#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩৯
" বিশিষ্ট প্ৰযোজক হিৰণময় বৰবৰাৰ হাৰ্ট এটেক হ'ল। এইমাত্ৰ মৃত্যু হ'ল তেখেতৰ।"
অফিচত হঠাৎ হুৱাদুৱা।
হিৰণময় বৰবৰা অৰ্থাৎ জনপ্ৰিয় অভিনেত্ৰী গাৰ্গী বৰবৰাৰ স্বামী।
নাই নাই! কোনো আবেগত লগা হুৱাদুৱা নাছিল সেয়া। অসমৰ চিনেমা জগতৰ এজন চিনিঅ'ৰ প্ৰযোজক তেখেত। তেখেতৰ মৃত্যু মিডিয়া ইণ্ডাষ্ট্ৰীৰ বাবে এক ব্ৰেকিং নিউজ। সেই ব্ৰেকিং নিউজ কোন মিডিয়া হাউচে আগতে পায় তাক লৈ অফিচটোত এক প্ৰকাৰৰ হুলস্থুলৰে সৃষ্টি হ'ল।
মই ন বজাৰ বুলেটিনখন পঢ়িবলৈ বুলি মেক আপ লৈ আজৰি হৈছিলোঁ মাত্ৰ। যদিও নিউজলৈ প্ৰায় বিশমিনিট সময় এতিয়াও বাকী আছে তথাপি ন বজাত যাবলগীয়া খবৰখিনিত এবাৰ চকু ফুৰাও বুলিয়েই সোনকালে মেকআপ লৈছিলোঁ। কম্পিউটাৰটো খুলি বহোঁতেই সেই খবৰে বুকু কঁপাই নিলে মোৰ। মন মগজুত অগা দেৱা কৰিবলৈ ধৰিলে মাত্ৰ দুমাহৰ আগতে মই ইণ্টাৰভিউ লোৱা গাৰ্গী বৰবৰাৰ মুখখন। কম্পিউটাৰৰ মাউছত হাত থৈ তেনেকৈয়ে বহি ৰ'লো মই।
তেনেতে কেবিনৰ পৰা প্ৰায় উধাতু খাই অহাদি ওলাই আহিল মৃণ্ময় দুৱৰা আৰু চিঞৰি উঠিল
: কৃষ্ণাক্ষী...হুৱেৰ ইজ কৃষ্ণাক্ষী?
: ছাৰ...
বহি থকাৰ পৰা খকমকাই থিয় দিলোঁ মই।
: তুমি এতিয়াই গাৰ্গী বৰবৰাৰ ঘৰলৈ যোৱা। মোক পুৱা ন বজাৰ বাতৰিটোতে সেই লাইভ লাগে। কুইক...
মই থিয় দি ৰ'লো একেঠাইতে।
: তুমি শুনা নাই মই কি কৈছোঁ?
মৃণ্ময় দুৱৰাই আকৌ ক'লে।
: ছাৰ আৰু মাত্ৰ বিশ মিনিট পিছতে মোৰ নিউজ। মই কেনেকৈ...
: আৰু কোন আছে নিউজ ৰিডাৰ? সোনকালে মেকআপ লৈ ষ্টুডিওলৈ যাবলৈ কোৱা। কিন্তু এই ৰিপৰ্টিংটো তুমিয়েই কৰিব লাগিব। গাৰ্গী বৰবৰাৰ ওচৰলৈ আৰু কোনো যাব নোৱাৰে। বুজিছাতো!
যদিও তেখেতে বুজিছা নে বুলি সুধিলে কিন্তু মই বুজিছোঁ নে নুবুজিছোঁ এবাৰো নোচোৱাকৈ মানুহজন আঁতৰি গ'ল মোৰ ওচৰৰ পৰা।
এইবাৰ মই একো নোকোৱাকৈয়ে মান্যতা মোৰ কাষ চাপি আহিল আৰু ক'লে
: নিউজটো মই পঢ়িম কৃষ্ণাক্ষী। তুমি ৰিপৰ্টিং কৰাগৈ যোৱা। আৰু শুনা,ঋষভৰ যদি কাম নাই তেন্তে তুমি তাক লৈ যোৱা। নহ'লে ভুলতো ইমান সোনকালে জাপৰিগোগ নাপাবাগৈ।
: ঠেংক্স ডিয়েৰ...
তাইক ধন্যবাদ জনাই ঋষভলৈ চালোঁ। কালিৰ পৰা ভালকৈ মোৰ সৈতে মাত বোল কৰা নাই সি। অলংকৃতাৰ পাৰ্টিৰ পৰা মোক ড্ৰপ কৰি দিয়াৰ পিছৰে পৰা ঋষভৰ মাতটো এবাৰলৈও শুনা নাই মই। এতিয়াও সকলোৰে পৰা আঁতৰত বহি কিবা নিউজ এটা লিখি আছে। মান্যতাই তাক লৈ যাবলৈ কোৱা নিশ্চয় কাণত পৰিছে তাৰ। কিন্তু এবাৰো সি মূৰ তুলি চোৱা নাই মোৰ ফালে।
এইবাৰ তাৰ কাষলৈ গ'লো আৰু ওচৰত থিয় দি সুধিলোঁ
: গাৰ্গী বৰবৰাৰ হাচবেণ্ড ঢুকাইছে। দুৱৰা চাৰে ৰিপৰ্টিংটো মোক কৰিবলৈ দিছে। নেক্সট বুলেটিন খনত বোলে লাগেই। গৈ দিবা নেকি ঋষভ? মোৰ অকণমান সহায় হ'ব।
মোক হা না একো উত্তৰ নিদিয়াকৈ টেবুলৰ পৰা গাড়ীৰ চাবি হাতত লৈ ৰিছেপশ্যনৰ ফালে আগুৱাই গ'ল সি। মই লৰালৰিকৈ চেঞ্জিং ৰূমলৈ গৈ বাতৰি পঢ়িবলৈ বুলি পিন্ধি লোৱা ব্লেজাৰ আৰু স্পেগেটি খুলি কুৰ্তাটো পিন্ধি ওলাই আহিলোঁ। ঋষভ আৰু কেমেৰাপাৰ্চন প্ৰবাল ৰিছেপশ্যনত ইতিমধ্যেই মোৰ বাবে ৰৈ আছিল। মই গৈ পোৱাৰ লগে লগে লিফ্টৰ বুটাম টিপিলে ঋষভে। লিফ্টৰ ভিতৰ সোমায়ো মোৰপৰা বহু আঁতৰত অচিনাকি মানুহৰ দৰে থিয় দি ৰ'ল সি।
: এড্ৰেচ কি?
