#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩২
ডিচেম্বৰৰ শেষৰ সপ্তাহ। ঠাণ্ডাৰ প্ৰকোপ যেন লাহে লাহে বাঢ়ি আহিছে। আবেলিবোৰত হাতত একাপ চাহ লৈ সকলোৰে সৈতে কেণ্টিনত গল্প কৰাৰ এটা নতুন অভ্যাস মোৰ গঢ় লৈ উঠিছে। তেজস্বীনি বা, প্ৰেংকি, দীপিকা, মান্যতা,ঋষভ সকলোৰে লগতেই সম্পৰ্কবোৰ সহজ হ'বলৈ ধৰিছে। টিফিনত লৈ যোৱা দুপৰীয়াৰ আহাৰ একেলগে বহি খাব পৰা হৈ উঠিছোঁ মই। খুব সুন্দৰ ৰন্ধা প্ৰেংকিৰ টিফিনৰ পৰা ইটো সিটো বস্তু সকলোৱে বিনা অনুমতিত অধিকাৰেৰে খোৱাৰ দৰে ময়ো খাব পৰা হৈছোঁ। ৰাতিপুৱা আৰু দুপৰীয়াৰ অনুষ্ঠানটোৰ লগতে কেইবাদিনো বাতৰি পঢ়াও আৰম্ভ কৰিছোঁ।
আজিও এক বজাৰ বাতৰিটো পঢ়ি লাঞ্চ কৰিবলৈ বুলি মেকআপ ৰূমটো পালোহি। আচলতে যদিও কেণ্টিনত বহিহে খোৱাৰ নিয়ম কিন্তু আমিকেইটাই মেকআপ ৰূমতেই বহি লাঞ্চ কৰো। সংবাদ মাধ্যমৰ বাহিৰৰ গহীন পৰিবেশটোৰ একেবাৰে বিপৰীত হয় মেকআপ ৰূমটো। কাৰ সৈতে কাৰ এফেয়াৰ চলি আছে, কোনে কাক একেবাৰে ভাও দিয়া নাই, কোনে কেৱল কাৰোবাৰ সৈতে প্ৰেমৰ অভিনয়হে কৰি আছে এই সকলোবোৰ কথাৰ গোপন আড্ডা চলে মেকআপ ৰূমটোত। ৰঙীন পৃথিৱীৰ আঁৰৰ আন এখন ৰঙীন পৃথিৱী এই ৰূমটো। একেৰাহে উশাহ বন্ধ হৈ যোৱা খবৰ এসোপাৰ মাজত থাকি এই ৰূমটোৰ পাতল পৰিবেশটোৱে সকলোকে কাম কৰাৰ যেন নতুনকৈ ইন্ধনহে যোগায়।
ব্লেজাৰটো খুলিছিলোঁ মাত্ৰ। কোঠাটোৰ দুৱাৰ খুলি হুৰমুৰাই সোমাই আহিল এগৰাকী অত্যাধুনিকা যুৱতী। প্ৰায় চাৰে পাঁচ ফুট ওখ, ৰঙীন কেঁকোৰা চুলি, খুব ডাঠকৈ কাজল বুলোৱা দুচকু, নাকৰ দুয়োবিন্ধাৰ মাজতে এটা ৰিং। মেইণ্টেইন কৰি ৰখা ধুনীয়া শৰীৰটোত এটা খুব টাইট জিন্স আৰু দীঘল অভাৰকোট। সোমায়েই গাৰ অভাৰকোটটো খুলি তাই চ'ফাখনত দলিয়াই দিলে। অভাৰকোটটো খোলাৰ লগে লগেই জিলিকি উঠিল হাতৰ বাহুত এটা ধুনীয়া টেটু। তিনিটা ৰঙীন তৰাৰে সৈতে এটা শাৰী - "Born to express, not impress"...
এই মুখ মোৰ একেবাৰেই চিনাকি নহয়। আহিয়েই প্ৰেংকিক মৰমেৰে সাবটি ধৰিলে তাই। দীপিকাকো সাবটি ধৰিছে। যদিও দুয়োকে লগ পাই খুব উৎসাহী তথাপি তাইৰ যেন দুচকুৱে অহৰহ বিচাৰি ফুৰিছে অন্য কাৰোবাক। যেন কোনোবা বিশেষ এজনক গোটেই অফিচটোত বিচাৰি নাপাই হে এইখিনি আহি ওলাইছেহি তাই। সোহাঁতেৰে বাওঁহাতৰ তলুৱাত মিহিকৈ এটা ঘোচাৰ দৰে মাৰি অস্থিৰ হৈ কোঠাটোৰ ভিতৰতে ঘূৰি ফুৰিল ছোৱালীজনী।
: ৰিপ'ৰ্টিঙত গৈছে ৰ। আহিব।
প্ৰেংকিৰ কথাত ছোৱালীজনীয়ে খুব ধুনীয়াকৈ হাঁহি পেলালে আৰু প্ৰায় ফুচফুচাই সোধাদি সুধিলে প্ৰেংকিক
: ঐ প্ৰেংকি, কেতিয়াবা মোৰ কথা কিবা কয় নে ঋষভে? মই এইকেইদিন নাথাকোঁতে মোক কেতিয়াবা মিছ কৰিছিলনে সি? কিবা কয় নেকি?
