#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ৩১

সময়তকৈ প্ৰায় আধা ঘন্টা আগতেই মই আজি অফিচ সোমালোহি। গাৰ্গী বৰবৰুৱাৰ সৈতে দিনৰ চাৰি বজাত ইণ্টাৰভিউৰ ৰেকৰ্ডিং। দুই বজাৰ পৰাহে আজি ডিউটি আছিল মোৰ। কিন্তু একেৰাহে অশান্তিত ছটফটাই ৰূমটোত সোমাই থকাতকৈ অফিচলৈকে ওলাই আহিলোঁ। 

অনুষ্ঠানটোলৈ এতিয়াও প্ৰায় এঘণ্টাৰ ওপৰ আছে। মোৰ নামত নিৰ্দিষ্ট হৈ যোৱা চকীখনতে বহি আকৌ এবাৰ গাৰ্গী বৰবৰুৱাক ফোন কৰিবলৈ ল'লোঁ। আজি প্রথমবাৰতেই মানুহগৰাকীয়ে ফোনটো ৰিচিভ কৰিলে। 

: বাইদেউ মই কৃষ্ণাক্ষী বৰুৱাই কৈছোঁ 'অসম Daily' নিউজ চেনেলৰ পৰা।

: তোমাৰ নম্বৰ মোৰ চেভ আছে কৃষ্ণাক্ষী। তিনি বাজি পোন্ধৰ মিনিট মানত আহি পোৱাকৈ গাড়ীখন পঠিয়াই দিবা। মই ৰেডি হৈ থাকিম। আৰু শুনা, সময়ৰ ক্ষেত্ৰত কিন্তু মই অকণমান পাংচুৱেল। মন কৰিবা যাতে দেৰি নহয়।

কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে কৈ উঠিল মানুহগৰাকীয়ে।

: নিশ্চয় বাইদেউ। মই নিৰ্দিষ্ট সময়তেই গাড়ীখন পঠিয়াই দিম।

ফোনটো ৰাখিয়েই দুয়োহাতেৰে মূৰটো হেঁচি ধৰি তেনেকৈয়ে অলপ সময় বহি ৰ'লো। সাংঘাতিক মূৰ বিষাইছে। কালিৰে পৰা ভালকৈ একো খোৱা হোৱা নাই। তাতে টোপনিও নাই। গোটেই ৰাতি এক মিনিটো চকু জাপ খোৱা নাই। 

ৰিছেপশ্যনলৈ বুলি উঠি আহিলোঁ। কোন গেষ্টক আনিবলৈ কোনখন গাড়ী যাব, কোনখন কেব কোনদিনা যাব এই সকলোবোৰ ৰিছেপশ্যনিষ্ট প্ৰত্যাশা আৰু লুটফাই ঠিক কৰে। প্ৰত্যাশা চকীত নাছিল। লুটফাক সুধিলো

: গাৰ্গী বৰবৰুৱাক আনিবলৈ কোনখন গাড়ী যাব বাৰু লুটফা? এতিয়াই নগ'লে আকৌ ট্ৰেফিক লাগিলে অসুবিধা হ'ব নহয়। 

মোবাইলত কিবা এটা চাই আছিল তাই। মোবাইলৰ পৰা মূৰ নদঙাকৈয়ে মোলৈ চাই উত্তৰ দিলে

: গাড়ী নাই কৃষ্ণাক্ষী। এতিয়া এখনো দিব নোৱাৰোঁ। সকলোবোৰ গাড়ী ওলাই গৈছে।

কি কৈছে তাই!

গাৰ্গী বৰবৰুৱাক আনিবলৈ গাড়ী পঠিওৱাৰ কথা মই যোৱা মঙলবাৰেই কোৱাৰ উপৰিও পৰহি অফিচৰ পৰা যাওঁতেও বিশেষভাৱে ৰেজিষ্টাৰখনত লিখি থৈয়ো গৈছিলোঁ। তেনেস্থলত!

মুহূৰ্ততে সাংঘাতিক খং উঠিল মোৰ।

ঘড়ীলৈ চাই দেখোঁ দুই বাজি বিশ মিনিট ইতিমধ্যেই পাৰ হৈছে। উষ্মাৰে প্ৰায় চিঞৰি উঠিলোঁ মই

: নাই বুলি ক'লে কেনেকৈ হ'ব লুটফা? সিদিনা মই তোমালোক দুয়োগৰাকীকে কৈ যোৱাৰ উপৰিও ৰেজিষ্টাৰত স্পেচিয়েলি লিখি থৈয়ো গৈছিলোঁ। ইমান চেষ্টাৰ পিছত গাৰ্গী বৰবৰুৱাই সময় দিছে। এতিয়া  মানুহগৰাকীয়ে কোৱা সময়ত যদি গাড়ীখন গৈ নাপায় কি হ'ব? কেনেকৈ যাব অনুষ্ঠানটো এবাৰ ভাবি চাইছা নে? চেনেলৰ সন্মানেই বা ৰ'ব ক'ত?

মোবাইল থৈ থিয় হৈছিল লুটফা। মোৰ সমানেই উষ্মাৰে তাই উত্তৰ দিলে

: গাড়ী আমি নিজৰ কামত ব্যৱহাৰ নকৰো নহয়। তুমি গাড়ীৰ কথা কোৱা মোৰ মনত আছিল। কিন্তু মৃণ্ময় ছাৰৰ ৱাইফক লগা হ'ল গাড়ীখন। সেইবাবে দি পঠিয়াব লগা হ'ল। বাকী দুখন গাড়ী ৰিপৰ্টিঙত গৈছে। মোৰ কি উপায় কোৱা?

মৃণ্ময় ছাৰৰ ৱাইফ। মানে এডিটৰ-ইন -চিফৰ পত্নীক লগা হ'ল গাড়ী। কিন্তু কিয়? প্ৰত্যাশা আহি পাইছিল তেতিয়ালৈ। মোলৈ চাই খুব শান্ত স্বৰেৰে ক'লে তাই

: দুপৰীয়াৰ অনুষ্ঠানৰ বাবে গেষ্ট আনিবলৈকে গাড়ীখন ৰাতিপুৱাৰ পৰা কাকো নিদিয়াকৈ ৰাখি থৈছিলোঁ কৃষ্ণাক্ষী। কিন্তু হঠাৎ মৃণ্ময় ছাৰে কোৱাৰ বাবে গাড়ীখন দি দিবলগীয়া হ'ল। কিছুমান কথাত আমাৰো উপায় নাথাকে। বুজিবলৈ চেষ্টা কৰা।

: ক'ত গৈছে জানানে?