গাড়ীত বহিয়েই সুধিলে ঋষভে। মাতটো তাৰ অসম্ভৱ গহীন।
: জাপৰিগোগলৈ ব'লা।
মই কোৱাৰ লগে লগেই সাংঘাতিক জোৰত গাড়ীখন চলাই নিলে সি। এই সময়ত মহানগৰীত ভয়ংকৰ ট্ৰেফিক জাম হয়। তাৰ মাজে মাজে গাড়ী,বাইক,ঠেলাৰ মাজেৰে সি কাটি কুটি বৰ জোৰেৰে আগুৱাই নিছে গাড়ীখন। যদিও সি জোৰেৰেই চলায় তথাপি নাজানোঁ কিয় আজি মোৰ কিবা এটা ভয় লাগিছে। একো নকওঁ বুলি ভাবিও লাহেকৈ ক'লো
: লাহে লাহে যাবা নেকি ঋষভ?
: ভয় কৰিব নালাগে। তোমাক একো হ'বলৈ নিদিওঁ। আৰু মোৰ কিবা হোৱাক লৈ তুমি চিন্তা কৰিব নালাগে।
পিছফালে বহি অহা কেমেৰা পাৰ্চনজনে নুশুনাকৈয়ে বৰ ফুচফুচাই কৈ উঠিল সি।
'কৃষ্ণা' বুলি সদায়েই মৰমেৰে মতা ল'ৰাটোৰ এয়া কেনে কঠোৰ মাত! মই আচৰিত হৈ চাই ৰ'লো তাৰ মুখলৈ। কিন্তু সি যেন নিজৰ ঠাইত স্থিতপ্ৰজ্ঞ। ষ্টেয়াৰিঙত হাত থৈ নিৰুদ্বেগভাৱে চাই ৰৈছে সন্মুখলৈ আৰু একেই জোৰতেই চলাই নিছে গাড়ীখন। মোৰ কোনো আচৰিত হোৱা বা ভয় লগাই যেন তাক চুবই পৰা নাই।
এসময়ত তেনেকৈয়ে আহি সি গাড়ী ৰখালেহি গাৰ্গী বৰবৰাৰ অট্টালিকা সদৃশ ঘৰত। আমাৰ পিছে পিছেই আহি ৰৈছিলহি লাইভ কৰিবলৈ অহা আমাৰ চেনেলৰ আউটচাইড ব্ৰডকাষ্টিং ভেনখন। লোকে লোকাৰণ্য চৌহদ। আমি তিনিও নামি পৰিলোঁ গাড়ীৰ পৰা। আগবাঢ়ি গৈয়েই চকুত পৰিল গেইটৰ সন্মুখতে এখন ডাঙৰ নামফলক।
: হিৰণ গাৰ্গী কুটীৰ।
অসমীয়া চলচ্চিত্ৰ জগতৰ অলেখ নামী দামী অভিনেতা অভিনেত্ৰীৰ লগতে গাৰ্গী বৰবৰা আৰু হিৰণময় বৰবৰাৰ গুণমুগ্ধৰে ভৰি পৰিছে 'হিৰণ গাৰ্গী' কুটীৰ।
দুকাষে দুজোপা বাগানভেলিয়াৰ মাজেৰে প্ৰকাণ্ড গেইটখনেৰে সোমাই গ'লো আমি। আমাৰ অফিচটো আটাইতকৈ ওচৰত হোৱাৰ বাবে খুব লৰালৰিকৈ আমি আহি পাইছিলোঁহি। তেতিয়ালৈকে আহি পোৱা নাছিল আন কোনো সংবাদ মাধ্যমৰ গাড়ী।
জি এন আৰ চি ত মৃত্যু হোৱা হিৰণময় বৰবৰাৰ মৃতদেহ এতিয়ালৈকে ঘৰলৈ আহি পোৱা নাই। ন বাজি পোন্ধৰ মিনিট গৈছে। আৰম্ভ হৈ গৈছে 'হিৰণ গাৰ্গী কুটীৰ'ৰ পৰা 'অসম Daily' চেনেলৰ লাইভ। উপস্থিত বিভিন্ন তাৰকাৰ ওচৰলৈ গৈ ঋষভে বাইট লোৱা আৰম্ভ কৰি দিছে।
মই সোমাই গ'লো গাৰ্গী বৰবৰাৰ ওচৰলৈ। ইণ্টাৰভিউ বা বাইট ল'বলৈ নহয়। মানুহগৰাকীক এবাৰ দেখা কৰিবলৈহে মই সোমাই গ'লো তেওঁৰ ওচৰলৈ।
চেন্ডেল খুলি ভৰি দিলোঁ মাৰ্বলৰ চেঁচা মজিয়াত। সুদৃশ্য বাৰাণ্ডাৰ একাষে এখন লোহাৰ খুব ধুনীয়া ঝুলনা। আনকাষত এল পেটার্নৰ এখন প্ৰকাণ্ড চ'ফা। গোটেই বাৰাণ্ডাৰ কাষে কাষে আৰু লোহাৰ ৰেলিং বোৰত ৰং বিৰঙৰ বিভিন্ন ফুলেৰে অসংখ্য টাব।
মাৰ্বলৰ ওপৰেৰে খোজকাঢ়ি গৈ থাকোঁতে প্ৰতি খোজতেই মোৰ মনলৈ বাৰে বাৰে ভাঁহি আহিল 'অসম Daily' লৈ আহোঁতে দেখা গোটেই কপালজুৰি ডাঙৰ ফোঁট লোৱা গাৰ্গী বৰবৰা নামৰ মানুহগৰাকী। ধুনীয়া নখকেইটাত বুলাই থোৱা আছিল তেজৰঙা নেইল পলিশ্ব।
ৰং ভালপোৱা মানুহগৰাকী বাৰু কি অৱস্থাত আছে! এটা ইণ্টাৰভিউত শুনিছিলোঁ হিৰণময় বৰবৰাৰ সৈতে তেওঁৰ প্ৰেমৰ কথা। শৈশৱৰ বন্ধুত্ব কেনেকৈ হৈ পৰিছিল জীৱনৰ প্ৰথম প্ৰেম।
আঃ! স্থিৰ হৈ ৰ'ব পাৰিছে নে মানুহজনী!
