#সূৰ্যফুলৰ_দেশলৈ
#খণ্ড_৩৩
অফিচলৈ সোমাইছিলোহে মাত্ৰ। ঠাই মচি থকা ল'ৰাজনৰ মাতত ৰৈ গ'লো মই।
: কৃষ্ণাক্ষী বাইদেউ, মৃণ্ময় চাৰে আপোনাক মাতিছে। কৈছে কৃষ্ণাক্ষী বাইদেউক দেখিলেই মই মাতিছোঁ বুলি ক'বি।
: আৰু কিবা কৈছে নেকি মহেশ?
মই বেগটো থ'বলৈ যাবলৈ লৈও সুধিলোঁ তাক। দীঘল ৱাইপাৰ ডালৰ আগত লগাই লোৱা কাপোৰখনেৰে ঠাই মচি মচিয়েই সি ক'লে
: মোক আৰু একো কোৱা নাই বাইদেউ।
কি বা হ'ল!
এনেকৈতো কোনোদিনেই নামাতে।
লৰালৰিকৈ বেগটো থৈ চুলিখিনি অকণমান ঠিক ঠাক কৰি মৃণ্ময় দুৱৰাৰ কেবিন পালোঁগৈ।
: সোমাব পাৰোঁ নে ছাৰ?
কাঁচৰ দুৱাৰৰ বাহিৰৰ পৰা সামান্য টোকৰ দি কৈ উঠিলোঁ।
: আহাঁ কৃষ্ণাক্ষী।
: মাতিছিল ছাৰ?
মানুহজনৰ টেবুলখনৰ সন্মুখত থিয় দিলোঁহি মই।
: য়েছ য়েছ। বহাচোন।
: নাই ছাৰ। আই এম অ'কেই।
: বহা। কথা অলপ দীঘলেই।
এইবাৰ চকী এখন টানি মই মৃণ্ময় দুৱৰাৰ সন্মুখত বহি পৰিলোঁ। কম্পিউটাৰটোত ব্যস্ততাৰে কিবা এটা কাম কৰি থকা মৃণ্ময় দুৱৰাই লাহেকৈ কম্পিউটাৰৰ মাউছটো আঁতৰাই থৈ পোনকৈ বহি মোৰ চকুলৈ চালে।
: এংকৰিঙৰ বাহিৰে আৰু কি কৰা তুমি?
: মানে ছাৰ?
মই যেন ঠিক ধৰিব নোৱাৰিলো তেনে ভাৱ এটাৰে সুধিলোঁ।
: চিধাকৈ সোধো,ৰিপ'ৰ্টিং কৰাৰ অভিজ্ঞতা আছে নে তোমাৰ?
: নাই ছাৰ। ৰিপ'ৰ্টিং কেতিয়াও কৰা নাই মই।
: বুজিছোঁ। কিন্তু এটা চেনেলত আমি এগৰাকী মানুহৰ ভিতৰতে যে বহুখিনি গুণ বিচাৰো সেয়া নিশ্চয় তুমি জানা?
লাহে লাহে মূৰ দুপিয়ালোঁ মই।
হয়। সংবাদ মাধ্যম এটাত এজন মানুহে এংকৰিঙৰ পৰা আৰম্ভ কৰি ৰিপ'ৰ্টিংহে নালাগে, পি চি আৰত বহি অনুষ্ঠান এটা চলোৱা, প্ৰয়োজনত নিজে মেক আপ কৰালৈকে সকলো কামেই জানিব লাগে। যদিও আই কাৰ্ড এখনত এটা নিৰ্দিষ্ট পদবীৰহে উল্লেখ থাকে তথাপি সংবাদ মাধ্যমৰ কৰ্মচাৰী এজনে প্ৰায় প্ৰতিটো কামেই জনাতো খুবেই দৰকাৰী কথা বুলি গণ্য কৰা হয়।
: হয় ছাৰ। মই জানোঁ।
: তেন্তে তুমি শিকা। এংকৰিঙতো তুমি এক্সেলেণ্ট কৰা। সেয়া লাগিলে বাতৰি বা যিকোনো অনুষ্ঠানেই হওক। কিন্তু মই বিচাৰোঁ তুমি ৰিপ'ৰ্টিঙো কৰা। অন্ততঃ শিকি ৰাখা। বুজিছাতো মই কি ক'বলৈ বিচাৰিছোঁ?
: হয় ছাৰ। এই সুযোগ পালে মোৰ খুব ভাল লাগিব।
: বঢ়িয়া।
শব্দটো উচ্চাৰণ কৰিয়েই মানুহজনে টেবুলত ৰখা বেলটো সজোৰে বজালে। এবাৰ দুবাৰকৈ তিনিবাৰ একেলেঠাৰিয়ে বজালে তেওঁ বেলটো। লগে লগে ল'ৰা এজন দৌৰি আহিল আৰু দুৱাৰেৰে ওলাও নোলাও কৈ গাটো উলিয়াই মাত লগালে
: ছাৰ।
: ঋষভ কৌশিকক মই মাতিছোঁ বুলি কোৱা।
খৰ খোজেৰে ওলাই গ'ল ল'ৰাজন। ল'ৰাজন ওলাই যোৱাৰ লগে লগে মৃণ্ময় দুৱৰাই কেণ্টিনলৈ ফোন কৰি তিনিকাপ চাহৰ অৰ্ডাৰ দিলে আৰু কিবা এটা হঠাৎ মনত পৰাৰ দৰে মোলৈ চাই ক'লে
: অ য়েছ, গাৰ্গী বৰবৰুৱাই তোমাৰ খবৰ লৈছিল সিদিনা। প্ৰশংসা কৰিছে তোমাৰ।
সামান্য হাঁহিলোঁ মই। বিভিন্ন বিষয়ৰ কথা পাতি গ'ল মৃণ্ময় দুৱৰাই। কি চিনেমা, কি ৰাজনীতি, কি সমাজ ব্যৱস্থা প্ৰতিটো বিষয়ত অগাধ জ্ঞান মানুহজনৰ।
চাহ আহিল। কেণ্টিনৰ ল'ৰাজনে চাহ তিনিকাপ টেবুলত বৰ সযতনে ৰাখিলেহি। মৃণ্ময় দুৱৰাৰ টেবুলৰ কাষৰ ড্রয়াৰ এটাৰ পৰা চুগাৰ ফ্ৰীৰ বটল এটা উলিয়াই তাৰে টেবলেট এটা তেখেতৰ কাপত দি খুব মিহিকৈ ঘুটি আঁতৰি গ'লগৈ ল'ৰাজন। ঋষভলৈও চাহৰ অৰ্ডাৰ দিছিল যদিও এতিয়াও আহি পোৱা নাই সি।
ল'ৰাজনে ক'লেগৈ নে নক'লে বা! ইমান দেৰি কৰিছে কিয়? মতাৰ লগে লগে নাহিলে যে মৃণ্ময় দুৱৰা অসন্তুষ্ট হয় সেই কথা বুজি উঠিছোঁ মই।
মাতি পঠিওৱাৰ প্ৰায় পোন্ধৰ মিনিটমানৰ পিছত এপাকত লাহে ধীৰে আহি ওলালহি ঋষভ।
ক'ৰপৰা জানো ওলাইছিলহি! খোজত অকণো ব্যতিব্যস্ততা নথকাকৈয়ে এখোজ দুখোজকৈ কেবিনৰ ভিতৰ সোমালহি সি।
মোৰ ভাৱ হ'ল এতিয়াই হয়তো মৃণ্ময় দুৱৰাই তাক দেৰিকৈ অহাৰ বাবে মোৰ সন্মুখতে হুমকিয়াই উঠিব !
