#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ২৩

দিছপুৰ হস্পিটেল।

ৰিক্সাখনৰ পৰা নামি এবাৰ হস্পিটেলৰ নামফলকখনলৈ চাই মোবাইলটো উলিয়াই ল'লো। আকৌ এবাৰ চকু ফুৰালোঁ সুদীপ্ত চৌধুৰীয়ে কালি গধূলি পঠিওৱা মেচেজটোত। 

হয়। এইটোৱেই এড্ৰেচ দিছিল তেওঁ। এবাৰ পঢ়ি চালোঁ মেচেজটো

: কাইলৈ দিনৰ এক বজাত পোৱাকৈ দিছপুৰ হস্পিটেললৈ আহিব পাৰিবা নেকি কৃষ্ণাক্ষী? ঋষিক এডমিট কৰিছোঁ। গাটো খুব বেয়া তাৰ।

মই মাত্ৰ 'ok' বুলি দিয়া ৰিপ্লাইটোৰ আঁত ধৰি আকৌ এটা মেছেজ কৰিছিল তেওঁ -
 
"ধন্যবাদ কৃষ্ণাক্ষী। মই এক বজাত ৰিছেপশ্যনত অপেক্ষা কৰিম।"

এক বাজিবলৈ এতিয়া পাঁচ মিনিট বাকী। সোমাই গ'লো হস্পিটেলখনৰ ভিতৰলৈ। বিভিন্ন দৰবৰ এটা মিশ্ৰিত গোন্ধ নাকত লাগিল।

ৰিছেপশ্যনতে সুদীপ্ত চৌধুৰী ৰৈ আছে। কাউণ্টাৰটোৰ কাষতে খুটা এটাত আউজি খুব চিন্তাৰে ৰৈ আছে মানুহজন। সোমাই গৈ তেওঁৰ সন্মুখতে ৰ'লো। চকুহাল জপাই আছে। হয়তো ঋষিৰ বাবেই তাৰ পিতৃৰ মুখত এনে অগণন চিন্তাৰ ৰেখা। যাৰ চাৰিবছৰীয়া পুত্ৰ অসুস্থ হৈ পৰি ৰৈছে হস্পিটেলৰ বিছনাত, কেনেকৈনো থিৰেৰে থাকিব পাৰে সেই পিতৃ।

এইকেইমাহতে ভালেখিনি হটিছে মানুহজন। খুব যত্ন কৰি ৰখা ডাঢ়িখিনিৰ ঠাই লৈছে দুগালৰ অজস্ৰ পকা ডাঢ়িয়ে। চকুৰ তলত ক'লা দাগ। অনিদ্ৰাৰ চাপ। চুলিতো যেন ভালেমান দিন ভালকৈ ফণীয়েই লগা নাই। সদায় পৰিপাটিকৈ সাজ পোছাক কৰা সুদীপ্ত চৌধুৰীৰ পিন্ধনত আজি এটা পুৰণি যেন লগা শ্বাৰ্ট আৰু এটা পাইজামা। ভৰিত এযোৰ হাৱাই চেন্ডেল।
 
ক্ষন্তেক ৰৈ তেওঁক মাত দিবলৈ চিন্তা কৰোঁতেই মই ৰৈ থকাৰ উমান পালে তেওঁ। খপজপকৈ ক'লে

: সময়মতেই পালাহি। তোমাক কি বুলি ধন্যবাদ জনাওঁ....

তেওঁৰ কথাষাৰ শেষ কৰিবলৈ নিদিয়াকৈয়ে কৈ উঠিলোঁ মই

: ঋষি ক'ত আছে? 

