#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ২২

সন্ধ্যা লাগিছে। কোনোবাই প্ৰাৰ্থনা গাইছে। এজাক বতাহে বোৱাই আনিছে সেই মংগলধ্বনি।

কেইদিনমানৰ আগতে সাগ্নিকে এটা খৰিকাজাঁইৰ পুলি উপহাৰ দিছিল। আগৰে পৰা থকা মানিপ্লেণ্টৰ টাবটোৰ লগতে খৰিকাজাঁই জোপায়ো কোঠাটো শুৱনি কৰিছেহি এতিয়া। বেৰত পুতি দিয়া গজাল দুটাত বগাই ওপৰলৈ লহপহকৈ বাঢ়ি যোৱা মানি প্লেণ্টটোৰ কাষত যেন খৰিকাজাঁই ফুলজোপা ভনীয়েক এজনী হৈ মই নথকা সময়খিনিত তাইক সংগ দিবলৈহে আহিছিল। 

এপাহ দুপাহ ফুলিবলৈ লৈছে খৰিকাজাঁই জোপা। এই ফুলজোপাৰ গোন্ধ ল'বলৈকে যেন আজিকালি লৰা ধপৰাকৈ অফিচৰ পৰা আহিবলৈ চেষ্টা কৰো।

কেতিয়াবা খৰিকাজাঁইৰ সৰি পৰা ফুল এপাহ চুলিত গুজি লওঁ আৰু এনে লাগে তেওঁ যেন চুলিৰ মাজত আলফুলে হাত ফুৰাইছে। চুলিৰ মাজত খৰিকাজাঁই হৈ যেন বিচৰণ কৰিবলৈ ধৰিছে এটি এটিকৈ তেওঁৰ উন্মাদ আঙুলি।

আজিও অফিচৰ পৰা আহি মুখ হাত ধুই খন্তি এখন লৈ ফুলজোপা খুচৰি থাকোঁতেই দুৱাৰত টুকুৰিয়াই মাত দিলে দেৱাশ্ৰী বায়ে-

: কৃষ্ণাক্ষী...

দুৱাৰখন খুলি দিয়াৰ লগে লগে হুৰমুৰকৈ সোমাই আহিল তাই। বিছনাখনত ঢপকৈ বহি হাত দুখন সাবটি সিফালে চাই অভিমান কৰাৰ দৰে ৰ'ল।

তাই কিয় এনেকুৱা কৰিছে একো বুজি পোৱা নাই মই। ওচৰলৈ গৈ এইবাৰ লাহেকৈ মাত দিলোঁ

:দেৱাশ্ৰী বা...
:নামাতিবি...বেয়া পাইছোঁ তোক।
বাহুৰ পৰা মোৰ হাতখন এৰুৱাই কৈ উঠিল তাই।

: কি হ'ল বা? নক'লে কেনেকৈ বুজিম মই?

সঁচাকৈ চিন্তাত পৰিলোঁ। হঠাৎ এনেকুৱা কি হ'ল যাৰ বাবে এনেকৈ অভিমান কৰি বহি ৰৈছে তাই। মুহূৰ্ততে মই মনত পেলাবলৈ চেষ্টা কৰিলোঁ কেতিয়াবা এনেকুৱা কিবা কথা মই ক'লো নেকি যাৰ বাবে বেয়া লাগিছে তাইৰ! কিন্তু মোৰ মনলৈ একোৱেই নাহিল।

এইবাৰ মোৰ ফালে চাই দুচকুত এসোপা অভিমান সানি ক'লে 

: কিমানদিন হ'ল তই মোৰ ওচৰলৈ নোযোৱা? কিমান দিন হ'ল মাত এটা নিদিয়া কচোন। এখন বেৰৰ ইপাৰ সিপাৰ কিন্তু এনেকুৱা লগা হৈছে, তই কোনোবা ফোনৰ নেটৱৰ্কেও ঢুকি নোপোৱা ঠাইত হে যেন থাক। মানুহ এনেকৈও সলনি হয় নে? 

হয়তো! 
দেৱাশ্ৰী বাক মই লগ নোপোৱা দুসপ্তাহৰ ওপৰ হ'ল। ৰাতিপুৱাই অফিচলৈ ওলাই গৈ সন্ধ্যাহে দেখোন মই ঘৰ আহি সোমাওহি। তাৰ পিছত গোটেই সময় মোৰ সাগ্নিকৰ লগত কথা পাতোঁতেই পাৰ হয়। বন্ধবোৰতো আজিকালি তেওঁৰ লগতেই অ'লৈ ত'লৈ ওলাই যোৱা হয়। 

বিপদত পৰোঁতে কান্দিবলৈ কান্ধ এখন বিচাৰি এই ছোৱালীজনীৰ ওচৰলৈকে লৰ মাৰি যোৱা নাছিলোঁনে মই? কাষত কোনো নাথাকোঁতে তাইৰেই বুকুত সোমাই উচুপি সকাহ লোৱা নাছিলোঁনে?

