#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩৬
: চকুৰ নোমবোৰ আইলেশ্ব নলগোৱাকৈয়েই বৰ দীঘল অ' তোমাৰ।
মোৰ চকুত মাস্কাৰাডাল শেষবাৰৰ বাবে বুলাই কৈ উঠিল প্ৰেংকিয়ে।
শিল্পগ্ৰামত আজি 'অসম Daily' য়ে আয়োজন কৰা নৱবৰ্ষৰ বিশেষ অনুষ্ঠান। সন্ধ্যা সাত বজাৰ পৰা অনুষ্ঠানটো লাইভ যাব। ঋষভ, মই আৰু প্ৰেংকি প্ৰায় চাৰি বজাতেই শিল্পগ্ৰাম পালোঁহি। মেক আপ দিবলৈ আজি সময় লাগিব বুলি আগতীয়াকৈ জনাইছিল প্ৰেংকিয়ে। আজি ঋষভ আৰু মই অফিচত বিশেষ কাম কৰা নাই। মৃণ্ময় দুৱৰা ছাৰে ঋষভ আৰু মোক আজি অফিচৰ কামৰ পৰা ৰেহাই দিছে। তথাপিও অৱশ্যে অলঙ্কৃতাই 'অফিচলৈ নাহো একেবাৰে অনুষ্ঠানটোলৈহে আহিম' বুলি কোৱাৰ বাবে ৰাতিপুৱাৰ ইংলিছ বুলেটিনখন পঢ়ি আহিবলগীয়া হ'ল ঋষভে।
সময় চালোঁ। পাঁচ বাজি গৈছে। এতিয়ালৈকে মাত্ৰ মুখখনত আধাহে মেক আপ কৰি হৈছে প্ৰেংকিৰ। টেলিভিছনৰ পৰ্দাত বাতৰি এটা পঢ়িবলৈ মেক আপ দিয়া আৰু মুকলি অনুষ্ঠান এটা এংকৰিং কৰিবলৈ দিয়া মেক আপৰ মাজত যে আকাশ পাতাল প্ৰভেদ। বিশেষকৈ ৰাতিৰ অনুষ্ঠান এটা এংকৰিং কৰিবলৈ দিয়া মেকআপ বোৰত আৰু কষ্ট কৰিবলগীয়া হয়। পাতল হ'লে যে ইমানবোৰ লাইটৰ মাজত নিজিলিকেই।
খুব সযতনে বৰ ধুনীয়াকৈ সজাইছে মোক প্ৰেংকিয়ে। আজিৰ অনুষ্ঠানটোৰ বাবে ঋষভ আৰু মোৰ পোছাক দুযোৰ আগবঢ়াইছে জনপ্ৰিয় ফেশ্যন ডিজাইনাৰ পিয়ালী মুখাৰ্জীয়ে। নীলাত গুণা আৰু গুলপীয়া মিনা কৰা খুব ধুনীয়া এযোৰ চাদৰ মেখেলা। ঋষভৰ বাবে এটা নীলা ধুনীয়া কুৰ্তা। কুৰ্তাটোৰ বাওঁকাষে বাহুৰ পৰা তললৈকে কাপোৰযোৰৰ সৈতে একেই চানেকিৰে এডাল দীঘল লতা।
কাপোৰযোৰৰ সোণালী গুণাখিনিৰ সৈতে মিলাকৈ প্ৰেংকিয়ে চকুৰ পতাত সানি দিছে গল্ডেন গ্লিটাৰ আই শ্বেড'। ওঁঠত নিউড মেট লিপষ্টিক। প্ৰতিটো কামেই কৰোঁতে বৰ সচেতন হৈ কৰে সি। মেক আপ আচলতে প্ৰেংকিহঁতৰ বাবে কেৱল এটা পেচা নহয়, এই কামটোক ভগৱান পূজাৰ দৰে পূজে সিহঁতে। প্ৰতিদিনেই অফিচলৈ আহিয়েই ৰূমটোলৈ সোমোৱাৰ আগমুহূৰ্তত সেৱা কৰি সোমায়। দিনটোৰ প্ৰথম মেক আপটো কৰাৰ আগত চকু মুদি সেৱা কৰি লয় সিহঁতে।
: তাইৰ গালত গুলপীয়াবোৰ বৰকৈ নাসানিবিচোন প্ৰেংকি।
মোৰ গালত গুলপীয়া ব্লাশ্বাৰ ডাল বুলাবলৈ লওঁতেই এইবাৰ হঠাতে পিছফালৰ পৰা আহি মাত দিলে ঋষভে।
তাৰ মাতত হাতত ব্লাশ্বাৰৰ ব্ৰাছ লৈয়েই ৰৈ গ'ল প্ৰেংকি। আচৰিত হৈ ঘূৰি চালোঁ ময়ো। চেঞ্জিং ৰূমৰ পৰা কুৰ্তা পাইজামাযোৰ পিন্ধি ওলাই আহিছে ঋষভ। প্ৰায় পাঁচ ফুট আঠ ইঞ্চি ওখ ল'ৰাটোক কুৰ্তাটোৰে সাংঘাতিক ধুনীয়া দেখিছে।
: ঐ ঋষভ... তই মেক আপৰ বিষয়ে কি জান কচোন?
