#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_১২

: প্ৰথম দিনাই এটা কিতাপৰ টোপোলা বিক্ৰী কৰা মানুহে অকলে যাবলৈ চিন্তা কৰে নেকি? তোমাৰ বাহিৰে প্ৰথম দিনাই কোনেও এনেকৈ আজিলৈকে একো বিক্ৰী কৰিব পৰা নাই।

সেউজীয়া ৰঙৰ বিষৰ তেলৰ পেকেট এসোপা টেবুলখনত সজাই হাঁহি হাঁহি কৈ গ'ল মানুহজনে।

আজি এসপ্তাহ হ'ল 'হেপী ইণ্ডিয়া ডট কম'ত মোৰ এই চাকৰিৰ। এসপ্তাহে মই দেৱলীনাৰ সৈতেই বাহিৰলৈ গৈছোঁ। যিমান কেইপদ বস্তু মই বিক্ৰী কৰিছোঁ সেই আটাইবোৰ তাইৰ সহায়তেই কৰিছোঁ। আজি কিবা কাৰণে হঠাৎ তাই অফিচলৈ নাহিল। মই অকলে যাবলৈ বৰ ইতস্ততঃবোধ কৰিছিলোঁ। হাতৰ পলিথিনটোত কিতাপ এবোজা, বিষৰ তেল কেইটামান নতুবা পেট কমোৱা বেল্ট দুডালমান ভৰাই অকলে ঘূৰি ফুৰিবলৈ এতিয়াও সেই সংকোচ ভাৱ মোৰ যেন আঁতৰাই নাছিল। এতিয়াও মই দেৱলীনা আগবাঢ়ি নোযোৱাকৈ প্ৰথমতে উপযাচি গৈ কাকো ক'ব পৰা নাছিলোঁ মেনেজমেণ্টৰ ষ্টুডেন্টৰ পৰা কিবা এটা বস্তু ল'বলৈ। মানুহজনক আকৌ এবাৰ মই অনুৰোধ কৰিলো

: অকলে যাবলৈ মোৰ ভাললগা নাই ছাৰ। কাৰোবাক যদি মোৰ লগত পঠিয়াই মোৰ বৰ সহায় ..

বাক্যটো মই সম্পূৰ্ণ কৰিবলৈ নাপালোঁৱেই। এইবাৰ সকলোৱে মেডাম বুলি সম্বোধন কৰা মানুহগৰাকী ভিতৰৰ পৰা গপগপাই ওলাই আহিল আৰু দুয়োখন হাত কঁকালত ৰাখি মোৰ সন্মুখত থিয় দি ৰৈ প্ৰায় গৰজি উঠিল

: বস্তু বিক্ৰী কৰিবলৈ ইমান লাজ কৰিলে এই অফিচত কাম কৰি থাকিব নালাগে। এদিন নহয় এদিনতো অকলে যাবই লাগিব। প্ৰত্যেকদিনাই লগত একোগৰাকী বডীগাৰ্ড তোমাৰ লগত দিয়া নহ'ব মহাৰাণী।

শেষৰ বাক্যটোত মানুহগৰাকীয়ে এখন হাত কঁকালত ৰাখি আনখন হাতৰ পাঁচোটা আঙুলি বহলাই মেলি মোৰ মুখৰ আগত জোকাৰি দিলে।

উচপ খাই উঠিলোঁ মই। 
কি ব্যৱহাৰ এয়া!
কি বুজোৱা যায় আৰু আশা কৰা যায় এনে এগৰাকী মানুহৰ পৰা? চাকৰিটোত জইন কৰাৰ দিন ধৰি আজিলৈকে কোনোদিনেই মই মানুহগৰাকীৰ মিহি মাত এষাৰ শুনা নাই।

মই নীৰৱে আঁতৰি আহোতেই মানুহগৰাকীয়ে এইবাৰ হুঁটা মাত এটাৰে আকৌ কৈ উঠিল

: শুনা! 

অত্যন্ত মন নোযোৱা সত্বেও ঘূৰি চালোঁ মানুহগৰাকীলৈ। এইবাৰ তেওঁ খুব খৰ খোজেৰে মোৰ ওচৰলৈ আগবাঢ়ি আহিল মই পিন্ধি অহা টপটোৰ বাহু অংশখিনি ৰবৰ এডাল টনাৰ দৰে হাতেৰে টানি ক'লে

: এইবোৰ লাট চাহাবৰ কাপোৰ ইয়াত নচলিব। এয়া বস্তু বিক্ৰী কৰা মানুহৰ কাপোৰ নহয়। তোমাৰ কাপোৰতে দুখ লাগি মানুহে বস্তু লব লাগিব। এনেকুৱা কাপোৰ পিন্ধিলে তোমাৰ পৰা কোনে বস্তু ল'ব?

