#সূর্যফুলৰ_দেশলৈ

#খণ্ড_৪০

: তোমালোকলৈ বৰ মনত পৰিব কৃষ্ণাক্ষী।
বিশেষকৈ তোমালৈ। মোৰ এক ভয়ংকৰ বিপদৰ সময়ত তুমি মোক কেনেকৈ সহায় কৰি থৈছা, সেই কথা মই কেতিয়াও নাপাহৰো। জীৱনৰ যিকোনো সময়তে বন্ধুৰ প্ৰয়োজন হ'লেই মোলৈ মনত পেলাবা। মোক সদায় কাষতে পাবা। কথা দিলোঁ।

মোৰ ডিঙিত আলফুলে সাবটি কৈ উঠিল প্ৰিয়ম্বদাই। 

আজি প্ৰিয়ম্বদা গুৱাহাটী এৰি একেবাৰে ঘৰলৈ যাবগৈ। বহুদিনৰ আগতেই এপ্লাই কৰা চৰকাৰী চাকৰিটো পাইছে তাই। পোষ্টিং তাইৰ গৃহ চহৰতে। মাক নাইকিয়া ছোৱালীজনীয়ে অকলশৰীয়া দেউতাকৰ বাবেই লৈ পেলালে সেই সিদ্ধান্ত। সাংবাদিক হোৱা সপোনৰ জলাঞ্জলি দি এতিয়া এক চৰকাৰী চাকৰি কৰি এসোপা ফাইলৰ মাজত বহি থাকিবগৈ প্ৰিয়ম্বদা। সেই কামে তাইক যে কেতিয়াও সুখী কৰিব নোৱাৰে সেয়া মোতকৈ ভালকৈ আন কোনে বুজে! সাংবাদিকতা পেছা নহয়, ই যে এক আচৰিত নিচা। নহ'লেনো কষ্টৰ অনুপাতে ইমান নামমাত্ৰ কেইটামান দৰমহাৰে কাম কৰি থাকেনে সাংবাদিকে? সাংবাদিক হোৱাৰ সেই সপোনে অহৰহ যে তাইক খুলি খুলি খাব সেই কথা খুব ভালকৈ বুজি পাওঁ মই। তথাপি মুখত সেই ভাৱ নেদেখুৱাকৈ কৈ উঠিলোঁ তাইক

: মন বেয়া কৰিব নাপায় প্ৰিয়ম্বদা। দেউতা থাকিব, নিজৰ ঘৰত থাকিবা। ইয়াতকৈ কি সুখ লাগে কোৱাচোন। মোলৈ চোৱা, আজি কতদিন মই ঘৰলৈকে যাবলৈ পোৱা নাই। বাকী গুৱাহাটীলৈ মনত পৰিলেই গুচি আহিবা। মোৰ ঘৰৰ দুৱাৰ তোমাৰ বাবে সদায়েই খোলা থাকিব।

অটোখন আহি ৰ'লহি গেইটৰ সন্মুখত। দেৱাশ্ৰী বায়ে তাইৰ বেগবোৰ নি উঠাই দিলেগৈ। 

দেৱাশ্ৰী বা আঁতৰি যোৱাৰ লগে লগে মোৰ চকুলৈ বৰ কৰুণভাবে চালে তাই। কাষলৈ আহি লাহেকৈ মাতিলে

: কৃষ্ণাক্ষী...

: কোৱা প্ৰিয়ম্বদা। কিবা ক'ব খুজিছা?

: কিনো কওঁ নাজানো। কিবা ক'ব খুজিছোঁ যদিও নাজানো। কিন্তু মনৰ মাজত যে বহু কথাৰ হাহাকাৰ। এই চহৰখনে কি দিলে বা মোৰপৰা কি লৈ গ'ল নাজানোঁ। কিন্তু চহৰখন এৰি যাবৰ সময়ত বহু কথাই মনলৈ আহিছে অ'। যিবোৰ কথা মনত নেপেলোৱাই উচিত সেই কথাবোৰো মনলৈ আহিছে আজি।

মই বুজিলোঁ তাইৰ মনত পৰিছে শশাংক  তামূলীলৈ। 

কিছুমান মানুহ গুচি যায়। এসোপা বেয়া স্মৃতি দি। কিন্তু সেই বেয়া স্মৃতিৰ বাবেই আমি কেতিয়াও পাহৰি পেলাব নোৱাৰো দুপলক হলেও সেই মানুহজনৰ সৈতে কটোৱা ভাল স্মৃতিবোৰ। প্ৰেমৰ অভিনয়েৰে গৰ্ভত সন্তান দি থৈ যোৱালৈকে সেই মানুহজনৰ লগত নাছিল জানো তাইৰ এটা হলেও ভাল ক্ষণ! মধুৰ ক্ষন! যি ক্ষণ মনত পেলাই মানুহজনক সুঁৱৰি কেতিয়াবা উচুপিব পাৰে তাই! 

দুচকুত তাইৰ দুফোঁটা পানীৰ জলমল। এই পৰোঁ এই পৰোঁ পানীৰ টোপালত সেয়া যে প্ৰেমৰ স্মৃতি। মই হাতত হাত থলোঁ তাইৰ আৰু মৰমেৰে ক'লো

: বেয়াবোৰ অভিজ্ঞতা বুলি লোৱা আৰু ভালবোৰ বুকুত সাঁচি ৰাখা প্ৰিয়ম্বদা। বেয়াবোৰ পাহৰি যোৱা বুলি কেতিয়াও নকওঁ। আন্ধাৰ নহ'লে পোহৰৰ অস্তিত্ব ক'ত কোৱা। ভাল মানুহক চিনিবলৈকে আমাক বেয়া মানুহৰ প্ৰয়োজন।