কেনেকৈ ইমান স্বাৰ্থপৰ হ'লো মই। বিপদত লগ দিয়া মানুহৰ খবৰ এটা ল'ব নোৱাৰাকৈ?

সঁচাকৈয়ে বৰ দোষী অনুভৱ হ'ল মোৰ।

: চ'ৰী বা...

দুচকু চলচলীয়া হ'ল। তলমূৰ কৰি থিয় দি যেন দোষ স্বীকাৰহে কৰিলোঁ মই। মোৰ জলমল দুচকু দেখি জাঁপ মাৰি থিয় হ'ল দেৱাশ্ৰী বা।

: ঐ ছোৱালী! ধেমালি কৰিছোঁ মই। ইমান চিৰিয়াছ হ'বলৈ কি হ'ল হা! ৰচোন ৰ এটা কথা নহয়!

কিবা এটা বৰ ডাঙৰ কথা ক'বলৈ লোৱাদি ৰৈ গ'ল দেৱাশ্ৰী বা। এইবাৰ মোৰ সোঁ গালখনৰ ওচৰলৈ নিজৰ মুখখন নি জুপি জুপি চাই ক'লে

: তোৰ পিম্পল হৈছে যে! টোপনি ক্ষতি কৰিছ? কিবা প্ৰব্লেম হৈছে? 

হঠাৎ বৰ উদ্বিগ্ন হৈ উঠিল তাই।

মোৰ সঁচাকৈয়ে টোপনি ক্ষতি হৈছে।
সাগ্নিকৰ সৈতে ওৰে ৰাতি কথা পাতিবলৈ লৈছোঁ মই।
তেওঁৰ নামটো মনলৈ অহাৰ লগে লগে এটি হাঁহিয়ে ওঁঠত ঢৌ খেলি গ'ল।

এইবাৰ তৰ্জনী আঙুলিটো মোৰ ফালে টোঁৱাই দেৱাশ্ৰী বায়ে প্ৰায় চিঞৰি কোৱা দি ক'লে

: ঐ তোৰ প্ৰেম হৈছে? সঁচা কথা ক'বি। প্ৰেম হৈছে তোৰ কৃষ্ণাক্ষী? 

মোৰ যেন একো লুকুৱাবলৈ মন নগ'ল। কাৰোবাক ক'বলৈ মন গ'ল মোৰ প্ৰেম হোৱাৰ কথা। কাৰোবাক ক'বলৈ মন গ'ল তেওঁৰ কথা। আজিলৈকে কাকোৱেই কৈ নোপোৱা কথাটো দেৱাশ্ৰী বাক ক'বলৈ বৰ ইচ্ছা হ'ল মোৰ।

ওঁঠ টিপি ধৰি লাহে লাহে মূৰ দুপিয়ালোঁ মই। কিবা এটা ক'বলৈ লওঁতেই আকৌ কৈ উঠিল তাই

: এনেকৈ নহয়। এনেকৈ নহয় কৃষ্ণাক্ষী। এ টু জেদ ক। কি নাম, কি কথা, কি কৰে, ক'ত লগ পালি সকলো ক। এটা কাম কৰ। মোৰ ৰূমলৈকে আহ। প্ৰিয়ম্বদাকো মাতি দে। তাইকো লগ পোৱা নাই বহুদিন। তিনিওজনীয়ে একেলগে বহো। চাহো খাম আৰু তোৰ প্ৰেমৰ কথাও শুনিম। 

মোৰ উত্তৰলৈ বাট নোচোৱাকৈয়ে খৰধৰকৈ ওলাই গ'ল তাই। প্ৰিয়ম্বদাৰ নামটো শুনি মোৰ মনত পৰিল তাই সুস্থ হোৱাৰ পিছত তাইৰ খবৰ এটাও মোৰ লোৱা হোৱা নাই। এদিনো লগো পোৱা নাই তাইক।

তাই শৰীৰেৰে সুস্থ হোৱাৰ খবৰ মই পাওঁ, কিন্তু মনেৰে? শৰীৰৰ ঘা শুকাই কৰকৰীয়া মৰাৰ পিছতো যে মনৰ ঘা ৰে ওলায়েই থাকে টোপা টোপে কেঁচা তেজ।