মই পিন্ধি অহা কাপোৰসাজলৈ চালোঁ। গ্লাছৰ কাম কৰা বিভিন্নৰঙী এটা জয়পুৰী লং স্কাৰ্ট, এটা ক'লা টপ আৰু তাৰ লগত মিলাই এখন পাতল আকাশৰঙী ষ্টল ডিঙিত মেৰিয়াই লৈছিলোঁ মই।

মানুহগৰাকী এইবাৰ মোৰ ওচৰৰ পৰা আঁতৰি আন এজনী ছোৱালীৰ কাষলৈ আগবাঢ়ি গ'ল আৰু সোঁহাতৰ তৰ্জনী আঙুলিটো ছোৱালীজনীৰ অতি পুৰণা যেন লগা কাপোৰসাজলৈ দৃষ্টিকটুকৈ টোঁৱাই কৈ  উঠিল

: কাপোৰ এনেকুৱা হ'ব লাগিব। যি কাপোৰ দেখিলেই মানুহৰ হৃদয় দুখত গলি যায়। এইসব কাপোৰ দেখুৱাইয়ে ৰুণুমায়ে কত বস্তু বিক্ৰী কৰিছে।

বৰ পুৰণা যেন লগা এসাজ কাপোৰ পিন্ধি কোঠাটোৰ এচুকত পেটত মৰা বেল্টৰ পেকেট এটা লৈ থিয় হৈ আছিল ছোৱালীজনী। তাইৰ শেঁতা পৰা মুখখনলৈ চালোঁ। এই অফিচত কাৰো লগত কাকো কথা পাতিবলৈ দিয়া নহয় বাবে তাইৰ লগত মই কেতিয়াও কথা পাতি পোৱা নাই। কিন্তু  তাইৰ কথা মই দেৱলীনাৰ মুখত শুনিছিলোঁ।

তাইৰ নাম ৰুণুমা। ৰুণুমা ডেকা। মদাহী দেউতাক আৰু প্ৰাথমিক স্কুল এখনত মধ্যাহ্ন ভোজনৰ আহাৰ ৰন্ধা মাকৰ তিনিজনী ছোৱালীৰ আটাইতকৈ ডাঙৰ তাই। মাকে মাহেকৰ মূৰত পোৱা টকাকেইটাৰে ঘৰখনৰ জোৰা নমৰে। হায়াৰ চেকেণ্ডেৰীটো যেনেতেনে পাছ কৰিয়েই চাকৰি এটা বিচাৰি ওলাই আহিছিল ছোৱালীজনী। এই অফিচটোত ৰুণুমায়ে কাম কৰি থকা প্ৰায় ছমাহ হ'ল।

মানুহগৰাকীয়ে তাইৰ কাপোৰলৈ আঙুলিয়াই  দেখুওৱা কথাটোত মোৰ আগত বৰ অসহজ হৈছিল তাই। বৰ লাজ পাইছিল। দুখীয়া মানুহৰ লাজ আৰু আত্মসন্মান থাকিবই নোৱাৰে বুলি ভাৱি লোৱা মানুহবোৰৰ ভিতৰৰ এগৰাকী যে এই মানুহগৰাকীও আছিল মই বুজি পাইছিলোঁ। তেওঁৰ কথাত একো উত্তৰ নিদিলোঁ মই।

কথাখিনি কৈ মানুহগৰাকী ভিতৰলৈ গোঁ গোঁৱাই সোমাই গৈছিল আৰু এই কান্দো এই কান্দো যেন লগা  এখন মুখেৰে স্থানুৰ দৰে একেই ঠাইতে ৰৈ গৈছিল ৰুণুমা।

মই ৰুণুমালৈ চাই হাঁহিলোঁ । মোৰ হাঁহিটোৰেই তাইক আশ্বস্ত কৰিবলৈ বিচাৰিলো। তাইক যেন মই চকুৰেই ক'ব খুজিলোঁ

"তুমি দুখ নকৰিবা ৰুণুমা। তেওঁ যে তেনেকুৱাই সেই কথা মই জানো। মই তোমাৰ বিষয়ে বেয়াকৈ একোকে ভৱা নাই। 

তাই সহজ হৈছিল নে নাই মই নাজানোঁ। কিন্তু পিছ মুহূৰ্ততে খৰধৰকৈ গ্ৰাহকক বস্তু বিক্ৰী কৰাৰ আখৰা কৰিবলৈ লৈছিল আৰু মই পলকতে এটা সিদ্ধান্ত লৈছিলোঁ যে মানুহগৰাকীৰ বাবে নহয়, মই ৰুণুমাৰ সৈতে মিলাবলৈহে পিন্ধিম এযোৰ পুৰণা কাপোৰ। যাতে আকৌ এদিন তাইলৈ আঙুলি টোঁৱাই তেওঁ মোৰ সন্মুখত কেতিয়াও ক'ব নোৱাৰে তাইৰ পুৰণি কাপোৰৰ কথা। যাতে আকৌ এদিন ক'লেও ৰুণুমাই ভাবি পেলাব পাৰে যে কৃষ্ণাক্ষীয়ে মোতকৈ একো বেলেগ কাপোৰ পিন্ধা নাই। তাইক মোৰ ক'বলৈ বৰ মন গৈছিল