সামান্য হাঁহি দেৱাশ্ৰী বা আৰু মোলৈ চাই হাত জোকাৰি অটোত বহিলগৈ তাই। অটোখনে বহুদূৰ আগবাঢ়ি যোৱাৰ পিছতো নেদেখা হোৱালৈকে ডিঙি মেলি মেলি তাই ঘূৰি চাই গ'ল আমালৈ। 

গেইটখন মাৰি ভিতৰলৈ সোমাই বাৰাণ্ডাৰ চকী এখনতে বহি পৰিল দেৱাশ্ৰী বা। দুচক তাইৰো ভৰি আহিছে। থোকাথুকি মাতেৰে এইবাৰ কৈ উঠিল তাই

: তয়োতো এদিন এনেকৈ ক'ৰবালৈ গুচি যাবিগৈ কৃষ্ণা। অথবা মই হ'লেও যামগৈ। চাচোন তেজৰ সম্পৰ্ক নথকাকৈও মানুহ কেনেকৈ ইমান আপোন হৈ পৰে। ঘৰৰ মানুহৰ সৈতে যি কথা পাতিব নোৱাৰোঁ সেই কথাও আমি তিনিজনীয়ে আলোচনা কৰিব পৰা হ'লো। কত ভাল দিন একেলগে উদযাপন কৰিছোঁ, কত বেয়া দিনত ইজনীয়ে সিজনীক সাবটি উচুপি কান্দি পাতল কৰিছোঁ দুখ। আৰু হঠাৎ এদিন আজি প্ৰিয়ম্বদা আঁতৰি যোৱাৰ দৰেই আমিবোৰ আঁতৰ হ'ম আৰু নিজৰ নিজৰ এখন সংসাৰ লৈ ইমানেই ব্যস্ত হৈ পৰিম যে খবৰ এটা ল'বলৈকো আহৰি নোহোৱা হ'ব। আজীৱন সংযোগ ৰাখিম বুলি অ'টোগ্ৰাফৰ পাতত দিয়া অতবোৰ প্ৰতিশ্ৰুতি সেই পাতখিলাতেই উৱঁলি যাব। এনেকুৱাই হয় কৃষ্ণা। এনেকুৱাইতো হয়।

আবেগিক হৈ পৰিছে তাই। দেৱাশ্ৰী বাৰ কান্ধত হাতখন ৰাখি তাইৰ কাষতে থিয় দি ৰ'লো মই। তভক মাৰি ৰ'লো কিছুপৰ। এই একোঠলিয়া সৰু ঘৰটো এৰি অকণমান ডাঙৰ ঘৰ এটা যে মই ল'বলৈ বিচাৰিছোঁ সেই কথা তাইক জনাবলৈ সাহস নহ'ল মোৰ। ভাল ঘৰ এটাৰ সন্ধান পালে খবৰ দিবলৈ অফিচৰ ইটো সিটো মানুহক কোৱাৰ কথাও এই মুহূৰ্তত তাইক ক'বলৈ অকণো মন নগ'ল মোৰ। 

চাৰে সাত বাজিছে। দহ বজাত মই আজি অফিচলৈ গৈ পাব লাগে। লৰালৰিকৈ দেৱাশ্ৰী বাৰ কাষৰ পৰা ৰূমলৈ বুলি উঠি আহিলোঁ। ডিউটি লিষ্টখন চাই দেখোঁ আজি মোৰ এঘাৰ বজাৰ বুলেটিনখন আছে। এঘাৰ বজাত আজি দেৱলীনা বাও ইণ্টাৰভিউৰ ফাইনেল ৰাউণ্ডৰ বাবে অহাৰ কথা। কিমান দিন যে তাইক দেখা নাই। ইণ্টাৰভিউৰ খবৰটো পোৱাৰে পৰা উৎফুল্লিত হৈ আছে ছোৱালীজনী।  

গাটো ধুই ভাত কেইটামান খাই অফিচলৈ বুলি ওলাই আহিলোঁ। চাৰে ন বাজি গৈছে। এই সময়ত অফিচ, স্কুললৈ যোৱা মানুহবোৰেৰে ভৰি থাকে মহানগৰীৰ পথ। চিটি বাছবোৰতো সাংঘাতিক ঠেলা হেঁচা হয় এই সময়খিনিত। অকণমান খালি যেন লগা বাছ এখনত উঠি অফিচ পালোঁহি মই। 

লিফ্টেৰে উঠিয়েই লৰালৰিকৈ সোমাই গ'লো মেক আপ ৰূমলৈ। দুৱাৰ ঠেলি সোমাই গৈয়ে দেখোঁ ন বজাৰ বুলেটিনখন পঢ়ি আহি মেকআপ ৰিমুভ কৰিছে মান্যতাই।

: গুড মৰ্ণিং কৃষ্ণাক্ষী।

কপাহ এটুকুৰাৰে লিপষ্টিক মোহাৰি থাকিয়েই অভিবাদন জনালে তাই।

: গুড মৰ্ণিং মান্যতা। 

বেগটো চ'ফাখনৰ এচুকত থৈ হাঁহি উত্তৰ দিলো মই।

মাৰ্কেটিঙৰ প্লাবিতাও আছে কোঠাটোত। তাই ডাঙৰ বেগ এটাৰ পৰা কুৰ্তী,বেগকে আদি কৰি কিবাকিবি বস্তু অলপমান চ'ফাখনতে মেলি ধৰিছে। মাজে মাজে এনেকৈ কিছুমান বস্তু ডিমাপুৰৰ পৰা আনি অফিচৰ ছোৱালীবোৰৰ মাজত বিক্ৰী কৰে প্লাবিতাই। আজিও তাই বস্তুবোৰ উলিওৱাৰ লগে লগেই কেনেকৈ ক'ৰপৰা জানো খবৰ পাই ছোৱালীবোৰ আহি ভীৰ কৰিলেহি কোঠাটোত। মুহূৰ্ততে কোঠাটো এক মিহি কোলাহলেৰে ভৰি পৰিল। 

