানি লওঁ কৃষ্ণাক্ষী। কালিতো সীমাই পাৰ কৰি দিলে তেওঁ। কি কৈছে জানা 'তুমি এই নামমাত্ৰ পইচা পোৱা চাকৰিটো কৰি মোৰ ওপৰত দম্ভালি নামাৰিবা। কি বুজিবা টকা ঘটা কিমান কষ্ট। মিডিয়াৰ লাইফ জনা আছে। কোনে কি কৰি কাম উলিয়াই সেই কথা আৰু নাজানোঁ নে! যত সব থার্ড ক্লাছ কাম। এৰি দিয়া চাকৰিটো। ঘৰত থাকা, এনজয় কৰা। ৰেছিপি বুক চাই খানা বনাবলৈ শিকা। মাহৰ মূৰত মইতো আছোঁৱেই তোমাৰ একাউন্টত টকা ভৰাই দিবলৈ।'

এইবাৰ সঁচাকৈয়ে খং উঠিল মোৰ।
হ'ব পাৰে তেওঁ কলেজ শিক্ষক, পাব পাৰে তেওঁ মোটা টকাৰ দৰমহা। সেইবুলি কিয় হাঁহিব তেওঁ পত্নীৰ চাকৰিক! কাম কৰি খোৱা প্ৰতিজন মানুহৰে শ্ৰমৰ মূল্য আছে। কোনোবাই যদি স্ব-ইচ্ছাৰে চাকৰি কৰিবলৈ বিচৰা নাই সেয়া তেওঁৰ সম্পূৰ্ণ নিজা কথা। কিন্তু ইমান পৰিশ্ৰমেৰে কৰি থকা কাৰোবাৰ চাকৰি এটাক হাঁহিব কিয়? হাচবেণ্ড হ'লেও এই অধিকাৰ কেতিয়াও নাই।

: আপোনালোক বহক মোৰ নিউজ আছে।

চাহকাপ শেষ কৰি উঠি গ'ল ঋষভ।

তেজস্বীনি বা মনে মনে ৰৈছে।
মিলু বাইদেৱে দি যোৱা চাহৰ কাপত শোহা মাৰি কিবা এটা ভাবি ৰৈছে তেওঁ।

: কি ভাবিছে তেজু বা?

ঋষভ উঠি যোৱাৰ পিছতে মই তেজস্বীনি বাক সুধিলোঁ।

: কি আৰু ভাবিম কৃষ্ণাক্ষী! এইবাৰ সুযোগ দি চাওঁ। কিন্তু আৰু এদিন যদি তেওঁ এই কথা কয় বা মোৰ চাকৰিটো ঠাট্টা কৰে তেন্তে মই আঁতৰি আহিম তেওঁৰ ওচৰৰ পৰা। সকলো সহিব পাৰো। কিন্তু অত বছৰে ইমান কষ্ট কৰি অর্জন কৰা এই সামান্যতম আত্মসন্মানত কোনোবাই আঘাত হানিব সেই কথা মই কোনোপধ্যেই সহ্য কৰিব নোৱাৰোঁ। নাঃ এয়া সম্ভৱ নহয়। 

এইবাৰ এটা দীঘলকৈ হুমুনিয়াহ কাঢ়িলে তেজস্বীনি বায়ে আৰু উদাস কন্ঠেৰে ক'লে

: মোৰ মায়ে আজীৱন সহিলে। ভাল মাছৰ পিছটো দেউতাৰ ভাগত, কিন্তু ভাত খাই থু থু কৈ পেলাই থৈ যোৱা মাছৰ কাঁইট বুটলাৰ দায়িত্ব সদায় মাৰ। কেৱল সেয়াইহে নে! প্ৰতি ক্ষেত্ৰতে দেখিছিলোঁ এইবোৰ কথা। মই অন্য এজনী 'মা' হ'বলৈ নিবিচাৰোঁ কৃষ্ণাক্ষী। হয় তেওঁ নিজকে সলনি কৰক, নহয় আমাৰ এৰা এৰি হ'ব।

এই কথা কিন্তু বৰ শান্ত স্বৰেৰে কৈছে তেজস্বীনি বায়ে। অলপদেৰিৰ আগৰ খং যেন আঁতৰি কিবা এক শক্তিয়ে সেই ঠাই লৈছিল। একপ্ৰকাৰে যেন এই কাম কৰিব বুলি নিশ্চিত হে হৈ গৈছে তেওঁ।

একো নক'লো মই তেওঁক।

মই জানোঁ, হয়তো পৃথিৱীত এতিয়াও এনে বহু মানুহ আছে, যি তেজস্বীনি বাৰ এই সিদ্ধান্তত হাঁহিব। কৈ উঠিব যে 'হাচবেণ্ডে বাধা দিছে যদি চাকৰিটো এৰি দিলেই হ'ল। ইমান সৰু কথা এটাৰ বাবে ডিভ'ৰ্চ পৰ্যন্ত ভবাৰ যুক্তি কি!