কেনেকৈ আছে প্রেমিক স্বামীক হেৰুৱাই পেলোৱা এগৰাকী মানুহ!
ডাঙৰ বাৰাণ্ডাখন পাৰ হৈ মখমলৰ পৰ্দা কোঁচাই থিয় দিলোঁহি তেখেত বহি থকা কোঠালিটোত। ড্রয়িং ৰূমটোত প্ৰায় দহগৰাকীমান মানুহৰ সৈতে এখন চাপৰ গাদীত বহি আছে গাৰ্গী বৰবৰা। মানুহকেইগৰাকীয়ে প্ৰায় ঘেৰি ধৰি আছে তেওঁক। মই সোমাই গৈ মানুহগৰাকীৰ একেবাৰে সন্মুখতে ৰ'লোহি। মই ৰোৱাৰ লগে লগে আঁঠুত গুজি থকা মুখখন তুলি মোলৈ চালে মানুহগৰাকীয়ে।
উফ! এয়া কি অৱস্থাৰে বহি আছে মানুহজনী!
কান্দি কান্দি উখহি পৰা দুচকু।
আউল বাউল চুলি।
গাত এযোৰ শুধ বগা চেলোৱাৰ।
শিৰত যদিও আগদিনাৰে পাতল সেন্দূৰৰ চিন কিন্তু কপালখন উকা। ফোঁটটো নাই।
হে ঈশ্বৰ! ক্ষন্তেকতে কোনে সজালে তেওঁক এনেকৈ! কোনে ৰঙীন কাপোৰ খুলি পিন্ধাই দিলে বগলীৰ পাখিৰ দৰে এই বগা সাজ? কোনে আঁতৰাই দিলে কপালৰ ফোঁটটো?
কেনে নিষ্ঠুৰ ! কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ!
উচ্ছল মানুহগৰাকীৰ সলনি ঢেলা,নিস্তেজ এইগৰাকী সম্পূৰ্ণ এগৰাকী বেলেগ মানুহ।
"খুব ভাল মানুহ আছিল হিৰণময়"
"যাৰ যেতিয়া যাবলগীয়া আছে যাবই হে! কোনে কাক ৰাখিব পাৰে"
"ডাক্টৰে কৈছে নহয় হাৰ্ট বেয়া হোৱাৰ কথা। এনেই কষ্ট খাই থকাতকৈ যোৱাই ভাল"
উগ্ৰ প্ৰসাধন কৰি অহা মানুহকেইগৰাকীয়ে অনৰ্গল কৈ গৈছে এনেকুৱা কিছুমান কথা। আঁঠুত মূৰ গুজি থকা মানুহগৰাকীয়ে বৰ অসহায়ভাৱে চাইছে মানুহবোৰলৈ আৰু একোপাকত হৃদয় বিদাৰি উচুপি উঠিছে।
মানুহগৰাকীৰ কাষতে ক্ষন্তেক বহি পৰিলোঁ মই। একো নোকোৱাকৈ।
কিনো দিও সান্তনাৰ ভাষা!
কেনেকৈ কিবা বুজোৱা যায় এইগৰাকী মানুহক।
নোৱাৰি! কোনোপধ্যেই নোৱাৰি।
মোৰ হাতৰ মুঠিত থকা ফোনটো শব্দ কৰি বাজি উঠিল। লগে লগে চাইলেণ্ট কৰি চাই দেখোঁ মৃণ্ময় দুৱৰাৰ ফোন।
: হেল্ল' ছাৰ...
অকণমান আতঁৰলৈ উঠি আহি ৰিচিভ কৰিলোঁ ফোনটো।
: কৃষ্ণাক্ষী... গাৰ্গী বৰবৰাৰ ওচৰলৈ ঋষভ সোমাব পৰা নাই। সি কৈছে তুমি বোলে তেওঁৰ ওচৰতে আছা। গ্ৰেইট। এতিয়ালৈকে বেলেগ চেনেল গৈ পোৱা নাই। তুমি লৰালৰিকৈ তেওঁৰ দুটামান বাইট লোৱা। মই ঋষভক কৈছোঁ কেমেৰা পাৰ্চনক যেনেতেনে ভিতৰলৈ পঠিয়াবলৈ। দুটামান কান্দি থকা ফাটাফাটি ভিজুৱেল যদি পাই যাওঁ বিৰাট ভাল হ'ব। জলদি কৰা। ৱিদিন ফাইভ মিনিটচ মোক তেওঁৰ বাইট লাগে।
মই থৰ হৈ ৰৈছোঁ। মৃণ্ময় দুৱৰাৰ কেবিনৰ টিভিৰ পৰা ভাহি আহিছে মান্যতাৰ মাত-
" আৰু অলপ সময়ৰ পিছতে আমি জানিবলৈ চেষ্টা কৰিম বিশিষ্টা অভিনেত্ৰী গাৰ্গী বৰবৰাৰ মনৰ ভাৱ "
মনৰ ভাৱ?