: আমি একেই ৰুণুমা। ক'ৰবাত আমি যে একেবাৰে একেই। সপোন দেখিবলৈ শিকি কষ্ট পোৱা, এটা সপোনৰ বোজা ক্ৰমান্বয়ে বহন কৰিব নোৱাৰা হৈ অহাৰ পিছতো সেই সপোনটো এদিন পূৰ হ'ব বুলি বুকুত আশা বান্ধি মনে নিবিচৰা কাম কৰি যোৱা নিম্ন মধ্যবিত্ত ঘৰৰ সন্তান আমি। একো পাৰ্থক্য নাই তোমাৰ আৰু মোৰ।

প্ৰতিদিনৰ দৰে ৰাতিপুৱাৰ মিটিংখন হৈ গৈছিল। ল'ৰা ছোৱালীবোৰ ওলাই যাবৰ হৈছিল। মানুহজন ওলাই আহি মোৰ হাতত গুজি দিলে এটা কাগজৰ টুকুৰা। মেলি চাই দেখোঁ , তাত লিখা আছিল এটা অফিচৰ ঠিকনা। যি অফিচ আজি মোক বস্তু বেচিবলৈ যাবলৈ ঠিক কৰি দিছে তেওঁলোকে। 

পলিথিনৰ বেগটোত তিনিটা কিতাপৰ টোপোলা আৰু দুডাল পেট কমোৱা বেল্ট ভৰাই ল'ৰা ছোৱালীবোৰৰ সৈতে ময়ো যাবলৈ লওঁতেই মানুহগৰাকীয়ে মাত দিলে

: এই যে...!

মানুহগৰাকীয়ে কাৰোবাক মতাৰ ধৰণটোৱেই তেনেকুৱা। মই ঘূৰি চোৱা নাছিলোঁ। ভৱাও নাছিলোঁ ইমানখিনি কথা হোৱাৰ পাছত মোক ক'বলৈ বেলেগকৈ তেওঁৰ আৰু কিবা ৰৈ গ'ল বুলি। আকৌ মাত দিলে তেওঁ

: এই যে! কৃষ্ণাশ্ৰী..

এইবাৰ মই বুজিলোঁ মোকেই মাতিছে মানুহগৰাকীয়ে।কোনোদিন মানুহহালে মোৰ নামটো একেবাৰতে শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে। কৃষ্ণাশ্ৰী, কৃষ্ণাংগী আদি বহুকেইটা ভুল নামৰ পিছতহে কোনোমতে কৃষ্ণাক্ষী শব্দটো ক'ব পাৰে। আৰু ময়ো এৰি নিদি প্ৰতিবাৰে শুধৰাই দিওঁ দেউতাই ৰখা মোৰ বৰ মৰমৰ নামটো। আজিও মই ঘূৰিয়েই তেওঁৰ চকুত চকু থৈ ক'লো

: মেম.. কৃষ্ণাক্ষী।

: অ'কেই অ'কেই! কৃষ্ণাক্ষী। মই শুনিছোঁ তুমি বোলে হোটেলত দুপৰীয়া ভাত খোৱা? এই অফিচত কোনো এমপ্লয়ীয়ে দুপৰীয়া ভাত খোৱাৰ নিয়ম নাই। সেই কথা তোমাক দেৱলীনাই কোৱা নাই? সিদিনা খবৰ পাইছোঁ তোমালোক দুয়োজনীয়ে হোটেলত ভাত খোৱাৰ কথা। এই কাম যাতে আকৌ নহয়। পেট গেৰেলা লাগি ক'ৰবাত ঢেল খাই পৰি থাকিবলৈ মাহৰ মূৰৰ দুহেজাৰ টকা নিদিওঁ। বদমাছ যত সব।

কৈছিল। অফিচৰ এই নিয়মৰ কথা দেৱলীনাই মোক প্ৰথমদিনাই কৈছিল। কিন্তু ৰুটি বা আন বস্তু খাই মই থাকিব নোৱাৰোঁ। প্ৰথমদিনা আমি ভাত খোৱা নাছিলোঁ। কিন্তু পিছদিনা সৰু হোটেল এখনত মই ভাত খোৱাৰ উপৰিও তাইকো জোৰ কৰি ভাত কেইটামান খুৱাইছিলোঁ। ভাতকেইটা খাই উঠি দেৱলীনাই মোক কৈছিল

