#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ১৯

ছেপ্টেম্বৰ মাহ।

প্ৰচণ্ড গৰমৰ প্ৰকোপ অলপ যেন কমিছে।

সময়বোৰ খৰকৈ পাৰ হৈ গৈছে। সন্মুখত এতিয়াও এটা ধুৱলী কুঁৱলী হৈ পৰা মৃতপ্ৰায় সপোন। প্ৰতিদিনে অনিচ্ছাসত্বেও ওলাই গৈছোঁ অফিচলৈ। প্ৰতিমুহূৰ্ততে ভাবি ৰৈছোঁ বৰ সোনকালে এটা সংবাদ মাধ্যমৰ পৰা ফোন আহিব। কিন্তু কেতিয়া আহিব, কেনেকৈ আহিব সেয়া নাজানোঁ।

বৰ বেছি সপোন মই কেতিয়াও দেখা নাছিলোঁ। কিন্তু যিটো সপোন দেখিলো সিয়ো যেন প্ৰতিনিয়ত মাৰি নি আছে মোক। ক্ৰমশঃ ভৰিৰ পৰা মূৰলৈ। ঠিক যেন চম্পাৱতীৰ মাহীমাকৰ জীয়েকক অজগৰডালে গিলি অনাৰ দৰেই। জাৰি জোকাৰি পেলাওঁ গাটো। নিজেই নিজকে কওঁ- 'এয়া অজগৰে গিলা নাই। এয়াতো সময়ে এপদ এপদকৈ পিন্ধাইছে অলংকাৰ। অভিজ্ঞতাৰ অলংকাৰ, নিৰ্ভীকতাৰ অলংকাৰ, সাহসৰ অলংকাৰ।'

ৰাতিপুৱাৰ এলাৰ্ম বাজিছিল। আধা মেলখোৱা আধা জপোৱা তন্দ্ৰালস দুচকু। হাতেৰে খেপিয়াই এলাৰ্মটো বন্ধ কৰিলোঁ। সদায় উঠিবলগীয়া সময়তকৈ বিশ মিনিট আগতে এলাৰ্মটো দিয়াৰ মোৰ অভ্যাস। সাৰ পাই অকণমান দেৰি বিছনাত ইকাটি সিকাটিকৈ পৰি ৰোৱা মোৰ পুৰণি বিলাসিতা। একো নকৰাকৈ, কেৱল নিজৰ মাজত এইকণ সময় ডুবি থাকি ভাল পাওঁ মই। যেন তেনেকৈয়ে নিজকে প্ৰস্তুত কৰিব খোজোঁ দিনটোৰ বাবে।

কিন্তু আজি অলপদিনৰ পৰা এই একো নকৰাকৈ এনেয়ে পৰি থকাৰ সময়কণত এটা নির্দিষ্ট নম্বৰৰ পৰা অহা গুড মৰ্ণিং মেছেজে প্ৰতিদিনে পুৱা মোৰ ওঁঠত বিৰিঙাই তুলিছে এটি হাঁহি।

এটা মাত্ৰ শাৰী

: গুড মৰ্ণিং কৃষ্ণাক্ষী। হেভ আ নাইছ ডে'

সেই এটা শাৰীয়েই মোক যেন দিনটো সুখী কৰি ৰাখিব পাৰে। তেওঁ নাইছ ডে' বুলি কোৱাৰ বাবেই যেন ধুনীয়া হৈ পৰে মোৰ দিনটো। সেই গুড মৰ্ণিং মেছেজটোৰ বাহিৰে গোটেই দিনটো কিন্তু আন একোৱেই কথা পতা নহয়।

আজিও সাৰ পায়েই মোবাইলটো টানি আনিলোঁ। ডাটা অন কৰাৰ লগে লগেই সোমালেহি সাগ্নিকৰ মেচেজটো

: Sweet morning Krishnakshi..I hope your morning is as bright and gorgeous as your smile..