কথাষাৰ সোধোতে ছোৱালীজনীৰ আয়ত চকুযোৰেও যেন হাঁহি পেলালে। মই বুজিলোঁ, ছোৱালীজনীৰ দুচকুৱে ঋষভক বিচাৰি ফুৰিছে। হয়তো ঋষভৰ গাৰ্লফ্ৰেণ্ড। হাঁহি এটি বাগৰি আহিল মোৰ ওঁঠেৰে। কিন্তু আচৰিত লাগিল, ইমান দিনে ইমান কথা কোৱা ল'ৰাটোৰ মুখত কোনোদিনেই মই শুনা নাই ছোৱালীজনীৰ কথা।
এইবাৰ তাই মোৰ ফালে চালে আৰু ক'লে
: নতুন? হাই মই অলংকৃতা। ইংলিছ নিউজ ৰিডাৰ।
: নতুন মানে বিশ দিন মানেই পাৰ হ'ল জইন কৰা। মই কৃষ্ণাক্ষী। কৃষ্ণাক্ষী বৰুৱা। ইমানদিনে তোমাক দেখাই নাই এদিনো। ছুটিত আছিলা?
: মোৰ পাপা ঢুকাল। সেয়ে ঘৰলৈ গৈছিলোঁ।
ঢুককৈ উঠিল মোৰ বুকুখন।
পাপা ঢুকাল?
দেউতাক নাইকিয়া হৈ গ'ল তাইৰ। কিন্তু সেই কথাটো তাই এনেকৈ উচ্চাৰিলে যেন ক'তো একো হোৱা নাই। নিয়াৰিকৈ চলি থকা তাইৰ পৃথিৱীখনত ক'তোৱেই যেন আউল লগা নাই।
: অঃ। এম চ' চৰী। বৰ দুখ পালোঁ।
মোৰ কথাত এইবাৰ অকণো গুৰুত্ব নিদিয়াকৈ প্ৰেংকিৰ ওচৰলৈ গৈ দুয়োহাত তাৰ সন্মুখত মেলি ধৰি কৈ উঠিল
: চা না প্ৰেংকি, মাত্ৰ তিনিটা ডাইমণ্ড ৰিং পিন্ধিছোঁ। ইমান খালি লাগিছে হাতখন। বাকী আটাইকেইটা ৱাশ্ব কৰিবলৈ দি আহিছোঁ। চুলিবোৰো সাংঘাতিক ৰাফ হৈ গৈছে। স্পা এটা কৰোৱা যে ইম্মান জৰুৰী হৈ পৰিছে।
প্ৰেংকিয়ে কিবা ক'বলৈ পোৱাৰ আগতেই মোবাইলত কথা পাতি পাতি সোমাই আহিল ঋষভ। ৰিপৰ্টিং কৰিবলৈ ৰাতিপুৱাই ওলাই গৈ ভাগৰি জুগৰি সোমাইছেহি সি। সোমোৱাৰ লগে লগেই তাৰ ডিঙিত কণমানি ছোৱালী এজনীৰ দৰে দৌৰি গৈ সাবটি ধৰিলেগৈ অলংকৃতাই। ফোন থৈ বিৰক্তিৰে সি এটা মৃদু ঠেলা মাৰি দিলে তাইক। তাক দেখি উজ্জ্বল হৈ উঠা মুখখন মুহূৰ্ততে যেন ছাইবৰণ ধৰিলে।
: কেতিয়া আহিলা ?
অপ্ৰতিভ প্ৰশ্ন তাৰ। সি কথাষাৰ ইমানেই লাহেকৈ সুধিলে যেন এই কথাটো নুসুধিলে কোঠাটোৰ প্ৰতিজন মানুহেই ল'ৰাজন অশিষ্ট বুলি ঘোষণা কৰি উঠিব। সি যিমান লাহেকৈ সুধিলে তাতকৈ দুগুণ উৎসাহেৰে উত্তৰ দিলে তাই
: আজি। আহি পায়েই দৌৰি এইখিনি ওলাইছোহি। আজিলৈকে ছুটিয়েই আছিল। কাইলৈ অহা হ'লেও হ'লহেঁতেন। কিন্তু তোমাক লগ পাবলৈ বৰ মন গৈ আছিল। ইমান ফোন কৰিছিলোঁ ঘৰৰ পৰা। এদিনো নুঠালা তুমি।
তাইৰ কথাত অকণমানো গুৰুত্ব নিদিয়াকৈ এইবাৰ সি মোৰ ওচৰ পালেহি আৰু আঁঠুতে ভাঁজ এটা পেলাই আইনাত চাই মূৰৰ চুলি ঠিক কৰি কৰি মোক সুধিলে
: ডিউটি শেষ ন কৃষ্ণাক্ষী?
: উমম। শেষ মানে দুই বজাত শেষ আৰু।
: গ্ৰেইট। এটা হেল্প কৰিবা?
