#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_৩৪

আজিৰে সৈতে তিনিদিন একেৰাহে পল্টন বজাৰৰ এই ঠাইখিনিলৈ আহিছোঁ। লাহে লাহে ল'ৰা ছোৱালীবোৰে মোক বিশ্বাসত ল'ব পৰা হৈছে। মোৰ উদ্দেশ্যৰ বিষয়ে মই এতিয়ালৈকে সিহঁতক একোৱেই জনোৱা নাই। একো উলিয়াবলৈকে চেষ্টা কৰা নাই সিহঁতৰ পৰা। কিন্তু আজি অফিচৰ পৰা ওলাই আহোতেই ভাবিছোঁ যে লাহেকৈ কাৰোবাৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰিম। ইয়াতকৈ দেৰি হ'লে যদি কোনোবাদিনা সিহঁতৰ ওপৰত থকা মানুহবোৰে গম পাই যায় তেন্তে অসুবিধা হ'ব। মই এতিয়ালৈকে মাথোঁ এটাই কথা জানি উঠিছোঁ যে সিহঁতক ভিক্ষা কৰিবলৈ লগোৱা দালালজনৰ নাম ৰাজকুমাৰ।

আজিও গাড়ীতে বহি আছে ঋষভ আৰু বিকাশ দা। যোৱা কেইদিনৰ দৰে আজি ল'ৰা ছোৱালীহঁতৰ বাবে একো উপহাৰ অনা নাই মই। সিদিনা সিহঁতক আনি দিয়া ৰং পেঞ্চিলবোৰেৰে সিহঁতৰ যি মন যায় এটাকৈ ছবি আঁকিবলৈ কালি কৈ থৈ গৈছিলোঁ।

মই সোমাই যোৱাৰ লগে লগেই দৌৰি আহিল আটাইকেইটা। এতিয়ালৈ সিহঁত আটাইকেইটাৰে নামবোৰো মোৰ মনত ৰৈ গৈছে। লক্ষ্মী আটাইকেইটাতকৈ অলপ ডাঙৰ আৰু বুজন। ডাঙৰ মানেনো আৰু কি! বাকীকেইটা যদি ছয় সাতবছৰীয়া লক্ষ্মী দহ বছৰীয়া। ছোৱালীজনী আটাইকেইটা ল'ৰা ছোৱালীতকৈ অলপ যেন বেলেগো। বেলুন বিক্ৰী কৰি থকাৰ মাজে মাজে ৰাষ্টালৈ ওলাই গৈ তাই বাৰে বাৰে জুমি চাব খোজে পিঠিত বেগ লৈ স্কুললৈ যোৱা ল'ৰা-ছোৱালীবোৰ। হালধীয়া স্কুল বাছত বহি স্কুললৈ যাবলৈ মন যোৱাৰ কথা কয় তাই। সিহঁতৰ দৰে পৰিবেশ এটাত এনেকুৱা কথাবোৰ শুনিবলৈ বৰ আচহুৱা লাগে। তাৰোপৰি কেতিয়াবা ঠেংক ইউ, টিছাৰ এনে ধৰণৰ কিছুমান ইংৰাজী শব্দৰে মাজে মাজে তভক খুৱাই দিব খোজে তাই।

আটাইকেইটাই মোৰ সন্মুখত ৰৈ ছবি আঁকি অনা বহীবোৰ মেলি ধৰিলে। 

"দিদি মোৰখন আগতে চাওক" "নহয় দিদি মোৰখনহে আগতে চাওক" বুলি গোটেইকেইটাই হেঁতা ওপৰা লগাইছে।

প্ৰত্যেকৰে ছবিবোৰ চাই চাই প্ৰশংসাৰে বুৰাই পেলাইছোঁ মই। প্ৰশংসাৰ শব্দবোৰ সিহঁতবোৰৰ বাবে বৰ নতুন। তই-টোকাৰীয়ে জিভাৰ আগত নাচি থকা ল'ৰা ছোৱালীবোৰক মই 'তুমি' বুলি সম্বোধন কৰা কথাটোও সিহঁতৰ বাবে বৰ নতুন কথা। সকলোৰে বহীবোৰ চাই মই পুৰস্কাৰ হিচাপে এটা এটা টফি হাতত গুজি দিয়াৰ লগে লগে দৌৰি আঁতৰ হ'ল সিহঁত।

লক্ষ্মীয়ে তেতিয়াও মোৰ হাতত তুলি দিয়া নাছিল তাই ছবি আঁকি অনা বহীখন। এহাতে বেলুন আঁৰি থোৱা লাঠীডাল লৈ আনহাতে বহীখন গাৰ পিছফালে লুকুৱাই থিয় দি ৰৈছে তাই। বহাৰ পৰা এইবাৰ উঠি গ'লো মই।

: তুমি কি ছবি আঁকিছা দেখুওৱা আকৌ লক্ষ্মী।

থেৰোঁগেৰো কৰিলে তাই। মই আকৌ ক'লো

: দিয়া আকৌ। তুমি ইমান ধুনীয়াকৈ ছবি আঁকা, তুমি কি আঁকিছা চাবলৈ মোৰ খুব মন গৈছে।

এইবাৰ তাই গাৰ পিছফালৰ পৰা আনি লাহে লাহে মোৰ হাতত বহীখন তুলি দিলে। খুব উৎসাহেৰে ছবিখন চাবলৈ লৈ মই থৰ হৈ ৰৈ গ'লো। ছবিখনত দৈত্যৰ দৰে হাত দুখন মেলি থকা এটা প্ৰকাণ্ড মানুহ আঁকিছে তাই। মানুহটোৰ সন্মুখতে এজনী জুপুকা লাগি থকা অকণমানি ছোৱালী। ছোৱালীজনীৰ হাতত কেইটামান বেলুনৰ সৈতে এডাল দীঘল লাঠী।

কি আঁকিছে তাই!
কি বুজাবলৈ বিচাৰিছে এই ছবিখনেৰে!