মেক আপ ল'বলৈ মই বহি পৰিলোঁ চ'ফাখনত। প্ৰেংকিলৈ চালোঁ। সদায় চকীখনত বহাৰ লগে লগেই খৰধৰকৈ উৎসাহেৰে আহি মেক আপ দিয়া ল'ৰাটো আজি মই বহি থকা দেখিও উঠি অহা নাই। আনদিনা হোৱা হ'লে প্লাবিতাই বেগটোৰ পৰা বস্তুবোৰ উলিওৱাৰ লগে লগেই সকলোতকৈ আগতেই আগবাঢ়ি গ'লহেতেন সি আৰু এটা এটাকৈ কাপোৰবোৰ মেলি ধৰি কোনটোৰে কাক ভাল লাগিব তাৰ বিৱৰণ দি গ'লহেতেন।

কোঠাটোৰ এচুকত চেঞ্জিং ৰূমৰ ফালে এখন চকী পাৰি অকলশৰে বহি আছে ল'ৰাটো। চকীখনৰ হেণ্ডেলডালত হাতৰ কিলাকুটি থৈ ,তলুৱাৰে ঠুতৰিত ভেজা দি বহি ৰৈছে সি। দুচকু মজিয়াত নিবদ্ধ। মাজে মাজে মোবাইলটো উলিয়াই খুব খৰকৈ কিবা এটা চাই পুনৰ মোবাইল জেপত ভৰাই তেনেকৈয়ে বহি ৰৈছে সি।

উঠি গ'লো মই। মনে মনে ৰ'লোগৈ তাৰ সন্মুখত। মই যে ইমান কাষতে ৰৈ আছোঁ সেই বিষয়ে যেন কোনো ভ্ৰূক্ষেপেই নাই তাৰ। প্ৰায় ত্ৰিশ চেকেণ্ডমান তেনেকৈয়ে ৰৈ থাকি এপাকত তাৰ গাত হাত থৈ মাতিলোঁ

: প্ৰেংকি...

মোৰ মাতত উচপ খাই মোলৈ চালে সি। চকুকেইটা তেজৰঙা। কেতিয়াবা তাৰ অফ থাকিলে বহুৰাতিলৈকে ড্ৰিংক কৰাৰ পিছত এনেকৈ ৰঙা হৈ থাকে তাৰ দুচকু। কিন্তু আজি তাৰ চকুহাল অস্বাভাৱিকভাৱে ৰঙা। 
নাই নাই! এয়া কেৱল মদৰ নিচা হ'ব নোৱাৰে। 
কি হৈছে প্ৰেংকিৰ!

কোঁচত তাৰ এতিয়াও বেগটো। তাৰমানে ঘৰৰ পৰা আহি বেগটো নোথোৱাকৈয়ে তেনেকৈয়ে জলকা লাগি বহি ৰৈছে সি।

: কি হৈছে প্ৰেংকি? তুমি কান্দিছা নেকি?

দুচকুলৈ চাই মই সুধিলোঁ তাক। 

: না..নাই। কিয় কান্দিম কৃষ্ণাক্ষী? তোমাৰ বুলেটিন আছে নেকি? ব'লা মেকআপ দিওঁ।

মোক ৰৈ থকাতে এৰি এইবাৰ খৰধৰকৈ মেকআপ কৰা ঠাই পালেগৈ সি। মই বুজিলোঁ সি লুকুৱাবলৈ বিচাৰিছে। আৰু এবাৰো মই তাক একো নোসোধাকৈ আগুৱাই গৈ বহি পৰিলোঁ চকীখনত। মাজে মাজে আঁৰ চকুৰে তালৈ চালোঁ। এটাও শব্দ উচ্চাৰণ নকৰাকৈ মেক আপ কৰি গৈছে সি। কোঠাটোত অতপৰে প্লাবিতাই অনা বস্তু চাই চাই ছোৱালীখিনিয়ে কৰি থকা হুলস্থুলবোৰেও যেন আজি তাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই।

এপাকত প্লাবিতাই বিক্ৰী কৰিবলৈ অনা ডিজাইনাৰ ব্লাউজ এটা লৈ তাৰ সন্মুখত থিয় দিলেহি তেজস্বীনি বা।

: ঐ প্ৰেংকি এইটো চাচোন। মোৰ যে চিফনৰ ক'লা শাড়ী এখন আছে তাৰ লগত মিলিবনে চাই দে না। 

: হা? অঁ মিলিব।

কিবা এটা নক'লে যেন বেয়া হ'ব বাবেই উত্তৰ দিলে সি। কিছুক্ষণ তাৰ মুখলৈ আচৰিত হৈ চাই থাকি একো নোকোৱাকৈ আঁতৰি গ'লগৈ তেজস্বীনি বা। 

মেক আপ কৰি থকাৰ মাজে মাজে একোবাৰত জোৰেৰে চকুহাল জপাই দিছে সি। আন এবাৰত চকুৰ দুয়োকোণ হেঁচি ধৰিছে জোৰেৰে। প্ৰতিদিনেই মেক আপ কৰি থকাৰ সময়ত নানা প্ৰশ্ন কৰি থাকে সি- চুলিবোৰ কাৰ্ল কৰি দিওঁ নে কৃষ্ণা,ওপৰৰ খিনি পাফ কৰি চুলিখিনি খোপা এটা বান্ধি দিওঁনে ব্লেজাৰৰ লগত স্মাৰ্ট লাগিব- এনে বিভিন্ন প্ৰশ্নৰে গোটেই মেক আপটো কৰি শেষ কৰে সি। আজি একো নোকোৱাকৈয়ে মেক আপ শেষ কৰি আকৌ চকীখনত বহি থাকিলগৈ প্ৰেংকি। 