: মোক মাতিছিল ছাৰ?
সোমোৱাৰ অনুমতি নোলোৱাকৈয়ে সি আহি একেবাৰে সন্মুখতে ৰ'লহি মানুহজনৰ।
কিয় এনেকুৱা সি? এনেই দেৰিকৈ আহিছে আৰু তাৰ পিছত অনুমতি নোলোৱাকৈয়ে গপগপাই সোমাই আহিছে কেবিনটোৰ ভিতৰলৈ।
ইস্ কি বা কয় মানুহজনে ল'ৰাটোক!
কিন্তু মোক আচৰিত কৰি মৃণ্ময় দুৱৰাই হাঁহি হাঁহি কৈ উঠিল
: বহা বহা। বুজিছা কৃষ্ণাক্ষী, চেনেলত মই এবাৰ মতাৰ লগে লগেই মুহূৰ্ততে আহি পায় সকলো। কিন্তু ই? যিমান খৰধৰকৈ মাতি পঠিওৱা সি আহি সদায় পোন্ধৰ বিশ মিনিটৰ পিছতেই ওলাবহি।
মৃণ্ময় দুৱৰাই কথা কৈ থকাতেই থাকিল। ঋষভে বহিয়েই ক'ষ্টাৰ এখনেৰে ঢাকি থোৱা চাহ একাপত চুমুক দি ক'লে
: সেই বিস্কুটটো আছে নেকি ছাৰ?
: নাই অ'। আজিকালি নানো নহয়।
কথাষাৰ তাক কৈয়েই এইবাৰ মোৰ ফালে দৃষ্টি ঘূৰাই মানুহজনে হাঁহি হাঁহি ক'লে
: এবাৰ বুজিছা, চুগাৰ বাঢ়িছিল। অফিচৰ মিঠা বিস্কুটবোৰ নাখাও বুলি নিমখীয়া বিস্কুটৰ পেকেট এটা বেলেগকৈ আনিছিলোঁ। ই বদমাছে আকৌ সেইটোহে খাই ভাল পাই। ঘনে প্ৰতি ইয়ালৈ আহি সেই বিস্কুটৰ পেকেটটোৰ পৰাই বিস্কুট লৈ চাহৰ লগত খাইছিলগৈ।
মৃণ্ময় দুৱৰাৰ সদায় দেখা কঠোৰ মুখখন মুহূৰ্ততে এজন পিতাকৰ দৰেই উজ্জ্বলি উঠিল।
: ছাৰ আকৌ আনিবচোন। ইমান যে টেষ্টি সেইটো।
: বাৰু বাৰু বিস্কুটৰ কথা বাদ। আচল কথালৈ আহোঁ, আজি ৰিপ'ৰ্টিঙৰ বাবে ক'ত যোৱাৰ কথা আছে ঋষভ?
: ছাৰ পল্টন বজাৰ ৰে'লৱে' ষ্টেচনৰ ফালে এটা বস্তি আছে। খবৰ পাইছোঁ বস্তিৰ ল'ৰা ছোৱালীহঁতৰ হতুৱাই ভিক্ষাৰ লগতে আন বহুতো বেয়া কাম কৰোওৱা হয়। তালৈকে আজি যাম। শিশু ভিক্ষা বৃত্তিৰ ওপৰত এটা নিউজ বনাবলৈ বহুত দিনৰ পৰাই সুযোগ বিচাৰি আছোঁ ছাৰ।
: অঃ... তেন্তে আজি নহ'ব। কৃষ্ণাক্ষীক তোমাৰ সৈতে লৈ গৈ অলপ ৰিপ'ৰ্টিঙৰ 'এ বি চি দি' শিকাবলৈ কোৱাৰ কথা ভাবিছিলোঁ। কিন্তু আজি প্ৰথমদিনাই ক'ত বস্তিয়ে বস্তিয়ে ঘূৰিবগৈ ছোৱালীজনী। বেলেগ এদিন যাব দিয়া।
মৃণ্ময় দুৱৰাই কথাষাৰ কৈ শেষ কৰাৰ লগে লগে ঋষভে একো ক'বলৈ নাপাওঁতেই মই সজোৰে কৈ উঠিলোঁ
: কিয় ছাৰ? মই যাম। মই পাৰিম।
: শ্বিঅ'ৰ?
অকণমান যেন সন্দেহৰ সুৰত সুধিলে মৃণ্ময় দুৱৰাই।
: য়েছ ছাৰ। আই এম ভেৰী মাচ্চ শ্বিঅ'ৰ...
: ঠিক আছে তেন্তে। ঋষভ, তুমি তাইক আজি লগত লৈ যোৱা।
কেবিনটোৰ পৰা ওলাই আহিলোঁ দুয়োটা। বাহিৰ হৈয়ে ঋষভে মোলৈ চাই কৈ উঠিল
: আৰে মেৰী শ্বেৰণী! আই এম ইমপ্ৰেছড্ ...
: তোমাক ইমপ্ৰেছ কৰিবলৈ কৰা নাই দেই। কেই বজাত যাবা?
হাঁহি উঠিলোঁ মই।
: ধৰা আৰু আধা ঘণ্টাৰ পিছত।
তাৰ কথাত মূৰ দুপিয়াই সন্মতি দি চকীত বহিছিলোহি মাত্ৰ। বিজুলী গতিৰে আহি মোৰ চকীখনত ধৰি থিয় দি ৰ'লহি অলংকৃতা। মুখখন সাংঘাতিক কঠোৰ আৰু যেন খঙত ৰঙা পৰি আছে ছোৱালীজনীৰ।
: হাই অলংকৃতা। কি খবৰ?
