#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ১৫

সম্পূৰ্ণ এটা সপ্তাহৰ পিছত অফিচলৈ গৈয়েই মুখামুখি হৈছিলোঁ সুদীপ্ত চৌধুৰীৰ লগত। বহুদিনৰ পিছত মোৰ ৰাতিপুৱাৰ ডিউটি নাছিল। দিনৰ ভাগত অৰ্থাৎ দহ বজাৰ পৰা সাত বজালৈকেহে ডিউটি আছিল সেইদিনা।

নিউজ ৰূমটোৰ বেৰখনত শাৰী শাৰীকৈ সজাই থোৱা বহুকেইটা টিভিৰ প্ৰতিটোতে বিভিন্ন চেনেলত চলি আছিল বিভিন্ন বাতৰি। চেনেলসমূহত এনেকৈয়ে নিউজ ৰুমত একেলগে বাজি থাকে বহুকেইটা টিভি। যাতে প্ৰতিটো চেনেলে কি বাতৰি বজাইছে তাৰ খবৰ পাই থকা যায়। টিভিবোৰত বাজি থকা বাকী চেনেলসমূহৰ শব্দবোৰ নোহোৱা কৰি নিজৰ চেনেলটোৰ শব্দটোহে মাথোঁ বঢ়াই থোৱা থাকে। 

সেই শাৰী শাৰী টিভিৰ সন্মুখত ৰৈ এদিটৰ ইন চিফ প্ৰভাকৰ দত্তৰ সৈতে কিবা এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতি আছিল সুদীপ্ত চৌধুৰীয়ে।   

মিনিষ্টাৰ এজনে প্ৰেছ মিট দিছিল। প্ৰতিটো চেনেলত লাইভ বাজি আছে সেই একেটাই বাতৰি। মুখত এসোপামান উকণ্ঠাৰ ভাৱ লৈ লাইভটো চাই কথা পাতি আছিল দুয়ো। ডেস্কৰ অনুজা বায়ে লাইভটো চাই চাই ডি টি পিৰ ল'ৰাজনক মিনিষ্টাৰজনে দি যোৱা গুৰুত্বপূৰ্ণ ঘোষণাবোৰ সোনকালে লিখি যাবলৈ নিৰ্দেশনা দি আছিল।

মই টেবুলত বেগটো থৈ ৰ'দৰ বাবে মুখত মেৰিয়াই অহা দোপাত্তাখনৰ পাকবোৰ খুলি অঁতাওতেই অনুজা বায়ে মাত দিলে

: হাই কৃষ্ণাক্ষী.. আহি পালা?

অনুজা বাৰ মাতত টিভিৰ পৰা দৃষ্টি ঘূৰালে সুদীপ্ত চৌধুৰীয়ে। তেওঁৰ চকুত চকু পৰিল মোৰ। সামান্য হাঁহিলোঁ। চিনাকি মানুহৰ চকুত চকু পৰিলে মৰা হাঁহি আছিল সেয়া। মানুহজনে হঁহা নাছিল। বৰঞ্চ মুখখন সিফালে ঘূৰাই এহাত কঁকালত আৰু এহাতে টিভিৰ ৰিম'ট টিপি প্ৰভাকৰ দত্তৰ লগত বিশেষ অনুষ্ঠান এটাৰ কমি অহা টি আৰ পিৰ বিষয়ে অনর্গল কথা পাতি গৈছিল। 

প্ৰায় এসপ্তাহৰ আগতে মানুহজনে মোক ৰাতি পঠিওৱা মেছেজটোৰ কোনো উত্তৰ দিয়া নাছিলোঁ মই। বৰঞ্চ সেই মেচেজটো পোৱাৰ লগে লগে মানুহজনৰ ৱাটচ এপ আৰু ফোনৰ নম্বৰটো ব্লক কৰি দিছিলোঁ। আনকি যোৱা এটা সপ্তাহ কেনেবাকৈ তেওঁৰ মুখামুখি হওঁ বুলি বৰ সন্তৰ্পনে  ফুৰিছিলোঁ মই। কোনো উত্তৰ নিদিয়াৰ লগতে ৱাটচ এপ আৰু মোবাইল নম্বৰ তেনেকৈ ব্লক কৰি দিয়াৰ বাবে মানুহজনে হয়তো মোক দেখিও নেদেখাৰ ভাও ধৰিছিল। 

মেচেজটো মনত পেলালো মই

"ধুনীয়া ছোৱালীজনীয়ে কি কৰি আছে? ধুনীয়া চকুহালে বাৰু এতিয়া কাক চাই আছে?"