বুলেটিনখন পঢ়িবলৈ ওলাই গ'লো মই। কিন্তু মনলৈ বাৰে বাৰে আহি আছে তাৰ বিষাদগ্ৰস্ত মুখখন। নিউজটো পঢ়াৰ মাজে মাজেও মোৰ মনত পৰি থাকিল তালৈ। 

প্ৰেংকি মোৰ ভাল বন্ধু। তথাপি কোনোবাই ইচ্ছা কৰি নক'লে কাৰো কথা জোৰ কৰি সোধাৰ অভ্যাস মোৰ নাই। চাৰে এঘাৰ বজাৰ লগে লগে নিউজটো শেষ কৰি লৰালৰিকৈ বাহিৰলৈ ওলাই আহিলোঁ। দেৱলীনা বা চাগৈ ইতিমধ্যেই আহি পাইছে। তাইক লগ কৰিবলৈ ব্যগ্ৰ হৈ পৰিলোঁ মই।

: কৃষ্ণাক্ষী...

দুৱাৰ খুলি ষ্টুডিঅ'ৰ বাহিৰলৈ লৰালৰিকৈ ওলাই দুখোজমান আহোঁতেই প্ৰেংকিৰ মাতত ৰৈ গ'লো। ঘূৰি চাই দেখোঁ দুৱাৰমুখতে ৰৈ আছে সি। সেই একেই তেজৰঙা দুচকু, এই ওলাও যেন চকুপানী। 

: প্ৰেংকি...

মই লাহেকৈ মতাৰ লগে লগেই সি মোৰ হাতত ধৰি টানি লৈ গ'ল। তেনেকৈয়ে টানি টানি নি মোক কেণ্টিন পোৱালেহি সি। কেণ্টিনত কোনো নাছিল। সেই অকলশৰীয়া ঠাইত মোক সন্মুখত ৰাখি ভৰা দুচকুৰে তললৈ চাই ৰ'ল।

কেইবাটাও ক্ষণ।

তাক দেখি এনেকুৱা লাগিল বুকুত যেন কথাৰ তাৰ এক পৰাপাৰহীন সমুদ্ৰ। সেই সমুদ্ৰৰ কোনটো অংশৰ পৰা এচলু পানী আনি মোৰ সন্মুখত আজলি পাতি ধৰিব সেয়া যেন নিৰ্ণয়েই কৰিব পৰা নাই সি। 

এইবাৰ মই চাহৰ মেচিনটোৰ ওচৰলৈ আগবাঢ়ি গ'লো আৰু মেচিনটোৰ পৰা দুকাপ চাহ আনি টেবুলত থৈ চকী দুখন টানি এখনত বহি আনখনত লাহেকৈ বহুৱাই দিলোঁ তাক। চাহৰ কাপটো তুলি দিলোঁ তাৰ হাতত। চাহকাপ হাতত লৈ অকণমান দেৰি তেনেকৈয়ে থাকি লাহে লাহে কৈ উঠিল সি

: তেওঁ বিবাহিত কৃষ্ণাক্ষী।
: কোন?
: মোৰ বয়ফ্ৰেণ্ড।

উচপ খাই উঠিলোঁ মই। প্ৰায় দুমাহৰ আগতে আৰম্ভ হৈছে তাৰ এই প্ৰেম। এখন বিখ্যাত হস্পিতালৰ কাৰ্ডিঅ'লজিষ্ট তাৰ প্ৰেমিক। 

: তুমি কেনেকৈ জানিলা? 
: ৱাটচ এপত ৱাইফৰ সৈতে ফটো দেখিছোঁ।

হৃদয় ভগাৰ যাতনাত কঁপি উঠিছে তাৰ মাত।

: নহবওতো পাৰে ৱাইফ। কোনোবা বেলেগোতো হ'ব পাৰে প্ৰেংকি। ফটকৈ বেয়াতোনো কিয় ভাবি লোৱা? তেওঁ তোমাক কৈছে নেকি সেয়া তেওঁৰ ৱাইফ বুলি?

: নাই। মোক কোৱা নাই। কিন্তু মানুহগৰাকীৰ শিৰৰ দগমগীয়া সেন্দূৰ, সলাজ হাঁহিয়েই তাৰ প্ৰমাণ কৃষ্ণাক্ষী। সেই দ্যুতি মাত্ৰ প্ৰিয়তম পুৰুষৰ কাষত থিয় হ'লেহে প্ৰকাশ পায়। যি দ্যুতি প্ৰকাশ পায় মোৰ মুখত,তেওঁৰ কাষত থিয় হ'লে। আৰু কালিৰে পৰা মোৰ ফোনো ৰিচিভ কৰা নাই তেওঁ,মেছেজৰ উত্তৰো দিয়া নাই।

কৈয়েই দুয়োওঁঠ কান্দোন বন্ধ কৰাৰ দৰে চেপি ধৰিলে সি। তাৰ পিছত খৰধৰকৈ ক'লে

: মোৰ লগত তেওঁৰ ওচৰলৈ যাবানে কৃষ্ণাক্ষী? প্লিজ... মই এবাৰ কথা পাতিব বিচাৰো তেওঁৰ সৈতে। কিন্তু অকলে যাবলৈ ভাল লগা নাই অ'। বেলেগক নিবলৈকো...

