#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_৩৫

দহ বাজিছে। লিফ্টখন খুলি সোমাই যোৱাৰ লগে লগে প্ৰত্যাশাই প্ৰায় উৎফুল্লিত হোৱাৰ দৰে ক'লে

: গুড মৰ্ণিং কৃষ্ণাক্ষী। তোমাক লৈ দুৱৰা ছাৰ একদম খুশ হৈ আছে আজি। 

মাৰ লগত ফোনত কথা পাতি আছিলোঁ। লৰালৰিকৈ অকণমান পিছত কথা পাতিম বুলি ফোনটো ৰাখি তাইক সুধিলোঁ

: এনেকুৱা কি কৰিলোঁনো মই? ইমান খুশ হ'বলৈ?

: হ'ব আৰু দেই, নজনাৰ ভাও ধৰিব নালাগে। কালিৰ যে সেই নিউজটো তুমি কেনেকৈ উলিয়ালা ঋষভে কৈছেতো সকলোকে।

লাহেকৈ হাঁহি ভিতৰলৈ সোমাই আহিলোঁ মই। সোমায়েই দেখোঁ নিউজ ডেস্কৰ সন্মুখত আঁৰি থোৱা শাৰী শাৰী টিভিত বাজি আছে সেইটোৱেই বাতৰি। আৰু সেই বাতৰিটোৰ লগতে বাৰে বাৰে ফ্লেশ্ব হৈ আছে এটা বাক্য-

" অসম Daily এক্সক্লুচিভ"

নহয় নহয়, এয়াতো কেৱল সাধাৰণ বাক্য নহয়। এগৰাকী ৰিপ'ৰ্টাৰৰ বাবে এয়া যে আটাইতকৈ ভাললগা বাক্য। 

আৰু বৰ বৰ হৰফেৰে তলত ব্ৰেকিং নিউজ বুলি আহি আছে 

" অসম daily ৰ সাংবাদিকৰ তৎপৰতাত ধৰা পৰিল শিশু ভিক্ষা বৃত্তিৰ লগত জড়িত পাঁচজনকৈ লোক"

" শিশুক ভিক্ষা বৃত্তিৰ লগতে বিভিন্ন অপকৰ্মত নিয়োজিত কৰা পাঁচজনকৈ লোক এতিয়া আৰক্ষীৰ জিম্মাত "

টিভিত দেখুৱাই থকা হৈছে সেই ঘৰটোৰ পৰা লৱৰি ওলাই অহা লোককেইজন।

টিভিকেইটাৰ সন্মুখৰ পৰা আঁতৰি আহি নিজৰ চকীত বহাৰ লগে লগে তেজস্বীনি বায়ে উৎসাহেৰে কৈ উঠিল

: প্ৰথমদিনাই বৰ ভাল কাম কৰিলা কৃষ্ণাক্ষী। সকলো সুখী হৈছে আজি। এই মানুহকেইজনক ধৰিবলৈ বহুদিনৰ পৰা পুলিচে বিচাৰি আছিল। কিন্তু প্ৰত্যেকবাৰেই পুলিচ যোৱাৰ লগে লগে সিহঁতৰ এজেণ্টে খবৰ দি সিহঁতক আঁতৰাই পঠিয়াই। পুলিচ অফিছাৰ এজনো আহি দুৱৰা ছাৰৰ কেবিনত বহি আছে। বাৰু সেইবোৰ পিছৰ কথা। কেনেকৈ কি কৰিলা কোৱাচোন?

তেজস্বীনি বায়ে সোধাৰ লগে লগে কাষ চাপি আহিল আৰু কেইজনমান। মই কৈ গ'লো কেনেকৈ ফেঞ্চি বজাৰৰ পৰা সৰু সৰু উপহাৰ কিনি নি সিহঁতক দিছিলোঁ আৰু বিশ্বাসী হৈ পৰাৰ পিছত কেনেকৈ এজনী সৰু ছোৱালীয়ে মোক নি দেখুৱাই দিছিলগৈ ঘৰটো। 

: সিহঁতৰ মালিকৰ ঘৰ দেখুৱাই দিয়া সেইজনীও কম সাহসী ছোৱালী হ'ব নালাগিব দেই। কি নাম তাইৰ?

কাষৰ চকীত বহি কিবা নিউজ এটা লিখি থকা প্ৰণৱ দাই কৈ উঠিল। 

: নাম নাজানিলোঁ নহয় প্ৰণৱ দা। সোধাই নহ'ল।

মিছা মাতিলোঁ মই। কোনো কাৰণতে লক্ষ্মী বিপদত পৰাতো মই নিবিচাৰোঁ। ঘটনাটোৰ পিছৰ পৰা বাৰে বাৰে মোৰ মনলৈ আহি আছে তাই কোৱা সেই কথাষাৰ- 'ৰাজকুমাৰে যদি ঘৰ দেখুৱাই দিয়া বুলি গম পাই যায় মোক মাৰি পেলাব দিদি।'

তেজস্বীনি বাৰ ইণ্টাৰকমটো বাজি উঠিল। ফোনটো ৰিচিভ কৰিয়েই মোলৈ চাই তেওঁ ক'লে

: দুৱৰা ছাৰে তোমাক কেবিনলৈ মাতিছে।

বেগটো তেতিয়াও মোৰ কোঁচতে আছিল। সেইটো টেবুলত থৈ ডিঙিত আই-কাৰ্ডখন পিন্ধি লৰালৰিকৈ মৃণ্ময় দুৱৰাৰ কেবিন পালোগৈ।

: সোমাব পাৰোঁ নে ছাৰ?

: আহাঁ আহাঁ কৃষ্ণাক্ষী। তোমাৰ বাবেই ৰৈ আছোঁ।

সোমাই গ'লো মই। 

: কংগ্ৰেচুলেচন কৃষ্ণাক্ষী। প্ৰথম দিনাই ফিল্ডলৈ গৈ খুব ভালকৈ কাম কৰি আহিলা।

: ঠেংক্স ছাৰ। কিন্তু কেৱল মই নহয়, মোৰ লগত সমানেই আছিল ঋষভ আৰু বিকাশ দা। তেওঁলোক নথকা হ'লে কামটো কৰা সম্ভৱেই নহ'লহেতেন।

: বাৰু বাৰু। এয়া দিগ্বিজয় ফুকন দেই। পুলিচ অফিচাৰৰ পোচাক পিন্ধি আহিছে যদিও পুলিচ অফিচাৰ হৈ অহা নাই। মোৰ বন্ধুহে। আৰু দিগ্বিজয়, কালিৰ সেই নিউজটো বনোৱা ছোৱালী এইজনীয়েই। কৃষ্ণাক্ষী বৰুৱা।

দুয়োহাত যোৰ কৰি মানুহজনক নমস্কাৰ জনালোঁ মই। 

অশান্তি লাগিছিল মোৰ। বাৰে বাৰে কেৱল কৃষ্ণাক্ষীয়ে কৰিলে, কৃষ্ণাক্ষীয়ে বনালে বুলি কৈ থকাৰ বাবে ভীষণ অশান্তি পাইছিলোঁ মই। 

যদিহে ঋষভে পুলিচ নামাতিলেহেঁতেন অথবা বিকাশ দাই কেমেৰা নুঘূৰালেহেঁতেন সম্ভৱ হ'লহেতেন নে এই কাম! গোটেই দিনটো তিনিটা মানুহে পেটত খুদকন এটিও নেপেলোৱাকৈ খবৰ গোটাই অনাৰ পিছত এই কামৰ প্ৰশংসা কেৱল অকলেই মই ল'বলৈ বৰ অস্বস্তি পাইছিলোঁ।

: ঋষভ ক'ত?