এটা মাত্ৰ সাধাৰণ মেছেজ। সেই দুটা শাৰীৰ সাধাৰণ মেচেজটো লৈ ইমানকৈ ভাৱি থকা কথাটোত আচলতে মোৰ নিজৰে লাজ লাগিছিল। প্ৰতিটো কথাই জোখতকৈ বেছিকৈ ভাৱি পেলোৱা মোৰ এই স্বভাৱটোৰ বাবে বহু সময়ত বহুবাৰ লাজো পাইছোঁ মই।

মানুহজনে হয়তো মোক বিশেষ একো ভাৱি দিয়া নাছিল সেইটো মেছেজ। হয়তো এটা ধেমালিৰ সুৰতহে সেই কথা তেওঁ কৈ উঠিছিল। এজনী সৰু ছোৱালীৰ লগত কৰা সাধাৰণ সেই ধেমালিৰ কথাটোত ইমানকৈ কৰা প্ৰতিক্ৰিয়াত হয়তো বৰ লাজ পাইছিল তেওঁ। মোৰ নিজকে হঠাৎ বৰ মূৰ্খ ছোৱালী যেন অনুভৱ হ'ল।

সুদীপ্ত চৌধুৰীলৈ চালোঁ। তেতিয়ালৈ তেওঁৰ কাষৰ পৰা আঁতৰি গৈছিল প্ৰভাকৰ দত্ত। টিভিবোৰৰ সন্মুখত সেই খণ্ডত অকলে আছিল মানুহজন। ওচৰ চাপি গ'লো মই। মোৰ ফালে পিঠি দি সন্মুখৰ টিভিটোত কিবা এটা চাই ৰোৱা মানুহজনক লাহেকৈ মাত দিলোঁ

: গুড মৰ্ণিং ছাৰ।

মোৰ মাতত চাৎ কৈ মোৰফালে ঘূৰিলে তেওঁ। সোঁহাতৰ ওপৰত বাওঁ হাতখন ৰাখি একান্ত বাধ্য ছাত্ৰীৰ বিনম্ৰ ভংগীমাৰে থিয় দি আছিলোঁ মই।

সৰু সৰু হাতী কিছুমানৰ চাপ থকা এটা বগা কটনৰ চুটি কুৰ্তাৰ দৰে চাৰ্ট পিন্ধিছিল তেওঁ। লগত এটা পাতল নীলা জিন্স আৰু এযোৰ কোলহাপুৰি চেন্ডেল। খুব শান্ত সৌম্য ধীৰ স্থিৰ দেখা গৈছিল মানুহজনক। যিজন মানুহ মই টিভিৰ পৰ্দাত দেখি বৰ ভাল পাইছিলোঁ, বৰ সন্মান কৰিছিলোঁ সেইজন মানুহ যেন ৰৈ আছে মোৰ সন্মুখত। মোৰ মন গৈছিল তেওঁক যেন মই ক্ষমা খোজোঁ, কৈ উঠোঁ তেওঁক- 

: মই ধেমালি বুজি নোপোৱা বৰ মূৰ্খ ছোৱালী ছাৰ। মোক ক্ষমা কৰক।

মুখেৰে উচ্চাৰি নুঠিলেও চকুৰেতো সেয়াই কৈ পেলাইছিলোঁ মই। মোৰ বিনয়ী দুচকুলৈ এপলক চাই থাকি হাতৰ আস্তিন কোঁচাই মোৰ অভিবাদনৰ কোনো উত্তৰ নিদিয়াকৈ লৰালৰিকৈ হঠাৎ কোঠাটোৰ পৰা গুচি গৈছিল মানুহজন। 

মই ৰৈ গ'লো।
অপৰাধবোধেৰে ভাৰাক্ৰান্ত এখন মুখ আৰু এহাল সজল দুচকুৰে সেইখিনিতে ৰৈ গ'লো মই।