খৰকৈ মূৰ দুপিয়ালোঁ মই।
গৈ দিম মই তাৰ লগত। কেনেকুৱা লাগে প্রিয় পুৰুষৰ কাষত আন নাৰী থিয় দি ৰ'লে, সেই কথা মই বুজোঁ। প্ৰাণৰ পুৰুষৰ নামত যেতিয়া অন্য নাৰীয়ে বুলাই লয় শিৰত সেন্দূৰৰ ৰেঘা বুকুত কি অনুভৱ হয়, সেয়া মোৰ বাহিৰে আন কোনে বুজে।

লৰালৰিকৈ মেক আপ ৰিম'ভ কৰি কাপোৰ সলাই আজৰি হ'লো মই। ইমান দুখৰ মাজতো প্ৰেমিকৰ ওচৰলৈ যাবলৈ সি দুচকুত বুলাই লৈছে মিহিকৈ কাজল, বেগৰ পৰা পাৰ্ফিউম উলিয়াই সানিছে গাত, কান্ধলৈকে বৈ পৰা চুলিখিনিত পাতলকৈ 'চিৰাম' লগাইছে।

লাঞ্চৰ সময়তে ওলাই গ'লো মই প্ৰেংকিৰ সৈতে। অ'লা কেব এখনেৰে মানুহজনৰ হস্পিটেল ওলালোঁগৈ আমি। এক ভয়ংকৰ সত্যৰ মুখামুখি হোৱাৰ আশংকাত বাৰে বাৰে কঁপি উঠিছে সি। 

: তুমি চিন্তা নকৰিবা প্ৰেংকি। ভালতো ভাবাচোন। কিয় বেয়াই হ'ব বুলি ভাবি লৈছা? আচ্ছা কোৱাচোন তেওঁৰ নামটো কি?

: সৌৰভ হাজৰিকা।
সৰুকৈ ক'লে সি।

খোজকাঢ়ি থাকিয়েই হাতত ধৰিলোঁ তাৰ। থিয় দিলোঁগৈ হস্পিটেলৰ ৰিচেপশ্যনত। ইউনিফৰ্মৰ একেই শাৰী পিন্ধা দুগৰাকী যুৱতী বহি আছে। তাৰে এগৰাকীক সুধিলোঁ

: এক্সিউজ মি...ডাক্তৰ সৌৰভ হাজৰিকাক ক'ত লগ পাম বাৰু?

: ছাৰ অপাৰেশ্যনত আছে। ভিতৰত বহকগৈ।

যুৱতীগৰাকীক ধন্যবাদ জনাই আমি সোমাই আহি শাৰী শাৰী চকীৰ এখনত বহি পৰিলোঁ। অকণমান দূৰতে এটা অপাৰেচন থিয়েটাৰ। ৰঙা লাইট জ্বলি আছে। অপাৰেচন চলি আছে। তাতেই হয়তো আছে প্ৰেংকিৰ প্ৰেমিক।

সাংঘাতিক অসহজ হৈছে প্ৰেংকি। এনেদৰে তেওঁক লগ কৰিবলৈ তেওঁৰ কৰ্মস্থলীলৈ আহিবলগীয়া কথাটোৱে অশান্তি দিছে তাক। আহোঁতেও গোটেই ৰাস্তা মানুহজনলৈ ফোন লগাই আহিছে সি। বাৰে বাৰে কৈছে মোক 'এবাৰ ৰিচিভ কৰি কথা পাতিলেই আমি উভতি যামগৈ কৃষ্ণা'। কিন্তু বাৰম্বাৰ কল কৰাৰ পিছতো নধৰিলে মানুহজনে। 

প্ৰেংকিলৈ চালোঁ। বহি থকাতে দুয়োখন ভৰি লগ লগাই কোঁচতে বেগটো লৈ সোহাঁতৰ পাঁচোটা আঙুলিৰে জোৰেৰে চেপি ধৰিছে বাওঁহাতৰ আঙুলি। 

: ৰিলেক্স প্ৰেংকি। কথা পাতিবলৈহে আহিছা। 

: মই ইয়ালৈ অহাৰ বাবে খং উঠি তেওঁ যদি মোক এৰি দিয়ে কি হ'ব কৃষ্ণা?

: সঁচা ভালপোৱা ইমান ঠুনুকা নহয় প্ৰেংকি। ইমান সাধাৰণ কথাতে প্ৰেমৰ বিচ্ছেদ নহয়।

হঠাৎ দেখোঁ অপাৰেশ্যন থিয়েটাৰৰ দুৱাৰ খোল খাইছে। প্ৰেংকি আৰু মই দুয়ো একেলগে চালোঁ সেইফাললৈ। বুকুত সেউজীয়া এপ্ৰ'ন আৰু টুপী পিন্ধি ওলাই আহিছে দুজন ডাক্তৰ আৰু কেইগৰাকীমান নাৰ্ছ। 

: সৌৰভ সেইজন কৃষ্ণা।

ফুচফুচাই প্ৰেংকিয়ে কোৱাৰ লগে লগেই মই চালোঁ ওলাই অহা ডাক্তৰ দুজনলৈ। মহিলা ডাক্তৰগৰাকীৰ সৈতে কিবা কথাত ৰস পাই হাঁহি উঠিছে প্ৰেংকিৰ প্রেমিকে। তেওঁৰ মুখত নাই কোনো দুখ কিম্বা বিষাদৰ ভাৱ। আমাৰ ফালেই আগুৱাই আহিছে তেওঁলোক। কিন্তু আমাক ধৰিব পৰা নাই। হয়তো ভবাও নাই এনেকৈ যে প্ৰেংকি ইয়াত ওলাবহি। 

: মাত দিয়া প্ৰেংকি। ৰখোৱা তেওঁক। পাৰ হৈ যাব এতিয়া।

মই কোৱাৰ লগে লগেই থিয় দিলে প্ৰেংকিয়ে। ময়ো থিয় হ'লো। আমি থিয় দিয়াৰ লগে লগেই আহি থকা মানুহ দুজন ৰৈ গ'ল।

: ৰৈ গ'লা যে সৌৰভ?
মহিলা ডাক্তৰগৰাকীয়ে প্ৰশ্ন কৰিলে তেওঁক।

: মোৰ এগৰাকী ফ্রেণ্ড আহিছে ডাঃ কাদম্বৰী। তুমি আগবাঢ়া মই গৈ আছোঁ।

মোলৈ আঙুলিয়াই কথাষাৰ ক'লে তেওঁ। আচৰিত হ'লো মই। মই কেতিয়াও তেওঁক আগতে লগ পোৱা নাই। অথচ...