'অঁ অঁ। আহাঁ' বুলি কৰিড'ৰটোৰে আগবাঢ়িল মানুহজন। পিছে পিছে গৈ থাকিলোঁ মই। অলপ সন্মুখলৈ হালি এজন বৃদ্ধ লোকৰ দৰে খোজ পেলাইছে তেওঁ। 'খবৰ 24×7' ৰ সেই আত্মপ্ৰেমেৰে বিভোৰ মানুহজন যেন তেওঁ নিজেই চিনি নাপাব এতিয়া। অলপদূৰ গৈ সোঁহাতে সামান্য ঘূৰি এটা কোঠাৰ সন্মুখত ৰৈ গ'ল তেওঁ। মোক আঙুলিয়াই দেখুৱালে কোঠাটোৰ ভিতৰলৈ। 

এখোজ দুখোজকৈ আগবাঢ়ি গ'লো মই। ঢকঢকিয়া বগা বিছনা চাদৰ এখনত শুই আছে ঋষি। তাৰ ওচৰ পালোগৈ।

অকণমানি হাতখনত বগা বেণ্ডেজেৰে (এডহেচিভ টেপ) ঢাকি এটা কেনুলা খুচি থোৱা আছে। দুচকু জাপ খোৱা। টোপনি গৈছিল বোধহয়। কাষত বহি ৰৈছে এগৰাকী মহিলা। তেওঁৰ চিন্তাক্লিষ্ট মুখেই এই কথা স্পষ্ট কৰিছিল যে তেৱেঁই ল'ৰাটোৰ মাক অৰ্থাৎ সুদীপ্ত চৌধুৰীৰ পত্নী। পাতল মাখনৰঙী এযোৰ কটনৰ ছেলোৱাৰ কামিজ পৰিহিতা মানুহগৰাকীৰ মুখখনত কি এক সাংঘাতিক বিষাদ! দুচকু দেখি ভাৱ হয় একেলেঠাৰিয়ে বহুনিশা উজাগৰে কটাইছে তেওঁ। মোক দেখি বিছনাৰ পৰা উঠি কাষ চাপি আহিল মানুহগৰাকী আৰু ক'লে

: কৃষ্ণাক্ষী ন? তোমাৰ কথা এওঁৰ মুখত শুনিয়েই আছোঁ। লগ হে পোৱা নাছিলোঁ। তোমাক ধন্যবাদ জনোৱাৰ ভাষা মোৰ ওচৰত নাই। 

বিনম্ৰতাৰে তলমুৰকৈ ৰয় মানুহগৰাকী। 

: নালাগে বাইদেউ। কেৱল সি ভাল হওকচোন। 

তলমুৰকৈ ৰোৱা মুখখনলৈ চালোঁ। এখন নিমাখিত মুখ। সেওঁতাত সেন্দূৰৰ ৰেখা। ইমান অনুজ্জ্বল মুখখনত উজ্জ্বলতা বুলিবলৈ কেৱল সেন্দূৰখিনিহে জিলিকি ৰৈছে।

এই পৰিবেশতো মই থৰ লাগি চাই ৰৈছোঁ মানুহজনীলৈ। পলকতে নিজৰ চকুযুৰি সোলোকাই থৈ পিন্ধি লৈছোঁ এযোৰ পুৰুষৰ চকু। সেই চকুৰে  যেন মই তন্ন তন্নকৈ চাবলৈ ধৰিছোঁ মানুহজনীক।

এই শৰীৰত এনেকুৱা কি অমৃতৰ অভাৱ সেই কথা যেন মই খুটিয়াই চাবলৈ বিচাৰিছোঁ। কি অমৃতৰ সন্ধান কৰিবলৈ তেওঁৰ স্বামীয়ে হাত দিয়েগৈ অন্য নাৰীৰ শৰীৰত? এই আজলী দুচকুত কেতিয়াবা প্ৰেমৰ অভাৱ হ'ব পাৰে নে, যি প্ৰেম নোপোৱাৰ বাবে বৰ্ষাসিক্ত ৰাতি কাৰোবাৰ টি চাৰ্টৰ বাহু কোঁচাই মুখ গুজেগৈ তেওঁৰ সেন্দূৰৰ গৰাকীয়ে?

উমান পায় নে তেওঁ এইবোৰ কথাৰ?
খবৰ জানো পাই তেওঁ? 