লৰালৰিকৈ কাপোৰসাজ সলাই প্ৰিয়ম্বদাৰ ৰুমলৈ বুলি চিৰিৰে উঠি গ'লো মই। তাইৰ কোঠাৰ দুৱাৰখন খোল খাই আছে। দুবাৰমান বাহিৰৰ পৰা নাম ধৰি মতাৰ পিছতো তাই মাত নিদিয়াৰ বাবে খোলা দুৱাৰেৰে সোমাই গ'লো মই।

পৰিপাটী বুলিয়েই মই জনা ছোৱালীজনীৰ গোটেই ৰূমটো খেলি মেলি। বিচনাৰ একাষে কাপোৰৰ দ'ম। কাপোৰখিনিৰ কাষতে এটা চাহৰ কাপ। যিটো ৰূমলৈ আগতে বাহিৰত চেন্ডেল খুলি সোমাবলৈও সংকোচ হয়; জানোচা লেতেৰা হৈ আছে ভৰিখন! আজি সেই কোঠাত ঠায়ে ঠায়ে নুৰা কৰি দলিয়াই দিয়া কাগজ, চুকবোৰত বালি। ৰূমৰ একাষে থকা আলনাডালৰ তলৰ পৰা বিছনাৰ তললৈকে পৰুৱা এজাকে লানি পাতি মিছিল লগাইছে। বেচিনটোত লেতেৰা বাচনৰ দ'ম।

তাই ৰূমত নাছিল। মই মাতি মাতি ভিতৰলৈ সোমাই যাওঁতেই দেখিলো কোঠাৰে সংলগ্ন বেলকনিত চকী এখনত জুপুকা মাৰি বহি হাতত মোবাইলটো লৈ কিবা এটা একান্তমনে শুনি আছে। কাণত ইয়েৰফোন।

 মই গৈ তাইক চুই দিয়াৰ লগে লগে উচপ খাই উঠি থিয় হ'ল তাই। ঘপকৈ থিয় হওঁতে হাতত জোঁট পোট লাগি ফোনৰ পৰা ইয়েৰফোনডাল এৰ খাই গ'ল। ফোনটোৰ পৰা ভাঁহি আহিল শশাংক তামূলীৰ মাত। তাইক কিবা এটা বৰ মৰমেৰে কৈ আছে তেওঁ। চাই দেখোঁ আগৰ কল ৰেকৰ্ডিং এটা উলিয়াই শুনি আছিল তাই। মোক দেখি লৰালৰিকৈ ৰেকর্ডিংটো বন্ধ কৰিলে আৰু সামান্য যেন হাঁহিবলৈ চেষ্টা কৰিলে। 

মানুহে মানুহক দেখিলে মন নগ'লেও হাঁহিব লাগিব বুলি এই নিয়ম কোনে যে উলিয়াইছিল! সেই প্ৰথাৰ বাবেইতো সন্মুখত কাৰোবাক দেখিলেই মানুহে কান্দি থকা দুচকুৰে জোৰকৈ ওঁঠত সানি ল'বলগীয়া হয় এটি হাঁহি। বৰ কষ্টৰে। একেবাৰে মন নোযোৱাকৈ।
 
মই কৈ উঠিলোঁ

: দুৱাৰ খুলি মানুহজনী থমথম কৰে ইয়াত বহি আছাহি যে? চোৰে সব লৈ উধাও হ'লে মজা পাবা।

অকণমান হাঁহিলে তাই।

: নিবলৈ নো আৰু কি বাকী আছে কৃষ্ণাক্ষী।

এখন্তেক তভক মাৰি ৰ'লো মই। অনুভৱ কৰিলো তাই অকণো উপশম পোৱা নাই শশাংক তামূলী নামৰ বিষৰ পৰা। সেই কথা আৰু আগনবঢ়াই মই খৰধৰ কৰিলোঁ

: দেৱাশ্ৰী বায়ে চাহ কৰিছে। তোমাক নিবলৈ পঠিয়াইছে। আমি গৈ নাপালে তাই এতিয়া দৌৰি ঢাপৰি এইখিনি পায়হিহে লাগে।

: মই নাযাওঁ দিয়া কৃষ্ণাক্ষী...

: নাই নাই ব'লা। ব'লা মানে উঠাই। এতিয়াই।

বহি থকাৰ পৰা প্ৰায় টানি অনা দি আনিলোঁ ছোৱালীজনীক। অগত্যা পিন্ধি থকা হাফপেন্ট আৰু স্পেগেটিটোৰ ওপৰতে ঢিলা টি-শ্বাৰ্ট এটা পিন্ধি চেন্ডেল চোঁচৰাই মোৰ সৈতে যাবলৈ ওলাল 
তাই। চিৰিবোৰেৰে আহি থাকোঁতেও তাইক দেখি এনে লাগিল যেন ভৰি দুখনেৰে খুব জোৰকৈ একেবাৰে মন নথকাকৈ শৰীৰটো চোঁচৰাই নিছে ছোৱালীজনীয়ে।

: তহঁত দুজনীয়ে বায়েৰৰ ৰূমলৈ আহিবলৈ বিউটি পাৰ্লাৰৰ পৰা আহিলিগে নেকি অ'? ইমান দেৰি লগালি যে? 
 
