#সূৰ্যফুলৰ_দেশলৈ
খণ্ড ২০
লিফ্টখন গ্ৰাউণ্ড ফ্ল'ৰত ৰৈছিলহি। প্ৰথম ফ্ল'ৰত উঠা মানুহজন নামি যোৱাৰ লগে লগে আমিও ওলাই আহিলোঁ লিফ্টটোৰ পৰা। হাতত লৈ থকা চাবিটোৰে দূৰৰ পৰাই এখন গাড়ীৰ ফালে টোঁৱাই লকটো খুলিলে তেওঁ। টক্ টক্ কৈ দুবাৰ শব্দ কৰি ক'লা টাটা চাফাৰি এখনৰ ৰঙা লাইটটো জ্বলি উঠিল। মই চিনি পালোঁ তেওঁৰ গাড়ীখন। সেইখনৰ পৰা নামি আহোঁতেই মই দৌৰি আগবাঢ়ি গৈ বিক্ৰী কৰিছিলোঁ এটা কিতাপৰ টোপোলা।
গাড়ীত বহিবলৈ বুলি দুৱাৰৰ হেণ্ডেলডাললৈ হাত আগবঢ়াওতেই মোতকৈ আগতে লৰালৰিকৈ আহি দুৱাৰখন খুলি পেলালে তেওঁ। দুৱাৰখন এহাতেৰে ধৰি থাকি মই বহালৈ বাট চাই ৰ'ল। মই বহি পৰাৰ লগে লগে দুৱাৰখন বন্ধ কৰি দিলে যদিও পিছ মুহূৰ্ততে আকৌ খুলি পেলালে। মই তত্ ধৰিব পৰাৰ আগতেই মোৰ চাদৰৰ আঁচলটো আনি মোৰ হাতত তুলি দিলে। দুৱাৰৰ পৰা বাহিৰলৈ ওলাই চেপা খাই ৰৈছিল আঁচলখন।
এইবাৰ ড্ৰাইভিং ছিটত বহি পৰিল তেওঁ। মোৰ একেবাৰে কাষতে। অন কৰিলে গাড়ীৰ এচি। ঠাণ্ডা এছাটি বতাহে চুই গ'ল মুহূৰ্ততে। ঠাণ্ডা বতাহৰ সৈতে উৰি অহা তেওঁৰ পাৰ্ফিউমৰ সুগন্ধি মোৰ নাকত লাগিছে। মোলৈ চাই এবাৰ হাঁহি গাড়ীখন ষ্টাৰ্ট দিলে। গাড়ীখন গেইটৰ বাহিৰ উলিয়ায়েই মিউজিক চিষ্টেমটো বজাই দিলে। বাজি উঠিল মোৰ এটি প্রিয় গীত
: ঔৰ আহিস্তা কিজিয়ে বাটে
ধৰকনে ক'ই চুন ৰাহা হ'গা
লফ্জ গীৰ নে না পায়ে হ'থ' ছে
....
গীতৰ লগে লগে গাড়ীৰ ষ্টেয়াৰিঙত টুকুৰিয়াই টুকুৰিয়াই আপোনমনে গুণগুণাই গৈছে তেওঁ।
দীঘল হাতৰ শ্বাৰ্টটোৰ হাতৰ বুটামকেইটা খোলা। গুণগুণাই থকাৰ মাজে মাজে ক'ব নোৱাৰাকৈ বাওঁ হাতেৰে কোঁচাইছে চাৰ্টৰ সোঁহাত।বাওঁ হাতৰ অনামিকা আঙুলিৰে মাজে মাজে নাকত মৃদুভাৱে চুই উঠাই লৈছে চশমাযোৰ।
তেওঁ কৰা প্ৰতিটো কামেই ভাল লাগিছে মোৰ।
মোক বহিবলৈ দুৱাৰ খুলি দিয়া মানুহজন..