যাৰ ওচৰত তেওঁ কৃতজ্ঞতাত গদগদ হৈ ৰৈছে সেই ছোৱালীজনীৰ সপোনবোৰ তেওঁৰ স্বামীয়ে মোহাৰি পেলাইছে। গম পালে কেতিয়াও সহ্য কৰিব নোৱাৰিব এই সহজ সৰল মানুহজনীয়ে। 

কিছুমান কথা আচলতে মানুহে আজীৱন গম নোপোৱাকৈ ৰৈ যোৱাই ভাল। 

ল'ৰাটো সাৰ পাইছে। 'মা মা' কৈ এটা অস্ফুট গেঙনিৰে কেঁকাই উঠা ল'ৰাটোৰ কাষলৈ  মানুহগৰাকী লৰালৰিকৈ আগবাঢ়ি গ'ল। কেনুলা লগোৱা হাতখনেৰে সি মুখ মোহাৰিবলৈ ধৰোঁতেই হাতখন থাপ মাৰি ধৰি মানুহগৰাকীয়ে ল'ৰাটোক বুকুত আঁকোৱালি ধৰিলে।

: আছোঁ বাবা। মা কাষতে আছে। মুখখন খজুৱাইছে নেকি ঋষি? কোনখিনিত বাবা? এইখিনিতে?

ল'ৰাটোৱে খজুৱাবলৈ লোৱা ঠাইখিনি আলফুলে হাতেৰে মোহাৰিলে তেওঁ। তাৰ পিছত চুলিত হাত ফুৰাই মৰমেৰে ক'লে

: তোমাক চাবলৈ কোন আহিছে চোৱাচোন। 

এইবাৰ মই আগবাঢ়ি গ'লো তাৰ কাষলৈ। কি বয়সত এনেকুৱা অসুখেৰে পৰি ৰৈছে ল'ৰাকণ! কেনেকৈ সহ্য কৰিছে সি ইমান কষ্ট? 

গালত চুমা এটা খাই সুধিলোঁ

: মোক চিনি পাইছা নে ঋষি?

তাৰ চকুহালত এনেকুৱা লাগিছিল সি যেন মোক দেখিছে যদিও ক'ত দেখিছে পাহৰিছে। এবাৰ মোলৈ চাই আকৌ মাকলৈ চালে সি। মই আকৌ ক'লো

: মই কৃচ্চাক্ষী বা। চিনি পাইছানে সোণ?

সি হাঁহিলে। বৰ ধুনীয়া তাৰ হাঁহিটো। কেনুলা লগোৱা হাতেৰে আদৰ কৰিব খুজিলে মোক। তাৰ বাবে চকলেট এটা বেগতে সুমুৱাই আনিছিলোঁ মই। সেইটো উলিয়াই তাৰ হাতত দিলোঁ। মাকলৈ চকলেটটোৰ বাকলিখন ফালিবলৈ আগবঢ়াই দিলে সি।

চকলেটত কামোৰ মাৰিয়েই মোক দুৰ্বল মাতেৰে সুধিলে

: তুমি সাধু ক'ব জানা বা?
সামান্য হাঁহিলোঁ মই। বেগটো বিছনাৰে সংলগ্ন টেবুলখনত থৈ তাক ক'লো

: জানোতো! বহুউউত সাধু জানো মই। কিহৰ সাধু শুনিবা কোৱা।

: ৰাক্ষসৰ সাধু জানা?
কিমান দুৰ্বল এই মাত। উস্‌ ! কি কষ্টেৰে কথাবোৰ কৈছে সি।

ক'বলৈ মন গ'ল মোৰ

"কোনটো ৰাক্ষস সোণ? তোমাৰ বেমাৰটোৰ দৰে ৰাক্ষস দেখোন মোৰ এই মুহূৰ্তত মনলৈ অহাই নাই। যি ৰাক্ষসে গিলি নিছে এটা ফুলকুমলীয়া শৰীৰ।"