হঠাৎ সুধিলে মৃণ্ময় দুৱৰাই।

ক'ত বা আছে ঋষভ!
নাজানোঁ মই। অহাৰ পৰা এবাৰলৈও তাক মই আজি দেখাই নাই। মৃণ্ময় দুৱৰাই ফোন ঘূৰাবলৈ ল'লে

: তাকো মাতো ৰ'বা। 
: নালাগে ছাৰ। ময়েই মাতি আনোগৈ তাক। ফোন কৰি মাতিলে আকৌ সি লাহে ধীৰেহে ওলাবহি।

কথাষাৰ কৈয়েই খৰধৰকৈ ওলাই আহিলোঁ মই। আচলতে কেবিনটোত সোমাই থাকিবলৈ মন যোৱা নাছিল মোৰ। তাত সোমাই থকা মানেই কেৱল প্ৰশংসা শুনা। যিটো মই বিচাৰিছিলোঁ ঋষভ আৰু বিকাশ দায়ো শুনক।

প্ৰথমে নিউজ ডেস্কত চালোঁ।
সি নাই।
তাৰ পিছত মেকআপ ৰূম পালোঁগৈ। তাতো নাই।
তাৰ পিছত ৰিছেপশ্যনলৈ ওলাই গৈ প্ৰত্যাশাক সুধিলোঁ

: ঋষভ ক'ৰবাত ওলাই গ'ল নেকি প্ৰত্যাশা?

: ৱাহ! এক মুহূৰ্তও ঋষভক নেদেখাকৈ থাকিব নোৱাৰা হ'লা নেকি?

অলংকৃতাৰ মাত।
ৰিছেপশ্যনৰে সংলগ্ন ৱাশ্বৰূমৰ পৰা ওলাই অহা অলংকৃতাই শুনি গৈছিল মই ঋষভক বিচৰাৰ কথা।

: এতিয়াৰ পৰা চাগৈ এংকৰ হোৱা বাদ দি ৰিপ'ৰ্টাৰেই হ'বা নহয়? আফটাৰ অল হেণ্ডচাম ঋষভ কৌশিকৰ সৈতে ঘূৰি ফুৰি ৰিপোৰ্টিং কৰাৰ মজাই বেলেগ। নহয় জানো?

খঙত দাঁত কামুৰি উঠিলোঁ মই। মন গ'ল খুব বেয়াকৈ কিবা এষাৰ কৈ দিবলৈ। কিন্তু পিছ মুহূৰ্ততে মনলৈ আহিল দুৱৰা চাৰে ঋষভক মাতি পঠিওৱাৰ কথা। আকৌ প্ৰত্যাশালৈ চাই সুধিলোঁ

: ঋষভ ওলাই গ'ল নেকি?
: নাই নাই। ওলাই যোৱা নাই। ভিতৰতে ক'ৰবাত আছে।

প্ৰত্যাশাই উত্তৰ দিয়াৰ লগে লগে ভিতৰলৈ সোমাই গ'লো। এইবাৰ তাক বিচাৰি কেণ্টিনলৈ বুলি আগুৱাই গ'লো মই। 

হয়। তাতে আছে সি। 
চুকৰ টেবুল এখনত বহি আছে।
মই সোমাই নোযোৱাকৈয়ে দুৱাৰ মুখৰ পৰা চিঞৰি মাতিলোঁ

: মই গোটেইখন বিচাৰি ফুৰিছোঁ আৰু তুমি ইয়াত বহি আছা ঋষভ? দুৱৰা চাৰে মাতিছে আহাঁ।

একো মতা নাই সি। আকৌ ক'লো

: দুৱৰা চাৰে কেবিনলৈ মাতিছে। আহাঁ আকৌ।

এইবাৰো একো নমতা দেখি সোমাই গ'লো মই। 

: কি হৈছে? চাহো খোৱা নাই, এনেইহে বহি আছা। অথচ উঠিও নাহা।

কৈ কৈয়েই আগবাঢ়ি গৈ হঠাৎ উচপ খাই ৰৈ গ'লো। কেণ্টিনৰ ফিল্টাৰটোৰ কাষতে বহি আছে মিলু বাইদেউ। আঁঠুতে মূৰ থৈ মজিয়াতে জুপুকা মাৰি বহি আছে চাহ বনোৱা মিলু বাইদেউ।

উচুপি আছে মানুহগৰাকীয়ে। মই একো বুজি নাপালোঁ। প্ৰশ্নবোধক চাৱনিৰে এবাৰ ঋষভলৈ চালোঁ। কেণ্টিনৰ টেবুলখনত এইবাৰ জোৰেৰে ভুকুৱাই দিলে সি।

: চাল্লা বৰ মানুহ দেখুৱায়। অসভ্য সব।

একো বুজি নোপোৱাকৈ থিয় দি ৰৈছোঁ মই। তাক উদ্দেশ্যি এইবাৰ লাহেকৈ সুধিলোঁ

: কি হৈছে ঋষভ?

খঙত ফোঁপাই আছে সি। তাৰ এনেকুৱা খং কোনোদিনেই দেখা নাই মই। তাৰ পৰা উত্তৰ নাপাই
এইবাৰ মিলু বাইদেউৰ কাষতে আঁঠুকাঢ়ি বহিলো। কান্ধত আলফুলে হাত থ'লোঁ মানুহগৰাকীৰ

: বাইদেউ...

উচুপি উচুপিয়েই মজিয়ালৈ চাই ৰৈছে মানুহগৰাকীয়ে। আকৌ মাতিলোঁ মই

: বাইদেউ...কি হৈছে কওকচোন? কওক আকৌ। নক'লেনো কেনেকৈ বুজিম মই?

এটায়ো একো মতা নাই। এইবাৰ বিৰক্তিৰে চিঞৰিলো

: কোনোবাই মোক ক'ব নে কি হৈছে? ঋষভ, মিলু বাইদেউ?

এইবাৰ হুকহুকাই কান্দি উঠিল মিলু বাইদেৱে। কান্দি কান্দিয়েই ক'লে

: দুৱৰা চাৰে কামৰ পৰা উলিয়াই দিছে।

থৰ হৈ ৰ'লো মই। 
এই মানুহগৰাকীক কামৰ পৰা উলিয়াই দিছে? এনেকুৱা কি হ'ল যাৰ বাবে হঠাৎ এই সিদ্ধান্ত?

: কিয়? কিয় বাইদেউ? এনেকুৱা কি কৰিলে আপুনি?

: দুৱৰা ছাৰে চাহত চেনী নাখায়। মই ভুলতে দি দিলোঁ কৃষ্ণাক্ষী। আজি অতবছৰে এদিনলৈও মই এই ভুল কৰা নাই। কিন্তু কালি নাজানোঁ কেনেকৈ সেই ভুল হ'ল। আৰু তাকে লৈ...