: মেমৰ বোলে পাৰ্লাৰলৈ যাবলগীয়া আছে।

এইবাৰ প্ৰায় আশ্চৰ্যৰে মই চাই ৰ'লো তাইলৈ আৰু ভ্ৰূ কোঁচায়েই সুধিলোঁ

: কিমান দেৰি হ'ল গাড়ীখন ওলাই যোৱা?

: এই ধৰা দহ মিনিট।

: ড্ৰাইভাৰৰ ফোন নম্বৰটো দিয়া। 

প্ৰত্যাশাই নম্বৰটো দিয়াৰ লগে লগেই এখন্তেকো নোৰোৱাকৈ খৰ খোজেৰে ভিতৰলৈ সোমাই গ'লো আৰু তেজস্বীনি বাক বিচাৰি কথাখিনি ক'লোগৈ। এখন উপায়হীন মুখ লৈ থিয় দি ৰ'ল তাই। এপাকত ক'লে

: কোনোবা ড্ৰাইভাৰ এনেই আছে যদি মোৰ গাড়ীখনকে পঠিয়াই দিওঁ নহ'লে!

মৃণ্ময় দুৱৰাক যে কোনেও একো ক'ব নোৱাৰে সেই কথা মই বুজি উঠিলোঁ। আৰু যদি আজি গাৰ্গী বৰবৰুৱাৰ ওচৰলৈ সময়ত গাড়ী গৈ নাপায়, তেন্তে 'অসম Daily' চেনেলৰ চূড়ান্ত বদনাম হ'ব। ভৱিষ্যতলৈ কেতিয়াও মানুহগৰাকীক মাতিব পৰাৰ একো থলেই নাথাকিব।

আঢ়ৈ বাজিল। সময় গৈ আছে। মহানগৰীৰ ট্রেফিকৰ মাজত জাপৰিগোগলৈ তিনি বাজি পোন্ধৰ মিনিটত গৈ পাবলৈ হ'লে ইয়াতকৈ পলম কৰিব নোৱাৰি। 

এইবাৰ মই এক মিনিটো নোৰোৱাকৈ এডিটৰ-ইন-চিফ মৃণ্ময় দুৱৰাৰ কেবিনৰ দুৱাৰত টোকৰ দিলোঁগৈ।

: মে' আই কাম ইন ছাৰ?

: অলপ ব্যস্ত হৈ আছোঁ। আধা ঘন্টা পিছত আহিবা।

এইবাৰ দুৱাৰখন লাহেকৈ ঠেলি ভিতৰলৈ কেৱল মূৰটো সুমুৱাই ক'লো

: ছাৰ। ইটছ আৰ্জেন্ট।

কিবা এটা কাম কৰি থকাৰ পৰা মানুহজন ৰিভলভিং চেয়াৰখনত আউজি বহিল আৰু কৈ উঠিল

: আহাঁ।

দুৱাৰখন ঠেলা মাৰি বন্ধ কৰি মই সোমাই গৈ একেবাৰে তেওঁৰ সন্মুখতে ৰ'লোগৈ আৰু কৈ উঠিলোঁ

: ছাৰ সোতৰ তাৰিখৰ দুপৰীয়াৰ অনুষ্ঠানটোৰ ৰেকৰ্ডিঙৰ বাবে গাৰ্গী বৰবৰুৱাক আমি গেষ্ট হিচাপে মাতিছিলোঁ। বহু মাহৰ পিছত তেওঁ আমাক সময় দিছে ছাৰ। কিন্তু এতিয়া তেওঁক আনিবলৈ কোনো গাড়ীয়েই এভেইলেবল নাই। দুখন গাড়ী ৰিপৰ্টিংঙত গৈছে আৰু আনখন গাৰ্গী বৰবৰুৱাক আনিবৰ বাবে ৰখা হৈছিল। কিন্তু গাড়ীখন বোলে মেমৰ ব্যক্তিগত কামত ব্যৱহাৰ হৈছে। অলৰেডি আঢ়ৈ বাজি গ'ল আৰু তিনি বাজি পোন্ধৰ মিনিটত তেখেত ৰৈ থকাৰ কথা। ছাৰ প্লিজ মেমক বেলেগ এটা ব্যৱস্থা কৰি ল'বলৈ কওক। নহ'লে আজি চেনেলৰ বহুত বদনাম হ'ব। 

এখন্তেক ৰ'ল মানুহজন। যিকোনো মুহূৰ্ততে মানুহজনে এতিয়া দপদপাই উঠিব পাৰে। মই সাজু হ'লো এটা বেয়া পৰিস্থিতিৰ বাবে। কিন্তু মুখত সেয়া অকণমানো নেদেখুৱাকৈ স্থিৰ হৈ থিয় দি ৰ'লো। 

এইবাৰ মানুহজন থিয় হ'ল আৰু চকীখন এবাৰ হাতেৰে ঘূৰাই দুয়োহাতেৰে তাতে ভেঁজা দি ৰৈ লাহে লাহে কৈ উঠিল

: ড্ৰাইভাৰৰ ফোন নম্বৰ আছে?
: আছে ছাৰ।
: কল হিম। আৰু য'তেই আছে তাৰপৰাই গাৰ্গী বৰবৰুৱাৰ ওচৰলৈ যাবলৈ কোৱা।

মই লৰালৰিকৈ মৃণ্ময় দুৱৰাৰ সন্মুখতে ফোন লগালোঁ ড্ৰাইভাৰজনলৈ। 

: হেল্ল' মই কৃষ্ণাক্ষী বৰুৱাই কৈছোঁ। চেনেলৰ পৰা।

: অ বাইদেউ। কওক।

: আপুনি ক'ত আছে? 

