#সূৰ্য্যফুলৰ_দেশলৈ
#খণ্ড_৪২
: বাইদেউ বহি লওক।
বহুদেৰি থিয় হৈ অহাৰ পিছত চিটি বাছখনৰ কন্দাক্টৰজনে বহিবলৈ চিট এটা দেখুৱাই দিলে। বাছখনৰ একমাত্ৰ খালি চিটটোত লৰালৰিকৈ বহি কপালত জিলিকি উঠা বিন্দু বিন্দু ঘামবোৰ ডিঙিৰ স্কাৰ্ফখনেৰে মোহাৰি খিৰিকীৰে বাহিৰলৈ চালোঁ। কিনকিনকৈ বৰষুণ পৰিছে।
এপ্ৰিলৰ আৰম্ভণি। প্ৰকৃতিয়ে বসন্তক অনাৰ যো জা চলাইছে। যান্ত্ৰিক মহানগৰীৰ দুৱাৰদলিতো যেন সংগোপনে ৰৈছেহি বহাগ। ৰাস্তাৰ কাষৰ বিজ্ঞাপনৰ বৃহৎ হৰ্ডিংবোৰত লাগি ৰৈছে চিনেমা জগতৰ বিভিন্ন তাৰকাৰ মুগাৰ সাজ পিন্ধা ফটো। চিটি বাছবোৰত জুবিন ভিটালীৰ বিহুগীত। গাঁৱত বিহুৰ আগে আগে এনেকুৱা সময়বোৰত তাঁতৰ শালৰ খিট্ খিট্ শব্দই বতৰা দিয়ে বহাগ অহাৰ। গুৱাহাটীত যদিও সেই পৰিবেশ নাই তথাপি বিহুৰ আগে আগে জাপি গামোচা বা শালৰ বিভিন্ন কাপোৰেৰে উজ্বলি উঠে স্থায়ী অস্থায়ী বিপনীবোৰ। অৱশ্যে আজিকালি বাহিৰৰ গামোচায়ো অসমৰ বজাৰ শুৱনি কৰিছেহি।
চাৰিওফালৰ বিহু বিহু লগা পৰিবেশটো দেখি ঘৰলৈ বৰকৈ মনত পৰিছে। এবছৰেই হ'ল ঘৰলৈ নোযোৱা। দেউতা, মা, ভন্টিহতৰ লগত ফোনতহে মাথোঁ কথা বতৰা। চাকৰিৰ ব্যস্ততাই কেনেকৈ যে আঁতৰাই ৰাখিছে ঘৰখনৰ পৰা! ঘৰৰ মানুহেও আজিকালি 'এপাক ঘৰলৈ আহচোন' বুলিবলৈ সংকোচ কৰে। মাহঁতে যেন জোৰকৈ বুজিবলৈ চেষ্টা কৰিছে মোৰ ব্যস্ততা। মাথোঁ মায়েহে মাজে মাজে 'কি যে চাকৰিটোত ছোৱালীজনী সোমালগৈ' বুলি দুখ কৰি উঠে। তথাপি এইকেইদিনতে মা আৰু ভন্টি গুৱাহাটীলৈ আহিম বুলি দিয়া খবৰটো শুনাৰে পৰা মনটো ভাল লাগি আছে।
হঠাৎ চিটি বাছখনত ঢপ ঢপকৈ কোবাই মই নামিবলগীয়া ঠাইখনৰ নাম কন্দাক্টৰজনে চিঞৰাত দেখোঁ অফিচ পালোঁহি। খৰধৰকৈ নামি পৰিলোঁ বাছখনৰ পৰা। বৰষুণজাক জোৰেৰে আহিছে। মই প্ৰায় দৌৰি যোৱাদি গৈ থিয় হ'লোগৈ অফিচৰ লিফ্টৰ কাষত। পিন্ধি অহা টি শ্বাৰ্টটো অলপ তিতিছে। যিখিনি তিতা নাই সেয়া ডিঙিত পেলাই লোৱা ষ্টলখনৰ বাবেহে ৰক্ষা পৰিছে। লৰালৰিকৈ লিফ্টেৰে উঠি গৈ অফিচ সোমালোহি।
: বৰষুণ দিছে নেকি কৃষ্ণাক্ষী?
লিফ্টৰ পৰা মই ওলোৱাৰ লগে লগেই ৰিছেপশ্যনত বহি থকা দেৱলীনা বায়ে সুধি আগবাঢ়ি আহিল মোৰ ফালে। অফিচটোৰ ভিতৰত বহি থাকিলে ৰ'দ বৰষুণৰ বিশেষ উমানেই পোৱা নাযায়।
: ইস্ তিতিলা দেখোন।
মোলৈ চাই কৈ উঠিল তাই।
: হেয়াৰ ড্ৰায়াৰ ডালেৰে শুকুৱাই লোৱাগৈ যোৱা।
বহি থকাৰ পৰাই প্ৰত্যাশাই ক'লে। মূৰ দুপিয়াই লৰালৰিকৈ আগবাঢ়ি গ'লো মই ভিতৰলৈ। ডিঙিৰ পৰা স্কাৰ্ফখন খুলি হাত আৰু মুখৰ বৰষুণৰ টোপালবোৰ মচি পেলালো।
নিউজ ডেস্কতে কিবা নিউজ এটাৰ সন্দৰ্ভত কথা পাতি ৰৈ আছে মৃণ্ময় দুৱৰা।
: গুড মৰ্ণিং চাৰ।
আগবাঢ়ি গৈ মাত দিলোঁ মই।
: গুড মৰ্ণিং কৃষ্ণাক্ষী। ভালেই হ'ল তোমাক লগ পালো। কেবিনলৈ আহিবাচোন। অলপ কথা আছে।
: এতিয়াই নে চাৰ?