কান্দি কান্দিয়েই কৈ গৈছে মানুহগৰাকীয়ে। 

ইমান সৰু এটা ভুলৰ বাবে? 
কেনেকৈ?
কেনেকৈ পাৰে মানুহে?

: আচল কথা চাহৰ চেনী নহয়। আচল কথা বেলেগ।

এইবাৰ ঋষভে মুখ খুলিছে।

: নালাগে ঋষভ। এইবোৰ নক'বা।

অনুনয় কৰি উঠিল মানুহজনীয়ে।

: কিয়? কিয় নক'ম বাইদেউ। মনে মনে থাকি থাকিয়েইতো মূৰৰ ওপৰত উঠাইছে এইবোৰ মানুহক। শুনা কৃষ্ণাক্ষী, অফিচলৈ ন বজাত অহাৰ আগতে ছয় বজাৰ পৰা আঠ বজালৈকে মৃণ্ময় দুৱৰাৰ ঘৰত কাম কৰে মিলু বাইদেৱে। ছাৰৰ ঘৰলৈ ফুৰিবলৈ অহা খুলখালিয়েকে হাত দিছে বাইদেউৰ গাত। মিলু বাইদেৱে মেমক এই কথা কৈ দিলে। এতিয়া একাপ চাহৰ বাহানা লৈ মানুহগৰাকীক কামৰ পৰা উলিয়াই দিব খুজিছে। বুজি লোৱা যে মিলু বাইদেউক কামৰ পৰা উলিওৱাতো মৃন্মও দুৱৰাৰ নহয়, ৱাইফৰহে সিদ্ধান্ত। অফিচৰ মানুহৰ আগত নিজৰ ভায়েকৰ স্বৰূপ ওলায় বুলিয়েই মানুহজনীক কামৰ পৰা উলিয়াই দিছে।

উষ্মাৰে পুনৰ টেবুলত জোৰেৰে ভুকুৱাইছে সি।

ঋষভৰ কথাত উচপ খাই উঠিলোঁ মই। সমাজৰ ইমান মুধাফুটা ব্যক্তিৰো এনে নিকৃষ্ট মানসিকতা থাকিব পাৰে নে! বিশ্বাস অবিশ্বাসৰ দৃষ্টিৰে বাইদেউলৈ চাই সুধিলোঁ

: ঋষভে কোৱা কথাবোৰ সঁচানে বাইদেউ?

মূৰ দুপিয়ালে তেওঁ আৰু লাহে লাহে উচ্চাৰিলে

: আজি এসপ্তাহমানৰ পৰা হৈ আছে এনেকুৱা। কেতিয়াবা হাতত ধৰে, কেতিয়াবা ঠাই সাৰি থাকোঁতে পিছফালৰ পৰা গবা মাৰি ধৰে। কিন্তু কালি....

হিকতিয়াই কান্দিছে মানুহজনীয়ে।

: কালি কি বাইদেউ?

: কালি ছাৰ আৰু বাইদেউ ৰাতিপুৱাই মন্দিৰলৈ ওলাই গৈছিল। তেওঁলোক নথকাৰ সুযোগতে ল'ৰাটোৱে মোৰ লগত বেয়া কাম কৰিবলৈ বিচাৰিছিল কিন্তু তাৰ আগতেই ভাগ্যে ছাৰহঁত ঘৰ পাইছিলগৈ। তথাপিও চোৱাচোন...

মানুহজনীয়ে এইবাৰ চাদৰখন অকণমান কোঁচাই দিলে। ওলাই পৰিছে বুকুৰ দুই স্তনৰ মাজত এডোখৰ দেগদেগীয়া কেঁচা ঘা।

: এই কথা মই ছাৰক ক'বলৈ বেয়া পাই বাইদেউক কৈ দিছিলোঁ। 

মোৰ বুকুৰ ভিতৰৰ খং এইবাৰ যেন মুখলৈকো বিয়পি পৰিল। অলপ দেৰিৰ আগতে মৃণ্ময় দুৱৰাই মোক কৰা প্ৰশংসাৰ সকলো শব্দ পাহৰি পেলাইছোঁ মই। এতিয়া সেই ঠাই লৈছে মানুহজনৰ বাবে এসোপা ঘৃণাই।

মানুহগৰাকীয়ে এইবাৰ মোৰ মুখলৈ চাই মোৰ হাতখনত মুঠি মাৰি ধৰিলে আৰু বৰ কাতৰে কৈ উঠিল

: মোৰ চাকৰিটো যেনেতেনে বচোৱা কৃষ্ণাক্ষী। তুমি মোৰ ছোৱালীৰ দৰে। তোমাৰ পৰা কি লুকুৱাম মই। মোৰ চাকৰিটো গ'লে পাঁচটা ল'ৰা ছোৱালীৰ সৈতে বেমাৰী মানুহটোৱে নাখাই মৰিব অ'।

ধৰফৰাই উঠিলোঁ মই।
কেনেকৈ এৰি দিব পাৰি এনেকুৱা মানুহক? 
যি নিজৰ ফোঁপোলা স্বৰূপটো ঢাকিবলৈ এগৰাকী দুৰ্বল মানুহৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

এইবাৰ প্ৰচণ্ড খঙত চিঞৰি উঠিলোঁ মই

: এতিয়া এনেকৈ বহি থাকিলেতো নহ'ব। এই মানুহজনীয়ে ন্যায় পাব লাগিব ঋষভ।

: কৃষ্ণা...যদি এইটো কাম ইমান সহজ হ'লহেঁতেন মই জানো অথনিৰে পৰা এনেকৈ বহি থাকোঁ কোৱাচোন। দোষীক শাস্তি দিয়া পিছৰ কথা। কিন্তু কেনেবাকৈ অফিচৰ কামটো যাতে বাইদেউৰ হাতৰ পৰা নাযায় সেইটোৰ বাবেহে কিবা কৰাৰ দৰকাৰ। এতিয়াই যদি এইবোৰ চিঞৰ বাখৰ কৰা মানুহজনীৰ চাকৰিটোও যাব। আৰু তুমি ভাবিছা নেকি এই অফিচত কোনোবাই মানুহজনীৰ বাবে ছাৰৰ লগত লাগিব?

এইবাৰ আগতকৈ অকণমান কোমল মাতেৰে ক'লে সি।

থিয় হ'লো মই।

: ছাৰে তোমাক মাতিছে ঋষভ। 

: ছাৰ, মাই ফুট। চাল্লা কেনেকুৱা মানুহক যে ছাৰ বুলি সন্মান দিবলগীয়া হয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ বিয়াগোম চকীত বহি আছে। এগৰাকী চাহ বনোৱা মানুহৰ লগত ন্যায় কৰিব নোৱাৰিলে, দেশৰ জনতাক কি ৰক্ষনাবেক্ষণ দিব এইচামে।

মোৰ লগত যাবলৈ বুলি বহি থকাৰ পৰা থিয় হৈ বৰ ক্ষোভেৰে কৈ উঠিল সি।

: ব'লা।

: কেৱল আমি নহয়। মিলু বাইদেৱো যাব আমাৰ সৈতে।

সি আগবাঢ়ি মোক মাত দিয়াৰ লগে লগে কৈ উঠিলোঁ মই।

: মই?
এক ভয়াৰ্ত্ত মাতেৰে ক'লে মানুহজনীয়ে।

: অঁ আপুনি। ব'লক বাইদেউ। আপোনাৰ চাকৰিটো বচাব নালাগিব জানো!