ব্লাশ্বাৰৰ ব্ৰাছ লৈয়েই প্ৰেংকিয়ে এইবাৰ ফেপেৰি পাতি ধৰিলে তাক। মেক আপৰ ক্ষেত্ৰত ইনস্ট্রাকশ্যন দি থকা কথাটো খুবেই অপছন্দ তাৰ। কতবাৰ যে বাৰে বাৰে ইনস্ট্রাকশ্যন দি থকাৰ বাবে আধাতে মেক আপ বেলেগক কৰিবলৈ দি দিছে সি।
: নহয় অ'। মই একো বুজি নাপাওঁ প্ৰেংকি। তথাপি কাক কেনেকৈ ধুনীয়া লাগে এই বিষয়ে জ্ঞান আছে দেচোন। কৃষ্ণা এনেকৈয়ে ধুনীয়া। এই যে সাধাৰণ কাপোৰ এসাজ পিন্ধি চুলিকেইডাল ক্লিপ এডালেৰে সামৰি দৌৰি ঢাপৰি অফিচ ওলায়হি তেনেকৈয়ে বৰ ধুনীয়া লাগে তাইক। বিশেষ একো নকৰাকৈয়ে, কৃত্ৰিমতাৰ আশ্ৰয় নোলোৱাকৈয়ে এনেকৈয়ে বৰ সুন্দৰ তাই। চুলিসোপা যে কোনোবাদিনা কাৰ্ল কৰি দিয় বৰ বেয়া পাওঁ মই। চেনেলটোত কোনোবা এজনী ছোৱালীতো নেচাৰেল হৈ থাকক।
প্ৰেংকিৰ খং উঠা দেখি কোমল মাতেৰে কৈ উঠিল ঋষভে।
এইবাৰ প্ৰেংকিয়ে এবাৰ ঋষভলৈ আৰু এবাৰ মোলৈ এটা বিশেষ চাৱনিৰে চালে আৰু তাৰ পিছত ঋষভলৈ পোন দৃষ্টি ৰাখিয়েই ক'লে
: ৰাম ৰাম! কৃষ্ণাক্ষীৰ পৰা কৃষ্ণা হ'লগৈ, কেনেকৈ তাইক ধুনীয়া লাগিব সেই বিষয়ে মেকআপৰ ইনস্ট্রাকশ্যন দিব পৰা হ'লি, আমিচোন গমেই নাপালোঁ ৰে। আজিৰ প্ৰগ্ৰেমটো হৈ যাওক। তাৰ পিছত দুয়োটাৰে খবৰ ল'ব লাগিব ৰ।
বৰ অপ্ৰস্তুত হ'লো মই। লৰালৰিকৈ কৈ উঠিলোঁ
: এইডালৰ কথা নুশুনিবা প্ৰেংকি। এনেই বকি থাকে।
কথাষাৰ ক'লো যদিও প্ৰেংকিয়ে যেন এক অবিশ্বাসৰ দৃষ্টিৰে চাই ৰ'ল মোলৈ। অবিশ্বাস যদিও এটা যেন ভাললগাও আছিল তাৰ দুচকুত ।
কৃষ্ণাক্ষী নামৰ কাকো সহজে বিশ্বাসত ল'ব নোখোজা, কথা এষাৰ ইফালতকৈ অকণমান সিফাল হ'লেই গেঙেৰি মাৰি উত্তৰ দিয়া ছোৱালীজনীৰ কাষত সঁচাকৈয়ে কোনোবা এজন সহচৰ হৈ ৰ'ব খুজিছে। এই কথাটোত সি যেন বৰ সুখী হৈ উঠিছে।
হঠাৎ আইনাত দেখোঁ ঋষভে একেথিৰে মোলৈকে চাই আছে। চকুত চকু পৰাৰ লগে লগে সি চুলিত খৰকৈ আঙুলি চলালে।
আজি কেইদিনমানৰ পৰা এনেকুৱাই আচৰণ কৰে সি।
কেতিয়াবা একেথিৰে চাই থাকিব।
কেতিয়াবা সকলোৱে কিবা কথা পাতি থকাৰ মাজতে টুপুককৈ কিবা এষাৰ কাণে কাণে ক'ব।
মাকে ৰান্ধি পঠিওৱা টিফিনটোৰ পৰা কিবা ভাল বস্তু থাকিলে মনে মনে মোৰ লাঞ্চবক্সটোত অকণমান সুমুৱাই থ'ব।
দিনে দিনে যেন বেলেগ হৈ আহিছে সি।
মোৰ মেক আপ কৰা হৈ গৈছিল। ঋষভৰ কোনো কথাই নুশুনি গোটেই মোৰ চুলিবোৰ কাৰ্ল কৰি এফাললৈ পেলাই ৰাখিছিল প্ৰেংকিয়ে। নিজকে আজি সঁচাকৈয়ে ধুনীয়া দেখিছোঁ মই।
এইবাৰ ঋষভৰ মুখত মেক আপ কৰিলে সি। তাৰনো আৰু কি মেকআপ! অকণমান মুখত কিবা সানি চুলিবোৰ ঠিক কৰি স্প্ৰে' মাৰি দিলে। সাধাৰণতে টেলিভিছনৰ পৰ্দাত ওলোৱাৰ আগত ল'ৰাবোৰৰ ওঁঠতো পাতলকৈ লিপষ্টিক সানি দিয়া হয়। কিন্তু এই কাম কৰিবলৈ ঋষভে কোনোদিনেই নিদিয়ে।
দুয়োটা সম্পূৰ্ণ তৈয়াৰ হৈ উঠালৈ চাৰে ছয় মান বাজিল। মেক আপৰ চকীখনৰ পৰা উঠাৰ লগে লগে প্ৰেংকিয়ে দুয়োটাকে থিয় কৰাই লৈ নিজৰ মোবাইলত এখন ফটো ল'লে আৰু ধেমালিৰ সুৰত কৈ উঠিল
: পাটৰ চাদৰ মেখেলা পিন্ধা কৃষ্ণাক্ষী আৰু কুৰ্তা পিন্ধা ঋষভ, দুয়োটাকে দেখি একেবাৰে দৰা কইনা যেন লাগিছে অ'।
উচপ খাই উঠিলোঁ মই।
চাদৰ মেখেলা পিন্ধা এগৰাকী নাৰীৰ কাষত কুৰ্তা পিন্ধা পুৰুষ এজন থিয় দি ৰ'লেই সঁচাকৈয়ে তেনে যেনেই দেখুৱায় নে!