দুয়োজনীকে দুৱাৰমুখতে কৈ উঠিল দেৱাশ্ৰী বায়ে। 

বিছনাত মই আৰু খিৰিকীৰ কাষৰ চকীখনত প্ৰিয়ম্বদা বহি পৰিল। আমি বহাৰ লগে লগে চাহৰ ট্ৰে' আনি সন্মুখত ৰাখিলেহি তাই।

চাহৰ কাপত চুমুক দিয়েই প্ৰিয়ম্বদাক উদ্দেশ্যি ক'লে-

: আজি আমি প্ৰেমৰ কথা পাতিম দেই প্ৰিয়ম্বদা।

কথাষাৰ কৈয়েই ঘপকৈ থিয় হ'ল দেৱাশ্ৰী বা আৰু মোবাইলটো এটা মাইক্ৰ'ফোনৰ দৰে লৈ আবৃত্তি কৰাৰ দৰে গাই গ'ল 'মনিকুন্তলা ভট্টাচাৰ্য'ৰ এটি জনপ্ৰিয় কবিতাৰ দুটিমান ভাললগা শাৰী

"যাক তুমি ভালপাবা তেওঁৰ সৈতে বিয়াত নবহিবা
নুখুজিবা তেওঁৰ সৈতে শুবলৈ সদায়
একেলগে খাবলৈ অথবা অনর্গল কথা পাতিবলৈ..."

"সদায় মনত ৰাখিবা
যাক তুমি ভালপোৱা
তেওঁ তোমাৰ কোনো নহয়..."

"তেওঁ যি দিয়ে সেয়াই তোমাৰ প্ৰাপ্তি
যিদৰে তুমি গ্ৰহণ কৰিবা তেওঁক 
সেয়াইতো ভালপোৱা"

"এই পৃথিৱীত তেওঁ আছেই বাবেইতো
সকলো সুন্দৰ তোমাৰ
তেঁৱেইতো তোমাৰ পৃথিৱী
অথচ তেওঁ তোমাৰ কোনো নহয়
তেওঁতো পানী, তেওঁতো উশাহ
যি নহ'লে জীয়াই নাথাকিবা তুমি"

"তেওঁক আদাম বা ইভৰ হাতেৰে চুবা
আৰু নিজকে সেই ঐশ্বৰ্যৰ অধিকাৰী বুলি
মনে মনে গৰ্বিতও হ'বা"

বৰ ধুনীয়াকৈ মগন হৈ পাঠ কৰি গৈছে তাই। নে প্ৰেমত পৰিলে প্ৰেমৰ সকলোবোৰ কথায়েই বৰ ভাল লগা হৈ পৰে।

এটা শাৰীত যেন বাৰে বাৰে ৰৈ গৈছে মোৰ মন -

'এই পৃথিৱীত তেওঁ আছেই বাবেইতো
সকলো সুন্দৰ তোমাৰ'

ইয়াতকৈ সঁচা কথা হয়তো আন একোৱেই নাই। তেওঁ আছে বাবেই যে এতিয়া সকলো সুন্দৰ মোৰ। ইমান কষ্টৰ মাজতো তেওঁৰ বাবেই যেন হাঁহিবলৈ শিকিছোঁ মই। 

কবিতাটো তাই শেষ কৰাৰ লগে লগে প্ৰিয়ম্বদাই আনমনা হৈ ক'লে

: প্ৰেমত পৰিলে বিয়া হ'ব লাগিব বুলি কোনো কথা নাই নেকি দেৱাশ্ৰী বা?