তাইলৈ মূৰ তুলি চাই দেখোঁ তাইৰ চকুত দুফোঁটা চকুপানী। হাতৰ বেলুন লোৱা লাঠীডালত নিজৰ মূৰটো পেলাই দি বৰ দুখলগাকৈ উচুপি উঠিছে তাই। লৰালৰিকৈ মই তাইৰ হাতত ধৰি বহুৱাই দিলোঁ আৰু বৰ মৰমেৰে সুধিলোঁ

: লক্ষ্মী... কি হৈছে লক্ষ্মী?

একো নামাতে তাই। উচুপি আছে ছোৱালীজনীয়ে। মই তাইৰ মূৰটো এবাৰ হাতেৰে মোহাৰি দি আকৌ ক'লো

: তুমি মোক ক'ব পাৰা লক্ষ্মী। মই কাকো নকওঁ। এয়া চোৱা কচম খাই কৈছোঁ।

এইকেইদিনত ঘনে ঘনে দেখা সিহঁতে কাৰোবাক কথা বিশ্বাস কৰোৱাবলৈ শপত খোৱাৰ শৈলীতেই মই শপত খালোঁ। মোৰ কথাত যেন পতিয়ন গ'ল তাই। এইবাৰ লাহে লাহে কৈ উঠিল

: দিদি ৰাজকুমাৰ...
: কি? ৰাজকুমাৰ কি লক্ষ্মী?
: সি মোৰ বেয়া জাগাত হাত দিয়ে। ইয়াত...
তাই নিজৰ অকণমান খলা বমা হ'বলৈ আৰম্ভ কৰি ভাঁজ এটা ধৰা বুকুত দেখুৱাই কৈ উঠিল। 

থৰ হৈ ৰৈ গ'লো মই। 
কিমান ডাঙৰ ছোৱালীজনী !
কেনেকৈ? কেনেকৈ কৰে ইমান সৰু ছোৱালীজনীৰ লগত এইবোৰ কাম! 

কিন্তু মুখত সেই ভাৱ ফুটি উঠিবলৈ নিদিয়াকৈ মই তাইক সুধিলোঁ

: আৰু কি কি কৰে লক্ষ্মী?
: তাৰ ঘৰত চিনেমা চাবলৈ মাতে আৰু গন্দা গন্দা চিনেমা দেখুৱাই দিদি। মোৰ অলপো ভাল নালাগে।

: তোমাৰ মা দেউতা?

: কোনো নাই দিদি। ইয়াত নতুনকৈ জন্ম হোৱা বাচ্চাবোৰৰ বাহিৰে বেছিভাগৰে মাক দেউতাক নাই। আমাক সৰুতেই বোলে ৰাজকুমাৰে ক'ৰবাৰ পৰা লৈ আহিছিল।

আকৌ উচুপি উঠিছে ছোৱালীজনীয়ে।  তাইক আলফুলে সাবটি ধৰি মই সুধিলোঁ

: মোক ৰাজকুমাৰৰ ঘৰটো আৰু তোমালোকৰ বস্তিটো দেখুৱাবলৈ নিবা নে লক্ষ্মী? 

এইবাৰ তভক মাৰি ৰ'ল তাই। মই লৰালৰিকৈ কৈ উঠিলোঁ

: তোমাৰ স্কুল যাবলৈ মন যায় নহয় লক্ষ্মী? মই তোমাক স্কুললৈ নিম। কথা দিছোঁ। কিন্তু তুমি মোক ৰাজকুমাৰৰ ঘৰ আৰু বস্তিটো দেখুৱাব লাগিব।

ছোৱালীজনী এইবাৰ অকণমান ল'ৰি চ'ৰি বহিল আৰু মোৰ চকুলৈ পোনকৈ চাই ক'লে

: ৰাজকুমাৰে যদি গম পাই যায় মোক মাৰি পেলাব দিদি।

মই তাইৰ হাত এখনত খামুচি ধৰি আশ্বাস দিয়াৰ সুৰত এইবাৰ ক'লো

: তুমি মোক ঘৰ দেখুওৱাৰ কথা মই কাকো নকওঁ। বিশ্বাস ৰাখা।

ছোৱালীজনীৰ দুচকুত মোৰ বাবে এক বিশ্বাস ফুটি উঠিল। থিয় হ'ল তাই আৰু ক'লে

: পায়েলহঁতক নামাতিব দিদি। মই অকলে নি আপোনাক দেখুৱাই দিম। 

: নামাতো লক্ষ্মী। নামাতো। কাকো নকওঁ।

থিয় হৈয়েই মই ঋষভলৈ মেছেজ কৰিলোঁ

" বিকাশ দা আৰু তুমি আহিব পাৰা। ৱাটচ এপত ল'কেশ্যন পঠিয়াইছোঁ। আমাৰ পৰা দূৰত লক্ষ্মীয়ে নেদেখাকৈ আহি থাকা। "

লগে লগে ৰিপ্লাই কৰিলে সি - "অ'কেই ৱি আৰ কামিং।"

মোতকৈ আগে আগে খোজকাঢ়ি গৈ থাকি গেইটৰ বাহিৰ হ'ল লক্ষ্মী। তাইৰ পিছে পিছে মই গৈ থাকিলোঁ। প্ৰায় দহ মিনিটমান খোজকাঢ়ি গৈ এটা সময়ত তাই লেতেৰা গলি এটাৰে সোমাই গ'ল আৰু ৰে'লৰ চিৰীৰ কাষত নীলা টিৰপালেৰে তম্বুৰ দৰে বনাই থোৱা শাৰী শাৰী এসোপা ঘৰৰ মাজেৰে মোক লৈ গ'ল। 

