#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ১৬

হেপী ইণ্ডিয়া ডট কমত চাকৰি কৰা প্ৰায় এমাহ হ'বৰ হ'ল। এদিনৰ বাবে হঠাৎ ছুটি এটা লোৱা দেৱলীনা প্ৰায় বিশ দিনৰ মূৰত আজি অফিচ আহি ওলাইছেহি।

অকণমান দেৰিকৈ আহি পাইছিল তাই। তেতিয়ালৈ আমি কোঠাত দৌৰা দৌৰি কৰি আৰম্ভ কৰিছিলোঁ বস্তু বিক্ৰীৰ আখৰা। এটা নিৰ্দিষ্ট সময়ৰ পিছত কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিয়া হয়। সেই সময়টোৰ পিছত অহাসকলে কলিং বেল বজাই অনুমতি বিচাৰিহে ভিতৰলৈ সোমাব লাগে। 

তাই নথকা কেইদিনৰ এটা দিনো চাগৈ পাৰ হোৱা নাই যিদিনা মই অফিচৰ ভিতৰলৈ সোমায়েই দেৱলীনা আহিছে নেকি এবাৰ চকু ফুৰাই চোৱা নাই। দেৱলীনাৰ বাবে এক অজান ভয়ত প্ৰতিদিনেই মোৰ বুকু কঁপি উঠিছিল। আকৌ বা কি বিপদ হ'ল তাইৰ!

ফোন এটা কৰি সুধিবলৈকো তাইৰ ফোনৰ নম্বৰটো মোৰ লোৱা নহ'ল। মানুহহালক কথাষাৰ সুধিলেও এটা গেঙেৰি মৰা উত্তৰৰ বাহিৰে যে একো নাপাওঁ সেই কথা খুব ভালকৈয়ে জানোঁ মই। তথাপি এদিন মানুহজনে আমাক বাছ ষ্টপেজলৈকে আগবঢ়াই দিবলৈ যাওঁতে সোধোঁ নোসোধোঁকৈ সুধি পেলাইছিলোঁ মই

: দেৱলীনাই চাকৰি এৰিলে নেকি ছাৰ?

: নাই। আহিব।

মাথোঁ দুটা শব্দ কৈছিল মানুহজনে। তাৰ পিছত মই একো সোধা নাছিলোঁ যদিও প্ৰতিদিনেই দেৱলীনা আহিব বুলি ভাৱ এটা লৈয়ে অফিচলৈ ওলাই গৈছোঁ।

আজি অফিচ আৰম্ভ হোৱাৰ এঘণ্টা পলমকৈ হঠাৎ   কলিং বেলটো বাজি উঠিল। ল'ৰা এজনে দুৱাৰখন খুলি দিলে। শীৰ্ণ শৰীৰ, কৰুণ মুখেৰে সোমাই আহিল দেৱলীনা।

হঠাৎ যেন মই উৎফুল্লিত হৈ উঠিলোঁ। দুচকু ডাঙৰকৈ মেলি লগতে দুওঁঠ সামান্য মেল খুৱাই তাইলৈ চাই প্ৰদৰ্শন কৰিলোঁ সেই আনন্দ। তাই বৰ সেমেকা হাঁহি এটিৰে মোলৈ চালে।

হাঁহি? সেয়া হাঁহি আছিলনে? নে যিকোনো ঠাইত মানুহে কান্দি দিব নোৱাৰে বাবেই হাঁহিৰ দৰে দেখা এটি কান্দোনহে আছিল ।

ৰাতিপুৱাৰ মিটিংখনৰ পিছতে মানুহজনে ভিতৰলৈ মাতি নিলে তাইক। তাই ভিতৰত থাকোতেই মোকো মাতি নি তাইৰ সৈতে আজি একেলগে যাবলৈ ক'লে। আজি প্ৰথমবাৰৰ বাবে মোক মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰিবলৈ যাবলৈ দিলে মানুহজনে। কোনোবা এটা অঞ্চলৰ নাম কাগজ এটুকুৰাত লিখি দেৱলীনাৰ হাতত গুজি দিলে তেওঁ। ঘৰে ঘৰে বস্তু বেচিবলৈ যোৱাৰ কথাটোত অকণমান উচপ খাই উঠিলেও দেৱলীনাৰ সৈতে যাবলৈ পোৱাৰ আনন্দই যেন কিছু পৰিমানে লাঘৱ কৰিলে সেই দুখ। 

