#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ২৪

বহুবাৰ চিন্তা কৰাৰ পিছত মন আৰু মগজুৰ যুজঁখনত মনটোৱেই জয়ী হ'ল। মই মান্তি হ'লো। মান্তি হ'লো আজি ৰাতিটো তেওঁৰ ঘৰত থাকিবলৈ। সাগ্নিকৰ গাড়ী দৌৰিবলৈ লৈছে 'জোনাক এপাৰ্টমেণ্টৰ' অভিমুখে। চিন্তাক্লিষ্ট মুখেৰে মানুহজনে ভৰি ৰাখিছে গাড়ীৰ এক্সিলেৰেটৰত। হঠাৎ ক'লো মই

: কাপোৰ এসাজ আৰু কিবা কিবি লাগতিয়াল বস্তু অলপ ৰূমৰ পৰা লৈ লওঁ। অসুবিধা পাব নেকি?

গাড়ীৰ ষ্টেয়াৰিং মোৰ ৰূমৰ দিশে ঘূৰাই থাকিয়েই ক'লে তেওঁ

: নাই নাই। কিয় অসুবিধা পাম।

এটাও শব্দ নোকোৱাকৈ গাড়ী চলাইছে তেওঁ। এটাও কথাৰ বিনিময় নোহোৱাকৈ মোৰ গেইটৰ সন্মুখত গাড়ী ৰখাইছেহি তেওঁ।

: আপুনি ৰ'ব নে ইয়াতে? অকলে ৰৈ থকাতকৈ ৰূমলৈকে আহক।

নামিবলৈ বুলি দুৱাৰত হাত দি ক'লো।

লগে লগে সোঁৱে বাঁৱে মূৰ জোকাৰি কৈ উঠিল তেওঁ

: নালাগে। মই ইয়াতে ৰৈছোঁ। অৱশ্যে তুমি অকলে খোজকাঢ়ি যাবলৈ অসুবিধা পাইছা যদি মই তোমাৰ সৈতে যাব পাৰোঁ।

: নাই। মই ঠিকেই আছোঁ। পাঁচ মিনিটত মই আহি আছোঁ। আপুনি গাড়ীতে বহক।

গেইটৰ শলখা খুলি সোমাই গ'লো মই। গাড়ীৰ পৰা ঘপকৈ নামি অহাৰ বাবেই নেকি মূৰটো আকৌ ঘূৰোৱা যেন লাগিল। লাহে লাহে খোজকাঢ়ি গৈ দুৱাৰৰ তলা খুলিলোগৈ। মুখ হাত ধুই হস্পিটেলৰ পৰা অহা কাপোৰসাজ সলাই পাতল নীলা এটা জিন্স আৰু ক'লা টি-শ্বাৰ্ট এটা পিন্ধিলোঁ। পাতলকৈ ঠাণ্ডা পৰিছে। বিশেষকৈ সন্ধ্যা সময়ত হাত দীঘল টি-শ্বাৰ্ট এটাৰ প্ৰয়োজন অনুভৱ হয়। ঘৰত পিন্ধা পাইজামা এটা, টুথব্ৰাশ্বকে আদি কৰি কেইটামান বস্তু বেগ এটাত সুমুৱাই ওলাই আহিলোঁ। গেইটৰ ফালে দুখোজমান আগবাঢ়ি আহিয়েই আকৌ ঘূৰি গ'লো দেৱাশ্ৰী বাৰ কোঠালৈ। মই ৰাতি ৰূমত নথকা গম পালে চিন্তা কৰিব তাই। তাইক এবাৰ কৈ যাব লাগিব। টোকৰ দিলোঁগৈ দুৱাৰত

: দেৱাশ্ৰী বা...
: সোমাই আহ। একেবাৰে এৰাব নোৱাৰা কাম এটাত ব্যস্ত মই।

সোমাই গৈ দেখোঁ টেবুল এখনত হাতখন থৈ পাঁচোটা আঙুলি বহলকৈ মেলি নেইল পেইণ্ট লগাই আছে তাই। 

: অ... একেবাৰে বেগ চেগ লৈ যে! ক'লৈ যাৱ?

হাতত বেগ লোৱা মোক দেখি নেইল পেইণ্টৰ বটলৰ সাফৰ বন্ধ কৰি আঙুলিকেইটা ফুঁৱাই ফুঁৱাই  সুধিলে তাই।

কি কওঁ?
ঘপকৈ সোমাই আহিলোঁ হয়, কিন্তু কি কওঁ যেন একো উত্তৰেই বিচাৰি নাপালোঁ। আহিছিলোঁতো সেই কথা ক'বলৈকে। কিন্তু এতিয়া যেন কিবা এটা সংকোচ লাগিছে মোৰ। 

বেগটো হাতত লৈ ৰৈ থাকোঁতেই আকৌ সুধিলে বায়ে

: ক'ৰবাত যাৱ কৃষ্ণাক্ষী? ৰাতি থকাকৈ?