হঠাৎ ফোনটোত মেছেজ অহাৰ এটা মৃদু ধ্বনি বাজিল। ঋষভৰ মেছেজ -

" আমি তোমাক দেখি আছোঁ। ঘূৰি নাচাবা। আমিও আহি আছোঁ। "
ফোনটো লগে লগে ভাইব্ৰেট কৰি দিলোঁ মই। 

অসহ্যকৰ লেতেৰা আৰু চিঞৰ বাখৰ হাই কাজিয়া লাগি থকা পৰিবেশ এটাৰ মাজেৰে আমি গৈ থাকিলোঁ। নীলা টিৰপালৰ তম্বুবোৰৰ কোনোবাটোৰ পৰা উচ্চ স্বৰত বাজি উঠিছে শেহতীয়া হিন্দী গীতৰ কলি। মিউনিচিপালিটিৰ নলটোৰ কাষতে মুকলিকৈ কেইগৰাকীমান মহিলাই গা ধুই আছে। কাষতে বহি দুজনীমান ছোৱালীয়ে চাবোনেৰে ফেন উঠাই কাপোৰ ধুইছে। ওচৰতে কেইটামান নাঙঠ শিশুৱে চিঞৰ বাখৰ কৰি খেলি আছে। তম্বুবোৰৰ ওপৰত শুকুৱাবলৈ মেলি থৈছে ভিন্নৰঙী কাপোৰ।

অলপদূৰ আগুৱাই হৈ দেখোঁ এটা তম্বুৰ সন্মুখত নতুনকৈ গাভৰু হ'বলৈ ধৰা চাৰি পাঁচজনী ছোৱালী বহি এজনীয়ে আনজনীৰ হাতত কাঠৰ এটা সাঁচেৰে মেহেন্দিৰ ৰং বহুৱাইছে। সিহঁতক উদ্দেশ্যি কেইজনমান ডেকাই সুহুৰিয়াই উঠিছে। ল'ৰাবোৰৰ চুলিবোৰ কিছুমান অদ্ভুত ডিজাইনত কটা। কোনোবাটোৰ আগৰ চুলিখিনি যদি টিকটিককৈ ৰঙা আনটোৰ কমলা। কোনোবাটোৱে যদি কাষবোৰ ক্ষুৰাই কেৱল মাজটো ৰাখিছে কোনোবাটোৰ আকৌ গোটেই চুলিখিনি কান্ধলৈকে পৰা। ল'ৰাকেইটাৰ সুহুৰিৰ শব্দত এজনীয়ে আনজনীৰ গাত ঢকিয়াই খিলখিলাই হাঁহি উঠিছে । 

এঠাইত ৰখাই থোৱা কেইখনমান ভঙা লোহাৰ টিং কঢ়িওৱা ঠেলাৰ কাষত পাঁচ ছটামান প্ৰায় তেৰ চৈধ্য বছৰ বয়সৰ ল'ৰাই বহি ৰুমাল এখন নাকত লগাই চকু বন্ধ কৰি উজাই আছে। আগে আগে খৰ খোজেৰে গৈ থকা লক্ষ্মীক মই লাহেকৈ সুধিলোঁ

: ইহঁতে কি কৰিছে লক্ষ্মী?
: ডেনড্ৰাইট শুঙিছে দিদি। ৰুমালত ডেনড্ৰাইট লগাই এনেকৈ শুঙিলে বোলে নিচা হয়।

এনেকৈ যে মহাগৰীৰ আশে পাশে অনেক শিশু ড্ৰাগছৰ কবলত পৰিছে সেই কথা মই শুনিছিলোঁ। কিন্তু কেতিয়াও নিজ চকুৰে দেখা নাছিলোঁ এই দৃশ্য। 

তেনেকৈয়ে খোজকাঢ়ি বহুদূৰ গৈ লক্ষ্মী আৰু মই থিয় দিলোঁগৈ এঠাইত। য'ৰ পৰা দুশ মিটাৰমান দূৰত্বত চকুত পৰিল এটা ধুনীয়া অসম আৰ্হিৰ সেউজীয়া ৰং কৰা ঘৰ। ঘৰটোলৈ আঙুলিয়াই লক্ষ্মীয়ে মোক ক'লে

: দিদি সেই ঘৰটোতে ৰাজকুমাৰ আৰু দুজনী মাইকী থাকে। সিহঁতৰ মানুহ কিছুমানো লগতে থাকে।

মই লৰালৰিকৈ লক্ষ্মীক কৈ উঠিলোঁ

: ঠেংক ইউ লক্ষ্মী। তুমি এতিয়া উভতি যোৱাগৈ। তোমাক ইয়াত কেনেবাকৈ দেখিলে তুমি দেখুৱাই দিলা বুলি সিহঁতে গম পাই যাব।

উভতি গ'লগৈ ছোৱালীজনী। ইতিমধ্যে ঋষভ আৰু বিকাশ দাও আহি পাইছিল। আমাতকৈ আগবাঢ়ি ঘৰটোৰ কাষতে থকা গছ এজোপাৰ আঁৰ লৈ কেমেৰাৰ সৈতে থিয় দি ৰ'ল বিকাশ দা। ঋষভ আৰু মই আগবাঢ়ি গ'লো ঠাইখিনিলৈ। আই কাৰ্ড খুলি জেপত ভৰাই বুমটো গাৰ পিছফালে লুকুৱাই আগবাঢ়িছিল ঋষভ।

ঘৰটোৰ ওচৰ পাইছিলোগৈয়ে আমি। হঠাৎ দেখোঁ এটা প্ৰায় পাঁচ ছবছৰীয়া কণমানি ল'ৰা উদং গাৰে ফটা হাফপেন্টটো এহাতেৰে ধৰি কান্দি কান্দি ওলাই আহিছে ঘৰটোৰ পৰা। ল'ৰাটোৰ সোঁভৰিৰে বৈ আহিছে এসোঁতা তেজ। চিঞৰি চিঞৰি কান্দি অহা ল'ৰাটোৰ কাষলৈ বস্তিৰ ফালৰ পৰা দৌৰি আহিছে এজনী মানুহ। 

: আৰে ৰাজকুমাৰ নে গন্দা কাম কিয়া বচ্ছে কে চাথ - বুলি চিঞৰি আটাহ পাৰি কান্দিছে মানুহজনীয়ে আৰু লগে লগে ঘৰটোৰ পৰা ওলাই আহিছে প্ৰায় ছয় ফুট ওখ শৰীৰেৰে এজন প্ৰকাণ্ড মানুহ। ডিঙিত শিকলিৰ দৰে সোণৰ চেইন।

: আৰে পইচা লৈ ল'বি বে...