মোৰ হাঁহি?
কেতিয়া, কোনদিনানো দেখিলে তেওঁ মোৰ হাঁহি?
নাজানোঁ! তথাপি এটি হাঁহিয়ে মুহূৰ্ততে ওঁঠত খেলা কৰি গ'ল ।

তেওঁলৈ মেছেজটোৰ ৰিপ্লাইটো টাইপ কৰি থাকোতেই মনত পৰিল আজি বিশ্বকৰ্মা পূজা। আমাৰ অকণমানি অফিচটোতো পূজা পাতিছে। অফিচলৈ চাদৰ মেখেলা বা শাৰী পিন্ধি যাবলৈ নিৰ্দেশ দিছে আজি। কামৰ ক্ষেত্ৰতো আজিৰ দিনটোত কিছু শিথিলতা দিছে মানুহ দুজনে। কাৰোবাৰ যদি নিৰ্দিষ্ট অৰ্ডাৰ আছে তেওঁক বস্তুটো দি আহিলেই হ'ব। অন্যথা আজি অফিচৰ পৰা ওলাই যোৱাৰ প্ৰয়োজন নাই। আজি অকণমান দেৰিকৈ গৈ পালেও কোনো কথা নাই। 

আজি মোৰ কাকো বস্তু দিবলগীয়া নাছিল। গতিকে চাদৰ মেখেলা এযোৰ পিন্ধি পূজাত বহি ৰোৱাৰ বাহিৰে দিনটো বিশেষ কাম নাই।

গাটো ধুই চাদৰ মেখেলাযোৰ উলিয়াই ল'লো। বগাত অকণ অকণ ৰঙা বুটা বচা কাপোৰযোৰ মাৰ। কেতিয়াবা ঘপকৈ প্ৰয়োজন হ'ব বুলি এবাৰ ঘৰৰ পৰা আহোঁতে দি পঠিয়াইছিল মায়ে। আজিলৈকে পিছে সেই ঘপকৈ প্ৰয়োজন হ'ব বুলি ভবা দিনটো অহাই নাছিল। কেতিয়াও পিন্ধা হোৱা নাছিল কাপোৰযোৰ। বহুদিন সুমুৱাই থোৱাৰ বাবে কাপোৰযোৰৰ পৰা এটা সেমেকা গোন্ধ ওলাইছে। নাকত লগাই দীঘলকৈ উজাই ল'লো গোন্ধটো। যেন কাপোৰযোৰৰ পৰা ভাঁহি আহিব মাৰ গাৰ সেই প্ৰাচীন চিনাকি গোন্ধ। 

চাদৰখনত সৰু সৰুকৈ কোঁচ দি জাপি পিন্ধিবলৈ ল'লোঁ। চাদৰৰ জাপি লোৱা আঁচলটোত মাৰিবলৈ ছে'ফটি পিনটো বিচাৰি ফুৰোঁতে হঠাৎ মনলৈ আহিল আগতে স্কুললৈ চাদৰ মেখেলা পিন্ধি যাবৰ সময়ত পিনটো বিচাৰি নোপোৱা মোৰ পুৰণি বেমাৰটো। স্কুললৈ যাওঁতে সদায় চাদৰত মৰা পিনটো বিচাৰি নাপাওঁ আৰু সদায় মায়ে বকি বকি হাতৰ মিহি খাৰুডালত লগাই থোৱা পিন এটা খুলি দিয়ে। কথাটো মনত পৰি হাঁহি এটি বিৰিঙি উঠিল মোৰ। 

চকুত আনদিনাতকৈ অকণমান ডাঠকৈ কাজল বুলালো আজি। চুলিখিনি আধা মেলি আধাখিনি ক্লিপ এডালেৰে সামৰি ল'লোঁ। ওঁঠত অকণমান গুলপীয়া লিপবাম আৰু হাতত ঘড়ীটো পিন্ধি ওলাই আহিলোঁ। 

ৰিক্সা এখনেৰে আহি অফিচৰ সন্মুখত নামিলোহি। মোক দেখাৰ লগে লগে খৰধৰকৈ আগবাঢ়ি আহিল দেৱলীনা বা আৰু ৰুণুমা। সিহঁত দুজনীৰো পিন্ধনত আজি চাদৰ মেখেলা। দেৱলীনা বায়ে পিন্ধিছে এযোৰ পাতল সেউজীয়া চাদৰ মেখেলা আৰু ৰুণুমাৰ পিন্ধনত নীলা এসাজ কাপোৰ।দেখাত পুৰণা যেন লগা যদিও চাদৰ মেখেলা দুযোৰেৰে দেখিবলৈ খুব ধুনীয়া লাগিছে দুয়োজনীকে।