যাওঁ নাযাওঁকৈ বহি থকা পৰা থিয় দিলে মানুহজনীয়ে। এবাৰো নুসুধিলে - 'লগত মই কিয় যাব লাগে' বুলি!

শাড়ীখন অকণমান ঠিক ঠাক কৰি মোৰ সৈতে খোজ ল'লে তেওঁ। ঋষভেও 'কিয় নিব লাগে মিলু বাইদেউক' বুলিও এবাৰলৈ প্ৰশ্ন নকৰিলে।

মোৰ ওপৰত অগাধ বিশ্বাস থকাৰ দৰে দুয়োটা মোৰ লগে লগে আহি থাকিল।

দুৱাৰত টোকৰ দি মাত দিলোঁ মই

: ছাৰ।

: আহাঁ আহাঁ।

পুলিচ অফিচাৰজন গৈছিলগৈ। মোৰ লগে লগে সোমাই আহিল ঋষভ আৰু তাৰ পিছে পিছে ভয়ে ভয়ে মিলু বাইদেউ। আমাক দেখি হাঁহি পেলোৱা মানুহজনৰ মুখৰ হাঁহিটো মিলু বাইদেউক দেখি ক্ষন্তেকতে নোহোৱা হৈ গৈছিল।

: ছাৰ মিলু বাইদেউক বোলে আপুনি কাম এৰি যাবলৈ কৈছে?

লাহেকৈ সুধিলোঁ মই।

: ভুল কৰা মানুহ শাস্তি পোৱাৰ যোগ্যই নহয় জানো কৃষ্ণাক্ষী?

: ছাৰ মানুহগৰাকীৰ ঘৰখনত অতখিনি মানুহ। উপাৰ্জন কেৱল তেওঁৰেই। এনেকৈ হঠাৎ কামৰ পৰা উলিয়াই দিলে পৰিয়ালটো খাবলৈ নাপাই মৰিব ছাৰ।

এইবাৰ ঋষভে মাত দিলে।

: চোৱা ঋষভ। কোনোবাই ভালকৈ কাম নকৰাৰ বাবে উলিয়াই দিয়াৰ পিছত সেইসকলে কেনেকৈ খায় সেয়া মোৰ মূৰৰ কামোৰনি নহয়। ভুলৰ শাস্তি পাবই।

: তেন্তে ভুলৰ শাস্তি সকলোৱে পোৱা উচিত নহয় জানোঁ ছাৰ? কাৰোবাৰ ভুল লুকুৱাই কাৰোবাৰ ভুলৰ বাবে কামৰ পৰা উলিয়াই দিয়াটোতো আৰু ন্যায় নহয়। নে কি কয় ছাৰ?

মোৰ কথাত মানুহজন একো নোকোৱাকৈ ৰৈ গ'ল।
তাৰ পিছত গহীন মুখখনত খুব জোৰ কৰি এটি হাঁহি ফুটাবলৈ বিচৰাৰ দৰে কৈ উঠিল

: বহা। বহানা।

ঋষভ আৰু মই মানুহজনৰ সন্মুখৰ চকীত বহি পৰিলোঁ। আমি বহাৰ লগে লগে মানুহজনে হাঁহি হাঁহি ক'লে

: তোমালোক আজিকালিৰ ল'ৰা ছোৱালীয়ে ধেমালি একেবাৰে বুজি নোপোৱা হে! মই মিলুক ভয় হে খুৱাইছিলো। কামৰ পৰা তাইক উলিয়াই দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। ইমান পুৰণি মানুহ তাই।

মানুহজন কিয় মুহূৰ্ততে সলনি হৈছিল বুজি উঠিলো মই। 

মিলু বাইদেউৰ অথনিৰে পৰা কান্দি থকা চকুহালত এটি হাঁহিৰ তিৰবিৰনি উঠিল। সহজ সৰল আন্ধাৰ মুখখনত নিমিষতে বিয়পি পৰিল এটি স্বস্তিৰ ভাৱ।

এইবাৰ আকৌ ক'লো মই

: ছাৰ ৰাতিপুৱা বোলে আপোনাৰ ঘৰলৈ কাম কৰিবলৈ যাবলৈ বাইদেউৰ অকণমান অসুবিধা হয়। কাইলৈৰ পৰা তেওঁ যাবলৈ বিচৰা নাই।

: মোৰ বহুকেইটা এন জি অ' ৰ লগত চিনাকী আছে ছাৰ। তেওঁলোকে সহায়িকাৰ যোগান ধৰে। মই আপোনাক খবৰ কৰি দিব পাৰিম। মিলু বাইদেউ নগ'লেও আপোনালোকৰ বিশেষ অসুবিধা নহ'ব।

ঋষভে খৰধৰকৈ ক'লে।
 
এইবাৰ মানুহজন একেবাৰে নিশ্চিত হৈছিল যে মিলু বাইদেউক তেওঁৰ খুলখালিয়েকে কৰা ব্যৱহাৰৰ কথা আমি গম পাই গৈছোঁ। তেওঁ ততাতৈয়াকৈ বাইদেউক উদ্দেশ্যি ক'লে

: তোমাক পইচা পাতিৰ দৰকাৰ হোৱা নাইতো মিলু?

আজলী বাইদেৱে একো নুবুজি মূৰ জোকাৰিলে।
নালাগে! পইচা নালাগে তেওঁক।
চাকৰিটো যে ৰ'ল, সেয়াই বহুত।

আকৌ ক'লে মানুহজনে

: যোৱা আমাৰ তিনিওৰে বাবে চাহ কৰা। এইবাৰ কিন্তু চেনী নিদিবা দেই।

মূৰ দুপিয়াই এটি সেমেকা হাঁহিৰে ওলাই গ'ল মানুহজনী। 

মৃণ্ময় দুৱৰাই এইবাৰ অকণমান মুখত হাঁহি এটি ফুটাবলৈ চেষ্টা কৰি মোলৈ চাই ক'লে

: চেনেলত নতুন বছৰৰ আয়োজন গম পাইছাই নিশ্চয়।

মূৰ দুপিয়ালোঁ মই।

'অসম Daily' চেনেলে একত্ৰিশ ডিচেম্বৰৰ নিশা শিল্পগ্ৰামত বাৰে ৰহনীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। বিভিন্ন নামী দামী শিল্পীক আমন্ত্ৰণ কৰিছে। যি অনুষ্ঠানৰ বিষয়ে একেৰাহে এইকেইদিন টিভিৰ পৰ্দাত বাজি আছে। সন্ধ্যা সাত বজাৰ পৰা লাইভ হ'ব অনুষ্ঠানটো।

: এংকৰিঙৰ প্ৰস্তুতি কেনে চলিছে ঋষভ?

