#সূৰ্যফুলৰ_দেশলৈ
খণ্ড ১৭
নিজান নিশা।
দুৱাৰৰ টোকৰটো ক্ৰমাৎ ঘন হৈ আহিছে। এক অধৈৰ্য টোকৰ। যেন খুলি দিয়া এক মিনিট দেৰি হ'লেই বৰ ডাঙৰ অথন্তৰ হ'ব।
বিছনাত সেপ ঢুকি বহিলোঁ। লৰচৰ কৰিবলৈকো যেন ভয় লাগিছে। বিছনাৰ পৰা উঠি লাইটটো জ্বলাবলৈও মোৰ বৰ ভয় লাগিছে। একেই ঠাইতে ঠৰঙা লাগি বহি ৰ'লো মই। এইবাৰ টোকৰৰ ঠাইত যেন দুৱাৰত কোনোবাই ভুকুৱাইছিল। ধম্ ধম্ শব্দৰে কঁপি উঠিছিল দুৱাৰখন।
দেৱাশ্ৰী বা আৰু মোৰ কোঠাটোৰ মাজত মাত্ৰ এখন দুৱাৰৰ ব্যৱধান। যিখন দুৱাৰ দেৱাশ্ৰী বাই তাইৰ ফালে থকা শলখাডাল লগাই বন্ধ কৰি ৰাখে। দুৱাৰখনৰ লগতে মোৰ বিচনাখন লগা। যদিও মই জানোঁ সেই দুৱাৰত তাইৰ শোৱা কোঠা সংলগ্ন নহয়; যদিও ভালকৈ গম পাওঁ সেই দুৱাৰেৰে সংলগ্ন পাকঘৰৰ পৰা তাইৰ শোৱা কোঠালৈ দূৰত্ব কিমান; তথাপি মই লাহেকৈ একো শব্দ নকৰাকৈ চুঁচৰি চুঁচৰি বিছনাখনৰ ভৰি পথানলৈ আহিলোঁ। যিখিনি ঠাইত দুৱাৰখন আছিল।
দুৱাৰত মুখখন লগাই দুয়োহাতেৰে ওঁঠৰ দুয়োকাষ ঢাকি ধৰি ফুচফুচাই মাতি উঠিলোঁ
: অ' দেৱাশ্ৰী বা... শুলা নেকি?
কোনো উত্তৰ অহা নাছিল। প্ৰশ্নটো সুধি নিজৰে খং উঠিল। ডেৰ বাজিল। দোভাগ নিশা। মানুহ নুশুই কি কৰি থাকিব!
এইবাৰ সেই একেই ভাঁজেৰেই আঁঠু কাঢ়ি এটি অকণমানি শিশুৰ দৰে চুঁচৰি বিছনাৰ আনটো মূৰ পালোহি।
দুৱাৰত শব্দ হৈয়েই আছিল। বেৰত আউজি চেপেটা লাগি ৰ'লো মই।
যদিও বৰ ঘনাই হৈছিল সেই শব্দ, তথাপি বৰ সৰুকৈ টোকৰ দিছিল আগন্তুকে।
হঠাৎ মন কৰিলোঁ কোনোবাই সৰু সৰুকৈ মাতিছে
: কৃষ্ণাক্ষী..
এটা নাৰী কণ্ঠ।
ইমান সৰুকৈ মাত দিছে যে মই বৰ চেষ্টা কৰিও ধৰিব নোৱাৰিলো সেয়া কাৰ মাত? আগন্তকে এইবাৰ আকৌ ফুচফুচাই উঠিল
: দুৱাৰ খোলা কৃষ্ণাক্ষী.. মই প্ৰিয়ম্বদা।
উচপ খাই উঠিলোঁ মই। ইমান ৰাতি প্ৰিয়ম্বদাই কি কৰিছে মোৰ ৰূমৰ বাহিৰত? এইবাৰ মই একেবাৰে সৰুকৈ মাত দিলোঁ
: কোন?