ৰিক্সাৰ পৰা নমাৰ লগে লগে বতাহত ক্লিপৰ পৰা ওলাই যোৱা মোৰ চুলি কেইডাল ক্লিপডালত খুচি দি দেৱলীনা বাই কৈ উঠিল

: ছোৱালীজনীক আজি বৰ ধুনীয়া লাগিছে অ'। কাপোৰযোৰো খুব ধুনীয়া।

ৰুণুমাইও হয়ভৰ দিলে দেৱলীনাবাৰ কথাত।

: তোমালোককো খুব ধুনীয়া দেখিছে বা।

এইবাৰ দুয়োজনীয়ে একেলগে ক'লে 

: পুৰণা কাপোৰ। মাৰ কাপোৰ। 

লগে লগে কৈ উঠিলোঁ মই

: মোৰ হ'বলা নতুন? এইকেইটা পইচাৰে ক'ৰ পৰা কিনিবা নতুন পাটৰ কাপোৰ? 

সমস্বৰে হাঁহিলো তিনিওজনীয়ে। মন খুলি। হঠাৎ যেন মোৰ অনুভৱ হ'ল আমি আমাৰ অৱস্থাটোক সহজভাৱে লৈ লাহে লাহে হাঁহিবলৈকো শিকি পেলাইছোঁ।

চোতালত ৰঙীন কাপোৰেৰে ৰভা এখন দি পূজাৰ বেদী স্থাপন কৰিছে। সোমাই যাওঁতেই ধূপ আৰু ধুনাৰ মিহলি বৰ ধুনীয়া সুগন্ধি এটা নাকত লাগিল। হেপী ইণ্ডিয়াৰ মানুহ দুজন পূজাৰীজনৰ কাষতে বহি আছিল। মানুহজনৰ পিন্ধনত আজি কুৰ্তা পাইজামা আৰু মানুহগৰাকীৰ শাড়ী। ৰঙা পাৰি লগোৱা হালধীয়া ছিল্কৰ শাড়ী, ধুই অহাৰ পিছৰ টোপটোপকৈ পানী পৰি থকা দীঘল মেলা চুলিৰে হাতযোৰ কৰি চকু মুদি পুৰোহিতৰ কাষত বহি ৰোৱা মানুহগৰাকীক আজি অত্যন্ত ধুনীয়া দেখিছে। বৰ স্নিগ্ধ আৰু কোমল! কথাই কথাই হুমকি মাৰি গালি পৰা মানুহগৰাকী যেন এইগৰাকী নহয়। দেখিলেই খং উঠি অহা মানুহগৰাকীলৈ আজি মোৰ কিবা এটা বৰ মৰম লাগিল। কাষতে চকী এখনত শুভ্ৰ শাৰী, ডিঙিত চন্দনৰ মালা পিন্ধি বহি আছে প্ৰথমদিনাই দেখা সেই বৃদ্ধাগৰাকী।

আমি সকলো ল'ৰা ছোৱালী শাৰী পাতি ৰভাৰ তলত বহি পৰিলোঁ। পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰিছে। হাতযোৰ কৰি বহি ৰৈছে সকলো।

ঈশ্বৰলৈ চাই কোনে কি প্ৰাৰ্থনা কৰিছে নাজানোঁ, কিন্তু মোৰ মনত প্ৰতিদিনৰ দৰে এটাই প্ৰাৰ্থনা আছিল। যি প্ৰাৰ্থনাৰ ভাষাও যেন লাহে লাহে শেষ হৈ আহিছে। নে কি ভাষাৰে ক'লে ঈশ্বৰে শুনে সেই ভাষা আয়ত্ব কৰিব এতিয়াও পৰা নাই মই!
চকু মুদি মাথোঁ ক'লো

: মোৰ সপোনবোৰ পূৰ কৰা প্ৰভু। 

নাজানোঁ কিয় এই প্ৰাৰ্থনা কৰিলেই প্ৰতিবাৰেই চকুলো বৈ আহে। আজিও দুচকু জলমল কৰোঁতেই লৰালৰিকৈ চাদৰৰ আঁচলেৰে মোহাৰি থলোঁ চকুৰ কোণ।