গাৰ্গী বৰবৰাৰ কি মনৰ ভাৱ জনাওঁ মই 'অসম Daily' চেনেলক। জীৱনৰ সুখ দুখৰ লগৰী প্ৰেমিক স্বামীক হেৰুৱাই দুখত বাউলি হৈ থকা মানুহ এগৰাকীক কোন সতেৰে মই সোধো তেওঁৰ মনৰ অৱস্থা? কি বুলি সোধো মই স্বামীক হেৰুৱাই অনুভৱ কি?
মই নোৱাৰো!
কোনোপধ্যেই নোৱাৰো মই!
ইমান হৃদয়হীন,ইমান বিবেকহীন হ'বলৈ মোৰ মন মগজুৱে মোক যে বাৰে বাৰে বাধা দিছে।
কেমেৰা পাৰ্চনজন আহি ভিতৰ পাইছেহি। মই এবাৰ তেওঁলৈ চাই আকৌ এবাৰ গাৰ্গী বৰবৰালৈ চালোঁ। মানুহজনীয়ে এতিয়াও আঁঠুত মূৰ গুজি ফেঁকুৰি আছে। কেমেৰা পাৰ্চন প্ৰবাল মোৰ কাষলৈ আগবাঢ়ি আহিল আৰু বুমটো মোৰ হাতলৈ আগবঢ়াই দি লাহে লাহে ফুচফুচাই কোৱাৰ দৰে ক'লে
: দুৱৰা চাৰে তেখেতৰ কান্দি থকা অৱস্থাৰ ফুটেজ লবলৈ কৈছে। গাৰ্গী বৰবৰাৰ মুখখন ওলোৱাই নাই কৃষ্ণাক্ষী। কিবা এটা কৰি অলপ কন্দা ফুটেজ লব পৰা যাব নেকি বাৰু?
প্ৰবালৰ মুখলৈ চাই মই ৰৈ থাকিলোঁ। মই জানো তেওঁ যে নিৰূপায়। মৃণ্ময় দুৱৰাক উত্তৰ দিব পৰা মানুহ তেখেত বা মই নহয়। মানুহ এজন হেৰুৱাই বাউলি হৈ পৰা মানুহ এজনীক বাৰে বাৰে কন্দুৱাবলৈ এটা চাকৰিৰ খাটিৰতে আমি যে বাধ্য।
কিন্তু এই কাম মই কৰিব পৰা নাই। হাতৰ মুঠিত থকা মোৰ মোবাইলটো পুনৰ কঁপি উঠিল। এইবাৰ নিউজ এডিটৰ অনুজ দাৰ ফোন।
: ন বজাৰ নিউজ শেষ হ'বলৈ আৰু মাত্ৰ পোন্ধৰ মিনিট বাকী কৃষ্ণাক্ষী। এতিয়ালৈকে গাৰ্গী বৰবৰাৰ এটাও বাইট তুমি কিয় ল'ব পৰা নাই? এতিয়ালৈকে কোনো চেনেলত বজা নাই এই বাতৰি। কিন্তু আমি খবৰ পাইছোঁ ইতিমধ্যে 'খবৰ 24×7'ৰ সাংবাদিক আহি উপস্থিত হৈছে। প্লিজ সোনকাল কৰা। আমাক নিউজ লাগে।
লৰালৰিকৈ কথাকেইটা কৈ ফোন কাটিলে অনুজ দায়ে। মই হাতৰ মুঠিতে ফোনটো লৈ গাৰ্গী বৰবৰালৈ চালোঁ। কাষৰ কৰ্ণাৰ টেবুলখনৰ পৰা হিৰণময় বৰবৰা আৰু তেওঁৰ যুগ্ম ফটো এখন লৈ বুকুত সামৰি ধৰিছে মানুহজনীয়ে। মাজে মাজে অলপ পৰ তধা লাগি চাইছে ফটোখনলৈ আৰু তাৰ পিছতে আকৌ উচুপি উঠিছে।
উফ! এইজনী মানুহক মই কি সতেৰে সোধোগৈ মানুহজনক হেৰুৱাই তেওঁৰ অনুভৱ কেনেকুৱা? মই কি বুলি হাতত বুম লৈ আগুৱাই যাওঁ তেওঁৰ ওচৰলৈ।
মোবাইলত এইবাৰ মৃণ্ময় দুৱৰাৰ মেছেজ
: গাৰ্গী বৰবৰাৰ বাইট লাগে সোনকালে।
এইবাৰ অকণমান ল'ৰি ছৰি বহিলোঁ মই। এবাৰ চিন্তাও কৰিলোঁ কেনেবাকৈ কৰিব পাৰো নেকি কামটো!
হে ঈশ্বৰ!