দেখুওৱা উচিত নে!
হ'ব নোৱাৰে জানো সেই পুৰুষ আৰু নাৰী ভাল বন্ধু!
সদায় সকলো নাৰী পুৰুষকে একেই দৃষ্টিৰে চোৱাতো জৰুৰী নেকি!
প্ৰেংকিৰ কথা শেষ হওঁতেই ঋষভে উৎসাহেৰে কৈ উঠিল
: সঁচা নে প্ৰেংকি?
এইবাৰ প্ৰেংকিক একো ক'বলৈ সুযোগ নিদিয়াকৈ মই লৰালৰিকৈ ক'লো
: আৰু মাত্ৰ আধা ঘন্টা আছে ঋষভ। ব'লাচোন স্ক্ৰীপ্টখন অকণমান চাই লও।
মঞ্চৰ এটা চুকত দৰ্শকৰ আঁৰ লৈ থিয় দিলোঁগৈ আমি। টেলিভিছনৰ বাহিৰে কোনো অনুষ্ঠানত আজিলৈকে এনেকৈ মই এংকৰিং কৰি পোৱা নাই। অলপ ভয় ভাবো মনলৈ নহা নহয়। কিন্তু সকলো ভয় শংকা মনৰ পৰা আঁতৰাই স্ক্ৰীপ্টখন আওৰাবলৈ ধৰিলোঁ। হঠাৎ দেখিলোঁ স্ক্ৰীপ্টৰ পৰা চকু আঁতৰাই ঋষভে একেথিৰে মোলৈকে চাই আছে।
ৰৈ গ'লো। মোৰ চকুত চকু পৰাত সি কৈ উঠিল
: তোমাক সাংঘাতিক ধুনীয়া দেখিছে কৃষ্ণা। তৰাৰে বুটা বচা আকাশখন যেন তোমাৰ গাত আজি উবুৰি খাই পৰিছে।
বৰ অসহজ লাগিল মোৰ। তথাপি সেই ভাৱ লুকুৱাই মুখত এটি হাঁহি ফুটাই বৰ সহজকৈ ক'লো
: তোমাকো বৰ ধুনীয়া লাগিছে ঋষভ। আজি সকলো ছোৱালীৰেই চকু তোমাৰ পৰা নাতৰিবই চাবা।
ঋষভ সঁচাকৈয়ে ধুনীয়া। যিকোনো ছোৱালীয়েই প্ৰথম দেখাতেই সপোন পুৰুষ হিচাপে কল্পনা কৰি ল'ব পৰাকৈ ধুনীয়া সি।
শিল্পগ্ৰামৰ গোটেই প্ৰেক্ষাগৃহটো লোকে লোকাৰণ্য হৈ পৰিছে। আমন্ত্ৰিত অতিথিৰ লগতে আজিৰ অনুষ্ঠানত নৃত্য গীত পৰিবেশন কৰিবলৈ অহা শিল্পীৰে ভৰি পৰিছে প্ৰেক্ষাগৃহৰ প্ৰতিখন আসন। আমি ৰৈ থকা চুক এটাৰ পৰা হঠাৎ চকু পৰিল মৃণ্ময় দুৱৰা আৰু লগত খুব ধুনীয়া এগৰাকী মহিলা। সম্ভ্রমেৰে বাট এৰি দিছে মৃণ্ময় দুৱৰাক সকলোৱে। ঋষভে আঙুলিয়াই দেখুৱালে
: মৃণ্ময় ছাৰৰ লগত সেয়া ছাৰৰ ৱাইফ।তুমিতো চিনি নোপোৱা ন?