: অঁ দেৱাশ্ৰী বা। আজি ৰাতি মই ৰূমত নাথাকোঁ। তুমি চিন্তা কৰিবা বুলি ক'বলৈ আহিলোঁ। 

অলপপৰ মোলৈ চাই থাকিল তাই। সেই দৃষ্টি যেন তাই সদায় চোৱা দৃষ্টি নহয়। কিবা এটা আছিল সেই চাৱনিত। তেনেকৈ চাই থাকিয়েই ক'লে

: ঠিক আছে যা।

তাই কি বুজি উঠিছিল নাজানোঁ। কিন্তু মই ক'ত থাকিম, ক'লৈ যাম, কাৰ লগত যাম একোকেই নুসুধিলে। মই যেন সকাহ পালোঁ। তাই এবাৰো সোধা হ'লে তাইক মিছা কথা ক'ব মই নোৱাৰিলোঁহেঁতেন। 

হাতত  বেগটো লৈ মই ওলাই আহি দুৱাৰমুখ পাইছিলোঁহি মাত্ৰ। আকৌ মাত দিলে তাই

: কৃষ্ণা...
আগবাঢ়ি এইবাৰ মোৰ সন্মুখ পালেহি ছোৱালীজনী।

: ভালকৈ যাবি কৃষ্ণা। সাৱধানে থাকিবি।

তাইৰ মাতত যেন এক চিন্তাৰ চাপ। তাইলৈ চাই এবাৰ হাঁহি সাগ্নিকৰ ওচৰলৈ আগবাঢ়ি আহিলোঁ মই। 

গাড়ী ষ্টাৰ্ট দিছে তেওঁ। কাষৰ ছিটত এক বিচিত্ৰ ভাৱনাৰে বহি ৰৈছোঁ মই। মাজে মাজে এক অনামী কিবা এটাই গ্ৰাস কৰি আনিব খোজে। কি কৰিবলৈ গৈ আছোঁ মই? কিয় আহিছোঁ মই তেওঁৰ কোঠালৈ? আকৌ মনলৈ আহে তেওঁৰ মুখৰ সেই বাক্য

"তুমি আজি অকলে থাকিলে গোটেই ৰাতিটো মই বৰ কষ্টত থাকিম কৃশ্বু"

তেওঁ কষ্ট নাপাওঁক বুলিয়েইতো ওলাই আহিছোঁ মই।
মোৰ বাবেই গোটেই ৰাতি তেওঁ উজাগৰে নৰওক বুলিয়েই গাড়ীত বহিছোঁহি মই।

: ঠিকেই আছা কৃশ্বু। মূৰ ঘূৰাইছে নেকি?

গাড়ীৰ ছিটত দুচকু জপাই হেলান দি ৰোৱা মোলৈ চাই বাওঁহাতখনেৰে হাতত কোমলকৈ চুই সুধিলে তেওঁ।

লাহে লাহে মূৰ জোকাৰিলোঁ মই।

: নাই... ঠিকেই আছোঁ। 

প্ৰায় আধা ঘণ্টামানৰ পিছত 'জোনাক এপাৰ্টমেণ্ট'ৰ সন্মুখত গাড়ী ৰ'লহি। পাৰ্কিং প্লেচত গাড়ীখন ৰখাইয়ে খৰধৰকৈ মোৰ দুৱাৰৰ ফালে তেওঁ আগবাঢ়ি আহিল আৰু দুৱাৰখন খুলি মোৰ কোঁচত থকা বেগটো নিজৰ হাতলৈ লৈ এহাতে মোৰ হাতত ধৰি লাহে লাহে গাড়ীৰ পৰা নমাই ঘৰলৈ বুলি খোজ আগবঢ়ালে।

: অসুবিধা পাইছা? ঠিকেই আছা নে কৃশ্বু? মূৰটো ঘূৰাই আছে নেকি?

এইবাৰ মোৰ ওঁঠেৰে এটি হাঁহি ওলাই আহিল। হাঁহিয়েই ক'লো তেওঁক

: মই তেজ হে দিছোঁ। বেমাৰ হোৱা নাই অ' মোৰ। নাৰ্ছগৰাকীয়ে মোক কি কৈছিল জানে? অকণমান আৰাম কৰি দিলে দিনটো অফিচ কৰিব পৰাকৈ সুস্থ হৈ পৰে মানুহ। 

: কওক। যিয়ে যি কয় কওক। কিন্তু তুমি ইমান কষ্ট কৰিব নোৱাৰা। নিদিওঁ মই কৰিবলৈ।

'নিদিওঁ মই কৰিবলৈ'- এই বাক্যশাৰীয়ে যেন একেবাৰে ভিতৰৰ লৈকে চুই গৈছে মোক।
ক'বলৈ মন গ'ল তেওঁক  - ইমান আলফুল হ'বলৈ নিদিব মোক। কষ্ট সহিব নোৱাৰাকৈ। ইমান আলফুল হোৱাৰ যে মোৰ অভ্যাসেই নাই।