: ছাৰ, অলংকৃতাৰ লগত সময় মিলাবই পৰা নাই। মই নিজৰ ফালৰ পৰা কনফিডেন্ট কিন্তু তাইৰ লগত দুবাৰমান প্ৰেক্টিছ কৰাটোওতো জৰুৰী। 

সেই অনুষ্ঠানত এংকৰিঙৰ দায়িত্বত আছে ঋষভ আৰু অলংকৃতা। যাৰ বাবে এইকেইদিন একেৰাহে ঋষভে তাইক কৈ আছে স্ক্ৰীপ্টটো কেইবাৰমান চকু ফুৰাবলৈ। কিন্তু বিভিন্ন অজুহাতেৰে তাই আঁতৰি আছে কামটোৰ পৰা।

এইবাৰ মোলৈ চালে মৃণ্ময় দুৱৰাই, তাৰ পিছত ঋষভলৈ চাই লাহেকৈ কৈ উঠিল

: নালাগে। 

: কি নালাগে ছাৰ?

বুজি নোপোৱাৰ দৰে সুধিলে সি।

: মই কৈছোঁ অলংকৃতাৰ সৈতে নালাগে। এই অনুষ্ঠানৰ এংকৰিং কৰিব কৃষ্ণাক্ষীয়ে।

উচপ খাই উঠিলো মই। 
কি কয় মানুহজনে?

অলংকৃতাই কৰিবলগীয়া এংকৰিঙৰ দায়িত্ব যদি মোৰ ওপৰত পৰে ছোৱালীজনী সাংঘাতিক ধৰণেৰে ৰুষ্ট হৈ যাব। তদুপৰি অনুষ্ঠানলৈ আছেই বা কিমান দিন! ইমান মুৰামুৰি সময়ত এংকৰ সলাব কিয় খুজিছে তেওঁ! 

অনুষ্ঠাটোত এংকৰিং কৰোঁতে কি পিন্ধিব সেই পোছাকলৈকে তাই ইতিমধ্যে ঠিক কৰি পেলাইছে। এইকেইদিন মেক আপ ৰূমলৈ ইযোৰ সিযোৰ বিভিন্ন পোচাক আনি কেইদিনমানৰ আগতে পাতল গুলপীয়াত গুণাৰ কাম কৰা কাপোৰ এযোৰ ঠিক কৰিছে। ঋষভক সেই কাপোৰযোৰেৰে মেটচিং ড্ৰেছ এযোৰ সাজু কৰিবলৈ একেৰাহে কৈ আছে তাই। তাৰ লগত কেনেকুৱা মেক আপ ভাল লাগিব সেয়া বাৰে বাৰে আলোচনা কৰিছে প্ৰেংকিৰ লগত। এতিয়া যদি সেই দায়িত্ব মোৰ ওপৰত পৰে তেন্তে...

: কিয় ছাৰ? অলংকৃতাই ইতিমধ্যে কি পিন্ধিব, কি কৰিব সকলো সাজু কৰি পেলাইছে। 

: একমাত্ৰ কেনেকৈ এংকৰিং কৰিব সেয়া বাদ দি সকলো ঠিক কৰি পেলাইছে নহয় জানো! কামত গাফিলতি কৰা মানুহক মই ভাল নাপাওঁ কৃষ্ণাক্ষী। সেই কথা জানাই নিশ্চয়।

খৰধৰকৈ কৈ উঠিল মৃণ্ময় দুৱৰাই। তাৰ পিছত ক'লে

: চোৱা,ইংৰাজী এংকৰিং খিনি ঋষভে কৰক আৰু তুমি অসমীয়াখিনি। ফাইনেল। বুজিছা নহয়।

: বুজিছোঁ ছাৰ। বঢ়িয়া হ'ব।

মই কিবা ক'বলৈ পোৱাৰ আগতেই টপককৈ মাতিলে ঋষভে। মই ভ্ৰূ কোঁচাই চাই ৰ'লো তালৈ।

: যোৱা তেন্তে। তৈয়াৰী কৰাগৈ। অনুষ্ঠান ভাল হ'ব লাগিব।

মূৰ দুপিয়াই ওলাই আহিলোঁ কেবিনটোৰ পৰা। অলংকৃতাই গম পালে কি পৰিস্থিতিৰ সৃষ্টি কৰিব তাকেই ভাবি থাকিলোঁ একেৰাহে।

এইবাৰ মেক আপ ৰূমলৈ সোমাই গৈ চ'ফাখনত বহি পৰিলোঁ। মোৰ লগে লগে ঋষভো সোমাই আহিল আৰু মোলৈ চাই সুধিলে

: কি পিন্ধিম মই সেইদিনা? চাজেষ্ট কৰা না কৃষ্ণা।

: ৰ'বা হে তোমাৰ কাপোৰৰ চিন্তা লাগিছে। এবাৰ ভাবিছা নে তুমি আৰু মই এংকৰিং কৰা বুলি গম পালে অলংকৃতাই কি বিহু দেখুৱাব? 

: অহ্ মাই গড। কৃষ্ণাক্ষী আৰু ঋষভৰ এংকৰিং? আই এম চ' হেপী। এতিয়াহে মনটো ভাল লাগিছে। মেক আপ স্পেচিয়েল কৰিম দেই সেইদিনা।

আমাৰ কথা শুনি থকা প্ৰেংকি যেন উৎফুল্লিত হৈ পৰিল।

দুৱাৰত কোনোবাই হেঁচা দিয়াত সেইফালে চাই দেখোঁ অলংকৃতা সোমাই আহিছে। সোমায়েই একেবাৰে ঋষভৰ সন্মুখতে ৰ'লগৈ ছোৱালীজনী আৰু সুধিলে

: ড্ৰেছ ঠিক হ'লনে চুইটহাৰ্ট... মই জানা এইবাৰ ভাবিছোঁ চাদৰ মেখেলা নিপিন্ধো। পিংকেই হ'ব কিন্তু গাউন পিন্ধিম। ভাল লাগিব ন?

মই বৰ অসহজ অনুভৱ কৰিলো। অলংকৃতাই খুব আশা কৰি আছিল সেই দিনটোৰ বাবে। এতিয়া যদি গম পাই যায়...

: কোৱা আকৌ!

ঋষভে একো নমতা দেখি এইবাৰ আকৌ সুধিলে তাই। 

প্ৰেংকিয়ে লাহেকৈ মাত দিলে

: দুৱৰা চাৰে এংকৰিঙটো কৃষ্ণাক্ষীক কৰিবলৈ দিলে।

একমুহূৰ্ত তেনেকৈয়ে ৰৈ থাকিল ছোৱালীজনী। এইবাৰ মোবাইলত গেইম খেলি থকা ঋষভৰ চকুলৈ পোনকৈ চাই অবিশ্বাসৰ সুৰত প্ৰশ্ন কৰিলে

: ইজ ইট ট্ৰু ঋষভ?

ঋষভ মোবাইলত কিবা এটা গেইমত ব্যস্ত হৈ থাকিল।

: ঋষভ, মই সুধিছো এয়া সঁচা নেকি?