: কোৱাচোন।
: আজি মাৰ জন্মদিন।
তাক কি হেল্প লাগে নুশুনাকৈয়ে মই ক'লো
: আন্টিক মোৰ সেৱা জনাবা।
সামান্য হাঁহি মূৰ দুপিয়াই সি ক'লে
: শ্বিঅ'ৰ। এতিয়া শুনা। মাক উপহাৰ দিবলৈ শাড়ী এখন কিনিব খুজিছিলোঁ। সমস্যাটো হ'ল, পছন্দ কৰিব নাজানোঁ। তোমাৰ যদি অসুবিধা নহয় মোৰ লগত এবাৰ মললৈ গৈ দিবানে?
মই একো ক'বলৈকে নাপালোঁ। উত্তৰ দিয়াৰ আগতেই খৰধৰকৈ অলংকৃতাই কৈ উঠিল
: ৱাও আন্টিৰ বাৰ্থডে' আজি? মই গৈ দিম ঋষভ। মই আছোতো! তাইক কিয় আমনি কৰিব লাগে।
ঋষভে কিবা কোৱাৰ আগতেই ময়ো কৈ উঠিলোঁ
: অলংকৃতাকে লৈ যোৱা ঋষভ। তাই খুব ধুনীয়াকৈ পছন্দ কৰি দিব পাৰিব।
ঋষভ এইবাৰ অলংকৃতাৰ একেবাৰে কাষ চাপি গ'ল আৰু কৈ উঠিল
: ফটা জিন্স বা টেটুৰ ডিজাইন পছন্দ কৰিব নালাগে অলংকৃতা। শাড়ী পছন্দ কৰিব লাগে। এইখিনিতে বহি তুমি সদায় নোকোৱা নে ইণ্ডিয়ান আউটফিটলৈ তোমাৰ অকণমানো ইন্টাৰেষ্ট নাই বুলি। কেনেকৈ পছন্দ কৰিবা শাড়ী ?
ছোৱালীজনী ৰঙা চিঙা পৰিছিল। অত্যন্ত লাজ পাইছে তাই মোৰ আগত। উচাৎ মাৰি কোঠাটোৰ পৰা ওলাই গ'ল তাই। যাওঁতে ভোৰভোৰাই গ'ল
: কোনোবাদিনা খং উঠিব লাগিলে চেনেল এৰি থৈয়ে গুচি যাম।
: কেতিয়া যে আহিব সেইটো দিন!
মুহূৰ্ততে বিৰবিৰাই উঠিল ঋষভে। মই সাংঘাতিক অস্বস্তি পাইছিলোঁ। মোৰ সন্মুখতে ছোৱালীজনীক অপদস্ত কৰাৰ বাবে খঙো উঠিছিল ঋষভলৈ। কিন্তু তথাপিও মনৰ মাজত ক'ৰবাত যেন ইমানকেইদিনত এক বিশ্বাসে গঢ় লৈ উঠিছিল যে বিনা কাৰণত এই ল'ৰাটোৱে কাকো কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। টিফিন উলিয়াই এচামুছ এচামুছকৈ ভাত ভজা খাবলৈ ধৰিলোঁ মই।
অথনিৰে পৰা গোটেই কথাবোৰ চাই থকা প্ৰেংকিয়ে মোক উদ্দেশ্যি এইবাৰ কৈ উঠিল
: কৃষ্ণাক্ষী তুমিয়েই বুজোৱানা ইয়াক। কোনোবাদিনা এইজনী ইয়াৰ প্ৰেমত মৰি থাকিলে ইয়াৰে পাপ লাগিব।
: মই তলতে গাড়ীত ৱেইট কৰিছোঁ। তুমি খাই আহি যাবা তললৈ।
প্ৰেংকিৰ কথা আওকাণ কৰি মই কাষতে থৈ দিয়া আনটো টিফিনৰ পৰা আপেল এটুকুৰা হাতত লৈ কোঠাটোৰ পৰা ওলাই গ'ল ঋষভ। সি ওলাই যোৱাৰ লগে লগেই প্ৰেংকিয়ে এইবাৰ ক'লে
: এই অলংকৃতা হাজৰিকা। আমাৰ চেনেলৰ পুৰণি এংকৰ। ঋষভৰ প্ৰেমত একেবাৰে বলিয়া। আৰু আমাৰ ঋষভ? এটা দিনো যদি তাইৰ সৈতে ভালকৈ কথা পাতিলেহেঁতেন।
একো নামতিলোঁ। প্ৰেম, ভালপোৱা এই বিষয়বোৰত মন্তব্য দিব পৰাকৈ মোৰ একোৱেই জ্ঞান নাই। মানুহ চিনি নোপোৱা, অকণমান মৰমতে আবেগিক হৈ পৰা এজনী অত্যন্ত মূৰ্খ ছোৱালী মই। প্ৰেমৰ সম্পৰ্কৰ নামত এটা বৃহৎ শূন্য। এ বিগ জিৰ'।
চাইলেণ্ট কৰি থোৱা মোবাইলটোৰ ৰিংট'ন অন কৰিবৰ বাবে হাতত ল'লো। সাগ্নিকৰ ষাঠিটা মিছড্ কল। গণি শেষ কৰিব নোৱাৰা ৱাটচ এপৰ মেছেজ। আজি প্ৰায় পোন্ধৰ দিনেই হ'ল সেই ঘটনাৰ।