: মেডামৰ লগত আহিছিলোঁ গণেশগুৰিৰ কিবা দৰ্পন বিউটি পাৰ্লাৰলৈ। এইমাত্ৰ মেডামক নমাই গাড়ী পাৰ্ক কৰিছোঁ।

: আপুনি এতিয়াই জাপৰিগোগলৈ যাওক। আপোনাৰ মোবাইলত মই এটা এড্ৰেচ মেছেজ কৰিছোঁ লগতে এটা ফোনৰ নম্বৰ। গাৰ্গী বৰবৰুৱাৰ। আপুনি তেখেতক পিক-আপ কৰি তিনি বজাৰ ভিতৰত পোৱাকৈ অফিচলৈ আহক।

: ছাৰে বা কি কয়!

: ছাৰে একো নকয় দাদা। মই ছাৰৰ সন্মুখতে আছোঁ।

কথা পতা গোটেই সময়খিনি মোলৈ চাই ৰৈ আছিল মানুহজন। তেওঁৰ দুচকুৰ ভাষা বুজা নগ'ল। ফোনটো কাটিয়েই মই তেওঁক ক'লো

: ঠেংক্স ছাৰ। এইখিনিকে নোহোৱা হ'লে চেনেলৰ আজি বহুত বদনাম হ'লহেতেন। 

লাহেকৈ হাঁহিলে মানুহজনে।

কোঠাটোৰ পৰা ওলাই আহিলোঁ মই। হঠাৎ দেখোঁ সকলোৱে প্ৰায় থূপ খাই মৃণ্ময় দুৱৰাৰ কেবিনটোলৈ চাই জুমা জুমি কৰি আছে। হয়তো তেওঁলোকে কেবিনটোৰ ভিতৰত হোৱা কথা বতৰাবোৰ শুনিবলৈ বিচাৰিছিল। ওলাই অহাৰ লগে লগেই তেজস্বীনি বা আগবাঢ়ি আহিল আৰু বৰ চিন্তাক্লিষ্ট মাতেৰে সুধিলে

: হ'লগৈ নে কৃষ্ণাক্ষী?

লাহেকৈ মূৰ দুপিয়ালোঁ মই। 

: কেনেকৈ? কি ক'লা তুমি?

: বিশেষ একো কোৱা নাই বা। মাত্ৰ মেমৰ বাবে এখন বেলেগ গাড়ীৰ ব্যৱস্থা কৰিবলৈ ক'লো।

মই বেছিকৈ একো নক'লো। কাৰোৰে সৈতে আজি এটাও কথা পাতিবলৈ মন যোৱা নাই মোৰ।

অকণমান বহি গাৰ্গী বৰবৰুৱাক সুধিবলৈ প্ৰস্তুত কৰা প্ৰশ্নখিনি আকৌ এবাৰ জুকিয়াই চাই তিনি বাজোতেই মেক আপ ৰূমলৈ উঠি আহিলোঁ। চেঞ্জিং ৰূমটোলৈ সোমাই লগত লৈ অহা এজাৰৰঙী চাদৰ মেখেলাযোৰ পিন্ধি ওলাই আহিলোঁ।

: ঐ ইম্মান মৰম লাগিছে কাপোৰযোৰ। ক'ৰ পৰা লৈছা কৃষ্ণাক্ষী?

ওলাই আহোঁতেই সুধিলে প্ৰেংকিয়ে।
 
: নতুন নহয় অ'। দেউতাই মাক জোৰণত দিয়া কাপোৰ।

: সেইকাৰণে ইমান ধুনীয়া আকৌ। আজিকালি এইবোৰ কাপোৰ পাবা নে আৰু! 

প্ৰেংকি আগবাঢ়ি আহিল আৰু ব্লাউজৰ কাষেৰে বাহিৰ হৈ থকা মোৰ অন্তৰ্বাসৰ ষ্ট্ৰীপত ব্লাউজৰ সৈতে পিন এটা মাৰি কৈ উঠিল। ব্লাউজটো অকণমান গালৈ ঢিলা হৈছে। প্ৰেংকিয়ে চাদৰখনৰ তলেৰে হাত ভৰাই ব্লাউজৰ প্ৰথমৰ পিনটো আৰু অলপ টানি মাৰি দিলে।

মোৰ হঠাৎ মনত পৰিল 'খবৰ24×7' ৰ কথা এটা। সেইদিনাও এনেকৈয়ে মই প্ৰথমবাৰলৈ চাদৰ মেখেলা পিন্ধি কিবা এটা অনুষ্ঠান কৰিবলৈ সাজু হৈছিলোঁ। চেনেলটোত সোমোৱা মোৰ কেইদিনমানহে হৈছিল। প্ৰেংকিৰ দৰেই এজন মেক আপ আৰ্টিষ্ট আগবাঢ়ি আহি হঠাৎ এনেদৰেই অন্তৰ্বাসৰ ষ্ট্ৰিপ সুমুৱাই দিছিল আৰু মই উচপ খাই আঁতৰ হৈ থিয় হৈছিলোঁগৈ দূৰত। এজন পুৰুষে গাৰ কাপোৰৰ ভিতৰলৈ ঘপকৈ হাত সুমুৱাই দিয়া কাৰ্যত চৰম অসুবিধা পাইছিলোঁ মই। মোৰ বাবে তেনেই নতুন আছিল এই কথা। পুৰুষৰ শৰীৰেৰে ভিতৰত এগৰাকী নাৰীক কঢ়িয়াই ফুৰা প্ৰেংকিৰ দৰে এইসকল লোকৰ বিষয়ে প্ৰায় অজ্ঞাত আছিলোঁ মই। কিন্তু দিন যোৱাৰ লগে লগে এনেধৰণৰ কথাবোৰৰ লগত মই সহজ হৈ পৰিছিলোঁ।

: বহা কৃষ্ণাক্ষী। আজি কিন্তু তুমি পাৰ্টি খুৱাব লাগে। দুৱৰা ছাৰক কথা মনাব পৰা বৰ মুখৰ কথা নহয়।

কপাহত ক্লিঞ্জাৰ এসোপা লগাই মোৰ মুখখন চাফা কৰি কৰি প্ৰেংকিয়ে কৈ উঠিল।

লাহেকৈ হাঁহি থ'লোঁ মই। মেক আপ কৰি থকাৰ লগে লগে কথা কৈ গৈ আছে প্ৰেংকিয়ে।

আৰু মই!

