সূৰ্যফুলৰ দেশলৈ খণ্ড 4

#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ৪

ৰাতিপুৱাইছিল।

খিৰিকীৰ পৰ্দাখন ৰাতি বোধহয় সম্পূৰ্ণকৈ টানি থোৱা নহ'ল। পৰ্দাৰ ফাঁকেৰে এচমকা পোহৰ সোমাই আহিল। গাৰুটোত মূৰটো পেলাই থোৱাৰ ভাগতেই বেঁকা হৈ পোহৰখিনিলৈ চালোঁ। গোটেই ৰাতি এটা চেকেণ্ডৰ বাবেও টোপনি নাহিল।

কিমান দিনৰ পিছত এনেকুৱা হৈছে বাৰু মোৰ! য'তেই পৰোঁ ত'তেই টোপনি যাওঁ বুলি মোৰ এটা বদনামেই আছে। ইমানেই শুব পাৰো যে ঘৰত ৰাতিপুৱা জগাবলৈ আহিলেই মায়ে প্ৰায়েই ভোৰভোৰাই থকা বাক্যটো আছিল -

: বেলি উঠি মূৰৰ ওপৰ পালেগৈ। আমাৰ  আইদেউক কোনোবাই দাঙি নি বাহিৰত পেলাই থৈ আহিলেও গমকে নাপাব। 

খং উঠাৰ সময়ত নতুবা মোক গালি পৰাৰ সময়ত মায়ে 'আইদেউ' শব্দটো ব্যৱহাৰ কৰিছিল। আৰু প্ৰতিবাৰ মায়ে 'আইদেউ' বুলি কোৱাৰ লগে লগে চিঞৰ বাখৰ কৰি উঠিছিলোঁ মই-

: তুমি নিজেই আইদেউ। মই নহয় যোৱা!

লগে লগে কৰি থকা কামটোত ব্যৱহাৰ কৰি থকা বস্তুটো; যেনে ঠাই সাৰি থাকিলে ঝাড়ুডাল, ভাত ৰান্ধি থাকিলে হেতাখন দেখুৱাই কৈ উঠিছিল

: ঔ আই আমাৰনো সেই ভাগ্য আছেনে? এয়া চোৱা! আমিতো আজীৱন বান্দী।

মাৰ সেই খং আমাৰ বাবে বৰ উপভোগ্য আছিল। মাৰ কথাটো মনত পৰি ওঁঠৰ কাষত হাঁহি এটি বিৰিঙি উঠিল। একেলগে এটি হুমুনিয়াহো ওলাই আহিল।

মায়েতো নাজানে, আজি প্ৰায় চাৰিশ কিলোমিটাৰ দূৰত গোটেই ৰাতি উজাগৰে আছে তেওঁৰ ছোৱালীজনী। মায়েতো নাজানে তেওঁৰ হাজাৰ প্ৰাৰ্থনাইও ভালে ৰাখিব পৰা নাই মোক। মোৰ নামত গোসাঁইৰ চৰণলৈ আগবঢ়োৱা শতগছ চাকিয়েও পোহৰ কৰিব পৰা নাই মোৰ চৌপাশ। মায়েতো নাজানে! মায়েহে নালাগে পৃথিৱীৰ কোনেও নাজানে যে আজি চাকৰি এটা হেৰুওৱাৰ বেদনাত অকণমানি কোঠা এটাত ওৰে নিশা জাগি ৰ'ল এজনী ছোৱালী। যিটো চাকৰি ছোৱালীজনীৰ বাবে কেৱল এটা চাকৰি নাছিল, সেয়া আছিল তাইৰ আশৈশৱ প্ৰেম। বুকুত জীয়ন দি ৰখা আলফুল হেঁপাহ।