পূজা শেষ হ'বলৈ দেৰি আছে। 

প্ৰায় দহমান বজাত মানুহজনে আমাক উদ্দেশ্যি কৈ উঠিল

: কোনোবা গ্ৰাহকক কিবা বস্তু দিবলগীয়া আছে যদি সোনকালে দি আজৰি হৈ আহাগৈ তোমালোক। মানুহ নাপালেও কাৰোলৈকে ৰৈ থাকিব নালাগে। আজি দুপৰীয়া ইয়াতে সকলোৱে একেলগে খিছিৰি খাম। বাৰ বজাৰ ভিতৰত ঘূৰি আহিবলৈ চেষ্টা কৰিবা।

হুৰমুৰাই সকলো বহাৰ পৰা উঠিল। মোৰ কাষতে বহি থকা দেৱলীনা বাও উঠিছিল। বেলতলাৰ ফালে কোনোবা মানুহ এঘৰত তাইৰ বিষৰ তেল এটা দিবলৈ আছিল। মোৰ যদিও ক'লৈকো ওলাই যাবলগীয়া নাছিল তথাপি তাইৰ লগতে ময়ো উঠিলোঁ। ইয়াত অকলে বহি থকাতকৈ দেৱলীনা বাক বস্তু কেইটা সামৰাতে অন্ততঃ সহায় কৰি দিব পাৰিম। আমি অলপ দূৰ আগুৱাই যাওঁতেই এইবাৰ মানুহগৰাকীয়ে বৰ কোমল মাতেৰে ৰিঙিয়াই উঠিল

: আজি তোমালোক কোনেও মোবাইল জমা দিব নালাগে দেই।

অকণমান হাঁহিছিল নেকি বাৰু মানুহগৰাকীয়ে? ইমান কোমল হাঁহি মানুহগৰাকীৰ মুখত মই কেতিয়াও দেখা নাই। মোৰ ক'বলৈ মন গ'ল

" আপোনাক এনেকৈ থাকিলে বৰ ভাল লাগে মে'ম... সদায় গোমোঠাকৈ নাথাকিলেওতো হয়।"

ফুৰ্তি মনেৰে ওপৰলৈ উঠি গ'লো সকলো। দেৱলীনা বায়ে বিষৰ তেলটো পলিথিনত ভৰাই থাকোতেই কেইখনমান নতুনকৈ অহা কিতাপত মোৰ চকুত পৰিল। ঠাক ঠাককৈ সজাই থোৱা কিতাপবোৰৰ মাজত সেইখন কিতাপো আছিল যিখন কিতাপ সাগ্নিক চলিহাই বিচাৰিছিল। যিখন পালেই তেওঁক ফোন এটা কৰি দি থৈ আহিবলৈ কৈছিল।

লৰালৰিকৈ ফোনটোত মানুহজনৰ নম্বৰটো উলিয়াই ল'লো। দুবাৰমান ৰিং কৰাৰ পিছতে টোপনিত থকাৰ দৰে মাত এটাৰে ফোনটো ধৰিলে তেওঁ

: হাই কৃষ্ণাক্ষী...

: টোপনিত আছিল চাগৈ ন? ৰাতিপুৱাই আমনি কৰা নাইতো।

: আৰে নাই নাই। একো আমনি কৰা নাই। আৰু এতিয়া জানো ৰাতিপুৱা হৈ আছে। দহ বাজিল।

: মোক মেছেজ কৰি তাৰমানে আকৌ শুই থাকে আপুনি?

: নহয়... আজিহে। বিশ্বকৰ্মা পূজাৰ বাবে অফিচলৈ যোৱা নাই আজি। সেয়ে ভাবিলোঁ আৰু অলপ শুই দিয়াই যাওক।

অকণমান হাঁহিলে তেওঁ।

: আচলতে আপুনি বিচৰা কিতাপখন ষ্টকত আছে।  সেয়ে ফোন কৰিলোঁ। যদি আপুনি ফ্ৰী আছে...

শাৰীটো সম্পূৰ্ণ কৰিবলৈকে নাপাওঁতেই খৰধৰকৈ ক'লে তেওঁ

: আহাঁ। আহাঁনা। আজিতো মই ঘৰতে।

: মই এঘাৰমান বজাত গৈ পালে আপোনাৰ অসুবিধা হ'ব নেকি বাৰু?

এইবাৰ এখন্তেক ৰ'ল তেওঁ। আৰু বৰ গম্ভীৰ স্বৰেৰে কৈ উঠিল

: তুমি যেতিয়াই মন যায় তেতিয়াই মোৰ ঘৰলৈ আহিব পাৰা কৃষ্ণাক্ষী। য়ু আৰ অলৱেইজ ৱেলকাম...