মই যেন কেৱল শৰীৰেৰেহে এইখিনি ঠাইত আছোঁ।মনেৰে একেৰাহে এতিয়াও মই সেই জোনাক এপাৰ্টমেণ্টৰ 'B-211' ফ্লেটৰ দুৱাৰমুখতে থিয় দি আছোঁ। ইমান কাম, ইমান কথাৰ মাজতো ৰৈ ৰৈ বাৰে বাৰে কাণলৈ ভাঁহি আহে সেই একেষাৰিয়েই বাক্য - 

'মই সাগ্নিক চলিহাৰ পত্নী।'

কি যে এক অশান্তি!

মোৰ মন গৈছে কালিৰ দিনটো মগজুৰ পৰা মচি দিবলৈ, যিটো দিনত মই মানুহগৰাকীক লগ পাইছিলোঁ। আঁতৰাই পেলাবলৈ মন গৈছে মোৰ জীৱনৰ পাঁচোটা মাহ।

উফ্‌ কেনেকৈ!
কেনেকৈ সহ্য কৰা যায়! কেনেকৈ পাহৰা যায় সেই দৃশ্য। মোক স্পৰ্শ কৰা প্ৰেমময় সেই দুহাতেৰে তেওঁ অন্য নাৰীকো চোৱে! সহ্য কৰা যায়নে এই কথা! নে নোহোৱা কৰি দিব পৰা যায় মোৰ গাৰ প্ৰতিটো অংশত লাগি ৰোৱা তেওঁৰ সেই আকুল স্পৰ্শ !

: কৃষ্ণাক্ষী। ঐ কি হৈছে? ইমানকৈ মাতি আছোঁ। শুনাই নাই তুমি।

গাত ধৰি জোকাৰি দিছে প্ৰেংকিয়ে। 

: হা ? কোৱা প্ৰেংকি। মাতি আছিলা নেকি?

: মাতি আছিলোঁ মানে! কিমান বাৰ কিমান কথা সুধিলোঁ একোকে গম নোপোৱা তুমি। আচ্ছা শুনা! চকুপানী ওলাই আছে কিয়? কিবা সোমাইছিল নেকি? কাজল লগাব পৰা নাই। বাৰে বাৰে বৈ গৈছে। 

সন্মুখৰ আইনাত চাই দেখোঁ চকুপানী বৈ আহি দুগাল তিয়াই পেলাইছে। 
কেতিয়া কান্দিলো মই!
গম নোপোৱাকৈ!
এনেকৈ একো উমান নোপোৱাকৈ মানুহৰ দুচকুৰে অহৰহ বৈ যায় নে চকুপানী!

: মই ফট্‌কৈ ৱাশ্বৰূমৰ পৰা আহোঁ প্ৰেংকি। চুলিখিনি ঘূৰি অহাৰ পিছত ঠিক কৰি দিবা।

প্ৰায় দৌৰি যোৱাদি ওলাই গ'লো ৱাশ্বৰুমলৈ। দুৱাৰখন জপাই এনেয়ে অলপপৰ সোমাই ৰ'লো। 

এনেকৈ এংকৰিং কৰিব পৰা যায় নে! কি কৰিম মই, যদি ষ্টুডিঅ'ত বহি গাৰ্গী বৰবৰুৱাৰ সন্মুখতে টোপাটোপে সৰে চকুপানী !

বিশ মিনিট আছে অনুষ্ঠানটোলৈ। তেজস্বীনি বাক কৈ দিওঁ নেকি আজি অনুষ্ঠানটো মই কৰিব নোৱাৰিম বুলি! হঠাৎ যেন মোৰ ভিতৰৰ পৰা কোনোবাই কৈ উঠিল

" কিয়? কিয় কৃষ্ণাক্ষী? কিয় ক'বি তই এই কথা! ইমান দুৰ্বল তই কেতিয়াৰ পৰা হ'লি? কি হ'ব তোৰ সপোনবোৰৰ! কিহৰ গৰজত তই এনেকৈ কান্দিবি কোনোবা এজন মানুহৰ কাৰণে? তেওঁ তোৰ এই চকুপানীৰ যোগ্য নে? সোধ। এবাৰ নিজকে সুধি চা তই "

এখন টিচ্যুৰে চকুৰ দুয়োকোণ হেঁচি ধৰিলোঁ আৰু বৈ অহা সমস্ত চকুপানী মোহাৰি ওলাই আহিলোঁ ৱাশ্বৰূমটোৰ পৰা। 

এইবাৰ মেক আপ ৰূমলৈ কান্দি থকা ছোৱালী এজনী নহয়, আহিছিল জাৰ্নেলিষ্ট কৃষ্ণাক্ষী বৰুৱা। 

হাজাৰ বাধাইও ওফৰাই পেলাব নোৱাৰা এজোপা বৃক্ষ হ'বলৈ খুজিছোঁ মই। দেউতাই মোৰ জন্মতে ৰোৱা নাহৰজোপা হ'বলৈ খুজিছোঁ মই। হাজাৰজনী বৰদৈচিলায়‌‌‌ো লৰাব নোৱাৰা সেই নাহৰ। 

"দেৱ দেৱ মহাদেৱ
নীলগ্ৰীৱ জটাধাৰ
বাত বৃষ্টি হৰং দেৱ
মহাদেৱ নমঃস্তোতে৷"

কোনো ধুমুহা কাষ নাচাপিবলৈ নাহৰৰ পাতত লিখা সেই আমোঘ মন্ত্ৰ বুকুত ধাৰণ কৰিবলৈ বিচাৰিছোঁ মই। 

সংকল্পহে যেন লৈছিলোঁ স্থিতপ্ৰজ্ঞ হৈ ৰোৱাৰ।

: দিয়া প্ৰেংকি। চুলিবোৰ ঠিক কৰি দিয়া। এটা কাম কৰা ধুনীয়াকৈ কাৰ্ল কৰি দিয়া চুলিখিনি। চকুত ডাঠকৈ কাজল লগাই দিয়া।

চকীখনত বহিয়েই প্ৰেংকিক কৈ উঠিলোঁ।
আচৰিত হৈ চাই ৰৈছে প্ৰেংকিয়ে। 
হয়তো ভাবিছে মানুহৰো যে কি ভিন্ন ৰূপ!
মুহূৰ্ততে নীৰৱ, মুহূৰ্ততে উচ্ছল কেনেকৈ হৈ পৰিব পাৰে মানুহ!