: উমম এতিয়াই।
কৈয়েই মানুহজনে নিউজ ডেস্কৰ পৰা তেওঁৰ কেবিনলৈ বুলি আগুৱাই গ'ল। মই লৰালৰিকৈ নিজৰ চকীখনত বেগটো আৰু স্কাৰ্ফখন থৈ মৃণ্ময় দুৱৰাৰ কেবিন পালোঁহি।
: সোমাব পাৰোঁ নে চাৰ?
: য়েছ য়েছ। আহাঁ।
: বহা কৃষ্ণাক্ষী।
সন্মুখৰ চকীখনলৈ আঙুলিয়াই দি ক'লে তেওঁ। গাৰ্গী বৰবৰাৰ ঘটনাটোৰ পিছত মানুহজনৰ সৈতে কথা বতৰাই হোৱা নাই।
আজি বা কিয় মাতিছে!
: সিদিনাৰ কথাটোৰ বাবে বেয়া লাগি আছে।
মই বহাৰ লগে লগেই মৃণ্ময় দুৱৰাই কৈ উঠিল।
: মই ইমান টানকৈ ক'ব নালাগিছিল চাগৈ। কিন্তু জানাই ন কামক লৈ অলপ চিৰিয়াছ মই।
সামান্য হাঁহিবলৈ চেষ্টা কৰি পুনৰ ক'লে তেওঁ।
: নাই চাৰ। ইটছ অ'কে।
লাহেকৈ ক'লো।
: আচলতে তোমাক কেবিনলৈ মতাৰ কাৰণ এইটোৱেই আছিল। তোমাৰ পৰা মই বহুত আশা কৰো কৃষ্ণাক্ষী। সকলোকে কামৰ বাবে গালি পৰাৰ দৰে তোমাক গালি পাৰিবলৈ আমাৰ মন নাযায়।
এইবাৰ এঢোক পানী খালে তেওঁ। আৰু হাতৰ আঙুলি দুটাৰে ওঁঠৰ দুয়োকোন মোহাৰি ক'লে
: তুমি আচলতে ভুল আছিলা বুলি মই নকওঁ কৃষ্ণাক্ষী। কিন্তু আবেগিক দৃষ্টিৰে যে আমি কথাবোৰ চাব নোৱাৰো। এই প্ৰফেচন যেতিয়া লৈছা আবেগ বোলা বস্তুটো অফিচৰ তলতে থৈ আহিব লাগিব। দুখ লগা, বেজাৰ লগা এই ধৰণৰ কথাৰ এই ইণ্ডাষ্ট্ৰীত কোনো স্থান নাই। লাগে মাথোঁ টি আৰ পি। সিদিনাৰ ঘটনাটোৱেই চোৱা। টি আৰ পি লৈ গ'ল 'খবৰ 24×7' এ। কিন্তু সকলোতকৈ আগতে গৈ পাইছিল কোন? তোমালোক। মানে আমাৰ চেনেল।
মনে মনে ৰ'লো মই। অফিচলৈ আহিয়েই মানুহজনৰ সৈতে তৰ্ক কৰাৰ মোৰ মন নগ'ল। তৰ্ক কৰাৰ হাজাৰটা যুক্তি থাকিলেও কেতিয়াবা নিজৰ শান্তিৰ বাবেই মনে মনে থকা যায়। মোৰো যেন আজি তেনেকুৱাই হ'ল।
ইন্টাৰকমত কেণ্টিনলৈ ফোন কৰি দুকাপ চাহৰ অৰ্ডাৰ দিলে তেওঁ আৰু লাহেকৈ ক'লে
: তুমি ৰিপোৰ্টিং কৰা নাই এইকেইদিন?
: ছাৰ আপুনিয়েই মানা কৰিছিল।
: হমম। কিন্তু তুমি যোৱা। ওলাই যোৱা তুমি। ষ্টুডিঅ'ত বহি আনে সংগ্ৰহ কৰি অনা বাতৰি এটা পঢ়াতকৈ ওলাই গৈ দহটা বাতৰি সংগ্ৰহ কৰা। অভিজ্ঞতা হ'ব। ষ্টুডিঅ'ৰ ভিতৰত নহয়, বাহিৰৰ জীৱন চোৱা। খবৰ আনা। তুমি পাৰিবা। মই জানো। এংকৰিং কৰাৰ লগতে ৰিপোৰ্টিং কৰা তুমি। মই তোমাক সদায় এক বেলেগ স্থানত চাবলৈ বিচাৰোঁ।
মনে মনে হাঁহি উঠিল মোৰ। লগাতকৈ বেছিকৈয়ে কথা কৈ পেলাইছে মানুহজনে। কথাৰ মাজতে কেণ্টিনৰ ল'ৰাজনে দি যোৱা চাহ দুকাপ শেষ কৰিছিলোঁ আমি।
: মই যাব পাৰোঁ নে ছাৰ?
