#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩৮
মাৰ্চ মাহৰ শেষৰ সপ্তাহ। ঠাণ্ডা আঁতৰি গৰম পৰিছে লাহে লাহে। 'অসম daily' ত চাকৰি কৰি থকা দুমাহৰ ওপৰ হ'ল মোৰ। চকুৰ পচাৰতে দিনবোৰ কেনেকৈ যে পাৰ হৈ গৈছে!
আজি মৰ্ণিং ডিউটি। পুৱাৰ কোমল ৰ'দজাকৰ সৈতে অফিচ সোমোৱাৰ লগে লগেই প্ৰত্যাশাই আনন্দেৰে খবৰ দিলে, অহা মাহত লুটফাৰ বিয়া। এসপ্তাহৰ ভিতৰতে চাকৰিটো এৰিব তাই। প্ৰত্যাশাই খবৰটো দিয়াৰ পিছতে লাজ লাজকৈ মিঠাইৰ টোপোলা এটা মোলৈ আগবঢ়াই দিলে লুটফাই।
মোৰ মনটো হঠাৎ উৎফুল্লিত হৈ পৰিল। সেয়া কেৱল লুটফাৰ আনন্দৰ বাবেই নহয়। ক্ষণিকতে আন এটা কথাইহে ক্ৰিয়া কৰিলেহি মোৰ ভিতৰচ'ৰাত। লুটফা গুচি গ'লে তাইৰ ঠাইখন খালি হ'ব আৰু সেই খালি হোৱা ঠাইলৈ দেৱলীনা বাক আনিবলৈ চেষ্টা কৰিব পাৰিম মই।
অধীৰ আগ্ৰহেৰে দহ বজালৈ অপেক্ষা কৰিলোঁ। দহ বজাত এইচ আৰ পাঞ্চালী মেম কেবিনত সোমোৱাৰ লগে লগেই কেবিনৰ দুৱাৰত কেইবাটাও টোকৰ দিলোঁগৈ মই। সোমাবলৈ অনুমতি পোৱাৰ লগে লগে মই আন একো কথাৰ অৱতাৰণা নকৰাকৈয়ে কৈ পেলালো
: মেম লুটফা যে যাবগৈ তাৰ ঠাইত মোৰ এজনী বান্ধৱীৰ বাবে মই আপোনাক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ।
মনে মনে ৰৈছে পাঞ্চালী মেম। আকৌ ক'লো মই
: মেম এবাৰ মাতি চাওক ইণ্টাৰভিউৰ বাবে। কথা দিছোঁ তাই খুব ভালকৈ কাম কৰিব। কোনো অসুবিধা নাপায় আপুনি।
এইবাৰ লাহেকৈ হাঁহিলে তেওঁ আৰু নীৰৱতা ভংগ কৰি ক'লে
: আই ট্ৰাষ্ট ইউ কৃষ্ণাক্ষী। কাইলৈ এঘাৰ বজাত পোৱাকৈ মাতি পঠিওৱা তেওঁক।
মানুহগৰাকীৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিল মোৰ মন। জীৱনত কেতিয়াও সুখৰ মুখ নেদেখা ছোৱালীজনীৰ অকণমান সুখ হ'লে মোতকৈ আনন্দিত আন কোনো নহ'ব।
: কৃষ্ণাক্ষী...
অলংকৃতাৰ মাত।
পাঞ্চালী মেমৰ কেবিনৰ পৰা বাহিৰ ওলাই আহিছিলোঁ মাত্ৰ। দুৱাৰৰ ওচৰতে ৰৈ আছে তাই। গাত সচৰাচৰ দেখা জিন্স টি শ্বাৰ্টৰ বিপৰীতে এযোৰ শুভ্ৰ চেলোৱাৰ। বুকুত পেলাই লৈছে এখন চিয়াঁহী নীলা দোপাত্তা।
: তুমি ইয়াত যে? কোৱা অলংকৃতা।
: তোমাৰ সহায় এটা লাগিছিল।
ইফালে সিফালে চাই বৰ লাহেকৈ উচ্চাৰিলে তাই।
: কোৱা না।
: আজি মোৰ জন্মদিন। পল্টন বজাৰৰ তোমাৰ চিনাকি বস্তিটোৰ ল'ৰা ছোৱালীখিনিক কিবা অলপ খোৱা বস্তু আৰু খেলনা অলপমান দিবলৈ বিচাৰিছিলোঁ। কিন্তু মইতো মানুহখিনি চিনি নাপাওঁ। বেয়া নোপোৱা যদি লৈ যাবা নেকি মোক?
: তোমাৰ আজি বাৰ্থডে? ৱাও...হেপী বাৰ্থডে অলংকৃতা। কিয় লৈ নাযাম? ময়ো সেই তেতিয়াৰ পৰা যোৱাই নাই নহয় এবাৰো। যাবলৈ পালেতো ভালেই পাম। দুই বজাত মোৰ ডিউটি শেষ হ'ব। তাৰ পিছতে ওলাই দিম আমি। হ'ব নে?
মোৰ উত্তৰত হাঁহি মাৰি মূৰ দুপিয়াই আঁতৰি গ'ল অলংকৃতা।
অলংকৃতা এতিয়া মোৰ বন্ধু।
কেনেকৈ যে ছোৱালীজনী সলনি হৈ গ'ল! সেই ৰাতিটোৰ পিছত আচৰিত ধৰনেৰে এজনী বেলেগ অলংকৃতাক সকলোৱে দেখিবলৈ পাইছিল। কথাই প্ৰতি চিঞৰি বাখৰি গালি পাৰি অহা চঞ্চল, উশৃংখল ছোৱালীজনীয়ে যেন নিজকে সলনি কৰিবলৈ বদ্ধপৰিকৰ হে হৈছিল। এই দুমাহ সময়ত অস্বাভাৱিকভাৱে বদলাই পেলাইছে তাই নিজকে। বুকুৰ অকথিত কথাবোৰ মোৰ আগত কৈ তাই যেন পাতল হৈ পৰিছিল।
আনন্দৰ সময় মানেই মদৰ নিচাত ডুবি উদযাপন কৰা ছোৱালী এজনীয়ে নিজৰ জন্মদিন বুলি লক্ষ্মীহঁতৰ বস্তিলৈ গৈ সময় পাৰ কৰিব খোজা কথাটোওতো এক আশ্চৰ্যৰেই কথা।
দুই বজাৰ লগে লগে ওলাই আহিলোঁ আমি। আমি মানে মই,অলংকৃতা আৰু ঋষভ। মোৰ লগতে ঋষভকো লগ ধৰিছিল তাই। ঋষভৰ গাড়ীতে আমি তিনিওটা ওলাই আহিলোঁ লক্ষ্মীহঁতৰ বস্তিলৈ বুলি।
অলপদূৰ গৈয়েই অলংকৃতাই ঋষভক ক'ৰবাত গাড়ী ৰখাবলৈ ক'লে। ল'ৰা-ছোৱালীবোৰলৈ খোৱা বস্তু কিনাৰ উপৰিও পুতলা কিছুমানো কিনিব খুজিছিল তাই।
ঋষভে গাড়ীখন ৰখাই দিলেহি এঠাইত। অলংকৃতাই পুতলা কিনিবলৈ নামি পৰাৰ লগে লগে ময়ো নামি গ'লো লক্ষ্মীৰ বাবে এখন ছবিৰ বহী আৰু ৰং পেঞ্চিল কিনিবলৈ। পুতলা আৰু খোৱাবস্তুৱে যে বস্তিৰ সকলোকে সুখী কৰিলেও তাইক সুখী কৰিব নোৱাৰে সেই কথা মই জানো।
লক্ষ্মীক মই কথা দিছিলোঁ স্কুললৈ নিয়াৰ। তাইৰ লগত মোৰ চৰ্ত আছিল ৰাজকুমাৰৰ ঘৰটো দেখুৱাই দিলে তাইক পঢ়িবলৈ সুবিধা দিয়াৰ।
কিন্তু ক'তা!