প্ৰায়? নহয়, প্ৰায় নহয়। পোন্ধৰ দিন। এই পোন্ধৰ দিনৰ প্ৰতিদিনেই ৰাতি শোৱালৈকে মোৰ মোবাইলত গোট খাই তেওঁৰ এশৰো ওপৰ মিছড্ কল। গোট খাই শ শ মেছেজ। নাজানো কি লিখিছে তেওঁ। এদিনো এটাও মেছেজ খুলি নোচোৱাকৈয়ে প্ৰতিদিনেই দিলিত কৰি গৈছোঁ মই।
প্ৰায় প্ৰতিদিনেই তেওঁ থিয় হৈ ৰৈছে মোৰ অহা যোৱাৰ বাটত। কেতিয়াবা গেইটৰ কাষত, কেতিয়াবা অফিচৰ বাহিৰত বিবৰ্ণ মুখ লৈ থিয় দি ৰৈছে তেওঁ। আৰু কোনোদিনেই তেওঁৰ কোনো কথা নুশুনাকৈয়ে কাষেৰেই চিনি নোপোৱা মানুহৰ দৰে পাৰ হৈ গৈছোঁ আৰু ৰূমলৈ সোমাই দুৱাৰ বন্ধ কৰি ভাগি পৰিছোঁ কান্দোনত।
সকলোৰে আগত ফাঁকি দিব পাৰিলেও কেনেকৈ মই ফাঁকি দিওঁ নিজক? কেনেকৈ দুদিনতে পাহৰি পেলাওঁ মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ অনুভৱক? তেওঁক ক্ষমা কৰা, নকৰা সেয়া একেবাৰেই বেলেগ বিষয়। কিন্তু নিজক ফাঁকি দিব পৰাকৈ এতিয়াওঁচোন মই যান্ত্ৰিক হৈ উঠিব পৰা নাই।
সময় লাগিব।
তেওঁক পাহৰিবলৈ সময় লাগিব।
নে সময়ে দিন যোৱাৰ লগে লগে বেছিকৈহে ৰেপি ৰেপি কাটিব বুকুৰ মাজত সেই দাগ!
ৱাটচ এপৰ মেছেজকেইটা দিলিত কৰি বেগটো লৈ ওলাই আহিলোঁ মই।
পাৰ্কিঙতে ৰৈ আছিল ঋষভ। ষ্টেয়াৰিঙত মোবাইলটো থৈ কিবা ভিডিঅ' এটা চাই বহি আছিল। মই গৈ বহি পৰিলোঁ গাড়ীখনত।
: ত' চলে মেদাম?
এক বিশেষ ভংগীৰে কৈ উঠিল সি। অলপ দেৰিৰ আগৰ তাৰ গম্ভীৰ মুডটো এতিয়া নাই।
মূৰ দুপিয়ালোঁ মই। চিটবেল্টডাল বান্ধি বান্ধিয়েই ক'লো
: অলংকৃতাক তোমাৰ গাৰ্লফ্ৰেণ্ড বুলি ভাবিছিলো।
: তাইৰ প্ৰেম সদায়েই একপক্ষীয়। মই কেতিয়াও তাইক সেই দৃষ্টিৰে চোৱা নাই।
: তাইক কিয় এনেকুৱা ব্যৱহাৰ কৰা ঋষভ? তাই তোমাক খুব ভাল পায় চাগৈ। অথনি আহিয়েই তাই তোমাৰ কথাই সুধিছে জানানে?
: তাই মোক ভাল পালে বুলিয়েই ময়ো পাব পাৰোঁনে? মোৰ পছন্দ অপছন্দ বুলি কথা নাই ?
: ভাল নাপালেও অন্ততঃ তেনেকুৱা বিহেভতো নকৰিবা। তাই খুব লাজ পাইছে মোৰ ওচৰত। কাৰোবাক ভালপোৱাৰ পিছতো তেওঁক আপোন কৰি ল'ব নোৱাৰা বৰ কষ্টৰ কথা ঋষভ। তাইৰ কষ্ট মই অনুভৱ কৰিছোঁ।
: মই তাইক বিনা কাৰণত এনেকুৱা বিহেভ কৰিছোঁ বুলি তুমি ভাবি লৈছা কেনেকৈ? যিজনী ছোৱালীয়ে কোনো সম্পৰ্ক নথকাকৈ সকলোৰে সন্মুখতে ঋষভ মোৰ বয়ফ্ৰেণ্ড বুলি নিউজ ডেস্কত মোৰ অতৰ্কিতে চুমা খাই দিব পাৰে, মই অকণমান ব্যস্ততাৰ বাবেই তাইক গুৰুত্ব দিব নোৱাৰিলেই গোটেই ৰাতি বহি মদ খাব পাৰে। মই কি কৰা উচিত তাইৰ লগত? কি কৰা উচিত মই কোৱা।
উত্তেজিত হৈ পৰিছে সি। সদায় হাঁহি ফুৰ্তি কৰি থকা ল'ৰাটোৰ আজি সম্পূৰ্ণ এটা বেলেগ ৰূপ।
ইচ। কিয় উলিয়ালোঁ মই এই কথা!