মোক শক্তি দিয়া।
কঠোৰ হ'বলৈ,নিষ্ঠুৰ হ'বলৈ শক্তি দিয়া মোক।
এইবাৰ হাতত বুমটো লৈ মই আগবাঢ়ি গ'লো মানুহগৰাকীৰ ওচৰলৈ। লাহেকৈ তেওঁৰ কাষতে বহিলোঁ। বহিবলৈ পালোঁ কি নাপালোঁ হঠাৎ বাহিৰৰ পৰা এক মিহি হুলস্থূলৰ শব্দই সকলোৰে দৃষ্টি কাঢ়ি নিলে। কোনোবাই উচ্চাৰি উঠিলে
: ডেডবডী আহি পালে।
গাৰ্গী বৰবৰাৰ কাষৰ উগ্ৰ প্ৰসাধন কৰা মানুহ কেইগৰাকীয়ে তেওঁলোকৰ বেগৰ পৰা লিপষ্টিকবোৰ উলিয়াই আকৌ এবাৰ ওঁঠত বুলাই উঠি গ'ল চোতাললৈ বুলি। এইবাৰ কাষত আন কাকো নাপাই মোৰ হাতত খামুচি ধৰিলে মানুহগৰাকীয়ে। প্ৰচণ্ড জোৰেৰে খামোচ মাৰি ধৰিছে তেওঁ। বুমটো হাতৰ পৰা কোঁচত লৈ মই আনখন হাতেৰে মানুহগৰাকীক সাবটি ধৰিলোঁ। কি কৰিবলৈ মই তেওঁৰ সন্মুখলৈ আহিছিলোঁ সেই কথা যেন মই পাহৰি পেলালোঁ।
কেমেৰা পাৰ্চনজনে এতিয়াও গাৰ্গী বৰবৰাৰ ফালে চাই কেমেৰা ঘূৰাই আছে। খোলা দুৱাৰেৰে তিনিগৰাকী মহিলা সোমাই আহিল আৰু গাৰ্গী বৰবৰাক উদ্দেশ্যি লাহেকৈ ক'লে
: উঠা গাৰ্গী। তেখেত আহিলে নহয়। এবাৰ নোচোৱা জানো!
তাৰে এগৰাকীয়ে গাৰ্গী বৰবৰাক হাত এখনত ধৰি লাহে লাহে থিয় কৰাই দিলে। মানুহগৰাকীয়ে তেতিয়াও হাত এৰা নাছিল মোৰ হাতৰ পৰা। কোনোবা এগৰাকীয়ে মোক খামুচি থকা হাতখনো লাহে লাহে এৰুৱাই মানুহগৰাকীক বাহিৰলৈ লৈ গ'ল। দুগৰাকী মানুহৰ শৰীৰত হাউলি পৰি লাহে লাহে মৃত স্বামীৰ কাষলৈ আগুৱাই গৈছে গাৰ্গী বৰবৰা।
আৰু মই!
স্থানুৰ দৰে ৰৈ গৈছোঁ একেঠাইতে।
এপাকত মজিয়াত পৰি ৰোৱা মোৰ ফোনটো উঠাবলৈ লৈ দেখোঁ সাতটা মিছড কল। মৃণ্ময় দুৱৰা,অনুজ দা আৰু তেজস্বীনি বাৰ। কালৈকো কল বেক নকৰাকৈ বাহিৰলৈ ওলাই আহিলোঁ মই।
চিপচিপকৈ বৰষুণ পৰিছে। ঋষভে তেতিয়াও লাইভ দি আছে বাহিৰত। হিৰণময় বৰবৰাৰ মৃতদেহ আনি হেজেৰে আবৃত লনখনত শুৱাইছেহি। বগা কাপোৰখনৰ পৰা মুখখন উলিয়াই কোনোবাই গাৰ্গী বৰবৰাক দেখুৱাইছে। ধূপৰ ধোঁৱাৰে আগুৰি থকা ঠাইখিনিতে মৃতদেহৰ কাষত বহি একেথিৰে মানুহজনৰ মুখলৈকে চাই ৰৈছে গাৰ্গী বৰবৰাই। অথনিৰে পৰা কান্দি কান্দি এতিয়া হিকটি এটা পাৰি থকা মানুহজনীৰ কাষত ভিৰ কৰিছে বিভিন্ন মিডিয়াই। বিভিন্ন চেনেলৰ বুমবোৰ তেওঁৰ সন্মুখত দাঙি ধৰি সকলোৱে সুধি গৈছে উপৰ্যুপৰি প্ৰশ্ন। তাৰ মাজত ঋষভো আছে। 'অসম Daily' চেনেলৰ বুমটো ধৰি সুধি গৈছে মানুহগৰাকীক বিভিন্ন প্ৰশ্ন।
: তেখেত কেতিয়াৰ পৰা অসুস্থ হৈছিল?
: আপোনাৰ লগত শেষ কথা বতৰা কি হৈছিল বাৰু তেওঁৰ?
: শেষবাৰৰ বাবে কেতিয়া কথা পাতিছিল?
: আপোনাৰ অনুভৱ কেনেকুৱা!
প্ৰতি প্ৰশ্নতে উচপ খাই উঠিছোঁ মই। আৰু প্ৰতি প্ৰশ্নৰ উত্তৰ দিওঁতে ফেঁকুৰী উঠিছে গাৰ্গী বৰবৰাই।
এসময়ত মানুহজনক নৱগ্ৰহলৈ লৈ যোৱাৰ আয়োজন চলোৱা হ'ল। লৰালৰিকৈ নৱগ্ৰহলৈ বুলি ৰাওনা হ'ল আটাইকেইটা চেনেলৰ সংবাদিকৰ দল। নৱগ্ৰহত আমাৰ বেলেগ সাংবাদিক উপস্থিত থকাৰ বাবে আমি অফিচলৈ ঘূৰিবলৈ বুলি গাড়ীত বহিলোহি। আমাৰ সৈতে অহা প্ৰবাল নৱগ্ৰহলৈ গৈছিলগৈ। গাড়ীত বহিছিলোহি কেৱল ঋষভ আৰু মই।
বাহিৰত এজাক দোপালপিতা বৰষুণ। চিপচিপকৈ অথনিৰে পৰা দি থকা বৰষুণজাক এতিয়া কলহৰ কাণেৰে ঢালিছে। গাড়ীৰ ওপৰত আৰু সন্মুখৰ গ্লাছত পানীৰ টোপালবোৰ পৰি এক কৰুণ শব্দৰ সৃষ্টি কৰিছে। প্ৰকৃতিয়েও যেন কান্দিছে গাৰ্গী বৰবৰাৰ বাবে।
মই ঋষভলৈ চালোঁ। কামৰ গোটেই সময়খিনি সপ্ৰতিভ হৈ থাকি আকৌ অহাৰ দৰেই গহীন হৈ পৰিছে ঋষভ।
"এতিয়া যে তুমি দূৰ
ধোঁৱাতেই গলিছে মোৰ
হৃদয়ৰঙী ফাগুন।"
"তুমি আঁতৰি যোৱাৰ খবৰ শুনি
সৰাপাত সেমেকি উঠে..."