অফিচৰ পৰা ওলাই গণেশগুৰিৰ বাছ ষ্টপেজলৈকে ওৰেটো বাট ছোৱালীজনীৰ মুখখন আৱৰি থাকিল এখন বিষন্নতাৰ ক'লা চাদৰে। প্ৰতিদিনে তাই মোক আৱৰি ধৰাৰ দৰে আজি যেন মই আৱৰি ধৰিব খুজিছোঁ তাইক। তাইৰ কি হৈছে মই নাজানোঁ, কিন্তু বাছ ষ্টপেজলৈকে গোটেই বাটছোৱা তাইৰ হাতখন মুঠি মাৰি ধৰি বাৰে বাৰে যেন আশ্বাস দিবলৈ চেষ্টা কৰিলোঁ

: মই আছোঁ দেৱলীনা। চোৱা, মই তোমাৰ কাষতে আছোঁ।

আজি বাছৰ একমাত্ৰ খালি আসনখনত প্ৰথম দিনা মোক তাই জোৰকৈ বহুওৱাৰ দৰে মই তাইক বহুৱাই দিলোঁ। বাছৰ হেণ্ডেলত ধৰি দুলি দুলি যোৱাৰ এটা অভ্যাস গঢ় লৈ উঠিছিল মোৰ। হঠাৎ বাছৰ ব্ৰেক মাৰিলে যাতে উফৰি নপৰো সেই হিচাপত হেণ্ডেলডাল মুঠি মাৰি মুঠিটোৰ ওপৰতে গালখন থৈ মই একেৰাহে চাই ৰ'লোঁ দেৱলীনাক। খিৰিকীৰে বৰ উদাস দৃষ্টিৰে বাহিৰলৈ চাই ৰৈছিল তাই। আনদিনা কথা পতাৰ দৰে এটাও কথা পতা নাই আজি মোৰ সৈতে।

আমাক আজি বস্তু বিক্ৰী কৰিবলৈ পঠিওৱা সেই অঞ্চল মই চিনি নাপাওঁ। হঠাৎ এটা ব্যস্ততাপূৰ্ণ এলেকাত বাছখন ৰখাওঁতেই থিয় হ'ল দেৱলীনা। আমাৰ নামিবৰ হৈছিল। তাইৰ পিছে পিছে ময়ো নামি গ'লো।

প্ৰতিদিনৰ দৰে বাছৰ পৰা নামিয়েই তাই খামুচি ধৰা নাছিল মোৰ হাত। কোনোফালে নোচোৱাকৈ, এটাও কথা নপতাকৈ পলিথিনৰ বেগটোৰ বিক্ৰী কৰিবলৈ অনা বস্তুবোৰ জোৰকৈ ধৰি খৰখোজেৰে মোৰ আগে আগে গৈ আছে তাই। তাইৰ মনটো ভাল লাগক বুলিয়েই মই একেৰাহে তাইৰ সন্মুখত দি গ'লো তাই নথকা যোৱা বিশটা দিনৰ বিৱৰণ। উচ্ছাস ভৰা এক কন্ঠেৰে মই কৈ গলো কেনেকৈ তাই নথকাকৈ অকলে অকলে মই বস্তু বেচিছিলোঁ। কৈ গ'লো মালিগাঁওৰ অফিচটোত গৈ হোৱা অভিজ্ঞতাৰ কথা।

মোৰ ফালে এবাৰো নোচোৱাকৈ মোৰ আগে আগে হম্মম, ভাল কথা- জাতীয় শব্দ কিছুমান কৈ গৈ আছে তাই। আজি এইজনী এজনী সম্পূৰ্ন বেলেগ দেৱলীনা। যিজনী দেৱলীনা মই চিনি নাপাওঁ। মই ইমানদিনে লগ পাবলৈ অপেক্ষা কৰি থকা ছোৱালীজনী যেন এইজনী নহয়। কথা কৈ থাকিবলৈ মন নগ'ল মোৰ। 

তাইৰ কিবা এটা হৈছে।
বৰ ডাঙৰ কিবা এটা বিপদ হৈছে তাইৰ।
কিন্তু আৰু কি বিপদ তাইৰ জীৱনলৈ আহিবলৈ বাকী আছিল যি তাইক এনেকুৱা কৰি পেলাব পাৰে?