ষ্টেয়াৰিঙত টুকুৰিয়াই গান গাই যোৱা মানুহজন... সকলো ভাল লাগিছে।
মাজে মাজে আঁৰ চকুৰে চাই ৰৈছোঁ তেওঁলৈ।
এবাৰত মোলৈ চাই দাঁতেৰে তলৰ ওঁঠখন কামুৰি চেলাউৰীযোৰ দাঙি ধৰিলে। লুকাই চুৰকৈ চাওঁতে ধৰা পৰি গ'লো মই।
লৰালৰিকৈ খিৰিকীৰে বাহিৰলৈ চালোঁ।
কাছগতিৰে গৈ গৈ এসময়ত গাড়ীখন আগবাঢ়িব নোৱাৰি ৰৈ দিলে।
খুব বেছি ট্ৰেফিক লাগিছে। কোনোপধ্যেই গাড়ী আগবঢ়াব পৰা নাই তেওঁ।
বাৰে বাৰে ঘড়ীলৈ চাইছোঁ মই।
: তোমাৰ দেৰি হৈছে কৃষ্ণাক্ষী?
গাড়ীখনত বহাৰ পিছত প্ৰথমবাৰলৈ তেওঁ কিবা এটা সুধিলে। হয়তো বাৰে বাৰে বাহিৰলৈ আৰু ঘড়ীলৈ চাই থকাৰ বাবে মোৰ দেৰি হৈছে বুলি অনুমান কৰি লৈছে তেওঁ।
লগে লগে মূৰ দুপিয়ালোঁ মই। আজি অফিচলৈ সোনকালে গৈ পাবলৈ কৈছিল।
চাৰে বাৰ বাজি গৈছে। হয়তো দেৱলীনা বাহঁত সকলো ইতিমধ্যেই ঘূৰি আহিছে অফিচলৈ আৰু এজন প্ৰায় অচিনাকি মানুহৰ লগত মই ৰৈ গৈছোঁ ট্রেফিকত।
মোৰ খুব চিন্তা হ'ল। সেই চিন্তা মোৰ মুখখনত স্পষ্ট হৈ ধৰা দিছিল। আগত লানি নিছিগা গাড়ীৰ শাৰী। বিশ্বকৰ্মা পূজাৰ বাবে বাছৰ ভীৰ কম যদিও ব্যক্তিগত বাহনেৰে ভৰি পৰিছে মহানগৰীৰ ৰাজপথ।
খুব জোৰকৈ দুবাৰমান গাড়ীৰ হৰ্ণ বজাই প্ৰায় পোন্ধৰ মিনিটৰ পৰা ৰৈ থকা গাড়ীখনৰ এইবাৰ ষ্টাৰ্ট বন্ধ কৰিলে তেওঁ। বাৰে বাৰে শ্বাৰ্টৰ হাত কোঁচাই চিন্তিত হৈ ৰ'ল মোৰ বাবে।
: কিমান দেৰি লাগে আজি ঠিক নাই। তোমাক মই আনি ভুল হে কৰিলোঁ নেকি বাৰু?