এইবাৰো একো নমতাকৈ মোবাইলটো বেঁকা কৰি কৰি কিবা এটা কাৰ ৰে'চ গেইমৰ কাৰ দৌৰাই থাকিল সি।

এইবাৰ বহি থকাৰ পৰা উঠি গ'লো মই

: আচলতে অলংকৃতা...

: অ' প্লিজ। দেখা নাই, মই ঋষভৰ সৈতে কথা পাতিছোঁ? নে এতিয়া তাৰ সৈতে কথা পাতিবলৈও মই তোমাৰ পাৰ্মিশ্বন ল'ব লাগিব।

ঋষভে এইবাৰ মোবাইলৰ পৰা মূৰ তুলি চালে আৰু তাইৰ চকুলৈ চিধাকৈ চাই উত্তৰ দিলে

: য়েছ অলংকৃতা।  দুৱৰা ছাৰে এংকৰিংটো কৃষ্ণাক্ষী আৰু মোক কৰিবলৈ দিছে। 

এইবাৰ ছোৱালীজনী এক মুহূৰ্ত তভক মাৰি ৰ'ল। তাৰ পিছত মোৰ কাষলৈ আহি প্ৰচণ্ড খঙেৰে সুধিলে

: ঋষভক তাৰমানে মোৰপৰা ভালকৈয়ে লৈ ল'লা ন?

তাইৰ মুখলৈ চালোঁ।
ছোৱালীজনীৰ চকুৰে যেন জুইহে বৰষিছে।

এই মুহূৰ্তত তাইক একো বুজাবলৈ চেষ্টা কৰা সঠিক নহ'ব। তথাপিও মই ক'লো

: তুমি বুজিবলৈ চেষ্টা কৰা অলংকৃতা। মই এই বিষয়ে একোৱেই...

: অ' প্লিজ ষ্টপ ইট। মুঠতে স্বীকাৰ কৰা যে মোৰ প্ৰতিটো কাম, প্ৰতিটো বস্তু তুমি লাহে লাহে আঁজুৰি ল'বলৈ আৰম্ভ কৰিছা। 

এইবাৰ মেক আপ ৰূমৰ এচুকত থোৱা তাইৰ হেণ্ডবেগটোৰ পৰা বেপেৰুৱাভাৱে এটা চিগাৰেটৰ পেকেট আৰু এটা লাইটাৰ উলিয়াই ৰূমটোৰ পৰা গপগপাই আঁতৰি গ'ল তাই।

কি কৰোঁ কি নকৰোঁ কৈ সেই ঠাইতেই বহি থাকিলোঁ মই। প্ৰেংকিও কিবা কামত ওলাই গৈছিল কোঠাটোৰ পৰা। 

ঋষভ মোৰ ফালে আগবাঢ়ি আহিল আৰু ক'লে

: এইক একো নক'লা কিয় তুমি? বাৰে বাৰে তোমাক তেনে ব্যৱহাৰ কৰিবলৈ কেনেকৈ সুযোগ পায়?

মই তাৰ চকুলৈ বৰ অসহায় ভাৱে চালোঁ। 

কিয়েইবা কোৱা যায়!
মই কিবা ক'লেও শুনিব পৰা অৱস্থাত যে তাই নায়েই।

কোঠাটোৰ পৰা ওলাই গ'ল সি।

মই ওলাই আহি চকীখনত বহিছিলোঁহি মাত্ৰ। প্ৰত্যাশা আহি মোৰ ওচৰত ৰ'লহি আৰু ক'লে

: ইমান ইণ্টাৰকমত ফোন কৰিছোঁ, তুমি ছিটত নাছিলা বোধহয়। তোমাক বিচাৰি কোনোবা আহিছে।

মোক বিচাৰি!
মোক বিচাৰি কোন 'অসম Daily' ৰ অফিচ ওলাবহি পাৰে!

: কি নাম কৈছে প্ৰত্যাশা?

: সাগ্নিক চলিহা নে কি জানো কৈছিল নামটো! মানুহজন আগতেও এবাৰ আহিছে কিন্তু তুমি সেইদিনা ৰিপৰ্টিঙলৈ গৈছিলা।

সাগ্নিক?
কিয় আহিছে তেওঁ?
তাকো অফিচলৈ?

লগে লগে বহাৰ পৰা ৰিছেপশ্যনলৈ বুলি উঠি আহিলোঁ মই। ৰিছেশ্যনৰ চ'ফা এখনত বহি আছে মানুহজন। মই গৈ ঠিয় দিলোঁগৈ তেওঁৰ সন্মুখত।

বহি থকা মানুহজনে মোক দেখি ধৰমৰাই থিয় দিলে। লাহেকৈ মাতিলে

: কৃশ্বু...

: কৃষ্ণাক্ষী। কৃষ্ণাক্ষী বৰুৱা।

চটফটাই উঠিল মানুহজন। উচ্চাৰিলে-

: কৃষ্ণাক্ষী...

ইস্.. কেনে বেয়া শুনিছে নামটো মানুহজনৰ মুখত। সদায় আইজনী, সোণজনী, ধনপোনা বুলি মতা পিতৃ মাতৃয়ে হঠাৎ এদিন পোচাকী নামটো লৈ পেলালে যেনেকুৱা শুনিব, একেবাৰে তেনে যেনেই শুনা গৈছিল মানুহজনৰ মুখত কৃষ্ণাক্ষী নামটো। খুৱেই শান্ত স্বৰেৰে সুধিলোঁ তেওঁক

: কিয় আহিছে আপুনি?

: এবাৰো একোকে নুশুনিলা তুমি মোৰ কথা। এবাৰতো ক'বলৈ সুযোগ...

হঠাৎ ৰিছেপশ্যন টেবুললৈ চাই দেখোঁ প্ৰত্যাশা আৰু লুটফাই আমালৈকে একেথৰে চাই আছে। মই চোৱাৰ লগে লগে দুয়োজনীয়ে কৃত্ৰিমভাৱে ব্যস্ত হৈ দেখুৱালে।

মই এইবাৰ ক'লো

: তললৈ ব'লক।

কৈয়েই খোজ ল'লো মই। লিফ্টৰ বুটাম টিপি লুটফা আৰু প্ৰত্যাশাৰ কাষলৈ আহি ক'লো

: মই দহ মিনিটত আহি আছো দেই। কোনোবাই বিচাৰিলে তললৈ কাম এটাত যোৱা বুলি ক'বা।

লিফ্ট আহি ৰৈছিলহি। লৰালৰিকৈ তেওঁৰ সৈতে লিফ্টত উঠিলোঁ। 

মানুহজনলৈ চালোঁ। তলমূৰ কৰি আছে তেওঁ। গাৰ পৰা বৈ আহিছে মোৰ চিনাকি পুৰুষসুলভ সুগন্ধি। মোৰ জীৱনৰ প্ৰথম পুৰুষৰ বিশেষ সুগন্ধি। 

গালত বহুদিনৰ নুক্ষুৰোৱা ডাঢ়ি, এটা পুৰণা যেন লগা শ্বাৰ্ট, ভৰিত এযোৰ সাধাৰণ চেন্ডেল। সুগন্ধিখিনিৰ বাহিৰে মানুহজনৰ একোৱেই একেই নাছিল।

কি শৰীৰ, কি মন একোৱেই যেন আগৰ দৰে নাছিল মানুহজনৰ।

কি বিধস্ত দেখা গৈছে তেওঁক। 
একেবাৰেই উদাসীন...
কোনো সতেজতা নাইকিয়া।

লিফ্টৰ পৰা বাহিৰ ওলায়েই চুক এটালৈ আগবাঢ়ি গ'লো মই। তেওঁ আহি মোৰ কাষত থিয় দিয়াৰ লগে লগেই ক'লো

: ব্যক্তিগত আৰু প্ৰফেশ্বনেল জীৱনক মই সদায় বেলেগকৈ ৰাখোঁ, এই কথা আপুনি নিশ্চয় জানে। তাৰ পিছতো কিয় এনেকৈ অফিচ ওলালেহি?