প্ৰেংকিয়ে মোৰ চুলিত কাৰ্লাৰ লগাওঁতেই মেক আপ ৰূমৰ দুৱাৰ ঠেলি সোমাই আহিল গাৰ্গী বৰবৰুৱা। লগে লগে থিয় হৈ মানুহগৰাকীক মাত দিলোঁ মই

: নমস্কাৰ বাইদেউ। মই কৃষ্ণাক্ষী।

: তুমিয়েই তেন্তে সেইজনী ছোৱালী। যি মোক প্ৰথমবাৰৰ বাবে এটা নিউজ চেনেললৈ আহিবলৈ  বাধ্য কৰালা। মই কোনো চেনেললৈকে নাযাওঁ জানানে! চেনেলত এয়া মোৰ প্ৰথম অনুষ্ঠান।

কোমলকৈ কৈ উঠিল তেওঁ।

: এয়া আমাৰ সৌভাগ্য বাইদেউ। বহকচোন।

প্ৰায় ষাঠি বছৰ বয়সৰ এগৰাকী মানুহ। এখন ক'লা কাঞ্জিভৰম শাড়ী, এহাতে ভৰ্তি খাৰু আৰু এহাতত এটা ঘড়ী, কপালত এটা ডাঙৰ ক'লা ফোঁট। কান্ধলৈকে পৰা ধুনীয়াকৈ ব্ৰাশ্ব কৰি ৰখা চুলিত মাজে মাজে ইচ্ছা কৰিয়েই ষ্টাইলত ৰখা ৰূপালী বৰণ। ওঁঠত ডাঠ মেৰুণৰঙী লিপষ্টিক। 

কি অপূৰ্ব সুন্দৰ মানুহগৰাকী!

: বাইদেউক মেকআপ দে দীপিকা।
 
দীপিকাক উদ্দেশ্যি ক'লে প্ৰেংকিয়ে।

: নালাগে নেকি! মই লৈয়েই আহিছোঁ মেক আপ।
 
মানুহগৰাকীয়ে মেক আপ ল'বলৈ নুখুজিলে। তথাপিও অকণমান পাফ মাৰি মানুহগৰাকীৰ শাড়ীৰ আঁচলৰ পিনটো ধুনীয়াকৈ মাৰি কোঁচকেইটা ঠিক কৰি দিলে দীপিকাই।

চাৰি বাজিবলৈ দহ মিনিটমান থাকোঁতে ষ্টুডিঅ'ত সোমালোগৈ। ষ্টুডিঅ'লৈ সোমায়েই ফোনটো চুইচ্চ অফ কৰিবলৈ লৈ দেখোঁ চাইলেণ্ট হৈ থকা ফোনটোত সাগ্নিক চলিহাৰ সাতচল্লিশটা মিছড‌্ কল। অগণন মেছেজ। কালিৰে পৰা আজিলৈকে এটাও মেছেজ এবাৰো খুলি নোচোৱাকৈ, সেই মেছেজবোৰত কি আছে একো নজনাকৈয়ে দিলিত কৰি দিছোঁ মই। এতিয়াও গোটেই মেছেজখিনি দিলিত কৰি ফোনটো চুইচ্চ অফ কৰি দিলোঁ।

অনুষ্ঠান আৰম্ভ কৰিবলৈ কাউণ্টডাউন আহিছে। 10-9-8-7...প্ৰতিটো কাউণ্টডাউনৰ লগে লগে হঠাৎ যেন মই পাহৰি গৈছোঁ সকলো। এটা জীয়া সপোনৰ বাহিৰে একোকে মনত নাই মোৰ। খুব আত্মবিশ্বাসেৰে কৈ উঠিলোঁ

" নমস্কাৰ। আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই কৃষ্ণাক্ষী বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে...."

সুধি গ'লো বিভিন্ন প্ৰশ্ন। প্ৰতিটো বিৰতিত মানুহগৰাকীয়ে মোক প্ৰশংসাৰে বুৰাই পেলাইছে

: বহুত ইণ্টাৰভিউ দিছোঁ। কিন্তু আজিৰ প্ৰশ্নবোৰ যেন একেবাৰে বেলেগ। খুব ভাল লাগিছে।

অনুষ্ঠানটো শেষ কৰি ষ্টুডিঅ'ৰ বাহিৰলৈ ওলাই আহোঁতেই কেবিনৰ পৰা ওলাই অহা মৃণ্ময় দুৱৰাক লগ পাই তেখেতে আকৌ মোৰ প্ৰশংসা কৰিলে

: বৰ ভাল ছোৱালী ছিলেক্ট কৰিছা দেই মৃণ্ময়। খুব ভাল লাগিল আজিৰ ইণ্টাৰভিউটো। কিমান আৰু অভিনয় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল, প্রিয় খাদ্য কি, ভৱিষ্যত পৰিকল্পনা ক'বা হে! কেতিয়াবা আমাৰো মন যায় দিয়াচোন অলপ বেলেগ কথা ক'বলৈ। 

হাঁহি উঠিল দুয়ো। মানুহগৰাকীৰ সৈতে কথা পাতি থাকোঁতেই মৃণ্ময় দুৱৰাই আঁৰ চকুৰে মোলৈ চালে। চকুত চকু পৰোঁতেই চাদৰ মেখেলাযোৰ সলাবলৈ লৰালৰিকৈ আঁতৰি আহিলোঁ মই। মেক আপ ৰূমটোত সোমায়েই দেখোঁ ঋষভে মেক আপ লৈ বহি আছে। নিউজ আছে তাৰ।

: হেই গৰ্জিয়াছ। বিৰাট ভাল লাগিল প্ৰগ্ৰেমটো। বৰ ভাল এংকৰিং কৰা দেই। বাই ডি ৱে' তোমাৰ ভৰিটো কেনেকুৱা এতিয়া? ভাল পাইছানে?