চিন্তিত মুখাবয়বেৰে কৈ উঠিল তেওঁ।
: নাই নাই। বাছত অহা হ'লেওতো একেই হ'লহেঁতেন। আপুনি মিছায়ে ইমানকৈ ভাবিছে।
লৰালৰিকৈ মই কথাষাৰ কৈ তেওঁৰ অশান্ত মনটো যেন শান্ত কৰিবলৈ বিচাৰিলো। তথাপি যেন চিন্তাৰ ৰেখা অকণো কম নহল মানুহজনৰ মুখত।
কিবা এটা ভাল লাগিল।
কিমান দিনৰ পিছত মোৰ বিষয়ে চিন্তা কৰি কাষত বহি ৰৈছে কোনোবা।
মোক কোনোবাই টানকৈ ক'ব,মোৰ দেৰি হ'লে অসুবিধা হ'ব বুলি ব্যতিব্যস্ত হৈ উঠিছে কোনোবা।
এক বাজিবৰ হ'ল। ভয়ংকৰ যান-জঁট কম হোৱাৰ কোনো লক্ষণেই নাই। বাৰ বজাৰ ভিতৰত অফিচলৈ আজি গৈ পাবলৈ কৈছিল সকলোকে। পুৱাৰে পৰা খং নকৰাকৈ থকা মেডামগৰাকী চাগে এতিয়ালৈ খঙত উতলি উঠিছে।
এইবাৰ মোবাইলটো উলিয়াই হেপী ইণ্ডিয়াৰ মানুহজনৰ নম্বৰটো ডায়েল কৰিলোঁ মই। মুহূৰ্ততে ফোনটো ধৰি প্ৰায় চিঞৰ বাখৰ কৰি উঠিল মানুহজনে
: ক'ত আছা কৃষ্ণাক্ষী? সকলো আহি পালেহি। আমি তোমাৰ বাবেই ৰৈ আছোঁ। এটা কিতাপৰ টোপোলা দিওঁতে ইমান সময় লাগে নে তোমাৰ?
: ৰাস্তাত অসম্ভৱ ভীৰ ছাৰ। গাড়ী আগেই বাঢ়িব পৰা নাই।
মই উত্তৰ দিওঁতেই এইবাৰ মানুহগৰাকীৰ মাত ভাঁহি আহিল
: কৃষ্ণাক্ষী...
থতমত খালোঁ মই। বুজি পাওঁ যে মানুহজনৰ পৰা ফোনটো মানুহগৰাকীয়ে লোৱা মানে যে মই কিবা এটা টান কথা শুনা। নিজকে প্ৰস্তুত কৰিলোঁ মই। মোবাইলৰ ভলিউমটো কম কৰিলোঁ। যাতে মানুহগৰাকীৰ খঙাল মাতটো সাগ্নিক চলিহাৰ কাণত নপৰে। কিন্তু মোক আচৰিত কৰি কোমল মাতেৰে এইবাৰ মানুহগৰাকীয়ে কৈ উঠিল
: আমি আজি খাই বৈ সকলো সোনকালেই ওলাই যামগৈ। ট্ৰেফিক যদি সোনকালে নকমে তুমি আহিব নালাগে দিয়া। ঘৰলৈকে যাবাগৈ।
ধন্যবাদ জনাই ফোনটো ৰাখিলো মই। আজি পুৱাৰে পৰাই অসম্ভৱ কোমল হৈ আছে মানুহগৰাকী। পূজাৰ পবিত্ৰ মন্ত্ৰৰ ধ্বনিয়ে যেন কোমল কৰি পেলাইছে তেওঁৰ মন।
সাগ্নিকলৈ চালোঁ। কাষত বহি খুব চিন্তিত হৈ চাই ৰৈছে মোলৈ। মই কি কথা পাতিলোঁ, মোক টানকৈ একো কোৱা নাইতো, সেয়া জানিবলৈ যেন উদগ্ৰীৱ হৈ পৰিছে মানুহজন। ফোনটো ৰাখিয়েই তেওঁলৈ চাই ক'লো
: দেৰি হ'লে অফিচলৈ আজি নগ'লেও হ'ব বুলি কৈছে।
ইমান দেৰি মোৰ বাবে চিন্তাত থকা আন্ধাৰ মুখ খনত যেন কোনোবাই এচমকা পোহৰ সানি দিলে। পোহৰময় হৈ পৰিল মুখখন। মোলৈ অলপপৰ চাই ৰ'লে তেওঁ আৰু লাহে লাহে ক'লে
: আজি তেন্তে দেৰিয়েই হওক ন কৃষ্ণাক্ষী?
ৰ লাগি চাই থাকিল তেওঁ।
চায়েই থাকিল।
উশাহবোৰ যেন ঘন হৈ আহিছে মোৰ।
মই যেন নিজেই শুনিছোঁ নিজৰ বুকুৰ শব্দ।
ধক্ ধক্ ধক্ ধক্।
তেওঁৰ কাণতো পৰিছে নেকি বাৰু উশাহৰ এই শব্দ!