ভালকৈয়ে পোহৰ হৈছিল। শুই উঠি বিছনাতে বহি চুলিখিনি খোপা এটা বান্ধি টেবুলখনলৈ হাত মেলি মোবাইলটো আনিলোঁ। চাৰে সাত বাজিছে। চাকৰিটোত সোমোৱাৰ দিনটোৰে পৰা আজি প্ৰথমবাৰলৈ ইমান দেৰিকৈ বিছনাৰপৰা উঠিলোঁ। নতুন ছোৱালীখিনিৰ প্ৰায়েই ৰাতিপুৱাৰ ভাগত ডিউটি পৰে। ৰাতিপুৱাৰ লাইভ অনুষ্ঠানটো কৰাৰ দায়িত্বত থাকে নতুনকৈ সোমোৱা ছোৱালীখিনি। চাৰিমাহত আজিলৈকে প্ৰায় বিশদিনমান ৰাতিপুৱাৰ অনুষ্ঠানটো কৰিছোঁ। গতিকে ৰাতিপুৱাই অফিচলৈ যাবলগীয়া হোৱাৰ লগতে ঘৰত কৰিবলগীয়া বিশেষ কাম কিছুমানৰ বাবেও সময়তকৈ সদায়েই সোনকালেই শুই উঠিবলগীয়া হয়। যেনে- "লাইভত আহিবলগীয়া অতিথিজনৰ বিষয়ে তথ্য কিছুমান সংগ্ৰহ কৰি কাগজ এটুকুৰাত কেইটামান প্ৰশ্ন তৈয়াৰ কৰা, প্ৰথমতে কোনটো প্ৰশ্নৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰিম একাদিক্ৰমে সেইবোৰ সজোৱা" আদি বিভিন্ন কাম যোৱাৰ আগতেই কৰি ল'বলগীয়া হয়। কেৱল টিভিত ওলোৱাৰ বাহিৰেও নিউজ এটা ৰেডি কৰা, PCR ত বহি ষ্টুডিঅ'ত থকা এংকৰগৰাকীক প্ৰতিটো কথাৰ নিৰ্দেশনা দিয়া, অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা সাংবাদিকসকলে পঠিয়াই দিয়া বাতৰিবোৰ ঠিককৈ যুগুতোৱা আদি কত যে কাম এটা নিউজ চেনেলত থাকে সেয়া এতিয়াহে বুজি উঠিছোঁ। সপ্তাহটোত মাত্ৰ দুদিন দেৰিকৈ অফিচলৈ যাব লাগে। গোটেই সপ্তাহটো সোনকালে উঠাৰ অভ্যাসৰ বাবে দেৰিকৈ অফিচ থকা দুদিন আৰু শুক্ৰবাৰৰ মোৰ ডিউটি নথকা দিনটোতো সোনকালেই  সাৰ পাই যাওঁ। 

টেবুলৰ সন্মুখৰ বেৰখনত আঠা লগাই থোৱা ডিউটি লিষ্টখনলৈ চকু গ'ল। আজিও মোৰ ৰাতিপুৱাৰ ডিউটিয়েই আছিল। আনদিনা হোৱা হ'লে অফিচলৈ গৈ পোৱাৰ ডেৰ ঘণ্টা সময় ইতিমধ্যেই পাৰ হৈ গ'লহেতেন। 

ডেস্কৰ অনুজা বা,লোপামুদ্রা বা, চৈতালী, ডিটিপিৰ ৰাজীৱদাহঁতে বোধহয়  কথাবোৰ পাতিছে। কথাটো ইতিমধ্যে চাগে সকলোৱে জানি গৈছে। বিভিন্ন মুখৰোচক কাহিনীৰে সকলোৱে চাগৈ জানি গৈছে কৃষ্ণাক্ষী বৰুৱা নামৰ ছোৱালী এজনীক হঠাৎ অফিচলৈ মাতি হাতত এখন 'গুড লাক' লিখা কাগজ থমাই দি গতিয়াই বাহিৰ কৰি দিয়াৰ কথা। সকলোৱে চাগৈ ইতিমধ্যে মোক উলিয়াই দিয়াৰ কাৰণবোৰো জানি গৈছে। কেৱল নাজানোঁ মই। মোৰ বাহিৰে মোক উলিয়াই দিয়াৰ কাৰণ হয়তো ইতিমধ্যে সকলোৱে জানিছে। মোৰো বৰকৈ জানিবলৈ মন গ'ল কি ভুলৰ বাবে এই গুৰু শাস্তি মই পাবলগীয়া হ'ল। 

লৰালৰিকৈ মোবাইলটো খুচৰি চালোঁ। জানোচা সোমায়েই আছে চৈতালীৰ এটা মেছেজ! জানোচা মিছড কল হৈ সোমাই আছিল এটা ফোনকল! 