তাইৰ এই আচৰণৰ অৰ্থ একো নুবুজিলো যদিও সহজ হ'বলৈ চেষ্টা কৰিলো মই।
: অলপদিনৰ আগলৈকে একদম ঠিক আছিল। কিন্তু যেতিয়াৰ পৰা তুমি জইন কৰিছা একেবাৰেই ভাল নহয় খবৰ।
উচপ খাই উঠিলোঁ মই। একো সুধিবলৈ বা ক'বলৈ নাপাওঁতেই আকৌ কৈ উঠিল তাই
: দুৱৰা ছাৰক ৰিকুৱেষ্ট কৰি ঋষভৰ লগত ৰিপ'ৰ্টিঙত যাবলৈ ওলাইছা নহয়? ইমান ডাঙৰ অফিচটোত ইমানবোৰ ৰিপ'ৰ্টাৰৰ ভিতৰত আৰু কোনো ৰিপৰ্টাৰ তোমাৰ চকুত নপৰিল কৃষ্ণাক্ষী?
এইবাৰ সহজ হ'লো মই। তাইৰ ক্ষোভ, তাইৰ খঙৰ প্ৰতিটো অৰ্থ মুহূৰ্ততে যেন বুজি উঠিলোঁ। বৰ সহজকৈ আৰু লাহে লাহে তাইক ক'লো
: মৃণ্ময় ছাৰক মই কোৱা নাই অলংকৃতা। ছাৰে নিজেহে মাতিছিল। ইনফেক্ট কেবিনলৈ মতালৈকে এই বিষয়ে একোৱেই গম নাপাওঁ মই। এই লৈ তোমাৰ যদি কিবা অসুবিধা হৈছে তেন্তে তুমি নিজেই ছাৰৰ সৈতে কথা পাতি ল'বা।
ছোৱালীজনীয়ে পিন্ধি থকা বুট জোতাযোৰৰ এপাত জোতাৰে মজিয়াত জোৰকৈ মাৰি খৰ খোজেৰে আঁতৰ হ'ল মোৰ কাষৰ পৰা। অলপ দেৰিৰ পিছত মৃণ্ময় দুৱৰাৰ কেবিনৰ পৰা ভাঁহি আহিল উশৃংখল কিছু টুকুৰা-টুকুৰি কথা। হয়তো কথাৰ কটা-কটি।
অলংকৃতাই কি কথা পাতিছিল সেয়া জানিবলৈ মোৰ অলপো ইচ্ছা নহ'ল।
প্ৰায় দহ মিনিটমানৰ পিছত ঋষভ মোৰ কাষলৈ আগবাঢ়ি আহিল আৰু ক'লে
: মই গাড়ী উলিয়াই তলতে ৰৈছোঁ দেই। তুমি আহিবা।
কৰি থকা কামটো সামৰি আই-কাৰ্ডখন ডিঙিত পিন্ধি ল'লো। ডিঙিৰ ৰঙা ফিটাডালত 'অসম Daily' বুলি লিখি থোৱা এই আই-কাৰ্ডখনে মোক দিয়ে অফুৰন্ত সাহস আৰু শক্তি। মেক আপ ৰূমলৈ গৈ চুলিখিনি এবাৰ আঁচুৰি বেগটো লৈ লিফ্টেৰে ওলাই আহিলোঁ মই।
ঋষভৰ গাড়ী তলতে ৰৈ আছিল। লগত কেমেৰা পাৰ্চন বিকাশ দা। মই আগবাঢ়ি যোৱাৰ লগে লগেই আগফালে বহি থকা বিকাশ দা গাড়ীৰ দুৱাৰ খুলি পিছফাললৈ বহিবলৈ বুলি নামি গ'ল।
: বিকাশ দা আপুনি কিয় পিছফালে যাব লাগে? আগফালে বহক না।
লৰালৰিকৈ কৈ উঠিলোঁ তেওঁক।
: এঃ নালাগে দিয়া। মই পিছফালে বহিহে ভালপাওঁ। ঋষভৰ ননষ্টপ কথাৰ ভাগ তুমিয়েই লোৱা। মই অকণমান পিছফালে আৰাম কৰোঁ।
সমস্বৰে হাঁহি দিলোঁ তিনিওৱে।
গাড়ী চলিল।
: আমি ক'ত যাম ঋষভ? ঠাইখিনি আৰু চিটুৱেশ্যনটো ভালকৈ এবাৰ বুজাই দিয়াচোন মোক।
অকণমান যেন চিন্তাৰ ৰেশ পৰিল তাৰ মুখত। তাৰ পিছত লাহে লাহে কৈ উঠিল
: পল্টন বজাৰ ৰে'লৱে' ষ্টেশ্যনৰ ফালে যাম। কেতিয়াবা গৈছা নে তালৈ?
: ৰে'লৱে' ষ্টেশ্যনলৈ এবাৰ এজনী বান্ধৱীক ৰে'লত উঠাই দিবলৈ গৈছিলোঁ।
: তাত দেখিছিলানে কিছুমান সৰু সৰু ল'ৰা ছোৱালী। যি মানুহ সোমাই যোৱাৰ লগে লগেই দৌৰি গৈ কাপোৰে কানিয়ে টানি ধৰি ভিক্ষা খোজে?
মই যেন অকণমান মনত পেলাবলৈ চেষ্টা কৰিলো আৰু কিবা এটা মনত পৰাৰ দৰে কৈ উঠিলোঁ
: য়েছ। য়েছ ঋষভ। মনত পৰিছে। মোৰো কিবা এটা দিয়া যেন মনত পৰিছে। সেই সৰু ল'ৰা ছোৱালীবোৰৰ লগতে তাত কিছুমান মহিলাও দেখা যায় যিবোৰে কোলাত কেঁচুৱা লৈ ভিক্ষা কৰি ফুৰে। কি যে এক দুখ লগা দৃশ্য!
এইবাৰ সামান্য হাঁহিলে ঋষভে। হাঁহি হাঁহিয়েই সুধিলে সি
: এই যে তুমি বা আন বহুতে সিহঁতলৈ দুখ লাগি বা মৰম কৰি পইচা দিয়া, সেইবোৰ ক'লৈ যায় জানানে?