নুশুনক, কোনেও নুশুনক...
বুকুৰ স্পন্দন কাকো শুনোৱাৰ অভ্যাস নাই মোৰ। কোনেও গম নাপাওক মই যে আজি ডুবি ৰৈছোঁ।
লাহে লাহে যেন অদৃশ্য হৈ গৈছে ওচৰ পাজৰৰ সকলো বস্তু আৰু এখন নিজান ঠাইত বহি ৰৈছোঁ কেৱল তেওঁ আৰু মই।
কিমানদেৰি! কিমান ক্ষণ বহি ৰ'লো এনেকৈ?
হঠাৎ গাড়ীৰ বিকট হৰ্ণৰ শব্দত সম্বিত ঘূৰিল দুয়োৰে। আগৰ গাড়ীবোৰ আতঁৰিছে। আমাৰ গাড়ীখনৰ বাবে পিছফালৰ কোনো গাড়ী আগবাঢ়িব পৰা নাই। কাষৰ গাড়ীৰ পৰা কোনোবাই চিঞৰি চিঞৰি কিবা কৈছে। পিছফালৰ গাড়ীৰ পৰা নামি আহিছে মানুহ। ভিতৰলৈ শব্দ অহা নাই যদিও বুজিছোঁ, বৰ খং উঠিছে মানুহবোৰৰ।
লৰালৰিকৈ গাড়ী ষ্টাৰ্ট দিলে তেওঁ। অলপদূৰ আহিয়েই এইবাৰ প্ৰথমে লাহে লাহে তাৰ পিছত শব্দ কৰি হাঁহি উঠিলোঁ দুয়ো।
ব্যস্ত চহৰেৰে আগবাঢ়িছে গাড়ীখন।
গাড়ী চলাৰ লগে লগে আকৌ বাজি উঠিছে সেই গান
"ঔৰ আহিস্তা কিজিয়ে বাটে
ধৰকনে ক'ই চুন ৰাহা হ'গা
লফ্জ গীৰ নে না পায়ে হ'থ' ছে"
....
হঠাৎ সুধি উঠিল তেওঁ
: যদি তোমাৰ অসুবিধা নহয় আমি ক'ৰবাত বহিব পাৰোঁ নেকি কৃষ্ণাক্ষী? একাপ কফি...
লাহে লাহে মূৰ দুপিয়ালোঁ মই।
বহিম মই। পাৰ কৰিম তেওঁৰ সৈতে আৰু অলপ সময়।
সময়বোৰ ৰৈ যাওক...
শেষ নহওক এই ক্ষণ...
গুৱাহাটী কমাৰ্চৰ চি চি ডিৰ সন্মুখত গাড়ী ৰ'ল তেওঁৰ। চাদৰ মেখেলাযোৰ অকণমান ঠিক কৰি লওঁতেই দেখোঁ মোৰ ফালৰ গাড়ীৰ দৰ্জাখন খুলি হাতেৰে ধৰি ৰৈছে তেওঁ। বাট চাই ৰৈছে মই নমালৈ। মোৰ এনেকুৱা লাগিল তেওঁ যেন কোনো স্বপ্নলোকৰ ৰাজকুমাৰ আৰু অযুত হেঁপাহেৰে বাট চাই ৰৈছে ৰাজকুমাৰী দোলাৰ পৰা নমালৈ।
কফি শ্বপখনৰ ওপৰলৈ উঠি গ'লো দুয়ো। মানুহ কম। ওপৰৰ গোটেই ফ্ল'ৰটোত এখন টেবুলত কেৱল এহাল ল'ৰা ছোৱালী। এচুকৰ টেবুল এখনলৈ আগবাঢ়ি গ'লো আমি। বেতৰ চোফাৰে সুসজ্জিত বৰ ধুনীয়া এটা পৰিবেশ। বহিবলৈ বুলি চ'ফাখনত হাত দিওঁতেই তেওঁ লৰালৰিকৈ আগবাঢ়ি আহিল আৰু চ'ফাখন টানি মোক বহিবলৈ সুবিধা কৰি দিলে। মোক বহুৱাই সন্মুখৰ চ'ফাখনত বহিলে তেওঁ।