তাক জনাই নজনাই সাধু এটা ক'বলৈ লওঁতেই ফোনটো বাজি সাগ্নিকৰ নামটো জিলিকি উঠিল। হস্পিটেললৈ বুলি ওলোৱাৰ পৰা এতিয়ালৈ কমেও সাত বাৰৰ ওপৰ ফোন কৰিছে তেওঁ। প্ৰতিবাৰৰ দৰে এইবাৰো সুধিলে

: অল অ'কেই কৃষ্ণাক্ষী? মানুহটোৱে একো অসুবিধা কৰা নাইতো? তুমি জুচ খাই আছা নে? টিফিনত কাটি নিয়া অপেলখিনি খালানে? তুমি মোৰ নম্বৰটো একেবাৰে প্ৰথমতেই ডায়েল কৰি থৈ দিয়াচোন। মানুহটোৱে অকণমান খেলিমেলি কৰিলেই মোক কল লগাবলৈ তোমাৰ সুবিধা হ'ব। ইয়াৰ ওপৰত অকণো বিশ্বাস নাই মোৰ।

: উফ! ৰিলেক্স। মই ঠিকেই আছোঁ। আপুনি মিছাতে ইমান চিন্তা কৰিছে। 

: মই আহোঁ নেকি ? 

: নাই নালাগে। কিবা অসুবিধা হ'লে মই খবৰ দিম। 

ফোন ৰাখি দেখোঁ দুৱাৰমুখত সুদীপ্ত চৌধুৰী। চাই ৰৈছে ঋষি আৰু মোক।
 
নাৰ্ছ এগৰাকী খৰ খোজেৰে সোমাই আহিল কোঠাটোৰ ভিতৰলৈ। তেজ দিবলৈ অলপ সময় এতিয়াও বাকী আছে বোধহয়!

কোঠাটোৰ পৰা ওলাই আহিলো মই। কোঠাৰ বাহিৰৰ শাৰী শাৰী চকীত বহি ঘনাই পানী খাই ৰৈছে সুদীপ্ত চৌধুৰীয়ে। চকী এখনত মই বহাৰ লগে লগে মানুহজন উঠি আঁতৰি গ'ল। শান্তি পালোঁ মই। তেওঁক দেখি নাথাকিলেই ভাল পাওঁ মই। 

কিন্তু পাঁচ মিনিটমান হ'ল কি নহ'ল তড়িৎ গতিৰে আকৌ মোৰ সন্মুখ পালেহি মানুহজন। বহি পৰিল চকী এখনত। এইবাৰ তেওঁৰ পৰা মই বহি থকা চকীখনলৈ মাত্ৰ দুখন চকীৰ ব্যৱধান। বিৰক্তিৰে থিয় হৈ মই অলপ আঁতৰৰ চকী এখনত বহিবলৈ যাওঁতেই মাত দিলে তেওঁ

: কৃষ্ণাক্ষী।
: কওক।
পূৰ্বতকৈও অধিক বিৰক্তি মুখত সানি উত্তৰ দিলোঁ মই।

: কথাবোৰ এওঁক নক'বা প্লিজ।

চাৎকৈ তেওঁৰ ফালে দৃষ্টি ঘূৰালোঁ। দুচকুত মোৰ ঘৃণা এসোপাই বাঁহ বান্ধিছিল। খং, ঘৃণা আৰু আচৰিত হোৱাৰ এক মিশ্ৰিত চাৱনিৰে তেওঁলৈ চাই থাকিলোঁ মই। কৰিড'ৰটোৰে খৰ খোজেৰে অহা যোৱা কৰি আছে বিভিন্ন মানুহ।

লাহেকৈ এইবাৰ মানুহজনৰ কাষ চাপি গ'লো আৰু কোনেও নুশুনাকৈ কৈ উঠিলোঁ

: আপুনি কেনেকৈ ভাবি ল'ব পাৰিলে মোক আপোনাৰ দৰে ইমান সস্তীয়া মানসিকতাৰ বুলি? কেৱল উশাহটোহে লৈ মৰি মৰি জীয়াই থকা মানুহ এজনীক এই কথা কৈ একেবাৰেই মাৰি পেলাম বুলি কিয় ভাবি ল'লে আপুনি? আচলতে আপোনাৰ পৰা মই আৰু আশাওনো কৰিব পাৰোঁ কি? 