এইবাৰ একেবাৰে বিজ্ঞৰ দৰে দেৱাশ্ৰী বায়ে তাইক উদ্দেশ্যি ক'লে

: কবিয়েতো তেনেকৈয়ে কয়। চোৱা প্ৰিয়ম্বদা, এই যে আমি প্ৰেমত পৰোঁ, এটা সম্বন্ধত থাকোঁ, আমাৰ মাজত কি আলোচনা হয়? প্ৰেমিকে কেতিয়াবা কয়, তোমাৰ ঘন ক'লা চুলিৰ মাজত উমলিব খোজোঁ, তোমাৰ দেহৰ সুগন্ধিৰে জীৱন জুৰাব খোজোঁ, বিলীন হৈ যাব খোজো তোমাৰ দুচকুত। হয়নে নহয় কোৱা? আৰু সেই ৰোমান্টিক মেছেজবোৰ পঠিওৱা নম্বৰটোতে যেতিয়া বিয়াৰ পিছত এক কেজি আলু আনিবা, মাইনাৰ চেৰেলেক শেষ হ'ল লৈ আহিবা জাতীয় মেছেজ পঠিয়াবলগীয়া হয় তাতকৈ বিয়া নোহোৱাকৈ আজীৱন ৰৈ যোৱাত কি আপত্তি আছে? আজীৱন প্ৰেম উদযাপন কৰক মানুহে। আজীৱন প্ৰেমিক প্ৰেমিকা হৈ ৰওক দুজন মানুহ। প্ৰেমৰ হিচাপ কৰক। আলু পিয়াঁজৰ নহয়।

এইবাৰ ইমান পৰে হাতত লৈ থকা ফোনটো মাইক্ৰ'ফোনৰ দৰে মোৰ মুখৰ সন্মুখত ৰাখি দেৱাশ্ৰীবায়ে এক বিশেষ ভংগীমাৰে কৈ উঠিল

: এইবাৰ কৃষ্ণাক্ষী বৰুৱাই শুনাব প্ৰেমৰ কাহিনী। আমাৰ কৃষ্ণাক্ষীৰ দৰে ছোৱালী এজনী গাৰ্লফ্ৰেণ্ড হিচাপে পোৱা সেইজন বাৰু কোন ভাগ্যৱান?

হঠাৎ কিয় নাজানো মোৰ দেখোন একোৱেই ক'বলৈ মন নাইযোৱা। মইতো ক'ম বুলিয়েই আহিছিলোঁ কিন্তু মোৰ এনেকুৱা লাগিছে মই যেন একো নকওঁ। লুকুৱাই ৰাখোঁ তেওঁক গোটেই পৃথিৱীৰ পৰা। কোনেও নেদেখাকৈ, কোনেও নিচিনাকৈ। আলফুলে।

: না.. নাই মই একো নকওঁ।
খৰধৰকৈ ক'লো মই।

: নহ'ব দেই কৃষ্ণাক্ষী। এইবোৰ চ্চিটিং নছলিব।

জোৰ দি ধৰিছে দেৱাশ্ৰী বায়ে। 

কথাবোৰ ক'বলৈ বুলি লৈ দেখোঁ প্ৰিয়ম্বদাই জলমল দুচকুৰে হাতত চাহৰ কাপটো লৈ খিড়িকীৰে বাহিৰলৈ চাই ৰৈছে। 

মই থৰ হৈ ৰ'লো। তাইৰ সন্মুখত মই কেনেকৈ এনে এজন প্ৰেমিকৰ কথা কওঁ যি প্ৰেমিকে প্ৰেমিকাৰ  ওঁঠত অকণমান হাঁহি সানি দিবৰ বাবে অহৰহ ব্যতিব্যস্ত হৈ ৰয়। প্ৰেম যে ইমান সুন্দৰ, ফুলৰ দৰে কোমল, প্ৰেমত পৰিলে যে চৌপাশ সুন্দৰ আৰু ভাললগা হৈ পৰে কেনেকৈ মই এই কথা প্ৰিয়ম্বদাৰ আগত কওঁ! দুখ নাপাব নে তাই? 

মনে মনে ৰৈছোঁ মই। অধৈৰ্য হৈ দেৱাশ্ৰী বায়ে ক'লে "মই দহৰ পৰা একলৈকে গণ্টি কৰিম তই কিন্তু তাৰ আগতে আৰম্ভ কৰিবি।"

দহ- ন- আঠ- সাত....

প্ৰিয়ম্বদাই এইবাৰ কি ভাবি জানো মোলৈ চালে আৰু চকুৰে ইংগিত দিলে

: কোৱা...

তাই যেন বুজিছে মই ক'বলৈ খুজিও তাইৰ বাবেই ৰৈ গৈছোঁ। তাইৰ দুচকুৱে যেন ক'ব খুজিছে

"প্ৰেম কাৰোবাৰ জীৱনলৈ অভিশাপ হৈ আহিল বুলি সকলোৰে ক্ষেত্ৰত সেয়া নহয় কৃষ্ণাক্ষী। কোৱাচোন। ময়ো শুনো প্ৰেমৰ অনুভৱ। কেনে লাগে প্রিয় পুৰুষৰ আলফুল বাহু বন্ধনত! কেনে লাগে তেওঁৰ মৰম আৰু আদৰত! "

এইবাৰ মই কৈ গ'লো সকলো কথা। 
তেওঁৰ কথা। 
সাগ্নিক চলিহা নামৰ মানুহজনৰ কথা। মোৰ প্ৰেম, মোৰ ভালপোৱাৰ কথা।