মুখামুখিকৈ বহি পৰিলোঁ দুয়ো। মেনু্খন মোৰ ফালে আগবঢ়াই দিলে। হাতত মেনুখন লৈ ক'লো
: এটা কেপাচ্চিন' মোৰ বাবে।
অৰ্ডাৰ ল'বলৈ আগবাঢ়ি আহিছিল ল'ৰাজন।
: দুটা কেপাচ্চিন' আৰু দুটা বাটাৰস্কটছ কে'ক।
তেওঁ কৈ উঠিল।
অৰ্ডাৰ লৈ আঁতৰি গ'ল ল'ৰাজন। এইবাৰ তেওঁ টেবুলৰ টিশ্বু ষ্টেণ্ডটোৰ পৰা এখন টিশ্বু লৈ আঙুলিকেইটা এটা এটাকৈ মচি সুধিলে
: আৰু কোৱাচোন কৃষ্ণাক্ষী! তোমাৰ বিষয়ে। মইতো তোমাৰ নামটোৰ বাহিৰে একোৱেই নাজানো।
: মোৰ বিষয়ে ক'বলৈ একোৱেই নাই। মোক যেনেকৈ দেখিছে সেয়াই। লুকুৱাবলৈ বা দেখুৱাবলৈ একো নাই।
সামান্য হাঁহি কৈ উঠিলোঁ মই।
: এনেকুৱা কেতিয়াও হ'ব নোৱাৰে কৃষ্ণাক্ষী। আনে দেখি থকাবোৰৰ বাহিৰেও কিমান যে কথা মানুহৰ কাৰোবাক ক'বলৈ বাকী থাকে। এনিৱে' হোৱাটচ ইয়'ৰ হবি? কি কৰি ভালপোৱা তুমি?
এক মুহুৰ্তৰ বাবে ৰৈ গ'লো মই।
কি কওঁ? কি আছিল মোৰ হবি? কি মোৰ ভালপোৱা কাম? এংকৰিং কৰা, গান গোৱা নে ৰ'দে বৰষুণে কিতাপ বেছি ঘূৰি ফুৰা? নাজানোঁ মই। মই যেন একো উত্তৰেই বিচাৰি পোৱা নাই।
ওলোটাই সুধিলোঁ তেওঁক
: আপোনাৰ হবি কি?
: ফটোগ্ৰাফি। ফটো তুলি ভালপাওঁ মই। গান গাই ভালপাওঁ। আগতেতো কেৱল ফটোগ্ৰাফিকে কৰিছিলোঁ। কিন্তু ইমান ব্যস্ততাপূৰ্ণ চাকৰিটোৰ পিছত ভালপোৱা কামটো কৰিবলৈ সময় বৰ কমকৈ পোৱা হ'লো। গড়কাপ্তানি বিভাগৰ এজন অভিযন্তাৰ নিজাকৈ কিমানকণ সময়নো থাকিব পাৰে কোৱা?
: ভালপোৱা কামবোৰ সময় উলিয়াই মানুহে কৰি থাকিব লাগে। নিজকে জীয়ন দি ৰাখিবলৈ।
: হম্মম...।
এইবাৰ এখন্তেক ৰ'ল তেওঁ আৰু লাহে লাহে কৈ উঠিল
: তোমাক আজি খুব ধুনীয়া দেখিছে কৃষ্ণাক্ষী। তুমি এখন ফটো তুলিছা নে নিজৰ?
মোৰ যে মোবাইলৰ কেমেৰাটো বেয়া হৈছে সেই কথা ক'বলৈ বৰ লাজ লাগিল। মাথোঁ ক'লো
: নাই.... সাধাৰণ এই কাপোৰসাজ...