মই মন দি চালোঁ মানুহগৰাকীলৈ। খুব ধুনীয়া এখন বগা শাৰী পৰিহিতা মানুহগৰাকী মৃণ্ময় দুৱাৰতকৈ বয়সত যেন ভালেখিনি সৰু। চুটিকৈ কটা চুলিখিনিৰে মানুহগৰাকীক বৰ ধুনীয়া দেখিছে। হ'লেও এডিটৰ ইন চিফৰ পত্নী হিচাপে থাকিবলগীয়া গাম্ভীৰ্য বাৰুকৈয়ে মানুহগৰাকীৰ মুখমণ্ডলত ফুটি উঠিছে।
মৃণ্ময় দুৱৰাৰ পত্নীৰ কাষতে অলংকৃতাও আহি ৰৈছিলহি। বহুদিনৰ পিচত কোনোবা চিনাকি মানুহ দেখাৰ দৰে সামান্য নতমস্তক কৰি সোহাঁত বাওঁহাতত থৈ মানুহগৰাকীৰ সৈতে কিবা দুষাৰ কথা পাতিছে তাই। পাতল গুলপীয়া ৰঙৰ গাউনটোৰে খুব ধুনীয়া দেখিছে ছোৱালীজনীক। তাইক দেখি মোৰ মনলৈ আহিল সিদিনা তাই প্ৰেংকিৰ আগত এই গাউনটো পিন্ধিয়েই অনুষ্ঠানটো এংকৰিং কৰিম বুলি কোৱা
কথাষাৰ।
বৰ আশা কৰি আছিল তাই অনুষ্ঠানটোলৈ।
আজিও যেন তাইৰ ধুনীয়া মুখখনত প্ৰতিদিনাৰ দৰেই কিবা এক ছটফটনি আৰু অশান্তিৰ ভাৱ।
সাত বাজিবলৈ পাঁচ মিনিট। শেষবাৰৰ বাবে স্ক্ৰীপ্টখনত আকৌ এবাৰ চকু ফুৰাইছোঁ মই। যিহেতু লাইভ যাব অনুষ্ঠানটো। গতিকে সময়তকৈ এক মিনিটো দেৰি হ'ব নোৱাৰিব। ঋষভে এইবাৰ মোক লৰালৰিকৈ সুধিলে
: মই ঠিকেই আছোঁ নে কৃষ্ণা? চুলিখিনি ঠিকেই আছে নে চাই দিয়াচোন।
মই ছোৱালী মানুহজনীৰে ইমান চিন্তা লগা নাই যিমান তাৰ লাগিছে। বাৰে বাৰে এবাৰ কুৰ্তাৰ কলাৰটো সমান কৰি, এবাৰ চুলিকেইডাল ঠিক কৰি উচপিছকৈ থাকিল সি।
: ভাল লাগিছে ঋষভ। একদম পাৰফেক্ট।
লাহেকৈ ক'লো মই।
সাত বজাৰ লগে লগে আমি ওলাই আহিলোঁ মঞ্চলৈ। মঞ্চলৈ ওলোৱাৰ লগে লগে দৰ্শকৰ হাত চাপৰিৰে গিজগিজাই উঠিল প্ৰেক্ষাগৃহটো।
ঋষভেই আৰম্ভ কৰিলে
: গুড এভিনিং লেডিজ এণ্ড জেন্টলমেন। দিছ ইজ ঋষভ কৌশিক। ঠেংক ইউ টু ইচ্চ এণ্ড এভ্ৰিওৱান অফ ইউ ফৰ বিং হিয়েৰ ৱিথ আছ টুডেই।
: শুভ সন্ধ্যা। মই কৃষ্ণাক্ষী বৰুৱাই আপোনালোক সকলোকে আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
আৰম্ভ হ'ল এটা এটাকৈ অনুষ্ঠান। আমন্ত্ৰিত গায়ক গায়িকা তথা নৃত্যশিল্পীসকলৰ খুব সুন্দৰ এটা এটা অনুষ্ঠানেৰে মুখৰিত হৈ পৰিল সন্ধিয়াটো।
লাহে লাহে ৰাতি হৈ আহিছে। মঞ্চৰ পৰা প্ৰতিবাৰ এংকৰিং কৰি নামি আহোতেই ফেৰফেৰকৈ চেঁচা বতাহ এজাকে বাৰে বাৰে কোবাই থৈ গৈছে। গাত একো গৰম কাপোৰ নাছিল। শ্বল এখন আনিছিলোঁ যদিও সেইখন মেক আপ কৰা ঠাইতেই বেগ এটাত থৈ আহিলোঁ। দ কৈ পিঠি কটা ব্লাউজটোৰে সৈতে পাতল চাদৰ মেখেলাযোৰেৰে এইবাৰ প্ৰচণ্ড ঠাণ্ডা লাগিবলৈ ধৰিলে মোৰ। দাঁতে দাঁতে লাগি কঁপনি উঠিল। অকণমান আঁতৰি গৈ শ্বলখন আনি গাত ল'বলৈও কোন মুহূৰ্তত অনুষ্ঠান শেষ হয়, কোন মুহূৰ্তত মঞ্চলৈ উঠি যাবলগীয়া হয় তাৰ একো ঠিক নাই। ঋষভে যদিও চুৱেটাৰ পিন্ধা নাছিল তথাপি হাত দীঘল কুৰ্তাটোৰে যেন তাক মোতকৈ অলপ হ'লেও কমকৈ ঠাণ্ডাই চুইছিল।
তাৰ কথা মনলৈ অহাৰ লগে লগে দৃষ্টি ঘূৰাই দেখোঁ ল'ৰাটো সেইখিনিত নাই।
ক'ত গ'ল!
অনুষ্ঠানটোৰ মাজতে ক'লৈ গ'ল সি!
ইফালে মঞ্চৰ নৃত্য পৰিবেশিকাৰ নৃত্য শেষ হওঁ হওঁ।
এইবাৰ সঁচাকৈয়ে চিন্তাত পৰিলোঁ মই।
কি কৰোঁ কি নকৰোঁকৈ ইফালে সিফালে চাওঁতেই দেখোঁ এহাতে একাপ ধোঁৱাই থকা গৰম কফি আৰু আনহাতত মই মেকআপ কৰা ঠাইতে বেগত ভৰাই থৈ অহা শ্বলখন লৈ ওলাইছেহি সি।
: ঠাণ্ডা পাইছা তুমি। কঁপি আছা একেবাৰে। কফিকাপ খাই লোৱাচোন। আৰু শ্বলখনো লৈ লোৱা। এনেকৈ কঁপি থাকিব নালাগে। যেতিয়াই মঞ্চৰ পৰা নামি আহাঁ তেতিয়াই গাত লৈ থাকিবা। আকৌ উঠি যাওঁতে এই টেবুলখনতে থৈ গ'লেই হ'ল।
কফিৰ কাপটো মোৰ হাতত গুজি দি কৈ উঠিল সি।
তালৈ চাই ৰ'লো মই। তাৰ পিছত লাহেকৈ সুধিলোঁ
: শ্বলখন ক'ত পালা তুমি?