কথাখিনি বৰ খঙত কৈ মই তেওঁৰ পৰা ভালেমান দূৰ আঁতৰৰ চকী এখনত বহি পৰিলোঁগৈ। 

কিন্তু কিয় জানো লাহে লাহে মোৰ দুচকুত তেওঁৰ বাবে ঘৰ বান্ধি ৰোৱা ঘৃণাই যেন পুতৌৰ এখন আৱৰণ পিন্ধি ল'লে। মানুহজনলৈ মোৰ পুতৌ জাগিছে। ভিতৰত জীৱন মৃত্যুৰ সৈতে যুঁজ দি পৰি ৰৈছে তেওঁৰেই চাৰি বছৰীয়া সন্তান। আৰু নিজৰ সংসাৰ ৰক্ষা কৰিবলৈ আকুল মিনতি কৰিছে এক অন্য নাৰীৰ কাষত। সন্তানৰ বাবে চিন্তিত হ'বলৈও আহৰি পোৱা নাই তেওঁ। 

মানুহ কেতিয়াবা কিমান অসহায় হৈ পৰে! তলমূৰ কৰি কাৰোবাৰ ওচৰত শান্তি ভিক্ষা কৰা কাম মানুহে কৰেই বা কিয়! 

এক অদ্ভুত হাহাকাৰে গ্ৰাস কৰি আনিছে মোক। মাজে মাজে চিন্তিত হৈ ৰৈছোঁ -

"মোৰ তেজেৰে সুস্থ হৈ উঠিব নে বাৰু ল'ৰাটো?"

বাৰে বাৰে ঈশ্বৰক চিন্তিছোঁ- 

"মোৰ টোপাল টোপাল ৰক্ত তাৰ দেহত সোমাই সুস্থ হৈ পৰক সি। হাঁহক, খেলক। 'কৃচ্চাক্ষী বাৰ পৰা কৃষ্ণাক্ষী বা' বুলি মাতিব পৰাকৈ ডাঙৰ হওক ল'ৰাটো।"

: হে আল্লাহ..!!!

মোৰ কাষৰ চকীখনত এগৰাকী মুছলমান মহিলাই আল্লাহক সুঁৱৰি উঠিছে। তেখেতৰ কোনোবা হয়তো অসুস্থ হৈ পৰি ৰৈছে ভিতৰত। যন্ত্ৰনাত কাতৰ হৈ শুই ৰৈছে হস্পিতালৰে এটা কোঠাত। ৰোগীৰ সমানেই যন্ত্ৰণা মানুহগৰাকীৰ মুখটো পৰিস্ফুট হৈ পৰিছে। কিয় জানো মোৰ তেওঁক এবাৰ অনুৰোধ কৰিবৰ বৰ মন গ'ল 

: আপোনাৰ আল্লাহক ক'বনে ল'ৰাটো ঠিক কৰি দিবলৈ? ঈশ্বৰ আল্লাহ সকলোৱে সুস্থ কৰি পেলাওক তাক।  

মোৰ ক'বলৈ মন গ'ল ঋষিৰ বাবে আজিৰ নামাজত তেওঁক দোৱা কৰিবলৈ।

মই চাই থকা দেখিয়েই চাগৈ মোৰ মুখলৈ চাই এইবাৰ তেওঁ সুধিলে

: কোনোবা আছে আপোনাৰ? নিজৰ মানুহ?