মিছাতে মনটো বেয়া হ'ল তাৰ।
হঠাৎ এটা ফোন আহিল তাৰ মোবাইলত। 'মা কলিং' বুলি জিলিকি উঠা ফোনটোৱেহে যেন ল'ৰাটোক স্বাভাৱিক কৰি তুলিলে। প্ৰায় তিনি মিনিটমান কথা পাতি ফোন থ'লে সি আৰু হাঁহি হাঁহি মোক কৈ উঠিল
: লাগিছে দুয়োৰে এখুন্দা।
: কাৰ?
: মা আৰু পাপাৰ।
: কিয়?
: কিয় আৰু ! দেউতাৰ মতে মই বাহিৰলৈ যাব লাগে। ইয়াত থাকি নিজৰ কেৰিয়াৰ বৰবাদ কৰি আছোঁ। ৰ'দত ৰিপৰ্টিং কৰি ঘূৰি ফুৰি চেহেৰা আৰু স্বাস্থ্য নষ্ট কৰি দিছোঁ। মাৰ মতে মোৰ যি ইচ্ছা তাকেই কৰিবলৈ দিব লাগে। যি কামে মোক সুখী কৰে সেয়াই কৰিবলৈ দিব লাগে। গতিকে মই অফিচলৈ ওলাই অহাৰ লগে লগেই প্ৰতিদিনেই এই লৈ দুয়োৰে দুৰ্বাদল কাজিয়া লাগে। মাক দেউতাই গালি দিয়ে। আৰু তাৰ পিছতে কান্দি কান্দি মায়ে ফোন কৰে মোক। মোৰ মা বৰ সাধাৰণ মানুহ কৃষ্ণাক্ষী। মোক অকণমান সুখত চাবলৈ বিচৰাৰ বাহিৰে মাৰ যে একো সপোনেই নাই।
: আজি মানুহগৰাকীৰ জন্মদিন ঋষভ। আজিতো এয়া হ'ব নালাগিছিল!
: মাৰ যে জন্মদিন দেউতাই হয়তো সেয়া পাহৰিলেই। মোৰ বাহিৰে এই পৃথিৱীত কাৰো মাৰ জন্মদিন মনত নাথাকে অ'।
হাঁহিলে সি। কাৰুণ্য সনা এটি হাঁহি। যি হাঁহি নমৰা হ'লে মই অনুভৱেই কৰিব নোৱাৰিলোঁহেঁতেন যে সি দুখ পাইছে। হাঁহিয়েও কেতিয়াবা বুকুৰ বিষাদৰ কথা কৈ যায়। কান্দিব নোৱাৰা মানুহৰ চকুৱে যিমান কান্দে, সিমান কোনো মানুহে হুৰাওৰাৱে চিঞৰিও কান্দিব নোৱাৰে।
কেনেকুৱা লাগে মাক দেউতাকে কাজিয়া কৰিলে! কেনেকুৱা লাগে দেউতাকবোৰৰ গালি খাই উচুপি থকা মাক এজনীক দেখিবলৈ!
নাই নাই। এই কথা কেতিয়াও দেখা নাই মই। মইতো দেখিছোঁ এনে এহাল মানুহ যিহাল মানুহক এজনৰ পৰা আনজনক পৃথক কৰি ভাবিবও নোৱাৰি। দুজন আত্মাৰ সংগীক দেখিছোঁ মই।
দেখিছোঁ প্ৰতিটো কাম লগ হৈ কৰা মানুহ এহালক। এয়া মহিলাৰ কাম, এয়া পুৰুষৰ কাম বুলি বিভেদ আনিব নজনা মানুহ এহালক দেখিয়েইতো ডাঙৰ হৈছোঁ মই। আগতে দেউতাৰ স্কুল বন্ধ থকা দিনবোৰত অৰ্থাৎ দেওবাৰবোৰত দুয়ো বহি একেলগে কাম কৰে। মায়ে মাছ বাচিলে দেউতাই মাছৰ আঞ্জা বনাবলৈ লাওটোকে কাটি দিয়ে। মায়ে অভিমান কৰিলে দেউতা পিছে পিছে ঘূৰি ফুৰে। দেউতা স্কুলৰ পৰা আহিবৰ সময়ত মায়ে এজনী সৰু ছোৱালীৰ দৰে ঘনে ঘনে অহা যোৱা কৰে জপনাৰ মুখলৈ।
মই ভাবিবও নোৱাৰোঁ কথাই প্ৰতি পত্নীক হুমকিয়াই উঠা মানুহ এজন।
আঃ! কি যে ভাবিবলৈও অস্বস্তি লগা এক পৰিবেশ।
: নামা কৃষ্ণাক্ষী।
সি এটা মলৰ সন্মুখত গাড়ী ৰখালেহি। চাই দেখোঁ সেইটোৱেই মল, যিটোত এদিন এটা বিশেষ নিশাৰ পিছত মই সাগ্নিকৰ সৈতে আহিছিলোঁ। বুকুৰ ভিতৰত কোনোবাই যেন হাতুৰীৰে প্ৰচণ্ড কোব শোধাইছিল।
কিমান কথা, কিমান স্মৃতি এই খণ্ডৰ বতাহে কঢ়িয়াই ফুৰিছে।
উফ্ কেনেকৈ!