: কথাবোৰ এবাৰ পাতিবলৈকে..

: কি পাতিব? কি ক'বলৈ বিচাৰিছে কওকচোন। এতিয়াও কিবা বাকী থাকিল নেকি ক'বলৈ বা শুনিবলৈ?

: মোক ক'বলৈ এবাৰ সুযোগ দিয়াচোন।

এইবাৰ তৎক্ষণাত মই সিদ্ধান্ত সলনি কৰিলোঁ।
মই শুনিম।
তেওঁ কি ক'ব খুজিছে শুনিম মই।
কওক। সদায় এনেকৈ য'ত ত'ত ৰৈ থকাতকৈ যি ক'বলৈ আছে কৈ শেষ কৰক তেওঁ।

লাহেকৈ ক'লো

: কওক।

: ক'ৰবাত বহি লওঁ ব'লাচোন।

তেওঁৰ কথাত মূৰ দুপিয়াই আগবাঢ়িলোঁ মই। ক'ৰবাত বহিয়েই হওক বা যেনেকৈয়ে হওক তেওঁৰ কি ক'বলৈ আছে সেয়া আজি শুনিম মই।

অফিচৰ কাষতে থকা কফি শ্বপখনলৈ সোমাই  গ'লো। সন্মুখা সন্মুখিকৈ চকী দুখন টানি বহি পৰিলোঁ দুয়ো। ৱেইটাৰজন আগবাঢ়ি আহিল আৰু মেনুখন তেওঁৰ হাতত দিলে। মেনুখন মোলৈ আগবঢ়াই দিলে তেওঁ।

: মই একো নাখাওঁ। 

ৱেইটাৰজন ৰৈয়েই আছিল। তেওঁ লৰালৰিকৈ অৰ্ডাৰ দিলে

: দুটা কেপাচ্চিন'।

প্ৰথম দিনাও এনেকৈয়ে কেপাচ্চিন' খাইছিলোঁ আমি। কফিৰ অৰ্ডাৰ দিয়েই তেওঁ কৈছিল- 'তোমাৰ বিষয়ে কোৱাচোন। মইতো তোমাৰ বিষয়ে একোৱেই নাজানো।'

উফ্... সেই সপ্ৰতিভ মানুহজন আৰু এই মানুহজনৰ মাজত যে আকাশ পাতাল প্ৰভেদ।

একেজনেই মানুহ, কিন্তু আজি কথাবোৰ কিমান বেলেগ।
একেজনেই মানুহ, কিন্তু আজি মই তেওঁক বুকুৰ কোনো কথাই খুলি ক'ব নোৱাৰো।

কি যে এক অস্বস্তিকৰ পৰিবেশ!

একো কোৱা নাই তেওঁ।
ময়ো একো নাইকোৱা।
বহুকেইটা নীৰৱ মুহুৰ্তৰ পিছত জোৰকৈ স্মৃতিবোৰ আঁতৰাই থৈ পোনকৈ তেওঁৰ চকুলৈ চাই সুধিলোঁ

: আপোনাৰ বিষয়েতো মই সকলোৱেই জানিলো। তাৰ পিছতো আপোনাৰ কি ক'বলৈ বাকী থাকিল কওক।

: তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰো কৃশ্বু। এটা এটা পল, এটা এটা মুহূৰ্ত বৰ কষ্টৰে পাৰ কৰিছোঁ মই। মোক এবাৰ বুজিবলৈ চেষ্টা কৰা কৃশ্বু।

: আৰু আপোনাৰ পত্নী? তেওঁক কোনে বুজিব? বাৰু এবাৰলৈ মই আপোনাক ক্ষমা কৰি আপোনাৰ জীৱনলৈ ঘূৰি গ'লো। তাৰ পিছত? তাৰ পিছত কি? ভৱিষ্যত কি এই সম্পৰ্কৰ? নে এনেকৈয়ে তেওঁক ঘৰত আৰু মোক বাহিৰত ৰাখিয়েই চলি যাব খুজিছে আপুনি।

ল'ৰাটোৱে কফি ৰাখিছিলহি। কফি দুকাপ দি আঁতৰি যাওঁতেই আকৌ ক'লো মই

: মিছাৰে আৰম্ভ হৈছিল আমাৰ সম্পৰ্কটো। শেষখিনিতো সঁচাৰে হওক। এই মুহূৰ্তত সঁচা এয়াই যে আপুনি বিবাহিত আৰু সঠিক এয়াই হ'ব যে মোক আপুনি আঁতৰাই পঠিয়াওক আপোনাৰ জীৱনৰ পৰা।

: আঁতৰাই পঠিয়াও বুলিয়েই জানো তোমাক মোৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াব পাৰোঁ কৃশ্বু? তোমাৰ ওচৰত যে মই অক্ষমনীয় অপৰাধ কৰিছোঁ সেই কথা মই জানোঁ। আৰু তাৰ শাস্তিও মই প্ৰতিদিনেই পাইছোঁ। তোমাৰ অবিহনে আজীৱন মৰি মৰি জীয়াই থাকিব লাগিব মই। তথাপি তুমি যদি এবাৰো কোৱা মোক ক্ষমা কৰিছা বুলি মই অকণমান হ'লেও শান্তি পাম।

ল'ৰাটোৱে দি যোৱা কফি দুকাপ ঠাণ্ডা হৈছিল। 

: ক্ষমাৰ কথা আচলতে নাহেই। আপোনাক বেয়া পাব কেতিয়াও নোৱাৰো মই। ভালপোৱা মানুহক জানোঁ বেয়া পাব পাৰি! কিন্তু আমাৰ বাবে যিটো সঁচা সেয়া আমি স্বীকাৰ কৰি ল'বই লাগিব।

: ইমান সহজ? সঁচাকৈয়ে ইমান সহজনে কৃশ্বু?