ৰূপকথাৰ সাধু শুনাৰ দৰে থৰ লাগি শুনি ৰৈছে দুয়োজনীয়ে। এই সৰি পৰো যেন এটোপাল চকুলো ওলমি ৰৈছে প্ৰিয়ম্বদাৰ দুচকুত।

কথাখিনি শেষ কৰাৰ লগে লগে ঘপকৈ তাই এইবাৰ বহাৰ পৰা উঠি আহিল আৰু মোক সাবটি ধৰি হুকহুকাই কান্দি উঠিল। অথনিৰে পৰা বুকুত চেপি থোৱা চকুপানীবোৰ যেন ঢল ভাঙি নামি আহিল। 

: মোৰ লগত কিয় এনেকুৱা হ'ল কৃষ্ণাক্ষী? কি ভুল কৰিছিলোঁ মই? মইতো ভাল পাইছিলোঁ তেওঁক। প্ৰাণভৰি ভাল পাইছিলোঁ।

দুচকু সেমেকি উঠিল মোৰো।
প্ৰেম মানে কি মই বুজোঁ।
প্ৰেমৰ টান মই অনুভৱ কৰো।
প্ৰিয়ম্বদাৰ প্ৰতিটোপাল চকুপানীৰ অৰ্থ আজিৰ তাৰিখত ভালকৈয়ে বুজি পাওঁ মই। 

প্ৰিয়ম্বদা আৰু মোক চাই বহাতে থৰ হৈ ৰৈছে দেৱাশ্ৰী বা। একো বুজি পোৱা নাই তাই। এইবাৰ কাষলৈ আহি সুধিলে

: কি হ'ল প্ৰিয়ম্বদা? কিয় এনেকুৱা কৰিছা? 

মোক সাবটি থকা হাতখন শিথিল কৰিছে তাই আৰু উচুপি উচুপি বহি ৰৈছে। তাইলৈ মোৰ বৰ দুখ লাগিছে। কিমান দুখ পালে 'প্ৰেম' শব্দটোৰ নামতো উচুপি উঠিব পাৰে কোনোবা !

এইবাৰ দেৱাশ্ৰী বাক এটা এটাকৈ কৈ গৈছে সকলো কথা। কেনেকৈ সেইদিনা ৰাতি কান্দি কান্দি মোৰ কাষলৈ আহিছিল তাই। কেনেকৈ পিছদিনা নিজৰ গাৰ পৰা আঁতৰাই পেলাইছিল শশাংক তামূলীয়ে প্ৰেমৰ বিনিময়ত তাইৰ শৰীৰত দিয়া সেই অংশ। দুচকু বহল কৰি এবাৰ প্ৰিয়ম্বদালৈ আৰু এবাৰ মোলৈ আশ্চৰ্যৰে চাই ৰৈছে দেৱাশ্ৰী বায়ে।

এপাকত উঠি আহি সাবটি ধৰিলে দুয়োজনীকে। বহি থকা আমাৰ দুজনীৰ মাজত থিয় হৈ ডাঙৰ বায়েক এজনীৰ দৰে সাবটি ধৰিলে তাই। যেনেকৈ মই সামৰি ধৰো মোৰ ভনী দুজনীক। ঘৰৰ পৰা আঁতৰত এইখনোতো এখন ঘৰেই। কেতিয়াবা বায়েক হৈ, কেতিয়াবা মাক হৈ প্ৰতিপলে আৱৰি ধৰিব খোজা এই ছোৱালীজনী জানো ঘৰৰ মানুহতকৈ বেলেগ?

দেৱাশ্ৰী বায়ে প্ৰিয়ম্বদাৰ মূৰটো লাহে লাহে পিহি থাকিল। কান্দি থকা ছোৱালীজনী অকণমান শান্ত হৈছে।

তাইৰ মূৰটো বুকুত সাবটি ধৰি দেৱাশ্ৰী বায়ে কৈ উঠিল

: বুজিছা প্ৰিয়ম্বদা, কোনে কেতিয়া বুকুৰ ভিতৰলৈ সোমাই হৃদয়খন কুৰুকি পেলায় গমেই পোৱা নাযায়। সেইবাবে বুকুৰ ভিতৰলৈ তেওঁ সোমাই অহাৰ বাটটোৰ দৰেই ওলাই যোৱাৰ বাট এটাও আমি সদায় ৰাখি থ'ব লাগে। তেওঁ আমাক অকণমানো ক্ষতি কৰা যেন পালেই, আত্মসন্মানত আঘাত লাগিলেই যি বাটেৰে আমি তেওঁক অনায়াসে উলিয়াই পঠিয়াব পাৰোঁ। মিছাতে বুকুত সুমুৱাই ৰাখি নিজক কষ্ট দি থকাৰ কি যুক্তি কোৱা?