: প্ৰেংকিক সুধিলোঁ। সি উলিয়াই দিলে। কফিকাপ খোৱা। মঞ্চলৈ যাবলৈ দেৰি আছে। নৃত্য এতিয়াই শেষ নহয়। আৰু দুটা গানত নাচিব তেওঁ। কমেও দহ মিনিট আছে।
হাতত কফিৰ কাপটো তুলি ল'লো। এতিয়া এহাতে স্ক্ৰীপ্ট আৰু আনহাতত কফিৰ কাপ মোৰ। শ্বলখন হাত পাতি ল'বলৈও জেগা নাই। অকণমান দূৰত থকা টেবুলখনত মই কফিৰ কাপটো থ'বলৈ বুলি আগবাঢ়ি যাওঁতেই লাহেকৈ পিছফালৰ পৰা শ্বলখন গাত মেৰিয়াই দিলে সি। তেনেকৈ শ্বল মেৰিয়াবলৈ যাওঁতে মোৰ দকৈ কটা ব্লাউজৰ পৰা ওলাই থকা উন্মুক্ত পিঠিত আঙুলিৰ পৰশ পৰে তাৰ।
একেবাৰে বৰফ চেঁচা আঙুলিৰ পৰশ।
অজানিতেই হোৱা সেই স্পৰ্শত সচকিত হৈ উঠিলোঁ মই।
কোনোবাই মোৰ প্ৰতি অকণমান ব্যস্ত হৈ পৰিলেই বৰ অস্বস্তিত পৰোঁ আজিকালি। যি মোক শিকাইছিল এই মৰম আৰু আদৰৰ সংজ্ঞা তেওঁ যে এতিয়া মোৰপৰা বহু দূৰত।
আঃ সাগ্নিক!
ক'ত আছে তেওঁ!
কি অৱস্থাত আছে!
এতিয়াও মুমূৰ্ষ হৈ ৰৈ আছে নেকি মোৰেই ভাৱনাত!
কিয় যে এনেকুৱা হয়!
আঁতৰি যোৱা বা আঁতৰাই পঠিওৱাজনৰ বাবেই কিয় সদায় কান্দি উঠিব খোজে বুকুৱে!
ইমানবোৰ লাইট, ইমানবোৰ মানুহ, ইমান হুলস্থুল, চিঞৰ বাখৰ। তাৰ মাজতো কিয় ভীৰ ফালি মোৰ কাণলৈ বগুৱা বাই আহিব খোজে সেই এশাৰী কথা। কিবা এটা অনুষ্ঠান কৰাৰ সময়ত প্ৰতিবাৰেই মোৰ কাণত বাজে সেই একেষাৰেই কথা
" মই জানিছিলোঁ! চাকৰিটো যে মোৰ কৃশ্বুৱেই পাব জানিছিলোঁ মই। আজি মই বৰ সুখী কৃশ্বু। "
আঃ! মোৰ সুখত সুখী হৈ উঠা মানুহজন !
মোৰ প্ৰতিটো দুখত মোক সামৰি ধৰা মানুহজন !
তেওঁক যে মোৰ কিমান জনাবলৈ মন যায় প্ৰতিটো কথা। মই কেনেকৈ এংকৰিং কৰিছোঁ, কেনেকৈ ৰিপৰ্টিং কৰিছোঁ, কেনেকৈ সকলোৱে মোৰ কাম লাহে লাহে ভালপাবলৈ আৰম্ভ কৰিছে। কিমান যে তেওঁক ক'বলৈ মন যায়। সুখী হৈয়ো কথাবোৰ তেওঁক জনাবলৈ নোপোৱাৰ বাবেই যে ক'ৰবাত মই অসুখী হৈ ৰও অহৰহ।
উফ্ কি যে অসহ্যকৰ অৱস্থা।
যাক জনাবলৈ মন যায় বুকুৰ সকলো খবৰ, তেওঁকেইতো এতিয়া জোৰকৈ আঁতৰাই পঠিয়াইছোঁ অন্য এগৰাকী নাৰীৰ কাষলৈ। সংগ দিবলৈ অন্য এগৰাকী নাৰীক।
জীৱনত ইয়াতকৈ কঠিন কাম আৰু কি থাকিব পাৰে!
: কি চিন্তা কৰি আছা কৃষ্ণা?
: নাই...
ঋষভৰ মাতত বাস্তবলৈ ঘূৰি আহিলোঁ
: তোমাৰ গাৰ পৰা কিবা এটা বৰ ধুনীয়া গোন্ধ ওলাই কৃষ্ণা। মই ফ্লাইটত কাম কৰোঁতে এয়াৰপ'ৰ্ট বোৰত দেশ বিদেশৰ বিভিন্ন পাৰ্ফিউম কিনিছোঁ। কিন্তু তুমি জানানে একোৰেই লগতে তুলনা নহয় এই গোন্ধৰ।
ৰৈ গ'লো মই।
কি কয় ল'ৰাটোৱে!
কিয় এনেকুৱা কথা কয় সি!
মই শুনিবলৈ নিবিচৰা এনেকুৱা কথা কিছুমানকে কিয় অনর্গল কৈ থাকিবলৈ খোজে সি!