: সহজ কৰিব লাগিব। সহজ কৰাই যে এতিয়া সকলোলৈকে ভাল। মই কেতিয়াও নিবিচাৰোঁ আমাৰ প্ৰেমে অন্য এগৰাকী নাৰীৰ জীৱনলৈ অমানিশা নমাই আনক। যদি আমি সেয়া কৰোঁ , তেন্তে প্ৰতিগৰাকী নাৰীয়েই হয়তো বিবাহৰ ওপৰত থকা বিশ্বাস আৰু আস্থা হেৰুৱাই পেলাব।

মনে মনে ৰৈছে তেওঁ। 
মই বুজিলোঁ তেওঁৰ আৰু ক'বলগীয়া একো নাই। আচলতে ডায়েৰীখনত সেইদিনা সকলোখিনি লিখি দিয়াৰ পিছত ক'বলগীয়া তেওঁৰ কেতিয়াও একো নাছিলেই। মাত্ৰ মনটোৱে নমনা বাবেই যে বাৰে বাৰে তেওঁ মোৰ কাষলৈ আহি ওলায়হি এই কথাও মই বুজি পাওঁ।

: আপোনাৰ একো ক'বলগীয়া নাই যদি মই এতিয়া যাব পাৰোঁনে ?

কফিত এটাও শোহা নমৰাকৈ উঠি আহিলোঁ মই। 
একেঠাইতে বহি ৰ'ল তেওঁ।

এবাৰো পিছলৈ ঘূৰি নোচোৱাকৈ প্ৰায় দৌৰি অহাৰ দৰে ওলাই কফি শ্বপখনৰ বাহিৰ হ'লো মই। ফুটপাথটোত ভৰি দি নিজকে নিজে প্ৰশ্ন কৰিলোঁ

" মই পাহৰিব পাৰিছোঁ নে তেওঁক !"
" ইমানখিনি জনাৰ পিছতো তেওঁক ঘৃণা কৰিব পাৰিছোঁ জানোঁ মই !"
" এয়া জানোঁ সঁচাকৈয়ে ইমান সহজ !"
 "পাঁচটা মাহ উন্মাদৰ দৰে ভালপাই কেইটামান দিনতে এনেকৈ সকলো অনুভৱ দলিয়াই পেলাব পাৰি নে!"

তেওঁ মোৰ প্ৰথম প্ৰেম। 
বুকুত প্ৰেমৰ অনুভৱ জগোৱা তেওঁ মোৰ জীৱনৰ প্ৰথম পুৰুষ।
তেওঁক পাহৰা সহজ নহয় মোৰ বাবে।
হয়তো সম্ভৱো নহয়।

কিছুমান মানুহক যিমানেই পাহৰিবলৈ চেষ্টা কৰা হয় সিমানেই বেছিকৈ মন মগজুত থিতাপি লয় তেওঁলোকে। আচলতে তেওঁলোক আঁতৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিটো উশাহতে কুৰুকি কুৰুকি সোমাই নিগাজীকৈ বহিয়েইতো লয়!

: কৃষ্ণা...

হঠাৎ কাৰোবাৰ মাতত মূৰ তুলি চাই দেখোঁ ঋষভ আহি একেবাৰে সন্মুখতে ৰৈছেহি।

: হঠাৎ নাইকিয়া হ'লা অফিচৰ পৰা।

: কিবা কাম এটাত আহিছিলোঁ।

: ঠিকেই আছাতো কৃষ্ণা? মন মাৰি আছা কিয়?

: নাই... একেবাৰে ভালে আছোঁ ঋষভ।
স্মিত হাঁহিৰে ক'লো তাক।

কেনেকৈ যে সি ধৰি পেলায় মোৰ মনৰ প্ৰতিটো অৱস্থা। মইতো কন্দা নাই। চকুপানীও ওলোৱা নাই মোৰ দুচকুৰে।

তথাপি। 
তথাপি যেন সি বিশ্বাস নকৰিলে মই ঠিকেই থকাৰ কথা। 
তাৰ দুচকুত অবিশ্বাস জিলিকি উঠিল।

মোৰ চকুলৈ অলপ দেৰি চাই থাকি অবিশ্বাসেৰেই সুধিলে

: শ্বিঅ'ৰ?

মূৰ দুপিয়ালোঁ মই।

: মায়েও এনেকৈ কয়।
লাহেকৈ ক'লে সি।
: কেনেকৈ?
: ভালে আছোঁ বুলি।

সি বুজি পাই গৈছে ঠিকেই নাই মই। যেনেকৈ ঠিকেই নাথাকে তাৰ মাক, যেনেকৈ ঠিকেই নাথাকে মিলু বাইদেউ, যেনেকৈ ঠিকেই নাথাকে লক্ষ্মী। আৰু তাৰ পিছতো হাঁহি হাঁহি পুত্ৰক ক'ব পাৰে মাকে ঠিকেই থকাৰ কথা, সেমেকা হাঁহি লৈ ওলাই যাব পাৰে মিলু বাইদেউ মৃণ্ময় দুৱৰাৰ কোঠাৰ পৰা, যেনেকৈ হাঁহি হাঁহি বেলুন বেচিব পাৰে লক্ষ্মীয়ে। তেনেকৈয়ে যে হাঁহি মই তাক ক'লো ঠিকেই থকাৰ কথা সেয়া বুজি গৈছে সি।

দুচকুৰ কাজলৰ তলত নাৰীয়ে যে লুকুৱাই ৰাখিব জানে কান্দোন। লুকুৱাই ৰাখিব জানে শত সহস্ৰ বেদনা। চকুত পোক সোমোৱাৰ গইনা লৈয়ে কত নাৰীয়েতো হাঁহি হাঁহিয়েই পাৰ কৰিছে জীৱন।

এবাৰো কি কামত আহিছিলোঁ নোসোধাকৈ শিলগুটি এটা ফুটবল খেলাৰ দৰে গুৰিয়াই গুৰিয়াই মোৰ লগে লগে গৈ থাকিল সি। মাজে মাজে চুলিত সেই খৰকৈ আঙুলিৰ সঞ্চালন। মই বুজিলোঁ, মই কি কামত ইমান খৰধৰকৈ আহিছিলোঁ জানিবলৈ মন গৈছে তাৰ। তাৰ জানিবলৈ মন গৈছে মই কিয় মন মাৰিছোঁ। কিন্তু এবাৰো সেই কথা মুখ ফুটাই সুধিবলৈ সাহস নকৰিলে সি। লাহেকৈ ক'লে মাথোঁ

: আচ্ছা ব'লা এতিয়া। অকণমান অনুষ্ঠানটোৰ তৈয়াৰী কৰিব নালাগিব জানো?

কৰিম তৈয়াৰী।
নিজক তৈয়াৰতো কৰিবই লাগিব মই।
ভালে থাকিবৰ বাবেই।

জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত আহে য'ত অনুভৱ হয় নিজৰ বাহিৰে সকলোৱেই মিছা। তথাপি আমি ৰৈ যাব নোৱাৰোঁ। হাজাৰ কষ্টৰ মাজতো নিজকে আগুৱাই লৈ যাব পৰাতোয়েইতো জীৱন। ৰৈ যোৱা মানেইতো নিজকে প্ৰবঞ্চনা কৰা।

সকলোৰে উৰ্দ্ধত সঁচা কেৱল এটাই

"নিজক ভালপাওঁ মই। কেতিয়াও নিজকে প্ৰবঞ্চনা কৰিব নোৱাৰোঁ।"

©গায়ত্ৰী

(আগলৈ)

(আগৰ খণ্ডৰ লিংক)

https://www.facebook.com/groups/917699648365704/permalink/2295724870563168/

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