: মই ...প্ৰিয়ম্বদা। প্লিজ দুৱাৰখন খোলাচোন।
হয়। এয়া প্ৰিয়ম্বদাৰেই মাত। মোৰ কোঠাটোৰ ওপৰ মহলত থকা খবৰ কাগজ এখনত চাকৰি কৰা প্ৰিয়ম্বদা।
এইবাৰ উৰা মাৰি গৈ মই হাত দিলোঁগৈ দুৱাৰৰ খিলিত। দুৱাৰখন সামান্য খুলি দেখোঁ হাত দুখন জোৰা লগাই বুকুত হেঁচি ধৰি তাৰ ওপৰত থুঁতৰিটো থৈ তলমূৰকৈ ৰৈ আছিল তাই। এনেকুৱা লাগিছে যেন এজাক প্ৰচণ্ড বৰষুণ দিছে আৰু সেই দোপালপিতা বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ সেই ভংগীত থিয় দি ৰৈছে তাই।
জোনাক আছিল বাহিৰত। জোনাকত স্পষ্টকৈ ধৰা দিছিল ছোৱালীজনী। দুৱাৰখন সম্পূৰ্ণকৈ খুলি দিলোঁ মই।
: সোমাব পাৰোঁ নে কৃষ্ণাক্ষী ?
আঃ এয়া কাৰ মাত?
এয়াতো প্ৰিয়ম্বদাৰ মাত নহয়!
যেন কোনোবাই এটা বৰ ওখ পাহাৰৰ পৰা দলি মাৰি তললৈ পেলাই দিছে এটা মাত। মাটিত পৰাৰ ঠিক আগমুহূৰ্তত মাতটোৱে থিতাপি লৈছেহি প্ৰিয়ম্বদাৰ ডিঙিত আৰু ভাঙি ছিঙি মুমুৰ্ষ অৱস্থা এটাৰে বাহিৰ হৈছে সেই মাত।
একেই ভংগীৰেই ৰৈ আছে তাই। মই খৰধৰকৈ চিৰি দুটাৰে নামি গ'লো আৰু ভিতৰলৈ লৈ আনিলোঁ তাইক।
দুৱাৰখন জপাই লাইটটো জ্বলাই দিলোঁ।
পোহৰত প্ৰিয়ম্বদালৈ চালোঁ।
এয়া কি?
আউলি বাউলি চুলি, তেজৰঙা দুচকুৰ মণি। কিমান দেৰি ( নে দিন?) মানুহে অহৰহ কান্দিলে চকুৰ মনিয়ে সেই ৰূপ ধাৰণ কৰিব পাৰে মোৰ ধাৰণা নাছিল। গুলপীয়া মুখখনত নাকটো চেৰীফল এটাৰ দৰে ৰঙা হৈ পৰিছিল।
দুৱাৰখনৰ খিলি বন্ধ কৰি ঘূৰোতেই হঠাৎ মোক সাবটি ধৰিলে তাই।
জোৰেৰে।
যেন বহু বছৰ ধৰি আকুল হৈ আছিল তাই কাৰোবাৰ আলিংগনলৈ। মোক সাবটি উচুপি আছে তাই। লাহেকৈ গাৰ পৰা হাত এৰুৱাই বিছনাখনত বহুৱাই দিলোঁ ছোৱালীজনীক।
একো নুসুধিলোঁ। আচলতে একো সুধিব পৰা অৱস্থাত তাই যে নায়েই। লৰালৰিকৈ পানী এগিলাচ আনি তাইৰ হাতত গুজি দিলোঁ। গিলাছটো ভালকৈ ধৰিবলৈকো যেন তাইৰ হাতত শক্তি নাছিল। হাতত দিওঁতেই পৰিবলৈ ধৰা গিলাছটো থাপ মাৰি ধৰিলো মই। তাইৰ ওঁঠত লগাই লাহে লাহে খুৱাই দিলোঁ পানী গিলাচ। এখন হাতেৰে পিহি থাকিলোঁ তাইৰ মূৰটো।
কন্দা বন্ধ কৰিছে তাই।
দুয়োহাতেৰে বিছনাত ভেঁজা এটা দি বহি মজিয়ালৈ একেথিৰে চাই থাকিল।
মোৰ যেন বিশ্বাস কৰিবলৈ টান হৈছে এইজনীয়েই সেইজনী ছোৱালী যি একেৰাহে মুখত সানি ৰাখে এটি হাঁহি। কথাই কথাই খিলখিলাই হঁহা ছোৱালীজনী এইজনীয়েই নে? কিমান দিন ভাগৰি জুগৰি অফিচৰ পৰা আহোঁতে মোক কৈ উঠিছে
: কৃষ্ণাক্ষী। চিন্তা নকৰিবাচোন। মানুহৰ কষ্টবোৰ ক্ষন্তেকীয়া। সব ঠিক হৈ যাব। তোমাৰ গণেশ বাবাই সকলো ঠিক কৰি দিব।
আজি নিজেই ভাগি চূচুৰ্মৈ দিছে ছোৱালীজনী।
কিহৰ দুখত?