গাড়ীৰ এফ এমত গান বাজি আছে। গানৰ সুৰে সুৰে বৰষুণজাক যেন কথকী হৈ উঠিছে। চিপ চিপ কৈ বৰষি কত যে কথা কয় বৰষুণে!
মৌন হৈ বহি ৰৈছে ঋষভ !
এটাও কথা কোৱা নাই সি!
একেৰাহে কথা কৈ থকা ল'ৰাটোৰ এয়া কেনে ৰূপ?
: ঋষভ...
লাহেকৈ মাতিলোঁ মই।
নাইমতা সি। চোৱাও নাই। একেৰাহে সন্মুখলৈ চাই ষ্টেয়াৰিঙত হাত ৰাখি গৈছে। গাড়ীৰ আইনাত অহৰহ ইফালৰ পৰা সিফাললৈ চলি থকা ৱাইপাৰৰ মাজে মাজে দৃষ্টি ৰাখিছে ৰাস্তালৈ।
: ঋষভ...
আকৌ মাতিলোঁ মই।
: হম্মম...
: মোক নামাতা কিয়? কথা নাপাতা কিয় মোৰ সৈতে?
: মাতি আছোঁতো।
সহজ হ'বৰ ইচ্ছাৰেই যেন সামান্য হাঁহি উত্তৰ দিলে সি।
: এয়া কথা পতা বুলি কয় নেকি? মোক কিবা বেয়া পাইছা তুমি?
: নাই।
:কোৱা ঋষভ। যদি বেয়া পাইছা মোক কৈ দিয়া না।
: মই তোমাক বেয়া পাম কিয়? অধিকাৰেই বা কি?
: আমি বন্ধু ঋষভ। বন্ধুত্বৰ অধিকাৰেৰে কিবা কথাত মোক বেয়া পাবও পাৰা তুমি। সেই অধিকাৰ তোমাৰ আছে।
: সেয়া কেৱল মই ভাবোঁ।
: কিয় এনেকৈ কৈছা?
: আৰু কেনেকৈ ক'ম? মোক বন্ধু বুলি ভাবা তুমি? কোৱা কৃষ্ণা। মই তোমাৰ বন্ধু?
: কিয় নাভাবিম?
: নাভাবা কৃষ্ণা। হাজাৰ ক'লেও এই কথা মই বিশ্বাস কৰিব নোৱাৰোঁ।
মই চাই ৰ'লো তালৈ।
বৰ আচৰিত হৈ।
: যদি বন্ধু বুলি ভাবা তেন্তে মোক কোৱা সাগ্নিক কোন? মই জানিব খোজো কৃষ্ণা কোন এই নামৰ গৰাকী। ক'ব পাৰিবা? পাৰিবা ক'ব?
এইবাৰ আকৌ সুধিলে সি।
মনে মনে ৰৈছোঁ মই।
নোৱাৰো ক'ব। অঁ, নোৱাৰো মই ক'ব।
ঋষভক কিয়,পৃথিৱীৰ কোনো মানুহকে মই ক'ব নোৱাৰো সাগ্নিক চলিহাৰ কথা। মোৰ বুকুৰ সেই বন্ধ কুঠৰী খুলি কাৰো সন্মুখলৈ আঁজুৰি আনিব নোখোজো মই সেই মানুহজনক। তেওঁ তাতেই থাকক। আজীৱন। এক অনুভৱ হৈ মোৰ বুকুৰ বন্ধ কুঠৰীত আমৃত্যু বহি ৰওক তেওঁ।
: দেখিছা কৃষ্ণা। কৈছিলোঁ নহয় তুমি নোৱাৰা ক'ব। সেই কথা শুনিলেই এনেদৰেই নিশ্চুপ হৈ পৰা তুমি।
অভিমানত মাতটো যেন কঁপি উঠিছে তাৰ।
আমি অফিচ পাইছিলোহি। অফিচলৈ গাড়ী নুসুমুৱাকৈ ৰাস্তাৰ একাষে গাড়ীখন ৰখাই এইবাৰ সি বৰ শান্ত স্বৰেৰে সুধিলে
: কৃষ্ণা...নালাগে ক'ব তুমি এই কথা। মই আৰু কেতিয়াও নোসোধো। কিন্তু এটা কথা মই সুধিব পাৰোঁনে কৃষ্ণা?
মাতত তাৰ আবেগৰ ভৰ।
: কোৱা...
লাহেকৈ ক'লো মই।
: তোমাৰ জীৱনত কোনোবা আছে নেকি?
এই ধৰা যাক আমি একেবাৰে নিজৰ বুলিব পাৰোঁ। প্ৰেমিক...
কি কওঁ!
