#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩৭
অলংকৃতাক দুয়োহাতেৰে ধৰি লাহে লাহে গাড়ীলৈ আনিলো। মই পিন্ধি থকা ওখ হিল আৰু চাদৰ মেখেলাযোৰৰ সৈতে ছোৱালীজনীক ধৰি অনা মোৰ বাবে বৰ কষ্টদায়ক হৈছে। তাতে তাই মোতকৈ যথেষ্ট ওখ আৰু খোজবোৰ একেবাৰেই অসংযত। এতিয়াও তাই মাজে মাজে মুখেৰে বিৰবিৰাই মোক আঁতৰি যাবলৈ কৈয়েই আছে।
যেনেতেনে আনি মই ঋষভৰ গাড়ীৰ ওচৰ পোৱালোহি ছোৱালীজনীক। তাইক ধৰি থাকিয়েই গাড়ীৰ চাবি ঘূৰাই দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু বাৰে বাৰে তাই মোৰ পৰা আঁতৰিবলৈ চেষ্টা কৰি থকাৰ বাবে এপাকত চাবিটোও তলত পৰি গ'ল।
এইবাৰ একেবাৰে উপায়হীন হ'লো মই। তাইকেই ধৰো নে মাটিৰ পৰা আন্ধাৰত চাবিয়েই বিচাৰোঁ! তেনেকৈয়ে তাইক ধৰি থাকি কি কৰোঁ, কি নকৰোঁ ভাৱেৰে ৰৈ থাকিলোঁ মই।
তেনেতেই দেখোঁ প্ৰেক্ষাগৃহৰ ফালৰ পৰা হাতত দুটা বেগ লৈ দৌৰি ওলাই আহিছে ঋষভ। এটা মোৰ আৰু আনটো বেগ অলংকৃতাৰ।
: কি হ'ল এতিয়াও এনেকৈ ৰৈ আছা যে?
মই তেনেকৈ ৰৈ থকা দেখি সুধিলে সি।
মই তাক চাবিপাত পৰাৰ কথা কৈ অলংকৃতাক ধৰিবলৈ দিলোঁ। সি অলংকৃতাক ধৰাৰ লগে লগে সেই নিচাগ্ৰস্ত অৱস্থাতো তাই চিনি পালে সেয়া যে ঋষভৰ হাত।
: আই নিউ ইট ঋষভ। মই জানিছিলোঁ তুমি মোৰ ওচৰলৈ ঘূৰি আহিবাই। তুমি মোক ভালপোৱা নহয় ঋষভ? মই জানো তুমি মোক ভালপোৱা।
অসংলগ্নভাৱে বিৰবিৰাই উঠিল তাই।
মই মোবাইলৰ ফ্লেশ্ব লাইটটো জ্বলাই মাটিত পৰা চাবিপাত বুটলি গাড়ীৰ দুৱাৰ খুলিলোঁ।
: পিছফালৰ দুৱাৰখন খুলি দিয়া কৃষ্ণা। তাইক শুৱাই দিওঁ।
মই লৰালৰিকৈ দুৱাৰখন খুলিলোঁ। ঋষভে তাইক চিটটোত শুৱাই দিয়াৰ লগে লগে এখন হাতেৰে তাৰ ডিঙিত ধৰি তাকো টানি নিলে তাই। তলকিব নোৱাৰি সি তাইৰ গাৰ ওপৰতেই পৰিলগৈ। এইবাৰ ডিঙিৰ পৰা তাই মেৰিয়াই ৰখা হাত আঁজুৰি এৰুৱাই খৰধৰকৈ ড্ৰাইভিং ছিটত বহিলহি ঋষভ।
ঘটনাৰ আকস্মিকতাত খঙত ৰঙা পৰিছিল সি। মই কাষৰ ছিটত বহাৰ লগে লগে ভোৰভোৰাই উঠিল
: অশান্তি যতসব।
মই তালৈ চালোঁ। যেন চকুৰেই ক'লো
" প্লিজ মনে মনে থাকা ঋষভ। তাই জ্ঞানত নাই "
গাড়ী আগবঢ়ালে সি।
: তুমি একোৱেই নাখালা কৃষ্ণা।
গাড়ী চলাই থকাৰ মাজতে হঠাৎ কৈ উঠিল ঋষভে।
: খোৱা বোৱা হ'ব বাৰু। তোমাৰোতো একো খোৱা নহ'ল। অলংকৃতা ক'ত থাকে?
: হেঙেৰাবাৰীত।
: তুমি চিনি পোৱা ঘৰটো?
: উমম। তাই জইন কৰাৰ পিছতেই এদিন ৰাতি দেৰি হওঁতে থ'বলৈ আহিছিলোঁ। কিবা কাৰণত সেইদিনা কেব মিছ হৈছিল তাইৰ।
মনে মনে ৰ'লো মই।
: ঋ...ষ...ভ...
পিছফালৰ পৰা হঠাৎ অলংকৃতাৰ মাত।
: তুমি আছা নে ঋষভ? আছাতো তুমি?
: শুই থাকা অলংকৃতা। মই আছোঁ।
বিৰক্তিৰে উত্তৰ দিলে সি।
হঠাৎ পিছফালে শুই থকাতে হলহলাই বমি কৰি দিলে তাই।
: শেষ...
এটা অশান্তিৰ ভাৱেৰে কৈ উঠিল সি। লৰালৰিকৈ গাড়ীত থকা টিশ্ব্যু বক্সটোৰ পৰা দুখনমান টিশ্ব্যু উলিয়াই তাইৰ মুখখন মচি দিলোঁ মই। তাই গুণগুণাই উঠিল অলপ আগতে মঞ্চত গাই অহা সেই গীত
" Nothing's gonna change my love for you
You oughta know by now how much I love you
One thing you can be sure of
I'll never ask for more than your love"
গানৰ মাজে মাজে বিৰবিৰাই উঠিল তাই ঋষভৰ নামো।
কিয় জানো তাইলৈ এটা অহেতুক দুখত বুকু ভৰি পৰিল মোৰ। ছোৱালীজনী যেনেকুৱাই হওক, ঋষভৰ বাবে তাইৰ ভালপোৱা মিছা নহয়। তাইৰ প্ৰতিটো উশাহতে লিখা আছে কেৱল ঋষভৰ নাম।
: এনেকুৱা কিয় হয় ঋষভ?
: হা?
হঠাৎ সোধা মোৰ প্ৰশ্নত একান্তমনে গাড়ী চলাই থকা ল'ৰাটো উচপ খাই উঠিল। তাৰ পিছত লাহেকৈ সুধিলে
: কেনেকুৱা?
: এই যে কোনোবাই কাৰোবাক ভালপায়, কাৰোবাক পাবলৈ অহৰহ বিয়াকুল হৈ থাকে, তথাপিও সেই প্ৰেম নাপায় কিয় মানুহে? কিয় কাষত নাপায় বিচৰাজনক?
একো নামাতে ঋষভে।
: তুমি বিচাৰিলেই মুহূৰ্ততে অলংকৃতা তোমাৰ হৈ পৰিব। তুমি বিচাৰিলেই অলংকৃতাই তাইৰ প্ৰেম পাব, তোমাক পাব। কিন্তু সেয়াইতো হৈ নুঠে। দুটা মাত্ৰ বাক্য " তোমাক ভালপাওঁ। তুমি কৰা ভুলবোৰ ক্ষমা কৰি দি তোমাৰ ভালপোৱাখিনিৰ বাবেই আঁকোৱালি লৈছোঁ মই।" তাকেই কিয় ক'ব নোৱাৰে মানুহে! তুমি অলংকৃতাক আৰু মই...