প্ৰায় পোন্ধৰ মিনিটমান দেৱাশ্ৰী বায়ে তাইক এনেকৈ বুজালে যে কান্দি থকা ছোৱালীজনীৰ মুখত এপাকত এটি হাঁহিয়ে খেলা কৰি গ'ল।

সিহঁত দুজনীক চাই থাকোঁতে মোৰ হঠাৎ অনুভৱ হ'ল প্ৰিয়ম্বদা যেন এপাহ স্থলপদ্ম আৰু ৰাতিপুৱা বগা হৈ ফুলা ফুলপাহ ৰ'দ পাই দুপৰীয়াৰ ভাগলৈ ৰঙীন হৈ উঠাৰ দৰে এচেৰেঙা ৰ'দ হৈ প্ৰিয়ম্বদাক ৰং সানি দিছে তাই। ৰঙীন হৈ উঠিছে ছোৱালীজনী।

: আজি আমি তিনিওজনীয়ে একেলগে ভাত খাম দেই।

তাইক সাবটি থকাৰ মাজতে দেৱাশ্ৰী বায়ে কৈ উঠিল।

: মই আলু পিটিকা খাম।
সৰু ছোৱালী এজনীৰ নিচিনাকৈ প্ৰিয়ম্বদাই মাত লগালে।

হাঁহি পেলালো তিনিওজনীয়ে।

নহৰুৰে ফোৰণ দিয়া মছুৰ ডালি, আলু পিটিকা আৰু আমৰ আচাৰেৰে তিনিওজনীয়ে মজিয়াতে বহি বৰ তৃপ্তিৰে ভাত খালোঁ। খাই থকাৰ মাজতে আঁৰ চকুৰে এবাৰ প্ৰিয়ম্বদালৈ চালোঁ। অলপদেৰিৰ আগৰ উদাসী দুচকু এতিয়া নাই। তাৰ ঠাইত এতিয়া এটি হাঁহি।

খোৱা শেষ কৰি ফোনটো হাতত লৈ দেখোঁ সাগ্নিকৰ দহটা মিছড কল। দেৱাশ্ৰী বাৰ কোঠালৈ আহিয়েই চাইলেণ্টত থৈ দিছিলোঁ ফোনটো। কোঠাটোৰ বাহিৰ ওলাই তেওঁলৈ ফোন এটা লগালোঁ। এবাৰ বাজোঁতেই ফোনটো ৰিচিভ কৰি ধৰফৰাই কৈ উঠিল তেওঁ

: তুমি ঠিকেই আছা নে কৃষ্ণাক্ষী? ফোন উঠোৱা নাই কিয়? তোমাৰ কিবা অসুবিধা হৈছে নেকি? মই তোমাৰ ৰূমৰ গেইটৰ বাহিৰত ৰৈ আছোঁ। 

গেইটৰ বাহিৰত?
কিয় ৰৈ আছে তেওঁ?

খৰধৰকৈ গেইটৰ ওচৰলৈ আগবাঢ়ি গ'লো মই। গাড়ীখন ৰখাই তাতে আউজি হাত সাৱটি দুশ্চিন্তাত ৰৈ আছে তেওঁ। মোক দেখিয়েই উধাতু খাই আগবাঢ়ি আহিল আৰু গেইটৰ ভিতৰৰ পৰা লোহাৰ ৰডত খামুচি ৰোৱা মোৰ হাতৰ মুঠিত আলফুলে হাত ৰাখি কৈ উঠিল

: কৃশ্বু...ফোন উঠোৱা নাছিলা কিয় তুমি? মই কি অৱস্থাত আছিলোঁ তুমি অনুমান কৰিব পাৰা নে? এবাৰো মোৰ অৱস্থাটো বুজিব পাৰিছা নে তুমি? 

লাহে লাহে ক'লো-
: দেৱাশ্ৰী বাৰ কোঠাত বহি আছিলোঁ। ফোনটো চাইলেণ্ট হৈ আছিল। গমেই নাপালোঁ। মই নাজানিছিলোঁ আপুনি ইমান চিন্তা কৰিব বুলি। মই একেবাৰেই ভবা নাছিলো..

: কিয় নাভাবা তুমি? তোমাৰ ফোন নাপায় দৌৰি ঢাপৰি এইখিনি ওলাইছোঁহি মই। আধা ঘণ্টাৰ পৰা গেইটৰ বাহিৰতে ৰৈ আছোঁ। উশাহ বন্ধ হৈ গৈছিল মোৰ।

আধাঘন্টা? 
আধাঘণ্টা এনেকৈয়ে বাহিৰতে ৰৈ আছে তেওঁ? 