কি কওঁ মই।
এই কথাৰ উত্তৰো যে মোৰ ওচৰত নাই।
প্ৰেম বুলিলেই যে সেই চশমা পিন্ধা এহালি চকুৱে এতিয়াও চকুৰ আগত অগা দেৱা কৰে, কৰ্ণকুহৰত প্ৰতিধ্বনিত হয় এটাই শব্দ - ' কৃশ্বু'... সেই কথা এতিয়াওতো নুই কৰিব নোৱাৰোঁ মই।
তেওঁ মোৰ প্ৰেম।
এনে প্ৰেম যাক স্পৰ্শ নকৰাকৈয়ে, যাৰ সৈতে এষাৰ কথাও নপতাকৈয়ে থাকি যাব পাৰোঁ ওৰেটো জীৱন।
: কোৱা কৃষ্ণা। এবাৰ কোৱা কোনো নাই তোমাৰ জীৱনত। এবাৰ মুখেৰে উচ্চাৰি উঠা সেই বাক্য। প্লিজ কৃষ্ণা।
মোৰ সন্মুখত অনুনয় কৰিছে ল'ৰাটোৱে।
: প্ৰেমলৈ মোৰ অহেতুক ভয় ঋষভ। এইবাবে নহয় যে মোক কোনোবাই এৰি থৈ গৈছে বা মই কাৰোবাক এৰিছোঁ। বৰঞ্চ এইবাবেহে যে প্ৰেমৰ নামত কষ্ট সহ্য কৰিব পৰা শক্তি এই বুকুত আৰু নাই।
বৰ লাহেকৈ ক'লো মই।
: হয়তো কোনোবাই তোমাক দুখ দিছে। সকলো মানুহতো একেই নহয়। মই তোমাক ভালপাওঁ কৃষ্ণা। মোৰপৰা কেতিয়াও যে তুমি দুখ নোপোৱা সেই প্ৰতিশ্ৰুতি মই তোমাক দিব পাৰোঁ। এবাৰ ভাবি চোৱাচোন।
: আমি অফিচ পালোহি ঋষভ। মই যাওঁ। তুমি আহি থাকিবা।
কৈয়েই এক মিনিটো অপেক্ষা নকৰাকৈ গাড়ীৰ পৰা ওলাই আহিলোঁ মই। লিফ্টৰ বুটাম টিপি খৰধৰকৈ অফিচ ওলালোঁহি।
: কৃষ্ণাক্ষী।
ৰিছেপশ্যনৰ দুৱাৰ ঠেলি সোমাওঁতেই টান মাত শুনি ৰৈ গ'লো মই। সেয়া মৃণ্ময় দুৱৰাৰ মাত। নিউজ ডেস্কত নিউজ এডিটৰ অনুজদাৰ সৈতে ৰৈ আছে তেওঁ। হাত সাবটি খুব কঠোৰ মুখেৰে ৰৈ আছে মানুহজন। মই কাষ চাপি গ'লো।
: আজি গাৰ্গী বৰবৰাৰ বাইট 'অসম Daily 'চেনেলত আটাইতকৈ যে দেৰিকৈ বাজিলে সেই খবৰ তুমি ৰাখিছা নে?
: ছাৰ...
মুখেৰে মাত্ৰ এটা শব্দ উচ্চাৰণ কৰি ৰোৱাৰ ভাঁজতেই ৰৈ থাকিলোঁ মই।
: এটা নিউজ পঢ়িবলৈ নিদিয়াকৈ দৌৰাদৌৰিকৈ তোমাক গাৰ্গী বৰবৰাৰ ওচৰলৈ পঠিয়াইছিলো মই। আমাৰ চেনেল আটাইতকৈ আগত গৈ পাইছিলগৈ। আৰু মই খবৰ পাইছোঁ তুমি বোলে গাৰ্গী বৰবৰাৰ হাতত হাত থৈ তেখেতক সান্তনা দি বহি ৰৈছিলা। তোমাক তালৈ সান্তনা বাণী শুনাবলৈ পঠিওৱা নাছিলোঁ মই।
খঙত ফোঁপাই উঠিছে মানুহজন। অলপপৰ ৰৈ আকৌ ক'লে তেওঁ-
: কিছুমান মানুহৰ পৰা কিছুমান কাম আশা কৰা নাযায়। আজি মোৰ তোমাক গালি পাৰিবলৈ মন যোৱা নাই। মাত্ৰ নিজৰ ওপৰত খং উঠিছে। তোমাৰ ঠাইত যদি বেলেগ কাৰোবাক পঠিয়ালো হয় সেই বাইট আমাৰ চেনেলত আটাইতকৈ আগত 'অসম daily' এক্সক্লুচিভ বুলি বাজিলহেঁতেন। তোমাক একো নকওঁ। কিন্তু তোমাৰ প্ৰতি থকা মোৰ ধাৰণা আজিৰ পৰা সলনি কৰিলোঁ।
মানুহজন গপগপাই আঁতৰি গ'লগৈ। মই তেনেকৈয়ে ৰৈ গ'লো। মৃণ্ময় দুৱৰা আঁতৰ হোৱাৰ লগে লগেই অনুজ দায়ে কৈ উঠিল
: তুমি কিয় বাইট ন'ললা কৃষ্ণাক্ষী। হিৰণময় বৰবৰাৰ মৃতদেহ চাবলৈ আজি টিভিৰ সন্মুখত কোনো মানুহ অপেক্ষা কৰা নাছিল। সকলো ৰৈ আছিল কান্দি কাটি বাউলি হোৱা গাৰ্গী বৰবৰাক চাবলৈ। বিশিষ্টা অভিনেত্ৰী গাৰ্গী বৰবৰাৰ স্বামীক হেৰুৱাই কি অৱস্থা হৈছে, সেয়া জানিবলৈ টিভিৰ সন্মুখত অপেক্ষা কৰিছিল আজি সকলো মানুহে। গোটেই টি আৰ পি 'খবৰ 24×7' এ লৈ গ'ল। খবৰ আছে নে তোমাৰ?