স্কুললৈ নিয়া দূৰৰে কথা, মইতো আজি দুমাহে তাইৰ ওচৰলৈকে এপাক যাব পৰা নাই।
এই ব্যস্তত্বপূৰ্ণ চাকৰিটোয়ে মোকো বাৰু কোনোবাখিনিত স্বাৰ্থপৰ কৰি পেলাইছে নেকি!
অলংকৃতাই সিহঁত আটাইলৈকে খুব ধুনীয়া সৰু সৰু পুতলা কিছুমান কিনিলে। খুব উৎসাহেৰে সকলোবোৰ বস্তু কিনিছে তাই। এটা ডাঙৰ মোনাত ঋষভে বস্তুবোৰ ভৰাই দাঙি লৈ তাইৰ লগে লগে ঘূৰি ফুৰিছে। মই লক্ষ্মীলৈ এটা ডাঙৰ ৰঙৰ পেকেট আৰু দুখন বহী কিনিলোঁ। কিয় জানোঁ বহীখনৰ ওপৰত তাইৰ নামটো লিখি দিবলৈ বৰ মন গ'ল মোৰ। দোকানখনৰ কাঠ এচলাতে বহীখন থৈ গোট গোটকৈ লিখি পেলালোঁ
"শ্ৰী মতি লক্ষ্মী..."
নামটো লিখি ৰৈ গ'লো। তাইৰ লক্ষ্মী নামটোৰ বাহিৰে আন একোৱেইতো নাজানোঁ মই। তাইৰ উপাধি, ঠিকনা কোনো কথাই মই নাজানো।
তেনেকৈয়ে নামটো লিখি পলিথিন এটাত বস্তুকেইটা ভৰাই আমি ওলাই আহিলোঁ পল্টন বজাৰলৈ বুলি।
কিছু সময়ৰ পিছতে আমি ষ্টেশ্যনৰ সন্মুখত ৰ'লোহি। লৰালৰিকৈ নামি পৰিলোঁ মই। যদিও অলংকৃতাৰহে জন্মদিন, তথাপি যেন সিহঁতক লগ পাবলৈ মইহে বেছিকৈ উত্ৰাৱল হৈ পৰিছোঁ। অলংকৃতাই সিহঁতৰ বাবে অনা বস্তুবোৰ আমি তিনিওটাই গাড়ীৰ পৰা নমাই আনিলোঁ।
গেইটৰ সন্মুখতে আজিও আছে শৰীৰ কলা দেখুওৱা সেই অকণমানি ছোৱালীজনী। আজিও তাই একেধৰনেই এডাল ৰচীৰে পাৰ হৈছে। তলত সেই মানুহজনীৰ অহৰহ ড্ৰাম বাদন। প্ৰথমদিনা অহা পৰিবেশৰ সৈতে তিলমানো পাৰ্থক্য নাই আজিৰ পৰিবেশৰ।
সোমাই গ'লো আমি। মোক দেখিয়েই পায়েল দৌৰি আহিল। হাতত তাইৰ আজিও ভিক্ষাৰ পাত্ৰ।
: দিদি...
মোৰ হাতত ধৰিলেহি তাই।
: ভালে আছা পায়েল?
: আছোঁ দিদি। আপুনি জানেনে আজি মোৰ কামাই বহুত ভাল।
উৎসাহেৰে তাই কোৱাৰ লগে লগেই বুকুখন মোচৰ খাই উঠিল মোৰ।
উফ্।
সিহঁতবোৰ এতিয়াও সেই চিন্তাৰ পৰা এচিকুটো মুক্ত হ'ব পৰা নাই। ৰাজকুমাৰৰ জেইল যাত্ৰাই বাৰু অকণো সলনি কৰা নাই নেকি সিহঁতৰ জীৱন!
এইবাৰ পায়েল দৌৰি গ'ল ক'ৰবালৈ আৰু অকণমান দেৰিৰ পিছত হাতত ধৰি টানি মোৰ কাষলৈ লক্ষ্মীক লৈ আনিলে। এহাতে বেলুনৰ লাঠি লৈ সেই একেই লেতেৰা ফ্ৰক আৰু মলিয়ন মুখেৰে আজিও আগুৱাই আহিছে লক্ষ্মী। মোক দেখি যেন ক্ষণিকতে অকণমান উজ্জ্বলি উঠিল তাইৰ এন্ধাৰ মুখখন।
: দিদি...
মোৰ কঁকালতে মুখ গুজি সাবটি ধৰিলেহি তাই।
: ঠিকেই আছা নে লক্ষ্মী?
তাইৰ মূৰত হাত ফুৰাই সুধিলো মই।
একো নামাতিলে তাই। পায়েলহঁতৰ ঠিকেই থকাৰ সংজ্ঞা আৰু তাইৰ ঠিকেই থকাৰ সংজ্ঞাৰ যে আকাশ পাতাল তফাৎ সেয়া মই জানোঁ। দুটকা সৰহকৈ ভিক্ষা সংগ্ৰহ কৰিলেই বা দুটা বেলুন বেছিকৈ বিক্ৰী কৰিলেই যে কাৰোবাক উৎসাহেৰে তাই 'ভালে আছোঁ' বুলিব নোৱাৰে সেই কথা বুজি পাওঁ মই। মনে মনে ৰোৱা ছোৱালীজনীক এইবাৰ মই উৎসাহেৰে অলংকৃতাৰ ফালে দেখুৱাই ক'লো
: এয়া অলংকৃতা দিদি দেই লক্ষ্মী। আজি তেওঁৰ জন্মদিন। তোমালোকৰ বাবে খোৱা বস্তুৰ লগতে এগাল পুতলা আনিছে।
: আৰু ৰং পেঞ্চিল?