কিন্তু সেই কথা শুদ্ধ নহয়।

যুক্তি আছে। একান্তই নিজৰ বুলিবলৈ মানুহৰ ওচৰত আত্মসন্মানৰ বাহিৰে একোৱেই নাথাকে। এই অংশত আঘাত হনাৰ পিছত কোনোবাই যদি তেজস্বীনি বাৰ দৰে ভাৱে তেন্তে মই ভাবোঁ সেয়া ভুল হ'ব নোৱাৰে। কোনোপধ্যেই নোৱাৰে।

চাহখোৱা কাপ উঠাবলৈ কাষ চাপি আহিল মিলু বাইদেউ। কাপকেইটা হাতত লৈ মানুহগৰাকী সেই ঠাইতে ৰৈ থাকি লাহেকৈ ক'লে

: বেয়া নাপাব, আপোনালোকৰ কথাবোৰ মই শুনি পেলালোঁ। মোৰ মানুহটো বেমাৰী। কাম কৰিবলৈ যাব নোৱাৰে। দুয়োহাতেৰে আঁজুৰি কাম কৰি ময়েই যেনেতেনে পৰিয়ালটো চলাই আছোঁ। তথাপি ওলাই আহোঁতে প্ৰতিদিনেই কটু কথা শুনো। মই বোলে ডাঙৰ মানুহৰ লগত চাহ কৰাৰ চলেৰে গা ঘেলাবলৈ আহোঁ। সহি সামৰি থাকোঁ বাইদেউ। আমি সৰু মানুহ।। ভাবিছিলোঁ সৰু মানুহেহে এনে চিন্তা কৰিব পাৰে। কিন্তু আজি গম পালোঁ, সৰু ডাঙৰ বুলি কোনো কথা নাথাকে। আমাৰ দৰে সাধাৰণ মানুহৰ ঘৰত প্ৰতিদিনে চলি থকা কথাবোৰেই যে আপোনালোকৰ ঘৰটো চলে সেইকথা ভাবিবই পৰা নাছিলোঁ।

চাহৰ কাপকেইটা লৈ আঁতৰি গৈছে মানুহগৰাকী।

কিয় জানোঁ মনলৈ আহিল ভদ্ৰতাৰ মাপকাঠি আচলতে বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে। বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে এটা বহল পৰিসৰৰ মগজু।

ডিউটি শেষ কৰি ঘৰলৈ আহিলোঁ। কাইলৈ পুৱাই মাহঁত যাবগৈ। ভন্টি আৰু মাক লৈ বিহুৰ বজাৰ কেইটামান কৰিমগৈ আজি। 

প্ৰায় আঠমান বজাত বজাৰ কৰি ঘৰ সোমালোহি আমি। দেউতাৰ বাবে এটা ভাল শ্বাৰ্ট, ভন্টি দুজনীৰ বাবে চেলোৱাৰৰ কাপোৰ, মা আৰু আইতালৈ এযোৰকৈ চাদৰ মেখেলা কিনিলোঁ। ভন্টিক দেৱাশ্ৰী বায়ে তাইৰ ৰূমলৈ মাতিছিল। তাই ওলাই যোৱাৰ লগে লগেই মায়ে মোক ক'লে

: তোৰ লগত কথা আছে ডাঙৰ আই।

মাৰ গম্ভীৰ মাত।
এনেকৈ কথা মায়ে বৰ দৰকাৰী আলোচনা কৰিবলৈ থাকিলেহে কয়।

: কোৱা আকৌ মা।

: বহচোন। আহ এইখিনিতে বহ।

বিছনাত বহি থকা মাৰ কাষলৈ গৈ বহি পৰিলোঁ মই। মোৰ মূৰৰ চুলিত লাহে লাহে হাত ফুৰাবলৈ ধৰিলে মায়ে আৰু শান্ত স্বৰেৰে কৈ উঠিল

: দেউতাৰৰ সৰুকালৰ বন্ধু যে বৰঠাকুৰ খুড়া মনত আছে নে তোৰ?

: উমম আছে। 

তন্দ্ৰালস মাতেৰে ক'লো মই। মাৰ হাতৰ পৰশত দুচকু মুদ খাই আহিছে মোৰ।

: তেখেতে গুৱাহাটীত ঘৰ কৰিলে। পাঞ্জাবাৰী নে কি সেইফালে। কলাক্ষেত্ৰ যে আছে।

লাহেকৈ মূৰ দুপিয়ালোঁ মই।

: মানুহজনে তোক টিভিত দেখিছে। তেওঁৰ এটাই ল'ৰা। দিল্লীত থাকে। এতিয়া তেওঁ দেউতাৰলৈ প্ৰস্তাৱ এটা দিছে। বুজিছই চাগৈ মই কি ক'বলৈ বিচাৰিছোঁ।

এইবাৰ মূৰৰ চুলিৰ পৰা মাৰ হাত আঁতৰাই মই ঘপকৈ বহি পৰিলোঁ বিছনাত।

: মা মোক এবাৰো নোসোধাকৈ... কিয় কৰিলা এয়া?

: একোৱেই কৰা নাই ডাঙৰ আই। তেওঁ দেউতাৰক কথাটো সুধিছেহে মাত্ৰ আৰু দেউতাৰে মোক তোৰ লগত এবাৰ কথা পাতি চাবলৈ কৈছে। তিনিজনীকৈ ছোৱালী সমানে সমানে ডাঙৰ হৈছ। চিন্তা এটা একেৰাহে আমাৰ মনতো লাগি থাকে।

কি কওঁ মই!
কিয়েইবা কোৱা যায়!

গোটেই মানুহবোৰক মুখতে উত্তৰ দিব পৰা মই মাক আজি একো উত্তৰ দিব নোৱাৰিলোঁ। মাহঁতৰ চিন্তাবোৰ বুজি পাওঁ। কিন্তু এই সময়ত যে বিয়াৰ বাবে মই মুঠেই প্ৰস্তুত নহয় সেই কথা কেনেকৈ বুজাও মই মাক।

গোটেই ৰাতি আজি টোপনি নগ'ল।
মাক বুকুৰ ধুমুহাজাকৰ অকণো উমান পাবলৈ নিদিয়াকৈ কাষতে মৌন হৈ পৰি ৰ'লোঁ ওৰেটো নিশা।

©গায়ত্ৰী
( আগলৈ)

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ

সূৰ্যফুলৰ দেশলৈ -খণ্ড 2