মনে মনে তাইৰ কাষে কাষে গৈ থাকি এপাকত মাতিলোঁ

:দেৱলীনা বা...
মাতত আছিল হৃদয়ৰ সমস্ত আৱেগ।

মোৰ আগে আগে গৈ থকা ছোৱালীজনী এইবাৰ হঠাৎ ৰৈ গ'ল। তাইৰ লগত বস্তু বিক্ৰী কৰিবলৈ যোৱাৰ দুদিনমানৰ পিছতে তাই মোক 'বা' বুলি মাতিবলৈ কৈছিল। কিন্তু কিয় জানো তাইক দেখিলে মোতকৈ ডাঙৰ যেন মোৰ কেতিয়াও নলগাৰ বাবে সেই সম্বোধনেৰে ইচ্ছা কৰিও মাতিব পৰা নাছিলোঁ মই। কিন্তু প্ৰতিদিনে এজনী বায়েকৰ দৰেই আৱৰি ৰাখে মোক ছোৱালীজনীয়ে। কিন্তু আজি নাজানো কিয়, তাই ভালপোৱা প্ৰতিটো কামেৰে তাইক সন্তুষ্ট কৰিবলৈ বৰ মন গ'ল মোৰ। মই যেন অহৰহ বিচাৰি ফুৰিলোঁ তাইৰ মনটো ভাল লাগিব পৰা কিবা এটা ৰাস্তা।

এইবাৰ মই তাইৰ একেবাৰে সন্মুখত থিয় দিলোঁগৈ

: ক'ৰবাত অকণমান বহিবা?

মনে মনে ৰ'ল তাই। হয়তো ভাবিছিল বহিলে দেৰি হ'ব বস্তু বিক্ৰী কৰিবলৈ। তাইৰ মনৰ ভাৱ বুজি মই খৰধৰকৈ ক'লো

: মাত্ৰ পোন্ধৰ মিনিট বহিম বা। আমাৰ অকণো অসুবিধা নহয়। দৰকাৰ হ'লে আবেলি আধা ঘণ্টা সময় আমি বেছিকৈ কাম কৰিম।

মোৰ মাতত আছিল এক কাতৰ অনুৰোধ। এইবাৰ যেন পতিয়ন গ'ল তাই।

আমাক পঠিওৱা অঞ্চলটোত থকা বিল্ডিং বোৰৰ সন্মুখত ঝুলনা, ফুল আদিৰে সজাই ৰখা এখন পাৰ্কৰ দৰে ঠাই আমাৰ চকুত পৰিল। আমি দুয়োজনী সেই ঠাইলৈ গৈ এটুকুৰা আছুতীয়া ঠাই বিচাৰি লৈ এজোপা গছৰ ছাঁত বহি পৰিলোঁ।

থমথম কৰে বহি ৰ'ল তাই। বহিয়েই সুধিলোঁ মই

: দেৱলীনা বা কি হৈছে তোমাৰ? কিয় অহা নাছিলা ইমান দিন? মোৰ যে তোমালৈ ইম্মান মনত পৰিছিল।

মই যেন তাইৰ সন্মুখত হৈ পৰিছিলো এজনী অকণমানি ছোৱালী। বায়েকৰ ওচৰত অভিযোগ কৰিব পৰা এজনী সৰু ভনীয়েক।