তাইৰ আকস্মিক প্ৰশ্নত অসহজবোধ কৰিলে অলংকৃতাই। মোলৈ চাই থেৰোগেৰোকৈ ক'লে
: মইতো কালাৰ পেঞ্চিল অনা নাই কৃষ্ণাক্ষী। কি কৰোঁ এতিয়া।
: চিন্তা নকৰিবা অলংকৃতা। কোনেও কালাৰ পেঞ্চিল নিবিচাৰে। কেৱল লক্ষ্মীক হে লাগে। তাইৰ বাবে মই এয়া লৈ আহিছোঁ চোৱা। তুমি একেবাৰে মন বেয়া নকৰিবা।
মই ৰং পেঞ্চিলখিনি দেখুওৱাৰ লগে লগেই অলংকৃতা আৰু লক্ষ্মী দুয়োজনীৰে মুখত এটি হাঁহিয়ে ঢৌ খেলি গ'ল। তাইৰ হাতত খোৱা বস্তুৰ টোপোলাটো গুজি দি অলংকৃতা আঁতৰি গ'ল আন ল'ৰা ছোৱালীবোৰৰ কাষলৈ।
মই এইবাৰ লক্ষ্মীক এচুকৰ অকণমান একাষৰীয়া ঠাইলৈ লৈ আনিলোঁ। তাইৰ লগত মোৰ কিছু কথা পাতিবলৈ মন গৈছে। মোৰ জানিবলৈ মন গৈছে ৰাজকুমাৰহঁত জেইলত থকাৰ বাবে অকণমান হ'লেও পৰিৱৰ্তন আহিছে নে ইহঁতৰ জীৱনবোৰলৈ? ৰাজকুমাৰ নথকা বস্তিটোত হাঁহিবলৈ শিকিছে নে সিহঁতে?
মই জানো সেই কথা মোক লক্ষ্মীৰ বাহিৰে কোনেও ভালকৈ ক'ব নোৱাৰিব। কাৰো সেই কথা অনুভৱ কৰিব পৰাৰ যে শক্তিয়েই নাই।
এহাতেৰে বেলুন আঁৰি থোৱা লাঠিডাল ধৰি ইটাৰ দ'ম এটাত মোৰ কাষতে বহি পৰিল ছোৱালীজনী। লাহেকৈ সুধিলোঁ মই
: ৰাজকুমাৰহঁত নথকাৰ বাবে তোমালোকৰ সুবিধা হৈছে নহয় লক্ষ্মী?
: ৰাজকুমাৰ ক'লৈ গ'ল দিদি?
বৰ স্বাভাৱিকভাৱে সুধিলে তাই।
: কিয়? জেইললৈ?
: জেইলৰ পৰা এসপ্তাহৰ পিছতে সিহঁত ওলাই আহিল দিদি আৰু তাৰ পিছত একেই ধৰণেৰেই চলি আছে সকলো। আগৰ দৰেই সকলোবোৰ কাম চলি আছে। সিহঁতৰ নিৰ্দেশতেই ভিক্ষা কৰি ফুৰিছোঁ সকলোৱে।
এইবাৰ আশ্চৰ্যৰে চালোঁ মই তাইলৈ।
ৰাজকুমাৰ যে জেইলৰ বাহিৰ হ'ল এই কথাৰ ধাৰণা মোৰ একেবাৰেই নাছিল। ৰাজকুমাৰ কেতিয়া আৰু কিয় ওলাল? কোনে মুকলি কৰিলে সিহঁতক?
অলপদেৰি তেনেকৈয়ে থৰ হৈ ৰৈ থাকি এইবাৰ তাইক তাতেই এৰি দৌৰি যোৱাদি গৈ মই ঋষভৰ ওচৰ পালোঁগৈ। অলংকৃতাৰ লগত ল'ৰা ছোৱালীবোৰক খোৱা বস্তু বিলাই আছে সি। ফোঁপাই জোপাই একেবাৰে তাৰ সন্মুখতে ৰ'লোহি মই।
: ঋষভ...
বস্তু বিলাই থকাৰ পৰা মোলৈ চালে সি।
: কোৱা কৃষ্ণা...
: অকণমান আহাচোন..
: ক'লৈ? বস্তুখিনি দি লওঁ!
: নহয় ঋষভ। তুমি আহা। এতিয়াই আহাঁ।
টোপোলাটো সেইখিনিতে থৈ সি খৰধৰকৈ মোৰ লগত আহিল। তাক মই লক্ষ্মীৰ ওচৰলৈ লৈ আহিলো আৰু লক্ষ্মীলৈ আঙুলিয়াই কৈ উঠিলোঁ
: ঋষভ..লক্ষ্মীয়ে কৈছে...
মোৰ যেন মুখেৰে শব্দ নোলোৱা হৈছে। যি কথাৰ উমান মই অকণমানো নাপাইছিলোঁ সেয়াই যে হৈ আছে ইয়াত। যি নহওক বুলি, যি ঘৃণনীয় কাম বন্ধ হওক বুলি একোলৈকে ভয় নকৰি ৰিপৰ্টিং কৰিছিলোঁ সেই কাম অকণো হেৰফেৰ নোহোৱাকৈয়ে এতিয়াও একেদৰেই চলি আছে এই বস্তিত।
: কি? কি কৈছে লক্ষ্মীয়ে?
চিন্তিত মুখেৰে সুধিলে সি।
: ৰা...ৰাজকুমাৰ জেইলৰ পৰা ওলাই আহিল ঋষভ।
এইবাৰ সামান্য হাঁহিলে সি। ক্ষন্তেক আগৰ চিন্তিত মুখ এইবাৰ যেন নাছিল। লাহেকৈ ক'লে
: মানুহ মাৰি দিবা দেই। মই তোমাৰ কিবা হৈছে বুলি...
: মোৰ ইয়াতকৈ আৰু কি হ'ব লাগে ঋষভ? যি কাম ইমান কষ্ট কৰি আমি কৰিছিলোঁ,ৰাজকুমাৰহঁতক জেইললৈ পঠিয়াইছিলো,ভাবিছিলোঁ লক্ষ্মীহঁতে পঢ়িব। জীৱনবোৰ ভাল হ'ব সিহঁতৰ। কিন্তু... সি কেনেকৈ? কেনেকৈ ওলাই আহিল ঋষভ? তুমিওতো আছিলা এই ৰিপৰ্টিঙত। তোমাৰ অকণো বেয়া লগা নাই? খং উঠা নাই?
এইবাৰ মোক কাষৰ ইটাৰ দ'মটোতে বহুৱাই দিলে সি আৰু কৈ উঠিল
: ৰিলেক্স। ৰিলেক্স কৃষ্ণা।
: মোক ৰিলেক্স হবলৈ কৈছা তুমি? মইতো আচৰিত হৈছোঁ তুমি কেনেকৈ ইমান সহজ হৈ আছা। ইহঁতৰ অৱস্থাবোৰ দেখি তোমাৰ অকণো দুখ লগা নাই ঋষভ? সেই ঘৰটোৰ পৰা ভৰিত তেজৰ সোঁত বোৱাই ওলাই অহা কণমানি লৰাটো? প্ৰতিদিনে লক্ষ্মীয়ে পাই অহা নিৰ্যাতনবোৰ! উফ্। মই কি কৰো এতিয়া! মইতো ভাবি আছিলোঁ সুখ নহ'লেও অন্ততঃ ৰাজকুমাৰ যেতিয়া জেইলত আছে ঘৃণনীয় কামবোৰৰ পৰাতো হাত সাৰিব ইহঁতবোৰ। আৰু ইয়াততো পৰিবেশেই বেলেগ।
এহাত কঁকালত ৰাখি আনখন হাতেৰে কপালৰ দুয়োকুম জোৰেৰে হেঁচি ধৰি ক'লো মই।
: কৃষ্ণা....