: কেনেবাকৈ গম পাব লাগিলে আমাৰ দুয়োজনীকে গালি পাৰিব কৃষ্ণাক্ষী। কিন্তু ভাতকেইটা খাই বৰ ভাল পালো অ'।

মই তাইক অভয় দিছিলোঁ কেতিয়াও এই কথা অফিচত নোকোৱাৰ। নাজানোঁ তথাপিও কেনেকৈ গম পাইছিল ভাত খোৱাৰ কথা। কেৱল ভাত খোৱাৰ কথাই নহয়! আমি ক'ত কিমান দেৰি ৰ'লো, কোনজন মানুহক কেনেকৈ বস্তু এটা বিক্ৰী কৰিলোঁ তাৰ প্ৰতিটো খবৰ মানুহ দুজনে পাই থাকে। দেৱলীনাই মোক কৈছিল, এই কামৰ বাবেও তেওঁলোকে বেলেগকৈ কেইজনমান ল'ৰা ৰাখিছে।

মানুহগৰাকীয়ে মোৰ ফালে এটা উত্তৰৰ অপেক্ষাত ট ট কৈ চাই আছিল। দুপৰীয়া সেই ভাতকেইটা খায়ো যে আমি ৰাতিপুৱাৰ সমান উদ্যমেৰেই কাম কৰি থাকোঁ সেই কথা তেওঁক মোৰ বুজাবলৈ মন নগ'ল।ভাতকেইটা খাই উঠিও যে দেৱলীনাই নিজৰ ঘৰখন চলাবলৈ, বিধৱা মাক আৰু পংগু ভায়েকক এসাঁজ খুৱাবলৈ দুটা চেকেণ্ডো নষ্ট নকৰাকৈ অহৰহ বস্তু বিক্ৰী কৰাৰ চেষ্টাকে কৰি থাকে সেয়া মই তেওঁক নক'লো। কাণত বাজি থাকিল মাত্ৰ সেইকেইটা শব্দ 

'বদমাছ যত সব'

গ্ৰহ নক্ষত্ৰৰ ৰঙা নীলা পাথৰ খচিত হাতৰ কিলাকুটিৰ ঠিক ওপৰতে ওলমি ৰোৱা ৰূপৰ চেইনডালৰ ঝুনঝুননি এসোপা তুলি হাতখন জোকাৰি জোকাৰি তেতিয়াও মোক উদ্দেশ্যি কিবা এটা কৈ আছিল তেওঁ।

মানহগৰাকীৰ মুখলৈ নোচোৱাকৈ লাহে লাহে উচ্চাৰিলো

:চৰি মেম!

আগবঢ়াবলৈ যোৱা মানুহজনলৈ নোৰোৱাকৈ হাতত কিতাপৰ পলিথিনটো লৈ গপগপাই ওলাই আহিলোঁ। মানুহজনে বাৰেবিংকৰা কথা এসোপা কৈ ল'ৰা ছোৱালীবোৰক হঁহুৱাবলৈ চেষ্টা কৰি আছিল। খোজকাঢ়ি থকাৰ মাজে মাজে কোনোবা এপাকত গাৰ একেবাৰে কাষ পায়হি তেওঁ। মই মুখত এক অস্বাভাৱিক গাম্ভীৰ্য ফুটাই তুলি কঠোৰ চেহেৰাৰে আহি থাকিলোঁ। মোৰ সঁহাৰি নাপাই ৰুণুমাৰ কাষ পাইছিলগৈ তেওঁ। তাই হাঁহিবলৈ মন নোযোৱা অসহায় মুখ এখনেৰে যেন অকণমান হাঁহি এটা বিৰিঙাই মানুহজনক সুখী কৰিবলৈ বিচাৰিলে। মই এইবাৰ ঘপকৈ তাইৰ কাষলৈ গৈ বায়েক এজনীয়ে ধৰাদি তাইৰ হাত এখনত ধৰি ল'লো। ঠিক প্ৰত্যেকদিনা দেৱলীনাই মোক ধৰি থকাৰ দৰে। ৰুণুমা যেন ধুমুহাই তচনচ কৰিব খোজা এটা চৰাই পোৱালী আৰু  মই আসন্ন বিপদৰ উমান পাই আৱৰি ধৰিছোঁ ডেউকা মেলি সেই চৰাই পোৱালীক। মানুহজন পিছ পৰি দিছিল। মনে মনে ৰৈছিল তেওঁ। মোৰ হাতৰ মুঠিত যেন ৰুণুমাৰ হাতখনে উশাহ পাইছিল।