কিন্তু নাছিল! কোনো মেছেজ বা মিছড কল মোবাইলটোত নাছিল। কিন্তু এতিয়াও ৱাটচ এপত অনলাইন আছিল তাই।

হঠাৎ দুৱাৰত দুবাৰমান টোকৰ পৰিল। 

: ঐ ছোৱালী! কৃষ্ণাক্ষী! ইমান দেৰি শুই আছা কিয়? গা ভালে আছেতো! কালি বৰষুণখনত ইমানকৈ তিতিছা!

দেৱাশ্ৰী বাৰ মাত।

লৰালৰিকৈ খুলি দিলোঁগৈ দুৱাৰখন। কথা কৈ কৈয়েই সোমাই আহিল তাই। ডিব্ৰুগড়ৰ ছোৱালী দেৱাশ্ৰী বা। কোঠাটোলৈ অহা ছয়মাহ মানহে হৈছে। লখৰাৰ ফালৰ কিবা কোম্পানী এটাত চাকৰি কৰে। প্ৰায় চাৰে পাঁচ ফুট উচ্চতাৰ ছোৱালীজনী দেখিবলৈ সাংঘাতিক ধুনীয়া। আমাৰ চৌহদটোত মোৰ বাহিৰে কাৰোৰে লগতে কথা নাপাতে তাই। মোলৈ বাটি এটাতে কেতিয়াবা মাংস অকণ, কেতিয়াবা মাছৰ জোল অকণমান লৈ অহা ছোৱালীজনীক মোৰ কিবা বৰ নিজৰ যেন লাগে। তাইৰ জীৱনৰ বহুতো গোপন কথাৰো একমাত্ৰ শ্ৰোতা মই। বাৰ প্ৰথম প্ৰেম,বৰ্তমানৰ প্ৰেমিক হিমাংশু দা, ঘৰৰ কথা আনকি মৰমৰ নামত দেউতাকৰ বন্ধুৰ অশ্লীল স্পৰ্শও বায়ে মোৰ আগত কৈ থৈছে। 

ইমানখিনি তাই কোৱাৰ পাছতো মই মোৰ একো কথা বাক নোকোৱাৰ বাবে মই তেওঁক বিশ্বাস নকৰো বুলি আপত্তি এটাও মিহিকৈ বহুসময়ত কৰি থৈছে। কিন্তু তাইক কেনেকৈ বুজাও যে কাৰোৰে আগত মোৰ জীৱনৰ কোনো কথাই কেতিয়াও মই শ্বেয়াৰ কৰি পোৱা নাই! জীৱনৰ বিভিন্ন দুখ অকলে অকলে গিলিছোঁ বহু সময়ত। গোটেই ৰাতি উচুপি ৰাতিপুৱা কোনেও নজনাকৈ হাঁহি হাঁহি উঠি আহিছোঁ বিছনাৰ পৰা।

কোঠাটোলৈ প্ৰায় হুলস্থুল কৰি সোমাই আহিল দেৱাশ্ৰী বা।

: কেতিয়াও ইমান দেৰিলৈকে শুই নথকা ছোৱালীজনী শুই থাকিলে চিন্তাটো হ'বই ন? আজি অফিচ নাই? নে আমাৰ নিচিনাকৈ তুমিও দেওবাৰে বন্ধ পোৱা হ'লা?

হাঁহি হাঁহি কৈ উঠিল তাই।

অফিচ নাই? 
কি বুলি উত্তৰ দিওঁ মই? 
কওঁ নেকি, কালিলৈকে আছিল। আজিৰ পৰা নাই।
কি ক'ব পৰা যায়?