কিহৰ দুখত মাজৰাতি খটখটাইছেহি বান্ধৱীৰ দুৱাৰ?
এইবাৰ মই থিয় দিলোঁগৈ তাইৰ সন্মুখত। দুয়োহাতেৰে আজলী পাতি ধৰিলোঁ মুখখন আৰু সুধিলোঁ
: কি হৈছে প্ৰিয়ম্বদা?
কথাষাৰ বৰ সাহসেৰে সুধিম বুলি ভাবোঁতেও মোৰ মাতটো বৰ সৰু আৰু ভয়াৰ্ত্ত হৈ ধৰা দিলে। মোৰ চকুলৈ চাই থাকি লাহে লাহে কৈ উঠিল তাই
: মই প্ৰেগনেন্ট কৃষ্ণাক্ষী।
মই যেন কথাষাৰ ভালকৈ নুশুনিলোঁ তেনে এটা ভাবত তাইৰ মুখখন ধৰি থাকিয়েই সুধিলোঁ-
: কি? কি কৈছা?
: মই প্ৰেগনেন্ট...
মোৰ চকুৰ পৰা চকু নমাইছে তাই। তাইৰ মুখখন ধৰি থকা মোৰ দুয়োখন হাত হঠাৎ মই ক'ব নোৱাৰাকৈ এৰা খাই গ'ল।
মই যেন কিবা সুধিবলৈকো পাহৰি গ'লো তাইক। তাই এইবাৰ দুয়ো ভৰি ওলমাই বহি থকাৰ পৰা বিছনাৰ ওপৰলৈ উঠি গ'ল আৰু দুয়োহাতেৰে আঁঠু দুটা সাবটি এনেকৈ কঁপি কঁপি বহি পৰিল যেন তাইৰ বৰ ভয় লাগিছে। মোলৈকো যেন ভয় কৰিছে তাই।
মই নিজকে চম্ভালিলোঁ।
নিজকে সামৰি বিছনাত বহি থকা প্ৰিয়ম্বদালৈ চাই বিৰবিৰাই উঠিলোঁ
: কিমান দিন? কিমান মাহ প্ৰিয়ম্বদা?
একো উত্তৰ নিদিলে তাই।
এইবাৰ মই কঁপি কঁপি বহি থকা ছোৱালীজনীৰ কাষ পালোঁগৈ। আঁঠু কাঢ়ি বহি পৰিলোঁ তাইৰ সন্মুখত।
পৃথিৱীত অতবোৰ চিনাকি মানুহ থাকোঁতেও ছোৱালীজনী মোৰ ওচৰলৈ লৱৰি আহিছে। এই বিপদৰ সময়ত তাইৰ মনলৈ আহিছে মাথোঁ মোৰ নাম। আৰু মই তাইক সাহস দিয়াৰ সলনি বিচলিত হৈ পৰিছোঁ। নাই নাই এয়া হ'বলৈ দিব নোৱাৰি।
মই যেন হঠাৎ বৰ দায়িত্বশীল হৈ পৰিলোঁ।
তাইৰ আউলি বাউলি চুলিখিনি কাণৰ পিছফালে ঠেলি দি আকৌ সুধিলোঁ
: ভয় নকৰিবা প্ৰিয়ম্বদা। মোক খুলি কোৱাচোন। কোন এইয়া? কোনে কৰিলে ?