ফোঁপাই থকা মোক প্ৰায় চিঞৰি উঠিলে সি।
: তুমি আৰু মই কোন কৃষ্ণা? আমি মাহৰ মূৰত কেইটামান দৰমহা পোৱা সাধাৰণ কৰ্মচাৰী মাত্ৰ। আমাৰ কাম সিমানেই আছিল। বিচাৰিলেও তাতকৈ বেছি আমি একো কৰিব নোৱাৰো। তুমি জানানে সেই যে ধৰি নিছিল পুলিছকেইজন সেই কেইজনে দিনত মিডিয়াৰ আগত হাতকেৰেয়া লগাই ধৰি নি ৰাতি ৰাজকুমাৰহঁতৰ সৈতে দামী মদৰ বটল খোলে। সিহঁতে যোগান ধৰা যুৱতীবোৰৰ দেহৰ সোৱাদ লয় সেই পুলিচবোৰে। সেই কথাৰ ধাৰণা আছেনে তোমাৰ? মিছা কৈছোঁ যদি লক্ষ্মীক সোধা।
মোৰ অৱস্থা দেখি ভয়তে বহা ঠাইতে থুম মাৰি ৰৈ গৈছে লক্ষ্মী। এইবাৰ মই তাইলৈ বিশ্বাস অবিশ্বাসৰ এটি চাৱনিৰে চালোঁ। লাহেকৈ ওলাও নোলাওকৈ ওলাল মোৰ মাত-
: স..সঁচা নে লক্ষ্মী? ঋষভে যিবোৰ কথা ক'লে সেইবোৰ সঁচা নে? উত্তৰ দিয়া তুমি।
লাহে লাহে মূৰ দুপিয়ালে তাই।
দুচকু ঢুলঢুলীয়া ছোৱালীজনীৰ।
তাই যেন দুচকুৰেই ক'ব খুজিছে
" হয় দিদি। সকলো সঁচা। আমি যেনেকৈ আছিলোঁ তেনেকৈয়ে থাকিলোঁ। মই স্কুল যাবলৈ নাপালোঁ। ছবি আঁকিবলৈ নাপালোঁ। বেলুন বেচা ছোৱালী এজনী হৈয়েই থাকি গ'লো মই "
নাজানোঁ কিয় লক্ষ্মীৰ চকুলৈ চাবলৈ বৰ অসহজ আৰু লাজ লাগিল মোৰ। তাইক মই কথা দিছিলোঁ স্কুললৈ নিয়াৰ, ভাল দিন দেখুওৱাৰ। কিন্তু আজি সেয়াতো বহুত দূৰৰ কথা, ৰাজকুমাৰ বোলা মানুহটোৱেই জেইলত সোমাই নাথাকিল।
এসোপা বিষাদে ঘৰ কৰি বহিছে মোৰ সমগ্ৰ মুখমণ্ডলত। লক্ষ্মী আৰু মোৰ কাষতে বহি ৰৈছে ঋষভো। পাৰ হৈছে কেইবাটাও নীৰৱ মুহূৰ্ত।
হঠাৎ বহি থকাৰ পৰা খকমকাই থিয় হ'ল লক্ষ্মী। মুখখনত প্ৰচণ্ড ভয়ৰ চাপ। কঁপি উঠিছে ছোৱালীজনী। মই অলপ আগতে গুজি দিয়া ৰং পেঞ্চিল আৰু ছবি বহীখন হাতত লৈ থৰথৰাই কঁপিছে তাই। এপাকত সেইখিনি খৰধৰকৈ তাই গাৰ পিছফালে লুকুৱাবলৈ বৃথা চেষ্টা কৰিছে। তাইক দেখি ঋষভ আৰু মই ধহমহাই থিয় হ'লো।
: কি হৈছে লক্ষ্মী?
ঋষভ আৰু মই তাইক সমস্বৰে সুধিলোঁ।
একো কোৱা নাই তাই। মাথোঁ দূৰলৈ এবাৰ এটা নিৰ্দিষ্ট ঠাইলৈ চাই আকৌ এবাৰ তলমুৰকৈ ৰৈছে। তাইৰ মুখখন দেখি এনেকুৱা লাগিছে যেন তাই দৌৰি পলাবলৈ বিচাৰিছে। কিন্তু সেই কাম কৰিবলৈকো যেন ভৰি দুখনে তাইক লগ দিয়া নাই।
: লক্ষ্মী? কি হৈছে কোৱাচোন। এনেকুৱা কৰিছা কিয়?
এইবাৰ অকণমান আগুৱাই গৈ তাইৰ কাষ চাপি মই লাহেকৈ সুধিলোঁ। লগে লগে আমাৰ পিছফালৰ পৰা ভাঁহি আহিল ঋষভৰ চেপা মাত
: ৰাজকুমাৰে অলপ আঁতৰত ৰৈ আমালৈকে একেথিৰে চাই আছে কৃষ্ণা।
লগে লগে ঘূৰি চালোঁ মই। হয়, সেইজনেই মানুহ যাক পুলিচে হাতকেৰেয়া লগাই বাহিৰ কৰি আনিছিল সেই ঘৰটোৰ পৰা। অকণমানি ল'ৰাটো তেজৰ নদী বোৱাই দৌৰি আঁতৰ হওঁতে যিজন মানুহে বাহিৰলৈ আহি ল'ৰাটোৰ মাকক পইচা দিবলৈ খুজিছিল।
সেই মানুহজনে এতিয়া একেথিৰে চাই আছে লক্ষ্মীলৈ। চকুৰে যেন জুই বৰষিছে মানুহজনৰ। খুঁটা এটাত এহাত ৰাখি আনখন হাত কঁকালত থৈ প্ৰকাণ্ড শকত লুঙী পৰিহিত মানুহজনে লক্ষ্মীলৈ চাই ৰৈছে। তেওঁ যে আমাকো চিনি পাইছে সেই কথা তেওঁৰ দুচকুত পৰিস্ফুট হৈ পৰিছে।
কিয় চাইছে মানুহজনে এনেকৈ!
মানুহৰ চাৱনিও ইমান ভয়লগা হ'ব পাৰেনে?