গোটেই দিনটো কিবা এটা অশান্তিত চটফটাই থাকিলোঁ। ইমান দিনে ব্লক কৰি ৰখা নম্বৰটোও মই আনব্লক কৰি পেলাইছিলোঁ। প্ৰায় সাত আঠবাৰ মুখামুখি হৈয়ো মানুহজনে মতা নাছিল মোক। আনকি চোৱাও নাছিল মোৰ ফালে। নিজৰ ওপৰতে প্ৰচণ্ড খং উঠিল। ইমান ডাঙৰ এজন মানুহ, যাৰ পুত্ৰ পৰিবাৰৰ সৈতে আছে এখন সুখৰ সংসাৰ, যাৰ আছে এটা সন্মানীয় পদবী। অসমৰ ঘৰে ঘৰে চিনাকি যি ব্যক্তিত্ব; সেই মানুহজনে দিয়া সাধাৰণ মেছেজ এটাত মই এনেকুৱা আচৰণ কৰাৰ কি দৰকাৰ আছিল? কিয় মই কোনো কথাকেই কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ? ইমান ঠেক মানসিকতাৰ নে মই? সাধাৰণ কথা এটাকে বহল কৰি কৰি নি কেনেকৈ কি যে ভাবি পেলাওঁ! 

কিহৰ গৰজত এই ধূলিকনাৰ কাষ চাপিবলৈ বিচাৰিব বিশাল আকাশৰ দৰে ব্যক্তিত্বই? সেই কথা মই ভাবিলোঁৱেই বা কেনেকৈ!

সেইদিনা গোটেই দিনটো কোনো কামতে মন নবহিল মোৰ। বাৰে বাৰে মনলৈ আহি থাকিল মই অতিকৈ সন্মান কৰা, আদৰ্শ বুলি ভৱা এজন মানুহৰ উপেক্ষিত মুখখন। চোলাৰ হাত কোঁচাই খৰধৰকৈ মোৰ কাষৰ পৰা আঁতৰ হোৱা মুখ এখনলৈ মনত পেলাই বৰ অস্বস্তিত থাকিলোঁ মই ওৰেটো দিন। 

ডিউটি শেষ হওঁতে সন্ধ্যা সাত বাজিছিল। কামখিনি শেষ কৰি অফিচৰ পৰা ওলাই যাওঁতে প্ৰায় আঠমানেই বাজিল। অফিচৰ বাহিৰ ওলাই ফুটপাথেৰে খোজকাঢ়ি গৈ থাকিলোঁ। ৰাতি দহ বজাৰ আগতে অফিচৰ কেবখনৰ সুবিধা পোৱা নাযায়। ওন্দোলাই আনিছিল বতৰটো। দিনটো খুব গৰমৰ শেষত এজাক যেন বৰষুণ আহিব খুজিছিল। ৰিক্সা এখন বিচাৰি খৰকৈ খোজ পেলালোঁ।

হঠাৎ ক্ৰাশ্ব্‌কৈ ব্ৰেক মাৰি মোৰ একেবাৰে কাষত আহি ৰৈ গ'ল এখন গাড়ী। উচপ খাই উঠিলোঁ মই। এখন বগা চুইফট গাড়ী। গাড়ীখন কাৰ আছিল মই চিনি পোৱা নাছিলোঁ। কিন্তু গাড়ীখন ইমানেই কাষত আহি ৰৈছিল যে গাড়ীখন মোৰ বাবেই ৰোৱা বুলি বুজাত অসুবিধা হোৱা নাছিল মোৰ।

গাড়ীৰ গ্লাছ নমাইছিল।
ড্ৰাইভিং ছিটত সুদীপ্ত চৌধুৰী।
ৰৈ গৈছিলোঁ মই।

মোক দিনৰ দিনটো উপেক্ষা কৰা, উপযাচি গৈ মাতিলেও মাত নিদিয়া এজন মানুহ মোৰ কাষত মোৰ বাবেই ৰোৱা কথাটোত যেন বৰ আচৰিত হৈছিলোঁ মই।

গহীন কন্ঠেৰে ক'লে

: ক'ত থাকা তুমি?

: কাহিলিপাৰাত ছাৰ।
শিক্ষক এজনৰ প্ৰশ্নত দোষী ছাত্ৰ এজনে উত্তৰ দিয়াৰ দৰে লাহে লাহে উত্তৰ দিলোঁ মই।

: আহাঁ। মই সেইফালেই গৈ আছোঁ। নমাই থৈ যাম তোমাক।
কণ্ঠত তেওঁৰ পূৰ্বৰ গহীন ভাৱ বিৰাজমান।

মই ৰৈ থাকিলোঁ। কি কৰা উচিত মই যেন ঠিৰাং কৰিব নোৱাৰিলোঁ। মানুহজনে আকৌ কৈ উঠিল

: আহাঁ কৃষ্ণাক্ষী। 

মোৰ মন নগ'ল মানুহজনক আকৌ এবাৰ অসন্তুষ্ট কৰিবলৈ। গাড়ীখনত বহিবলৈ বুলি ফুটপাথটোৰ পৰা নামি আহিলোঁ মই। ড্ৰাইভিং ছিটটোৰ পৰা সামান্য হাউলি সুদীপ্ত চৌধুৰীয়ে মোক বহিবলৈ বুলি খুলি দিছিল গাড়ীৰ দুৱাৰ।