কেনেকৈ সোমাই যাওঁ মই এই ঠাইলৈ!
ঘা এতিয়াও তেনেই কেঁচা। জোৰকৈ বেণ্ডেজ কৰি থোৱা এই ঘা। বেণ্ডেজ উদঙালেই যেন ফিৰফিৰাই ওলাব খোজে তেজ।
: আমি বেলেগ ক'ৰবালৈ যাব পাৰোঁ নেকি ঋষভ?
লাহেকৈ সুধিলোঁ মই।
: এইটো মলৰ পৰাই মায়ে সদায় কাপোৰ লয়। ইয়াৰ বোলে শাড়ী চেক্সনটো খুব ধুনীয়া। আহাঁ আহাঁ।
ইতিমধ্যে নামিছিলেই সি। গাড়ীৰ দুৱাৰ বন্ধ কৰি মোক উত্তৰ দি ওলাই গ'ল ঋষভ। ময়ো তাৰ পিছে পিছে ওলাই গ'লো।
মলটোৰ মহিলাৰ কাপোৰৰ চেক্সনটোত সোমাইছিলগৈ সি। সেই একেখিনিয়েই ঠাই য'ত এদিন মই ৰৈ থাকোঁতে তেওঁ মোৰ হাতত ঘড়ী এটা পিন্ধাই দিছিল। কিবা যেন উশাহ বন্ধ হ'ব খুজিছে মোৰ।
চেলছ গাৰ্ল গৰাকীয়ে শাড়ীবোৰ মেলি ধৰিছে। ঋষভে এখন এখনকৈ লিৰিকী বিদাৰি শাড়ীবোৰ চাই সেউজীয়া বেনাৰসি শাড়ী এখন হাতত লৈ ক'লে
: এইখন চোৱাচোন। মায়ে সেউজীয়া ৰং ভাল পায়।
তাৰ হাতৰ পৰা শাড়ীখন হাত পাতি ল'লো মই। খুব ধুনীয়া।
: মেমৰ গাত এবাৰ দি চাওকচোন। তেতিয়া গম পাব খুব ধুনীয়া শাড়ীখন।
চেলছ গাৰ্লগৰাকীৰ কথাত মই কিবা ক'বলৈ পোৱাৰ আগতেই ঋষভে মোক ক'লে
: এবাৰ গাত লোৱাচোন কৃষ্ণাক্ষী।
: নালাগে নেকি ঋষভ !
থেৰোঁগেৰো কৰিলোঁ মই।
: লওকচোন মেম। গাত ল'লে ডিজাইনটো ধুনীয়াকৈ ওলাই পৰিব।
কথাষাৰ কৈয়েই শাড়ীখন মোৰ গাত মেৰিয়াই দিলে ছোৱালীজনীয়ে। পলক নেপেলোৱাকৈ মোলৈ চাই থাকি এপাকত কৈ উঠিল ঋষভে
: উফ্। ইমান ধুনীয়া।
লগে লগেই খৰধৰকৈ আকৌ কৈ উঠিল - "মানে শাড়ীখনৰ কথা কৈছোঁ। লৈ লওঁ তেন্তে ন?"
মই মূৰ দুপিয়াই সন্মতি দিলোঁ তাৰ কথাত। শাড়ীখন হাতত লৈ সি বিলিং কাউণ্টাৰটোৰ ফালে আগবাঢ়ি গ'ল আৰু মই একেকোবে ওলাই আহি বাহিৰ পালোহি। এক মিনিটো আৰু ৰৈ থকা নাযায় সাগ্নিকৰ স্মৃতি বিজড়িত সেই স্থানত। এক অদ্ভুত অশান্তিত বাহিৰতে থিয় হৈ মই ঋষভলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ।
এপাকত শাড়ীৰ পেকেটটো হাতত লৈ মোৰ একেবাৰে সন্মুখতে ৰ'লহি সি। মই যেন সকাহ পালোঁ।
: কিবা এটা খাওঁ ব'লা কৃষ্ণাক্ষী?
: মোৰ একো খাবলৈ মন যোৱা নাই ঋষভ। ৰূমতে খামগৈ। তুমি গণেশগুৰিত মোক নমাই দিয়া প্লিজ। তাৰপৰা মই যামগৈ।
: হঠাৎ কি হ'ল আকৌ? মনটো মাৰি পেলালা যে!আচ্ছা ব'লা এটা কাম কৰোঁ। ক'তো নবহো দিয়া। ৰাস্তাৰ কাষত মম'কে খাও। ব'লানা...