: আঁতৰি যোৱা লক্ষ্মী।
এইবাৰ চেপা কিন্তু বৰ ভয়াৰ্ত্ত মাতেৰে কৈ উঠিলোঁ মই। মই বিচৰা নাছিলোঁ মানুহজনে মোক লক্ষ্মীৰ সৈতে দেখাতো।
কিন্তু তাই বেলুনৰ লাঠিডাল এহাতেৰে খামুচি তেনেকৈয়ে ৰৈ গৈছে। মানুহজনৰ সেই চাৱনিয়ে বান্ধি পেলাইছে তাইক। একে ঠাইতে।
লৰচৰ কৰিব নোৱাৰাকৈ।
হঠাৎ তাইৰ হাতৰ পৰা পৰি গৈছে ছবিৰ বহী আৰু ৰং পেঞ্চিল।
তুলি নিদিলোঁ মই।
তাই আঁতৰি যাওক। মুঠতে আঁতৰি যাওক তাই।
মানুহজনৰ সেই চাৱনিৰ সন্মুখত ৰৈ থকাতকৈ বেলুন বেচিবলৈকে গুচি যাওক ছোৱালীজনী।
: ব'লা কৃষ্ণা। আমি আঁতৰি যাওঁ।
লৰালৰিকৈ কৈ উঠিল ঋষভে।
: তাইক কিবা কৰিব নেকি ঋষভ?
মৃদু আস্ফালন কৰিলোঁ মই।
: আমি কাষত থাকিলে তাই আৰু বিপদত পৰিব কৃষ্ণা। প্লিজ ব'লা। তাইক অকলে এৰি দিয়া।
মোৰ হাত এখনত ধৰি টানি অনাৰ দৰে আঁতৰাই আনিছে সি। লক্ষ্মীলৈ ঘূৰি চাই চাই লাহে লাহে আঁতৰ হৈ আহিলোঁ মই। মোৰ যেন ভৰি দুখনেৰে মই খোজ কাঢ়িব খোজা নাই, কিন্তু ঋষভৰ বলিষ্ঠ হাতে মোক টানি টানি আঁতৰাই নিছে অসহায় ছোৱালীজনীৰ কাষৰ পৰা।
: তুমি ঠিকেই আছা নে কৃষ্ণাক্ষী?
ল'ৰা ছোৱালীখিনিৰ কাষৰ পৰা হঠাৎ মোৰ কাষলৈ আগুৱাই আহি সুধিলে অলংকৃতাই।
নিশ্চুপ হৈ ৰৈ গৈছোঁ মই।
কাৰো মাত, কাৰো কথা মোৰ কাণত সোমোৱা নাই। মোৰ দুচকু স্থিৰ হৈ ৰৈ গৈছে লক্ষ্মীৰ ওপৰত। তাই যে এতিয়াও তেনেকৈয়ে ৰৈ আছে।
: তুমি অকণমান বহা কৃষ্ণা। মই আৰু অলংকৃতাই বস্তুখিনি বিলাই দিওঁ।
মোৰ মনৰ অৱস্থাটো বুজি পাইছে ঋষভে। মোৰ দুচকুৱে অহৰহ লক্ষ্মীলৈকে চাই থকা দেখি গৈছে ঋষভে। অলংকৃতাৰ প্ৰশ্নৰ পৰা মোক ৰক্ষা কৰিবলৈকে যেন তেনেকৈ আঁতৰি গৈছে সি।
হঠাৎ দেখোঁ ৰাজকুমাৰ নামৰ প্ৰকাণ্ড মানুহটো আগবাঢ়ি আহিছে। অথনিৰে পৰা ৰৈ থকা সেই চুকটোৰ পৰা লক্ষ্মীৰ ওচৰলৈ আগুৱাই আহিছে মানুহটো।
ধৰফৰাই উঠিলোঁ মই। লাহেকৈ উচ্চাৰিলো
: ঋষভ...
ষ্টেশ্যনৰ কোলাহলৰ মাজত মোৰ মাত তাৰ কাণত পৰা নাই।
লক্ষ্মীৰ শীৰ্ণ হাতত এইবাৰ জোৰেৰে খামুচি ধৰিছে মানুহটোৱে। সেই হাত তাই জোৰকৈ আঁতৰাব খুজিও বিফল হৈছে। মানুহটোৰ হাতৰ মুঠিৰ পৰা নিজকে মুক্ত কৰিবলৈ ছোৱালীজনী বেঁকা হৈ ঠাইতে বহি দিছে আৰু সেই বহি দিয়া অৱস্থাতেই চোঁচৰাই আঁতৰাই লৈ গৈছে মানুহটোৱে লক্ষ্মীক।
উপায়হীনতাৰে ঠাইতে চটফটাই ৰৈ গৈছোঁ মই।
ঋষভলৈ চালোঁ। অলংকৃতাৰ সৈতে ল'ৰা-ছোৱালীবোৰৰ লগত হাঁহি হাঁহি কথা পাতি আছে সি। মই এইবাৰ উঠি গ'লো তাৰ কাষলৈ। সকলোৰে সন্মুখতেই মই হাতত ধৰিলোঁ তাৰ। জোৰেৰে মুঠিয়াই ধৰিছোঁ তাৰ হাত।
: কৃষ্ণা? কি হৈছে কৃষ্ণা?
: লক্ষ্মী...লক্ষ্মীক টানি লৈ গৈছে সি।
মোৰ চকুলৈ আচৰিত হৈ চাই ৰৈছে ঋষভে।
এইবাৰ সি অলংকৃতাৰ পৰা আতঁৰলৈ লৈ আনিলে মোক।
আকৌ চিঞৰি উঠিলোঁ মই
: ঋষভ... লক্ষ্মীক লৈ গৈছে সি। তাই ইচ্ছা কৰি যোৱা নাই। টানি নিছে সি। তাইৰ অকণমানি হাতখনত তাৰ হাতখনেৰে বৰ জোৰত ধৰিছে ঋষভ। তাই বৰ দুখ পাইছে।
সি এতিয়াও একো কোৱা নাই।
: তুমি একো নামাতা কিয়? মই নিজেই..নিজেই দেখিছোঁ মই। তাইক লৈ গৈছে। তাইৰ লগত আকৌ বেয়া কাম কৰিব ঋষভ। প্লিজ তাইক ঘূৰাই আনা। ছোৱালীজনীক ৰক্ষা কৰা প্লিজ।
হাতযোৰ কৰি অনুনয়েৰে প্ৰায় উচুপি উঠিলো মই।
: কৃষ্ণা...
মোৰ গাত ধৰি জোকাৰি দিছে ঋষভে।
: তোমাৰ কি হৈছে কৃষ্ণা? কিয় এনেকুৱা কৰিছা? কিমানজনী লক্ষ্মীক ৰক্ষা কৰিবা তুমি? চোৱা, এবাৰ চকু ফুৰাই চোৱা। চাৰিওফালে লক্ষ্মীৰ দৰেই অসহায় দুচকু। এই ৰাজকুমাৰঁহতৰ লগতে সিহঁতৰ উঠা বহা। তুমি কেনেকৈ তাৰ হাতৰ পৰা কাঢ়ি আনিবা তাইক। কথাবোৰ ইমান সহজ বুলি কিয় ভাবিছা কৃষ্ণা?