: ক'লৈ যায় আৰু! সেয়াৰেই চাগৈ সিহঁতৰ ঘৰবোৰত ৰাতি চৌকা জ্বলে।
বিমৰ্ষ মাতেৰে কৈ উঠিলোঁ মই।
: বৰ সৰল হৈ আছা তুমি কৃষ্ণাক্ষী। মই কওঁ শুনা। সেই অকণ অকণ ল'ৰা ছোৱালীবোৰৰ ওপৰত একোজনকৈ দালাল বহি থাকে। যি দালালৰ হাতলৈ যায় তুমি দিয়া পইচাবোৰ । সিহঁতৰ দিনটোৰ আয়ৰ হিচাপ ল'বলৈ একোজনকৈ বিয়াগোম মানুহ বহি থাকে। তাৰ পৰা এটা সামান্য অংশহে সেই ভিক্ষাৰীবোৰলৈ যায়। কেৱল সৰু ল'ৰা ছোৱালীবোৰেই নহয়। বিকলাংগ মানুহবোৰকো সেই একেই ধৰণেৰেই ভিক্ষা বৃত্তিত লগাই পইচা অর্জন কৰা হয়। আৰু বহুতো সুস্থ ল'ৰা ছোৱালীকো কোমল বয়সতেই বিভিন্ন উপায়েৰে বিকলাংগ কৰি পেলোৱা হয়। কাৰোবাৰ এই বিকলাংগ হোৱাৰ কথাটো এচাম মানুহৰ বাবে আশীৰ্বাদ বুলি ক'ব পাৰা। কাৰণ সেইসকলৰ ভিক্ষা পাত্ৰত মানুহৰ হাতৰ পৰা সৰহকৈ পইচা সৰি পৰে।
উচপ খাই উঠিলোঁ মই। বিকলাংগ হোৱাও মানুহৰ বাবে আশীৰ্বাদ হ'ব পাৰে নে!
মোৰ মনত পৰিল, কলেজত পঢ়ি থাকোতে হোষ্টেলৰ বান্ধৱীৰ লগত প্ৰায়েই ফেন্সি বজাৰলৈ গৈছিলোঁ। বিভিন্ন ভিক্ষাৰীৰ লগতে এজন ভিক্ষাৰীক দেখিলেই এক অজান শোকত দহিছিলোঁ মই। এখন কাঠৰ সৰু পিৰাত ঘূৰি ফুৰিছিল মানুহজন। বাওনা মানুহজনৰ কঁকালৰ পৰা তলছোৱা নাছিল। পিঠিত এটা প্ৰকাণ্ড কুঁজ। আটাইতকৈ হৃদয়হীন কঠিন মানুহজনৰো সেই ভিক্ষাৰীজনক দেখিলে এবাৰলৈ বুকু কঁপি উঠাটো স্বাভাৱিক কথা। সকলোৱে ফুচকা, ছাট খোৱাৰ সময়ত মই সেই পইচা ভিক্ষাৰীজনৰ বাতিটোত ঢালি দিছিলোঁ। সেই পইচাবোৰো কি দালালবোৰলৈ যায়? পইচা ঘটাৰো কি অভিনৱ পন্থা।
: কি ভাবিছা কৃষ্ণাক্ষী?
ঋষভৰ মাতত 'একো নাই' বুলি সোঁৱে বাঁৱে মূৰ জোকাৰিলোঁ আৰু সুধিলোঁ
: কেনেকৈ কথা উলিয়াবা সিহঁতৰ পৰা ঋষভ? যাৰ বাবেই সিহঁতে দুবেলা দুমুঠি খাই আছে তাৰ নাম ক'ব জানো?
এইবাৰ ক্ষন্তেক তভক মাৰি ৰ'ল ঋষভ আৰু চিন্তাৰ সুৰেৰে কৈ উঠিল
: সমস্যা সেইটোৱেই কৃষ্ণাক্ষী। মিডিয়াৰ মানুহ দেখিলেই ইহঁত ফৰিং চিটিকা দিয়ে। সিহঁতৰ বিভিন্ন এজেন্ট ঠায়ে ঠায়ে থাকে। যি আমি অহাৰ খবৰ আগতীয়াকৈ সিহঁতৰ ওচৰ পোৱায়গৈ। এইয়াই প্ৰথম নহয়। আগতেও প্ৰায় চাৰি পাঁচবাৰ এই কামটো কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। এই বিষয়টো ফ'কাছলৈ অনাৰ খুব দৰকাৰ কৃষ্ণাক্ষী। কিন্তু কেমেৰা আৰু হাতত বুম লোৱা আমাক দেখিলেই খালি হৈ পৰে ষ্টেশ্যন। বিকাশ দা আৰু মোৰ চেহেৰাও ইতিমধ্যে সিহঁতে চিনি পাই গৈছে। ন বিকাশ দা?
মানুহজনে একো নামাতিলে। মূৰ দুপিয়ালে যদিও বুজা নগ'ল। খুব কম কথা কয় তেওঁ।
: তেন্তে এতিয়া কি কৰিবা ঋষভ?
: কি কৰিবা আৰু! যাওঁ আকৌ এবাৰ। চেষ্টা কৰোঁ।
সামান্য হাঁহি ক'লে সি।
মনে মনে বহি খিৰিকীৰে বাহিৰলৈ চাই গ'লো মই। কিবা এটা উপায় হে যেন ভাবিবলৈ ধৰিলোঁ।
এইখন মহানগৰীতে কত যে কথা, কত যে কাহিনী থাকে। যিমানেই ৰঙীন এই মহানগৰী সিমানেই এটা এটা ক'লা অধ্যায়েৰেও ভৰ্তি হৈ থাকে এই মহানগৰীৰ বুকু।
কি কৰা যায়!
এয়াতো কেৱল এটা সাধাৰণ বাতৰি নহয়। এই বিষয়টো হাইলাইট কৰিব পাৰিলে কিমান যে শিশু কণ কণ হাতবোৰত ভিক্ষাৰ পাত্ৰ তুলি লোৱাৰ পৰা ৰক্ষা পৰিব। তেনেকৈয়ে বহুকেইটা নীৰৱ মুহূৰ্ত পাৰ হোৱাৰ পিছত কিবা এটা যেন হঠাৎ মোৰ মনলৈ আহিল।
: ঋষভ। ষ্টেচন সোমোৱাৰ আগতে ফেন্সিৰ পৰা আহিবগৈ পাৰিম নেকি?
প্ৰায় জোৰেৰে ক'লো মই।
: কিয়?
আশ্চৰ্যৰে সুধিলে সি।
: প্লিজ ঋষভ। মই কিবা এটা ভাবিছোঁ। ব'লানা। এটা কথা কোৱাচোন কিমান ডাঙৰ এই শিশুবোৰ?
: এই ধৰা আঠ বছৰৰ তলৰ। কিন্ত কিয়?