ডাঃ কাদম্বৰী আঁতৰি গৈছেগৈ। লগে লগে তেওঁ মোলৈ চাই ক্ষমা বিচাৰি ক'লে

: প্লিজ বেয়া নাপাব। উপায় নাপাইহে ক'বলগীয়া হ'ল। প্ৰেংকিক ফ্রেণ্ড বুলিলে বেয়া ভাবিব পাৰেতো!

উপায় নাপাই?

লাজ পালে তেওঁ প্ৰেংকিক চিনাকি দিবলৈ? চিনাকি দিয়া দূৰৰ কথা ফ্রেণ্ড বুলিবলৈকো লাজ পালে মানুহজনে। অথচ সেইজন মানুহেই দিনত 'তোমাক ভালপাওঁ' বুলি পঞ্চাশটা মেছেজ পঠিয়াব পাৰে প্ৰেংকিলৈ। নৈশ যাপন কৰিব পাৰে প্ৰেংকিৰ লগত। টকালি পাৰি খাব পাৰে প্ৰেংকিয়ে ৰন্ধা কচুশাকৰ আঞ্জা! 

চিঃ! কেনেকুৱা মানুহ এওঁ।

: তুমি কিয় আহিছা?
এইবাৰ তেওঁ প্ৰেংকিলৈ চাই সুধিলে।

: কালিৰে পৰা তুমি ফোন ৰিচিভ কৰা নাই, মেছেজৰ ৰিপ্লায়ো কৰা নাই সৌৰভ। মোৰ চিন্তা লাগিহে এইখিনি ওলালোহি।

: এতিয়া দেখিলা নহয় জীয়াই আছো মই। আৰু আজি তোমাৰ ৰূমলৈ যাব নোৱাৰিম। তুমি এতিয়া যাব পাৰা।

তলমূৰ কৰিছে প্ৰেংকিয়ে আৰু আগবাঢ়ি গুচি গৈছে মানুহজন।

: ডাঃ সৌৰভ...

দুখোজমান গৈয়েই মোৰ মাতত ৰৈ গ'ল তেওঁ। এইবাৰ মই তেওঁৰ কাষ চাপি গ'লো আৰু ক'লো

: প্ৰেংকিয়ে আপোনাৰ সৈতে কথা পাতিবলৈ আহিছে। পোন্ধৰ মিনিট সময় আপুনি দিব পাৰিব নেকি?

যথেষ্ট টানকৈ ওলাইছে মোৰ মাত। এইবাৰ মানুহজন ক্ষন্তেক ৰ'ল আৰু মুখৰ মাস্ক আঁতৰাই উত্তৰ দিলে

: ফাৰ্ষ্ট ফ্ল'ৰত কেণ্টিন। তাতে আপোনালোক বহকগৈ। মই পাঁচ মিনিটত আহি আছো।

লৰালৰিকৈ ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি গৈ বহি পৰিলোঁ আমি। প্ৰায় দহ মিনিটৰ পিছত আহি ওলাল ডাঃ সৌৰভ। প্ৰায় ছয় ফুট ওখ, মেইণ্টেইন কৰি ৰখা আটিল শৰীৰ। গাত লিপিত খোৱা এটা মেৰুণ ৰঙৰ টি শ্বাৰ্ট পিন্ধিছে তেওঁ। তিনিকাপ কফিৰ অৰ্ডাৰ দি আমাৰ সন্মুখত বহিলহি মানুহজন। 

: কোৱা। কি ক'ব খুজিছা।

বহিয়েই প্ৰেংকিক উদ্দেশ্যি সুধিলে।

: কালিৰ পৰা তুমি ফোন ৰিচিভ কৰা নাই সৌৰভ।

: অঁ নাইকৰা। তাতে কি হ'ল?
দুয়ো বাহু সামান্য ওপৰলৈ তুলি বেপেৰুৱা ভঙ্গীৰে উত্তৰ দিলে তেওঁ। 

: মই চিন্তাত আছিলোঁ সৌৰভ। আৰু তোমাৰ লগত সেয়া কোন আছিল। সাগৰতীৰত কাৰ সৈতে উঠা ফটো সেইখন?

এইবাৰ হোঁ হোৱাই হাঁহিলে মানুহজনে। হাঁহিয়েই থাকিল। হাঁহি হাঁহি উশাহ ঘূৰাব নোৱাৰা অৱস্থা এটাত তেওঁ যেনেতেনে হাঁহি বন্ধ কৰি ৰ'ল আৰু ফোনত সেই ফটোখন উলিয়াই তুলি ধৰিলে মোৰ সন্মুখত।

: মিছ...

: কৃষ্ণাক্ষী। কৃষ্ণাক্ষী বৰুৱা।
লাহেকৈ উচ্চাৰিলো মই।

: আচ্ছা। মিছ কৃষ্ণাক্ষী, আপুনি কওকচোন পত্নীৰ বাহিৰে এনেকৈ গোৱাৰ সাগৰতীৰত কাৰ সৈতে ফটো উঠিব পাৰো মই। 

থৰ হৈ ৰৈ গৈছে প্ৰেংকি।
যেন কোনোবাই শিলেৰে খুন্দিয়াই পিষ্ট কৰি পেলাইছে তাৰ বুকুৰ অন্তৰ্ভাগ।
মৌন হৈ একেথৰে চাই আছে সি মানুহজনলৈ।

কিন্তু সেই কথাৰ প্ৰতি ভ্ৰূক্ষেপ নাই মানুহজনৰ। ৱেইটাৰে দি যোৱা কফিত সুৰুৎ সুৰুৎ কৈ শোহা মাৰিছে তেওঁ। 

: তুমি যে বিবাহিত ইমানদিনে এবাৰো নক'লা সৌৰভ? ইমান ডাঙৰ কথা এটা মোৰ পৰা কিয় লুকুৱালা তুমি?