মই এতিয়াও থিৰেৰে ৰ'ব পৰা নাই। তাই যোৱাৰ ফালে আঙুলিয়াই মই একেৰাহে 'লক্ষ্মীক লৈ আহা' বুলি কৈয়েই আছোঁ। মই চাই থাকোতেই মোৰ চকুৰ আগতেই মোৰ পৰা দূৰলৈ গৈ আছে লক্ষ্মী। কৰুণ চকুহালেৰে তাই বাৰে বাৰে ঘূৰি চাইছে মোৰ ফালে।
হঠাৎ চকুত পৰিল প্ৰতি মুহূৰ্ততে লক্ষ্মীৰ কাষত ছাঁৰ দৰে থকা নীৰজ আহি আলফুলে এটা এটাকৈ বুটলি লৈছে লক্ষ্মীৰ ৰং পেঞ্চিল আৰু বহী দুখন। সেইকেইটা বুকুত সাবটি লৈ ল'ৰাটোৱে অসহায় ভাৱেৰে মোলৈ চাই ৰৈছে।
আৰু মই একো এটা কৰিব নোৱাৰাৰ ক্ষোভত সজোৰে উচুপি উঠিছোঁ।
: ট্ৰাই টু আণ্ডাৰষ্টেণ্ড কৃষ্ণা। মোৰ জানো ভাল লাগিছে কোৱা। কিন্তু এয়া ইমান সহজ নহয়। কেনেকৈ...
সি আৰু কিবা ক'বলৈ লৈছিল। কিন্তু ল'ৰা ছোৱালীবোৰক বস্তু বিতৰণ কৰি আজৰি হৈছিল অলংকৃতা। এইবাৰ আমাৰ ফালে আগুৱাই আহিল তাই। তাইক দেখিয়েই ঋষভে লৰালৰিকৈ কৈ উঠিল
: তুমি এনেকুৱা আচৰণ কৰি থাকিলে অলংকৃতাই সকলো গম পাব এতিয়া। প্লিজ সুস্থিৰ হোৱা। প্লিজ কৃষ্ণা। লক্ষ্মীৰ বাবে। তাই আৰু বিপদত পৰাতো তুমি জানো বিচাৰা কোৱা?
অলংকৃতা আমাৰ ওচৰ পাইছিলহি। তাইৰ হাতৰ পৰা পানীৰ বটল এটা লৈ মোৰ হাতত তুলি দিলে ঋষভে।
: কৃষ্ণা। অকণমান পানী খোৱাচোন। মূৰ বিষাইছে তাইৰ। মাইগ্ৰেইন আছে যে।
শেষৰ শাৰীটো অলংকৃতাক উদ্দেশ্যি খৰকৈ কৈ উঠিল সি। এইবাৰ অলংকৃতাই বটলটোৰ পৰা অলপ পানী উলিয়াই মোৰ মুখত সানি মৰমেৰে ক'লে
: সোনকালে ঠিক হৈ উঠানা কৃষ্ণাক্ষী। ইভিনিং মোৰ বাৰ্থডে' পাৰ্টি দিছোঁ ৰেষ্টুৰেণ্টত। গণেশগুৰিৰ 'অ' গুৱাহাটীত'। তুমি নগ'লে পাৰ্টি নহব কিন্তু।
পাৰ্টি!
লক্ষ্মীক এনেকৈ দেখি গৈ মই কোন সতে ৰেষ্টুৰেণ্টত পাৰ্টি কৰিম! শীৰ্ণ এহাত ৰাজকুমাৰৰ হাতত তুলি দি আঁতৰি গৈছেগৈ ছোৱালীজনী। আৰু মই একো কৰিব নোৱাৰি চাই ৰ'লো।
: মই নোৱাৰিম অলংকৃতা। মোৰ কিবা এটা কাম আছে আজি। প্লিজ বেয়া...
কথাষাৰ শেষ কৰিবলৈকে নাপালোঁ। চিঞৰি উঠিল তাই
: তেন্তে মোৰ বাৰ্থডে পাৰ্টি কেঞ্চেল ঋষভ। বাদ দিয়া। কোনো আহিব নালাগে। নাপাতো মই বাৰ্থডে'।
অভিমানেৰে হাত সাৱটি মুখ ওন্দোলাই ইফালে চাই ৰৈছে তাই। মই অসহায় ভাৱেৰে ঋষভলৈ চালোঁ। সোঁৱে বাঁৱে মূৰ জোকাৰি চকুৰেই ক'লো
: মই নোৱাৰিম ঋষভ। মনৰ এই অৱস্থাত বাৰ্থডে' পাৰ্টি কৰা কোনোপধ্যেই যে মোৰ বাবে সম্ভৱ নহয়।
: প্লিজ কৃষ্ণা...
সোঁফালে মূৰটো অকণমান বেঁকা কৰি ঋষভে সৰুকৈ অনুনয়ৰ সুৰত কৈ উঠিল মোক।
আমাৰ এই নীৰৱ কথা বতৰা অলংকৃতাৰ চকুত পৰা নাছিল। উপায়হীনতাৰে সিফালে চাই ৰ'লোঁ মই। এইবাৰ ঋষভে সজোৰে ক'লে
: কৃষ্ণা যাব অলংকৃতা। মই লৈ যাম তাইক। আই প্ৰমিজ।
তালৈ বিৰক্তিৰে চালোঁ মই।
তাৰ বিপৰীতে মই যাম বুলি শুনি সুখী হৈ উঠিল অলংকৃতা।
ষ্টেশ্যনৰ পৰা ওলাই গাড়ীত বহিলোহি আমি। অলংকৃতাই তেতিয়াও একেৰাহে কৈ আছে ইয়ালৈ আহি ভাল লগাৰ কথা। আগতে কেতিয়াও নোপোৱা এক বেলেগ সুখৰ অনুভৱ হোৱাৰ কথা।
আৰু মনে মনে বহি গৈছোঁ মই। লক্ষ্মীৰ ভয়াৰ্ত্ত মুখখন আৰু ৰাজকুমাৰৰ খঙত চকুৰে অগ্নি বৰষা মুখখনে মোক এক চেকেণ্ডো যেন শান্তিত থাকিবলৈ দিয়া নাই।
আজি প্ৰথমবাৰলৈ বৰ অসহায় আৰু দুৰ্বল অনুভৱ হৈছে মোৰ। মোক যেন আজি এক ক্ষমতাৰ প্ৰয়োজন হৈছে, যি ক্ষমতাই মোক লক্ষ্মীহঁতক উদ্ধাৰ কৰাৰ শক্তি দিব পাৰে।একেৰাহে মৰি মৰি জীয়াই থকা মানুহবোৰক উদ্ধাৰ কৰাৰ ক্ষমতা লাগে মোক।
: কৃষ্ণাক্ষী সন্ধ্যা সাত বজাত আহি পাবা দেই।
অলংকৃতাৰ মাততহে যেন মই বাস্তবলৈ ঘূৰি আহিলোঁ। তাইৰ ঘৰৰ সন্মুখত গাড়ী ৰখাইছিলহি ঋষভে। ইমানদূৰ ৰাস্তা কেৱল নিজৰ মাজতেই লক্ষ্মীৰ চিন্তাৰে আহি থাকিলোঁ মই।
জোৰকৈ হাঁহি তাইলৈ চাই মূৰ দুপিয়ালোঁ। এখন সুখী মুখেৰে আঁতৰি গৈছেগৈ তাই। তাই আঁতৰি যোৱাৰ লগে লগেই আকৌ গাড়ীৰ ছিটত হেলান দিলোঁ।
: কৃষ্ণা...