জিভা কামুৰি ৰৈ গ'লো মই।
: তুমি? তুমি কাক কৃষ্ণা? কি ক'বলৈ লৈছিলা?
: না.. নাই... একো নাই ঋষভ। ভুলতে ওলাইছিল।
হঠাৎ গাড়ীৰ পিছফালৰ চিটত শুই থকাৰ পৰা যেনেতেনে উঠি বহি অলংকৃতাই দুয়োহাতেৰে আলফুলে আলিংগন কৰে ঋষভক। কাষ চাপি আহে তাই। হেয়াৰ শ্বেম্পু, বডী পাৰ্ফিউমৰ এটা কোমল সুবাস নাকত লাগিছে।
: তাইক ধৰা কৃষ্ণা। মই গাড়ী চলাবলৈ অসুবিধা পাইছোঁ।
লৰালৰিকৈ কৈ উঠিল সি। মই তাৰ ডিঙিৰ পৰা হাত এৰুৱাই দিয়াৰ লগে লগেই মোলৈ চাই দোৰোল খোৱা জিভাৰে চিঞৰি উঠিল তাই
: ইউ বিটচ্... কেনেকৈ সাহস পালি তই মোৰ হাত ঋষভৰ ডিঙিৰ পৰা এৰুৱাবলৈ।
খঙত কঁপি উঠিছে ছোৱালীজনী। ঋষভে অসহায় ভাৱেৰে মোলৈ চালে আৰু লাহেকৈ ক'লে
: বুজিছা কৃষ্ণা, এই যে মেৰিয়াই ধৰা হাতখন, সেই হাতখনৰ পৰা হৃদয়লৈ শতযোজন বাট। হৃদয়ৰ বাতৰি লোৱাৰ আগতেই শৰীৰৰ স্পৰ্শ বিচৰা নাৰীৰ সৈতে কোনোদিনেই মই প্ৰেম কৰিব নোৱাৰিম। অসম্ভৱ। মানুহক হৃদয় লাগে, ভালপোৱা লাগে। লগ লাগে। শৰীৰতো পইচা দিলেই পায়।
শেষৰ বাক্যত সামান্য হাঁহিলেও যেন সি।
গাড়ী আহি এটা ঘৰৰ সন্মুখত ৰ'লহি। শাৰী শাৰী লাইন ভাড়াঘৰৰ দৰে এডোখৰ ঠাই। মই প্ৰশ্নবোধক দৃষ্টিৰে তালৈ চালোঁ।
: কিয় ৰখালা?
: অলংকৃতাৰ ঘৰ পালোঁহি।
এয়া অলংকৃতাৰ ঘৰ!
মই এইবাৰ বিস্মিত হৈ চালোঁ ঘৰটোলৈ। ঘৰটো বেয়া বা সৰু, এই ভাৱ মোৰ মনত নাছিল। কিন্তু প্ৰায় প্ৰতিদিনেই তাইৰ অফিচলৈ দেৰি হোৱাৰ কাৰণ হিচাপে দিয়া উত্তৰটো মনত পৰাতহে আচৰিত হৈ চালোঁ মই। সময়তকৈ আহি পোৱা দেৰি হ'লেই প্ৰায়েই কৈ উঠে তাই
" আজি লাইট নাছিল অ'। সেয়ে লিফ্টখনলৈ ৰৈ থাকোতেই দেৰি হ'ল। "
গাড়ীখন ৰাস্তাৰ একাষে ৰখাই নামি পৰিল ঋষভ।
মই অলংকৃতালৈ চালোঁ। চিটটোত দীঘল দি পৰি আছে তাই। টোপনি গৈছে বোধহয়। একো নমতাকৈ নীৰৱে নিতালে শুই আছে।
গাড়ীৰ পৰা নামি ঘৰটোলৈ আকৌ এবাৰ চালোঁ। নতুন বছৰৰ আয়োজন চলিছে ঘৰখনত। চোতালত ৰঙীন চামিয়ানা তৰি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে। মিউজিক চিষ্টেমত উচ্চস্বৰত কিছুমান সস্তীয়া গীত বজাই পুৰুষ মহিলা সকলোৱে তাৰ তালে তালে নাচিছে। এফালে ডাঙৰ চৌকাত ৰান্ধনীয়ে কিবা ৰান্ধিছে। হাতে হাতে মদৰ গিলাচ। প্লেট পাতি পাতি ৰান্ধনীৰ পৰা ভজা মঙহ লৈ সকলোৱে মদৰ সৈতে খাই উদ্দাম নৃত্যৰে আয়োজন চলাইছে নৱবৰ্ষক আদৰাৰ। মানুহবোৰে এনেকৈ আনন্দ কৰিছে যেন বাৰ বজাৰ লগে লগেই আঁতৰি যাব মানুহৰ জীৱনবোৰৰ পৰা সকলো দুখ আৰু অশান্তি। নতুন বছৰত সকলোৰে বাবে যেন ৰৈ আছে এখন নতুন সুখৰ পৃথিৱী।
মই ঋষভৰ কাষলৈ আহিলোঁ আৰু সন্দেহৰ সুৰত আকৌ সুধিলোঁ
: এইটোৱেই অলংকৃতাৰ ঘৰ হয়নে ঋষভ? তুমি শ্বিঅ'ৰ? তোমাৰ কিবা ভুল হৈছে নেকি!
মুখেৰে একো নোকোৱাকৈ মাথোঁ মূৰ দুপিয়াই অলংকৃতা শুই থকা ফালৰ গাড়ীৰ দুৱাৰ খুলিলেগৈ সি। পাতল গোলাপী ৰঙৰ গাউনৰ ষ্ট্ৰিপ তেতিয়াও খোল খাই আছে তাইৰ। সেই খোলা ষ্ট্ৰিপেৰে ওলাই পৰিছিল পিনোন্নত বক্ষ।
লৰালৰিকৈ মোৰ বেগৰ পৰা শ্বলখন উলিয়াই মই তাইৰ গাত পেলাই দিলোঁ। খোলা দুৱাৰেৰে সোমাই চিটটোত মূৰ পেলাই পৰি থকা ছোৱালীজনীক ধৰি ঋষভে লাহে লাহে বাহিৰলৈ উলিয়াই আনিলে। মূৰটো হেলনীয়া হৈ গৈছে অলংকৃতাৰ। খৰধৰকৈ আগবাঢ়ি গৈ মই তাইৰ মূৰটো এহাতেৰে দাঙি ধৰিলোঁ। এইবাৰ তাইৰ এখন হাত মোৰ বাহুত মেৰিয়াই আনখন হাত ঋষভৰ ডিঙিত ৰাখি লৈ যাবলৈ ধৰিলোঁ তাইক ঘৰখনৰ ভিতৰলৈ।
যদিও ঋষভে এইটো অলংকৃতাৰ ঘৰ বুলি জানিছিল, তথাপি কোনটো কোঠাত তাই থাকে সেই বিষয়ে সি জ্ঞাত নাছিল।
: তাইক অকণমান ধৰি ৰাখিব পাৰিবা নেকি কৃষ্ণা? তাইৰ ৰূমটো কোনটো সুধি আহোঁ।
ঋষভে এৰি দিয়াৰ লগে লগে ছোৱালীজনীৰ গোটেই ভৰটো মোৰ ওপৰত পৰিল। খুব কষ্টৰে নিজকে চম্ভালি মই তেনেকৈয়ে তাইক ধৰি ৰৈ থাকিলোঁ।
ঋষভ আগবাঢ়ি গ'ল। হাতত মদৰ গিলাচ লৈ নৃত্য কৰি থকা মানুহ এজনক সি কিবা এটা সুধিলে। হয়তো ৰূমটোৰ কথাকে সুধিলে সি। উচ্চস্বৰৰ সংগীতৰ বাবে কথাবোৰ কাণত নপৰিল। তথাপি দেখিলো মানুহটোৱে ঋষভৰ প্ৰশ্নৰ উত্তৰ নিদি হাতত মদৰ গিলাচ লৈ তাক তলৰ পৰা ওপৰলৈকে চোৱাত লাগিল। আৰু কেইজনমান লোক মানুহজনৰ কাষ চাপি আহিছে। কোনোবাই উচ্চস্বৰত বাজি থকা মিউজিক চিষ্টেমটো অফ কৰি দিলে।
: আজি এইজনীৰ ৰূমলৈ নতুন আহিছে ঐ...