: ৱাহ! একদম ৰোমাঞ্চ চালু আছে নহয়?
হঠাৎ দেখোঁ আমাৰ ঠিক কাষতে থিয় দিছেহি অলংকৃতা।
থতমত খালোঁ মই।
: তুমি ইয়ালৈ কিয় আহিছা অলংকৃতা?
ঋষভৰ কঠিন মাত।
: কিয়? আহিব নালাগিছিল নেকি? ৰোমাঞ্চত অসুবিধা কৰিলোঁ? এনিৱে' কেৰি অন। মই এনেইহে আহিছিলোঁ।
অহা বাটেৰেই পেঞ্চিল হিলৰ খটখট শব্দ তুলি আঁতৰি গৈছিলগৈ ছোৱালীজনী।
: তুমি আঁতৰত থিয় হোৱা ঋষভ।
এইবাৰ মোৰ কঠিন মাত।
: এইজনীৰ কাৰণে মুড অফ নকৰিবা এতিয়া প্লিজ।
: মই একো মুড অফ কৰা নাই। মোৰ মুড কাৰোৰে বাবেই অফ নহয় ঋষভ। কিন্তু মই নিবিচাৰোঁ, কোনোবাই আমাৰ বিষয়ে মিছাকৈ কিবা উলিয়াওক।
: আচ্ছা বাবা। মই আঁতৰত ৰৈছোঁ। এইবোৰ বাদ দিয়া। এতিয়া কোৱা কি পাৰফৰ্ম কৰিবা তুমি?
আমন্ত্ৰিত অতিথিৰ অনুষ্ঠানবোৰ শেষ হোৱাৰ পিছতেই অফিচৰ ষ্টাফৰ বাবে এটা অনুষ্ঠান ৰাখিছে। উপস্থিত তথা টেলিভিছনৰ পৰ্দাত চাই থকা সকলো দৰ্শকেই বাট চাই ৰয় এই অনুষ্ঠানটোৰ বাবে। সদায়েই এসোপা শ্বাসৰুদ্ধকৰ খবৰ লৈ অহা এই মানুহখিনিৰ মুখত গান এটা শুনিবলৈ পালে বা তেওঁলোকে পৰিবেশন কৰা নৃত্য এটা চাবলৈ পালে সুখী হয় দৰ্শক।
ঋষভ আৰু মোক কালিয়েই কোৱা হৈছিল কিবা এটা পৰিবেশন কৰিবলৈ। মোৰ একোকে কৰিবলৈ মন যোৱা নাই। সাজু হৈয়ো অহা নাই মই।
মঞ্চৰ নৃত্য শেষ হৈছিল। লৰালৰিকৈ আমি উঠি আহিলোঁ। মুহূৰ্ততে মনৰ বুটাম টিপি দুখৰ পৰা সুখলৈ ভাৱনাবোৰ সলাই পেলোৱাইতো এগৰাকী এংকৰৰ ধৰ্ম। মুখত এটি হাঁহি সানি এংকৰিং কৰি গ'লোঁ।
এসময়ত ঘোষণা হ'ল এতিয়া 'অসম Daily' ৰ কৰ্মকর্তাসকলে পৰিবেশন কৰিব অনুষ্ঠান। প্ৰথমতেই উঠি আহিল অলংকৃতা। খুব ধুনীয়াকৈ গাই গ'ল George Benson ৰ সেই জনপ্ৰিয় গীত
"Nothing's Gonna Change My Love for You
You oughta know by now how much I love you
One thing you can be sure of
I'll never ask for more than your love"
মান্যতা, তেজস্বীনি বাহঁতে এটা বিহুৰ দল গঠন কৰিছিল। আজি প্ৰায় এসপ্তাহমানৰ পৰা সকলোৱে কামৰ মাজে মাজে অনুশীলন কৰি আছিল। এতিয়া সেই বিহু নৃত্য খুব সুন্দৰকৈ পৰিবেশন কৰিলে তেওঁলোকে।
প্ৰেংকিয়ে এটা ক্লাছিকেল ডান্স কৰিলে। সি কথকৰ বিশাৰদ। 'ৰাহত ফাটেহ আলি' খানৰ 'আফ্ৰিন' গীতটোত কথকৰ শৈলীৰে সাংঘাতিক ধুনীয়াকৈ নাচিলে সি। এখন বগা শাৰী আৰু কঁকালত কমৰবান্ধ মাৰি নৃত্য কৰা প্ৰেংকিৰ নৃত্যত উপস্থিত দৰ্শকৰ হাত চাপৰিৰে প্ৰেক্ষাগৃহ ৰজনজনাই উঠিল।
এইবাৰ মঞ্চলৈ উঠি আহিল মৃণ্ময় দুৱৰা আৰু খুব সুন্দৰকৈ গালে ভূপেনদাৰ সেই চিৰযুগমীয়া গীত
"এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
মোৰো বনহংসই বাট হেৰুৱায়
মই আছোঁ শাৰদীয় খিৰিকীমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই।"
গীত শেষ হোৱাৰ লগে লগেই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল। গানটো শেষ কৰি তেওঁ ঘোষণা কৰিলে
: এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ আজিৰ অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালনা কৰা ঋষভ কৌশিক আৰু কৃষ্ণাক্ষীক বৰুৱাক।
আমি দুয়ো মঞ্চলৈ উঠি যোৱাৰ লগে লগে মানুহজনে প্ৰশংসাৰে ওপচাই পেলালে আমাক। তাৰ পিছতে আকৌ ক'লে
: এইবাৰ ঋষভ আৰু কৃষ্ণাক্ষীৰ পৰা আমি কিবা এটা শুনিবলৈ বিচাৰিম।
কৈয়েই মানুহজনে মাইক্ৰ'ফোনটো ঋষভৰ হাতত গুজি দিলে। মই আঁতৰি আহি মঞ্চৰ সন্মুখত দৰ্শকৰ মাজত ৰ'লোহি এইবাৰ। সি কি পৰিবেশন কৰে নাজানোঁ। কিন্তু তাক সন্মুখৰপৰা চাবলৈকে তেনেকৈ থিয় দিলোঁহি মই। হাতত মাইক্ৰ'ফোন লৈ লাহে লাহে আবৃত্তি কৰি গ'ল পাবল' নেৰুদাৰ বিখ্যাত কবিতা
"When I die I want your hands on my eyes
I want the light and the wheat of your beloved hands
to pass their freshness over me one more time
to feel the smoothness that changed my destiny"
ইমান সুন্দৰকৈ সি যে আবৃত্তি কৰে জনা নাছিলোঁ মই। কাঁহ পৰি জীন গৈছে গোটেই প্ৰেক্ষাগৃহটো।
আৰু সি!