আকৌ মাতত আশ্চৰ্য ৰাখিয়েই সুধিছে সি।
: মই সিহঁতৰ বাবে অলপ সৰু সৰু উপহাৰ কিনিব খুজিছোঁ। সিহঁতক যদি ফুচুলাই কথা উলিয়াব বিচাৰিছা তেন্তে সেয়া পইচা বা খাদ্যৰে নহয়। কাৰণ পইচা বা খাদ্য সিহঁতক প্ৰত্যেকেই দিয়ে। সিহঁতে আগতে কেতিয়াও নোপোৱা কিছুমান সৰু সৰু উপহাৰ যেনে- ৰং পেঞ্চিলৰ পেকেট, অকণ অকণ পুতলা, চকলেট এনেকুৱা বস্তু দি চাওঁচোন। চেষ্টাতো কৰি চাওঁ ঋষভ।
মোৰ মনলৈ আহিল সাগ্নিকে দিল্লীৰ মলটোৰ বাহিৰত উঠোৱা সেই সৰু মগনীয়া ছোৱালীজনীৰ ফটোখন। যি এটা পুতলাৰ বাবে দুচকুত পিন্ধি লৈছিল এসোপা উদাসীনতা। যিজনী ছোৱালীয়ে তেওঁ দিয়া পইচাও ঘূৰাই দিছিল কেৱল পুতলা এটাৰ বাবেই।
ফেন্সিলৈ বুলি গাড়ী আগবাঢ়িল ঋষভৰ। মই একেৰাহে কৈ গ'লো তাক
: শুনা ঋষভ, তোমালোকক যিহেতু সিহঁতে চিনি পায়। গতিকে প্ৰথমতেই কেমেৰা বা বুম একো সিহঁতৰ ওচৰলৈ যাব নালাগে। অৰ্থাৎ বিকাশ দা আৰু তুমি গাড়ীতে বহি থাকিবা। মই সিহঁতৰ মাজলৈ গৈ সিহঁতৰ মনবোৰত বিশ্বাস জগাবলৈ চেষ্টা কৰিম। যেতিয়াই দেখোঁ সিহঁত অকণমান গলিছে, তেতিয়াই মই এটা মিছড্ কল দিম আৰু এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা সিহঁতে নেদেখাকৈ বস্তুখিনি কেমেৰাত বন্দী কৰিবা। বুম লৈতো যাবই লাগিব। কিন্তু এতিয়াই নহয়। তাৰ বাবে অলপ সময় লোৱা উচিত। খৰধৰ কৰিবলৈ চালে কামটো হৈ নুঠিব। দৰকাৰ হ'লে আমি আকৌ আহিম।
ঋষভ আৰু মই ফেঞ্চিৰ পৰা একেবাৰে কম দামত এসোপা সৰু সৰু উপহাৰ ৰঙীন কাগজেৰে পেক কৰি ল'লো আৰু ষ্টেশ্যনৰ বাহিৰত ৰ'লোহি। অলপমান উপহাৰ বেগত ভৰাই লৈ বাকীখিনি হাতত সিহঁতে দেখাকৈ লৈ সোমাই গ'লো ঠাইখিনিলৈ। ডিঙিৰ পৰা আই-কাৰ্ডখন খুলি হেণ্ডবেগটোত ভৰাই ল'লো।
সোমাই যোৱাৰ ৰাস্তাতেই চকুত পৰিল এজনী প্ৰায় সাত বছৰীয়া ছোৱালীয়ে ষ্টেচনলৈ সোমাই অহা মানুহবোৰৰ সন্মুখত বিভিন্ন ভংগীমাৰে প্ৰদৰ্শন কৰিছে শৰীৰ কলা। এবাৰ হাতেৰে মূৰটো সুমুৱাই দি আকৌ এপাকত মাটিত হাতেৰে ভেঁজা দি খোজকাঢ়ি দেখুৱাইছে। কাষতে মহিলা এগৰাকীয়ে এটা অকণমানি ড্ৰামৰ দৰে কিবা এটাত লাঠী দুডালেৰে বজাই ছোৱালীজনীক উৎসাহ দিছে। মানুহগৰাকীৰ কোলাত এটা কেঁচুৱা। এপাকত ছোৱালীজনী মাটিৰ পৰা যথেষ্ট ওপৰত বান্ধি থোৱা এডাল ৰছীৰে খোজকাঢ়ি গ'ল। দুচকু মুদ খাই গৈছে মোৰ। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা। ছোৱালীজনীৰ কাষত সেয়া তাইৰ মাকেই নে? মাকে পাৰে নে এনে বিপদ সংকুল অৱস্থালৈ সন্তানক ঠেলি দিব?
আগুৱাই গ'লো মই। ঋষভে কোৱাৰ দৰেই এসোপা কণ কণ শিশুৱে মোৰ গাৰ কাপোৰত টানি ধৰি ভিক্ষা বিচাৰিবলৈ ধৰিলে। সেই শিশুসকলৰ লগত কোনো ডাঙৰ মানুহ নাছিল। তাৰেই যেন সুযোগ ল'ব খুজিলোঁ মই। এজনী কণমানি ছোৱালীক মাতি আনিলোঁ কাষলৈ। কেতিয়াও তেলৰ পৰশ নপৰা মৰাপাটৰ দৰে ৰঙচুৱা চুলিত বেণী গাঁঠি ফিটা মৰা, কোনোদিনেই চাৰ্ফ চাবোনৰ মুখ নেদেখা এটা লেতেৰা ফ্ৰক পিন্ধা এজনী প্ৰায় ছবছৰীয়া ছোৱালী। ছোৱালীজনী আগবাঢ়ি অহাৰ লগে লগেই সুধিলোঁ
: নাম কি তোমাৰ?
একো নোকোৱাকৈ ৰৈ গৈছে তাই। হয়তো এয়াও সিহঁতৰ দালালবোৰে দিয়া নিৰ্দেশৰ ভিতৰতে পৰে। এইবাৰ মই হাতৰ উপহাৰৰ টোপোলাকেইটা এনেই এবাৰ খৰমৰকৈ চুই সুধিলোঁ
: কোৱা আকৌ। কি নাম তোমাৰ?
: পায়েল।
নামটো যদিও কৈছিল ছোৱালীজনীৰ দুচকু কিন্তু মোৰ হাতৰ উপহাৰবোৰত আছিল। এটা চুকলৈ গৈ মই এইবাৰ বহি পৰিলোঁ। মোৰ কাষ চাপি আহিল তাই। মই উপহাৰবোৰ তাইৰ চকুত পৰাকৈ বেগৰ চেইনডাল খুলি থ'লো।
: এইবোৰ কি দিদি?
সুধিলে তাই। মই বুজিলোঁ উপহাৰবোৰে তাইক আকৰ্ষণ কৰিছে।
: বহুত বস্তু আছে। তোমাক লাগিব নেকি?
মূৰ দুপিয়ালে তাই।
: আৰু বন্ধু আছেনে তোমাৰ?