অক্টোবৰ মাহ।
নিয়ৰ পৰিবলৈ আৰম্ভ কৰিছে। 
এনেকৈ এই নিয়ৰ সেমেকা ৰাতি তেওঁ মোলৈ আধা ঘণ্টাৰ পৰা ৰৈয়েই আছে?

একো নক'লো মই।
কিয়েইবা কোৱা যায়!

পাতল সেমেকা নিয়ৰৰ মাজত গেইটখনৰ ইপাৰে সিপাৰে দুয়ো ৰৈ আছোঁ। গেইটৰ কাষতে ফুলা শেৱালিজোপাৰ সুবাস ভাঁহি আহিছে। 

আলফুলে মোৰ হাতত থোৱা সেই হাত এৰি হঠাৎ তেওঁ শেৱালিজোপাৰ ফালে আগবাঢ়ি গ'ল আৰু নিয়ৰৰ ভৰ সহিব নোৱাৰি সৰো সৰোকৈ ওলমি থকা শেৱালি কেইপাহমান ছিঙি আনি মোৰ সন্মুখত ৰৈ ক'লে

: হাতখন দিয়াচোন কৃশ্বু...

গেইটত মুঠি মাৰি ধৰি থকা হাত দুখন এইবাৰ মই  আজলি পাতি ধৰিলোঁ মোৰ প্ৰাণৰ পুৰুষৰ সন্মুখত। মোৰ দুহাতত কেইপাহমান শেৱালি গুজি দিলে তেওঁ। উশাহত টানি ল'লো সেই সুগন্ধি।

অস্ফুট স্বৰেৰে বিৰবিৰাই উঠিল তেওঁ

: এই জোনাকৰ মাজত হাতত ফুল কেইপাহেৰে তোমাক কি যে ধুনীয়া দেখিছে কৃষ্ণাক্ষী! 

মই বুজা নুবুজা চাৱনিৰে হাতত শেৱালি কেইপাহ লৈ তেওঁৰ ফালে চাওঁতেই প্ৰায় চিঞৰি উঠাদি কৈ উঠিল 
তেওঁ

: এনেকৈয়ে ৰোৱা! প্লিজ দুই মিনিট এনেকৈয়ে ৰোৱা কৃশ্বু। মই এইমাত্ৰ আহি আছোঁ।

মই কিবা তত্‌ ধৰিব পৰাৰ আগতেই গাড়ীৰ পিছফালৰ দুৱাৰ খুলি বাহিৰ কৰিলে এটা ডি এছ এল আৰ কেমেৰা আৰু শেৱালি কেইপাহ হাতত লৈ তেওঁলৈ চাই থকা সেই ভাগতেই তেওঁ তিনিখন মান ফটো উঠালে আৰু একেবাৰে কাষলৈ আহি ক'লে

: ভালে থাকা কৃশ্বু। ভালে থাকা প্লিজ। মোৰ বাবেই ভালে ৰোৱা তুমি। লাভ ইউ মাই লেডী। বহুত দেৰি হ'ল। ভিতৰলৈ যোৱা।

তেওঁ যেন এজন শিক্ষক আৰু মই সেই শিক্ষকৰ একান্ত বাধ্য ছাত্ৰী। তেওঁৰ কথা নুশুনিলেই যেন কিবা অথন্তৰহে ঘটিব তেনে ভাৱত লৰালৰিকৈ ঘূৰিবলৈ লওঁতেই আকৌ ক'লে তেওঁ

:শুনা..
ৰৈ গ'লো মই।
: নিয়ৰ পৰিবলৈ আৰম্ভ কৰিছে। অকণমান সাৱধানে থাকিবা।

তেওঁ কৈছে মোক এই কথা?
যি কথা মইহে ক'ব লাগিছিল তেওঁক...
মোৰ বাবেই ইমান সময় নিয়ৰত ৰৈ আছিল তেওঁ।

গুচি গৈছেগৈ মোৰ প্ৰিয়তম পুৰুষ। এৰি গৈছে তেওঁৰ সুগন্ধি। শেৱালিৰ সুবাস ভেদি এইবাৰ বতাহত উটি আহিল তেওঁৰেই সুগন্ধি। 

তেওঁ দি থৈ যোৱা ইমানবোৰ ভালপোৱা সামৰি সেই ঠাইতেই থুম মাৰি ৰৈ থাকিলোঁ মই।
 

"নিজান নিশা আজি বতাহৰ হাঁহিত উটি যায়
ৰাতি ফুলা ফুলৰ সুবাস।
ভালপোৱা এনেকৈয়েতো বৈ যায়
হৃদয়ৰ পৰা হৃদয়লৈ।"

( আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