কম্পিত ওঁঠেৰে প্ৰিয়ম্বদাই এটি নাম উচ্চাৰিলে
: শশাংক তামুলী।
এইবাৰ আঁঠু কাঢ়ি বহি থকাৰ পৰা আউজি বহি পৰিলোঁ বিছনাখনত। মূৰটো যেন ঘূৰাইছে মোৰ ।
এই নাম মোৰ বৰ চিনাকি। "শশাংক তামূলী"...বৰ চিনাকি মোৰ এই নাম। মোক ইণ্টাৰভিউৰ বাবে মাতি তিনিঘণ্টা সময় বহুৱাই থোৱা মানুহজন, মোৰ সন্মুখতে অন্য এগৰাকী যুৱতীক 'লুকিং চ' হট' বুলি কৈ পেলোৱা মানুহজন, মই ছাৰ বুলি মাতোতে দাদা বুলি মাতিবলৈ কোৱা মানুহজন।
হে ঈশ্বৰ!
কিন্তু খবৰ কাগজত কাম কৰা প্ৰিয়ম্বদাই লগ পালে কেনেকৈ তেওঁক?
: তুমি তেওঁক কেনেকৈ লগ পালা?
ব্যগ্ৰ হ'লো মই। মই যেন জানিব খুজিলোঁ প্ৰতিটো কথা। হঠাৎ যেন মোৰ জানিবলৈ বৰ মন গ'ল নামফলক লগোৱা গ্লাছৰ কেবিনত বহি থকা ভদ্ৰ মানুহজনৰ কথা।
কৈ গ'ল প্ৰিয়ম্বদাই।
মোৰ আগত খুলি দিলে এটি এটিকৈ কথাৰ গাঁঠ। কৈ গ'ল কেনেকৈ নতুন খবৰ কাগজখনত তাই কম দৰমহা পোৱাৰ বাবে শশাংক তামূলীয়ে কথা দিছিল 'দৈনিক সংবাদ' চেনেলটোত এটা চাকৰি দিয়াৰ। চাকৰিৰ কথা পাতিবলৈ গৈয়েই প্ৰেম হৈছিল তেওঁৰ লগত।
: ইমান সন্মান কৰা মানুহজন কেতিয়া কোন মুহূৰ্তত বুকুৰ ইমান আপোন হৈ পৰিল মই গমেই নাপালোঁ অ' কৃষ্ণাক্ষী।
কান্দিছে তাই। আঁঠুত মূৰ গুজি উচুপি উঠিছে।
: তেওঁ জানে নে এই কথা? তুমি তেওঁৰ সন্তান নিজৰ মাজত ধাৰণ কৰাৰ কথা গম পায় নে তেওঁ?
মূৰ দুপিয়াইছে তাই। অৰ্থাৎ জানে। আঁঠুত মূৰ গুজি থকাৰ পৰা ওপৰলৈ চাই ক'লে
: কৈছিলোঁ তেওঁক। সকলো কথা কৈছিলো। যিদিনা মই গম পাইছিলোঁ যে মই প্ৰেগনেন্ট, বৰ ভয় খাইছিলোঁ। তথাপি বুকুত এটি বিশ্বাস আছিল যে আসন্ন পিতৃত্বৰ গৌৰৱেৰে নহ'লেও তেওঁ সাবটি ধৰিব মোক। ভয়াৰ্ত্ত মোক বুকুত সাবটি বুজনি দিব। কিন্তু সেইবোৰ একোকে কৰা নাছিল তেওঁ। তেওঁক সাবটি উচুপি উচুপি দিয়া সেই খবৰটোত তেওঁ মোক গতা মাৰি আঁতৰাই দিছিল আৰু একে আষাৰেই অস্বীকাৰ কৰিছিল যে এই সন্তান তেওঁৰ নহয়।
এইবাৰ দাঁত কৰচি উঠিলোঁ মই।
: কেনেকৈ? মানুহ কেনেকৈ ইমান জঘন্য হ'ব পাৰে?