এইবাৰ ৰৈ থাকিব নোৱাৰিলো মই। মানুহজনৰ সমানেই উষ্মাৰে চিঞৰি উঠিলোঁ
: মই নোৱাৰোঁ অনুজদা। স্বামীক হেৰুৱাই উচুপি উচুপি বহি থকা মানুহ এজনীৰ মুখৰ সন্মুখত বুম ৰাখি তেওঁৰ অনুভৱ সুধিব মই নোৱাৰোঁ। জীৱনৰ ৰং হেৰুৱাই পেলোৱা মানুহ এজনীক মানুহজন নাইকিয়া হৈ যাওঁতে, মানুহজনে শেষ উশাহটো লওঁতে আপোনাৰ কেনেকুৱা লাগিছিল বুলি সুধিব মই নোৱাৰিম অনুজদা। আৰু মোক যদি সেই কামটো কৰিবলৈকে পঠিয়াইছিল তেন্তে মৃণ্ময় চাৰে ঠিকেই কৈছে মোক পঠিয়াই তেখেতে ভুল কৰিলে। বৰ ভুল কৰিলে। সেই কাম আজিহে নালাগে কোনোদিনেই মই কৰিব নোৱাৰিম। সাংবাদিকতা কৰিলোঁ বুলিয়েই মানৱতা জলাঞ্জলি দিব লাগিব বুলি মোক আগতে কোৱা হোৱা নাছিল। যদি এয়াই সাংবাদিকৰ কাম বুলি জানিলোঁহেঁতেন এই কাম কৰিবলৈ মই কেতিয়াও আগবাঢ়ি নাহিলোহেঁতেন। এয়া মোৰ সপোন আছিল। কিন্তু মোৰ সপোন পূৰ কৰিবলৈ যদি এনেকুৱা কাম কৰিবলগীয়া হয় তেন্তে এই সপোন এৰি পেলাবলৈ মই এবাৰলৈও কুণ্ঠাবোধ নকৰিম।
মোৰ উচ্চ বাচ্যত নিজৰ নিজৰ চকীৰ পৰা উঠি আহিছিল মানুহবোৰ। হাতে হাতে চাহৰ কাপ আৰু চিঙৰা লৈ চাই ৰৈছে মানুহখিনিয়ে। আজি অসময়তে সকলোৰে হাতে হাতে চাহৰ কাপ। কাৰণ বুজিবলৈ খুব বেছি সময় নালাগিল মোৰ। একেৰাহে টিভিত বজাই থকা হৈছে হিৰণময় বৰবৰাৰ বাতৰিটোকে। গতিকে আজি নতুন বাতৰিৰ বাবে বৰ বিশেষ প্ৰেচাৰ নিউজ ডেস্কত নাই।
হঠাৎ মনত পৰিল 'খবৰ 24×7' ত থাকোঁতে কোনোবাই কোৱা কথা এষাৰ। ২০০৮ চনৰ বোমা বিস্ফোৰণটো হেনো চেনেলৰ বাবে আটাইতকৈ আৰামদায়ক সময় আছিল। বেলেগ বাতৰিৰ বাবে চিন্তা নকৰাকৈ সেই ঘটনাকে বেছ কিছুদিনলৈ চেনেলে বজাই থাকিব পাৰিছিল। সেই সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহকে বিভিন্ন উপায়েৰে আবেগিকভাবে সজাই দেখুৱাই থাকিব পাৰিছিল তেওঁলোকে।
আজিও সকলোৰে বাবে তেনে এটাই দিন। গাৰ্গী বৰবৰাৰ কান্দি থকা মুখখন বিভিন্ন এংগলৰ পৰা দেখুৱাই অথবা হিৰণময় বৰবৰাৰ মৃতদেহক বিভিন্ন এংগলৰ পৰা দেখুৱাই দিলেই চলি যাব আজিৰ দিনটো।
কি এক অস্বস্তিকৰ পৰিবেশ।
মই কথাখিনি কৈয়েই আঁতৰি আহিলোঁ সেই ঠাইৰ পৰা।
নিউজ ডেস্কৰ শাৰী শাৰী টিভিত তেতিয়াও গাৰ্গী বৰবৰাক দেখুৱাই থকা হৈছে। স্বামীৰ ফটো সাবটি কান্দি থকা গাৰ্গী বৰবৰাক দেখুৱাই বজোৱা হৈছে এটি দৰদ ভৰা হিন্দী গীত।
" আঅ'গে জব তুম অ' চাজনা
আংগনা ফুল খিলেংগে
বৰছেগা চাৱন
বৰছেগা চাৱন "
কেতিয়াও ঘূৰি নহা বাটেৰে উভতি যোৱা মানুহজনৰ বাবে কান্দি থকা মানুহজনীৰ ফটোত বজোৱা হৈছে ঘূৰি অহাৰ মিছা প্ৰতিশ্ৰুতিৰ এটি গান। এয়া যেন মৃত্যু নহয়, এখন বোলছবি চলি আছে। গাৰ্গী বৰবৰাৰ জীৱনৰ আটাইতকৈ বিষাদৰ বোলছবি।
কি ঘৃণনীয় কাৰবাৰ!
এফালে গাৰ্গী বৰবৰাই টিভিত কান্দিছে আনফালে নতুন বাতৰিৰ বাবে বিশেষ কষ্ট কৰিব লগা নোহোৱা সময়খিনি সকলোৱে উপভোগ কৰিছে চাহ আৰু চিঙৰাৰে।
এয়াই যদি সাংবাদিকতা তেন্তে সাংবাদিক হৈ আজি লজ্জিত মই। এয়াই যদি সাংবাদিক এনেকুৱা সাংবাদিকক ধিক্কাৰ দিওঁ মই।
(আগলৈ)
©গায়ত্ৰী
আগৰ খণ্ডৰ লিংক
( https://www.facebook.com/groups/917699648365704/permalink/2320775038058151/ )
Comments
Post a Comment