মই যে ম'ম' খাই ভালপাওঁ সেই কথা এইকেইদিনতে ঋষভহঁতে জানি উঠিছে। মন বেয়া লগাৰ হাজাৰটা মিছা কাৰণ বৰ্ণাই থকাতকৈ মন নথকা সত্বেও তাৰ কথাত সন্মতি দি গাড়ীত বহিলোগৈ।
গাড়ী আগবাঢ়িল মহানগৰীৰ ৰাজপথত। গাড়ীৰ গ্লাছখন নমাই এফ এম ৰেডিঅ'টো বজালে সি। খুব ধুনীয়া মাতৰ আৰ জে গৰাকীয়ে কিবা এটা কৈয়েই বজাই দিলে এটি গীত।
" য়ে ম'হ ম'হ কে ধাগে
টেৰী উংগলিয়' চে জা উলঝে। "
গানটো বজাৰ লগে লগে ঋষভে ভলিউম বঢ়াই দিলে।
: বন্ধ কৰা।
লাহেকৈ ঋষভক কৈ উঠিলোঁ মই।
সি একো নুশুনাৰ দৰে গীতটোৰ তালে তালে ষ্টেয়াৰিঙত টুকুৰিয়াই বজাবলৈ লাগিল।
: ঋষভ প্লিজ বন্ধ কৰা গানটো।
এইবাৰ আগতকৈ অলপ জোৰেৰে ক'লো। সি মোলৈ এবাৰ চাই গানটো কিমান ধুনীয়া, গানটো শুনিলে তাৰ কি অনুভৱ হয় তাৰ বৰ্ণনা দিবলৈ লাগিল।
: ঋষভ প্লিজ বন্ধ কৰা। এতিয়াই বন্ধ কৰা। নহলে মই গাড়ীৰ পৰা নামি গুচি যাম। গাড়ী ৰখোৱা।
দুয়োহাতেৰে কাণ ঢাকি উদভ্ৰান্তৰ দৰে চিঞৰি উঠিলোঁ মই। লগে লগে সি গানটো বন্ধ কৰি ৰাস্তাৰ একাষে গাড়ীখন ৰখাই দিলে।
: আৰ ইউ অ'কেই কৃষ্ণাক্ষী?
: ন'..এম নট অ'কেই। ঠিকেই নাই মই। একো নুসুধিবা ঋষভ। প্লিজ একো নুসুধিবা। ৰিকুৱেষ্ট কৰিছোঁ। সোনকালে মোক গণেশগুৰিত নমাই দিয়া। প্লিজ।
ফোঁপাই থাকিলো মই বহুদেৰিলৈ। দুচকুত আশ্চৰ্য লৈ গাড়ীখন যিমান পাৰি সিমান স্পীদত চলাই গণেশগুৰি পোৱালেগৈ সি।
: তুমি অকলে যাব নালাগে। মই তোমাক ৰূমত থৈ আহিম।
: নালাগে। মই ৰিক্সা লৈ যাম।
সজোৰে ক'লো মই।
: মই নমাই থৈ আহিলে কি হয়?
: কি হয় নাজানো, কিন্তু নালাগে। তুমি যোৱা।
খৰধৰকৈ নামি পৰিলোঁ গাড়ীৰ পৰা। গুচি গ'লগৈ সি। ৰিক্সা এখন লৈ ঘৰ পালোহি মই। ৰিক্সাচালক জনক টকা বিশটা দি গেইট খোলোতেই দেখোঁ দেৱাশ্ৰী বাৰ ৰূমৰ দুৱাৰ খোলা।
বাৰ্থডে' পাৰ্টীৰ পিছদিনাই ঘৰলৈ গৈছিল তাই। কেতিয়া আহিল? মুহূৰ্ততে বেয়া লাগি থকা মনটোত কোনোবাই যেন সুখ এসোপা সানি দিলে। প্ৰায় দৌৰি যোৱাদি গৈ তাইৰ ৰূমত সোমালোগৈ। মজিয়াতে বহি বেগৰ পৰা কাপোৰ উলিয়াই আছিল তাই। সাবটি ধৰিলোঁ মই।
: হঠাৎ খবৰ নিদিয়াকৈ ওলালাহি যে! ভালে আছা নে? সকলো ঠিকেই আছেতো!
: মোৰ কথা বাদ দে। তই ঠিকেই আছ নে কৃষ্ণা?
আঁঠু কাঢ়ি বেগৰ কাপোৰ উলিয়াই থকাৰ পৰা এইবাৰ থিয় দিলে তাই।
: একদম ভাল মোৰ। একেবাৰে বঢ়িয়া বা। মাত্ৰ তোমালৈ বৰ মনত...
কথাষাৰ শেষ নহওতেই সাবটি ধৰিলে তাই মোক। ধৰিয়েই থাকিল। বহুপৰ। বহুক্ষণ। উচুপি উঠিল তাই।
দেৱাশ্ৰী বায়ে কান্দিছে?
যিজনী ছোৱালীক মই সদায়েই দেখি আহিছো শক্তিশালী ৰূপত।
আঃ! সহ্য নহয়। সহ্য নহয় এই কথা। চকুপানী মোহাৰিলো তাইৰ।
: কি হৈছে বা? কান্দিছা কিয়?
: এই কথাটো মইহে তোক সুধিব লাগে কৃষ্ণা! মইহে তোক সুধিব লাগে কি হৈছে? মই তোক সুধিব লাগে তই কন্দা নাই কিয়? কান্দ কৃষ্ণা। কান্দচোন। সদায়েই শক্তিশালী, চ' কলড্ ষ্ট্ৰং লেডী হৈ থকাৰ কোনো যুক্তি নাই। বুকুৰ শিল গলিবলৈ দে। গলি গলি বাহিৰ হওক সেই দুখ।
: তুমি কেনেকৈ...