গণেশগুৰিৰ চিটি বাছ ষ্টপেজটোৰ ওচৰত মানুহজনে ল'ৰা ছোৱালীবোৰক আকৌ এবাৰ দিনটো ভালকৈ কাম কৰিবলৈ পৰামৰ্শ দিলে। সকলোকে হেণ্ডশ্বেক এটাৰে শুভকামনা জনোৱা মানুহজনে মোলৈ হাতখন আগবঢ়াই দিও কোঁচাই নি মুখেৰেই দিনটোৰ বাবে শুভকামনা জনাই উভতি গ'লগৈ।

অভাৰব্ৰিজখন পাৰ হৈ মালিগাঁৱলৈ যোৱা বাছ এখনত বহি পৰিলোঁ। মানুহজনে কাগজ টুকুৰাত লিখি দিয়া ঠিকনাটো এবাৰ চালোঁ। মালিগাঁও ৰেলৱে অফিচৰ ঠিকনা আছিল সেইটো। কেতিয়াও কোনো অফিচলৈ মই গৈ পোৱা নাছিলোঁ। অফিচবোৰৰ ভিতৰলৈ বস্তু বিক্ৰী কৰিবলৈ যে সোমাবলৈও দিয়ে আৰু সোমাবলৈ দিলেও কি প্ৰক্ৰিয়াৰে দিয়ে সেই ধাৰণা মোৰ একেবাৰেই নাছিল। দেৱলীনাৰ সৈতে যোৱা এসপ্তাহে দোকানবোৰত আৰু ৰাস্তাৰে যোৱা মানুহবোৰকহে বস্তু বেচিছিলোঁ।

ৰাতিপুৱা প্ৰায় চাৰে ছয় বজাৰ পৰা থিয় হৈ হৈ বৰ ভাগৰ লাগিছিল। এই এসপ্তাহতে মই ভালেখিনি সলনি হ'লো। ৰ'দে পোৰা ছাল, অযত্নপালিত ৰুক্ষ চুলি, চকুৰ তলৰ ক'লা দাগেৰে দেখিবলৈ সম্পূৰ্নৰূপে বেলেগ এজনী ছোৱালী হৈ পৰিছিলোঁ মই। বাছখনত বহিয়েই চকুহাল জপাই দিলোঁ। বতাহ এজাকে খিৰিকীৰে চুই গ'ল।

হঠাৎ বাহুত কাৰোবাৰ স্পৰ্শ পৰাত উচপ খাই উঠিলোঁ। ভাড়া খুজিবলৈ আহিছিল। প্ৰায় টান মাতেৰে ল'ৰাজনক চিঞৰি ক'লো

: মুখেৰে মাত দিব নোৱাৰা? গাত জোকাৰি ভাড়া খুজিলেহে হয়?

মোৰ উচ্চ স্বৰত বাছৰ মানুহবোৰে ঘূৰি চালে।

: আপুনি টোপনি গৈছিল বাইদেউ। সেয়ে মই এনেকৈ...

: মনে মনে থাকা। ছোৱালীৰ গাত হাত দিয়াৰ তোমালোকক মাত্ৰ এটা বাহানা লাগে নহয় নে?

মুখেৰে ভোৰভোৰাই থাকিয়েই বেগটো খুচৰি ভাড়া উলিয়াই দিলোঁ মই। সেমেনা সেমেনি কৰিলে ল'ৰাটোৱে। সৰু ল'ৰা। দুচকুত অপৰাধবোধে ভৰ কৰিছিল। মানুহবোৰে তাক তেতিয়াও চিৰিয়াখানাৰ জন্তু চোৱাদি চাই আছিল । লাজ লাজকৈ ঘূৰাই পাবলগীয়া টকাকেইটা মোৰ হাতত তুলি দি আঁতৰি গ'লগৈ ল'ৰাজন।

মই তেতিয়াহে অনুভৱ কৰিলো ল'ৰাটোক মই অলপ বেছিকৈয়ে টানকৈ ক'লো। এই কথাটো সৰু ল'ৰাটোক মই অকণমান কোমলকৈও ক'ব পাৰিলোঁহেতেন। আচলতে কোমলতা, আৱেগ এই বস্তুবোৰ মোৰ অভিধানৰ পৰা যেন এই এসপ্তাহতে ভালেখিনি মচ খাই গৈছিল। সেইবোৰৰ ঠাই এতিয়া বস্তু বিক্ৰী কৰিবলৈ আশ্ৰয় লোৱা এসোপা মিছা কথাই লৈছিল। সেইবোৰৰ ঠাই লৈছিল এখন কঠোৰ মুখে।

এটা বস্তু নিজে বেয়া বুলি জানিও সাংঘাতিক ভাল বুলি দহটা গুণ গাই মানুহৰ হাতত তুলি দিব পৰা এটা কেতিয়াও মোৰ মাজত নথকা অভ্যাসে গঢ় লৈছিল। আমাক বিশ্বাস কৰি বস্তু কিনা মানুহবোৰৰ সেই সহজ সৰল মুখবোৰ পাহৰি ক'ৰবাত যেন আমাৰ কেৱল মনত থাকিছিল বস্তুকেইটা বিক্ৰী কৰি পাবলগীয়া ইনছেন্টিভৰ টকাকেইটাহে। 

' মালিগাঁও মালিগাঁও, ৰেলৱে' ৰেলৱে' নমা আছে.."