হাতত মদৰ গিলাচ লোৱা মানুহজনে ঋষভক দেখুৱাই বাকীবোৰ মানুহক উদ্দেশ্যি ক'লে। মই ঋষভলৈ চালোঁ। লাজ আৰু অসহজতাত ক'লা পৰি আহিছে তাৰ মুখ।
: হৌৰা ভাইটি, সেইজনী তোমাৰ কোন হয় নাজানোঁ, কিন্তু অতি সোনকালেই যেন এই ঘৰ খালি কৰি দিবলৈ কোৱা! কাপোৰ কানিৰ লাগ বান্ধ নাই। মাইকী মানুহৰ কোনো লক্ষণ নাই।
কথাখিনি কৈ কৈ এইবাৰ ঋষভৰ কাষলৈ আগবাঢ়ি আহিল খুব শকত এগৰাকী মানুহ। মানুহগৰাকীৰ পিন্ধনত ৰংচঙীয়া এখন শাৰী। চুটি এটা ব্লাউজ। চুটি ব্লাউজটোৰ সৈতে শাৰীখনৰ পৰা বাহিৰ ওলাই আহিছে তেওঁৰ বক্ষ আৰু ওলমি পৰা পেটটো। তেওঁৰ দৰে এনেকুৱা লাগ বান্ধ নাইকিয়াকৈ কাপোৰ পিন্ধা মই অলংকৃতাক কোনোদিনেই দেখা নাই।
: মই থাকিবলৈ অহা নাই বাইদেউ। তাইক থ'বলৈহে আহিছোঁ। হ'ব ...হ'ব । ম..মই তাইক ৰূমটো খালি কৰি দিবলৈ ক'ম। কিন্তু এতিয়া ৰূমটো কোনটো দেখুৱাই দিয়কচোন বাইদেউ।
ঋষভৰ প্ৰশ্নত মানুহগৰাকীয়ে আঙুলিয়াই দেখুৱালে চুকৰ ৰূম এটাৰ ফালে। লগে লগে আমাৰ কাষলৈ দৌৰি আহিল সি আৰু অলংকৃতাৰ বাহুত ধৰিলেহি। মিউজিক চিষ্টেম তেতিয়াও অন হোৱা নাছিল। মানুহবোৰে হাতত মদৰ গ্লাছ লৈয়েই আমালৈ বৰ আচৰিত বস্তু চোৱাৰ দৰে চাই ৰ'ল।
: আজি এইজনীৰ দেখোন অৱস্থাই নাই। এইটো অৱস্থাত ( অশ্লীল ) অকলে থাকিবনে? মজা বে।
খুব লেতেৰা শব্দ এটাৰে মানুহ এজনে কৈ উঠিল।
উচপ খাই উঠিলোঁ মই। তাই আজি এই ৰূমটোত যে অকলে থকা একেবাৰে সঠিক কথা নহ'ব, সেয়া মই মুহূৰ্ততে বুজি উঠিলোঁ। প্ৰায় সংজ্ঞাহীন হৈ থকা ছোৱালীজনীক এই অৱস্থাত কেনেকৈ অকলে এৰি থৈ যাওঁ মই!
লাহে লাহে তাইৰ ৰূমৰ ফালে আগুৱাই গ'লো আমি। তাৰ মাজতে হঠাৎ কিবা এটা চিন্তা কৰি কৈ পেলালোঁ
: মই আজি অলংকৃতাৰ লগত থাকিম ঋষভ।
মোৰ চকুলৈ এপলক থৰ লাগি বিস্ময়েৰে চালে ঋষভে। তাৰ পিছত খৰধৰকৈ ক'লে
: তুমি ইয়াত কিয় থাকিবা?
: তাই আজি অকলে এইটো পৰিবেশত থকা ঠিক নহ'ব ঋষভ। ৰাতিপুৱাবলৈ আৰুনো কিমান ঘণ্টা? মই পোহৰ হ'লেই যামগৈ।
: তথাপি..মই তোমাক কেনেকৈ ইয়াত এৰি থৈ যাওঁ কৃষ্ণা।
: মোৰ বাবে চিন্তা নকৰিবা। মই পৰিস্থিতি চম্ভালি ল'ম।
একো নক'লে সি।
কিন্তু একো নক'লেও সি যে কথাটো ভাল পোৱা নাই সেই কথা অনুভৱ কৰিলোঁ মই।
: চাবিতো বিচাৰা।
অলংকৃতাৰ বেগটো মোলৈ আগবঢ়াই দিলে সি।
মানুহগৰাকীয়ে আঙুলিয়াই দিয়া ৰূমটোৰ সন্মুখত আহি ৰ'লোহি আমি। ঠাইখিনি একেবাৰে অন্ধকাৰ হৈ আছে। মই বেগটো খুচৰি চাবি একোছা বাহিৰ কৰিলোঁ আৰু দুৱাৰখন খুলিলোঁ।
তাইক তেনেকৈয়ে মোৰ হাতত এৰি কোঠাটোত লাইটৰ চুইটছ বিচাৰিবলৈ গ'ল ঋষভ। অলপদেৰি বিচৰাৰ পিছতে এখন পুৰণি যেন লগা চুইটছ বর্ডত খেপিয়াই হাত দি লাইটটো জ্বলালে সি।
পোহৰ হৈ পৰিল কোঠাটো। তাইক লৈ সোমাই গ'লো আমি।
দুকোঠলিয়া এটা সৰু ঘৰ। তাৰে প্ৰথম কোঠাটোত দুখন বেতৰ চকীৰে সৈতে এখন সৰু টেবুল। একাষে নীলা এখন পুৰণি যেন লগা টেবুল ক্লথেৰে ঢকা কাঠৰ টেবুলত এটা অকণমানি টিভি। বেতৰ চকী দুখনত বহুদিনীয়া নজপা কাপোৰৰ দ'ম। কাষতে অ'ত ত'ত পৰি আছে খালি মদৰ বটল আৰু গিলাচ। লগতে চাৰি পাঁচটামান খালি চিগাৰেটৰ পেকেট।
ঋষভে কাষৰ কোঠাটোলৈ সোমাই গৈ সেই কোঠাৰ লাইটটো জ্বলাই দি আকৌ আমাৰ ওচৰলৈ আহিল। এইবাৰ লাহে লাহে দুয়োটাই তাইক ধৰি লৈ গৈ আনটো কোঠাৰ বিচনাখনত শুৱাই দিলোঁ।
বিচনাখনতো পৰি আছে এটা খালি কফি মাগ। অফিচলৈ যোৱাৰ আগতে তাই চাহ খাইছিল বোধহয়। চাহ খাই শেষ হোৱাৰ পিছত ৰৈ যোৱা চাহৰ অৱশিষ্টখিনি কাপটো ওভোটা হৈ বিচনাখনত পৰি ৰৈছিল।
বাহিৰৰ মিউজিক চিষ্টেমৰ মাত এই খণ্ডলৈকে ভাঁহি আহিল। ভাঁহি আহিল উশৃংখল কিছু চিঞৰ বাখৰ আৰু অশ্লীল মাত কথা।
: তুমি ইয়াত থাকিবা বুলি শ্বিঅ'ৰ নে কৃষ্ণা?এইটো পৰিবেশত... ময়ো থাকি দিওঁ। মোৰ ভাল লগা নাই।
বৰ চিন্তিত হৈ ক'লে ঋষভে।
: নালাগে ঋষভ। ৰাতিপুৱালেই মই যামগৈ। তুমি থাকিব নালাগে। দুজনী ছোৱালীৰ লগত তুমি সোমাই থকা বুলি গম পালে আকৌ বেয়াকৈ চাব মানুহবোৰে।
: কোন মানুহে কৃষ্ণা? এইবোৰ মানুহে? এইবোৰ মানুহে কিবা কোৱালৈ ভয় কৰিছা তুমি?