: অ যোৱা। আৰু শুনা, ৰিপোৰ্টিং আৰম্ভ কৰিবা সোনকালে। আৰু নাইট ডিউটি এতিয়ালৈকে কৰা নাই ন তুমি? মাজে মাজে দিম দেই এতিয়া। কামখিনি শিকিবলৈ তোমাৰ সুবিধা হ'ব।
: হ'ব ছাৰ।
: নাইট ডিউটিত তোমাৰ আপত্তি নাই? একো আপত্তি নকৰাকৈ একেবাৰতে নাইট ডিউটিৰ বাবে 'হা' কোৱা ছোৱালী তোমাকহে দেখিলো। ঘৰত একো নকয়তো!
আচৰিত হোৱাৰ দৰে ক'লে মৃণ্ময় দুৱৰাই।
: চাৰ, মই সিমানখিনিলৈকে হে আনৰ কথা শুনো যিমানখিনি শুনিলে অপকাৰ নহয়। সেই আন শব্দটোত মই নিজৰ মনটোকো ধৰিছোঁ চাৰ। কাইলৈ যদি ঘৰৰ মানুহে নিউজ চেনেলত চাকৰি নকৰিবি বুলি কৈ দিয়ে, মই জানো নকৰাকৈ থাকিম? মই দুটা কথা শিকিব পাৰিম বুলি ভবা বস্তু এটাৰ বাবে না কৰাৰ প্ৰশ্নই নুঠে চাৰ। আপুনি কৈছে যেতিয়া কিবা এটা ভাল ভাবিয়েইতো কৈছে।
একেদৰেই সামান্য হাঁহি কৈ উঠিলোঁ মই।
খৰ খোজেৰে মৃণ্ময় দুৱৰাৰ কেবিনৰ পৰা বাহিৰ ওলালোঁ মই। গাৰ কাপোৰ এতিয়াও সেমেকা। হেয়াৰ ড্ৰায়াৰ ডালেৰে অকণমান শুকুৱাই ল'বলৈ সোমাই গ'লো মেক আপ ৰূমৰ ভিতৰলৈ।
দীপিকা নাছিল। প্ৰেংকিয়ে মেক আপ দি আছে নতুনকৈ জইন কৰা ইংলিছ নিউজ এংকৰ এগৰাকীৰ। মই দুবাৰমান আইনাত চাই সেমেকা চুলিখিনি এহাতেৰে ধৰি দুবাৰমান জোকাৰি ড্ৰায়াৰডাল প্লাগ পইণ্টটোত লগাই দিলোঁ। ছোৱালীজনী মেক আপ লৈ কোঠাটোৰ বাহিৰ ওলাল।
: বহা কৃষ্ণাক্ষী। মই কৰি দিওঁ। বৰষুণ দিছে ন?
: গম নোপোৱা? ইমান ডাঙৰ বৰষুণ।
: ভিতৰে বাহিৰে দুখৰ বৰষুণত তিতি জুৰুলি জুপুৰি হোৱা মানুহে বাহিৰৰ বৰষুণৰনো কি খবৰ ৰাখিম কোৱা!
আচৰিত হৈ প্ৰেংকিলৈ চালোঁ মই। তাৰমানে সি এতিয়াও সেই ঘটনাৰ পৰা বাহিৰ ওলাবই পৰা নাই।
: প্ৰেংকি... কি হৈছে তোমাৰ? এতিয়াও মন মাৰি আছা?
: তেওঁ একেবাৰেই ফোন ৰিচিভ নকৰা হ'ল কৃষ্ণাক্ষী। মেছেজৰো ৰিপ্লাই নকৰে। মই কেনেকৈ জীয়াই থাকিম তেওঁ নহ'লে।
: অ' ষ্টপ ইট প্ৰেংকি। জাষ্ট ষ্টপ ইট। কোনোবা নহ'লেই মানুহ মৰি নাযায়। কোনোবাই এৰি গ'লেই মৰি যাব নোৱাৰে মানুহ। মানুহক জী থাকিবলৈ বেলেগ মানুহ এজনৰ প্ৰয়োজন নাই। মানুহ তেতিয়াহে জীয়াই থাকিও মৰে যেতিয়া মানুহ নিজৰ হৈ নাথাকে, যেতিয়া নিজৰ বশত নাথাকে মানুহ। তুমিতো মুক্ত। এটা উশাহ বন্ধ হৈ যোৱা সম্পৰ্কৰ পৰা মুক্ত তুমি। এনেকৈ মৰাৰ কথা যাতে আৰু দ্বিতীয়দিন মই তোমাৰ মুখত নুশুনো প্ৰেংকি।
: কথাবোৰ ক'বলৈ বৰ সহজ কৃষ্ণাক্ষী। তোমালোকৰ দৰে বন্ধুৰে আবৃত্ত মানুহে আমাৰ দৰে মানুহৰ দুখ বুজি পালেও অনুভৱ কৰিব কেতিয়াও নোৱাৰা। মেকআপৰ এই ৰঙীন জগতত থাকিও কিমান যে অকলশৰীয়া আমি! এই অফিচটোৰ পৰা ওলোৱাৰ পিছত এষাৰ কথা পাতিবলৈ মানুহ নাই। ঘৰৰ মানুহে কথা নাপাতে। লাজ পায়। পিতাইটো ঢুকালেই। মোৰ মা বৰ সহজ সৰল কৃষ্ণাক্ষী। ভাদমহীয়া নামঘৰলৈ যোৱা, আইসকাম কৰিবলৈ যোৱা, মূৰত ওৰণী টানি ফুৰা মানুহ এজনীয়ে সহজভাৱে এতিয়াও ল'ব পৰা নাই মোৰ কথা। পুত্ৰই ছোৱালীৰ কাপোৰ পিন্ধি ভালপায়, পুত্ৰই পুৰুষ ভালপায় এই কথা আজিহে নালাগে মৰালৈকে মানুহজনীয়ে সহজকৈ ল'ব নোৱাৰিব। এতিয়াও মাজে মাজে মোৰ বাবে ছোৱালী চায় মায়ে। দাদা নবৌয়ে মোক লৈ লাজ পায়। গতিকে কোন আছে মোৰ কোৱা? ভালপায় বুলি ভাবিব পৰাকৈ, আপোন বুলিব পৰাকৈ মানুহ এজন আহিছিল জীৱনলৈ। এতিয়া তেৱোঁ...