লিফ্টেৰে আহি থাকোঁতেও মানুহজনে এহাতে মোৰ হাত খামুচি ধৰি থাকিল। বন্ধ দুৱাৰৰ তলা খুলি সৰু ছোৱালী এজনীক কোৱাৰ দৰে ক'লে

: চোৱা আমি পালোঁহিয়েই। এতিয়া তুমি অকণমান শুই দিবা দেই। শুই দিলেই আৰাম পাবা।

ভিতৰলৈ সোমাই গৈ লৰালৰিকৈ লাইটৰ চুইটছ দিলে তেওঁ। প্ৰথমবাৰ তেওঁৰ ঘৰৰ ভিতৰত ভৰি দিছোঁ মই। 

লাইটৰ পোহৰে ক্ষণিকতে আলোকিত কৰি তুলিলে ঘৰটো। এটা সুসজ্জিত ঘৰ। সাধাৰণতে অকলশৰীয়া ল'ৰা এজন থাকে বুলি ক'লে আমাৰ মনলৈ যিটো ঘৰৰ ধাৰণা এটা আহে তেনেকুৱা একেবাৰেই নহয়। ড্রয়িং ৰূমটোত সোমায়েই এখন ধুনীয়া ডিভান। জয়পুৰী কাম কৰা বিছনা চাদৰেৰে ঢকা ডিভানখনত উট একোটাৰ আৰ্হিৰ সৰু সৰু ৰঙীন কুশ্যনৰ শাৰী। দুকাষে দুটা দীঘল গাৰু ( বলষ্টাৰ)। মজিয়াত এখন ক্ষীণ দীঘল ৰঙীন দলিছা। দলিছাখনৰ এচুকত উটৰ আৰ্হিৰেই ডাঙৰ দুটা কুশ্যন আৰু একাষত এখন গীটাৰ আউজাই থোৱা আছে। বাঁহৰ এটা চুঙা আকৃতিৰ ষ্টেণ্ডত প্ৰায় সাতডাল মান বিভিন্ন আকাৰৰ বাঁহী। তাৰ কাষতে এজন ধ্যানমগ্ন বুদ্ধৰ মূৰ্তি। 

বেৰত ওলোমাই ৰখা হৈছে বৰ ধুনীয়া এখন ফটো। কোনোবা পাহাৰীয়া ঠাইৰ। এটা ধুনীয়া প্ৰাকৃতিক পৰিবেশত পিঠিত টুকুৰি লৈ হাঁহি ৰোৱা এগৰাকী বৃদ্ধা। তলতে অকণমানকৈ এটা শাৰী - 
"ক্লিকড বাই সাগ্নিক"...

কোঠাটোৰ এটা কোণত এখন চাৰিজনীয়া ডাইনিং টেবুল। তাৰ ওপৰত সজোৱা আছে এটা আইনাৰ পটত এজোপা মানি প্লেণ্ট।

মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছোঁ মই। ভিতৰৰ কোঠাবোৰৰ লাইটৰ চুইটছ দিবলৈ গৈ ঘূৰি আহি মোৰ কাষতে ৰৈছিলহি তেওঁ। কোঠাৰ চাৰিওফালে চাই ৰোৱা মোক লাহেকৈ সুধিলে

: কি চাইছা?
: ইমান ধুনীয়াকৈ ৰাখিছে আপুনি ঘৰটো!
: এদিন সজালেই গোটেই সপ্তাহটো ঠিকেই হৈ থাকে। বেয়া কৰিবলৈ মানুহেই নাই। বাৰু এইবোৰ পিছতো চাব পাৰিবা। অকণমান আৰাম কৰাহিচোন তুমি। 

কোঠা এটাৰ দুৱাৰ খুলিছে তেওঁ। তেওঁৰ পিছে পিছে সোমাই গ'লো মই। এখন ডাঙৰ বিছনা। পাতল হালধীয়া এখন বিছনা চাদৰ খুব পৰিপাটিকৈ পাৰি থোৱা আছে। বিছনাৰ এচুকত খোল খাই আছে এটা লেপটপ। কাষতে এটা ধুনীয়া টেবুললেম্পেৰে এখন সৰু টেবুল। হঠাৎ টেবুলখনলৈ দৃষ্টি ঘূৰাই থৰ হৈ ৰৈ গ'লো মই। টেবুলৰ ওপৰত টেবুললেম্পটোৰ ঠিক কাষতে এটা ফটো ষ্টেণ্ড। ফটো ষ্টেণ্ডটোত ক'লাজ কৰি সজাই থোৱা আছে মোৰ দুখন ফটো। 

তাৰে এখন মই ৰেষ্টুৰেণ্টত হাঁহি ৰওতে গম নোপোৱাকৈ তেওঁ তোলা ফটোখন আৰু আনখন মই হাতত আজলি পাতি শেৱালি লৈ থকা ফটোখন। যিখন তেওঁ সিদিনা ৰাতি মোৰ গেইটৰ কাষত তুলিছিল। 