আকৌ এবাৰ জোৰে জোৰে মূৰ দুপিয়াই দূৰৰ কোনোবাফালে তাই আঙুলিয়াই দেখুৱালে।
: মোৰ ওচৰত ঢেৰ বস্তু আছে পায়েল। মই সবকে দিম। সিহঁতকো মাতি আনা যোৱা। আৰু শুনা, লগত ডাঙৰ মানুহ আহিলে কিন্তু মই কাকো একো উপহাৰ নিদিওঁ।
ছোৱালীজনী দৌৰ মাৰি মুহূৰ্ততে আঁতৰ হ'ল ঠাইখিনিৰ পৰা। ফোনটো বাজি উঠিল। ঋষভে ফোন কৰিছে। তাৰ ফোন লৰালৰিকৈ কাটি ৱাটচ এপত এটা মেছেজ পঠিয়ালো
" ফোন কৰি নাথাকিবা। ফোনত কথা পাতি থাকিলে সন্দেহ হ'ব পাৰে সিহঁতৰ "
" আই এম ৱৰিড কৃষ্ণাক্ষী। ভয় খাইছোঁ মই। বাদ দিয়া তুমি। গুচি আঁহা "
লগে লগে ৰিপ্লাই আহিল তাৰ। চাইলেণ্ট কৰি ভৰাই থ'লোঁ মই ফোনটো।
লগত প্ৰায় পাঁচ ছটামান বন্ধু লৈ পায়েল আহি ওলালহি। এজনী ছোৱালীৰ হাতত কেইটামান বেলুন। বেলুন বিক্ৰী কৰিছে তাই। এটাৰ হাতত কেইটামান কলম, এজনী ছোৱালীৰ হাতত কেইটামান সস্তীয়া ধূপৰ পেকেট। দুটামানৰ হাতত ভিক্ষাৰ পাত্ৰ।
আটাইকেইটাই উৎসুক হৈ মোৰ ফালে চাবলৈ ধৰিলে। এটাই সুধিলে
: দিদি, পায়েলে কৈছে আপুনি বোলে আমাক ৰঙীন কাগজেৰে বন্ধা উপহাৰ দিব?
: দিমতো। মই সকলোকে দিম।
: কিন্তু কিয় দিব? আমাক কোনেও উপহাৰ নিদিয়ে। আপুনি কিয় দিব?
হাতত বেলুন লোৱা ছোৱালীজনীয়ে প্ৰায় সন্দেহেৰে গহীন সুৰত কৈ উঠিল। বাকী আটাইকেইটাতকৈ তাই বয়সত অলপ যেন ডাঙৰ। অৱশ্যে খুব সৰুতেই সময় আৰু পৰিস্থিতিয়ে সিহঁতক বয়সতকৈ বুজন কৰি পেলায়। আগতে ভাবি যোৱাৰ দৰেই উত্তৰ দিলোঁ মই
: মই তোমালোকক লৈ এটা খুব ধুনীয়া কাহিনী লিখিব খুজিছোঁ। ইমান ধুনীয়া তোমালোক। তোমালোকৰ বিষয়ে কাহিনীবোৰো কিমান ধুনীয়া হ'ব ন? কিন্তু তোমালোকৰ বিষয়ে লিখাৰ আগতে বন্ধু হৈ লোৱাতো জানো জৰুৰী নহয়। তোমালোক মোৰ বন্ধু হ'বা নে?
হাত আগবঢ়ালো মই। বেলুন লোৱা ছোৱালীজনীৰ বাহিৰে সকলোৱে সমস্বৰে মোৰ হাতত চুই 'হা' বুলি চিঞৰি উঠিল। ছোৱালীজনীয়ে তেতিয়াও বেলুনকেইটা লৈ অলপ দূৰতেই থিয় দি ৰৈছে। তাইৰ যেন কোনো আগ্ৰহ নাই এইবোৰলৈ। পাৰিলে বাকীকেইটাকো যেন মোৰ কাষৰ পৰা আঁতৰাই নিবহে খুজিছে তাই। মই সিহঁত আঁতৰি যোৱাৰ আগতেই উপহাৰৰ টোপোলাবোৰ খুলিলোঁ। অকণ অকণ পুতলা, চকলেট আদিবোৰ থপিয়াই ল'লে সিহঁতে। ছোৱালীজনী তেতিয়াও আগবাঢ়ি অহা নাই। মাথোঁ মাজে মাজে বাকীবোৰক প্ৰায় ধমকিৰ সুৰেৰে কৈ উঠিছে
: কাষ্টমাৰৰ লগত কথা পাতি আছ বুলি গম পালে ৰাজকুমাৰে খুব পিটিব।
ঘূৰিবলৈ লৈছিলেই ছোৱালীজনী। এইবাৰ উপহাৰৰ টোপোলাৰ পৰা ওলাইছিল এখন ছবি অঁকা বহী আৰু এপেকেট ৰং পেঞ্চিল। যাবলৈ খোজা ছোৱালীজনীৰ দুভৰি ৰৈ গ'ল। পুতলা, চকলেট একোতেই আগ্ৰহ নেদেখুওৱা ছোৱালীজনী এইবাৰ আগবাঢ়ি আহিল আৰু হাতত তুলি ল'লে ছবি অঁকা বহীখনৰ সৈতে ৰং পেঞ্চিলৰ পেকেটতো। মই যেন সকাহ পালোঁ।
: তোমাক লাগে এইটো?
লাহে লাহে মূৰ দুপিয়ালে তাই।
: ছবি আঁকি ভালপোৱা তুমি?
: খুব ভাল পাওঁ।
: লক্ষ্মী দিদিয়ে খুব ধুনীয়া ছবি আঁকে। কেতিয়াবা আমাৰ হাতত ধুনীয়াকৈ মেহেন্দি আঁকিও দিয়ে।
পায়েলে কৈ উঠাৰ লগে লগেই লাজ লাজকৈ হাঁহিলে তাই। মই গম পালোঁ তাইৰ নামৰ লক্ষ্মী। উপহাৰবোৰ পাই খুব সুখী হৈছিল সিহঁত। আজি আৰু বেছি সময় ইয়াত বহি থকা উচিত নহয় বুলি ভাবিলোঁ। কাৰণ এদিনতে বেছি আগবাঢ়িলে ধৰা পৰি যোৱাৰ সম্ভাৱনাই অধিক। সিহঁতৰ কাষৰ পৰা উঠি আহিবলৈ লওঁতেই সকলোৱে ঘেৰি ধৰিলে মোক
: দিদি নাযাব না! আৰু অকণমান থাকক।
: নাই নাই। তোমালোকে বস্তু বিক্ৰী কৰাগৈ আকৌ। মই বহি থাকিলে কেনেকৈ হ'ব? পিছত আকৌ আহিম দেই মই।
আহিবলৈ বুলি ঘূৰিলোঁ মই। একমাত্ৰ লক্ষ্মীৰ বাহিৰে সকলো দৌৰি আঁতৰি গৈছিল। এইবাৰ তাই আগবাঢ়ি আহিল আৰু লাহে লাহে ক'লে
: মোৰ পঢ়িবলৈ খুব মন যায় দিদি। স্কুল যাবলৈ, ছবি আঁকিবলৈ বৰ মন যায়। আপুনি মোক স্কুললৈ নিব পাৰিব নে?