কোনো উত্তৰ নিদিলে তাই। 
সন্মুখলৈ দৃষ্টি ৰাখি একেবাৰেই মনে মনে ৰ'ল।

তাইক কথাবোৰ সুধি এইবাৰ বৰ অপৰাধবোধ হ'ল মোৰ। কাৰো ব্যক্তিগত কথা এনেকৈ ঘুকুটি সোধাৰ অভ্যাস মোৰ নাই। কিন্তু আজি এবাৰলৈ এনেকুৱা লাগিল ছোৱালীজনীয়ে যেন বুকুত লৈ ফুৰিছে অজস্ৰ শোকৰ গাঁথা। যি গাঁথা খুলিব পাৰিলেই শান্তি পাব তাই। লৰালৰিকৈ ক'লো

: নালাগে বা...তুমি যদি মন কৰা নাই নালাগে ক'ব। ব'লা আমি যাওঁ।

পলিথিন সামৰি মই উঠিবলৈ লওঁতেই তাই সন্মুখলৈ দৃষ্টি দি থকাৰ ভাগেৰেই বিৰবিৰাই উঠিল

: ভাইটো মৰি থাকিল অ'.....

চাৎ কৈ ঘূৰিলোঁ মই। আশ্চৰ্যত বহল হৈছিল দুচকু।

দেৱলীনাৰ ভায়েকটো মৰি থাকিল? গুৱে, মুতে লেটী লৈ বিছনাত একেৰাহে পৰি থকা পংগু ভায়েকটো মৰি থাকিল! 

সেইটো ভায়েক, যি ভালপাব বুলিয়েই কেতিয়াবা বস্তু বিক্ৰী কৰি উভতি যাওঁতে মুৰ্গী মাংস এপোৱা, কেতিয়াবা চকলেট এটা কিনি নিছিল তাই।

সেইটো ভায়েক, যি বাহিৰৰ পৃথিৱীখন নিজে উঠি গৈ চাব নোৱাৰে বাবেই তাই দেওবাৰবোৰত অন্য সকলো কাম বাদ দি তাক বিছনাৰ পৰা উঠাই ধৰি ধৰি নি বাহিৰখন দেখুৱাইছিল। সি যেনেতেনে মুখেৰে উচ্চাৰণ কৰা 'ব্বা....' শব্দটোৰ বাবে প্ৰতিনিয়ত বিয়াকুল হৈ থাকিছিল তাই। 

সেই ভায়েকটো মৰি থাকিল।

মই একো নোকোৱাকৈয়ে কৈ গ'ল তাই

: আজি বিশ দিন হ'ল। মই তাক জীয়াই ৰাখিব নোৱাৰিলোঁ কৃষ্ণাক্ষী। বৰ চেষ্টা কৰিছিলো অ'। হাৰি গ'লো মই।

পলিথিনৰ টোপোলাটো হাতত লৈ উঠি যাবলৈ লোৱাৰ ভাগতে ৰৈ গৈছিলোঁ মই। পলিথিনটো বননিত থৈ সম্পূৰ্ণৰূপে তাইৰ ফালে ঘূৰিলোঁ। উচুপিবলৈ লৈছিল তাই। এইবাৰ বহি থকা ভাঁজেৰেই তাইৰ ওচৰ পালোগৈ। উচুপনিৰ শব্দবোৰ ডাঙৰ হৈ কান্দোনৰ ৰূপ লৈছিল। মই কন্দা নাছিলোঁ; কিন্তু মোৰ যেন সমগ্ৰ শৰীৰটোৱেই উচুপিবলৈ লৈছিল দেৱলীনাৰ দুখত।

ৰ'দে বৰষুণে দৌৰি দৌৰি কিতাপ বিক্ৰী কৰি থাকোঁতেও কোনোদিন কন্দা নাছিল দেৱলীনাই। কন্দা নাছিল হেপী ইণ্ডিয়াৰ মানুহ দুজনৰ উপৰ্যুপৰি গালিতো। বি.এ টো সম্পূৰ্ণ কৰিবলৈ মন আছিল তাইৰ। যাৰ বাবে সময় আৰু টকা একোৱেই নাই বুলি মোৰ আগত কওঁতেও কেতিয়াও কন্দা নাছিল তাই। তাইক প্ৰেমিকৰ পৰা মাকে আঁতৰাই আনোতেও, 'তাক ভালপালে মোৰ মৰা মুখ দেখিবি' বুলি বধ শপত দিওঁতেও, ক'তা তাইতো কন্দা নাছিল! 