বেৰেৰে সংলগ্ন আলমাৰী খুলি এখন টাৱেল বাহিৰ কৰিছে তেওঁ। ঢকঢকীয়া বগা টাৱেলখন মোৰ হাতত দি কৈ উঠিল

: ফটোকেইখনলৈ এনেকৈ নাচাবা দেই। নজৰ লাগিব।

নিজৰ ৰসিকতাত নিজেই সামান্য হাঁহি আকৌ ক'লে

: কি কৰো কোৱা? মই যে তোমাক চায়েই শুবলৈ বিচাৰোঁ আৰু দুচকু মেলিয়েই প্ৰথম তোমাকেই চাবলৈ বিচাৰো কৃশ্বু। আচ্ছা শুনা। অকণমান ফ্ৰেশ্ব হৈ তুমি শুই দিয়া। আৰাম পাবা। 

কোঠাৰ দুৱাৰ জপাই দি ওলাই গৈছেগৈ তেওঁ। মোৰ বৰ ভাগৰ লাগিছে। কাপোৰযোৰ সলাই বিছনাত পৰোঁতেই দুৱাৰত টোকৰ দিলে তেওঁ

: সোমাব পাৰোঁ নে কৃশ্বু?

: অঁ আহক ...

এগিলাচ গাখীৰ হাতত লৈ সোমাই আহিছে তেওঁ। গাখীৰগিলাচ দেখিয়েই চিঞৰ বাখৰ কৰি উঠিলোঁ মই

: নাই নাই। মই গাখীৰ নাখাও। একেবাৰে নাখাও। গোন্ধ পাওঁ মই। প্লিজ...

: খাবতো লাগিবই। চোৱা য়াম্মি কৰিবলৈ মই চকলেট চিৰাপো দিছোঁ। 

হাতত গাখীৰৰ গিলাচ লৈ একেবাৰে সন্মুখতে থিয় দিলেহি তেওঁ আৰু মই বাৰে বাৰে মানা কৰাৰ পিছতো জোৰকৈ গাখীৰগিলাচ খুৱাই দিলে। বুজা হোৱাৰ পৰা সম্পূৰ্নকৈ এগিলাচ গাখীৰ চাগৈ মই আজিহে খালোঁ।

ওঁঠৰ কাষত গাখীৰ লাগিছিল বোধহয়। হাতৰ তলুৱাৰে ওঁঠৰ দুয়ো কাষ আলফুলে মোহাৰি লাইটটো অফ কৰি এটা নীলা লাইট জ্বলাই দুৱাৰ জপাই ওলাই গ'ল তেওঁ। 

বিছনাত পৰাৰ লগে লগে যেন প্ৰচণ্ড এক ভাগৰে হেঁচা মাৰি আনিলে মোক। কোন পলকত টোপনি গ'লো গম নাপাওঁ মই।

হঠাৎ খকমকাই সাৰ পালোঁ আৰু দুচকুত টোপনিৰ আৱেশেৰেই বহি পৰিলোঁ বিছনাত। ঠিক যেন দিন নে ৰাতি ধৰিব নোৱাৰা এটা অৱস্থা। ভাৱ হ'ল- এইটোতো মোৰ কোঠাটো নহয়! ক'ত আছোঁ মই!

কেইটামান ক্ষণ একেদৰেই বহি থাকিহে মই অনুভৱ কৰিলোঁ যে মই আজি সাগ্নিকৰ ঘৰত। প্ৰায়েই এনেকুৱা হয়। প্ৰায়েই দিনত এঘুমতি শুই পৰাৰ পাছতে কেইটামান ক্ষণলৈ দিন ৰাতিৰ হিচাপ নোহোৱা হয় মোৰ। 

মোবাইলটো জ্বলাই সময় চালোঁ। আঠ বাজি গৈছে। প্ৰায় এঘণ্টা শুলো। নীলা কোমল লাইটটোৰে অকলশৰীয়া কোঠাটোত মনটো কিবা এটা বৰ বিষন্ন লাগিল মোৰ। কোঠাৰে সংলগ্ন ৱাশ্বৰূমত মুখখন ধুই দুৱাৰৰ ফালে আগবাঢ়ি গ'লো মই। দুৱাৰখন অকণমান ফাঁক কৰাৰ লগে লগে উধাতু খাই কাষ চাপি আহিল তেওঁ

: সাৰ পালা কৃশ্বু? আৰাম পাইছা নে অকণমান? ঠিকেই আছা নে? মূৰ ঘুৰনি এতিয়াও আছে নেকি?