মনে মনে ৰ'লো মই। একেবাৰে নিমাতে। আজি মোৰ মুখৰ পৰা মিছা কথা এষাৰ ঘপকৈ দেখোন ওলাই নাহিল। তাৰ পৰিৱৰ্তে বাৰ চকুলৈ চাই থাকিলোঁ মই। বায়ে এইবাৰ নিজৰ হাতখন মোৰ কপালত লগাই কৈ উঠিল

: জ্বৰ চৰো নাই। মনটো বেয়া নেকি? 

"মনটো বেয়া নেকি?"
উফ! এই প্ৰশ্নটো কিয় মোক কালিৰে পৰা কোনেও সোধা নাছিল? ৰিছেপশ্যনিষ্ট অৰুণীতা, চিকিউৰীতি গাৰ্ড বৰতাজন, ৰাতি ফোন কৰা দেউতা সকলোৱে ইমানবোৰ প্ৰশ্ন কৰিলে কিন্তু কোনেও মোক এই প্ৰশ্নটো কালিৰে পৰা কিয় সোধা নাছিল? কেতিয়াবা মন বেয়া হোৱা মানুহক কেৱল এই প্ৰশ্নটোৰেই যে প্ৰয়োজন। মাথোঁ প্ৰয়োজন আকুলভাৱে সোধা এনে এটা কথাৰ।

কেতিয়াও কোনো কথাই শ্বেয়াৰ নকৰো বুলি আপত্তি কৰা দেৱাশ্ৰী বাক আজি মোৰ এই কথাটো ভগাই ল'বলৈ বৰ মন গ'ল। বুকুৰ ভিতৰৰ পৰা কোনোবাই যেন কৈ উঠিল

"আৰু নহয়! আৰু নক'বিচোন মিছা কথা। কাৰোবাৰ সৈতে ভগাই ল কথাবোৰ। পাতল কৰ বুকুখন।"

এইবাৰ মই দেৱাশ্ৰী বাক বৰ লাহে লাহে কৈ উঠিলোঁ

: তোমাৰ ওচৰত অকণমান সময় হ'ব নেকি বা? অলপ কথা পাতিব পৰাকৈ?

চিৰাচৰিত উৎসাহী কণ্ঠৰে বায়ে কৈ উঠিল

: একদম হ'ব। সময়েই সময়। আজি তাতে দেওবাৰ। গতিকে মোৰ অফিছো নাই। কোৱাচোন। 

কোৱাচোন শব্দটো কৈও ' ৰ'বা এক মিনিট' বুলি বাধা দি উঠিল তাই। 

: তুমি এইমাত্ৰ শুই উঠিছাহে। এটা কাম কৰা। মই চাহ কৰোগৈ। তুমি মুখ হাত ধুই মোৰ ৰূমলৈ আহাঁ। চাহো খাম, কথাও পাতিম। হ'ব?  

কথাষাৰ কৈয়ে মোৰ গালত হাতখনেৰে মৰম কৰি মোৰ উত্তৰলৈ অপেক্ষা নকৰাকৈ ওলাই গ'ল দেৱাশ্ৰী বা। তাই তেনেকুৱাই। নিজৰখিনি কৈ আনৰ উত্তৰলৈ বাটেই নাচায়। 

মই ৱাশ্বৰুমলৈ গৈ ব্ৰাছ কৰি চকুহাললৈ পানী এসোপা সৰহকৈ মাৰি পঠিয়ালোঁ। চকুহাল পুৰিছিল। হয়তো গোটেই ৰাতি নোশোৱাৰ বাবেই। 

হয়তো নহয়। হয়েই! দহদিনমানৰ আগতে ৰাতি প্ৰায় এঘাৰ বজাত মোলৈ অহা সেই মেছেজবোৰেও যে মোক গোটেই ৰাতি সাৰে ৰাখিছিল। সেইদিনাও এনেকৈয়ে পুৰিছিল চকু। আৰু মেছেজকেইটা চৈতালীৰ আগত কান্দি কান্দি দেখুৱাওতেও এনেকৈয়ে পুৰিছিল মোৰ চকুহাল।