বৰঞ্চ মই আচৰিত হৈ 'কেনেকৈ ইমান সহ্য কৰা দেৱলীনা' বুলি প্ৰশ্ন কৰোঁতেও তাই মোক প্ৰতিবাৰেই হাঁহি হাঁহি কৈ উঠিছিল

: চাওঁচোন দিয়া । জীৱনে আৰু কিমান শিকাব পাৰে।

সেই দেৱলীনাই উচুপিছে। 
মই কেনেকৈ বুজাও? 
শিলৰ হৃদয়ে উচুপি উঠিলে কি ভাষাৰে সান্তনা দিয়া যায়? 
মই আঠুকাঢ়ি তাইৰ মুখখন মোৰ বুকুত সাবটি ধৰি মাথোঁ বিৰবিৰাই উঠিলোঁ

: দেৱলীনা বা ...প্লিজ নাকান্দিবাচোন। 

মোৰ বুকুৰ মাজত মূৰটো সুমুৱাই থাকি উচুপি উচুপি কৈ গ'ল তাই

: কেনেকৈ নাকান্দো কৃষ্ণাক্ষী? কিমান দুখ বুকুত সাঁফৰ মাৰি সুমুৱাই থব পাৰে মানুহে?

তাইৰ মূৰটো হাতেৰে পিহি মই কৈ উঠিলোঁ

: মই বুজি পাওঁ। কাৰ জীৱনত দুখ নাই কোৱা?

এইবাৰ মোৰ বুকুৰ পৰা ওলাই লাহে লাহে তাই কৈ উঠিল

: নোপোৱা কৃষ্ণাক্ষী। বুজি নোপোৱা। কিমান পৰ্যায়লৈকে দুখ হজম কৰিব পাৰা? কিমান পৰ্যায়লৈকে দেখিছা দুখ? দেখিছা নে জীয়ৰীক প্ৰেমিকৰ পৰা বিচ্ছেদ কৰাই নিজ মাতৃ জীয়ৰীৰ প্ৰেমিকৰ প্ৰেমত আতুৰ হোৱা? জীৱনলৈ  উপাৰ্জনৰ পথ নাইকিয়া হয় বুলি জীয়েকক বিয়া দিবলৈ ভয় কৰা? নিজৰ মাকজনীও যেতিয়া নিজৰ হৈ নাথাকে কেনেকৈ জী থাকে মানুহ? বেঙা হ'লেও, বেমাৰী হ'লেও এই পৃথিৱীত মোৰ এটাই আপোন মানুহ আছিল। সিও নাইকিয়া হৈ গ'ল।

মুক হৈ ৰ'লো মই। 
দেখাতো বহুত দূৰৰ কথা, কেতিয়াও শুনাও নাছিলোঁ মই এনে কথা। 

শিথিল হৈ আহিল তাইৰ ডিঙিত সাবটি থকা মোৰ দুহাত। 

মই নোৱাৰো! নোৱাৰো সান্তনা দিব তাইক। কন্দা মানুহক সান্তনাৰ ভাষা শুনোৱা যায়। কিন্তু এই আধা মৰা ছোৱালীজনীক কি সঞ্জীৱনী শক্তিৰে জীয়াই তুলিব লাগে সেই কথা নাজানোঁ মই।

বহি ৰ'লো তেনেকৈয়ে।

এসময়ত হাতৰ তলুৱাৰে তাইৰ চকুপানী মোহাৰি মাথোঁ ক'লো

: ব'লা যাওঁ। দেৰি হ'ব। 

গোটেই দিনটো আমি এজনীয়ে আনজনীৰ সৈতে কথা নাপাতিলোঁ। ঘৰে ঘৰে কলিং বেল টিপি বস্তু বেছি ফুৰোঁতে আজি মই গোটেই সময়খিনি তাইৰ হাত এখনত খামুচি ধৰি থাকিলোঁ। 