নঞৰ্থক ভাৱেৰে মূৰ জোকাৰিলোঁ মই।
নাই নাই। 
এতিয়া যে মই একেবাৰেই সুস্থ।

তেওঁৰ গাত এখন এপ্ৰন। হাতত এখন কাঠৰ হেতা। হয়তো পাকঘৰত কিবা ৰান্ধি আছিল তেওঁ। মই চাই ৰোৱা দেখি ক'লে 

: তোমালৈ কিবা এটা ৰান্ধিছোঁ। নাখাওঁ বুলি ক'লে নহ'ব কিন্তু। এক মিনিট ইয়াতে ৰোৱা তুমি। মই এতিয়াই আনি আছোঁ।

এহাতে দুৱাৰৰ পাল্লাত ধৰি তেনেকৈয়ে ৰৈ থাকিলোঁ মই। কেইমুহূৰ্তমানৰ পিছতে এটা বাতিত কিবা অলপ লৈ পাকঘৰৰ পৰা ওলাই আহিল তেওঁ।

: বিছনালৈ ব'লা।
হাতৰ বাতিৰ সেই ব্যঞ্জন চামুচেৰে লৰাই মুখেৰে ফুঁ দি ক'লে।

মোৰ হাতত বাতিটো তুলি দি কাষতে বহি ৰ'ল তেওঁ। 

: চিকেন চুপ। গোটেইখিনি শেষ কৰা।

 এচামুছ এচামুছকৈ চুপখিনি খাই থাকি মই চাই ৰ'লো তেওঁলৈ। কিমান যে ভালপায় তেওঁ মোক। ভালপোৱাৰ যদি হিচাপ কৰিব পৰাহেঁতেন মই আজি নিশ্চয়কৈ জানিবলৈ বিচাৰিলোঁহেঁতেন কিমান ভাল পালে মানুহ ইমান দায়িত্বশীল হৈ উঠিব পাৰে!

খাই শেষ কৰাৰ লগে লগে বাতিটো লৈ মোৰ কাষৰ পৰা উঠি গ'ল তেওঁ। তেওঁৰ লগে লগে বিছনাৰ পৰা উঠি আহিলোঁ মই। পাকঘৰত সোমাই তেওঁ কিবা ৰান্ধিবলৈ লৈছে। এইবাৰ খৰকৈ গৈ মই তেওঁৰ কাষ পালোগৈ। 

: মই কি কৰি দিওঁ কওকচোন।

: এক্কেবাৰে নালাগে। তুমি মাত্ৰ বহি থাকা। আজি শ্বেফ সাগ্নিক চলিহাই তোমাৰ বাবে ডিনাৰ প্ৰস্তুত কৰিব। 
এপ্ৰনৰ গাঁঠি বান্ধি হাঁহি কৈ উঠিল তেওঁ।

:তথাপি...

: নাঃ। বহা তুমি।

ওলাই আহিলো ড্রয়িংৰূমলৈ। বাঁহীখিনি সজাই থোৱা ষ্টেণ্ডটোৰ ওচৰত আঁঠু কাঢ়ি বহি পৰিলোঁ। এডাল এডালকৈ চুই চালোঁ বাঁহীবোৰ। এটা পুৰণি বাঁহীৰ সুৰ মোৰ কাণলৈ যেন ৰিণী ৰিণী ভাঁহি আহিল। তেৱোঁ বাঁহী বজাইছিল। সেই ল'ৰাজন; যি মোক চাবলৈকে বহুদিন চাইকেলেৰে পিছ লৈছিল। তেওঁ ভাড়া কৰি আছিল আমাৰ ওচৰৰে এখন ঘৰত। গৰমৰ কাৰেণ্ট নথকা সন্ধ্যাবোৰত বাঁহী বজাইছিল তেওঁ। যাৰ নামটো আজিলৈকে মই নাজানিলোঁ। যাক এদিনো চাই নাপালোঁ মই প্ৰেমময় দৃষ্টিৰে। যাৰ লগত বিনিময় নহ'ল এষাৰো কথাৰ। হাতত বাঁহী এডাল তুলি ৰিঙিয়ালোঁ মই

: আপুনি বাঁহী বজাই বুলি নাজানিছিলোঁ।
: মাজে মাজে। মন গ'লে কেতিয়াবা বজাও।

পাকঘৰৰ পৰাই ৰিঙিয়াই তেওঁ উত্তৰ দিলে।

ডিনাৰ কৰা হৈ গৈছিল।
ৰাতি প্ৰায় চাৰে এঘাৰ বাজিছে।
শুবৰ আয়োজন চলাই মই ৱাশ্বৰূমৰ পৰা মুখ ধুই ওলাওতেঁই সোধো নোসোধোকৈ সুধিলে তেওঁ

: মই শোৱাৰ আগতে মিউজিক চিষ্টেমত গান এটা শুনি ভাল পাওঁ। পুৰণি অভ্যাস। একেবাৰে সৰুকৈ। তুমি অসুবিধা পাবা নেকি?

কেনেকৈ মোৰ ইমান সৰু সৰু কথাৰ বাবে চিন্তা কৰিব পাৰে তেওঁ!