দুয়োহাতেৰে মুখ ঢাকি চেঞ্জিং ৰূমলৈ দৌৰি গ'ল সি আৰু প্ৰায় শব্দ কৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে। মই গৈ কাষত থিয় দিলোঁ তাৰ।
: খবৰদাৰ। খবৰদাৰ আজিৰ পৰা যদি কোনো নাই বুলি কোৱা চাবা। মই নাই? ঋষভ নাই? তোমাৰ এবাৰ ৰাতি কঁপি কঁপি জ্বৰ উঠোতে ঋষভে দৰব লৈ ৰাতি দুই বজাত তোমাৰ ঘৰলৈ যে গৈছিল সেই কথাৰ খবৰ মোৰ আছে প্ৰেংকি। আৰু কোন দাদা নবৌৰ কথা কৈছা তুমি? সেয়াই নহয় জানো, যি মাহৰ মূৰত সদায় চলিবলৈ অসুবিধা হৈছে বুলি তোমাৰ মোটা দৰমহাৰ একাংশ বিচাৰি ফোন কৰে? এই যে আমাৰ মানুহবোৰে কেৱল তেজৰ সম্পৰ্কৰ মানুহকহে আপোন বুলিবলৈ শিকিলে এই কথাৰ বাবেই পৃথিৱীত বেছিভাগ মানুহ অকলশৰীয়া। কিয় যে এই কথা মানুহে স্বীকাৰ নকৰে যে তেজৰ সম্পৰ্কৰ মানুহৰ পৰাই মানুহে আটাইতকৈ বেছি দুখ পায়।
মনে মনে ৰৈছে সি।
কোঠাটোলৈ কোনোবা এজন সোমাই অহাৰ শব্দত মই বাহিৰ ওলাই আহিলোঁ। আহি দেখোঁ দেৱলীনা বা।
: তোমাক সকলোতে বিচাৰি বিচাৰি ক'তো নাপাই এইখিনি ওলালোঁহি কৃষ্ণাক্ষী।
: কোৱাচোন বা।
: বস্তু এটা আনিছোঁ। খাবা নেকি?
বৰ সৰুকৈ সুধিলে তাই।
: খাম আকৌ! পিছে বস্তুটোনো কি?
: পায়স আনিছোঁ। কালি সন্ধ্যা কৰিছিলোঁ। মই তাৰে অকণমান বাতি এটাতে তোমালৈ বুলি বেলেগে থৈ দিছিলোঁ। খাবা?
: পায়স আৰু নাখাম? দিয়া আকৌ।
উৎসাহেৰে কৈ উঠিলোঁ মই।
মোৰ হাতত ষ্টিলৰ টিফিন এটা গুজি দি হাঁহিমুখে ওলাই গ'ল দেৱলীনা বা।
টিফিনটো লৈ মাৰ হাতৰ পায়সকণলৈ মনত পৰিল মোৰ। চাউল কমকৈ গাখীৰ সৰহকৈ দি শেষত নাৰিকল ৰোকা আৰু ইলাচী দি কৰা সেই পায়সকণৰ সমান সোৱাদ আজিলৈকে মই কোনো খাদ্যত পোৱা নাই। মই পায়স খাই ভালপাওঁ বাবেই কাৰোবাৰ ঘৰত পূজাত খাবলৈ দিয়া পায়সকণ 'আভোক লাগিছে অথবা চুগাৰটোৱে আমনি কৰিছে' বুলি মোলৈ লৈ আনে মায়ে। আৰু বান্ধি অনা কলপাতখন খুলি দিলেই যে ওপৰত খিছমিছ জিলিকি থকা পায়সকণ। উফ...কিজানি দামী গিফ্টৰ পেকেট খুলি থাকোঁতেও চকুত এনে আনন্দ প্ৰকাশ নাপাব মোৰ।
আমাৰ কথা-বতৰা শুনি চেঞ্জিং ৰূমটোৰ পৰা প্ৰেংকিও ওলাই আহিল। তাৰ চকুহাল ৰঙা পৰি আছে। মই এইবাৰ দেৱলীনা বা ওলাই যোৱাৰ ফালে আঙুলিয়াই দেখুৱাই প্ৰেংকিক ক'লো
: তুমি জানানে প্ৰেংকি এই ছোৱালীজনীৰ প্ৰেমিকে কি কৰিলে?
: তাইকো এৰি দিলে নেকি ?
বৰ দুখেৰে সুধিলে সি।
: এৰি থৈ গুচি যোৱা হ'লেতো ভালেই আছিল। সেই ল'ৰাটোৱে তাইৰ মাকৰ লগতে...