ফোনটো ৰাখি কিতাপৰ টোপোলাটো সামৰি ল'লো। দেৱলীনাবাৰ সৈতে ওলাই আহিলোঁ বাছ ষ্টপেজলৈ বুলি। হাতত কিতাপৰ টোপোলাটো লৈ চাদৰ মেখেলাৰে খোজ কাঢ়িবলৈ বৰ অসুবিধা পাইছোঁ। বাৰে বাৰে দুভৰিত জোঁট পোট খাব খোজে মেখেলাখন। দুবাৰমানতো দেৱলীনা বাৰ হাতত ধৰিহে পৰাৰ পৰা ৰক্ষা পৰিছোঁ। চাদৰ মেখেলা পিন্ধি বৰ ভালপাওঁ যদিও এনেকৈ খোজকাঢ়ি যোৱাৰ অভ্যাস যেন স্কুলতে এৰি পেলাইছিলোঁ। টোপোলাটো দেৱলীনা বাই এইবাৰ মোৰ হাতৰ পৰা নিজৰ হাতত ল'লে। মই মেখেলাৰ কোঁচকেইটা হাতেৰে দাঙি লাহে লাহে আহি থাকিলোঁ। 

দেৱলীনা বা মোৰ বিপৰীত ফালে যাবলগীয়া আছিল যদিও মোক বাছখনত বহুৱাই দি হে তাই বেলতলালৈ যোৱাৰ বাছ ধৰিবলৈ গ'ল।

বাছত বহিহে যেন উশাহ পালোঁ মই। খিড়িকীখন খুলি চলন্ত বাছখনৰ ভিতৰলৈ সোমাই অহা চেঁচা বতাহজাক গাত লগাই ললোঁ। 

'খবৰ 24×7' ৰ অফিচটো পাৰ হৈ গৈছে বাছখন। ডাঙৰকৈ ৰভা দিছে আজি। সংবাদ মাধ্যমৰ অফিচবোৰত বিশ্বকৰ্মা পূজা এক ডাঙৰ উৎসৱৰ দৰে। মই কেতিয়াও নেদেখিলেও সকলোৰে মুখত শুনিছিলোঁ সেই কথা। অনুজা বাহঁতৰ ফোনবোৰত ফটো দেখিছিলোঁ বিশ্বকৰ্মা পূজাৰ। বাহিৰত শাৰী পাতি ৰখাই থোৱা আছে অফিচৰ গাড়ীবোৰ। তাৰ মাজত সেইখন গাড়ীও আছিল যিখনেৰে প্ৰতিদিনে পুৱা অফিচলৈ আহিছিলোঁ মই। যিখনত বহি চৈতালীয়ে সুধিছিল সুদীপ্ত চৌধুৰীৰ কথা।

চাই থাকিবলৈ মন নগ'ল মোৰ। হাতত কিতাপৰ টোপোলাটো সামৰি ধৰি অফিচটোৰ বিপৰীত ফালে মূৰ ঘূৰালোঁ।

বাছখন জোনাক এপাৰ্টমেণ্টৰ সন্মুখত ৰ'লহি। লৰালৰিকৈ নামি পৰিলোঁ। মেখেলাৰ কোঁচকেইটা সামান্য ঠিক ঠাক কৰি খোজ দিলোঁ সাগ্নিক চলিহাৰ ঘৰলৈ বুলি। 

কিন্তু যিমানেই খোজবোৰ আগবাঢ়িছে সিমানেই যেন লাজ আৰু অসহজ ভাৱ এটাই ক্ৰমশঃ আগুৰি আনিছে মোক। নাজানো কিয় চাদৰ মেখেলাৰে তেওঁৰ সন্মুখত থিয় দিবলৈ সাংঘাতিক সংকোচ হৈছে। ৰাতিপূৱাৰে পৰাইতো পিন্ধি আছোঁ চাদৰ মেখেলাযোৰ। একোতো লাজ বা এনেকুৱা একো ভাৱেই মোৰ মনলৈ অহা নাছিল। হঠাৎ ইমানবোৰ লাজে ক'ৰপৰা আৰু কিয় বেৰি ধৰিছেহি মোক? গাৰ গোটেই তেজবোৰ আহি যেন থূপ খাইছেহি দুগালত।