হিন্দীতে কথাকেইটা লৈ পুনৰ ঘৰৰ ভিতৰলৈ সোমাই গৈছিলগৈ মানুহজন।

আমি লৰালৰিকৈ বিকাশ দাৰ সৈতে গছজোপাৰ আঁৰ লৈছিলোঁগৈ। মোৰ বুজিবলৈ বাকী নাথাকিল ৰাজকুমাৰ নামৰ মানুহটোৱে কেৱল লক্ষ্মীহঁতকে নহয় এই কণমানি ল'ৰাবোৰকো যৌন নিৰ্যাতন চলায়।

কি ভয়ংকৰ কাণ্ড!

: পুলিচ আহিবলৈ কিমান দেৰি? 

বিকাশ দাই ফুচফুচাই ঋষভক সুধিলে।

: পুলিচ? পুলিচক কিয় মাতিলা ঋষভ? 

: পুলিচৰ অবিহনে ইমান ডাঙৰ কেচ এটা তুমি হেণ্ডেল কৰিব পাৰিবা নেকি? ইহঁতবোৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ থাকে। তদুপৰি ইহঁতৰ লগত বডীগাৰ্ডো থাকে। পুলিচ ননাকৈ মৰিবলৈ মন আছে?

মোক কৈয়েই সি ফোন লগালে পুলিচ অফিচাৰজনলৈ। 

: ছাৰ আমি ল'কেশ্যনতে আছোঁ। মই ৱাটচ এপত আপোনাক ল'কেশ্যনটো পঠিয়াইছোঁ। পাইছে চাগৈ! আৰু কিমান দেৰি লাগিব আপোনালোকৰ?

দুষাৰমান কথা পাতিয়েই ফোন ৰাখিলে সি আৰু ফোনটো থৈয়েই আমাক উদ্দেশ্যি ফুচফুচাই ক'লে

:  পুলিচ ইতিমধ্যে বস্তিলৈ সোমাইছে।

তাৰ কথাষাৰৰ লগে লগে হঠাৎ এটা হুলস্থুলত সেই ঘৰটোৰ ফালে চাই দেখোঁ তিনিজনমান মানুহ ঘৰটোৰ পৰা দৌৰি ওলাই আহিছে।

: ভাগ' পুলিচ আয়ে হে'...
বস্তিলৈ পুলিচ সোমোৱাৰ খবৰ ইতিমধ্যে সিহঁতে পাই গৈছিল।

মানুহকেইটা ঘৰটোৰ পৰা ওলাই দৌৰিবলৈ ধৰিছিল। মোৰ লক্ষ্মীৰ মুখখন মনলৈ ভাঁহি আহিল। কাণলৈ ভাঁহি আহিল মই তাইক দিয়া প্ৰতিশ্ৰুতি- 

"মোক ৰাজকুমাৰৰ ঘৰটো দেখুৱাই দিলে তোমাক স্কুললৈ নিম মই"

মানুহকেইটা দৌৰিবলৈ ধৰিছে। শকত মানুহ এজন জোৰত দৌৰিব নোৱাৰি মাজে মাজে ৰৈ ৰৈ গৈছে। এইবাৰ গছৰ আঁৰৰ পৰা দৌৰি ওলাই আহিলোঁ মই।

: কৃষ্ণাক্ষী... ক'ত গৈছা তুমি?

ঋষভৰ মাত। মই দৌৰি থাকিলোঁ। ইমান কষ্ট কৰি ধৰাৰ পিছত মানুহকেইজনক পলাবলৈ দিব নোৱাৰোঁ। 

: কৃষ্ণাক্ষী প্লিজ কাম বেক। গুচি আহাঁ।

ঘূৰি নগ'লো মই। দৌৰি গৈ থাকিলোঁ মানুহকেইটাৰ ওচৰলৈ। পিছে পিছে ঋষভ আৰু বিকাশ দা দৌৰি আহিছিল। কিন্তু আমি গৈ পোৱাৰ আগতেই বিপৰীত ফালৰ পৰা অহা প্ৰায় চাৰি পাঁচজনীয়া পুলিচৰ দলটোৱে মূহুৰ্ততে ঘেৰি পেলালে মানুহকেইটাক।

বিকাশ দাই লগে লগে কেমেৰা অন কৰি ৰেকৰ্ডিং কৰিবলৈ ধৰিলে। ঋষভে অফিচলৈ ফোন কৰি জনাইছিল সকলোখিনি। প্ৰায় বিশ মিনিটমানৰ ভিতৰতে আহি পাইছিল 'Outside Broadcasting van'খন। যি খনেৰে এটা চেনেলত বাহিৰৰ যিকোনো ল'কেশ্যনৰ পৰা লাইভ কৰা হয়। প্ৰায় আধা ঘণ্টা সময় তাৰপৰা লাইভ দিলে ঋষভে। 

খবৰ পাই বাকী সকলো মিডিয়াও আহি পাইছিলহি। লাইভ দিয়েই বস্তিৰ সেই মানুহবোৰ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এটা এটা বাইট ল'লে সি। অকণমান দেৰিৰ আগতে তেজৰ সোঁত বোৱাই দৌৰি অহা কনমানিটোৰ ৰেকৰ্ডিং কৰিলে বিকাশ দাই।