মুখখন মোহাৰি শুই উঠা কাপোৰসাজ সলাই পাইজামা এটা আৰু ঢিলা টপ এটা গাত সুমুৱাই ল'লো। প্ৰায় দহ মিনিটৰ পাছতে খটখটালোঁ দেৱাশ্ৰী বাৰ কোঠাৰ দুৱাৰত। দুৱাৰখন খুলিয়েই মোক বহুৱাই পাকঘৰলৈ গৈ ট্ৰে' এখনত চাহ,কল,বিস্কুট আৰু কিবাকিবি সজাই ওলাই আহিল তাই আৰু ইণ্ডিয়ান আইডলৰ এংকৰজনে কোৱাৰ দৰে সেই একেই ভংগীত কৈ উঠিল

: প্ৰেজেন্টিং চাহ আৰু বিস্কুট ফ্ৰম দেৱাশ্ৰীচ কিটচেন। চাহকাপ গ্ৰহণ কৰক মেমচাহাব।

ট্ৰে'খনৰ সৈতে মানুহজনীও প্ৰায় ঘূৰি কথাখিনি কোৱা তাইৰ ভংগীটোত হাঁহি পেলালো। কালি তিনিমান বজাৰ পৰা এতিয়া আঠ বজালৈকে এই সোতৰ ঘণ্টা সময়ত প্ৰথমবাৰ ভালকৈ হাঁহিলোঁ মই। 

সুখৰ সময়ত হাঁহিবলৈ জানো বন্ধু লাগে? কিন্তু মৃত্যুসম দুখৰ সময়তো যিজনে এনেকৈ হঁহুৱাব পাৰে তেওঁ জানো ঈশ্বৰতকৈ কম? 

কিয় জানো হাঁহি থকাৰ মাজতো হাঁহি শেষ হোৱাৰ সময়লৈ মোৰ চকুত এটোপাল চকুপানী জিলিকি উঠিছিল। হয়তো বুকুৰ চকুপানীৰ সাগৰখনত এতিয়াও বাকী ৰৈছিলগৈ কেইটোপালমান চকুপানী। নে সাগৰখনে এতিয়ালৈকে মাত্ৰ এক চতুৰ্থাংশ পানীহে চকুৰে উলিয়াই দিছে? বাকীখিনি গোটেই জীৱনলৈ এটোপ এটোপকৈ উলিয়াবলৈ সাঁচি ৰখা নাইতো! 

চাহত চুমুক দিয়া দেৱাশ্ৰীবাৰ হঠাৎ চকু পৰিছিল মোৰ চকুপানীখিনিত। সন্মুখৰ বহি থকা চকীৰ পৰা উৰা মাৰি পৰিছিলহি মই বহি থকা বিচনাখনত। থুতৰিটোত ধৰি মৰমেৰে মূৰটো দুয়োহাতেৰে আঁজলি পাতি উঠাই বৰ আকুলভাৱে কৈ উঠিল

: কি হ'ল মাজনী? কিয় এনেকুৱা কৰিছ? কোনোবাই কিবা ক'লে? 

খুব মৰম লাগিলে বায়ে মৰমতে 'মাজনী' আৰু 'তই' বুলি সম্বোধন কৰা বাৰ পুৰণি অভ্যাস। মই মূৰটো দুপিয়াই উঠিলোঁ। সেই দুপিয়াই দিয়া মূৰটোৱে মুহূৰ্ততে কৈ গৈছিল কত যে কথা! মুখেৰে একো কোৱা নাছিলোঁ। কিন্তু মোৰ চকুযোৰে যেন ক'ব খুজিছিল

"কোনোবাই বহুত কিবা ক'লে বা। কেৱল কোৱাহে নালাগে ভাঙি ছিঙি ভৰিৰে মোহাৰি পেলালে। মই যে মই হৈ থকাই নাই!"