কন্দাক্টৰজনৰ মাতত নামি পৰিলোঁ ষ্টপেজটোত। কামাখ্যা মন্দিৰৰ পৰা আগলৈ এই খণ্ডলৈ মই আগতে কেতিয়াও আহি পোৱা নাই। মানুহজনে দি পঠিওৱা কাগজটুকুৰা এবাৰ পৰীক্ষা কৰিলোঁ। হয়, এইটোৱেই ঠিকনা।

ঠাইখিনিত চকু ফুৰালোঁ। গছ গছনিৰে সেউজীয়া এটা চৌপাশ। কৃষ্ণচূড়া দুজোপামানত এতিয়াও কমকৈ হ'লেও ফুল ফুলি তেজাল হৈ আছিল। অফিচটো বিচাৰি ইফালে সিফালে চালোঁ। ডাঙৰকৈ 'NF Railway' বুলি লিখা গেইট এখন আছিল যদিও কোনো অফিচ চকুত পৰা নাছিল। 

সোমাই যোৱা ৰাস্তাটোৰ চুকটোত কাঠৰ অকণমানি টেবুল এখনত বয়সস্থ মানুহ এজনে চাহ বিক্ৰী কৰি আছে। মই মানুহজনৰ ওচৰ পালোগৈ। 

: খুড়া মালিগাঁও ৰেলৱে' অফিচ কোনটো বাৰু?

মানুহজনে চাহ চেকি থকা চেকনিখন কেটলিটোৰ ওপৰত জোকাৰি অৱশিষ্ট চাহখিনি সৰিবলৈ দি কৈ উঠিল

: ইয়াত বহুকেইটা অফিচ মাই। তুমি বা কোনটো বিচাৰিছা? প্ৰতিটো কিন্তু ৰে'লৰে অফিচ।

থোতা-মোজা লাগিল মোৰ। মানুহজনে কাগজটুকুৰাত কেৱল 'মালিগাঁও ৰেলৱে' অফিচ' বুলিহে লিখি দিছিল। কোনো অফিচৰ নাম বিশেষভাৱে উল্লেখ কৰি দিয়া নাছিল। মই মনে মনে থকা দেখি তেখেতে আকৌ ক'লে

: এই ৰাস্তাটোৰে সোমাই যোৱা। দুশ মিটাৰ মান গ'লেই সোঁহাতে দেখিবা এটা ৰঙা ৰঙৰ অফিচ। তাত চিকিউৰীতি গাৰ্ডজনেই তোমাক বুজাই দিব পাৰিব।

মানুহজনক ধন্যবাদ জনাই আগবাঢ়ি গ'লো ৰাস্তাটোৰে। অলপদূৰ গৈয়েই চকুত পৰিল ৰঙা ডাঙৰ এটা বিল্ডিং। 'NF Railway, Maligaon ' বুলি ক'লা গেইট এখনত হালধীয়া আখৰেৰে লিখি থোৱা ঠাইখিনিলৈ আগবাঢ়ি গ'লো। গেইটৰ কাষতে অকণমানি এটা বগা চুন দিয়া কোঠা। যিটোত বহি আছিল দুজন নে তিনিজন চিকিউৰীতি গাৰ্ড। মই সোমাই যোৱাৰ লগে লগে তাৰে এজনে মাত দিলে 

: কোনফালে যাবা ভন্টি?

কোঠাটোলৈ আগবাঢ়ি গ'লো মই। ৰেজিষ্টাৰ এখন উলিয়াই লৈ মানুহজনে আকৌ সুধিলে

: কাৰ ওচৰলৈ যাবা?

মই থতমত খালোঁ। কাৰ ওচৰলৈ যাম বুলি কওঁ? কওঁ নেকি ইয়াত যে মই কাকোৱেই চিনি নাপাওঁ। ইয়ালৈ মই পেট কমোৱা বেল্ট বেচিবলৈহে আহিছোঁ বুলি মানুহজনক কৈ দিওঁ নেকি!