বিস্ময়কৰ চাৱনিৰে চাই ৰৈছে সি। মই আকৌ ক'লো
: পৃথিৱীত হাঁহি থকা মুখবোৰৰ আঁৰত মানুহবোৰে কিমান এসোপা দুখ লৈ জীয়াই থাকে তুমি ভাবিবও নোৱাৰা। যাৰ আগত তোমাৰ বা মোৰ দুখ একেবাৰে নগণ্য।
মোৰ কথাত লাহে লাহে মূৰ দুপিয়ালে সি।
: তুমি আৰু মন বেয়া কৰিলে মই কিন্তু বেয়া পাম প্ৰেংকি।
সৰুকৈ কৈ ওলাই আহিলোঁ মই কোঠাটোৰ পৰা। বহি পৰিলোঁ নিজৰ চকীখনত। কিবা এটা লিখি থাকোঁতেই হঠাৎ নিউজ ডেস্কৰ ফালৰ পৰা অহা চিঞৰ বাখৰ কিছুমানে দৃষ্টি কাঢ়ি নিলে মোৰ।
কাণ পাতি শুনো সেয়া অলংকৃতাৰ মাত। উঠি আহিলোঁ মই নিজৰ চকীৰ পৰা। অলপ আগতে মেক আপ কৰি উঠি যোৱা নতুন ইংলিছ নিউজ ৰিডাৰ গৰাকীৰ ফালে আঙুলি টোৱাই কিবা কথাত গালি পাৰি উঠিছে তাই।
খৰধৰকৈ আগুৱাই গ'লো মই। উমান ল'বলৈ চেষ্টা কৰিলোঁ তাইৰ খঙৰ কাৰণ।
: কি হৈছে মান্যতা?
সেইখিনিতে ৰৈ সিহঁতৰ কাজিয়া চাই থকা মান্যতাক সুধিলোঁ মই।
: নতুন নিউজ এংকৰে নিউজ পঢ়িছিল। পি চি আৰত আছিল অলংকৃতা। ব্ৰেকৰ পৰা ঘূৰি আহিবলৈ কাউন্টডাউন দিয়াৰ পিছতো তাই মোবাইল টিপিয়েই আছিল আৰু নিউজ টেলিকাষ্ট হোৱাৰ পাঁচ চেকেণ্ডমান সময়লৈকে মোবাইলতে আছিল তাই। দৰ্শকে মোবাইলৰ সৈতেই দেখিলে তাইক টিভিত। সেই কথাটোকে তাই নিউজ পঢ়ি ওলাই অহাৰ পিছত অলংকৃতাই ভালকৈ কৈছিল। কৈছিল যে 'তুমিতো বেলেগ চেনেলত কাম কৰিছা আগতে। এই ভুল কৰিলা কিয়? আগলৈ ধ্যান ৰাখিবা।' মাত্ৰ ইমানখিনিয়েই কথা। নতুন ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰি উঠিল। অলংকৃতাৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ লাগি গ'ল। আগৰে চিনাকি বোলে। একেলগে পাৰ্টিও কৰিছে।
: অহ্ মাই গড।
লাহে লাহে কাজিয়া বাঢ়ি গৈ চূড়ান্ত পৰ্যায় পাইছেগৈ। তুমিৰ পৰা তই হৈছেগৈ।
: তই কেনেকুৱা মোৰ জনা আছে। মোৰ মুখ খুলি নল'বি। মোক কাম শিকাবলৈ অহাৰ আগতে নিজক ঠিক কৰ।
নতুন ছোৱালীজনীয়ে চিঞৰি উঠিছে।
এইবাৰ অথনিৰে পৰা বহি থকা অলংকৃতা উঠি গৈছে তাইৰ কাষলৈ আৰু একেবাৰে সন্মুখত ৰৈ কৈ উঠিছে
: কেনেকুৱা? মই কেনেকুৱা ক চোন।
: আৰে বাদ দে মই যদি কৈ দিওঁ এই অফিচত তই মুখ উলিয়াব নোৱাৰিবি।
এইবাৰ অলপ সময় ছোৱালীজনীৰ মুখলৈ চাই থাকি চিঞৰি উঠিল অলংকৃতাই
: তই ক। মুখ উলিয়াব পৰা নোৱাৰাতো মোৰ সমস্যা ।কিন্তু মই এনে কি যাৰ বাবে মই মুখ উলিয়াব নোৱাৰিম সেয়া তই ক।
ডেস্কৰ গোটেইবোৰ মানুহ এইবাৰ উঠি আহিল। সকলোৱে মুখে মুখে এটা বিচিত্ৰ হাঁহি লৈ উপভোগ কৰি ৰ'ল এই কাজিয়া।
নতুন ছোৱালীজনী এইবাৰ মনে মনে ৰ'ল।
মই বুজিছোঁ কি কথা ক'ব খুজিছে ছোৱালীজনীয়ে। মই আগবাঢ়ি গৈ এইবাৰ হাতত ধৰিলোঁ অলংকৃতাৰ।
: প্লিজ বাদ দিয়ানা। গুচি আহাঁ অলংকৃতা। কথাবোৰ ভালকৈ বহি সমাধান কৰানা।
অলংকৃতাই মোলৈ চোৱা নাই। ছোৱালীজনীৰ দুচকুলৈ একেথিৰে চাই ফোঁপাই আছে তাই। এবাৰত মোৰ হাত আছাৰ মাৰি এৰুৱাই একেবাৰে কাষ পালেগৈ ছোৱালীজনীৰ আৰু কৈ উঠিল
: কি ক'বি তই? তই যি ক'ব খুজিছ ময়েই কৈ দিওঁ। য়েছ মই বাইচেক্সুৱেল... এয়াই ক'ব খুজিছ নহয়? ময়েই কৈ দিলোঁ দে। মই বাইচেক্সুৱেল.. কিন্তু মই তেনেকুৱা হোৱাৰ বাবে কাৰো ক্ষতি হ'বলৈ দিয়া নাই। সোধ সকলোকে। সোধ ইয়াত ৰৈ থকা প্ৰতিটো মানুহক যে এই অলংকৃতা হাজৰিকা বাইচেক্সুৱেল হোৱাৰ বাবে কোনোবাদিনা বাতৰি পঢ়োঁতে বেয়া হৈছে নেকি? মোৰ বিশৃংখল জীৱনটোৱে কাৰোবাক ক্ষতি কৰিছে নেকি সোধ তই।
মুহূৰ্ততে সেই ঠাইখণ্ডত সৃষ্টি হ'ল এক ভুনভুননিৰ।
মানুহবোৰে ইটোৱে সিটোৰ মুখলৈ চাই ফুচফুচকৈ কিবা পাতিছে।
মই থৰ হৈ ৰ'লো।
কি কৈ দিলে তাই!