: ইমান সাধাৰণ বাবেইতো অসাধাৰণ তুমি। ভাল লগাকৈ অসাধাৰন। কেন আই টেইক এ পিক্সাৰ অফ ইয়ৰ্চ? প্লিজ...
মোবাইলৰ কেমেৰাৰে এখন ফটো তুলিলে তেওঁ। খুব ধুনীয়াকৈ তুলিছে।
ৱেইটাৰজনে দুকাপ কেপাচ্চিন' আৰু দুটা বাটাৰস্কটছ কে'ক দি থৈ গৈছিল। কে'কৰ টুকুৰাত কাটা চামুচখন বহুৱাই মই ক'লো
: আপুনি তোলা বাকী ফটোবোৰো চাবলৈ মোৰ বৰ মন গৈছে। কিমান চাগৈ ধুনীয়াকৈ তোলে!
: সেয়া চাবলৈতো তুমি মোৰ ঘৰলৈ যাব লাগিব!
: আপোনাৰ ঘৰলৈ?
মই যেন উচপ খাই উঠিলোঁ।
কফিত চুমুক দি ওঁঠৰ দুয়োকাষ টিশ্বু এখনেৰে মচি এইবাৰ তেওঁ ক'লে
: নহ'লে কেনেকৈ চাবা? অৱশ্যে এটা কাম কৰিব পাৰি। মই গোটেই ফটোবোৰ গাড়ীত ভৰাই তোমাৰ ওচৰলৈ লৈ আনিব পাৰোঁ ন? নট এ বেড আইডিয়া!
কথাষাৰ তেওঁ ইমান সাধাৰণভাৱে কৈছিল যে মোৰ হাঁহি উঠি গ'ল।
হাঁহিলোঁ মই। হাঁহিয়েই থাকিলোঁ।
এইটো ইমান হাঁহি উঠা কথা হয়নে? মই নাজানোঁ। মাথোঁ হাঁহি গ'লো।
কিমান দিন,কিমান মাহৰ পিছত মই এনেকৈ হাঁহিছোঁ।
জৰজৰকৈ খহিবলৈ ধৰিছে মোৰ ভিতৰৰ নহঁহা ছোৱালীজনী। হাঁহি পেলাইছোঁ মই। আৰু তেওঁ চাই ৰৈছে মোলৈ। একেথিৰে।
হঠাৎ তেওঁৰ চকুত চকু পৰিল মোৰ।
তেওঁ যেন প্ৰেমিক হৈ উঠিছে। তিৰবিৰাই উঠিছে তেওঁৰ দুচকু। এই তিৰবিৰণি প্ৰেমৰ। প্ৰিয়তমাক হঁহুৱাব পৰা সুখৰ।
আৰু মই হৈ উঠিছোঁ এজনী প্ৰেমিকা।
প্ৰেমিকৰ ধেমালিৰ কথাত খিলখিলাই হাঁহি ৰ'ব খোজা প্ৰেমিকা।
কোনোবাই যেন হঠাৎ গাত ধৰি মোক জোকাৰি দিলে। বৰ লাজ লাগিল মোৰ। কেনেকৈ যে ইমান দুৰ্বল হৈ পৰিছোঁ মই!