বৰ উষ্মাৰে কথাবোৰ কৈ এইবাৰ ক্ষন্তেক ৰ'ল সি আৰু আকৌ ক'লে
: ঠিক আছে মই ইয়াত নাথাকোঁ। কিন্তু গাড়ীতে বহি থাকিমগৈ। অকলে তোমাক ইয়াত এৰি যাবলৈ মোৰ ভাল নালাগিব। চিন্তাত থাকিম মই। বিশ্বাস কৰা বৰ অশান্তি হ'ব মোৰ।
: নালাগে ঋষভ। তুমি যোৱাগৈ। কিবা অসুবিধা হলে মই তোমাক খবৰ দিম। লগে লগে ফোন কৰিম মই তোমাক।
যাওঁ নাযাওঁকৈ গুচি গ'লগৈ ঋষভ। দুৱাৰৰ হুক বন্ধ কৰি মই বহিলোঁহি অলংকৃতাৰ ওচৰত।
তাইৰ মুখলৈ ৰ' লাগি চালোঁ মই। ইমান শান্তকৈ শুই থকা ছোৱালীজনী,কোনে ক'ব তাই যে ইমান অশান্ত। একেৰাহে কিবা এটা অশান্তিত চটফটাই থকা ছোৱালীজনীতো এইজনী নহয়। কিবা এটা বৰ মৰম লাগিছে তাইলৈ মোৰ।
ঋষভক তাই ভালপায়। মই মনে প্ৰাণে বিচাৰো ঋষভে বুজি পাওক এই কথা। গ্ৰহণ কৰক তাইক। প্ৰেমে সকলো সলনি কৰিব পাৰে। অসুন্দৰক ৰূপান্তৰিত কৰিব পাৰে সুন্দৰলৈ। ঋষভৰ প্ৰেমেও সলাই পেলাব ছোৱালীজনীক। সেই বিশ্বাস মোৰ আছে।
ডিচেম্বৰ মাহৰ ঠাণ্ডা। তাইৰ গাত এতিয়াও মাত্ৰ মোৰ পাতল শ্বলখন। কুচি মুচি ঠাণ্ডাত শুই পৰিছে তাই। ইফালে সিফালে দৃষ্টি ঘূৰাই মই এখন গৰম কাপোৰ বিচাৰিলো। বিশৃংখল কোঠাটোত কাপোৰ বিচাৰি পোৱা সহজ কথা নহ'ব। তথাপি মই বাহিৰত একো কাপোৰ নেদেখি কোঠাটোত থকা আলমাৰিটোৰ হেণ্ডেলডাল টানি চালোঁ। তলা নলগোৱাকৈ থকা আলমাৰিটোৰ হেণ্ডেলডাল টানি দিয়াৰ লগে লগেই খোল খাই গ'ল। তাত দুখনমান কম্বল জাপি থোৱা আছিল। মই খুব সন্তৰ্পনে তাৰে এখন টানি আনিবলৈ লওঁতেই তাৰ মাজৰ পৰা সৰি পৰিল এখন ফটো। লাহেকৈ সেইখন উঠাই থ'বলৈ লওঁতেই দেখোঁ সেইখন এহাল দৰা কইনাৰ ফটো। কোনোবা মন্দিৰত ইজনে সিজনক মাল্যৰ্পণ কৰি থকা এহাল দৰা কইনা।
কইনা আন কোনো নহয়। কইনা অলংকৃতা।
ফটোখন হাতত লৈ থৰ হৈ ৰৈ গৈছোঁ মই।
অলংকৃতা বিবাহিত!
মই নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাই। এবাৰ ফটোখন সোঁহাতৰ তলুৱাৰে মোহাৰি আকৌ চালোঁ মই। ঠিক চোৱা নহয়! সেয়া যে অলংকৃতাই হয় মই যেন নিশ্চিত হ'বলৈহে বিচাৰিলো।
হয়। এয়া অলংকৃতাই হয়।
কেঁকোৰা চুলি।
নাকৰ দুয়োবিন্ধাৰ মাজৰ সেই ৰিং।
ডাঙৰ ধুনীয়া চকু।
হাতৰ সেই টেটু- "Born to express not impress..."
সকলো একেই। মাত্ৰ সচৰাচৰ দেখা গোমোঠা মুখখনৰ ঠাইত হাঁহিৰে উজ্জ্বলি থকা এখন সুখী মুখ।
হয়। এয়া অলংকৃতাৰ বাহিৰে কোনো হ'ব নোৱাৰে।
কিন্তু এই কথা মইহে নালাগে, অফিচৰ কোনেও নাজানে। অলংকৃতা যে বিবাহিত সেই কথা ঘূণাক্ষৰেও গম নাপায় 'অসম Daily' ৰ কোনো এজন মানুহেই।
লাহেকৈ ফটোখন আগৰ থকা ঠাইতেই সুমুৱাই থৈ আলমাৰিটো জপাই দিলোঁ মই। কম্বল এখন হাতত লৈ কাষ চাপি গ'লো ছোৱালীজনীৰ। তাই গাত লৈ থকা শ্বলখন আঁতৰাই কম্বলখন দিবলৈ লওঁতেই মোৰ হাতত লাহেকৈ ধৰিলে তাই।
: কৃষ্ণাক্ষী।
ইচ...! জ্ঞানত আছে ছোৱালীজনী। মই তাইৰ কাষতে বিচনাত বহিলোঁ। একো এটা খোৱা নাই তাই। ভোক লাগিছে বোধহয়। ঋষভ আৰু মই খোৱাৰ দৰে কফি একাপ খোৱাও নেদেখিলোঁ মই তাইক। বৰ মৰমেৰে সুধিলোঁ
: কোৱা অলংকৃতা। ঠিকেই আছা নে? কিবা এটা খাবা নেকি?