অলপপৰ তেনেকৈয়ে ৰৈ থাকি মই এইবাৰ অলংকৃতাক হাতত ধৰি সজোৰে টানি আনিলোঁ আৰু বহুৱাই দিলোঁহি মোৰ চকীখনত। বেগৰ পৰা পানীৰ বটলটো উলিয়াই আগবঢ়াই দিলোঁ তাইলৈ। এতিয়া কোনো কথাই পাতিব পৰা অৱস্থাত নাই তাই।
ঘড়ীলৈ চালোঁ।
বিশ মিনিটৰ পিছতে মোৰ নিউজ আছে।
: তুমি একদম উঠি নাযাবা অলংকৃতা। অলপদেৰি ইয়াতে বহি থাকা।
তাইক কথাষাৰ কৈ মেকআপ ৰূমলৈ উঠি আহিলোঁ মই। নিউজটো পঢ়োঁতেও ভাবি থাকিলোঁ নিউজ শেষ হোৱাৰ লগে লগে তাইৰ লগত কথা পাতিব লাগিব।
খুব দুখ পাইছে তাই।
কিমান খং উঠিলে আৰু দুখ পালে জীৱনৰ অকথিত অধ্যায় এনেকৈ উন্মোচিত কৰি পেলাব পাৰে মানুহে!
নিউজটো পঢ়ি লৰালৰিকৈ আহি দেখোঁ তাই নাই। তেজস্বীনি বায়ে ক'লে সোনকালে চুটি লৈ গুচি গৈছে তাই ঘৰলৈ।
ডিউটি শেষ হ'ল মোৰ। আজি ঘৰৰ পৰা ওলাই আহোঁতেই ভাবি আহিছিলোঁ ডিউটি শেষ হ'লেই পল্টন বজাৰ ষ্টেচনলৈ এপাক যোৱাৰ কথা। নীৰজৰ মুখত লক্ষ্মীৰ কথা শুনাৰে পৰা তাইৰ চিন্তাই খুলি খুলি খাইছে মোক।
'ছোৱালীজনী ভালে আছে নে! কাকো নোকোৱাকৈ ক'লৈ গুচি তাই?' আদি অলেখ চিন্তাৰে পাৰ হৈছে মোৰ যোৱা কেইবাটাও দিন। লক্ষ্মীৰ এটা খবৰ ল'বলৈ বৰকৈ মন গৈছে মোৰ। নীৰজ সৰু ল'ৰা। সি কিজানি দেখাই নাই বেলুন বিক্ৰী কৰি ঘূৰি ফুৰা লক্ষ্মীজনীক!
হে ঈশ্বৰ এইয়াই হওক।
এইয়াই হওক। হেৰাই যোৱাতকৈ বেলুনকে বেচি ফুৰক ছোৱালীজনীয়ে।
চিটি বাছ এখনেৰে লৰালৰিকৈ ষ্টেচন পালোঁহি মই।
সোমায়েই ড্ৰাম বজাই থকা মানুহজনীক সুধিলোঁ লক্ষ্মীৰ কথা।
নাই, দেখা নাই তেওঁ লক্ষ্মীক। মোৰ ওচৰলৈ দৌৰি অহা পায়েলক সুধিলোঁ। নাই, লক্ষ্মী দিদিক হেনো তাই আজি বহুদিন দেখাই নাই।
কাক সোধো মই!
কোনে দিব পাৰিব লক্ষ্মীৰ সঠিক খবৰ!
আঃ... পঢ়িবলৈ মন কৰা ছোৱালীজনী!
ছবি আঁকি ভালপোৱা ছোৱালীজনী!
কোনেও নজনাকৈ ক'লৈ গুচি গ'লগৈ তাই!
হঠাৎ দেখোঁ একাষে ইটাৰ দ'ম এটাত মনটো মাৰি বহি আছে নীৰজ। সেইখিনিয়েই ঠাই, য'ৰ পৰা লক্ষ্মীক টানি নিছিল ৰাজকুমাৰে। মই লৰালৰিকৈ তাৰ ওচৰ পালোঁগৈ।
: নীৰজ...
: দিদি...আপুনি?