কবিতাটো আবৃত্তি কৰাৰ গোটেই সময়খিনি সি মোৰ চকুলৈকে চাই থাকিল। যেন গোটেই প্ৰেক্ষাগৃহটোত সকলো মানুহ নিমিষতে অদৃশ্য হৈ বাকী ৰৈছিলোঁগৈ কেৱল মাথোঁ মই।
আবৃত্তি কৰি হোৱাৰ পিছতো কিছুক্ষণ তেনেকৈয়ে ৰৈ থাকিল সি। তাৰ পিছতহে লাহে লাহে নামি আহিল মঞ্চৰ পৰা।
এইবাৰ মঞ্চলৈ উঠি গ'লো মই। একো কৰিবলৈকে সাজু হৈ অহা নাছিলোঁ। তথাপি মৃণ্ময় দুৱৰাৰ কথা ৰাখিবলৈকে হাতত তুলি ল'লো মাইক্ৰ'ফোন আৰু গাই গ'লো
" ভৰ বাৰিষাৰ মেঘৰ দৰে
আহিছিলা বুৰাও বুলি
বৰষি বৰষি মোৰ জীৱনত তিয়ালা যে
পথৰ ধূলি
নেজানো কিয় যে
তুমি আঁতৰি গ'লা
বুকুভৰা অভিমান লৈ
অহাৰ দৰে উভটি আঁতৰি গ'লা
বাটে বাটে ফুল সিঁচি থৈ"
গীত শেষ হৈছিল আৰু মই নজনাকৈ মোৰ দুচকু চপচপীয়া হৈছিল চকুপানীৰে। মাইক্ৰ'ফোন ঋষভৰ হাতত দি ধুৱলী কুঁৱলী দুচকুৰে দৌৰি ওলাই আহিলোঁ মঞ্চৰ পিছফাললৈ।
অলপমান আন্ধাৰৰ প্ৰয়োজন হৈছে মোক। পোহৰৰ পৰা, মানুহৰ পৰা আঁতৰত ৰৈ কান্দিবলৈ মন গৈছে মোৰ।
নাজানোঁ কিয় আন্ধাৰৰ মাজত ৰৈ উচুপি উচুপি কান্দি উঠিলোঁ মই। বৰকৈ মনত পৰিছে আজি তেওঁলৈ। সেই এষাৰ মাত
: কৃশ্বু... সোণ মোৰ।
কিয় ! কিয় এনেকুৱা হৈ গ'ল !
ইমান খালি!
সকলোবোৰ ইমান শূন্য!
দুহাত মেলি মোলৈকে ৰৈ আছে তেওঁ, অথচ মই দৌৰি গৈ সোমাবগৈ নোৱাৰো সেই বুকুত।
হঠাৎ আন্ধাৰৰ পৰা ভাঁহি আহিল কাৰোবাৰ চেপা আৰ্তনাদ।
ঠাইতে ৰৈ গ'লো মই।
আকৌ উমান ল'বলৈ চেষ্টা কৰিলোঁ, কি এই শব্দ? ক'ৰপৰা আহিছে!
ঠাইখিনি একেবাৰে ঘোপমৰা আন্ধাৰ। মই লাহেকৈ মোবাইলৰ ফ্লেশ্ব লাইটটো জ্বলাই সেই ঠাইখিনিলৈ টোৱালোঁ।
লাইটৰ পোহৰত উজ্জ্বল হৈ উঠা ঠাইডোখৰত বহি আছে অলংকৃতা আৰু তাইক ঘেৰি প্ৰায় চাৰি পাঁচজন যুৱক। ছোৱালীজনীয়ে আপ্ৰাণ চেষ্টা চলাইছে সেই ঠাইখিনিৰ পৰা ওলাই আহিবলৈ। কিন্তু বলিষ্ঠ চাৰি পাঁচ খন হাতে বান্ধি পেলাইছে তাইক।
মুহূৰ্ততে মই পাহৰি গ'লো মোৰ সকলো দুখ বেদনা।
সাগ্নিক নামৰ এক সত্বা মগজুৰ পৰা মুহূৰ্ততে উধাও হৈ তাৰ ঠাই ল'লে অন্ধকাৰ এডোখৰ ঠাইত উপায়হীন হৈ বহি ৰোৱা এজনী ছোৱালীয়ে।
কি কৰোঁ মই!