থতমত খালোঁ মই। 

নিজৰ মানুহ নে? নাই নহয়! এই পৃথিৱীত আটাইতকৈ বেয়া পোৱা মানুহজনৰ পুত্ৰৰ বাবে ইয়াত বহি ৰৈছোঁহি মই। ক'ম জানোঁ এই কথা?  নালাগে থাকক। এনেয়ে মূৰটো দুপিয়াই বেগটো কোঁচত সামৰি বহি ৰ'লো মই।

সাগ্নিকৰ বাৰম্বাৰ ফোন। প্ৰতিবাৰেই সেই একেই উৎকণ্ঠিত কণ্ঠস্বৰ। তেজ দিম বুলি যেন নহয় মই পত্নী হৈ তেওঁক খবৰ দিছিলোঁ গৰ্ভধাৰণ কৰাৰ কথা আৰু বাৰে বাৰে যেন সেয়েহে তেওঁ হৈ উঠিছে দায়িত্বশীল স্বামী। শুনাইছে সাৱধানবাণী- 

: সাৱধান দেই কৃশ্বু.. এইটো নকৰিবা,সেইটো নকৰিবা। বাৰে বাৰে জুছ খাবা। আপেল খাবা।

চিন্তাৰ মাজতে ভাললগা এক অনুভূতিয়ে মোৰ ভিতৰচ'ৰাত লহৰ তুলিলে।

ঋষিৰ কোঠাৰ ফালে চকু গ'ল। সুদীপ্ত চৌধুৰীৰ পত্নী ওলাই আহিছে কোঠাৰ পৰা।

:কৃষ্ণাক্ষী...
: কওক বাইদেউ।
: নাৰ্ছ গৰাকীয়ে তোমাক মাতিছে।

তেজ দিবলৈ মাতিছিল মোক। নাৰ্ছগৰাকীৰ সৈতে ওলাই গ'লো মই।

এখন দীঘলীয়া আৰামীচকীৰ দৰে চকীত শুৱাই হাতত এটা কোমল বল গুজি দিলে নাৰ্ছ গৰাকীয়ে। হাতত খুচি দিছে এটা বেজী। ভয় আৰু বিষৰ এক অনুভূতিত দুচকু জোৰকৈ মুদি ধৰিলোঁ মই। হাঁহি এটা মাৰি নাৰ্ছগৰাকীয়ে ক'লে

: একো নহয় ভন্টি। ভয় নকৰিবা। 

টোপ টোপকৈ তেজ জমা হৈছেগৈ প্লাষ্টিকৰ পেকেট এটাত। প্লাষ্টিকৰ পাইপ ডালেৰে বৈ যোৱা প্ৰতিবিন্দু তেজৰ টোপাললৈ চাই প্ৰাৰ্থনা কৰিলোঁ ল'ৰাটোৰ সুস্থতাৰ। 

নাৰ্ছগৰাকীৰ ফোন এটা আহিছে। ফোনটো ৰিচিভ কৰি বৰ চিন্তিত হৈ কৈ উঠিছে তেওঁ

: তাইক পেৰাচিতামল এটা দি দিয়া। মই দুঘণ্টামানৰ পিছতে পামগৈয়ে।

ফোনটো ৰাখিও অলপ সময় মোৰ কাষতে ৰৈ থাকিল মানুহগৰাকী। একোপাকত সোধো নোসোধোকৈ সুধিলোঁ

: কাৰোবাৰ বেমাৰ?
: উম! মোৰ ছোৱালীজনীৰ। জ্বৰ। এৰি থৈ আহিছোঁ। বৰ চিন্তা লাগি আছে।

আঃ! এইগৰাকী মানুহেই কেইটামান ক্ষণৰ আগতে মোক অভয়বাণী শুনোৱা নাছিল নে? মুখত এটি হাঁহি সানি কোৱা নাছিল নে মোক চিন্তা নকৰিবলৈ? 
কোনে পাৰে?
কোনে পাৰে ডাক্তৰ আৰু নাৰ্ছৰ বাহিৰে? কাৰ সাধ্য আছে নিজে হাজাৰ বিপদত থাকিও ৰোগীক সাহসদান কৰাৰ?