মই মাত দিয়াৰ লগে লগেই খপজপাই থিয় হ'ল সি।
: লক্ষ্মীৰ কিবা খবৰ পাইছা নেকি নীৰজ?
লাহে লাহে মূৰ দুপিয়ালে সি।
: ক'ত? ক'ত আছে তাই? ভালে আছে নে? ষ্টেচনলৈ ওলাই অহা নাই কিয়?
একেলেথাৰিয়ে কেইবাটাও প্ৰশ্ন সুধি তাৰ মুখলৈ চাই ৰ'লো মই।
: লক্ষ্মীক ৰাজকুমাৰে ষ্টেচনলৈ আহিবলৈ নিদিয়া হ'ল দিদি। নিজৰ ঘৰত কাম কৰা ছোৱালী কৰি ৰাখিছে লক্ষ্মীক। সব কামকৰা মাইকী মানুহ আঁতৰাই দি তাইকেই ৰাখিছে সি। তাই ৰাতিও থাকে তাত।
উচপ খাই উঠিলোঁ মই। যি ৰাজকুমাৰৰ পৰা একেৰাহে পলাই ফুৰে লক্ষ্মীয়ে এতিয়া সেই মানুহটোৰ ঘৰতে কাম কৰিবলৈ ৰাখিছে তাইক! ৰাতিও ৰাখিছে মানুহটোৱে!
: এই খবৰ সঁচা নে নীৰজ? তোমাক কোনে ক'লে?
ভয়াৰ্ত্ত কন্ঠেৰে সুধিলোঁ মই।
: তাই নোহোৱা হোৱাৰে পৰা মই প্ৰতিদিনেই তাইক বিচাৰি আছোঁ দিদি। এদিন তাইৰ লগত থকা ছোৱালী এজনী লগ পাই সোধোতে এই কথা গম পালোঁ। মই ৰাজকুমাৰৰ সেই ঘৰটোৰ বাহিৰত এদিন ৰৈ আছিলোঁগৈ। খিৰিকীৰে তাই মোক চাই আছিল দিদি। তাই কান্দি থকা যেন লাগিছিল।
নাই! আৰু শুনা নাযায়।
কিন্তু মই কি কৰোঁ?
কেনেকৈ উদ্ধাৰ কৰোঁ তাইক।
অকলে সেই ঘৰটোৰ ভিতৰলৈ গ'লে মই যে কেতিয়াও সুকলমে বাহিৰ ওলাই আহিব নোৱাৰোঁ সেই কথা খুব ভালকৈ জানোঁ মই।
এখোজ দুখোজকৈ অসহায় হৈ ষ্টেশ্যনৰ বাহিৰ ওলাই আহিলোঁ মই। দুখোজমান আহোঁতেই নীৰজ প্ৰায় দৌৰি অহাৰ দৰে মোৰ কাষলৈ আহিল আৰু মোৰ হাত এখনত ধৰি কাতৰ কন্ঠেৰে ক'লে
: লক্ষ্মীক বচাই দিয়ক দিদি। ৰাজকুমাৰ বৰ গন্দা মানুহ। কিবাকৈ তাইক তাৰপৰা উলিয়াই আনক দিদি।
লাহে লাহে মূৰ দুপিয়াই ষ্টেচনৰ বাহিৰ ওলালোঁ মই। অলসতাৰে বহি পৰিলোঁ বাছ এখনত।
সন্ধ্যা হ'বলৈ আৰম্ভ কৰিছে। দুচকু মুদি দিলোঁ। লক্ষ্মীৰ বাবে এক চিন্তাই মোৰ যেন মন মগজু গ্ৰাস কৰি আনিলে।
হঠাৎ কন্দাক্টৰজনে ষ্টপেজ এটাৰ নাম লৈ চিঞৰাত মই দুচকু মেলিলো। এই ষ্টপেজৰ নাম যে মোৰ বৰ চিনাকি।
খিৰিকীৰে বাহিৰলৈ চালোঁ। জোনাক এপাৰ্টমেণ্টৰ নামফলকখনৰ চকু পৰিল। সাগ্নিক চলিহাৰ ঘৰ। লাইটেৰে উজ্বলি আছে ঘৰবোৰ।
এপাৰ্টমেণ্টটোৰ পৰা চকু আঁতৰাই হঠাৎ গেইটৰ সন্মুখত দুচকু থৰ হৈ ৰৈ গ'ল মোৰ। গেইটৰ সন্মুখৰ ষ্ট্ৰীট লাইটৰ তলত সেয়া ঋষভ আৰু সাগ্নিক চলিহা। ঋষভে কিবা কৈছে তেওঁক আৰু মূৰ তল কৰি মনে মনে শুনি ৰৈছে তেওঁ।
মই হতভম্ভ হৈ চাই ৰ'লো।
নিজৰ চকুকেই যেন বিশ্বাস কৰিব পৰা নাই।
আৰু মই চিন্তা কৰিবলৈ পোৱাৰ আগতেই মানুহ নমাই চলিবলৈ আৰম্ভ কৰিলে বাছখন। মূৰটো যেন ঘূৰাই আহিছে মোৰ। বাছৰ লোহাৰ ৰড এডালত ধৰি যেনেতেনে থিয় হৈ বাট চালোঁ মই পিছৰ ষ্টপেজটোলৈ।
পিছৰ ষ্টপেজটোত বাছখন ৰোৱাৰ লগে লগেই কন্দাক্টৰজনক পইচাটো দি বাছখনৰ পৰা নামি প্ৰায় দৌৰি অহাৰ দৰে 'জোনাক এপাৰ্টমেণ্টৰ' ওচৰ পালোহি।
মই আহি পোৱালৈ আঁতৰি গৈছেগৈ সাগ্নিক। পিছফালৰ পৰাহে মই দেখিলো তেওঁক। তলমূৰ কৰিয়েই উভতি গৈছেগৈ তেওঁ। ঋষভ ৰৈ আছে একে ঠাইতেই।
: ঋষভ...