: নাই নাই। একেবাৰেই অসুবিধা নাপাওঁ।
সজোৰে কৈ উঠিলোঁ মই।  

মিউজিক চিষ্টেমটোত গান এটা বজাই দিলে তেওঁ। মোৰ এটি প্রিয় গীত

"ফুল ফুলক ৰ’দৰে ফুল,
হৃদয় সেউজী ধৰা
ফুল ফুলক
সূৰ্য্যমূখী ফুল প্ৰিয়তমা
তোমাৰ খোপাত"

গানটো বজাই দি মোৰ ওচৰলৈ আহিল তেওঁ। শোৱাৰ আয়োজনেৰে বিছনাত বহি ৰোৱা মোক লাহেকৈ শুৱাই দি পাতল কাপোৰ এখন গাত দি দিলে তেওঁ। 

: শোৱা। ৰাতি কিবা অসুবিধা হ'লে মোক এবাৰ মাত দিবা দেই। 

আঁতৰি যাবলৈ লৈছে তেওঁ। হঠাৎ তেওঁৰ হাত এখনত আলফুলে ধৰি কৈ উঠিলোঁ মই

: অকণমান বহিব নে মোৰ ওচৰত? 

মোৰ মাতত আছিল এক অচিন সুৰ। যি সুৰৰ অনুভৱ মই কেতিয়াও আগতে কৰা নাই।

মই বিচাৰিছিলোঁ বহি ৰওক আৰু এখন্তেক তেওঁ মোৰ কাষত। তেওঁৰ সান্নিধ্যৰে আৰু অকণমান যেন জীপাল হৈ উঠিব খুজিলোঁ মই। আবেগৰ ভৰত দোঁ খাই ওলাব খুজিলে সেই মাত।

মোৰ কাষতে বহি ব্যস্ততাৰে কৈ উঠিল তেওঁ

: কি হ'ল কৃশ্বু? ঠিকেই আছা নে তুমি?

মূৰ দুপিয়ালোঁ মই।
মই ঠিকেই আছোঁ। একেবাৰেই ঠিকে আছোঁ মই। তেওঁ কাষত থাকিলে যে একো শক্তিয়ে মোৰ বেয়া কৰিব নোৱাৰে। মাথোঁ বহি ৰওক তেওঁ, কাষতে বহি ৰওক। চাই ৰও মই তেওঁক এনেকৈয়ে।

কিবা এটা ক'বলৈ লৈছিলোঁ মই। মোৰ ওঁঠত আঙুলি ৰাখি  অস্ফুট স্বৰেৰে বিৰবিৰালে

: কৃশ্বু... মাই প্ৰিন্সেছ...

আঃ! এই মায়াসনা মাত।
মানুহৰ কন্ঠৰেই নিগৰি বাহিৰ হয়নে এনে মাত?

বাৰে বাৰে প্ৰতিধ্বনিত হৈ কাণত বাজি ৰ'ল সেই বাক্য।

"মাই প্ৰিন্সেছ"
"মাই প্ৰিন্সেছ"

তেওঁক কিবা এটা ক'বলৈ লৈছিলোঁ মই। 
পাহৰি গ'লো।

লাহে লাহে আঙুলি বুলালে তেওঁ মোৰ চুলিৰ ভাঁজত। আলফুল ওঁঠেৰে স্পৰ্শ কৰিলে কপালত।
তেনেকৈয়ে ৰৈ গৈছোঁ মই। 
শিল হৈ গৈছোঁ মই।
দুবাহুত তেওঁৰ সবল হাত।
মোৰ গাত তেওঁৰ নিশ্বাসৰ এক গৰম স্ৰোত।

কপালৰ সেই ওঁঠ এইবাৰ নামি আহিল মোৰ কম্পিত ওঁঠলৈ। এইবাৰ মুখখন লাহেকৈ মোৰ ডিঙিৰ ভাঁজত গুঁজিলে তেওঁ।

দুচকু জাঁপ খালে মোৰ।

তেওঁৰ চ'ৰাঘৰত সজোৱা সাতোডাল বাঁহীৰ প্ৰতিদালেই যে এতিয়া মোৰ বুকুত সপ্তসুৰ হৈ বাজিবলৈ ধৰিছে।

নিয়ৰ সৰিছে নেকি? অনুমান কৰা নাযায়। কিন্তু মোৰ বুকু সিক্ত হৈছে তেওঁৰ প্ৰেমৰ কুঁৱলীৰে। মোৰ বুকুত ক'ত থূপ খাই আছিল অতবোৰ ভালপোৱা? যি ভালপোৱাৰে ময়ো উপচাব খুজিছোঁ তেওঁক।

কাষৰ কোঠাৰ পৰা ভাঁহি আহিছে অকণমান আগতে তেওঁ বজাই অহা সেই গান

"বাঁহীৰ সুৰত
নিশাৰ তৰাই নাছক ৰাতি
দুটি নয়নত
মধু জোন জ্বলক আজি"

ধীৰে ধীৰে দুহাত তললৈ নমাইছে তেওঁ। তেওঁৰ পৰশ মোৰ অসূৰ্য্যস্পশ্যা শৰীৰৰ প্ৰতিটো ভাঁজত। মোৰ বুকুত স্বপ্নলোকৰ সন্ধান কৰিছে মোৰ সমস্ত হৃদয় অধিকাৰ কৰি ৰোৱা এই পুৰুষে।