বাহিৰত খুব গৰম। তেওঁৰ গাড়ীখনত বহোঁতেই এচি ৰ বতাহজাকে শাঁত পেলাই নিছিল মোক। গাড়ীৰ ভিতৰখনৰ পৰা বাহিৰ হৈছিল কমলাৰ দৰে পাৰ্ফিউমৰ এটা মিহি ভাললগা গোন্ধ।

মোক গাড়ীখনত বহুৱাই মানুহজনে প্ৰায় দুই মিনিটমান সময় এটাও কথা কোৱা নাছিল। ষ্টেয়াৰিঙত হাত দি উদাস দৃষ্টিৰে সন্মুখলৈ চাই গৈছিল তেওঁ। দুজন চিনাকি মানুহ বহি আছো অথচ মুখৰ এটাও মাত নাই। এইবাৰ ময়েই ভংগ কৰিলোঁ সেই নীৰৱতা। সোধোঁ নোসোধোঁকৈ সুধিলোঁ

: ভালে আছে নে ছাৰ? 

মানুহজনে মোৰ প্ৰশ্নটো যেন শুনাই নাছিল তেনে এটা ভাৱত গাড়ীখন চলাই থাকি হঠাৎ কৈ উঠিল

: ইমান বেয়া নে মই?

হতভম্ব হৈছিলোঁ। 
কথা নাই বতৰা নাই এয়া কি প্ৰশ্ন?
কিয় বেয়া হ'ব তেওঁ?

বুজা নুবুজা দোমোজাৰে ৰৈ থাকিলোঁ মই। এইবাৰ সামান্য মোৰ ফালে চালে তেওঁ

: কোৱা কৃষ্ণাক্ষী..ইমান বেয়া নে মই? 

মানুহজনৰ মুখখনত যেন লাগি আছিল এক নামহীন বিষাদ আৰু অভিমানৰ প্ৰলেপ।

এইবাৰ থৰবৰাই উঠিলোঁ মই।
কি কওঁ? 

গাড়ীখন খুব লাহে লাহে চলাইছিল তেওঁ। যেন অকণমান জোৰত চলালেই সংঘটিত হ'ব এক প্ৰচণ্ড দুৰ্ঘটনা।

লাহে লাহে ক'লো

: ছাৰ ...কিয় বেয়া হব আপুনি। আপোনাক সকলোৱে ভালপায় ,সকলোৱে সন্মান কৰে। 

: আৰু তুমি?

এইবাৰ মোৰ চকুলৈ চাইছিল তেওঁ।

: ময়ো আপোনাক সন্মান কৰোঁ ছাৰ। এতিয়া নহয়। বহুত বছৰৰ আগৰ পৰা। আপুনি টিভিত ওলালেই যিমান গালি খালেও পঢ়াৰ পৰা দৌৰি আহিছিলোঁ। এবাৰ কি হৈছিল জানে, এনেকৈ দৌৰি আহোঁতে টেবুলৰ চুকত লাগি উজুটি খাই নখত যে ইম্মান দুখ পাইছিলোঁ।

হাঁহি দিলোঁ মই।

মই যেন হঠাৎ হৈ পৰিছিলোঁ বাতৰি কাগজখন হকাৰজনে দি যাওঁতেই দৌৰি আনি টিভিত পঢ়াদি চিঞৰি চিঞৰি পঢ়ি সকলোকে শুনোৱা সেই অকণমানি আইজনী। কাণলৈ ভাঁহি আহিছিল সেই মাতবোৰ

"সময় নাই অসময় নাই, পঢ়া নাই শুনা নাই, টিভিটো চাবলৈ পালে আৰু একো নালাগে ছোৱালীজনীক"

আৰু মুহূৰ্ততে মই হৈ পৰিছিলোঁ মা আৰু দেউতাৰ সেই হাজাৰ গালিকো নেওচি টিভিত ওলোৱা সুদীপ্ত চৌধুৰীক থৰ লাগি চোৱা ছোৱালীজনী।
 
সুদীপ্ত চৌধুৰী মোৰ বাবে এখন চুব নোৱাৰা আকাশ। যি আকাশলৈ মই মূৰ তুলি চাবলৈকো সমীহ কৰোঁ। সেই আকাশে যদি আজি নামি আহি মাটিৰ সন্মুখত থিয় দি সোধে মনৰ খবৰ, দুমদুমাই মাটিৰ বুকুত নাবাজিবনে কৰম পূজাৰ মাদল? 