ৰাজকুমাৰৰ লগত মুঠতে আৰু পাঁচজন মানুহ আছিল, যিকেইজনে লগ হৈ এই ব্যৱসায়টো চলায়। কেৱল ভিক্ষা বৃত্তিয়ে নহয় তাৰ লগতে কিছুমান হোটেললৈ সিহঁতে যুৱতীৰ যোগানো ধৰিছিল। মানুহকেইটাই গৰগৰাই গৈছিল

: চাই ল'ম। চাই ল'ম সকলোকে।

সিহঁতক লৈ পুলিচৰ গাড়ী আঁতৰ হোৱাৰ লগে লগে আমি গাড়ীত বহিছিলোহি। 

সন্ধ্যা লাগিছে। আকাশত হেঙুলী বৰণ। চকুত বাৰে বাৰে ভাঁহি উঠিছে লক্ষ্মীৰ ছবিখন আৰু এহাতেৰে হাফপেন্ট কোঁচাই ভৰিৰ বৈ অহা তেজেৰে দৌৰি অহা ল'ৰাটো। ঋষভেও একো কথা কোৱা নাই। মনে মনে গাড়ী চলাই আহিছে। বহুদেৰি নিৰৱে থাকি এপাকত মাত দিলোঁ তাক

: ঋষভ...

: হম্মম..

লাহেকৈ মাতিলে সি।

: এনেকুৱা কিয় হয়? কিয় সকলো শিশু একেধৰনেই ডাঙৰ হ'ব নোৱাৰে? সিহঁতৰ কি দোষ কোৱা!

মোৰ দুচকু ভৰি আহিছিল লক্ষ্মী ,নিৰজ, পায়েলহঁতৰ বেদনাত। বুকুৰ সৰোবৰ চপচপীয়া হৈ উপচি পৰিছিল সিহঁতৰ বাবে।

মনে মনে আছে ঋষভ। তাক আজি লক্ষ্মীয়ে অঁকা ছবিখনৰ কথা ক'লো। ক'লো লক্ষ্মীয়ে কোৱা প্ৰতিটো কথা। 

: এনেকৈ ৰাজকুমাৰহঁতক পুলিচত ধৰাই দিলেই সিহঁতৰ বাবে কিবা কৰা হ'ব নে ঋষভ? লক্ষ্মীৰ পঢ়িবলৈ খুব মন। নিৰজে আকৌ খুব ভাল গান গায়। নতুন পুৰণা সকলো হিন্দী গীত তাৰ জিভাৰ আগত। নিৰজ আৰু লক্ষ্মীৰ সাংঘাতিক বন্ধুত্ব জানা। লক্ষ্মীৰ বোলে মন বেয়া লাগিলেই নিৰজে গান গাই শুনায়।

লাহেকৈ হাঁহিলে সি। এইবাৰ পৰিৱেশটো অকণমান পাতল কৰিবলৈকে বিকাশ দাক কৈ উঠিল

: শুলে নেকি বিকাশ দা?

: নাই অ' ...কৃষ্ণাক্ষীয়ে কোৱা কথাবোৰকে ভাবি আছোঁ।

তিনিওৰে মনবোৰ খুব গধুৰ হৈ আহিছিল। 

: এনিৱে' কাৰ কাৰ চাহ খাবলৈ মন গৈছে? মোৰ কিন্তু চাহ একাপ খাবলৈ বিৰাট মন গৈছে। 

তাৰ চিৰাচৰিত সুৰেৰে কথাষাৰ ক'লে আৰু গাড়ী ৰখালেগৈ দুখনমান চাহ আৰু পকৰি বনোৱা ঠেলাৰ কাষত। নামি পৰাৰ লগে লগে ঠাণ্ডা বতাহ এছাটিয়ে কঁপাই গ'ল। গাড়ীৰ ভিতৰত ইমান ঠাণ্ডা অনুভৱ হোৱা নাছিল। পিন্ধি থকা পাতল চুৱেটাৰটোক যেন ঠাণ্ডা বতাহজাকে প্ৰত্যাহ্বানহে জনাইছিল। মই সোঁহাতেৰে বাঁও বাহুত বাৰু বাওঁহাতেৰে সোঁবাহুত মোহাৰি একেঠাইতে ৰৈ থাকিলোঁ।

: মেম গৰমা গৰম চ্চাই পেশ্ব হে' আপকে লিয়ে।

ঘূৰি চাই দেখোঁ এখন হাতত প্লাষ্টিকৰ কাপ এটাত একাপ চাহ আৰু কাগজৰ প্লেট এখনত ধোঁৱাই থকা পকৰী এক প্লেট লৈ থিয় দিছেহি ঋষভ। 

: ঠেংক ইউ দেই। ইমান ঠাণ্ডা লাগিছে। গৰম চাহ একাপৰ যে বৰ প্ৰয়োজন হৈছিল। তোমাৰ চাহ ক'ত?

চাহৰ কাপটো তাৰ হাতৰ পৰা লৈ সুধিলোঁ মই। সুধিয়েই দেখিলোঁ বিকাশ দাই চাহৰ দুটা কাপ লৈ আহি এটা ঋষভলৈ আগবঢ়াই দিছে। চাহৰ কাপটো লৈয়েই ঋষভে মোৰ ফালে কাপটো দাঙি কৈ উঠিল

: চিয়েৰ্চ। এইকাপ চাহ কৃষ্ণাক্ষীৰ নামত। তাইৰ কাৰণেই আজি আমি বহুদিনৰ পৰা কৰিব নোৱাৰা কামটো কৰিব পাৰিলোঁ।

: একেবাৰে নহয় ঋষভ। আমাৰ তিনিওজনৰে সমানেই কষ্টৰ ফল আজিৰ কামটো। অকলে কোনেও কৰিব নোৱাৰিলোঁহেঁতেন। গতিকে আজিৰ আবেলিৰ চাহ আমাৰ তিনিওজনৰে নামত।