সোঁৱে বাঁৱে মূৰ জোকাৰিলে তাই। মই লাহেকৈ হাত ৰাখিলো তাইৰ মূৰত। মূৰটো মোহাৰিয়েই আকৌ সুধিলোঁ
: গাউনটো সলাই কিবা বেলেগ কাপোৰ এসাজ পিন্ধি ল'বা নেকি বাৰু? আৰামকৈ শুব পাৰিলাহেঁতেন। ক'ত আছে কোৱাচোন। ময়েই আনি দিওঁ।
তাই বেগ এটাৰ ফালে আঙুলিয়াই দেখুৱালে। মই উঠি গৈ বেগটোৰ কাপোৰবোৰ খুচৰি উলিয়াই আনিলোঁ এটা হাফপেন্ট আৰু টি শ্বাৰ্ট। কাপোৰযোৰ তাইক পিন্ধাত সহায় কৰি দি উঠি যাবলৈ লওঁতেই মোৰ হাতত ধৰিলে তাই-
: তুমি বহি থাকাচোন ইয়াতে। মই এতিয়া ঠিকেই আছোঁ। উঠি নাযাবা তুমি।
কথাবোৰ লাহে লাহে স্পষ্ট হৈছে তাইৰ। নিচা আতঁৰিছে বোধহয়।
: লাইটটো অফ কৰি দিয়াচোন।
কোমল মাতেৰে কৈ উঠিল অলংকৃতাই। মই উঠি গৈ লাইটটো বন্ধ কৰি তাইৰ কাষতে বহি পৰিলোঁ।
: কৃষ্ণাক্ষী।
:কোৱা..
: মোৰ কি নাই কোৱা! মোৰ কি নাই যাৰ বাবে ঋষভে মোক ইগন'ৰ কৰে।
ক্ষোভেৰে পিন্ধি থকা টি শ্বাৰ্টটো টানি উন্মুক্ত কৰি পেলায় তাই নিজকে। লৰালৰিকৈ মই টি শ্বাৰ্টটো ঠিক কৰি দিয়াৰ লগে লগেই বিচনাত উবুৰি খাই পৰি কান্দিবলৈ ধৰে। কান্দোনৰ লগে লগে ৰৈ ৰৈ কঁপি উঠিছে তাই। মই তাইৰ পিঠিত হাত থ'লোঁ। বেছ কিছুসময় তেনেকৈয়ে উচুপি উচুপি পৰি ৰ'ল ছোৱালীজনী। এসময়ত কান্দোন বন্ধ হ'ল। উবুৰি খাই পৰি ৰোৱা ছোৱালীজনীৰ গাত কম্বলখন জাপি দি মই আঁতৰি আহিবলৈ লওঁতেই চাৎ কৈ মোৰ ফালে ঘূৰি কৈ উঠিল তাই
: তুমি বৰ ধুনীয়া কৃষ্ণাক্ষী।
কণ্ঠত তাইৰ আবেগ।
মোৰ হাতত আলফুলে হাত থৈছে।
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল।
যিজনী ছোৱালীয়ে কোনোদিন এষাৰ কথা মোক ভালকৈ কৈ পোৱা নাই তাই আজি এয়া কি কৈছে!
এইবাৰ মোৰ হাতত থোৱা তাইৰ হাতখন আন্ধাৰৰ মাজেৰে বুকুৰ ওপৰেদি বগুৱা বাই গৈ বাহু চুইছেগৈ। অদ্ভুত এক স্পৰ্শ।
উচপ খাই উঠিলোঁ মই।
কত বন্ধু! শৈশৱৰে পৰা কত বন্ধুৰে আবৃত্ত মই।
কিন্তু এয়া কেনে স্পৰ্শ?
মন্দাকিনী, ঋতুপৰ্ণা, সংগীতা...
কাৰোবাৰ স্পৰ্শত আছিল নে এনেকুৱা?
কেতিয়াবা গোটেই ৰাতি আমি একেলগে শুইছোঁ। কথা পাতিছোঁ।
নাই নাই! এই অনুভৱ একেবাৰে নতুন।
মই একো তলকিব পৰাৰ আগতেই মোক সজোৰে সাবটি ধৰি মুখখন মোৰ ডিঙিত গুজি দিলে তাই।
মোৰ গাত এতিয়াও এংকৰিং কৰা চাদৰ মেখেলা। এইবাৰ চাদৰৰ তলেৰে তাই হাতখন নি ৰাখিছেগৈ মোৰ বাওঁ বক্ষত আৰু ব্লাউজৰ তলেৰে দ্ৰুতভাৱে সঞ্চালন কৰিছে তাইৰ হাত। কেতিয়াও কোনো ছোৱালীৰ পৰা আশা নকৰা এক স্পৰ্শ।
মই জাঁপ মাৰি থিয় দিলোঁ আৰু প্ৰায় চিঞৰি উঠিলোঁ
: অলংকৃতা...
তাই যেন হঠাৎ সচকিত হৈ উঠিল।
শুই থকাৰ পৰা বৰ কষ্টৰে উঠি বহিছে তাই। মই তেনেকৈয়ে থৰ লাগি ৰৈ গৈছোঁ। কি আচৰণ কৰিব লাগে তাকো যেন মই পাহৰি পেলাইছোঁ। মাত্ৰ মন কৰিছোঁ তাই উঠি বহিবলৈ বৰ কষ্ট পাইছে। মই খং ক্ষোভ সকলো নিয়ন্ত্ৰনলৈ আনি লাহেকৈ তাইক ক'লো
: শুই থাকা।
: আই এম ছৰী কৃষ্ণাক্ষী...
: আমি ৰাতিপুৱা কথা পাতিম। শোৱা তুমি।
কৈয়েই সেইটো কোঠাত আৰু এক মুহূৰ্তও নোৰোৱাকৈ মই সন্মুখৰ কোঠাটোলৈ ওলাই আহিলোঁ। আগফালৰ বেতৰ চকীখনত পেলাই থৈ যোৱা মোৰ ফোনটো অহৰহ বাজি আছে।
ঋষভৰ ফোন। ৰিং হৈ হৈ কাটি গৈছে ফোনটো। সাতটা মিছড কল। হাতত ফোনটো মুঠি মাৰি লৈ ঢপকৈ বহি পৰিলোঁ চ'ফাখনতে। প্ৰায় দহ মিনিট সময় তেনেকৈয়ে বহি থাকি নিজকে স্বাভাৱিক কৰি এইবাৰ কল বেক কৰিলোঁ তাক
: কোৱা ঋষভ।
: ইমানকৈ ফোন কৰি আছো। কিয় ৰিচিভ কৰা নাই? তোমাক তাত তেনেকৈ এৰি থৈ আহি কিমান অশান্তিত আছোঁ তুমি জানানে?
: মই ঠিকেই আছোঁ। চিন্তা নকৰিবা।
: তোমাৰ মাতটো শুনি ঠিক যেন লগা নাই কিয় কৃষ্ণা!