মানুহজনে কোনো উত্তৰ দিয়া নাই। কাৰোবাৰ সৈতে কথা পাতিছে ৱাটচ এপত। মাজে মাজে এক দুষ্টালিভৰা হাঁহিয়ে ঢৌ খেলি গৈছে তেওঁৰ দুচকুত। এপাকত মোলৈ চাই ব্যস্তভাৱে ক'লে

: কফি খাওক কৃষ্ণাক্ষী।

: আমি কফি খাবলৈ অহা নাই ডাঃ সৌৰভ। প্ৰেংকিয়ে কিবা এটা সুধিছে তাৰ উত্তৰ দিয়ক আপুনি।

: কি উত্তৰ দিম মই? মই যে বিবাহিত এই কথা প্ৰেংকিয়ে জনাৰ কিবা প্ৰয়োজন আছিল বুলি মই নাভাবিলো বাবেই নজনালো। চিম্পল।

: মই তোমাক ভালপাওঁ সৌৰভ। ইমান ডাঙৰ কথা এটা কোৱাৰ প্ৰয়োজন বুলি কিয় নাভাবিলা তুমি?

দুখ আৰু খঙত কঁপি উঠিছে প্ৰেংকিৰ মাত।

: কাৰণ তোমাৰ এই ভালপোৱা অৰ্থহীন। কি কৰিবা জানি? বিয়া কৰাম নেকি মই তোমাক? তুমি মোৰ বাবে মাত্ৰ এটা মনোৰঞ্জনৰ আহিলা। যাৰ লগত মই নিসংকোচে চেক্স কৰিব পাৰোঁ। প্ৰেগনেন্ট কৰাৰ কোনো ভয় নথকাকৈ। তোমাকতো মানুহৰ আগত বন্ধু বুলি চিনাকি দিবলৈকে লাজ লাগে।

: প্ৰেংকিৰ ঘৰলৈ ৰাতি মনে মনে যাবলৈ, পত্নীক ফাঁকি দি তাৰ লগত শুবলৈ লাজ নালাগে আপোনাৰ? লাজ নালাগে অসমৰ বাহিৰলৈ যাওঁতে তাকো লগত লৈ যাবলৈ? তেতিয়া আপোনাৰ এই লাজবোৰ ক'লৈ যায় ডাঃ সৌৰভ? চেক্সৰ কাৰণেই ভালপোৱাৰ ইমানবোৰ নাটক কৰিব লাগে কিয়? তাৰ কাৰণে গণিকা থাকে। অঁ , অৱশ্যে গণিকাৰ কাষত ইমান মৰম কেনেকৈ পাব নহয় জানো? তদুপৰি প্ৰতিটো ভিজিটতে পইচা দিয়াতকৈ অকণমান প্ৰেমৰ অভিনয় কৰি লোৱাই ভাল। নে কি কয়?

উষ্মাৰে চিঞৰি উঠিছোঁ মই।
প্ৰেংকিয়ে উচুপিছে।
এইবাৰ মানুহজন মনে মনে ৰ'ল। কেণ্টিনৰ তেওঁৰ চিনাকী মানুহবোৰে আমালৈ ঘূৰি ঘূৰি চাবলৈ ধৰিলে। এইবাৰ ৰেপুটেশ্যনত দাগ লগাৰ ভয়ত মানুহজনে প্ৰেংকিলৈ চাই কোমল সুৰেৰে কৈ উঠিল

: প্লিজ তোমালোক যোৱাগৈ। মই কথা পাতিম তোমাৰ লগত প্ৰেংকি। কথা দিছোঁ। 

মই আৰু কিবা ক'বলৈ লওঁতেই প্ৰেংকিয়ে মোক হাতত ধৰি টানি আনিলে চকীখনৰ পৰা।

: গুচি আহাঁ কৃষ্ণাক্ষী। বাদ দিয়া। গুচি আহাঁ প্লিজ। তেওঁ মোৰ সৈতে কথা পাতিম বুলি কৈছে। আৰু এইবোৰ কথা ইয়াত এনেকৈ নপতাই ভাল হ'ব। 

আঁতৰি আহিলোঁ মই। 
মানুহজনক বেয়াকৈ ক'বলৈ মন থকাৰ স্বত্বেও প্ৰেংকিৰ সৈতে কেণ্টিনৰ পৰা ওলাই আহিলোঁ মই। খৰ খোজেৰে আহি কেব এখনত বহি পৰিলোঁ আৰু খুব আচৰিত হৈ চালোঁ প্ৰেংকিলৈ। দুচকুত এতিয়াও যে তাৰ অলেখ আশা। ঘূৰি আহিব তাৰ প্রেমিক। 

: তুমি কি এতিয়াও একো বুজা নাই নেকি প্ৰেংকি? কি আশা লৈ এনেকৈ বাট চাইছা তেওঁলৈ? তুমি তেওঁক ভালপোৱা। ভালপোৱা যে মুহূৰ্ততে শেষ নহয় সেয়া মই বুজোঁ। কিন্তু ইমানৰ পিছতো কিয় ঘূৰি যাবা তুমি? তোমাৰ ইমানবোৰ ভালপোৱাৰ মূল্য দিলেনে তেওঁ?