তিনিওটাই প্লেটখনৰ পৰা এটা এটাকৈ পকৰী উঠাই খাবলৈ ধৰিলোঁ। 

হঠাৎ কোনোবা চিনাকি মানুহ দেখাৰ দৰে ঋষভ হাত ডাঙি আগবাঢ়ি গ'ল। প্ৰথমে ধীৰ গতিৰে তাৰ পিছত ডাঙৰকৈয়ে হাঁহি উঠিল কাৰোবাৰ সৈতে। এপাকত চিঞৰি মাতিলে সি

: বিকাশ দা... আপোনালোক দুয়োজন আঁহকচোন এইফালে।

চাহৰ খালি কাপ বিকাশ দাই ডাষ্টবিনলৈ দলি মাৰি পঠিয়ালে। মোৰ চাহ খাই হোৱা নাছিল। এহাতে চাহৰ কাপ আনহাতে পকৰীৰ প্লেট দাঙিয়েই ময়ো বিকাশ দাৰ সৈতে আগবাঢ়ি গ'লো ঋষভ ৰৈ থকা ঠাইখিনিলৈ। 

হঠাৎ ঋষভৰ সৈতে ৰৈ থকা মানুহজনত দৃষ্টি পৰি ৰৈ গ'লো মই। একেবাৰে আগুৱাব নোৱাৰাকৈ ৰৈ গ'লো মই। 

মানুহজন আছিল 'খবৰ 24×7' ৰ গৌতম দা। যাক মই এসময়ত নিজৰ দাদাৰ দৰে ভাবিছিলোঁ আৰু মোৰ সেই সৰলতাৰ সুযোগ লৈ যিজন মানুহ নিজৰ কু- অভিপ্ৰায়েৰে আহিছিল মোৰ ৰূমলৈ।

ঋষভে লগে লগে কৈ উঠিল

: কৃষ্ণাক্ষী, গৌতম দাক দেখিয়েই মাতিলোঁ তোমালোকক। 'খবৰ 24×7' ত কাম কৰিছিলা যেতিয়া চিনিতো পোৱাই চাগৈ। অৱশ্যে গৌতম দাক চিনি নোপোৱা মানুহ মিডিয়া ইণ্ডাষ্ট্ৰীত এতিয়া খুব কমেই আছে। নে কি কয় গৌতম দা?

হাঁহি উঠিল সি। গৌতম দাই মোক দেখি সাংঘাতিক অস্বস্তি অনুভৱ কৰিলে। মানুহজনে যেন পৰা হ'লে এই মুহূৰ্ততে আঁতৰ হ'লহেতেন মোৰ চকুৰ আগৰ পৰা।

মই মনে মনে ৰোৱা দেখি ঋষভে আকৌ ক'লে

: মনে মনে ৰ'লা যে কৃষ্ণাক্ষী! চিনি নোপোৱা নেকি?

: চিনি নাপাম? এওঁক মোতকৈ ভালকৈ হয়তো আন কোনেও চিনি নাপায় ঋষভ।

মই এইবাৰ প্ৰয়োজনতকৈ ডাঙৰ মাতেৰে উত্তৰ দিলোঁ ঋষভক।

গৌতম দা হতভম্ব হৈছিল। এইজনী কৃষ্ণাক্ষী তেওঁৰ অচিনাকী। এজনী মুখেৰে নমতা, মনে মনে নিজৰ কামবোৰ কৰি থকা কৃষ্ণাক্ষী নামৰ ছোৱালীকহে চিনি পাইছিল তেওঁ। 

ঋষভে এইবাৰ একো নুবুজাৰ দৰে মোলৈ চাই ৰ'ল। এইবাৰ গৌতমক উদ্দেশ্যি আকৌ ক'লো মই

: কি কয় গৌতম দা? মিছা কৈছোঁ নেকি? পৰিচয়তো দিয়েই দিয়া যাওক নহ'লে। নে কি কয়!

মানুহজন বৰ অস্বস্তিত পৰিল। তথাপিও তেওঁ সামান্য সৌজন্যতা দেখুৱাই মোলৈ চাই সুধিলে

: ভালে আছা নে কৃষ্ণাক্ষী?

: কিয়? ভালে থাকিব নালাগিছিল নেকি? নে ভালে নথকাহ'লে সুখী হ'লহেঁতেন আপুনি।

ঋষভ আৰু বিকাশদা ঠাইতে ৰৈ গৈছিল। একো বুজি পোৱা নাছিল দুয়োটাই। মই হাতত লৈ থকা চাহৰ কাপটোৰ অৱশিষ্ট চাহখিনি নোখোৱাকৈয়ে ডাষ্টবিনলৈ দলি মাৰি পঠিয়ালো।

: চাহ নাখালা যে?

আচৰিত হৈ সুধিলে ঋষভে।

: নাখাও ঋষভ। চাহ কাপ যেন হঠাৎ তিতা হৈ পৰিছে মোৰ বাবে।

ঋষভে হতভম্ব হৈ এবাৰ গৌতমলৈ আৰু এবাৰ মোৰ ফালে চালে। এইবাৰ সি পৰিৱেশটো আয়ত্বলৈ আনিবলৈ খুজিয়েই যেন গৌতমক ক'লে

: আজি যে নিউজটো, গৌতম দা। কৃষ্ণাক্ষী নোহোৱা হ'লে সম্ভৱেই নহ'লহেতেন। কি যে কৌশলেৰে গোটেই কথাখিনি উলিয়ালে তাই। 

গৌতম দায়ে একো উত্তৰ নিদিলে। ইফালে সিফালে চতুৰ্দিশলৈ চাই এপাকত খৰধৰকৈ ঋষভক কৈ উঠিল