পাৰ হৈ গৈছে এটা এটা ক্ষণ।
বহুকেইটা হিচাপবিহীন লহমা।

*****

ৰাতিপূৱাইছে। ভেন্টিলেশ্যনেৰে একাজলি ৰ'দ সোমাই আহিছে। দৃষ্টি ঘূৰাই দেখোঁ মোৰ কাষতে এটি নিৰ্বোধ শিশুৰ দৰে শুই আছে তেওঁ।
মোক স্পৰ্শৰে উজ্জীৱিত কৰা সেই পুৰুষ।
কি নাম এই স্পৰ্শৰ? 
নাই নাই এই স্পৰ্শৰ নাম থাকিব নোৱাৰে। নামহীন এই স্পৰ্শ। মোৰ আত্মা স্পৰ্শ কৰিছে তেওঁ। 

টোপনিত লালকাল মানুহজনক দুহাতেৰে আদৰ কৰিবলৈ মন গ'ল মোৰ। আলফুলে তেওঁক এটি চুমা আঁকি দি উঠি আহিলোঁ। 

গা ধুই দুকাপ কফি কৰিলোঁ। সাৰ পাই খপজপাই উঠি মোৰ হাতত কফিৰ কাপ দেখি ক'লে

: তুমি কিয় কফি কৰিলা কৃশ্বু... মই কৰিলোঁহেতেন!

: একো নহয় দিয়ক। আজি মোৰ হাতৰ কফিয়েই খাওকচোন।

: ঠেংক ইউ চ' মাচ্চ। 
হাতৰ পৰা কফিৰ কাপটো লৈ কৈ উঠিল তেওঁ।

: আজি এটা বস্তু দেখুৱাম দেই তোমাক। 
: কি বস্তু?
: মোৰ ছবিবোৰ। চাবা?
: চামতো। 

বহাৰ ভংগী সলনি কৰিছে তেওঁ। মুখত এইবাৰ গহীন ভাৱ।

: তোমাক মোৰ কিছুমান কথা ক'বলগীয়া আছে কৃষ্ণাক্ষী।

: ক'ব বাৰু। খাই লওকচোন।

কফিত অন্তিম চুমুক দি মুখ ধুবলৈ গ'ল তেওঁ। টাৱেল এখনেৰে মুখ মচি মচি ওলাই অহাৰ লগে লগে মই তেওঁক মনত পেলাই দিলোঁ ছবিবোৰ চোৱাৰ কথা।

কাঠৰ আলমাৰীটোৰ পৰা এটা ডাঙৰ এয়াৰবেগ টানি উলিয়ালে তেওঁ। বিছনাৰ ওপৰত বেগ থৈ বাহিৰ কৰিলে এটা এলবাম আৰু এসোপা ফটো। 

পাত লুটিয়াই চাই গৈছোঁ এলবামটোৰ প্ৰতিখন ফটো। সাংঘাতিক ধুনীয়াকৈ তুলিছে ফটোবোৰ। এখন এখনকৈ চাই গৈ এখন ফটোত দৃষ্টি নিবদ্ধ হৈ ৰ'ল মোৰ। এজনী প্ৰায় ছবছৰ মান বয়সৰ ফটা চিটা ফ্ৰক পিন্ধা অকণমানি ছোৱালী। কুটুলা কুটুল চুলিৰে গঁথা বেণীত সেউজিয়া ফিটা বন্ধা। খুব ধুনীয়া দুচকু। ইমান ধুনীয়া চকু যেন মই আগতে ক'তো দেখা নাই। কিন্তু ছোৱালীজনীৰ দুচকুত কিবা এটা আচৰিত বিষন্নতা। 

ফটোখন এলবামৰ পৰা উলিয়াই হাতত লৈ আপোনমনে কৈ গ'ল তেওঁ

: বুজিছা কৃশ্বু, দিল্লীলৈ যাওঁতে কোনোবা মল এটাৰ তলত উঠোৱা ফটো আছিল এইখন। বজাৰ কৰি ওলাই আহোঁতেই দেখিছিলোঁ মানুহ এগৰাকীয়ে পাঁচটা মান ল'ৰা ছোৱালী লৈ বহি আছিল। পথালি কোলাত থকা বয়সৰ পৰা এই ছোৱালীজনীৰ বয়সলৈকে আছিল ল'ৰা ছোৱালীবোৰ। মলৰ পৰা ওলাই অহা মানুহবোৰৰ কাপোৰত প্ৰায় ওলমি ধৰাৰ দৰে ধৰি পইচা বিচাৰে সিহঁতে আৰু কোনোবাই পইচা দিলেই দৌৰি গৈ মাকৰ হাতত জমা কৰে। তাৰ ভিতৰত এই ছোৱালীজনী আটাইতকৈ বেলেগ আছিল। কাকো এনেকৈ পইচা খোজা নাছিল তাই। এটা উদাস দৃষ্টিৰে ৰেলিং এডালত ধৰি দূৰলৈ চাই ৰৈছিল। তাই কিবা এটা বেলেগ আছিল বাবেই এই ফটোখন উঠাইছিলোঁ। সাধাৰণতে বিদেশী সকলে ফটো তুলিলে পইচা লয় সিহঁতে। মোক খোজা নাছিল যদিও মই ফটোখন উঠাই এখন এশ টকীয়া নোট ছোৱালীজনীৰ হাতত গুজি দিছিলোঁ। তাই পইচাটো মোৰ হাতত দি কি কৈছিল জানা?