লৰালৰিকৈ কৈ উঠিলোঁ
: আমি যাওঁ। বহুত দেৰি হ'ল।
ৱেইটাৰজনে বিলখন আনি ৰাখিছিল। তেওঁ পইচা উলিওৱাৰ আগতেই লৰালৰিকৈ মই বিলখনত পইচাটো ভৰাই দিলোঁ। মোক পইচাখিনি দিবলৈ বাৰে বাৰে বাধা দিলে তেওঁ। মই সজোৰে ক'লো
: প্লিজ মোক দিবলৈ দিয়ক। মোৰ খুব বেয়া লাগিব।
এইবাৰ জোৰ নকৰিলে তেওঁ। বহি থকা চকীখনত আউজি দুহাত সাবটি ধৰি চাই ৰ'ল মোলৈ। ওঁঠত সেই অকণমান বেঁকা টোলপৰা হাঁহিটো।
উঠি আহিলোঁ আমি। কফি শ্বপৰ চিৰিৰে নামি আহোঁতে চাঁদৰৰ দীঘল আঁচলটোত জোঁট পোট খালোঁ। উজুটি খাব খোজোঁতেই তেওঁ আলফুলে তুলি ধৰিলে মোৰ চাদৰৰ আঁচল। হঠাৎ পিছলৈ ঘূৰি চাওঁতেই তেওঁৰ বুকুত মূৰটো লাগি ৰৈ গ'লো মই।
নাকত লাগিল আকৌ সেই পুৰুষসুলভ সুগন্ধি।
আঃ... কি হৈছে মোৰ!!!
অকণমান পিছ পৰি দিলে তেওঁ।
চাঁদৰৰ আঁচল দাঙি ধৰি মোৰ পিছে পিছে আহি থাকিল।
ওভটনিৰ গোটেই বাটটোত এটাও কথা নাপাতিলোঁ আমি। মোৰ ৰূমৰ সন্মুখত তেওঁৰ গাড়ী আহি ৰৈছে। গাড়ীখন ৰোৱাৰ লগে লগে নিজৰ অজানিতেই মই উচ্চাৰি উঠিলোঁ
: ঠেংক ইউ। ঠেংক ইউ ফৰ এভ্ৰিথিং...
সামান্য হাঁহিলে তেওঁ।
গাড়ীৰ দুৱাৰ খুলিবলৈ সিফালে ঘূৰোঁতেই ক'লে
: শুনা...
আস্... কিয় মাতে তেওঁ এনেকৈ?
তেওঁৰ ফালে চালোঁ। মোৰ কপালৰ অকণমানি ফোঁটটো মুখ মোহাৰোতে হয়তো বেঁকা হৈ গৈছিল। সেইটো এৰুৱাই কপালৰ মাজ অংশত লগাই দি তেওঁ কৈ উঠিল
: তুমি গুচি গ'লে মোৰ বেয়া লাগিব...
এটা মাত্ৰ শাৰী। কিমান যে কি কৈ গৈছিল এই শাৰীটোৱে।
মোৰ মন গৈছে মই যেন ৰৈ যাওঁ।
বেয়া নালাগক তেওঁৰ।
কেৱল তেওঁৰে নে? বেয়া নালাগক মোৰো!
সঁচাকৈ ৰৈ যাওঁ নেকি মই!
নাজানোঁ এজনী ছোৱালীয়ে কেতিয়া প্ৰেমত পৰিছোঁ বুলি ঘোষণা কৰি দিব পাৰে? মানুহ এজনৰ সকলো কথা ভাল লগাৰ পিছত নে মানুহজনে 'ভালপাওঁ তোমাক' বুলি কৈ পেলোৱাৰ পিছত?
তেওঁতো মোক ভালপাওঁ বুলি এবাৰো কোৱা নাই। তথাপি কিয় মোৰ দেখোন আজি ক'বৰ মন গৈছে
"মই প্ৰেমত পৰিছোঁ। অঁ! প্ৰেম হৈছে মোৰ"
আজি টোপনি নাই। ৰূমটোৰ চৌপাশে বতাহত ওপঙি ৰৈছে এটাই শাৰী
"তুমি গুচি গ'লে মোৰ বেয়া লাগিব"
বিছনাত ওপৰলৈ মুখ কৰি শুই পৰিলোঁ। তেওঁ কপালত লগাই দিয়া ফোঁটটো এতিয়াও কপালতে আছে। এখন কিতাপ উলিয়াই লৈছোঁ। কিন্তু কিতাপখন কেতিয়া বুকুৰ ওপৰত মেল খুৱাই পেলাই লৈ তেওঁৰেই কথা ভাবি ৰৈছোঁ নাজানোঁ। ফেনৰ বতাহে উৰুৱাই নিছে এটা এটাকৈ কিতাপৰ পৃষ্ঠা।
হঠাৎ ৱাটচ এপৰ ন'টিফিকেশ্বন!