: মই যাওঁ দিয়া ঋষভ। 

ঋষভৰ উত্তৰলৈ বাট নোচোৱাকৈয়ে গুচি গৈছিলগৈ মানুহজন। এখন্তেক ঠাইতে তভক মাৰি ৰৈ থাকি ঋষভ চাহৰ দোকানখনলৈ আগবাঢ়ি গ'ল আৰু আকৌ একাপ চাহ আনি মোৰ হাতত তুলি দিলে।

: ইমান আগ্ৰহেৰে খাবলৈ লৈও চাহকাপ পেলাই দিলা তুমি। এইকাপ লোৱা। 

মোৰ মন চাহত নাছিল। তেতিয়াও মোৰ মন গৌতম নামৰ এনে এজন মানুহত আছিল, যি এটা সন্ধ্যা মোৰ ৰূমলৈ ককায়েকৰ অধিকাৰেৰে সোমাই গৈ মোৰ বিশ্বাসত আঘাত কৰিছিল। মই মৰমেৰে দিয়া চাহ কাপ নোখোৱাকৈ বিছনাতে এৰি থৈ মানুহজনে মোৰ হাতৰ ঠাৰিত ধৰি মুহূৰ্ততে নিঃশেষ কৰি পেলাইছিল মোৰ মনত তেওঁৰ বাবে থকা সকলো সন্মান। সেইজন গৌতম, যি চৈতালীৰ কথা শুনি মোক এজনী সস্তীয়া ছোৱালী বুলি কামনা পূৰাবলৈ বিচাৰিছিল।

নাই নাই। আৰু ভবা নাযায়। 

হাতৰ চাহকাপ এইবাৰো সৰ উঠি ঠাণ্ডা হৈ গৈছিল। এইবাৰ মই দলিয়াই দিয়াৰ আগতেই ঋষভে নিজেই কাপটো লৈ ডাষ্টবিনলৈ দলিয়াই দিলে আৰু গৌতম গুচি যোৱাৰ ফালে আঙুলিয়াই মোক বৰ স্পষ্ট মাতেৰে সুধিলে 

: ই কিবা কৰিলে কৃষ্ণাক্ষী? মোক কোৱাচোন। গৌতমে কিবা কৰিলে নেকি তোমাৰ লগত? ই বেটাক মই এতিয়াই ...

ঘূৰিছিলেই সি। মই তাৰ হাতত ধৰিলোঁ আৰু লাহেকৈ ক'লো

: আমি যাওঁগৈ ব'লা ঋষভ।

: কিন্তু মোক কোৱা কৃষ্ণাক্ষী। কিয় এনেকুৱা আচৰণ কৰিলা তুমি। সেইজনী তুমি নহয়। সেইজনী কৃষ্ণাক্ষীক মই চিনি নাপাওঁ।

: চিনি পোৱাই বা কিমান ঋষভ!

মোলৈ একেথৰে চাই থাকিল সি। ৰাতিৰ ছাঁ- পোহৰত কিজানি বৰ ৰহস্যময় দেখিছিল মোক। পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজনে দশম শ্ৰেণীৰ গণিত বুজিবলৈ চেষ্টা কৰাৰ দৰে মোৰ চকুলৈ 'ৰ' লাগি চাই থাকিল সি।

চিগাৰেট হুপিবলৈ আঁতৰি যোৱা বিকাশ দা ঘূৰি আহিছিল। প্ৰায় চুটি হৈ অহা চিগাৰেটটোত শেষ টানটো মাৰি জোতাৰ আগটোৰে গছকি নুমুৱাই আমাক উদ্দেশ্যি ক'লে

: যাওঁ নেকি ন?

লাহে লাহে মূৰ দুপিয়ালে ঋষভে। ঘূৰি আহি গাড়ীত বহিলোঁহি আমি। গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগেই বাজি উঠা এফ এমটো বাওঁহাতেৰে বন্ধ কৰি তাৰ পিছত সেই হাত অলসভাৱে গিয়েৰত ৰাখি সোহাঁতেৰে বৰ লাহে লাহে ষ্টেয়াৰিং ঘূৰাই থাকিল সি। সদায়েই জোৰত গাড়ী চলোৱা ল'ৰাটোৱে বৰ লাহে লাহে অকণো মন নথকাৰ দৰে আগুৱাই নিবলৈ ধৰিলে গাড়ীখন। প্ৰায় দহ মিনিটমান গৈ এঠাইত ৰাখি দিলেগৈ সি আৰু বিকাশ দাক ক'লে

: বিকাশ দা বেয়া নাপায় যদি পানী বটল এটা কিনি আনি দিব নে? বৰ পিয়াহ লাগিছে। গাড়ীতো পানী নাই।

বিকাশ দা নামি গাড়ীৰ দুৱাৰ জপোৱাৰ লগে লগে ঋষভৰ মাত ভাঁহি আহিল

: মই তোমাক চিনি পাবলৈ খোজো কৃষ্ণাক্ষী।

উচপ খাই উঠিলোঁ মই।

ইমান ধীৰ-স্থিৰ এয়া তাৰেই মাত নে! ইমান শান্ত সৌম্য এয়া ঋষভ নামৰ কেতিয়াও লাহেকৈ কথা নোকোৱা, কোনো কামেই লাহেকৈ নকৰা ল'ৰাটোৰ মাতেই নে! তাৰ এই মাত মই কেতিয়াও শুনা নাই। আকৌ ক'লে সি

: শুনিছা নে মই কি কৈছোঁ? তোমাক বুজিব খোজো মই। চিনি পাব খোজোঁ কৃষ্ণা।

কৃষ্ণা? 
কেতিয়াৰ পৰা এই নামেৰে মাতিবলৈ ল'লে সি। মোৰ অতৰ্কিতে কেতিয়া মোক নিজে নাম এটা দি মাতিব পৰা হ'ল সি।

: মোৰ একো হোৱা নাই ঋষভ। গাটোহে ভাল লগা নাই।  

: হ'বই নোৱাৰে কৃষ্ণা। গা বেয়া লাগি মানুহক বেয়া ব্যৱহাৰ কৰা মানুহ তুমি যে হ'বই নোৱাৰা। তুমি হাজাৰবাৰ অস্বীকাৰ কৰিলেও সিমানখিনি মই তোমাক বুজোঁ। এতিয়া বিকাশ দাও নাই। এতিয়াতো ক'ব পাৰা মোক।

বিকাশ দাক পানীৰ বটল আনিবলৈ পঠিওৱাৰ অৰ্থ যেন মুহূৰ্ততে বুজি উঠিলোঁ মই। 

কিন্তু কি কওঁ মই!
বুকুৰ ভিতৰৰ অতবোৰ ধুমুহা এটা বাক্যত বা এপলকত এনেকৈ কাৰোবাক কৈ পেলাব পৰা যায় জানো!