অলংকৃতাক নমাই গাড়ীখন আগবঢ়োৱাৰ লগে লগেই মাত দিলে ঋষভে। তালৈ চোৱা নাই মই। গাড়ীৰ বন্ধ কাঁচেৰে একেৰাহে বাহিৰলৈ চাই গৈছোঁ। কথা পাতিবলৈ মন যোৱা নাই মোৰ।
একো নামাতিলে ঋষভেও। গোটেই ৰাস্তাত এটাও বাক্য বিনিময় নকৰাকৈ মোৰ ৰূমৰ সন্মুখত গাড়ীখন ৰখাই দিলেহি। মাত্ৰ নামিবৰ সময়ত লাহেকৈ ক'লে
: ছয় বাজি পঞ্চল্লিছ মিনিট মানত ওলাই থাকিবা কৃষ্ণা। মই তোমাক পিক কৰি ল'ম।
: মোক নিবলৈ আহিব নালাগে। মই অকলেই যাব পাৰো।
: মই জানো কৃষ্ণা। তুমি অকলে যোৱাহে নালাগে পাৰ্টি এটেণ্ড কৰি উভতি আহিবও পাৰিবা। কিন্তু অলংকৃতাৰ ফ্রেণ্ড চাৰ্কলটো মই জানো। তালৈ তুমি অকলে যাব নালাগে। একো কাৰণ নোহোৱাকৈ যে মই কোৱা নাই সেয়াতো বুজা ন?
উভতি গৈছেগৈ সি।
ৰুমলৈ আহিও চটফটাই ৰৈ গৈছোঁ মই। একেৰাহে মন আৰু মগজুলৈ অগা-দেৱা কৰিছে লক্ষ্মীৰ মুখখন।
এতিয়া কি কৰিছে বাৰু তাই!
কেনেবাকৈ সেই পাষণ্ডটোৱে তাইক!
নাই নাই আৰু ভাবিব নোৱাৰি!
ভবা নাযায় আৰু একোকেই!
লৰালৰিকৈ কাপোৰ সাজ সলাই লেপেটা কাঢ়ি বহি পৰিলোঁ ঈশ্বৰৰ সন্মুখত। সন্ধ্যা লাগিছে। কাষৰ কোনোবা মন্দিৰৰ পৰা ভাঁহি আহিছে ঘণ্টাধ্বনি। চকু মুদি হাতযোৰ কৰি লক্ষ্মীৰ বাবে প্ৰাৰ্থনা কৰিলোঁ মই। অলপ আগতে অলংকৃতাক দেখি জোৰকৈ বন্ধ কৰা চকুপানী যেন এতিয়া কোনো বাধা নামানি বৈ আহিছে মোৰ দুচকুৰে।
আঃ! কি কষ্ট!
লক্ষ্মীহঁতৰ দৰে কেনেকৈ জীয়াই থাকে মানুহ!
এক অশান্তি বুকুত লৈয়েই একেবাৰে মন নোযোৱা সত্বেও এটা সময়ত সাজু হ'লো অলংকৃতাৰ বাৰ্থডে' পাৰ্টীলৈ। কুহুমবুলীয়া শ্লীভলেছ কুৰ্তা আৰু বগা ট্ৰাউজাৰ পিন্ধি ঋষভৰ গাড়ীত বহিলোঁহি।
সাত বাজি দহ মিনিটমান যাওঁতে ঋষভ আৰু মই আহি 'অ' গুৱাহাটী' নামৰ ৰেষ্টুৰেণ্টখনৰ সন্মুখত ৰ'লোহি। খুব জোৰ কৰি মুখৰ বিষাদ আঁতৰাই ওঁঠত এটি হাঁহি সানি চিৰিৰে উঠি গলো। দুৱাৰতে কেইটামান বেলুনৰ সৈতে এখন অকণমানি ফলক। য'ত লিখা আছে
"হেপী বাৰ্থডে' অলংকৃতা"
দুৱাৰ ঠেলি সোমাই গ'লো আমি। এজাউৰি উশৃংখল হাঁহিৰ মাজত বহি আছে অলংকৃতা। প্ৰায় ছজনমান ল'ৰা আৰু অলংকৃতাকে ধৰি দুজনী ছোৱালী জুমটোত। আমি আগুৱাই যোৱাৰ লগে লগে প্ৰায় দৌৰি অহাৰ দৰে আহি তাই সাবটি ধৰিলেহি আমাক। অলংকৃতাই আমাক চিনাকি কৰাই দিয়াৰ লগে লগেই সকলোৱে সমস্বৰে চিঞৰি উঠিল
: হেণ্ডচম ঋষভ কৌশিক তেন্তে এয়া হা! যাৰ কাৰণে আমাৰ অলংকৃতা এক্কেবাৰে পাগল।
আকৌ এজাউৰি গিৰ্জনী মৰা হাঁহি। মই ঋষভৰ চকুলৈ চালোঁ। বৰ অস্বস্তি পাইছে সি। অসহজ হৈ পৰিছে যেন ল'ৰাটো। সকলোৰে সৈতে ময়ো সামান্য হাঁহি তাক সহজ কৰি দি অকণমান আঁতৰৰ টেবুল এখনত বহি পৰিলোঁ।
এইবাৰ লাইটবোৰ পাতল কৰি নীলা লাইট এবিধ জ্বলাই দিয়া হ'ল ৰেষ্টুৰেণ্টখনত। অস্পষ্ট হৈ পৰিছে মানুহবোৰৰ মুখবোৰ। এটা মায়াময় পৰিবেশ। লাইট কম হোৱাৰ লগে লগেই গিটাৰ লৈ যুৱক এজন আগবাঢ়ি আহিল আৰু বৰ ধুনীয়াকৈ গাই গ'ল -
" তুম চে হি দিন হ'তা হে
চুৰময়ী শ্বাম আটি হে
তুম চে হি...
তুম চে হি...
হৰঘড়ী ছাচ আটি হে
জিণ্ডেগি কেহলাটি হে
তুম চে হি"
প্ৰাণঢালি গাইছে ল'ৰাজনে। হাতে হাতে সকলোৱে ৱাইনৰ গ্লাছ উঠাইছে। ঋষভে মাজে সময়ে ড্ৰিংক কৰে যদিও কিন্তু সি আজি হাতত গ্লাছ লোৱা নাই। মোৰ সন্মুখত বহিলহি সি।
: খোৱা নাই?