: কিবা অসুবিধা হ'লে মই তোমাক জনাম। এতিয়ালৈকে ঠিকেই আছোঁ।
কৈয়েই তাক একো ক'বলৈ সুযোগ নিদিয়াকৈ ফোন ৰাখিলো মই।
যি হৈ গল মই এতিয়াই এই বিষয়ে কাকো জনাবলৈ বিচৰা নাই। আনকি ঋষভকো। প্ৰথমতে মই তাইৰ লগত কথা পাতিবই লাগিব।
ৰাতিপুওৱালৈ অধীৰ হৈ বাট চাই ৰ'লো মই। এটা মিনিটো মোৰ এটা যুগ যেন লাগিবলৈ ধৰিছে। চাদৰ মেখেলাযোৰেৰেই গাত কাপোৰ এখনো নোলোৱাকৈ প্ৰচণ্ড ঠাণ্ডাত তেনেকৈয়ে থুম মাৰি ঠাইতে বহি ৰ'লো মই। বহিয়েই ৰ'লো। প্ৰায় তিনিমান বজাত দুৱাৰত কাৰোবাৰ প্ৰচণ্ড টোকৰ।
: ঐ ছোৱালী। দুৱাৰ খোল।
: ৰাতি মদ খাই ঢলং পলং কৈ বেলেগ ল'ৰাৰ গাত পৰি আহি ভদ্ৰ দেখুৱাবলৈ আহিছ।
দোৰোল খোৱা জিভাৰে কাৰোবাৰ গলগলিয়া মাত।
একো শব্দ নকৰাকৈ টাপ মাৰি তেনেকৈয়ে বহি ৰ'লো মই। কিছুক্ষণৰ পিছত নিজে নিজেই কিছুমান অশ্লীল শব্দ উচ্চাৰি আঁতৰি গৈছিলগৈ মানুহজন।
চকুৰ এটা টিপ নমৰাকৈয়ে পাৰ কৰিলোঁ গোটেই ৰাতি। ঘড়ীলৈ চালোঁ। চাৰে ছয় বাজিছে। পৰ্দা কোঁচাই বাহিৰলৈ দৃষ্টি দিলোঁ। ঠাণ্ডা দিন। পোহৰ দেৰিকৈ হয়। তথাপি পোহৰৰ এটা কোমল আবেশে পৃথিৱীক মেৰিয়াই ধৰিছে। নতুন বছৰ এটাৰ পোহৰৰ প্ৰথম কিৰণ।
এইবাৰ লাহেকৈ বহাৰ পৰা উঠি আহি অলংকৃতা শুই থকা কোঠাটোৰ দুৱাৰ ঠেলিলোঁ মই। সাৰ পাই বিচনাতে কুচি মুচি বহি আছে তাই।
নে ৰাতিটো তায়ো নুশুলে! আঁঠুত হাত থৈ তাতেই মূৰ গুঁজি বহি ৰৈছে ছোৱালীজনী। মোক দেখিয়েই বিচনাৰ পৰা জাঁপ মাৰি থিয় দিলে আৰু সাবটি ধৰিলেহি মোৰ ডিঙিত
: মোক ক্ষমা কৰা কৃষ্ণাক্ষী। মোৰ বৰ ভুল হ'ল। মই তোমাৰ আগত কেনেকৈ মুখ উলিয়াও ভাবি পোৱা নাই।
মোৰ মুখত আশ্চৰ্য, বিস্ময় তথা এটা খঙৰ ভাৱ এতিয়াও আছে। হাজাৰ চেষ্টা কৰিও লুকুৱাব পৰা নাই মই সেই ভাব। তাইৰ চকুলৈ পোনকৈ চাই লাহেকৈ সুধিলোঁ
: কিয় কৰিলা তেনেকুৱা?
তলমূৰ কৰি মনে মনে ৰৈছে তাই। আকৌ সুধিলোঁ মই
: মোক উত্তৰ দিয়া অলংকৃতা। কিয়? কিয় কৰিলা তেনেকুৱা।
এইবাৰ পোনকৈ মোৰ চকুলৈ চালে তাই আৰু বৰ স্পষ্ট কিন্তু লাহেকৈ ক'লে
: মই আন দহজনী ছোৱালীৰ দৰে নহয় কৃষ্ণাক্ষী। ক'ৰবাত যেন মই আনতকৈ পৃথক।
মই বুজা নুবুজাৰ ভাৱেৰে চাই থাকিলোঁ তাইলৈ।
এইবাৰ একেবাৰে নিৰ্লিপ্ত কণ্ঠেৰে কৈ উঠিল তাই
: আই এম এ 'বাইচেক্সূৱেল' কৃষ্ণাক্ষী। বুজা ন বাইচেক্সূৱেল মানে? পুৰুষ মহিলা উভয়কে ভাল লাগে মোৰ। কেৱল ভাল লগাই নহয়, উভয়ৰে লগত যৌন সম্পৰ্কৰ অভিজ্ঞতা আছে মোৰ।
মই চাই থাকিলো তাইলৈ। চায়েই থাকিলোঁ। ক্ষন্তেক সময়ৰ আগৰ উত্তেজনাপূৰ্ণ মাত দমন কৰি ভয়াৰ্ত্ত কন্ঠেৰে তাই এইবাৰ লাহেকৈ ক'লে
: অফিচত কোনেও গম নাপায় কৃষ্ণাক্ষী। কেনেকৈ যে কালি...
চটফটাই উঠিছে তাই। বহুৱাই দিলোঁ তাইক বিচনাখনত। ময়ো বহি পৰিলোঁ তাইৰ কাষতে।
: অফিচততো বহুত কথাই গম নাপায় অলংকৃতা। কালি ৰাতি এই ঘৰৰ সন্মুখত গাড়ীখন ৰোৱাৰ পৰা কোনো কথাইতো তুমি কোৱাৰ লগত মিলা দেখা নাই মই। ইমান মিছা জীৱন এটা কিয় জী আছা তুমি?
স্থিৰ হৈ সুধিলোঁ তাইক।
: মানুহ এদিনতে এনেকুৱা নহয় কৃষ্ণাক্ষী। এজন মানুহক এদিন সকলোৱে বেয়া মানুহ বুলি চিনাকি দিব পৰা হোৱালৈ এটা এটাকৈ কত যে ক্ষণ। বেয়া মানুহ এজনীৰ আঁৰত আনক ক'বলগীয়া কিমান যে কথা থাকে। তিৰস্কাৰ, ইতিকিং, ঠাট্টা মস্কৰাবোৰেৰে সদায়েই শালি পেলোৱা মানুহকো কেতিয়াবা অকণমান মৰমৰ দৰকাৰ। বৰ দৰকাৰ। বুকুত যে কথাৰ এখন পাহাৰ আছে কৃষ্ণাক্ষী।
তাইৰ মুখত এটি শেঁতা হাঁহি। মুখখন সাংঘাতিক ধৰণেৰে কৰুণ হৈ উঠিছে তাইৰ।
কিয় জানো মোৰ বৰ মন গ'ল এবাৰ তাইৰ কথাবোৰ শুনিবলৈ। তাইক জানিবলৈ, বুজিবলৈ। লাহেকৈ ক'লো
: কোৱা। মই শুনিম অলংকৃতা। মোক কোৱা। তোমাৰ আৰু কোন আছে? ইয়াত অকলে থাকা তুমি?
লাহে লাহে মূৰ দুপিয়াই বহি থকা ছোৱালীজনী মোৰ কোঁচত মূৰটো ৰাখি হাত দুখন মূৰৰ তলত থৈ দন্ত্য দ টোৰ আকৃতিৰে শুই পৰিল। যেন বহুদিনৰ ভাগৰহে মাৰিব খুজিছে তাই।
: মোকতো সকলোৱে কয় যে মই উশৃংখল, উতনুৱা। মদ খাই ঘূৰি ফুৰা এজনী অবাধ্য চঞ্চল ছোৱালী। মই যে সঁচাকৈয়ে এনেকুৱা সেই কথা ময়ো জানোঁ। কিন্তু মানুহ হওঁ বুলিয়েইতো উশৃংখল নহয় কৃষ্ণাক্ষী।
কথাখিনি কৈ শুই থকাতে আৰু অকণমান ভৰি কোঁচালে তাই। মুখখনত এক বিষন্নতাৰ ছাঁ।অকণমানি ছোৱালী এজনীয়ে মাকৰ কোলাত মূৰ পেলাই শোৱাৰ দৰে মোৰ কোঁচত শুই আকৌ লাহে লাহে কৈ উঠিল
: তোমালোকৰ দৰে মসৃণ জীৱন মোৰ কোনোদিনেই নাছিল কৃষ্ণাক্ষী। মই সৰুতেই মোৰ মা আৰু পাপাৰ ডিভৰ্চ হৈছে। সৰুৰে পৰা তেওঁলোকৰ হাই কাজিয়া, তৰ্কা-তৰ্কি দেখিয়েই ডাঙৰ হৈছোঁ মই আৰু ভাইটি। জুপুকা মাৰি মাৰি থাকোঁতেই ভাইটিৰ গোটেই শৈশৱ পাৰ হ'ল। তাৰ বিপৰীতে মই হ'লো এনেকুৱা। তুমি জানানে কিমান সৰুতে মই যৌন শোষণৰ সন্মুখীন হৈছিলোঁ? দহ বছৰ। অঁ ঠিকেই শুনিছা। দহ বছৰতে এখন ভয়ংকৰ পৃথিৱীৰ সৈতে পৰিচিত হৈছিলোঁ মই।
আচৰিত হৈ মই চাই ৰ'লো তাইলৈ।
কি কয় তাই!