মই যে সিদিনা ভৰিত দুখ পাইছিলোঁ মোৰ এতিয়াহে মনত পৰিল। ক'লৈ যে উধাও হ'ল সেই বিষ !
এনেকুৱাইতো হয়!
এটা বিষে এনেকৈয়েতো ঢাকি পেলায় আনটো বিষ।

: ঠিকেই আছে।

সামান্য হাঁহি উত্তৰটো দি চেঞ্জিং ৰূমলৈ গুচি গ'লো মই। কাৰো প্ৰশংসাই, একো ভাললগায়েই আজি চুব পৰা নাই মোক। ঘৰলৈ ফোন এটা কৰিবলৈ মন গ'ল।

কেণ্টিনলৈ গৈ ফোন লগালোঁ দেউতাক। মাৰ লগত লাহে লাহে কথা পাতিব নোৱাৰা হৈ আহিছোঁ। প্ৰতিটো ফোন কলতে মাৰ একেটাই কথা- " ছমাহৰ ওপৰ হ'ল তই ঘৰলৈ অহা নাই। এবাৰ আহি যাচোন। বহাগৰ বিহুটো গ'ল, পুজা গ'ল ছোৱালীজনী নহাকৈয়ে অতসোপা উৎসৱ পাতিলোঁ। কেনেকৈ আছোঁ মই মাকজনীয়েহে জানো!"

কিদৰে বুজাও মাক, যে গোটেই পৃথিৱীৰ উৎসৱৰ সময়ত খোলা থাকে সংবাদ মাধ্যমৰ অফিচ। দুৰ্যোগত গোটেই পৃথিৱীৰ মানুহ ঘৰ সোমাই ৰ'লেও যে সোমাই ৰ'ব নোৱাৰে সংবাদ মাধ্যমৰ মানুহ। 

ফোন ধৰিলে দেউতাই

: ক মা।

: দেউতা মই যদি এদিন খুব ডাঙৰ জাৰ্নেলিষ্ট হওঁ তোমালোক খুব সুখী হ'বা ন?

বেলেগ একো কথাই নোসোধাকৈ ক'লো দেউতাক।
অকণমান তভক মাৰি ৰ'ল তেওঁ। হয়তো আচম্বিতে সোধা মোৰ এই প্ৰশ্নত অকণমান আচৰিত হ'ল। এইবাৰ লাহে লাহে উত্তৰ দিলে 

: হ'মতো! আমি সকলো সুখী হ'ম মা। পিছে আটাইতকৈ ডাঙৰ কথা কি জাননে, তই সুখী হ'বি। নিজক সুখী কৰি ৰাখিব পৰা চাকৰি এটা কেইজন মানুহে কৰিব পাৰে কচোন।

হয়! দেখিছিলোঁ মই শিক্ষক দেউতাই কেনেকৈ মাহৰ পিছত মাহ দৰমহা নোপোৱাৰ পিছতো কোনোদিন একো আক্ষেপ নকৰাকৈ শিক্ষাদান কৰিছিল। তেওঁৰ বাদে কোনে বুজে চাকৰি এটাই দিব পৰা সুখ!

অলপদেৰি কথা পাতি ফোনটো ৰাখিলোঁ। বহুদেৰিলৈ সেইখিনিতে বহি ৰ'লো। এটা সময়ত বিষাদে আৱৰি ৰখা মোৰ মুখ পোহৰ হৈ পৰিল। ভিতৰৰ পৰা কিবা এটা শক্তিয়ে কৈ উঠিল

নাই! মই অকলশৰীয়া নহয়। 
মোৰ লগত এখন ঘৰ আছে।
লক্ষ্যত উপনীত হব পৰাকৈ সকলোৰে আশীৰ্বাদ আছে মোৰ লগত। 

উঠি আহিলোঁ। ঋষভৰ পিছতে মোৰ নিউজ আছে।সন্ধ্যা ছয় বজাৰ 'মহানগৰ বিশেষ' বাতৰিটো আজি মোক পঢ়িবলৈ দিছে। 

ৰাতি দহ বাজিল। ডিউটিৰ সময় শেষ। সকলোৱে ৰিছেপশ্যন এৰিয়াতে কেবৰ বাবে অপেক্ষা কৰিছে। ময়ো আহি সকলোৰে সৈতে শাৰী পূৰাই বহি পৰিলোঁ। কিছুসময়ৰ পিছতে লুটফাই সকলোকে তললৈ যাবলৈ ক'লে। কেব আহি ৰৈছিলহি। 

হুৰমুৰাই সকলো আহি কেবত বহিলোঁহি। কাষতে ঠেলি হেঁচি বহিলহি ঋষভ। খুব ঠাণ্ডা পৰিছে। দুয়োহাতৰ তলুৱা মোহাৰি মোহাৰি ক'লে সি

: তুমিতো কাহিলিপাৰাত নামিবা কৃষ্ণাক্ষী?
: উম। সিদিনা পিক কৰিছিলা যে গাড়ীৰে। তুমি? 
: ওচৰতে ঘৰ মোৰ। প্ৰথমতে ময়েই নামো কেবৰ পৰা। তাৰ পিছত মান্যতা, তাৰ পিছত প্ৰেংকি...

এখন দীঘলীয়া লিষ্ট গাই হঠাৎ অকণমান ৰৈ কিবা এটা চিন্তা কৰাৰ দৰে কৈ উঠিল সি

: অঁ ! তুমি দেখোন আটাইতকৈ শেষত নামিবা কৃষ্ণাক্ষী। 

তাৰ পিছত মই একো উত্তৰ দিবলৈ নাপাওঁতেই ড্ৰাইভাৰজনক ক'লে

: আজি মোক আটাইতকৈ শেষত নমাব হৰকান্ত দা।

: কিয়? কাষতে ঘৰ ইমান দেৰিকৈ কিয় নামিব লাগে? আকৌ তোমাক থ'বলৈ মই গোটেইখন ঘূৰি আহিব লাগিব।

: দৰকাৰ হ'লে আহিব লাগিব। তথাপি আজি মই একেবাৰে শেষত নামিম। সকলো নামি যোৱাৰ পিছত অকলশৰীয়া হ'ব কৃষ্ণাক্ষী।