: কি কৈছিল?

তন্ময় হৈ তেওঁৰ কথা শুনি ৰোৱা মই কৈ উঠিলোঁ।

: তাই কৈছিল, মোক পইচাটো নালাগে চাহাব জী। মায়ে লৈ ল'ব। আপুনি মোক এইটো পইচাৰে এটা পুতলা কিনি দিবনে?

: আপুনি কিনি দিছিলনে পুতলা এটা?
ব্যগ্ৰ হৈ সুধিলোঁ মই।

'এক মিনিট ৰ'বা' বুলি এলবাম খুচৰি তেওঁ আন এখন ফটো বাহিৰ কৰি মোৰ সন্মুখত দাঙি ধৰিলে। ফটোখনত ছোৱালীজনীৰ হাতত এটা গুলপীয়া পুতলা আৰু তাইৰ চকুৱে মুখে এটা ধুনীয়া হাঁহি। আনখন ফটোৰ দৰে উদাসী দৃষ্টি এই ফটোত নাছিল।

কৈ গ'ল তেওঁ

: চোৱাচোন কৃশ্বু, আমি ভাল চাকৰি এটা নোহোৱাৰ বাবে দুখ কৰোঁ, আমি দুখ কৰোঁ আনতকৈ এখন দামী গাড়ী নথকাৰ বাবে। কিন্তু পৃথিৱীত এনেকুৱা মানুহো আছে যি কান্দে কেৱল এটা পুতলাৰ বাবে, এসাঁজ ভাতৰ বাবে।

মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিলোঁ মই। 
সকলোৰে বাবে কান্দিব পৰা এই পুৰুষ।
এখন আকাশৰ দৰে বুকু মোৰ প্ৰিয়তমৰ।

মুগ্ধ হৈ চাই ৰোৱা মোৰ নাকত এইবাৰ আলফুলে চুই ক'লে

: তুমিওতো এটা পুতলাৰ দৰেই ধুনীয়া কৃশ্বু... জীয়া পুতলা।

লাহেকৈ হাঁহিলোঁ মই।

সেইদিনা গোটেই দিনটো তেওঁৰ ঘৰত কটাই গধূলি ওলাই গ'লো। গাড়ী ৰ'লগৈ ছয়মাইলৰ পেন্টালুনৰ সন্মুখত। কিবা অলপ বজাৰ কৰিবলগীয়া আছিল তেওঁৰ।  কুৰ্তী এটা চাই ৰৈ থকা মোৰ ওচৰত ঘপকৈ থিয় দি হাতৰ মুঠিত লৈ অহা এটা ঘড়ী মোৰ সন্মুখত তুলি ধৰিলে তেওঁ

: এইটো মই তোমাৰ বাবে লৈছোঁ। মোৰ পৰা আজিলৈকে একোৱেই লোৱা নাই তুমি। এইটো নল'লে মোৰ খুব বেয়া লাগিব।

ছিলভাৰ চেইনৰ এটা খুব ধুনীয়া ঘড়ী।

ঘড়ীটো হাতত তুলি ল'বলৈ লওঁতেই পিন্ধাই দিলে তেওঁ  আৰু কৈ উঠিল

: এইটো তোমালৈ মোৰ প্ৰথম উপহাৰ। তুমি ভাল পালে মোৰ ভাল লাগিব।

: খুব ধুনীয়া। সঁচাকৈয়ে মোৰ খুব ভাল লাগিছে।

ঘড়ীটোত হাত ঘূৰাই ক'লো।

সন্ধ্যা প্ৰায় সাতমান বজাত তেওঁ মোক ড্ৰপ কৰিলেহি মোৰ ৰূমৰ সন্মুখত। গাড়ীৰ দুৱাৰ খুলি নামিবলৈ ধৰোঁতেই মাত দিলে তেওঁ

: কৃশ্বু...শুনা...
ঘূৰি চালোঁ তেওঁলৈ।
: কিবা ক'ব?
: বহু কথাইতো ক'বলৈ আছে তোমাক।
: কওকচোন।
: এতিয়া নালাগে দিয়া। আজি থাকক।

পাৰ হ'ল কেইটামান নীৰৱ মুহূৰ্ত। কোমলকৈ কৈ উঠিল তেওঁ

: তুমি আহি মোৰ জীৱনটো প্ৰেমেৰে ভৰাই পেলালা।

তেওঁৰ দুচকুলৈ চাই ৰ'লো।
ধুনীয়া চকুযুৰিত এইবাৰ কিবা এক বিষাদৰ ছাঁ।

( আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