মনে মনে ৰ'লো মই। পানীৰ বটল লৈ বিকাশ দা আহি ওলালহি। ঋষভলৈ আগবঢ়াই দিয়া পানীৰ বটল তেনেকৈয়ে এটুপিও নোখোৱাকৈ থৈ দি গাড়ী চলাবলৈ ধৰিলে। এইবাৰ জোৰেৰে গাড়ী আগবঢ়ালে সি। অলপ দেৰিৰ পিছতে গণেশগুৰি পাইছিলোহি আমি। অভাৰব্ৰিজৰ কাষতে গাড়ী ৰখাই বিকাশ দাক উদ্দেশ্যি ক'লে

: আপুনি এইখিনি যাবগৈ নে বিকাশ দা? কৃষ্ণাক্ষীৰ গা ভাল নহয়, মই তাইক ড্ৰপ কৰি আহোঁ। এনেও ডিউটিৰ সময় কেতিয়াবাই শেষ হৈছে।

নামি গ'ল মানুহজন। মই লগে লগে ঋষভক ক'লো

: মোক থ'বলৈ যাব নালাগে ঋষভ। মই পাৰিম। 

: নোৱাৰা। এইটো অৱস্থাত অকলে যাব নোৱাৰা তুমি। মনেৰে বা শৰীৰেৰে, যেনেকৈয়ে নহওক সুস্থ নহয় তুমি। ইউ আৰ নট ৱেল। তুমি যিমানেই বাধা নিদিয়া তোমাৰ কোনো কথাই নুশুনো মই। তোমাক থ'বলৈ মই আজি যামেই।

এহাতেৰে ষ্টেয়াৰিং ধৰি সন্মুখলৈ চাই আকোঁৰগোজ মাতেৰে কৈ উঠিল সি। 

: মোক অযথা কেয়াৰ দেখুৱালে মই বেয়া....

কিবা এটা ক'বলৈ লৈছিলোঁ মই। নিজৰ দুই ওঁঠৰ মাজত তৰ্জনী আঙুলি ৰাখি মোলৈ চাই শব্দ কৰিলে

: Shhhhhh..... এটাও শব্দ নক'বা। চুপ চাপ বহি থাকা।

গাড়ী আগবঢ়ালে সি। মই এসোপা বিৰক্তি আৰু প্ৰশ্নবোধক চাৱনিৰে তালৈ চাই ৰ'লো। 

ৰঙীন লাইটেৰে ৰাতিৰ মহানগৰী জিলিকি উঠিছে। এটাও শব্দ নোকোৱাকৈয়ে মনে মনে গাড়ী চলাই গৈছে সি। তাৰ এটা মুদ্ৰাদোষ আছে। উত্তেজিত হ'লে বা খুব আনন্দিত হ'লে, সোহাঁতৰ চাৰিটা আঙুলি সি খুব খৰকৈ চলাই থাকে চুলিৰ ভিতৰত। এতিয়াও সি সেই কামেই বাৰে বাৰে কৰি থাকিল।

এইবাৰ তাৰ পৰা দৃষ্টি ঘূৰাই খিৰিকীৰে বাহিৰলৈ চাই ৰ'লো মই।

এসময়ত ক্রাছ্‌কৈ ব্ৰেক মাৰি সি গাড়ী ৰখালেহি মোৰ গেইটৰ সন্মুখত। আজি সি সোমাই যোৱা ৰাস্তাৰ কাষত নামিবলৈ দিয়া নাছিল মোক।

ঠাইখিনি একেবাৰে আন্ধাৰ হৈ আছে। গেইটৰ ওপৰৰ লাইট দুটাও জ্বলা নাই। বোধহয় ল'ড শ্বেদিং হৈছে। কোনো ধন্যবাদৰ সৌজন্যতা নেদেখুৱাকৈয়ে লৰালৰিকৈ দুৱাৰ খুলি নামি পৰিলো মই। সেই খোলা দুৱাৰ আকৌ জপাবলৈ লওঁতেই আন্ধাৰৰ মাজতে লাহেকৈ উটি আহিল তাৰ মাত

: তোমাক এদিন বুজি উঠিম কৃষ্ণা। এদিন মই তোমাক বুজি উঠিমেই।

আৰু তাৰ পিছত! 
তাৰ পিছত এক মুহূৰ্তও নোৰোৱাকৈ, মোক একো এটা ক'বলৈ সুযোগ নিদিয়াকৈ বিজুলী গতিৰে উভতি গ'লগৈ তাৰ গাড়ী।

আৰু মই উত্তৰ দিবলৈ নোপোৱাৰ যাতনাত চটফটাই ৰৈ গৈছোঁ ঠাইতেই। 

কেনেকৈ কওঁ! 
কেনেকৈ তাৰ কাণত পেলাওঁ এই বাক্য যে

" নাৰীয়ে বুজিবলৈ সুযোগ নিদিওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হ'লে পৃথিৱীৰ কোনো পুৰুষৰে সাধ্য নাই সেই নাৰীক বুজি উঠাৰ"।

©গায়ত্ৰী

(আগলৈ)

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