অলপ দেৰিৰ পিছত নাৰ্ছগৰাকীয়ে মোৰ হাতৰ পৰা বেজিটো খুলি দিলে আৰু মোক কিছু সময় আৰাম কৰিবলৈ কৈ এটা জুছৰ পেকেট হাতত গুজি দিলে।

সুস্থ হৈয়ে আছোঁ মই। গা বেয়া লগা নাছিল মোৰ।  কেৱল মূৰটো সামান্য ঘূৰোৱা যেন অনুভৱ হৈছিল। নে এইয়া কেৱল মনৰ হে ভাব আছিল নাজানোঁ! দুচকু মুদি প্ৰায় বিশ মিনিট তেনেকৈয়ে পৰি ৰ'লো। কোঠাটোলৈ সোমাই আহিছে সুদীপ্ত চৌধুৰীৰ পত্নী। মূৰত হাত ৰাখিলে মোৰ।

: কষ্ট পাইছা কৃষ্ণাক্ষী? 
লাহে লাহে সোঁৱে বাঁৱে মূৰ জোকাৰিলোঁ মই।
:নাই...ঠিকেই আছোঁ।
: তুমি অকলে যাব নালাগে। সুদীপ্তই তোমাক থৈ আহিবগৈ। মই কৈ দিম তেওঁক।
: নালাগে নালাগে। একেবাৰেই নালাগে বাইদেউ। মই অকলে যাম। 

কথাষাৰ কৈ ঘূৰিছিলেই মানুহগৰাকী। প্ৰায় জোৰকৈ কোৱা মোৰ কথাষাৰত ৰৈ গ'ল তেওঁ। মোৰ কণ্ঠত কি আছিল নাজানোঁ কিন্তু সাধাৰণ সৌজন্যতাৰে নালাগে বুলি কোৱা কথা যে সেইষাৰ নাছিল তেওঁ যেন বুজি উঠিল। তেওঁ ঘূৰি চোৱাৰ লগে লগে ক'লো মই

: মই যোৱাৰ আগতে এবাৰ ঋষিৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ বাইদেউ। 

মানুহগৰাকীৰ সৈতে আগবাঢ়ি গ'লো ঋষি শুই থকা কোঠাটোলৈ। তাৰ হাতৰ কেনুলাত এইবাৰ চেলাইন খুচি থোৱা আছিল। মই সোমাই যোৱাৰ লগে লগে পুত্ৰৰ কাষৰ পৰা আঁতৰি দিছিল সুদীপ্ত চৌধুৰীয়ে। 

মই গৈ লাহেকৈ সাবটি আদৰ কৰিলোঁ কণমানিটোক। বিৰবিৰাই উঠিলোঁ

: সুস্থ হোৱা সোণ। মোৰ তেজে যদি তোমাক সুস্থ কৰি তোলে মোতকৈ সুখী আৰু কোনো নহ'ব। ভাল হৈ উঠা।

দুয়োহাত যোৰ কৰি কৃতজ্ঞতা জনাইছে সুদীপ্ত চৌধুৰীৰ পত্নীয়ে। তেওঁৰ হাত দুখনত মোৰ দুয়োহাতেৰে ধৰি ক'লো

: চিন্তা নকৰিব বাইদেউ। ঋষি সুস্থ হৈ উঠিব। কেতিয়াবা আকৌ প্ৰয়োজন হ'লে জনাব।

ওলাই আহিলোঁ মই। দুৱাৰৰ বাহিৰ ওলাই দেখোঁ সুদীপ্ত চৌধুৰী ৰৈ আছে। খৰধৰকৈ তেওঁৰ কাষেৰে পাৰ হ'বলৈ খোজোঁতেই মাত দিলে তেওঁ

: এক মিনিট ৰ'বাচোন কৃষ্ণাক্ষী।

মই ৰোৱাৰ লগে লগে মোৰ একেবাৰে সন্মুখতেই ৰ'লহি মানুহজন

: তোমাক কেনেকৈ সহায় কৰিব পাৰোঁ কোৱাচোন। প্লিজ না নকৰিবা কৃষ্ণাক্ষী। কিবা এটা সহায় কৰিবলৈ পালে ভাল লাগিব মোৰ।