মোৰ মনত পৰিল প্ৰথমবাৰৰ বাবে পাটৰ কাপোৰ এসাজ পিন্ধি ক্লাছ এইটৰ সৰস্বতী পূজালৈ যাওঁতে  এই অনুভৱ হৈছিল। ঘৰৰ পৰা ইমান উৎসাহেৰে ওলাই গৈ স্কুলৰ সন্মুখত মোলৈকে বাট চাই থকা সেই বিশেষ মুখখন দেখি মোৰ আজিৰ দৰে অৱস্থা হৈছিল। এনেকুৱা লাগিছিল যেন স্কুলৰ গেইটখনৰ ওচৰৰ পৰা লৱৰি ঘৰলৈ আহি সদায় পিন্ধাৰ দৰে ফ্ৰক এটা পিন্ধি আকৌ স্কুললৈ যাওঁ। চাদৰ মেখেলাৰে তেওঁ নেদেখক মোক।

বুকুৰ ভিতৰত বতাহ এছাটি পাগ মাৰি উঠিল। সেই বতাহ যেন উশাহত দীঘলকৈ উজাই লৈ মই আয়োজন চলালো সাগ্নিক চলিহাক লগ কৰাৰ।

লিফ্টেৰে উঠি গৈ তেওঁৰ দুৱাৰমুখত থিয় দিলোঁগৈ। চাদৰ মেখেলাযোৰ আকৌ এবাৰ ঠিক কৰি বুকুৰ ওপৰৰ কোঁচবোৰ হাতেৰে সমান কৰি ল'লো। চুলিবোৰ বতাহত উৰিছিল। ক্লিপ ডাল এবাৰ খুলি ওলাই অহা চুলিবোৰ তাত ভৰাই দিলোঁ।

হাত দিলোঁ কলিং বেলটোত। দুৱাৰখন খোল খোৱাৰ আগৰ সেই দহ চেকেণ্ডমান সময়তো মই ভাবি ৰ'লোঁ "দৌৰি গুচি যাওঁগৈ নেকি? নহ'লে ক'ৰবাত লুকাই থাকোঁ নেকি?" একোবত নিজলৈও খং উঠিল। কি দৰকাৰ আছিল তেওঁক কিতাপখন আহিলে বুলি ফোন কৰাৰ! পিছতো এদিন দিব পৰিলোঁহেঁতেন! আজিয়েই দিবলৈ অহাৰ কি প্ৰয়োজন আছিল।

খট্‌কৈ শব্দ এটাৰে হঠাৎ খোল খালে দুৱাৰখন। হাতত এটা কফি কাপ। কাঠৰ দুৱাৰখন খুলি মোলৈ তধা লাগি চাই ৰ'ল তেওঁ। মই অকণমান হাঁহিলোঁ। 

তেওঁৰ মুখত হাঁহি নাই। হাঁহিবলৈও যেন পাহৰি গৈছে তেওঁ। এপলক চাই থাকি মুখেৰে উচ্চাৰি উঠিল

: Oh my God...

তলমূৰ কৰিলোঁ মই।
বৰ অসহজ লাগিছে মোৰ।

আধা খুলি ৰখা দুৱাৰখনত ধৰি মানুহজনে তেনেকৈয়ে চাই ৰৈছিল। 

: কৃষ্ণাক্ষী... you are looking so pretty...so pure....

থতমত খালোঁ মই। লাহে লাহে ক'লো

: আজি বিশ্বকৰ্মা পূজাৰ বাবে এনেকৈ আহিবলৈ কৈছিল। আপোনাৰ কিতাপখন ...

: Sorry sorry... চোৱাচোন মই দুৱাৰখন খুলিবলৈকে পাহৰি থাকিলোঁ।

সম্বিত ঘূৰি অহা মানুহৰ দৰে কফিৰ কাপটো থৈ এইবাৰ লৰালৰিকৈ লোহাৰ গ্ৰীলখন খুলিলে তেওঁ। হাতত ল'লে মই আগবঢ়াই দিয়া কিতাপখন। কিতাপখন লওঁতে তেওঁৰ হাতে অজানিতে স্পৰ্শ কৰিছে মোৰ হাত।  

মই কিবা এটা ক'বলৈ খুজিছোঁ। কিন্তু মোৰ মুখৰ পৰা ওলাই অহা নাই সেই শব্দ। মই কিয় একো ক'ব পৰা নাই? হয়তো উচাৎ মাৰি আঁতৰাবও খুজিছোঁ তেওঁৰ হাতেৰে স্পৰ্শ কৰা মোৰ হাতখন। 

কিন্তু মই পৰা নাই।
বৰ ইচ্ছা কৰিও সেই কাম কৰিব পৰা নাই মই।
কি আছিল হঠাৎ হাতত লাগি ৰোৱা সেই স্পৰ্শত। 
কি হৈছে মোৰ?