একো উত্তৰ নিদিলে সি। মাত্ৰ এটা হুমুনিয়াহ কাঢ়িলে আৰু চাই ৰ'ল খিৰিকীৰ বাহিৰলৈ।

অফিচ পাইছিলোঁহি আমি। দেৰি হৈছে প্ৰেংকিৰ। মেকআপৰ বাবে এতিয়া কেৱল দীপিকাহে আছিল অফিচত। লৰালৰিকৈ অফিচৰ ভিতৰলৈ খোজ ল'লে সি। তাৰ লগে লগে খৰকৈ আগবাঢ়ি যাওঁতে হঠাৎ মোৰ চকুত পৰিল অফিচৰ গেইটৰ কাষতে ৰৈ থকা এখন গাড়ীত।

বুকুখন চিৰিংকৈ মাৰিলে।
এই গাড়ী মোৰ অতিকৈ চিনাকি।
তাৰ লগে লগে মোৰ কাণত পৰিল এটা মাত

:  কৃশ্বু...

ৰৈ গ'লো মই।
মই জানোঁ, এই মাতত মই ৰৈ যোৱা উচিত নহয়। তথাপি ৰৈ গ'লো। 
প্ৰেংকি অফিচলৈ গুচি গৈছেগৈ।
পিছলৈ ঘূৰি চালোঁ মই।

সেই প্ৰথমদিনা দেখা পাতল গুলপীয়া চাৰ্ট আৰু চাৰ্ফৰঙী জিন্স পিন্ধি মোৰ কাষত ৰৈছেহি তেওঁ। একেবাৰে কাষত। 
নাকত লাগিছে সেই চিনাকি সুগন্ধি। অকণমান আঁতৰি ৰ'লো মই। 

: আপুনি কিয় আহিছে?

: তোমাৰ সৈতে কথা আছে কৃশ্বু।

: কিন্তু মোৰ আপোনাৰ সৈতে কোনো কথা নাই। যি কথা পাতিবলৈ আছিল সেয়া মই কেতিয়াবাই পাতি শেষ কৰিছোঁ। আপুনি যাব পাৰে। 

: এবাৰ শুনা কৃশ্বু।

ঘড়ীলৈ চালোঁ মই। এটা লাইভ অনুষ্ঠান আছে চাৰি বজাৰ পৰা। এইবাৰ তেওঁৰ চকুলৈ পোনকৈ চাই সুধিলোঁ

: সোনকালে কওক। প্ৰগ্ৰেম আছে মোৰ।

: মোৰ পত্নী বৈদেহীক মই আমাৰ সকলো কথা জনাই দিছোঁ কৃশ্বু। 

দুয়ো ভ্ৰূ কোঁচাই তেওঁৰ চকুলৈ এইবাৰ আচৰিত হৈ চাই থাকিলোঁ মই। 

কি ক'লে তেওঁ পত্নীক!

: মই আমাৰ কথা সকলো বৈদেহীক কৈ দিছোঁ কৃশ্বু। এই হৃদয়ত তোমাৰ বাহিৰে যে আৰু কোনেও কেতিয়াও ঘৰ কৰি বহিবহি নোৱাৰে সেই কথা মই তেওঁক জনাই দিছোঁ। মই তোমাক ভালপাওঁ আৰু এই ভালপোৱা যে সঁচা, সেই কথা প্ৰমাণ কৰিবলৈ যি কৰিব লাগে সকলো কৰিবলৈ মই সাজু। আমাৰ মাজত এতিয়া আৰু কোনো নাই কৃশ্বু। কোনো নাই।

আস্‌! কিয়! কিয় ক'ব তেওঁ!
কিয় ক'ব তেওঁ পত্নীক সেই কথা।
কিমান কষ্ট পাইছে চাগৈ মানুহজনীয়ে।
নিজৰ স্বামীয়ে ভালপায় অন্য নাৰীক।
কেনেকৈ সহ্য কৰিছে তেওঁ এই কথা।
হে ঈশ্বৰ!

এক ধৰফৰনি যেন বগুৱা বাই গ'ল মোৰ সমগ্ৰ শৰীৰেৰে।

: আপুনি কিয় এনেকুৱা কৰিলে? কিয় ভাবিলে আপোনাৰ পত্নীয়ে সহজভাৱে ল'ব এই সম্পৰ্ক। ভুল কৰিলে আপুনি। পুনৰ ভুল কৰিলে।

মৌন হৈ ৰৈছে তেওঁ।
তেওঁৰ মৌনতা মোৰ বুকুত নামঘৰৰ কাঁহ হৈ বাজিছে।
মই জানো মোৰ কথাই কষ্ট দিছে তেওঁক।

তথাপি তেওঁক আৰু কোনো কথাই ক'বলৈ সুযোগ নিদিয়াকৈ অফিচলৈ যাবলৈ বুলি ঘূৰি দিয়াৰ লগে লগে চকু থৰ হৈ ৰৈ গ'লো মই। মোৰ একেবাৰে কাষতে পিছফালে থিয় দি ৰৈছে ঋষভ। গেইটৰ খুটাত হাত দি অস্থিৰ হৈ ৰৈছে সি। মোৰ চকুত চকু পৰাৰ লগে লগেই তৎক্ষণাত সেই ঠাইৰ পৰা আঁতৰি গ'ল ল'ৰাটো।

মানুহজন এতিয়াও একেদৰেই ৰৈ আছে।
আৰু মই লাহে লাহে খোজ আগবঢ়াইছোঁ অফিচৰ দিশে। 

কোনো কাৰণতেই নিজকে তেওঁৰ ওচৰত দুৰ্বল কৰিবলৈ নিবিচাৰোঁ মই।

(আগলৈ)

©গায়ত্ৰী

আগৰ খণ্ডৰ লিংক

( https://www.facebook.com/groups/917699648365704/permalink/2322395397896115/ )

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