মই ভাষা বিচাৰি পোৱা নাছিলোঁ কেনেকৈ ক'লে তেওঁ বুজিব কিমান সমীহ আৰু সন্মান আছে মোৰ বুকুত এই মানুহজনৰ বাবে।

এইবাৰ মানুহজনে হঠাৎ ৰাস্তাৰ একোণত গাড়ীখন ৰাখি দিলে আৰু বিৰবিৰাই উঠিল

: তোমাক ভালপাওঁ কৃষ্ণাক্ষী।

থতমত খালোঁ। 
নিজৰ কাণকে যেন বিশ্বাস কৰিব পৰা নাছিলোঁ।
কি কয়?
কি কয় মই আকাশৰ লগত তুলনা কৰা এই পুৰুষে?
স্তব্ধ হৈ ৰ'লো মই।

মই যেন কিবা এটা বুজি উঠিছিলোঁ। মই যেন বুজি উঠিছিলোঁ এই মানুহজনে মোক কোৱা কথাষাৰৰ অৰ্থ। ঈশ্বৰে চাগে প্ৰতিজনী ছোৱালীক পুৰুষৰ বেয়া ইংগিত ধৰা পেলোৱাৰ ক্ষমতা দিয়ে। এটোপ দুটোপ বৰষুণ পৰিছিল। গাড়ীৰ গ্লাছত ঠন্‌ ঠন্‌ শব্দ কৰি পৰিছিল সেই বৰষুণৰ টোপাল। 

বিস্ফোৰিত নেত্ৰে খুব কঠিন অথচ সৰু মাতেৰে মানুহজনক মই কৈ উঠিলোঁ

: মোক দ্ৰপ কৰি দিয়ক ছাৰ। গেইটৰ তলা মাৰি দিব।

: তলা মাৰি দিলে মোৰ লগত থাকিবা। থাকিবানে কৃষ্ণাক্ষী? কেৱল তুমি আৰু মই...!

কথাষাৰ কৈ বেগটো মুঠি মাৰি ধৰি থকা মোৰ হাতখনত হাত ৰাখিলে তেওঁ। খামুচি ধৰিলে মোৰ হাত। 

: তোমাক প্ৰথম দেখাৰ দিনাৰ পৰাই মই তোমাৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছোঁ কৃষ্ণাক্ষী। যি আকৰ্ষণ হয়তো মই কেতিয়াও কাৰোৰে বাবেই অনুভৱ কৰি পোৱা নাই। এয়া জানোঁ প্ৰেমত পৰাৰ বয়স? তথাপি চোৱা মই তোমাৰ প্ৰেমত পৰিছোঁ। এটি সৰু ল'ৰাৰ দৰে হৈ পৰিছে মোৰ মন।

মই পিন্ধি থকা ঢিলা টি-শ্বাৰ্টটোৰ হাত কোঁচাই বাহুত ওঁঠ গুঁজিছিল তেওঁ। এছাৰ মাৰি উলিয়াই আনিছিলোঁ মোৰ হাতত খামুচি থকা সেই হাত আৰু প্ৰচণ্ড জোৰেৰে মোৰ বাহুত ওঁঠ গুজি ৰোৱা মূৰটো ঠেলা মাৰি দিছিলোঁ। ওঁঠৰ পৰা ভাঁহি অহা চিগাৰেটৰ এটা অকটা গোন্ধ নাকত লাগিছিল মোৰ। বৰ স্পষ্টকৈ এইবাৰ মানুহজনক ক'লো

: আপুনি বিবাহিত। আপোনাৰ সন্তান আছে। সকলো মানুহৰ মুখত সকলো কথা নুশুৱায়।

: থাকক। সন্তান থকা আৰু বিবাহিত হোৱা মোৰ পাপ হব নোৱাৰে। কেৱল বিবাহিত হোৱাৰ বাবেই তোমাক ভাল পাব নোৱাৰিম এনে কথা হ'ব নোৱাৰে কৃষ্ণাক্ষী।