সৰুতে মেলালৈ গ'লে কেনেবাকৈ ভিৰত হেৰাও বুলি দেউতাই এখন হাত মোৰ একেৰাহে ধৰি ৰাখিছিল। হাজাৰ মানুহৰ ভিৰতো মই কেতিয়াও সেই হাতখনৰ বাবেই অকলশৰীয়া বা দুর্বল অনুভৱ কৰা নাছিলোঁ। আজি যেন মই সেই একেই ধৰণেৰে তাইৰ হাত এখন ধৰি থাকিলোঁ।
অকলশৰীয়া অনুভৱ নকৰক তাই।
অন্ততঃ দিনটোৰ বাবে হ'লেও অনুভৱ কৰকচোন কোনোবা এতিয়াও আছে তাইক খামুচি ধৰিবলৈ।

মোৰ গোটেই বস্তুখিনি বিক্ৰী কৰি শেষ হৈছিল। মাত্ৰ বাকী ৰৈছিলগৈ দেৱলীনাৰ এটা কিতাপৰ টোপোলা। সেইটো বিক্ৰী কৰোঁ বুলি আন এঘৰ মানুহলৈ যাবলৈ খোজোঁতেই তাই কৈ উঠিল

: মোৰ গাটো বৰ বেয়া লাগিছে কৃষ্ণাক্ষী। মূৰটোও ঘূৰাইছে।

হয়তো বহুদিনৰ পিছত ওলাই অহাৰ বাবেই তাইৰ তেনেকুৱা লাগিছিল। তাইক চিৰি এটাতে বহুৱাই তাইৰ হাতৰ পৰা কিতাপৰ টোপোলাটো লৈ আহিলোঁ। 'জোনাকী এপাৰ্টমেণ্ট' নামৰ বিল্ডিংটোৰ প্ৰায় আটাইবোৰ ঘৰলৈকে আমি ইতিমধ্যে গৈছিলোঁ। তথাপি ৰাতিপুৱাৰ ভাগত আহোঁতে তলা বন্ধ হৈ থকা ঘৰ এটালৈ বুলি মই উঠি গ'লো।
কিজানি এতিয়ালৈ মানুহ আহিলেই!
দুই তলাত আছিল ঘৰটো।
লিফ্টেৰে উঠি গৈ মই ঘৰটোৰ সন্মুখত থিয় দিলোঁগৈ।

এইবাৰ দুৱাৰত তলা নাছিল।
অকণমান যেন সকাহ পালোঁ মই। কলিং বেলটোত হাত দিবলৈ খোজোঁতেই ঘৰখনৰ ভিতৰৰ পৰা ভাঁহি আহিল কোনোবাই গীটাৰ বজাই গান গাই থকাৰ মাত। সাংঘাতিক ধুনীয়াকৈ এক পুৰুষ কণ্ঠই গাই গৈছিল মোৰ আটাইতকৈ প্ৰিয় গীতটি

"য়ে ম'হ ম'হ কে ধাগে
টেৰী উংগলিঅ' ছে জা উলঝে
ক'ই ত'হ ত'হ না লাগে 
কিছ তৰহা গীৰহা য়ে চুলঝে"

"টু হ'গা জৰা পাগল
টুনে মুঝক' হে চ্চুনা
কেইছে টুনে আনকাহা
টুনে আনকাহা চব চুনা
টু দিন ছা হে
মে ৰাত আ না দ'ন'
মিল জায়ে শ্বাম' কি তৰহা"

মই যেন এক মুহূৰ্তলৈ পাহৰি গৈছিলোঁ কিতাপ বেচিবলৈ ৰৈ থকাৰ কথা। কিমান দেৰি যে তেনেকৈয়ে ৰৈ থাকিলোঁ মই! 

মন্ত্ৰমুগ্ধ হৈ শুনি ৰ'লো সেই গান।
মোৰ গোটেই দিনৰ ভাগৰ যেন পলকতে আঁতৰি গ'ল।
কি আছে এই মাতত!