এইবাৰ সোঁৱে বাঁৱে লাহে লাহে মূৰ জোকাৰি কৈ উঠিল তাই
: তেওঁ মোক বিয়াৰ প্ৰতিশ্ৰুতি কেতিয়াও দিয়া নাছিল কৃষ্ণাক্ষী। সম্পৰ্কৰ আৰম্ভণিতে তেওঁ মোক কৈছিল, মই যাতে বিয়াৰ বাবে কেতিয়াও জোৰ নকৰোঁ তেওঁক। তথাপি এটা চাকৰিৰ বাবে বিচাৰিলেই প্ৰতিবাৰেই তেওঁৰ কাষ চাপি গৈছিলোঁ মই। বিনাদ্বিধাই দি দিছিলোঁ তেওঁ বিচৰামতেই মোৰ সকলো। দোষ মোৰ। মোৰ ভুল।
সশব্দে কান্দি উঠিল তাই।
বৰ আশ্চৰ্যৰে মই চাই ৰ'লো তাইলৈ। এইবাৰ যেন মই বিচাৰি নাপালোঁ সমবেদনাৰ ভাষাও। অলপতে বিচলিত হোৱা, অলপতে আবেগত উটি ভাঁহি গৈ জানি বুজি ভুল কৰা মানুহলৈ কেনেকৈ দেখুৱাও সহমৰ্মিতা।
ইমান আবেগিক কিয় হয় মানুহ?
কি লোভে ইমান অন্ধ কৰে মানুহক?
কি পোৱাৰ আকাংক্ষাই ছলনা বুজিব নোৱাৰাকৈ এনেকৈ বান্ধি পেলায় মানুহৰ দুচকু ?
তথাপি বিৰবিৰাই উঠিলোঁ
: কিয়? কিয় প্ৰিয়ম্বদা? কিয় কৰিলা এনেকুৱা?
মোৰ কথাৰ উত্তৰ নিদিলে তাই।
উত্তৰ বিচৰাও নাই মই।
তাইৰ হাতত যে এই প্ৰশ্নৰ উত্তৰ নাই মই জানোঁ।
ভুল কৰিছোঁ বুলি নিজেই স্বীকাৰ কৰাৰ পাছত কি থাকিব পাৰে উত্তৰ?
উচুপি থকাৰ মাজতো বাৰে বাৰে ফোনটো উলিয়াই চাই ৰৈছে তাই। জানোচা জিলিকি উঠে এটি বিশেষ নম্বৰ আৰু কৈ উঠে থোকাথুকি মাতেৰে-
" ক্ষমা কৰা সোণ! নাকান্দিবাচোন। ভুল হ'ল মোৰ। এই সন্তান আমাৰ।"
বাৰে বাৰে উলিয়াইছে এটি ৱাটচ এপৰ নম্বৰ। নম্বৰটোৰ ডিপি খন বগা হৈ আছিল। অৰ্থাৎ নম্বৰৰ গৰাকীয়ে ব্লক কৰিছে তাইক।
অস্পষ্ট মাতেৰে কৈ গ'ল তাই-
: বুজিছা কৃষ্ণাক্ষী, মই যেতিয়া এই চাকৰিটো পাইছিলোঁ, দেউতা বৰ সুখী হৈছিল। পইচা কেইটামান কমকৈ পাওঁ বুলি জনোৱাত দেউতাই কি কৈছিল জানা- ' চাকৰি এটাত সন্তুষ্টি আৰু পইচা বৰ কম মানুহেহে পায় মাজনী। তই সততাৰে কৰি যা। এদিন সফল হ'বি।' মোৰ মা নাই। অকলশৰীয়া দেউতাক এৰি থৈ আহিবলৈ বৰ কষ্ট হৈছিল। সপোনবোৰ পূৰ কৰিবলৈ জোৰকৈ পঠিয়াইছিল দেউতাই। প্ৰতিদিনাই শোৱাৰ আগতে মোৰ মাতটো শুনিবলৈ ফোন কৰে তেওঁ। আজিও কৰিছিল। নধৰিলোঁ মই। একেৰাহে চৈধ্য বাৰ ফোন কৰাৰ পিছতো ধৰা নাছিলোঁ মই। মই জানো, দেউতা আজি মোৰ চিন্তাত শুব পৰা নাই। কিন্তু মই কি ক'ম কোৱা? কি ক'ম? পেটত মই কঢ়িয়াই ফুৰিছোঁ এটি সন্তান?
কথা কৈ গৈছে তাই।
কন্দা নাই।
বুকুৰ ওপৰত কিমান ডাঠকৈ দুখৰ চামনি পৰিলে সেই চামনি ফালি ওলাই আহিব নোৱাৰে চকুপানী!