মানুহজন কঁপিছিল। 
খঙত থৰথৰাই কঁপি উঠিছিল।
এই খং যেন আছিল পুত্ৰ আৰু পত্নীলৈ।
বিয়া পতা আৰু সন্তান এটি জন্ম দিয়াৰ ভুলত যেন নিজলৈকে বৰ খং উঠিছিল মানুহজনৰ।

কঠিন হ'লো মই। এনেকুৱা এজন মানুহৰ ওচৰত মই কঠিন হৈছিলোঁ যিজন মানুহে মোক এক চেকেণ্ডত গতিয়াই উলিয়াই দিব পাৰে মোৰ চাকৰিৰ পৰা। সেইবোৰ যেন মই মুহূৰ্ততে পাহৰি গৈছিলোঁ আৰু অত্যন্ত কঠোৰ মাতেৰে উত্তৰ দিছিলোঁ

: এটা সপোন লৈ ওলাই আহিছোঁ ছাৰ। সপোনবোৰ পূৰণ কৰিবলৈ দিনে নিশাই বৰ কষ্ট কৰিছোঁ। সাফল্যৰ বা উন্নতিৰ বাবে যিকোনো পন্থা অৱলম্বন কৰা আন দহজনী ছোৱালীৰ দৰে বুলি মোক ভুলতো নাভাবিব।

মুষলধাৰে বৰষুণ পৰিছিল। পানীৰ টোপালবোৰে গাড়ীৰ আইনাখন ঢাকি পেলাইছিল। বৰষুণ পৰি থকা আইনাখনৰ ফাঁকেৰে বিচ্ছুৰিত হৈ অহা মহানগৰীৰ  ৰঙীন লাইট কিছুমানৰ বাহিৰে গাড়ীৰ ভিতৰৰ পৰা আন একোকে দেখা পোৱা নগৈছিল। ৰাস্তাত মানুহ দুনুহ কমি আহিছিল। কেৱল গাড়ীৰ ওপৰত সৰা ঝড় ঝড় বৰষুণৰ শব্দৰ বাহিৰে একো শব্দ শুনাৰ বা বাহিৰলৈ কিবা দেখাৰ উপায় নাছিল। আকৌ ক'লো মই

: আপুনি গাড়ী চলাব নে মই খোজকাঢ়ি যাওঁ?

দুৱাৰখন খুলি মই নামি যাবলৈ ধৰোঁতেই মুহূৰ্ততে গাড়ীখন ষ্টাৰ্ট দিলে মানুহজনে। এইবাৰ অত্যন্ত জোৰত তেওঁ গাড়ীখন চলাইছিল। ইমানেই জোৰত চলাইছিল যে মাজে মাজে মোৰ এনেকুৱা লাগিছিল গাড়ীখনে যেন নিয়ন্ত্ৰণ হেৰুৱাইছে।  মই অকণো লৰচৰ নকৰাকৈ কেৱল উশাহটোহে লৈ স্থিৰ হৈ বহি থাকিলোঁ। প্ৰতিটো উশাহত উঠা নমা কৰা বুকুখনকো যেন মই হেঁচি কেইমুহূৰ্তমানৰ বাবে স্থিৰ কৰি থ'ম।

গাড়ীখন গৈ মোৰ ৰুমলৈ সোমাই যোৱা গলিটোৰ সন্মুখ পাওঁতেই 'এইফালে' বুলি মই সোমাই যোৱা পথটোলৈ আঙুলিয়াই দিছিলোঁ। গাড়ীখন হঠাৎ জোৰেৰে ব্ৰেক মাৰি ৰখাই দিছিল তেওঁ আৰু কৈ উঠিছিল

: ৰাস্তাটো ঠেক। গাড়ী সুমুৱাবলৈ অসুবিধা হ'ব।

মই আচৰিত হৈছিলোঁ। যিটো ৰাস্তাত প্ৰতিদিনে গাড়ীৰ অহা-যোৱা তাত গাড়ী সুমুৱাবলৈ হোৱা অসুবিধাৰ কথা শুনি আচৰিত লাগিছিল মোৰ।

বাহিৰত দোপালপিতা বৰষুণ। মই আগ পিছ নুগুনি গাড়ীৰ দুৱাৰ খুলি নামি পৰোঁতেই এইবাৰ মানুহজনে কৈ উঠিল