শেষৰ বাক্যশাৰীত উচপ খাই উঠিলোঁ মই।

কিয়? কিয় চিন্তা কৰিব লাগে সি মোৰ বাবে! 
চিন্তা কৰা, মৰম কৰা এই কথাবোৰত মই ভয় খাওঁ, বৰ ভয় খাওঁ। 

লৰালৰিকৈ এইবাৰ ক'লো

: নালাগে। নালাগে ঋষভ। মই পাৰিম। তুমি নামি যোৱা। ইতিমধ্যে চাৰে দহ বাজি গৈছে। বহুত ৰাতি হ'ল।

: মোৰ কথা চিন্তা কৰিব নালাগে। মোৰ আজি আটাইতকৈ শেষত নামিবলৈ মন গৈছে। মই শেষতে নামিম।

কিবা এটা আকোৰগোঁজ কণ্ঠ তাৰ। বিৰক্তি লাগিল যদিও তৰ্ক কৰি থকাৰ মানসিক আৰু শাৰীৰিক কোনো ফালৰ পৰাই আজি শক্তি নাই মোৰ।

ইতিমধ্যেই ঋষভ আৰু মোৰ বাহিৰে সকলো নামি পৰিছিল। আগফালৰ চিটটো খালি হোৱাৰ লগে লগে পিছফালৰ পৰা দুটা ছিটৰ মাজেৰেই পাৰ হৈ সি হৰকান্ত দাৰ কাষত বহি ল'লে আৰু অনর্গল কথা পাতি যাবলৈ ধৰিলে। মূৰটো বিষাই আহিছে। দুয়ো হাতেৰে মূৰৰ কুম দুটা হেঁচি চিটতে মূৰটো পেলাই দিলো মই।

কালি গোটেই ৰাতিটো নোশোৱাৰ বাবেই হয়তো ছিলমিলকৈ যেন টোপনি আহিব খুজিছিল মোৰ।

: মিছ কৃষ্ণাক্ষী। আজি নানামো বুলি ভাবিছা নেকি? 

ঋষভৰ মাত। চকু মেলি দেখোঁ ৰূমৰ সন্মুখত কেবখন ৰৈছিলহি। নামি পৰিলোঁ মই। প্ৰচণ্ড ঠাণ্ডা পৰিছে। খিৰিকী খুলি হাত জোকাৰিলে ঋষভে। খুব অলসতাৰে তালৈ চাই হাত জোকাৰিলোঁ ময়ো। একেবাৰে মন নোযোৱাকৈ। এনেকুৱা লাগিছে যেন দুৱাৰ খুলি মূৰৰ বিষৰ টেবলেট এটা খাই এতিয়াই বিছনাত বাগৰ দিমগৈ।

: কৃশ্বু...

লৰালৰিকৈ ভিতৰলৈ যাবলৈ খোজোঁতেই গেইটৰ কাষৰ পৰা ভাঁহি আহিল মাতটো। চাৎ কৈ ঘূৰিলোঁ মই।

ঘোপমৰা আন্ধাৰ আৰু প্ৰচণ্ড ঠাণ্ডাৰ মাজেৰে প্ৰতিফলিত হ'ল সেই মাত। 

ৰৈ গ'লো মই। 
যাবলৈ খুজিও ৰৈ গ'লো মই।
যেন পিছফালৰ পৰা কিবা এক অদৃশ্য শক্তিয়ে দুভৰি বান্ধি স্তব্ধ কৰি দিছে মোৰ খোজ।

আগবাঢ়ি আহিল মানুহজন। ডিচেম্বৰ মাহৰ হাড় কপোৱা ঠেঁটুৱৈ ধৰা জাৰৰ মাজত এটা পাতল শ্বাৰ্ট পিন্ধি মোৰ সন্মুখত থিয় দি ৰ'লহি। গৰম, ঠাণ্ডা,ৰাতি,দিনৰ সকলো পাৰ্থক্যই যেন পাহৰি পেলাইছে মানুহজনে। দুখ বেজাৰ অনুশোচনা আৰু পাপবোধেৰে জৰ্জৰিত এখন যেন ক্ৰন্দনৰত মুখ। কেতিয়াৰ পৰা এনেকৈ ৰৈ আছেহি তেওঁ!

কিবা এটা ক'বলৈকো যেন পাহৰি গৈছোঁ মই। সেই ঠাইতে ৰৈ থাকি তন্ন তন্নকৈ খুটিয়াই চাবলৈ ধৰিলোঁ সেই মুখ।

এইখন মুখ! হৃদয়ৰ সমস্ত আকুলতাৰে 'কৃশ্বু' বুলি উচ্চাৰি উঠা এই দুয়ো ওঁঠ। 

সেই ৰাতি মোৰ অসূৰ্য্যস্পশ্যা শৰীৰৰ প্ৰতি অংগকে লিৰিকী বিদাৰি চাব খোজা সেই দুখন হাত।

চশমাৰ আঁৰৰ সেই সুগভীৰ দুচকু।

ক'তা! সকলোতো একেই আছে। তেন্তে কি বেলেগ হ'ল? মুহূৰ্ততে এনে কি বেলেগ হৈ গ'ল যে থানবান হৈ গ'ল সকলো!

: কৃশ্বু ...
আকৌ মাতিলে তেওঁ।

এয়া মানুহৰ মাতেই নে! নে নিজান ৰাতি ভাঁহি অহা কোনোবা বাঁহীৰ কৰুণ সুৰ। কান্দিছে নেকি তেওঁ!

মুহূৰ্ততে ওঁঠ চেপি ধৰি দুচকু জোৰকৈ মুদি নিজকে স্থিৰ কৰিলোঁ মই।

: এবাৰতো শুনা কৃশ্বু...

: শুনিবলৈ বা ক'বলৈ কিবা বাকী থাকিল জানো! সকলো নিজ চকুৰে দেখাৰ পিছত...