কথাষাৰ কওঁতেই উচুপি উঠিলোঁ মই। পৃথিৱীত মাত্ৰ এইজনী ছোৱালীৰ আগত মই কান্দিব পাৰোঁ। হৃদয়ৰ সমস্ত দুখ বেদনা উবুৰিয়াই দিব পাৰোঁ দেৱাশ্ৰী বাৰ ওচৰত।
: সাগ্নিকে ফোন কৰিছিল মোক। কেইদিনমানৰ পিছতহে অহাৰ কথা আছিল মই। তই কি অৱস্থাত আছ বুলি ভাবিয়েই লৰালৰিকৈ আজিয়েই ঘূৰি আহিলোঁ। যোৱা দুদিন মোলৈ ফোনৰ ওপৰত ফোন কৰিছে সি। তই বোলে ফোন নুঠাৱ, কথাও নাপাত। সিও একো শান্তিত থকা নাই কৃষ্ণা। সি তোক ভালপায়।
হুকহুকাই কান্দি উঠিলোঁ মই। উচুপি থাকিলোঁ বহুদেৰিলৈ। ৰৈ ৰৈ দুলি থাকিল মোৰ শৰীৰ।
কি কৈছে দেৱাশ্ৰী বায়ে? তেওঁ মোক ভালপায়? সেই কথা মোতকৈ বেছিকৈ কোনে জানে? কোনে বুজে তেওঁক মোতকৈ বেছিকৈ। প্ৰতিৰাতি মোৰ ৰূমৰ গেইটৰ বাহিৰত ৰৈ থকা সেই মানুহজনে যে মোক ভালপায় সেই কথা মোক কোনেও বেলেগকৈ বুজাব নালাগে।
কিন্তু কি এই ভালপোৱা !
কেনেকুৱা এই ভালপোৱা !
মিছাৰ আশ্ৰয়ত গঢ়ি উঠা এটা সম্পৰ্কৰ নাম কেনেকৈ মই ভালপোৱা দিওঁ?
আৰু সেই মানুহজনী? শিৰৰ উজ্বলি ৰোৱা সেন্দূৰেৰে দুৱাৰ খুলি দিয়া মানুহজনী? কি হ'ব তেওঁৰ? ইমান নিষ্ঠুৰ অন্ততঃ মই হ'ব নোৱাৰোঁ। পাওক তেওঁ ভাল, হওক তেওঁ পৃথিৱীৰ আটাইতকৈ দুৰ্দান্ত প্ৰেমিক। তথাপি মই আন নাৰীৰ সংসাৰ ভাঙি কেতিয়াও সোমাবগৈ নোৱাৰোঁ তেওঁৰ জীৱনত।
চকুপানী মোহাৰিলো মই। স্থিৰ কৰিলোঁ নিজকে। আৰু লাহে লাহে দেৱাশ্ৰী বাক কৈ উঠিলোঁ
: বা তুমি আহি পাইছা হে। অকণমান ৰেষ্ট লোৱা। মই দেৰিকৈ আহিম।
: পৰিস্থিতিৰ পৰা পলালেই জানো সমস্যা সমাধান হয়? এবাৰতো তাক ক'বলৈ সুবিধা দে কৃষ্ণা।
: কি ক'বলৈ সুবিধা দিওঁ বা? এয়াই নে, যে তেওঁৰ ভুল হৈ গ'ল। মিছা ক'ব নালাগিছিল। তেওঁ মোক সাংঘাতিক ভালপায়। তাৰ বাহিৰে আছেই বা কি তেওঁৰ ক'বলৈ?
এইবাৰ মোৰ মূৰত হাত ফুৰালে তাই।
: প্ৰেম কেতিয়া, কেনেকৈ, কাৰ জীৱনলৈ আহে কোনে জানে ক? জীৱনটো তোৰ, সিদ্ধান্তও তোৰ। কিন্তু সেই সিন্ধান্তই যাতে দুজন মানুহক আজীৱন কষ্ট নিদিয়ে তাৰ খেয়াল ৰাখিবি।
তাইক আৰু একো ক'বলৈ সুযোগ নিদিয়াকৈ উঠি আহিলোঁ মই। একেঠাইতে ৰৈ গৈছে দেৱাশ্ৰী বা। যাবলৈ লৈও দুৱাৰমুখত এখন্তেক ৰৈ ঘূৰি চাই এইবাৰ লাহেকৈ মাতিলোঁ
: দেৱাশ্ৰী বা...
মোলৈ মূৰ তুলি চালে তাই।
: মোৰ এটা অনুৰোধ ৰাখিবা?
দুচকুত অলেখ প্ৰশ্নৰে চাই ৰ'ল মোলৈ।
: আজিৰপৰা যদি তেওঁ তোমালৈ ফোন কৰে তেন্তে ক'বা যে কোনো কৃষ্ণাক্ষী বৰুৱাক তুমি চিনি নোপোৱা।
© গায়ত্ৰী
(আগলৈ)
Comments
Post a Comment