নীৰৱে ৰ'লো।

এইবাৰ কিতাপখন হাতত লৈ পাবলগীয়া পইচাখিনি মোৰ হাতত দি ক'লে

: ভিতৰলৈ আহাঁ না। একাপ কফি ...

মোৰ অসহজতা তেওঁৰ চকুত পৰিছে। হয়তো কফিকাপৰ কথাৰে পৰিৱেশটো সহজ কৰিব খুজিছে তেওঁ। 

: নাই নাই। দেৰি হৈছে মোৰ। আৰু বহুত ঠাইলৈ যাবলৈ মোৰ বাকী আছে।

এইবাৰ যেন উথপথপ লাগিল মোৰ।

কিয় যাম মই ভিতৰলৈ? 
লাগিলেই যেনিবা তেওঁৰ মাত ভাল, হ'লেই যেনিবা গভীৰ দুচকু, কিবা এটা আছিলেই যেনিবা সেই স্পৰ্শত- তথাপি মোক মাতিলে বুলিয়েই মই কিয় সোমাই যাম তেওঁৰ ঘৰলৈ? কিয় অকলে বহি ৰ'ম এজন পুৰুষৰ চ'ৰাঘৰত? 

নাই নাই! সেই কাম মই কোনোপধ্যেই কৰিব নোৱাৰোঁ। 

কিতাপখন হাতত লৈয়েই দুহাত সাবটি এইবাৰ বেৰত আউজি ৰৈছে তেওঁ। মুখত এটি হাঁহি। হাঁহিলে তেওঁৰ ওঁঠৰ বাওঁফালে অকণমান বেঁকা হৈ সোমাই যায় আৰু সেইখিনিতে; অঁ, ঠিক সেইখিনিতে ওঁঠৰ কাষতে এটা টোল পৰে। ওঁঠত হাঁহি বিৰিঙাই ক'লে

: হাতত তোমাৰ একোৱেই নাই কৃষ্ণাক্ষী।

মিছা কথা কৈ ধৰা পৰি ৰৈ গ'লো মই। 

হাতত মোবাইলটো আৰু অকণমানি পাৰ্চ এটাৰ বাহিৰে যে একোৱেই নাই। 

এইবাৰ একো মিছা নোকোৱাকৈ স্পষ্টকৈ ক'লো

:মই যাওঁ।
:যোৱা?
বেৰত আউজি ৰোৱাৰ ভাগতেই তেনেকৈয়ে ৰৈ আছে তেওঁ।

এইটো প্ৰশ্ন আছিল নে?
প্ৰশ্নত জানো থাকে ইমান বিষাদ! 
তেওঁ যেন ক'বলৈ খুজিছে- "যোৱাই নে? ৰ'বাচোন। অকণমান ৰ'বা।"

:হম্মম। যাওঁ।

তড়িৎ গতিৰে উভতিব খুজিলোঁ মই। মেখেলাই জোঁট পোট খাইছে। আগবাঢ়ি আহি এইবাৰ সন্মুখতে ৰ'লহি মানুহজন

: অসুবিধা পাইছা তুমি। এক মিনিট ৰ'বা। অকলে যাব নালাগে। মই তোমাক ড্ৰপ কৰি দিম।

মোৰ কোনো উত্তৰলৈ বাট নোচোৱাকৈয়ে ভিতৰলৈ সোমাই গ'ল তেওঁ।

আঃ মোৰ কি হৈছে? 