কি কয় কালৈকো ভয় নকৰা, কাকো গুৰুত্ব নিদিয়া এই সাহসী ছোৱালীজনীয়ে!
বুকুত কিমান কষ্ট লৈ ফুৰে মানুহে?
কাকো নেদেখুৱাকৈ।
কাকো জানিবলৈ সুযোগ নিদিয়াকৈ!
: মই পেহীৰ লগতে ডাঙৰ হৈছিলোঁ। আমাৰ ঘৰত থাকি কলেজ পঢ়া পেহীৰ বিয়াও আমাৰ ঘৰৰ পৰাই হৈছিল। পেহীৰ বিয়াত মোৰ বয়স আছিল পাঁচ বছৰ। সেই পেহাই মোক কোঁচত লৈ ডাঙৰ কৰিছিল। বিহুৱে পূজাই পেহীৰ ঘৰলৈ যাবলৈ নাপালে কান্দিছিলোঁ মই। দহ বছৰমান বয়সলৈকে সকলো ঠিকেই আছিল। তাৰ পিছত লাহে লাহে সেই কোঁচত লৈ ডাঙৰ কৰা পেহায়েই....
পুনৰ উচুপি উঠিছে তাই।
অলংকৃতাই কন্দা আজিৰ আগতে কেতিয়াও দেখা নাই মই। তাইৰ দৰে এজনী ছোৱালীয়ে কন্দাতো কেতিয়াও কল্পনা কৰিব নোৱাৰা এক কথা।
বৰ আচৰিত যেন লগা কথা।
: অলংকৃতা...
চকুপানী মোহাৰিলো তাইৰ।
: মোক ক'বলৈ দিয়া কৃষ্ণাক্ষী। আজি মোক ক'বলৈ দিয়া। বহুদিন এই অত্যাচাৰ সহ্য কৰি এদিন মই কি কৰিলোঁ জানা?
উচুপি উচুপিয়েই কৈ গৈছে তাই।
মনে মনে ৰৈছোঁ মই।
কওক তাই।
বুকুৰ বিষ পাতল কৰক ছোৱালীজনীয়ে।
: মই সেই কথা মাক কৈ দিলোঁ। কেনেকৈ সেই মানুহজনে কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰিছিল মোক, কেনেকৈ প্ৰায় প্ৰতিদিনেই সেই অত্যাচাৰৰ সন্মুখীন হৈছিলোঁ, সকলোবোৰ কথাই মাক কৈ দিছিলোঁ মই।
: তাৰ পিছত?
: তাৰ পিছত? তাৰ পিছত মায়ে মোক ক'লে "মনে মনে থাক, সহি সামৰি থবলৈ শিক। ছোৱালী মানুহ সহজে বদনামী হয়।"
শেষৰ বাক্যদুটা বৰ ফুচফুচাই কোৱাৰ দৰে ক'লে তাই। যেন মাকৰ মুখৰ সেই বাক্যহে বগুৱা বাই আহিছে তাইৰ ওঁঠলৈ। বহুবছৰ আগতে পোৱা সেই যন্ত্ৰণা যেন পুনৰবাৰ সাৰ পাই উঠিল ছোৱালীজনীৰ মনত।
যন্ত্ৰণাবোৰ নমৰে। যন্ত্ৰণাবোৰ শুই থাকে, কোনোবাই খোচ মাৰি দিলেই মনত পৰি যোৱাকৈ। এসময়ত মাকে তাইক কোৱাৰ দৰেই ফুচফুচকৈ তাই মোৰ আগত ক'বলৈ বিচাৰিলে সেই শব্দবোৰ। তাৰ পিছত আকৌ ক'বলৈ ধৰিলে-
: সৰু আছিলোঁ। ভাবিছিলোঁ মায়ে কোৱাৰ দৰে কথাবোৰ সঁচাকৈয়ে সহি থকাই উচিত। বদনামি হোৱাৰ ভয়ত সহি থাকি থাকি এদিন পঢ়িবলৈ দিল্লীলৈ ওলাই গুচি গৈছিলোঁ। কিন্তু সেই ঘটনাটোৱে মোক সলাই পেলালে। সমাজখনৰ ভাল বোলা এচাম মানুহক মই ইমানেই লেতেৰা ৰূপত দেখিছোঁ যে কোনো মানুহকেই মোৰ ভাল নলগা হৈছিল কৃষ্ণাক্ষী। কিয় জানো মোৰ ভাৱ হ'ল অকণমান হাঁহি মাতি কথা পাতিলেই সকলোৱে ইয়াৰ সুযোগ ল'ব। এটা সময়ত এনেকুৱা দিনো আহিছিল যেতিয়া মোৰ অনুভৱ হৈছিল সকলো পুৰুষেই যেন একেই। সকলো পুৰুষেই ক'ৰবাত নহয় ক'ৰবাত সেই দৃষ্টিৰেই ছোৱালীবোৰক
চায়। দেউতাৰ সৈতেও আনকি মই কথা পতা এৰি পেলাইছিলোঁ। সেই সময়ত মোৰ জীৱনলৈ আহিছিল চিমৰাণ। চিমৰাণ আছিল দিল্লীৰ কলেজ হোষ্টেলৰ মোৰ ৰূমমেট। পাঞ্জাৱৰ ছোৱালী। লাহে লাহে আমাৰ মাজত এক বেলেগ সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই সম্পৰ্ক বন্ধুতকৈ বেলেগ। আমি দুয়ো দুয়োকে ভাল পাইছিলোঁ। মোৰ ভাৱ হৈছিল ল'ৰাতকৈ ছোৱালীয়ে মৰম বুজি পায়, ভাল জীৱন সংগী হ'ব পাৰে। চিমৰাণ তোমাৰ দৰেই আছিল কৃষ্ণাক্ষী। ডাঙৰ চকু, কঁকাললৈকে বৈ পৰা দীঘল চুলি, সকলো কথাতে সাংঘাতিক মেছিয়'ৰ্ড।
এইবাৰ অলংকৃতাই গালত হাত ফুৰাইছে মোৰ। এই স্পৰ্শত অশ্লীলতা নাই। যেন বহুদিনৰ পিছতহে হেৰাই যোৱা কাৰোবাক আকৌ লগ পাইছে তেনে আন্তৰিকতাৰে মোৰ গালত হাত ফুৰাই কৈ উঠিল তাই।
: এদিন ঘৰৰ মানুহে জোৰকৈ বিয়া পাতি দিলে চিমৰাণৰ। তাই কান্দিছিল। আপত্তি কৰিছিল। কিন্তু তাইৰ কোনো কথাই নৰজিল। আৰু তাৰ পিছতে মোৰো বিয়া হৈ গৈছিল।
: সেই ফটোত মাল্যৰ্পণ কৰি থকা তোমাৰেই স্বামী নহয় নে?