হুকহুকাই কান্দি উঠিলোঁ। বায়ে আলফুলে মোহাৰি দিলে চকুপানীবোৰ। প্ৰায় পাঁচ মিনিটমান সময় উচুপি থাকি লাহে লাহে কৈ গ'লো 'খবৰ24×7' ৰ সেই ৰিছেপশ্যনৰ পৰা অহা ফোনটোৰ কথা। কৈ গ'লো গীতাৰ্থ ভৰদ্বাজৰ কোঠাটোত হোৱা প্ৰতিটো কথা। ক'লো সেই বিশেষ কাগজখনৰ কথা। গোটেইবোৰ কথা মই বাক এটা এটাকৈ কৈ পেলালোঁ।

কথাবোৰ কৈ থকাৰ মাজতে হঠাৎ মোক বায়ে সুধি পেলালে

: অফিচত কোনোবা ডাঙৰ মানুহক কিবা কৈছিলা নেকি? যেনে কিবা কথাৰ বিৰোধিতা, কিবা কৰিবলৈ দিয়া কাম নকৰা?

চটফটাই উঠিলোঁ মই। কেনেকৈ বিশ্বাস দিওঁ তাইক; মই যে একোৱেই কৰা নাই। বাৰ কোঠাত 'চুমকি বস্ত্ৰালয়,ভৃগু মাৰ্কেট' বুলি লিখা গণেশ বাবাৰ ফটো থকা কেলেণ্ডাৰ এখন আছিল। এইবাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ প্ৰায় দৌৰি যোৱাদি গৈ মই হাত দিছিলোঁগৈ কেলেণ্ডাৰৰ গোসাঁইৰ চৰণত আৰু কৈ উঠিছিলোঁ

: বিশ্বাস কৰা বা। গণেশ বাবাৰ নামত শপত খাই কৈছোঁ, কোনোদিনে মই এনেকুৱা একো কৰা নাই। বৰঞ্চ মোলৈহে সেই চেনেলটোৰ এজন উচ্চপদস্থ মানুহৰ পৰা এনেকুৱা দুটামান মেছেজ আহিছিল ; যি মেছেজ আছিল বৰ অশ্লীল। 

এইবাৰ বিছনাৰ পৰা জাঁপ মাৰি উঠি আহিল দেৱাশ্ৰী বা। কেলেণ্ডাৰখনৰ কাষত ৰৈ থকা মোক ফুচফুচাই সোধাদি সুধি পেলালে

: কি মেছেজ?

প্ৰশ্নটো তাই ইমানেই ফুচফুচাই সুধিছিল যে মোৰ কাণতো বৰ সৰুকৈহে পৰিছিল সেই বাক্যটো। 

মনে মনে ৰ'লো মই। কাৰো লগত কথা ভগাই নোলোৱা বেমাৰটোৱে যেন আকৌ জুমুৰি দিহে ধৰিলে। মোৰ বাহু দুটাত ধৰি জোকাৰি দিলে তাই। 

: মোক কোৱা কৃষ্ণাক্ষী। কি মেছেজ?

মই মোবাইল খুলি দেৱাশ্ৰী বাক এটা এটাকৈ পঢ়িবলৈ দিছিলোঁ সেই অশ্লীল কথাবোৰ। মেছেজবোৰ পঢ়ি উঠি ভয়াৰ্ত্ত কন্ঠেৰে বায়ে মাথোঁ সুধিছিল

: কোন এইজন? কি নাম?

মই কোৱা নামটো শুনি থৰ হৈ ৰৈছিল তাই। নামটো জানো কেৱল তাইৰেই চিনাকি? এই নাম যে এতিয়া অসমৰ প্ৰতিজন মানুহৰে অতিকৈ চিনাকি। যি নাম শুনিলেই শ্ৰদ্ধাত দোঁ খাব খোজে মানুহ।

এখন হাত কঁকালত আৰু আনখন কপালৰ কুম দুটাত জোৰেৰে ধৰি কোঠাটোৰ ভিতৰতে বহুসময় খৰকৈ পাইচাৰি কৰি থাকিল তাই। এইবাৰ মোৰ কাষলৈ আহি গাৰ জোৰেৰে সাবটি ধৰিলে মোক। মোৰ হাতৰ মুঠিত থকা ৰঙা অকণমানি মোবাইল ফোনটো থাপ মাৰি লোৱাদি লৈ আকৌ এবাৰ পঢ়ি পেলালে মেছেজবোৰ। এইবাৰ তাই মোক আকৌ সুধিলে

: তুমি শ্বিঅ'ৰ নে এইটো তেওঁৰেই নম্বৰ? কিজানি তেওঁৰ নামত কোনোবাই...!