মোবাইলটো চালোঁ।
সাগ্নিকৰ মেছেজ। তিনিখন ফটো পঠিয়াইছে।
তাৰে এখন মোক সুধি উঠোৱা ফটোখন আৰু আন দুখনৰ এখন মই হাঁহি থাকোঁতে আৰু আনখন মোৰ আঁচল ধৰি আহি থাকোঁতে তোলা।
লগতে দুশাৰী বাক্য
: নোসোধাকৈ মনে মনে ফটো উঠোৱাতো বৰ ডাঙৰ ভুল। চৰী কৃষ্ণাক্ষী।
আঁচল ধৰি ৰোৱা ফটোখনৰ তলতে লিখিছে আন এটা শাৰী
: ওৰে জীৱন এই আঁচলৰ বা লাগক মোৰ গাত।
বা লাগিছিল মোৰো।
প্ৰেমৰ বা...
*********
দিন বাগৰি গৈছে আৰু মই সাগ্নিকৰ প্ৰতি এক বেলেগ অনুভৱ কৰিছো।
প্ৰতিনিয়ত বাট চাইছোঁ এটা নিৰ্দিষ্ট ফোন কলৰ। ইথাৰৰ সিপাৰে ভাহি আহিব এক কণ্ঠ। যি কণ্ঠই পাহৰাব পাৰে মোৰ দুখ ভাগৰ সকলো।
ৰ'দে বৰষুনে ঘূৰি ফুৰিলেও যেন 'প্লিজ টেক কেয়াৰ কৃষ্ণাক্ষী'- এই বাক্যই মোক বাৰে বাৰে জীয়ন দি তুলিছে।
মই যেন লাহে লাহে পাহৰিবলৈ লৈছোঁ জীৱনে দিয়া যন্ত্ৰণা।
সাগ্নিক মোৰ অভ্যাস হৈ পৰিছে। এক ভাললগা অভ্যাস।
কেতিয়াবা ওৰে নিশা কথা পাতিছোঁ দুয়ো।
গান গাইছোঁ।
মনৰ ভিতৰত যেন অতদিনে কঢ়িয়াই ফুৰিছিলোঁ এটা খালি পাত্ৰ। তেওঁ এতিয়া কলকলাই প্ৰেম বাকিবলৈ লৈছে সেই পাত্ৰত। আৰু মই আজন্মৰ তৃষ্ণা নিবাৰিছোঁ সেই প্ৰেমেৰে।
নিজকে দিনে দিনে বৰ ধুনীয়া দেখিবলৈ লৈছোঁ মই। আইনাখনত চাই ভাবি ৰৈছোঁ ইমান ধুনীয়া মই সঁচাকৈয়ে আছিলোঁনে?
চকুত সৰহকৈ কাজল বুলাবলৈ লৈছোঁ।
মোৰ প্ৰেম হৈছে।
প্ৰেম যে এনেকৈয়ে আহে।
প্ৰেম আহে সংগোপনে। গম নোপোৱাকৈ।
ভাল লগাকৈ।
বুকুত এতিয়া যে প্ৰতিদিনেই আৱতৰিয়া উৎসৱৰ মেলা।
"ভালপোৱাবোৰে কথা পাতে গোপনে
উশাহে দি যায় উশাহৰ খবৰ ।
ভালপোৱাৰ গভীৰতা কিমান হ'লে
দুখত নিগৰে সুখৰ চকুলো
অথবা বাৰিষাৰ দিনতো গাব পাৰোঁ
ৰ'দৰ গান"
(আগলৈ)
©গায়ত্ৰী
Comments
Post a Comment