এসময়ত গান বন্ধ হৈছিল। ইমান দেৰি যেন মই এখন বেলেগ পৃথিৱীত আছিলোঁ। সম্বিত ঘূৰি অহা মানুহৰ দৰে কলিং বেলটোত হাত দিলোঁ মই।

দুৱাৰখন খোল খালে। 
উচপ খাই উঠিলোঁ। 
মানুহজন আছিল মই প্ৰথমদিনাই এটা কিতাপৰ টোপোলা বিক্ৰী কৰা পাতল গুলপীয়া চাৰ্ট আৰু ক'লা ফৰ্মেল পেন্ট পৰিহিত সেই গ্ৰাহকজন। আজি তেওঁৰ পিন্ধনত এটা পাতল নীলা টি-চাৰ্ট আৰু ক'লা পাইজামা। দুচকুত চশমা। হাতত এখন গীটাৰ।

:হেই!!! হাই.. 

তেওঁ মোক চিনি পালে। মোৰ বৰ অসহজ লাগিল। খপজপাই আঁতৰ হ'ব খুজিলোঁ সেই ঠাইৰ পৰা-

: আই এম এক্সট্ৰিমলি চ'ৰি...আপোনাক চাগৈ আৰু কিতাপৰ প্ৰয়োজন নাই। আমনি কৰিলোঁ। বেয়া নাপাব।

ঘূৰিবলৈ লৈছিলোঁ। 

: শুনা..

মাত দিলে মানুহজনে। ঘূৰি চালোঁ মই। 

এইবাৰ লোহাৰ বন্ধ দুৱাৰখন খুলিলে তেওঁ। কাঠৰ দুৱাৰখন ইতিমধ্যেই খুলিছিল যদিও লোহাৰ দুৱাৰখন তেতিয়াও বন্ধ হৈ আছিল। বন্ধ দুৱাৰৰ ইপাৰ সিপাৰ হৈ কথা পাতি আছিলোঁ আমি। দুৱাৰখন খুলি অকণমান আগবাঢ়ি আহিল তেওঁ। মোৰ হাতত থকা কিতাপখনলৈ এবাৰ চকু দি কৈ উঠিল

: এইখন কিতাপৰ মোক এতিয়া প্ৰয়োজন নাই। কিন্তু দুখনমান বেলেগ কিতাপ মোক লাগিছিল। আনি দিব পাৰিবা?

মূৰ দুপিয়ালোঁ মই। 

: যদি এভেইলেবল থাকে মই নিশ্চয় আপোনাক আনি দিব পাৰিম ছাৰ।

: কিন্তু মোৰতো অফিচ থাকে। আজিও অলপ আগতেহে মই আহি পাইছোঁ। গতিকে কিতাপ কেইখন এভেইলেবল থাকিলেও মই কোন সময়ত ঘৰত থাকোঁ সেয়াওতো তুমি জানিব লাগিব। নহয় জানো?

মিহিকৈ হাঁহিলে তেওঁ।
মনে মনে ৰ'লো মই।

এই কথাৰ সমাধান মোৰ ওচৰতো নাছিল। 

: মোৰ মোবাইল নম্বৰটো লৈ লোৱা। আহিলে মোক জনাবা।

নম্বৰটো চেভ কৰিবলৈ মোৰ হাতত উপায় নাছিল। 

: মোৰ হাতত মোবাইল নাই ছাৰ। অফিচত জমা দিব লাগে। আবেলিহে পাওঁ।
 
: অহ্‌! বেয়া নোপোৱা যদি তোমাৰ মোবাইল নম্বৰটো দিবা নেকি? মই তোমাক এটা মিছড কল দি দিওঁ। সেইটো নম্বৰত খবৰ কৰি তুমি মোক কিতাপকেইখন দিব পাৰিবা।

ফোন নম্বৰটো দিলোঁ তেওঁক। 

: তোমাৰ নামটো? কি বুলি চেভ কৰোঁ নম্বৰটো?

: কৃষ্ণাক্ষী ...