সোঁৱে বাঁৱে মূৰ জোকাৰিলোঁ মই আৰু কৈ উঠিলোঁ

: নহয় বা। কেৱল মেছেজতে নহয়। বহুবাৰ অফিচৰ পৰা সন্ধিয়া ঘূৰি আহোঁতে তেওঁ মোক লগ কৰি কৈ পেলাইছে এনেকুৱা বহুতো কথা। বহুবাৰ ফোন কৰিও  দিছে এনে বহুতো অশ্লীল প্ৰস্তাৱ। এইটো তেওঁৰেই নম্বৰ।

এটা চেপা কণ্ঠৰে দেৱাশ্ৰী বাই এইবাৰ মোক সুধিলে

: অফিচত কোনোবাই জানে নেকি এই মেছেজবোৰৰ কথা? কোনোবা এজন মানুহেও?

মই পলকতে কৈ পেলাইছিলোঁ কি কৰোঁ উৱাদিহ নাপাই এদিন এই মেছেজবোৰ চৈতালীক দেখুওৱাৰ কথা। লগতে ক'বলৈ পাহৰা নাছিলোঁ তাই যে মোৰ বৰ ভাল বান্ধৱী। 

ইমান দেৰি মোৰ বাহুত ধৰি থকা হাতখন এৰুৱাই লাহে লাহে বায়ে মুখেৰে বিৰবিৰাই উঠিল মাথোঁ দুটা শব্দ -

'মূৰ্খ ছোৱালী!'

এখন্তেক বাৰ মুখলৈ চাই থাকি পিছমুহূৰ্ততে মই ভাবি পেলাইছিলোঁ আকৌ এটা চাকৰি বিচৰাৰ কথা। এটা চাকৰিৰ বাহিৰে এই মুহূৰ্তত কোনো কথাই চিন্তা কৰিব নোৱাৰা হৈ পৰিছিলোঁ মই। কোনোবাই যেন চিঞৰি চিঞৰি পৃথিৱীৰ আটাইতকৈ মূৰ্খ ছোৱালীজনীৰ আখ্যা দিলেও তাক মিছা প্ৰতিপন্ন কৰাৰ সময়ো এতিয়া মোৰ ওচৰত নাছিল।

মোৰ মনটো বেয়া লাগি থকাৰ বাবে বায়ে মোক যাবলৈ নিদি তাইৰ কোঠাতে বহুৱাই থ'লে বহুপৰ। দেওবাৰ হোৱাৰ বাবে আজি তাইৰ বিশেষ কামো নাছিল। কোঠাত থকা তাইৰ অকণমানি টিভিটো মোৰ মনটো ভাল লগাবলৈকে অন কৰি দিলে তাই। টিভিটো অন হোৱাৰ লগে লগে পৰ্দাত ভাঁহি আহিছিল সেই বিশেষ মানুহজন। কটা ঘা এটুকুৰাত যেন কোনোবাই এজেবা নিমখ সানি দিছিল।

মই মুখখন ঘূৰাই দিছিলোঁ। চূড়ান্ত খং আৰু বিতৃষ্ণাৰে দেৱাশ্ৰী বায়ে টিভিটোলৈ চাই খিৰিকীখনেৰে থুৱাই দিছিল।

টিভিটো বন্ধ কৰি বহি থাকিলোঁ দুয়োজনী। 
নিমাতে। নিস্তব্ধে।
কোঠাটোত এতিয়া মাথোঁ নীৰৱতা।

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