: ভাবি চাবা কৃষ্ণাক্ষী। মোৰ লগত সমন্ধ ভাল কৰিলে তোমাৰ নিজৰ বাবেই ভাল।

একো নোকোৱাকৈ গাড়ীৰ দৰ্জা খুলি নামি পৰিছিলোঁ মই। মুহূৰ্ততে তিয়াই নিছিল বৰষুণজাকে। ঠাইখিনি ঘোপমৰা অন্ধকাৰ। দুই এটা ঢিমিক ঢামাককৈ জ্বলি থকা ষ্ট্ৰীট লাইটৰ বাহিৰে প্ৰায় দুই তিনিশ মিটাৰ সেই বাটটোত আন একোৱেই নাছিল। বৰষুণৰ বাবেই চাগৈ পথটোৰ অকণমানি দোকান দুখনো আজি সোনকালে বন্ধ কৰিছিল। 

হঠাৎ এবাৰ উভতি চাই দেখিছিলোঁ সুদীপ্ত চৌধুৰীৰ গাড়ীখন উভতি যোৱাগৈ নাছিল। মই যিখিনিতে নামিছিলোঁ তাতেই ৰৈ আছিল। মোৰ অসহায়তা,দোপালপিতা বৰষুণত তিতি আধ্যা পৰা সেই মানুহজনী- সকলোবোৰৰ ৰং চাবলৈকে যেন মানুহজন ৰৈ আছিল। প্ৰথমে খৰকৈ খোজকাঢ়ি তাৰ পিছত বুকুত বেগটো সাবটি লৈ দুপদুপাই দৌৰ দিছিলোঁ মই। এজাক বৰষুণতে পানী উঠা সেই ৰাস্তাটোত ডোঙা ডোঙে পানীৰ মাজেৰে 'চপক চপক' শব্দ তুলি দৌৰি আহিছিলোঁ মই। মোৰ কিয় জানো এনে ভাৱ হৈছিল মোৰ পিছে পিছে মোক খেদি আহিছে সুদীপ্ত চৌধুৰীয়ে। মই যেন অকণমান দৌৰৰ গতি ধীৰ কৰিলেই মানুহজনে খামুচি ধৰিব মোক। ৰাস্তাৰ মাজতে সেই বৰষুণত মোৰ টি-শ্বাৰ্টৰ হাত কোঁচাই বাহুত গুজি দিব চিগাৰেটৰ গোন্ধ সম্বলিত দুটি ওঁঠ। 

গেইটত হাত দি যেন উশাহ পাইছিলোঁ মই। শলখাডালত হাত দি খুলিবলৈ খোজোঁতেই গাড়ীৰ হেডলাইটৰ পোহৰে চাৎ মাৰি ধৰিলে দুচকু। দুচকুৰ ওপৰত হাতৰ তলুৱা থৈ জুমি চাই দেখোঁ সুদীপ্ত চৌধুৰীৰ গাড়ী আহি ৰৈছিল। মই খৰধৰকৈ ভিতৰ সোমাই গৈছিলোঁ। মই সোমাই যোৱাৰ লগে লগে উভতি গৈছিল গাড়ীখন।

ফোঁপাই জোপাই হাত দিছিলোঁগৈ ৰূমৰ বন্ধ দুৱাৰৰ তলাত। তিতা বেগটোৰ পৰা ৰূমৰ চাবি বাহিৰ কৰি খৰধৰকৈ খুলি পেলাইছিলোঁ দুৱাৰখন। দুৱাৰখন বন্ধ কৰিয়েই ভয় আৰু ভাগৰৰ এক মিশ্ৰিত অনুভূতিৰে থকথককৈ কঁপি দুৱাৰখনতে আউজি বহি পৰিছিলোঁ। অলসতাৰে জপাই দিছিলোঁ দুচকু।

বৰষুণজাক এঘণ্টামানৰ পিছতে এৰিছিল। চোতালত পেলাই থোৱা টিং এচলাৰ ওপৰত টপ টপকৈ অলপ সময়ৰ মূৰে মূৰে এটোপ এটোপকৈ পানী পৰি থকাৰ শব্দতহে গম পাইছিলোঁ আকাশে কান্দিবলৈ এৰিছিল যদিও হিকটি পাৰি উচুপিয়েই আছিল। ঠিক মই উচুপি থকাৰ দৰে।

প্ৰায় এঘাৰমান বজাত মোলৈ একেলগে আহিছিল প্ৰায় পোন্ধৰটা মেছেজ। 

মেছেজবোৰত আছিল তেওঁ মোক ওচৰৰ পৰা আকুলভাৱে বিচৰাৰ কথা।

প্ৰতিটো মেছেজত আছিল মোৰ সৈতে নৈশ যাপন কৰিবলৈ বিচাৰি দিয়া প্ৰস্তাৱ।

চকুৰ প্ৰশংসা। ওঁঠৰ প্ৰশংসা। মানুহ ইমান সাধাৰণ হৈও ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে সেই কথাৰ প্ৰশংসা।