উচপ খাই ঘূৰি চালে সি।
: তুমি ইয়াত যে কৃষ্ণা?
: কিয়? আহিব নালাগিছিল নহয়!
: নহয়.. মানে...
: কিয়? কিয় এনে কৰিলা ঋষভ? তোমাক মই বাৰে বাৰে কৈছিলোঁ যে এই মানুহজনক যদি কিবা শাস্তি দিয়াৰ অধিকাৰ আছে সেয়া কেৱল মোৰ। তাৰ পিছতো মোক নজনোৱাকৈ...
একো কোৱা নাই সি।
মই আকৌ সুধিলোঁ
: মোক উত্তৰ দিয়া ঋষভ। কিয় আহিছিলা ইয়ালৈ তুমি?
: মই জানিব বিচাৰো কৃষ্ণা তুমি ইমান ভালপোৱাৰ পিছতো তোমাৰ লগত কিয় এনেকুৱা কৰিলে তেওঁ? মোক তাৰ উত্তৰ লাগে কৃষ্ণা। তুমি কিমান কষ্টত আছা সেই কথা মই তোমাৰ দুচকুত দেখিছোঁ। মই তেওঁক বেয়াকৈ কোৱা নাই। তেওঁক বেয়াকৈ ক'বলৈ মই কোনোৱেই নহয়। কিন্তু তুমি কষ্টত থকাতো মই কোনোপধ্যেই নিবিচাৰোঁ।
এক অস্বস্তি আৰু বিৰক্তিত কোঁচ খাই আহিল মোৰ মুখ। এয়া মোৰ একান্তই ব্যক্তিগত বিষয়। তাত তৃতীয় ব্যক্তি সোমোৱাতো মোৰ একেবাৰেই অপছন্দ। সেয়া লাগিলে মোৰ খুব ভাল বন্ধু ঋষভেই নহওক কিয়!
: এনিৱে' তুমি কেনেকৈ তেওঁৰ এড্ৰেচ পালা?
বিৰক্তিৰেই সুধিলো মই।
: সিদিনা তুমি কৈছিলা তেওঁ পি ডব্লিউ ডি ত চাকৰি কৰে। তেওঁৰ অফিচত খবৰ কৰিয়েই...
: শুনা ঋষভ, আজি তুমি যি কৰিলা দ্বিতীয়বাৰ যাতে এই কাম তুমি ভুলতো নকৰা। মোৰ ব্যক্তিগত কথাত মাত মতাটো মই পছন্দ নকৰোঁ। তুমি মোৰ ভাল বন্ধু। তোমাৰ প্ৰতি মোৰ যি ধাৰণা তাক সলাবলৈ মোক বাধ্য নকৰিবা।
কথাখিনি কৈয়েই বাছ ষ্টপেজলৈ যাবলৈ বুলি মই ঘূৰাৰ লগে লগেই ঋষভে মাতিলে
: কৃষ্ণা...
:কোৱা।
: সাগ্নিকে যদিও ভুল কৰিছে তেওঁৰ প্ৰেম মিছা নহয় কৃষ্ণা।
এইবাৰ সম্পূৰ্ণকৈ ঘূৰিলোঁ মই আৰু তাৰ চকুত চকু থৈ কৈ উঠিলোঁ
: এই কথা এতিয়া অবান্তৰ ঋষভ। পোৱা নোপোৱাৰ হিচাপ আৰু নকৰোঁ। সম্পৰ্ক এটাত থকালৈকে পোৱা নোপোৱাৰ হিচাপ যদি আমি কৰিবলৈ নিবিচাৰোঁ আঁতৰি অহাৰ পিছত এই হিচাপ কিয়? তেওঁ সিমানদিনৰে আলহী আছিল বুলি ভাবি ল'লেই হ'ল। যি পালোঁ সেয়া আমাৰ প্ৰাপ্তি, যি হেৰুৱালো সেয়া ভাগ্য। এই বিষয়ে তুমি আৰু একো নক'লেই মই ভালপাম ঋষভ। আশাকৰোঁ তুমি বুজিবা।
খৰ খোজেৰে বাছ ষ্টপেজলৈ আঁতৰি আহিলোঁ মই।
কিয় আহিছিল ইয়ালৈ ঋষভ!
কিয় আহিব লাগে সি!
মই জানোঁ, সি মোৰ ভাল হোৱাটোৱেই বিচাৰিব সদায়।
তথাপি দিন যোৱাৰ লগে লগে কিয় এনে ভাৱ হৈছে যেন মোৰ কাৰণে আন কোনো যত্নপৰ নহ'লেই মই সুখী হওঁ।
মোৰ প্ৰতিটো সুখ যেনেকৈ কেৱল মোৰ, দুখবোৰো এতিয়া অকলে সামৰিবলৈয়ে যেন মই ভালপাওঁ।
© গায়ত্ৰী
(আগলৈ)
Comments
Post a Comment