ৱেইটাৰ জনে দি থৈ যোৱা তন্দুৰী চিকেনৰ প্লেটখন দেখুৱাই লাহেকৈ সুধিলে সি।
: ওঁহো।
মোৰ কাষত বহি সি একেথিৰে চাই ৰ'ল মোলৈকে।
" আখ' মে আখে টেৰী
বাহ' মে বাহে টেৰি
মেৰা না মুঝমে কুচ ৰাহা
হুৱা ক্যা..."
ল'ৰাজনে গান গাই গৈছে। গানত মন নিদিয়াকৈ এনেকৈয়ে মোলৈ চাই থাকি এটা সময়ত লাহেকৈ মাতিলে সি-
: কৃষ্ণা...
: উমম...
: তোমাক বহুত কথা ক'বলৈ মন যায়। কিমান যে কথা কৈ পেলাবলৈ মন যায় একে আপাহতে! মোৰ তোমাক ভাল লাগে কৃষ্ণা। বিশ্বাস কৰা, ফ্লাইটত কাম কৰোতে কত ঠাই ঘূৰিলোঁ, কত সুন্দৰী যুৱতীৰ সৈতে চাকৰি কৰিলোঁ। কিন্তু এনে অনুভৱ কেতিয়াও হোৱা নাই। তুমি বুজিছানে কৃষ্ণা?
থৰ হৈ চাই ৰৈছোঁ মই তালৈ।
বহুদেৰি তাৰ কথা শুনি এপাকত মই প্ৰায় চিঞৰি উঠিলোঁ
: প্লিজ সাগ্নিক...মনে মনে থাকা। মই একো শুনিবলৈ নিবিচাৰোঁ। আৰু একো শুনাৰ বা সহ্য কৰাৰ শক্তি এই বুকুত নাই।
নীলা লাইটৰ মায়াময় পোহৰত একেথিৰে চাই ৰৈছে সি মোলৈ। হয়,পৰম বিস্ময়ত থৰ লাগি চাই আছে সি মোলৈ।
হঠাৎ মই যেন সম্বিত ঘূৰাই পালোঁ।
এয়া কি কৰি পেলালো!
কি কৈ পেলালো মই!
: সাগ্নিক?
লাহেকৈ সুধিলে সি।
কিমান সময়!
কিমান সময় একেদৰেই চাই থাকিল সি।
কি আছিল সেই চাৱনিত!
বিস্ময়, বিস্ময় আৰু অপাৰ বিস্ময়।
এযুগ যেন এনেকৈয়ে পাৰ হৈ গ'ল।
গান গাই আছে ল'ৰাজনে। সকলোৱে হাঁহিছে, গাইছে, ফুৰ্তি কৰিছে।
কিন্তু ঋষভ!
সি এনেকুৱা আচৰণ কৰিছে যেন সেই কোঠাটোত এতিয়া কোনো মানুহ নাই। মাত্ৰ ৰৈছোঁ মই। বাকী ৰৈছে কৃষ্ণা নামৰ এজনী ছোৱালী, যি কেইমুহূৰ্তমান আগতে অসতৰ্ক অৱস্থাত উচ্চাৰি পেলাইছে প্ৰেমিকৰ নাম।
এসময়ত লাইট জ্বলিল। গান বন্ধ হ'ল।
প্ৰায় দহমান বজাত খাই বৈ আজৰি হ'লো আমি। খাই উঠিয়েই এক মুহূৰ্তও নোৰোৱাকৈ মোক ক'লে সি
: যাওঁ কৃষ্ণা। ওলোৱা।
সেই মাতত অনুৰোধ নাছিল। আছিল আদেশ।
: খায়েই লৰালৰিকৈ গুচি গ'লে...
: মই যাব খুজিছোঁ। মোৰ এক মুহূৰ্তও ৰ'বলৈ মন যোৱা নাই।
ঋষভৰ কণ্ঠত সেয়া কি! মই কেতিয়াও নেদেখা নুশুনা এই কণ্ঠ তাৰ।
কথাষাৰ কৈয়েই টেবুলত পৰি ৰোৱা গাড়ীৰ চাবি হাতত তুলি ল'লে সি। এক মিনিটো নোৰোৱাকৈ ল'ৰাটো গৈ বাহিৰলৈ ওলাই যোৱা দুৱাৰৰ ওচৰ পালেগৈ।
অলংকৃতাক মাত লগাই ওলাই আহিলোঁ ময়ো। গাড়ীত বহি গোটেই ৰাস্তা এটাও কথা নক'লে সি।
এটা শব্দও।
তেনেকৈয়ে ৰাতিৰ নির্জনতাৰ মাজেৰে গাড়ী ৰখালেহি ঋষভে মোৰ ৰূমৰ সন্মুখত। দুৱাৰ খুলি নামিবলৈ লওঁতেই লাহেকৈ সুধিলে সি
: কৃষ্ণা...
ইমান বিষাদেৰে এয়া কেনেকৈ মাতিছে সি!
দুৱাৰৰ লকটোত হাত দিবলৈ লৈও ঘূৰি চালো মই।
: সাগ্নিক কোন মই জানিবলৈ বিচাৰো কৃষ্ণা। তুমি অসতৰ্কতাত উচ্চাৰিব পৰা সেই নামৰ গৰাকীক চিনিব খোজো মই।
একো উত্তৰ নিদিয়াকৈ নামি পৰিলোঁ। তাক একো নোকোৱাকৈ লৰালৰিকৈ আঁতৰি আহিলোঁ মই।
মই যে সকলোৰে পৰা লুকুৱাব খোজো তেওঁক।
গোটেই পৃথিৱীৰ পৰা।
কিন্তু নিজৰ পৰা?
নিজৰ পৰা এই কথা কেনেকৈ লুকুৱাও যে মই তেওঁক পাহৰা নাই। তেওঁক পাহৰা যে কেতিয়াও সম্ভৱেই নহয় ।
মোৰ প্ৰতিটোপাল তেজে যে সেই অনুভৱ, সেই নাম অহৰহ কঢ়িয়াই ফুৰে কেনেকৈ নুই কৰো মই সেই কথা। ইমান ভীৰৰ মাজত যে তেওঁ অবিহনে অকলশৰীয়া হৈ ক'ৰবাত ৰৈ গৈছোঁ মই। সেই নাম উচ্চাৰিলেই যে এটা শিৰশিৰণি মোৰ ভৰিৰ তলুৱাৰ পৰা উজাই গৈ বুকুৰ কোনোবা এটা কোণত বিষ হৈ আজিও ৰৈ যায়। সুখে দুখে শুনিবলৈ মন যায় মাথোঁ এটাই যে শব্দ-
" কৃশ্বু..."
আঃ সাগ্নিক!
ক'ত আছা সোণ!
কেনে আছা!
(আগলৈ)
©গায়ত্ৰী
Comments
Post a Comment