তেওঁ গুৱাহাটীৰ বাহিৰলৈ কৰিবলৈ যোৱা শ্বুটিং বোৰত এদিনৰ বাবে হ'লেও অফিচৰ পৰা চুটি লৈ তেওঁৰ লগত যাবলৈ দিয়া প্ৰস্তাৱেৰে ভৰি আছিল মেছেজবোৰ।

আৰু শেষত আছিল এক প্ৰতিশ্ৰুতি- কাকো গম নিদিয়াৰ, কোনেও গম নোপোৱাৰ।

টিৰটিৰকৈ কপিছিলোঁ মই। বাঢ়ি লোৱা ভাত খোৱা হোৱা নাছিল সেইদিনা। টোপনি অহা নাছিল। গোটেই ৰাতি মোৰ কাণত বাজি থাকিল সেই অশ্লীল কথাবোৰ।

এটা সম্পূৰ্ণ উজাগৰী নিশাৰ পিছত ৰাতিপুৱা অফিচৰ গাড়ীত বহোঁতেই চৈতালীয়ে ধৰা পেলাইছিল মোৰ অস্থিৰতা। মোৰ বুকুৰ প্ৰতিটো অৱস্থাৰ টিলিকতে উমান পায় তাই। এক উদাস দৃষ্টিৰে খিৰিকীৰ বাহিৰলৈ চাই গৈছিলোঁ মই। মই যে ঠিকেই নাই সেই কথা তাই অনুমান কৰি পেলাইছিল।

অলপদূৰ তেনেকৈ যোৱাৰ পিছত গাড়ীখনত বহি থকা আন কোনেও নুশুনাকৈ মোৰ কাণৰ কাষত ফুচফুচাই সুধিছিল

: ঐ তোৰ কিবা হৈছে নেকি? ইমান চিন্তাত থকা যেন লাগিছে তোক!

দুপৰীয়া মেকআপ ৰূমৰ বাহিৰৰ নিজান চিৰি কেইটাত বহি তাইক দেখুৱাইছিলোঁ এটা এটাকৈ প্ৰতিটো মেছেজ। তাইক মই এটাও কথা মিছাকৈ কোৱা নাছিলোঁ। সকলো বন্ধুক মিছা কোৱা নাযায়। তাইক সদায়েই বিশেষ বন্ধুৰ আসনতে বহুৱাই ৰাখিছিলোঁ মই। কথাবোৰ কৈ সেইদিনা বৰ পাতল লাগিছিল মোৰ।

আমি দুয়োজনীয়ে সেই চিৰিত বহি বহুদেৰি কথা পাতিছিলোঁ কেনেকৈ সমাধান কৰিব পাৰি এই সমস্যাৰ? কাক ক'লে দিব পাৰিব সমিধান!

তাই মোক আশ্বাস দিছিল কথাবোৰৰ একো এটা সমিধান নোলোৱালৈকে কাকো নোকোৱাৰ। তাইক মই ওলোটাই কৈ উঠিছিলো

: তোক সন্দেহ কৰা হ'লে নকলোৱেই হেতেন অ'। বন্ধুত্ব কাক কয় বুজি পাওঁ আমি।

সেই চৈতালীয়েই সকলোকে কৈ ফুৰিছিল মই সুদীপ্ত চৌধুৰীৰ সৈতে বহুদিন শোৱাৰ কথা। আৰু তাইকো শুবলৈ জোৰ কৰাৰ কথা। যি কথাৰ কেতিয়াও একো উমানেই নাপালোঁ মই।

আৰু তাৰ প্ৰায় দহদিন মানৰ ভিতৰতে এখন কাগজ হাতত গুজি অফিচটোৰ পৰা উলিয়াই দিয়া হৈছিল মোক। 'গুড লাক' বুলি লিখা কাগজখনত আচলতে লিখা আছিল এক অদৃশ্য অভিযোগ

: উন্নতিৰ আৰু সাফল্যৰ জখলা বগাবলৈ কৃষ্ণাক্ষী বৰুৱাই জ্যেষ্ঠ সাংবাদিক সুদীপ্ত চৌধুৰীক বদনাম কৰিবলৈ বিচাৰিছিল। যাৰ বাবে তেওঁক 'খবৰ 24×7' ৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া হৈছে।

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