তেওঁ চাই আছিল মোৰ মুখলৈ। এইবাৰ মই খৰধৰকৈ কৈ উঠিলোঁ

: বি...বিকাশ বৰুৱা।

ক'ৰপৰা কেনেকৈ মনলৈ এই নামটো আহিছিল মই নাজানোঁ। ৰেজিষ্টাৰখনত দীঘল ৰচি এডালেৰে গাঁঠি থোৱা কলমটোৰে খচখচকৈ 'বিকাশ বৰুৱা' বুলি লিখি ডিপাৰ্টমেণ্টৰ নাম সুধিলে। মই এইবাৰ সঁচাকৈয়ে বিবুদ্ধিত পৰিলোঁ। ৰে'লৰ অফিচ এটাত কেনেকুৱা কি ধৰণৰ ডিপাৰ্টমেণ্ট থাকে তাৰ একো ধাৰণাই মোৰ মনত নাছিল। তথাপি মই এই এসপ্তাহৰ অভিজ্ঞতাৰে মাতত এক বিশ্বাসৰ সুৰ ফুটাই ক'লো

: ডিপাৰ্টমেণ্টটো একেবাৰে পাহৰিলোঁ। প্ৰথম মহলত বহে তেওঁ।

হঠাৎ মোৰ অনুভৱ হ'ল, মিছা কথা ক'বলৈ শিকা চাকৰিবোৰৰ পৰা মই অন্য কিবা পাওঁ বা নাপাওঁ এই গুণটো কিন্তু বাৰুকৈয়ে আয়ত্ব কৰিছিলোঁ।

মানুহজনে কি লিখিছিল এইবাৰ মই নেদেখিলোঁ। মোৰ হাতত 'বিকাশ বৰুৱা' বুলি লিখা কাগজৰ টুকুৰা এটা দি ভিতৰলৈ সোমাই যাবলৈ দিলে তেওঁ। 

ডাঙৰ হলবোৰৰ ভিতৰৰ শাৰী শাৰী টেবুলৰ প্ৰত্যেকখনৰ সন্মুখত থিয় দিলোগৈ। মনৰ অসহজ ভাৱ লুকুৱাই ৰাখি প্ৰত্যেকৰে সন্মুখত উলিয়াই দেখুৱালো কিতাপ আৰু পেট কমোৱা বেল্টবোৰ। কোনোবাই মন দি শুনিলে, কোনোবাই মই সন্মুখত প্ৰায় পাঁচ মিনিট ধৰি বস্তুটোৰ গুণাগুণ গাই থকাৰ সত্বেও মূৰ তুলিয়েই নাচালে।

আৰু এই এসপ্তাহত প্ৰায়েই শুনাৰ দৰে আজিও কাৰোবাৰ মুখত শুনিলোঁ

: তোমাক ক'ৰবাত দেখিছোঁ নেকি বাৰু ভন্টি!

সেই বাক্য শুনাৰ মাত্ৰেই অন্যদিনাৰ দৰেই খৰধৰকৈ আতঁৰিলো সেই ঠাইৰ পৰা। মানুহবোৰৰ মনত আছে টিভিত দেখা কৃষ্ণাক্ষী বৰুৱাক। এদিনতো এজন মানুহে কৈয়েই পেলাইছিল

: পৃথিৱীত যে একেই চেহেৰাৰ সাতজন মানুহ থাকে বুলি কয়, একেবাৰে সঁচা কথা দেই। তোমাৰ সৈতে সলাই পেলাব পৰা চেহেৰাৰ ছোৱালী এজনী টিভিত ওলায়।

সেই মানুহজনৰ কাষৰ পৰা সেইদিনা মই আঁতৰি আহিব পৰা নাছিলোঁ। অস্পষ্টকৈ বিৰবিৰাই উঠিছিলোঁ

: ছোৱালীজনীয়ে কেনেকুৱা এংকৰিং কৰে বাৰু?

মানুহজনে টিভিত ওলোৱা ছোৱালীজনীৰ বিষয়ে খুব ভালকৈ কৈছিল। ক'ৰবাত যেন সুখেৰে ভৰি পৰিছিলোঁ মই। সেইদিনা মোৰ এটাও বস্তু বিক্ৰী হোৱা নাছিল। কিন্তু অফিচলৈ ঘূৰি গৈ মানুহগৰাকীৰ গালিবোৰো হাঁহি হাঁহি হজম কৰি থ'ব পাৰিছিলোঁ।

সেই মানুহবোৰে কিজানি ভাবিবও নোৱাৰিছিল ধুনীয়াকৈ মেকআপ কৰি টিভিত ওলাই  এংকৰিং কৰা ছোৱালীজনীয়ে বিক্ৰী কৰি ফুৰিছে বিষৰ তেল আৰু পেট কমোৱা বেল্ট।

প্ৰায় চাৰিমান বজাত শেষ হৈ গৈছিল পলিথিনৰ আটাইবোৰ বস্তু। লৰালৰিকৈ চিটি বাছ এখনত বহি 'হেপী ইণ্ডিয়া ডট কম'ৰ অফিচটো পালোঁহি। মোৰ খালি হোৱা পলিথিনটো দেখি মিচিকিয়াই হাঁহি পেলালে মানুহ দুজনে। সুখী হৈছিল দুয়ো। মোৰ হাতত বস্তুখিনি বিক্ৰী কৰাৰ বাবে পাবলগীয়া ইনছেন্টিভৰ টকাখিনি তুলি দি মানুহজনে হাঁহি হাঁহি ক'লে

: কৈছিলোঁতো! ধুনীয়া মানুহৰ পৰা বস্তু ল'বই। ধুনীয়া মানুহে যাচিলে মানুহে বিহো খাই দিব। নে কি কয় মেডাম?