এটা বেঁকা হাঁহি ওলাই আহিল মোৰ ওঁঠেৰে। তেওঁৰ চকুলৈ চাই বৰ স্পষ্টকৈ ক'লো

: মোক আপোনাৰ সহায় নালাগে। ধৰি লওক মই এইখিনি আপোনাক দয়া কৰিলোঁ। কেতিয়াবা আকৌ এনে দয়াৰ প্ৰয়োজন হ'লে জনাব। 

আঁতৰি আহোঁতেই ফোনটো বাজি উঠিল। সাগ্নিকৰ ফোন। 

: মই বাহিৰতে ৰৈ আছোঁ কৃষ্ণাক্ষী। তোমাৰ হ'ল যদি গেইটৰ ওচৰলৈ ওলাই আহা। 

ফোন কাটিলে।
অহাৰ কথাতো নাছিল তেওঁ!

গেইটৰ বাহিৰলৈ ওলাই দেখোঁ গাড়ীৰ কাষতে চিন্তিত হৈ থিয় দি আছে তেওঁ। উদ্বিগ্ন হৈ বাৰে বাৰে চাই ৰৈছে হস্পিটেলৰ গেইটখনলৈ। 

হঠাৎ ৰাস্তাৰ সিপাৰে মোক দেখি লৰালৰিকৈ আগবাঢ়ি আহিল আৰু মোৰ হাতত ধৰি লাহে লাহে গাড়ীলৈ লৈ গ'ল। মুখত হাঁহিৰ পৰশ ৰাখি ক'লো

: মই ঠিকেই আছোঁ।

মুখেৰে একো নমতাকৈ খুব সাৱধানে মোক গাড়ীৰ ছিটত বহুৱাই বেল্টডাল লগাই দি ড্ৰাইভিং ছিটত বহি পৰিল তেওঁ। সামান্য সাবটি কপালত এটি চুমা খাই হাতৰ বেজীৰে খোঁচা ঠাইখিনি আলফুলে চুই ক'লে

: কষ্ট পালা কৃশ্বু... 

: নাই অ'। ঠিকেই আছোঁ মই। একেবাৰেই ঠিক। মূৰটোহে সামান্য ঘুৰাই থকাৰ দৰে অনুভৱ হৈছে।

এইবাৰ হঠাৎ গহীন কন্ঠেৰে কৈ উঠিল

: আজি ৰাতি কোনোপধ্যেই তুমি অকলে থাকিব নোৱাৰা। 

: তেন্তে...

: মো.. মোৰ ঘৰত থাকিবা আজি তুমি। 

উচপ খাই উঠিলোঁ মই। 

: আপোনাৰ ঘৰত?

: কথা দিছোঁ। একো অসুবিধা নোপোৱা তুমি। প্লিজ কৃশ্বু। তুমি অকলে থাকিলে মই গোটেই ৰাতিটো অত্যন্ত কষ্টত থাকিম। আজি গোটেই দিন উচপিচাই ৰৈছোঁ মই। কিবা এটা হ'লেও চাবলৈ মানুহ এটা নাই। তাতে মূৰটোও ঘূৰাই আছে। না নকৰিবা। প্লিজ...

কষ্টত থাকিব?
মোৰ কাৰণে কষ্টত থাকিব তেওঁ? 
এই কথা হ'ব পাৰেনে? 

: কিন্তু..
: প্লিজ কৃশ্বু... 

আকুলতাৰে চাই ৰৈছে তেওঁ।

নিজৰ অজানিতেই এইবাৰ লাহে লাহে মূৰ দুপিয়ালোঁ। 

কিয় মই তেওঁৰ ওচৰত বাৰে বাৰে দুৰ্বল হৈ পৰোঁ!
কিয় তেওঁ কোৱা কোনো কথাই অমান্য কৰিব নোৱাৰো মই!

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