প্ৰেমহীনতাত ওপঙি ৰৈছে তাই।
যিমান দুখ বা লাজ প্ৰেগনেন্ট হোৱাৰ বাবে তাই পাইছে তাতকৈ বেছিকৈ কষ্ট পাইছে প্ৰেমিকৰ অৱহেলাত।
মনে মনে ৰ'লো মই। বহুদেৰি দুয়োজনী মনে মনে বহি থাকিলোঁ। নিৰ্জন,নিস্তব্ধ মাজনিশা এটা কোঠাত বহি যেন আমি ভাবি ৰৈছোঁ কি কৰা যায়? কি উপায় অৱলম্বন কৰা যায়?
: ফেনখন বন্ধ কৰি দিবা নে কৃষ্ণাক্ষী?
বহুদেৰিৰ নির্জনতা ভাঙি কৈ উঠিল তাই। মই আচৰিত হ'লো।
ইমান গৰমত!
গাত হাত দিলোঁ তাইৰ। তমোময় জ্বৰ। প্ৰচণ্ড জ্বৰে দহি পেলাইছে ছোৱালীজনীক। মোৰ বৰ অনুকম্পা জাগিল তাইলৈ। গাৰুটোত মূৰটো ৰাখি গাত কাপোৰখন দি শুৱাই দিলোঁ তাইক।
উঠি গৈ কুকাৰটো চালোঁ। কেইটামান ভাত আছিল। দালি অকণমানো আছিল। লৰালৰিকৈ অমলেট এটা ভাজিলো। বিছনাখনত বহুৱাই দিলোঁ তাইক। এগৰাহ এগৰাহকৈ ভাত সানি খুৱাই গ'লো। অকণমানি ছোৱালী এজনীৰ দৰে বিনা প্ৰতিবাদে ভাতকেইটা খাই গৈছে তাই।
ৰুমাল এখন তিয়াই কপালত জলপতি দি বহুদেৰিলৈকে বহি থাকিলোঁ তাইৰ কাষত।
এটা সময়ত জ্বৰ কমিল।
লাইটটো অফ কৰি তাইৰ কাষতে বাগৰি পৰিলোঁ মই।
নিৰ্জনতা ভেদি অদূৰত কুকুৰ কেইটামানে ৰৌ ৰৌৱাই উঠিছিল। কুকুৰেতো আগতেও ভুকে। ক'তা ইমান উৎকন্ঠিততো কাহানিও হোৱা নাই মই!
কাণ উনাই শুনি ৰ'লো।
কোন আহিছে?
কাক দেখি ভুকিছে?
কোন আহিছে চুপি চুপি। আন্ধাৰৰ সুযোগ লৈ!
সুদীপ্ত চৌধুৰী নে শশাংক তামূলী।
কোন চোৰে এইবাৰ উদং কৰি লৈ যাব খোজে সকলো?
বেৰৰ ফালে মুখ কৰি শুই থকাৰ ভাগতেই কোঠাটোৰ এসোপা আন্ধাৰ আৰু নির্জনতাৰ মাজত ভাঁহি আহিল প্ৰিয়ম্বদাৰ মাত
: তেওঁ মোৰ কাষলৈ ঘূৰি আহিব নে কৃষ্ণাক্ষী?
এইবাৰ উচপ খাই উঠিলোঁ মই।
সকলো হেৰুওৱাৰ পিছতো কিহৰ আশাত বন্দী হৈ ৰয় মানুহ? প্ৰেমৰ এনে কি তাড়না যাৰ বাবে ক্ৰমশঃ আতঁৰলৈ গৈ থকা মানুহ এজনৰ বাবেও অহৰহ আকুল হৈ ৰ'ব পাৰে প্ৰেয়সী।
কোঠাটোত যেন উৰি ফুৰিল এষাৰ মাত। উৰি উৰি কোঠাৰ বেৰত ঠেকা খাই আকৌ ঘূৰি আহি দুয়োজনীয়ে মাজত বহি ৰয়হি এষাৰ মাত
"তেওঁ মোৰ কাষলৈ ঘূৰি আহিব নে কৃষ্ণাক্ষী?"
সাবটি ধৰিলোঁ তাইক।
আলফুলে। সযতনে।
বৰ মৰমেৰে।
(আগলৈ)
©গায়ত্ৰী
Comments
Post a Comment