নম্বৰটো চেভ কৰি উঠি হঠাৎ মোৰ চকুলৈ চালে তেওঁ। সেই চাৱনিত কিবা এটা আছিল। মই চকু ঘূৰালোঁ। কিছুমান চকুলৈ সৰহপৰ চাই থাকিব পৰা নাযায়।

কৈ উঠিল-

: এইখিনি কিতাপ তোমাৰ বিক্ৰী হোৱা নাই যদি মোকেই দি দিয়া কৃষ্ণাক্ষী। মোৰ কেতিয়াবা কামত আহিব।

কিতাপখিনি লৈ ল'লে তেওঁ।

তেওঁক ধন্যবাদ জনাই লৰালৰিকৈ দেৱলীনাক বহুৱাই থৈ যোৱা ঠাইলৈ উভতি আহিলোঁ। মোৰ খালি হোৱা পলিথিনৰ বেগটোলৈ চাই তাই কৈ পেলালে

: আজি সকলো বস্তু ইমান সহজে বিক্ৰী হৈ গ'ল ন?

মই মাথোঁ মূৰ দুপিয়ালোঁ।

আৰু কিবা কৈ আছে তাই। 

মোৰ কাণত একো সোমোৱা নাই। কাৰো কথা শুনিবলৈ মন যোৱা নাই মোৰ। মই যেন মাথোঁ নিজৰ সৈতে অকণমান সময় কটাবলৈ বিচাৰিলো। কাৰো সংগ নালাগে এতিয়া মোক।

দেৱলীনাই কি বুজিছিল নাজানোঁ।
কিন্তু গোটেই দিনটোৰ শেষত তাইৰ মুখতো ওলমি ৰৈছিল এটি মিঠা হাঁহি।

দিনৰ শেষত হাতত ফোনটো তুলি লওঁতেই এটা মেছেজ জিলিকি উঠিল

: হাই কৃষ্ণাক্ষী
সাগ্নিক চলিহা হিয়েৰ...

নম্বৰটো চেভ কৰাৰ লগে লগে ৱাটচ এপৰ ডিপিত ভাঁহি আহিল এখন শান্ত সমাহিত মুখ আৰু চশমাৰ আঁৰৰ বুদ্ধিদীপ্ত এযোৰ চকু। 

অফিচৰ পৰা বৰ খৰধৰকৈ ৰুম পালোঁহি।গাৰুটোত থুঁতৰি গুজি বিছনাখনত তলমূৰকৈ পৰি ইয়েৰফোনত বহুদেৰি গান শুনি থাকিলোঁ। হঠাৎ খেয়াল হ'ল এটা গানকে মই এতিয়ালৈকে প্ৰায় এঘণ্টা সময় ৰিপিট ম'ডট শুনি আছোঁ। আনকি অফিচৰ পৰা ওলাই আহোঁতেও নিজৰ অজানিতেই মই গুণগুণাই আহি আছিলোঁ একেটাই গান

"য়ে ম'হ ম'হ কে ধাগে
টেৰী উংগলিঅ' ছে জা উলঝে"

ৰাতি শোৱাৰ সময়ৰলৈকে কমেও পঞ্চাশবাৰ ক'ব নোৱাৰাকৈ একেৰাহে সেই গানটোকে মই গুণগুণাই থাকিলোঁ। গানটোৱে যেন কিবা এটা প্ৰশান্তি কঢ়িয়াই আনিছে মোৰ মনটোলৈ। ক্ৰমশঃ শেষ কৰি আনিছে গোটেই দিনটো বস্তু বিক্ৰীৰ পিছৰ সেই অলসতা। 

সেই প্ৰশান্তি বুকুত বান্ধিয়েই টোপনি গ'লো। আজি কিমান দিনৰ পিছত যে মই আধৰুৱা সপোন এটা বুকুত বান্ধি শোৱা নাছিলোঁ! আজি এটা গান আৰু চশমাৰ আঁৰৰ এহাল চকুয়ে মোক বৰ আলফুলে শুৱাইছিল।

হঠাৎ কিবা এটা শব্দত সাৰ পাই উঠিলোঁ। উমান লৈ দেখোঁ দুৱাৰত কোনোবাই টোকৰ দিছে।লৰালৰিকৈ মোবাইলটো জ্বলাই সময়টো চালোঁ। ৰাতি ডেৰ বাজিছে।

দুৱাৰত শব্দ হৈ আছিল অবিৰাম

"টক্‌ টক্‌ টক্‌ টক্‌"

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