কেনেকৈ উদ্ধাৰ কৰোঁ ছোৱালীজনীক। ইফালে সিফালে চাই মই এপাকত জোৰেৰে চিঞৰিলোঁ
: ঋষভ...
নাই। তাৰ মাত নাই।
মঞ্চৰ পৰা মিউজিক চিষ্টেমত উচ্চ স্বৰত ভাঁহি আহিছে গীতৰ শব্দ।
অনুষ্ঠান শেষ হৈছে। সকলোকে ৰাতিৰ আহাৰ খাবলৈ মাইকত অনুৰোধ জনাইছে সি। মই সেইফাললৈকে উদভ্ৰান্তৰ দৰে দৌৰি গ'লো আৰু মঞ্চলৈ সোমোৱাৰ ৰাস্তাতে ৰৈ গ'লো।
তাৰ চকু পৰিল মোলৈ। হাতেৰে ইংগিত দিলে খাবলৈ যাবলৈ। মই ফোঁপাই ফোঁপাই তাক মাতিলোঁ
: এইফালে আহাঁ। এইফালে আহাঁ ঋষভ।
কেই পলকমান প্ৰশ্নবোধক চাৱনিৰে চোৱাৰ পিছত সি দৌৰি আহিল মোৰ ওচৰলৈ।
: কি হ'ল কৃষ্ণা? অল অকে'ই? ঠিকেই আছা নে তুমি? কান্দিছা কিয়?
চকুত তেতিয়াও হয়তো মোৰ জিলিকি আছিল চকুপানী। চকুপানী নমচাকৈয়ে দৌৰি আহিছিলোঁ মই। এইবাৰ লৰালৰিকৈ দুচকু মচি মুখেৰে একো নোকোৱাকৈয়ে তাৰ হাত এখনত ধৰি দৌৰি অহাৰ দৰে টানি আনিলোঁ সেই আন্ধাৰ ঠাইখিনিলৈ আৰু মোবাইলৰ ফ্লেশ্ব লাইটটো জ্বলাই দিলোঁ।
: অহ মাই গড...
চিঞৰি উঠিল ঋষভে।
এতিয়া সেইখণ্ডত ল'ৰাকেইজন নাছিল। হয়তো মোৰ মাত শুনি আঁতৰি গৈছিল সিহঁত। তাইহে কেৱল গাউনৰ ষ্ট্ৰিপ কেইডাল দুয়োহাতেৰে ধৰি থৰ হৈ বহি আছিল।
দুয়োটা তাইৰ কাষত বহি পৰিলোঁ লাহে লাহে দাঙি উঠালোঁ তাইক বহি থকাৰ পৰা। কাষত হুইস্কিৰ খালি বটল আৰু আধা পোৰা চিগাৰেট। তাইৰ সমগ্ৰ শৰীৰৰ পৰা বাহিৰ হৈছে মদৰ গোন্ধ। তাৰমানে তাই মনে মনে সকলোৰে পৰা আঁতৰি মদ খাবলৈ আহিছিল এই আন্ধাৰ ঠাইখিনিলৈ!
: এইটো অৱস্থাত তাই আৰু ইয়াত থকাতো ঠিক নহ'ব কৃষ্ণা। তাইৰ লগত কি হৈছে তাৰ বিচাৰ পিছত হ'ব। এতিয়া তাইক গাড়ীলৈকে লৈ ব'লা। চাবিটো লোৱা। মই তোমাৰ বেগটো লৈ আহি আছোঁ।
কৈয়েই প্ৰেক্ষাগৃহৰ ভিতৰলৈ দৌৰি গ'ল সি।
: এৰি দে মোক তই। কিয় ধৰিছ? ঋষভক লৈ গ'লি তই।
অসংলগ্নভাৱে কথাকেইটা কৈ তাই মোৰ হাত আঁতৰাব খুজিলে। মই জোৰকৈ ধৰি থাকিলোঁ তাইক। হাত ভৰি আচাৰি তাই দোৰোলখোৱা জিভাৰে কেৱল একেকেইটা কথাকে কৈ থাকিল।
কি হৈছে!
কিয় তাই বাৰে বাৰে ভাবি লৈছে ঋষভক মই তাইৰ পৰা আঁতৰাই অনাৰ কথা।
কিয় এই নিচাগ্ৰস্ত অৱস্থাটো তাইৰ অৱচেতন মনে বাৰে বাৰে দোহাৰিছে মাথোঁ এই বাক্যই।
আজি তাইলৈ দুখ লাগিছে মোৰ।
ঋষভক সাংঘাতিক ভালপায় তাই।
ভালপোৱা কিয় এনেকুৱা হয়?
ভালপোৱাই কেৱল মানুহক দুখেই দি যায় নেকি!
কোনে কাক জোৰ কৰি কাৰোবাৰ পৰা আঁজুৰি আনিব পাৰে? কিমান সময়ত আজীৱন একেলগে থাকিওতো এজনে আনজনৰ প্ৰেমত পৰিব নোৱাৰে। কিমান সময়ত কায়িকভাৱে দূৰলৈ পঠিয়াই দিয়ো কাৰোবাক নিজৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰি।
কেনেকৈ বুজাম মই তাইক, ভালপোৱা যে জোৰ কৰি আদায় কৰা বস্তু নহয়। এয়াতো দেহৰ প্ৰতিটোপাল তেজে কঢ়িওৱা এক ভাললগা অনুভৱ।
©গায়ত্ৰী
(আগলৈ)
Comments
Post a Comment