: তুমি কেনেকৈ জানিলা? ক'ত দেখিলা তুমি?
আচৰিত হৈ ধহমহাই উঠি বহিল তাই।
: গৰম কাপোৰ উলিয়াবলৈ আলমাৰি খোলোতে চকু পৰিল। বেয়া নাপাবা।
এইবাৰ সামান্য হাঁহিলে অলংকৃতাই আৰু এটা কৰুণ হাঁহিৰে ক'লে
: খুব ভাল মানুহ আছিল তেওঁ। ডাঙৰ বিজনেছমেন। পুৰুষৰ প্ৰতি আজীৱন থকা মোৰ সেই ধাৰণা তেঁৱেই সলাই পেলাইছিল। কিন্তু তেওঁৰ দৰে ভাল মানুহ মোৰ ভাগ্যত নাছিল কৃষ্ণাক্ষী। এবাৰ তেওঁ ট্যুৰলৈ যাওঁতে মোক লগ কৰিবলৈ চিমৰাণ আহিছিল। প্ৰায় পাঁচ বছৰৰ পিছত লগ হৈছিলোঁ আমি। পিছদিনা হঠাৎ আহি আমাক অসংযত অৱস্থাত উদ্ধাৰ কৰিছিলহি তেওঁ। তাৰ পিছৰ কাহিনী তেনেই চমু। এজনী ইমান অসভ্য ছোৱালীৰ লগত নাথাকোঁ বুলি পিছদিনাই ডিভ'ৰ্চ ফাইল কৰিলে আৰু আজি এয়া মই তোমাৰ চকুৰ সন্মুখত। অবাধ্য, চঞ্চল, উদণ্ড অলংকৃতা।
কান্দিছে তাই।
কিমান কষ্ট বুকুত লৈ হাঁহি হাঁহি জীয়াই থাকে মানুহ!
উঃ! কেনেকৈ পাৰে মানুহে!
কি কওঁ মই।
কেনেকৈ সান্তনা দিওঁ তাইক। তথাপি ক'লো
: নাকান্দিবা অলংকৃতা। প্লিজ নাকান্দিবা।
: মোক কান্দিবলৈ দিয়া কৃষ্ণাক্ষী। আজি কিমান দিনৰ পিছত কান্দিছোঁ মই। আচলতে কেৱল হাঁহিবলৈকে নহয়, কান্দিবলৈকো মানুহক এটা লগ লাগে জানানে? বুকুখন বৰ পাতল লাগিছে অ'।
বুজি পাওঁ মই।
নকন্দা মানুহৰ বুকুখন একেৰাহে কিহবাই চেপি খুন্দি থাকে। সেই কথা বুজি পাওঁ মই।
কান্দক তাই।
বুকু পাতল হোৱাকৈ কান্দক।
হাতৰ মুঠিত থকা মোৰ ফোনটো ভাইব্ৰেট কৰিছে। ঋষভৰ ফোন। দুবাৰ ৰিং হৈ কাটি যোৱাৰ পিছত তিনিবাৰত তাৰ ফোনটো ৰিচিভ কৰিলোঁ মই।
: কোৱা।
: পোহৰ হ'ল। ওলাই আহা। বাহিৰত মই ৰৈ আছোঁ।
মোক নিবলৈ বাহিৰত ৰৈ আছেহি ঋষভ। সেই কথা অলংকৃতাক নক'লো মই। ক'বলৈ মন নগ'ল মোৰ। অলংকৃতাই খুব ভালপোৱাৰ পিছতো তাইক অকণো গুৰুত্ব নিদিয়া ল'ৰাটো মোৰ বাবে ৰৈ আছেহি বাহিৰত। সেই কথা কোন সতে কওঁ মই!
যাবলৈ বুলি থিয় হ'লো। বেগটো হাতত লওতেই তাই মোক সাবটি ধৰিলে।
: ঠেংক্স কৃষ্ণাক্ষী। ঠেংক্স ফৰ এভ্ৰিথিং।
তাইকো সাবটি ধৰিলোঁ মই আৰু কোমলকৈ ক'লো
: আমি বন্ধু। বন্ধুত্বত ধন্যবাদ নাহে অলংকৃতা। আৰু শুনা। তুমি নিশ্চিন্ত থাকিবা মই কেতিয়াও আমাৰ মাজত হোৱা কথাবোৰ তৃতীয় ব্যক্তিক জানিবলৈ নিদিওঁ। প্ৰমিজ। মাত্ৰ তুমি কথা দিয়া, তুমি তুমিয়েই হৈ থাকিবা। মিছা জীৱন এটা আৰু কেতিয়াও মানুহক দেখুৱাবলৈ জীয়াই নাথাকা তুমি। কিয় মিছা ক'বা তুমি ডাঙৰ ঘৰত থাকা বুলি, কিয় মিছা মাতিবা তুমি এসোপা হীৰাৰ আঙুঠিৰে দুহাত ভৰাই ৰাখা বুলি। কি লিখা আছে তোমাৰ হাতৰ টেটুত? 'Born to express not impress...' আচল জীৱনতো সেয়াই মানি চলাচোন অলংকৃতা। নিজৰ বাবে জীয়াই থাকা।
ওঁঠ টিপি মূৰ দুপিয়ালে তাই।
ওলাই আহিলোঁ তাইৰ ঘৰৰ পৰা। চোতালৰ চামিয়ানাৰ তলত অ'ত ত'ত মদ খাই মাতাল মানুহ কিছুমান টোপনিত লালকাল দি পৰি আছিল।
গেইটৰ সন্মুখতে ঋষভ ৰৈ আছিল। আমি য'ত নামিছিলোঁ ঠিক সেইখিনিতে। একেই সাজেৰেই। তাৰমানে গোটেই ৰাতি এনেকৈয়ে ইয়াতে বহি থাকিল নেকি ল'ৰাটো!
: তুমি গোটেই ৰাতি ইয়াতে থাকিলা ঋষভ?
আচৰিত হৈ সুধিলোঁ মই।
: আৰু কি কৰিম কৃষ্ণা। এই অসভ্য মানুহজাকৰ মাজত তোমাক এনেকৈ এৰি থৈ গুচি যাম?
চোতালৰ মানুহবোৰলৈ খঙেৰে আঙুলিয়াই দেখুৱালে সি।
এটাও বাক্য বিনিময় নকৰাকৈ লাহেকৈ গাড়ীৰ দুৱাৰ খুলি বহিলোঁ মই। এতিয়াও তাৰ মুখত খঙৰ ছাঁ। প্ৰচণ্ড উষ্মাৰে সি মাথোঁ কৈয়েই আছে কিমান এটা ভয়লগা পৰিবেশৰ মাজত গোটেই ৰাতিটো কটালোঁ মই। কিন্তু তাৰ কোনো কথাই মোৰ কাণত সোমোৱা নাই। মনলৈ একেৰাহে আহি আছে কেৱল অলংকৃতাৰ কথা।
দুখৰো যে ভিন্ন ৰূপ!
পৃথিৱীৰ প্ৰতিজন মানুহেই কিজানি নিজক এনেদৰেই এখন কৃত্ৰিম সুখৰ আৱৰণেৰে ঢাকি ৰাখে।
কাৰোৰে সন্মুখত নিজক উদঙাই নিদিয়াকৈ।
কাকো বুজিবলৈ সুযোগ নিদিয়াকৈ।
(আগলৈ)
©গায়ত্ৰী
https://www.facebook.com/groups/917699648365704/permalink/2299010596901262/
Comments
Post a Comment