শেষৰ বাক্যটো মানুহগৰাকীক উদ্দেশ্যি কৈছিল তেওঁ। হোহোঁৱাই  হাঁহিলে মানুহহালে। তাৰ পৰিৱৰ্তে টকাকেইটা হাতত লৈ একেবাৰে নিৰ্বিকাৰ হৈ ৰৈছিলোঁ মই। এইবাৰ মানুহজনে চুইটছ অফ কৰি ৰখা ফোনটো মোৰ হাতত লৰালৰিকৈ তুলি দিছিল। এই এসপ্তাহত তেওঁলোকে বুজি উঠিছে যে কৃষ্ণাক্ষী বৰুৱা নামৰ ছোৱালীজনীয়ে পাবলগীয়া পইচাকেইটাতকৈও দিনটো চুইটছ অফ কৰি ৰখা ফোনটোহে আগতে হাতত ল'বলৈ বিচাৰে। প্ৰতিদিনৰ দৰেই উধাতু খাই খুলিলোঁ মোবাইলৰ চুইটছ। খুচৰি পেলালোঁ মেছেজ বক্স। জানোচা আহিছিল কোনোবা সংবাদ মাধ্যমৰ এটা মেছেজ!

নাই! এটাও মেছেজ মোৰ ফোনটোত নাছিল। 

ওলাই আহিছিলোঁ অফিচৰ পৰা। মালৈ ফোন লগাইছিলোঁ। ঘৰৰ মানুহে এইকেইদিনতে বুজি উঠিছে  'খবৰ 24×7' ত বহুত কাম। ইমানেই কাম যে কামৰ সময়খিনিত দিনটো মোবাইল বন্ধ কৰি ৰখাৰ নতুন নিৰ্দেশনাও অফিচে জাৰি কৰিছে।

কাণত ফোনটো লৈ মাৰ সৈতে কথা পাতি পাতিয়েই ৰূমৰ ওচৰ পালোঁহি। আজিকালি ৰিক্সা নলওঁ। খোজকঢ়াৰ এটা অভ্যাস গঢ় লৈছিল। ঘৰলৈ ফোনটো লগাই খোজকাঢ়িয়েই গুচি আহোঁ। ফোনত কথা পাতি সময়ৰ দেখোন একো উমানেই নাপাওঁ। 

কাণিমুনি আন্ধাৰ হৈছিল। হঠাৎ মন কৰিলোঁ মোৰ ৰূমৰ গেইটৰ সন্মুখত মানুহ এজন ৰৈ আছে। মানুহ এজন যে আছে সেই কথা বুজিব পাৰিলেও মানুহজনৰ চেহেৰাটো ধৰিব পৰাৰ উপায় নাছিল। বাইক এখনৰ চাইলেঞ্চাৰ পাইপডালত এখন ভৰি উঠাই আনখন মেলি দি হাত সাবটি বহি আছিল মানুহজন। মোৰ ৰূমটো থকা ঠাইডোখৰ অকণমান আওহতিয়া। গুৱাহাটীত 'ন' পাৰ্কিং' বুলি লিখি নোথোৱা গেইট এখনৰ সন্মুখত এনেকৈ মানুহ ৰৈ থকাটো একেবাৰে সৰু কথা যদিও এইখিনি ঠাইৰ বাবে কথাষাৰ সাধাৰণ নহয়। গধূলিৰ লগে লগে এতিয়াও এই ঠাইত ঘৰ সোমাই মানুহ। এতিয়াও অকণমান মন দি শুনিলে সন্ধ্যা কাৰোবাৰ ঘৰৰ পৰা ভাঁহি আহে প্ৰাৰ্থনাৰ শব্দ।

'হয়তো কাৰোবাৰ ঘৰলৈ আলহী আহিছিল নতুবা কোনোবা কাৰোবালৈ ৰৈছে'- এনে এটা ভাৱত বিশেষ গুৰুত্ব নিদিয়াকৈয়ে কাণত ফোনটো লৈ মাৰ সৈতে কথা পাতি পাতিয়েই ভিতৰলৈ সোমাই যাবলৈ খুজি গেইটত হাত দিওঁতেই সেই ছায়ামূৰ্তিয়ে মাত দিলে

: কৃষ্ণাক্ষী...

ৰৈ গ'লো মই। 
এই মাত মোৰ চিনাকি। 
বৰ চিনাকি। 

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