: তোমাক মই সকলো ক'বলৈ বিচাৰিছিলোঁ কৃশ্বু। কিন্তু প্ৰতিবাৰ কবলৈ লোৱাৰ পিছতো বাৰে বাৰে ৰৈ গৈছিল। যি কথাই এদিনো শান্তিৰে থাকিবলৈ দিয়া নাছিল মোক। সেয়ে মই সিদিনা ডায়েৰীখনত গোটেই কথাখিনি লিখি তোমাক দিছিলোঁ। 

তলমূৰ কৰি থিয় দি ৰ'ল তেওঁ। মুহূৰ্ততে যেন খং, দুখ, অভিমান, আবেগ সকলোৱে ভৰ কৰিলেহি মোক।  হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা মানুহৰ দৰে এইবাৰ তেওঁৰ দুয়োহাতত ধৰি জোকাৰি চিঞৰি চিঞৰি সুধিলোঁ মই

: কিয় কৰিলে এনেকুৱা? কি ভুল কৰিছিলোঁ মই? কি অধিকাৰত মোৰ জীৱনৰ লগত এনেকুৱা খেল খেলিলে?

নিশ্বুপ হৈ ৰৈছে তেওঁ। এটা সময়ত তেওঁৰ উত্তৰলৈ অপেক্ষা নকৰাকৈয়ে খোলা গেইটৰে দৌৰি দৌৰি ৰূমলৈ সোমালো মই। বন্ধ দুৱাৰত শৰীৰ চোঁচৰাই বহি পৰিলোঁ। খামুচি ধৰিলোঁ মূৰৰ চুলি।

কিয় ইমান দুৰ্বল হৈ পৰিলোঁ মই!
দুৰ্বল হোৱাৰতো কথা নাছিল!
তেওঁৰ সন্মুখত আবেগিক হোৱাৰতো কথা নাছিল মোৰ!

হঠাৎ মনলৈ আহিল - " ডায়েৰীখনত গোটেই কথাবোৰ লিখি তোমাক দিছিলোঁ "

কি লিখিছিল তেওঁ! 
এনেকুৱা কি লিখিছিল তাত তেওঁ! 

সম্বিত ঘূৰাই পোৱা মানুহৰ দৰে খপজপকৈ গৈ হাত দিলোঁগৈ টেবুলত পৰি ৰোৱা সেই ডায়েৰীখনত। উদভ্ৰান্তৰ দৰে পাত লুটিয়াই ৰৈ গ'লো এটা পৃষ্ঠাত আৰু পঢ়ি গ'লো

'কৃশ্বু'

বহুদিনৰ পৰা ক'ম বুলিও ক'ব নোৱাৰা কিছুমান কথা আজি এনেকৈয়ে লিখিছোঁ। নাজানোঁ তুমি কেনেকৈ লোৱা! কিন্তু মই যে তোমাক ক'বই লাগিব!

তুমি এতিয়াও বহু কথাই নাজানা। কৃশ্বু, তুমি সময়তকৈ বহু দেৰিকৈ আহিলা মোৰ জীৱনলৈ। তোমাক মোৰ জীৱনলৈ আদৰি অনাৰ আগতেই যে সামাজিক ভাৱে মই আনৰ হৈ পৰিছিলো। বুকুত লালিত হোৱা মোৰ আজন্ম প্ৰেমৰ অন্বেষণ শেষ নহ‌ওতেই  হৈ পৰিছিলোঁ কাৰোবাৰ স্বামী।  

দেউতাৰ অসুস্থতাৰ বাবেই মাত্ৰ এসপ্তাহৰ ভিতৰতে লৰালৰিকৈ বিয়াখন হৈ গৈছিল আমাৰ। কৰ্মসূত্ৰে বাংগালুৰুত থকা বৈদেহীক ভালপাবলৈ বা বুজি উঠিবলৈ কেতিয়াও সুযোগেই নাপালোঁ মই। বিয়াৰ পিছতো অকণমান প্ৰেমময় সময় কটাবলৈ, একাকীত্ব দূৰ কৰিবলৈ কোনোদিনেই কাষত নাপালোঁ তেওঁক।

সেই অকলশৰীয়া মূহুৰ্তবোৰতে অতি সংগোপনে তুমি সোমাইছিলা মোৰ হৃদয়ৰ গভীৰৰ পৰা গভীৰলৈ। আৰু তোমাৰ প্ৰেমেৰে পূৰ্ণ হ'ল মোৰ সমগ্ৰ সত্বা। আজীৱন অন্বেষন কৰি অহা সেই প্ৰেম যেন তোমাতেই বিচাৰি পাইছিলোঁ মই।

গোটেই পৃথিৱীৰ মানুহৰ চকুত মই দোষী, তোমাক ভালপোৱাৰ দোষেৰে দোষী মই। পত্নী হিচাপে কাৰোবাক স্বীকৃতি দিয়াৰ পিছতো তোমাক নোকোৱাৰ দোষেৰে দোষী মই। কিন্তু তুমি যদি ভাবা মই তোমাক ভাল পাই ভুল কৰা নাই, তেন্তে গোটেই পৃথিৱীৰ অপবাদ মই শিৰ পাতি ল'ম। আৰু যদি ভাবা মই শাস্তি পোৱাৰ যোগ্য, তেন্তে যি শাস্তি দিয়া সেই সকলো শাস্তি গ্ৰহণ কৰিবলৈ মই সাজু।

মোৰ ভালপোৱা কেতিয়াও মিছা নহয়। কোনোদিনেই মিছা নাছিল মোৰ মৰম। ইমানবোৰ ক্ষণ, অতবোৰ ভাললগা মুহূৰ্ত মিছাতো নাছিল কৃশ্বু...

মোক যদি গোটেই জীৱন ক্ষমাও নকৰা তথাপিও মই তোমাক ভাল পাই থাকিম। তুমি আহি মোৰ জীৱনটো ভৰাই পেলাইছাহি মোৰ সোণ। জীৱনটো তোমাৰ অবিহনে এতিয়া যে ভবাটোও অসম্ভৱ।

"সাগ্নিক"

ডায়েৰীখন লাহেকৈ জপাই টেবুলৰ এচুকলৈ ঠেলা মাৰি দিলোঁ। 
কোনো প্ৰয়োজন নাই। কোনো প্ৰয়োজন নাই এতিয়া এই ডায়েৰীৰ। 
সকলো শেষ হৈ গৈছে।
সকলো শেষ হৈ যোৱাই উচিত।

(আগলৈ)

© গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