কথাকেইটা কওঁতে তাইৰ মলিয়ন মুখখনত ধুনীয়া চকুহাল তিৰবিৰাই উঠিল। সপোনেৰে যেন ভৰপূৰ এহাল চকু।
তাইৰ মূৰত হাত ফুৰাই আলফুলে মৰম কৰি আঁতৰি আহিলোঁ মই। পিছফালৰ পৰা তাই কৈ উঠিল
: আকৌ আহিব দিদি। মই আপোনাক ছবি আঁকি দেখুৱাম।
প্ৰায় পাঁচশ মিটাৰ দূৰত ঋষভৰ গাড়ীখন ৰৈ আছিল। গাড়ীখনতে ভেঁজা দি থিয় হৈ খুব চিন্তিত হৈ ৰৈ আছে সি। মই আগুৱাই যোৱাৰ লগে লগেই দৌৰি অহাৰ দৰে আহিল আৰু একেলেঠাৰিয়ে কেইবাটাও প্ৰশ্ন কৰিলে
: কি হ'ল? কিবা আগবাঢ়িল নে? সিহঁতে মিডিয়াৰ মানুহ বুলি সন্দেহ কৰা নাইতো? ইমান চিন্তা লাগিছে। ইফালে তুমি কাঢ়া নিৰ্দেশ দি থৈছা ফোন, মেছেজ নকৰিবলৈ।
: কৈ আছোঁ ঋষভ। গাড়ীততো বহি লওঁ!
: তুমি আৰু পাঁচ দহ মিনিট দেৰি কৰা হ'লে ই গৈ ভিতৰ পালেগৈহেঁতেন কৃষ্ণাক্ষী।
মই উত্তৰ দিয়াৰ লগে লগেই বিকাশ দাই হাঁহি হাঁহি কৈ উঠিল। বিকাশ দালৈ ঘোপাকৈ চালে ঋষভে। এইবাৰ ঋষভলৈ চাই ক'লো মই
: প্ৰথমদিনাই একো নহ'ব ঋষভ। প্ৰথমতে ল'ৰা ছোৱালীখিনিৰ মোৰ ওপৰত এটা বিশ্বাস হোৱাটো খুবেই প্ৰয়োজন। দুদিনমান আহিব লাগিব।
প্ৰায় চাৰি বজাত অফিচ সোমালোহি আমি। আজি ছয় বজালৈকে ডিউটি। পাঁচ বজাৰ পৰা নিউজ এটা আছে মোৰ। মেকআপ ল'বলৈ আৰু অকণমান সময় আছে যদিও চ'ফাখনতে ঢপকৈ বহি পৰিলোঁ মই।
অচিনাকী মুখ এখনত মেক আপ কৰি আছে প্ৰেংকিয়ে। হয়তো কিবা অনুষ্ঠানৰ বাবে আহিছে। বহুসময়ত বিশেষ অনুষ্ঠান কিছুমানৰ বাবে এনেকৈ এদিন বা দুদিনৰ বাবে আহে বিভিন্ন যুৱতী। কেতিয়াবা নামী দামী নায়িকাকো এদিন বা দুদিনৰ পাৰিশ্ৰমিক দি এনেকৈ বিশেষ অনুষ্ঠান কিছুমান কৰিবলৈ আমন্ত্ৰণ কৰি অনা হয়।
মেক আপ দি থকা প্ৰেংকিক যুৱতীগৰাকীয়ে সুধি গৈছে উপৰ্যুপৰি প্ৰশ্ন। লাগ বান্ধ নাইকিয়া কিছুমান বিৰক্তিকৰ প্ৰশ্ন। হঠাৎ এটা প্ৰশ্নত ছোৱালীজনীলৈ চাই উচপ খাই ৰৈ গ'লো মই।
: তোমালোক এনেকুৱা কিয়? কেতিয়াও ছোৱালী এজনী ভালপাবলৈ তোমালোকৰ মন নাযায়নে? যাৰ লগত মন যায় তাৰ লগতে তোমালোকে শুই দিব পাৰা ন?
কি সোধে?
কেনেকৈ সুধিব পাৰে মানুহে এনে প্ৰশ্ন! বিষয় এটাত সম্পূৰ্ণ জ্ঞান নথকাকৈয়ে কেনেকৈ মানুহক এনেকুৱা প্ৰশ্নৰে থকা-সৰকা কৰিব পাৰে?
প্ৰেংকিহঁত যে আন ল'ৰাতকৈ পৃথক তাই নাজানেনে? এই কথা যে জন্মগত হয়, এই বিষয়ে সামান্যতম জ্ঞানো নাইনে ছোৱালীজনীৰ? আৰু নাজানিলেই যেনিবা, তথাপি কিয় এনেকৈ সুধিব তাই?
আঃ! বৰ দুখ পাইছে প্ৰেংকিয়ে।
খঙত মুখখন ৰঙা পৰি আহিছে তাৰ। সহজ সৰল ল'ৰাটোৰ খং উঠিলে বৰ বেয়াকৈ উঠে। তাক চকুৰেই ইংগিত দিলোঁ মই
: নালাগে প্ৰেংকি, একো নক'বা। অনুষ্ঠানটো কৰি লওক তেওঁ। এতিয়াই বেয়াকৈ ক'লে অনুষ্ঠানটো শান্তিৰে কৰিব নোৱাৰিব ।
তাইক মেক আপ কৰাৰ দায়িত্ব আধাতে সি দীপিকাৰ ওপৰত দি মোলৈ চাই ক'লে
: তোমাৰ নিউজ আছে ন কৃষ্ণাক্ষী? আহাঁ মেকআপ দিওঁ।
নিউজলৈ মোৰ সময় আছিল। সেই কথা মেকআপ ৰূমটোত লগাই থোৱা লিষ্টখনত পৰিষ্কাৰকৈয়ে লিখা আছিল। তথাপি যেন কথা আৰু পৰিবেশ সলাবলৈকে সি আশ্ৰয় ল'লে সেই কামৰ। মেকআপ লোৱাৰ সলনি তাক লগত লৈ কেণ্টিনলৈ ওলাই আহিলোঁ। চাহ দুকাপ হাতত লৈ চকী দুখন টানি বহি পৰিলোঁ আমি। মনটো মাৰি আছে সি।
: কিছুমান মানুহে আমাক বেলেগ গ্ৰহৰ প্ৰাণী চোৱাৰ দৰে চায় কৃষ্ণাক্ষী।
চাহৰ কাপটো হাতত লৈ ক'লে প্ৰেংকিয়ে। তাৰ হাতত হাত থ'লোঁ মই।
: চাওক দিয়া। কোনে কি ভাবে সেইটো ডাঙৰ কথা নহয়। তোমালোকে নিজকে যে ইমান ধুনীয়াকৈ গ্ৰহণ কৰিছা সেইটোহে ডাঙৰ কথা। আনে যিয়েই ভাৱক, তাত দুখ পোৱা বা গুৰুত্ব দিয়া উচিত নহয় বুলিয়েই মই ভাবোঁ। বাই ডি ৱে' তোমাৰ ডাক্তৰ চাহাবৰ কি খবৰ?