মই কিয় তেওঁক বাধা দি কৈ উঠিব পৰা নাই- 'নাযাওঁ আপোনাৰ লগত। কোনো পুৰুষৰ সংগ মোৰ বিশ্বাস নহয়।' 

কিয় মই কৈ উঠিব পৰা নাই- ' মোক থ'বলৈ যাবলৈ কিয় ওলাইছে আপুনি? মই অকলে যাব পাৰো। কাৰো সহায় নালাগে মোক।'

জীৱনটোৱেই গোটেইখন জোঁট পোট খাইছে। কিমান গাঁঠি খুলিব পাৰিব তেওঁ? চেষ্টাই বা কৰিছে কিয়? জীৱনে যিমানখিনি শিকাইছে তাৰ পৰা এইটো অন্ততঃ মই ধাৰণা কৰিব পাৰিছোঁ যে জঁটবোৰ কাৰো সহায় নোলোৱাকৈ যিমানেই নিজেই খুলিম সিমানেই মূৰ তুলি থাকিব পাৰি।

সকলো বুজিও যেন অবুজ হৈছে মনটো। ইচ্ছা কৰিও মই তেওঁক উপেক্ষা কৰিব পৰা নাই। হয়তো তেওঁৰ ব্যক্তিত্ব‌ই আকৰ্ষণ কৰিছে মোক।

হঠাৎ যেন মই ভাল বেয়া একোৱেই বিচাৰ কৰিব নোৱাৰা এজনী ছোৱালী হৈ পৰিছোঁ।

মই যে মই হৈ থকাই নাই!

গাড়ীৰ চাবি হাতত লৈ দুৱাৰত তলা লগাইছে তেওঁ। মই মন্ত্ৰমুগ্ধৰ দৰে চাই ৰৈছোঁ। মাথোঁ চাই ৰৈছোঁ।

: আহাঁ।

লিফ্টলৈ সোমাই মোকো মাতিলে তেওঁ। সোমাই গ'লো। তেওঁ য'লৈকে মাতিছে তালৈকে গৈছোঁ। যি কৰিবলৈ কৈছে মই দেখোন তাকেই কৰিছোঁ।

যন্ত্ৰবৎ...

কিবা এটা শক্তিয়ে যেন মোক ঠেলি ঠেলি নি আছে। 

লিফ্টৰ দুৱাৰ বন্ধ হ'ল। এটা বন্ধ লিফ্টৰ ভিতৰত মই আৰু সাগ্নিক। যিমান পাৰোঁ আঁতৰি থিয় হ'লো। দ্বিতীয় ফ্ল'ৰৰ পৰা লিফ্টখন নামি এক নম্বৰ ফ্ল'ৰত ৰৈ গ'ল। মানুহ এজন উঠিছে। অকণমানি লিফ্টটোত নতুনকৈ সোমোৱা মানুহজনক থিয় হ'বলৈ ঠাই দিবৰ বাবে এইবাৰ মোৰ একেবাৰে কাষ পালেহি তেওঁ। একেবাৰে গাত গা লগাকৈ।

লিফ্টৰ একোণত চেপেটা লাগি থিয় হৈ ৰ'লো মই। 

মই অহাৰ আগে আগে তেওঁ হয়তো গা ধুই 
উঠিছিল। কিবা এটা ধুনীয়া পাৰ্ফিউমৰ গোন্ধে চুই গ'ল মোক। ডাঠ মেৰুণ ৰঙৰ শ্বাৰ্ট, ক'লা জিন্স পিন্ধিছে তেওঁ। এমুখ মিহি ডাঢ়ি। চকুত সদায় লাগি ৰোৱা ফ্ৰেমলেচ চশমাযোৰ।

শান্ত, গভীৰ দুচকু...

মই চাই থকা দেখি গৈছে তেওঁ। 
সামান্য হাঁহিলে।
লাহে লাহে ওঁঠৰ হাঁহিটো চশমাৰ আঁৰৰ চকুহাললৈকো বিয়পি পৰিল।

এইবাৰ মই চকু নাতৰালোঁ।
যিদৰে নাতঁৰালে তেওঁ।
যেন এইহাল চকুত চকু থৈ ৰৈ যাবলৈকে পাৰ কৰিলোঁ জীৱনৰ চৌবিশটা বসন্ত।
উশাহবোৰ দেখোন থমকি ৰৈছে।

মই যেন দলিয়াই পেলালোঁ ইমান পৰে বুকুৰ মাজত লৈ থকা সেই আড়ষ্টতা।
সেই সংকোচবোধ...

"চকুত চকু থোৱাৰ পৰত 
সৰি পৰে নেকি ভালপোৱা!
যেনেকৈ সৰে পুৱাৰ শেৱালি
অথবা আবেলিৰ বৰষুণজাক..।"

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