শেষৰ বাক্যশাৰীয়ে তাৰ মুখখন মুহূৰ্ততে জিলিকাই তুলিলে।
প্ৰেম হৈছে তাৰ। গুৱাহাটীৰ এখন বিখ্যাত নাৰ্ছিং হ'মৰ এজন কাৰ্ডিঅ'লজিষ্টৰ সৈতে নতুনকৈ এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে। কথাটোৱে এইকেইদিন মেক আপ ৰূম গৰম কৰি ৰাখিছে।
: ভাল ভাল। আজি অফিচৰ পিছত তেওঁ মোক নিবলৈ আহিব ।
লাজ লাজকৈ কৈ উঠিল প্ৰেংকিয়ে।
প্ৰেম শব্দটোৱেইতো এনেকুৱা। সকলো ঠিকেই চলি থকালৈকে ইয়াতকৈ সুন্দৰ শব্দ আৰু অনুভৱ আন একোৱেই নাথাকে।
কিবা কিবি বেলেগ কথা পাতি পৰিৱেশটো সলাই মেকআপ ৰূমলৈ আহি মেক আপ ল'লো আৰু নিউজ পঢ়িবলৈ ষ্টুডিঅ'লৈ উঠি আহিলোঁ।
পাঁচ বজাৰ নিউজটো পঢ়ি উঠি কেইটামান কাম কৰোঁ মানে ছয় বাজিলেই। বেগটো লৈ বাহিৰলৈ ওলাই আহোঁতেই ঋষভক লগ পালো। হাতেৰে গাড়ীৰ চাবি ঘূৰাই ঘূৰাই আহি থকা সি মোক দেখি হঠাৎ ৰৈ গ'ল।
: আজি ময়ো সেইফালেই যাবলগীয়া আছে কৃষ্ণাক্ষী। মা কাহিলীপাৰাৰ বৰমাহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছে। আনিবগৈ লাগে। বেলেগ ক'লৈকো যদি তোমাৰ যাবলগীয়া নাই তেন্তে মই তোমাক ড্ৰপ কৰি দিব পাৰোঁ।
তাৰ কথাত সন্মতি দি আগবাঢ়ি গ'লো মই। ৰূমলৈ সোমাই যোৱা ৰাস্তাটোৰ ওচৰতে ড্ৰপ কৰি দিলে মোক ঋষভে। খোজকাঢ়ি নেদেখা হোৱালৈকে গাড়ী তাতেই ৰৈ থাকিল তাৰ। সেই কথাৰ উমান পোৱাৰ পিছতো মই এবাৰো পিছলৈ নোচোৱাকৈ খৰ খোজেৰে আহি ৰূম পালোঁহি।
বন্ধ দুৱাৰৰ তলাত হাত দিছিলোঁহি মাত্ৰ। ফোন বাজিল। ঋষভৰ ফোন। কিবা চাগৈ কাইলৈ ৰিপোৰ্টিঙলৈ যোৱাৰ কথা ক'বলৈ ফোন কৰিছে। এবাৰত কোনো কথাই সম্পূৰ্ণ নহয় তাৰ। এহাতে দুৱাৰৰ তলা খুলিয়েই ডিঙি বেঁকা কৰি কান্ধত ফোনটো চেপি ধৰি সুধিলোঁ
: কোৱা ঋষভ।
: গৈ পালা নে?
: এইমাত্ৰ পালোঁহি। কোৱাচোন।
: নহয়। চাই থাকোঁতেই ইমান লৰালৰিকৈ নাইকিয়া হৈ গ'লা, সেয়ে ভালকৈ গৈ পালা নে নাই সুধিবলৈকে ফোন কৰিছিলোঁ।
কান্ধ বেঁকা কৰি তেনেকৈয়ে ৰৈ গ'লো মই। এটা প্ৰচণ্ড খঙে মুহূৰ্ততে আৱৰি আনিলে মোক। ফোন থ'বলৈ খুজিছিলেই সি। মই লাহেকৈ কিন্তু বৰ স্পষ্টকৈ মাতিলোঁ
: ঋষভ।
: কোৱা কৃষ্ণাক্ষী।
ৰাখিবলৈ লোৱা ফোনৰ পৰা খৰধৰকৈ ভাঁহি আহিল তাৰ সঁহাৰিৰ মাত।
: আজিৰপৰা মই আহি পালোহি নে নাই, মই খালোঁ নে নাই এনে ধৰণৰ ব্যক্তিগত বিষয়বোৰৰ পৰা অকণমান আঁতৰি থাকিবা। বেয়া নাপাবা কোৱাৰ বাবে, কিন্তু কিছুমান কথা মোৰ বৰ অপছন্দ। আশা কৰোঁ বুজি পাবা।
ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলোঁ। সি কি কৈছিল বা ক'বলৈ খুজিছিল সেয়া জনাৰ আগ্ৰহ একেবাৰেই নহ'ল।
নালাগে। কাৰো আদৰ, যত্ন মোক নালাগে। এবাৰ কাৰোবাৰ মৰম আৰু আদৰৰ অভ্যাস হৈ যোৱাৰ পিছত আকৌ জীৱনৰ একাকীত্বলৈ ঘূৰি আহিবলৈ কিমান যে কষ্ট সেই কথা মোতকৈ ভালকৈ আৰু কোনে বুজে!
এই কষ্টৰ মই নিজকে আঁতৰাই ৰাখিম।
নালাগে কোনো পুৰুষ বা প্ৰিয়জন।
কাৰো গাত ভেঁজা নিদিয়াকৈ আগবাঢ়ি যাবলৈ বিচাৰোঁ মই।
ৰঘুমলা নহয়। বৃক্ষ হ'বলৈ খোজোঁ মই।
ছাঁয়া দিয়া বৃক্ষ।
©গায়ত্ৰী
(আগলৈ)
Comments
Post a Comment