সূৰ্যফুলৰ দেশলৈ খণ্ড 3
#সূৰ্যফুলৰ_দেশলৈ
খণ্ড ৩
কিমান দেৰি বৰষুণজাকত মই তিতি থাকিলোঁ ক'বই নোৱাৰিলোঁ। কাষৰ কোঠাৰ দেৱাশ্ৰী বায়ে খটককৈ খিৰিকীৰ পাল্লাখন খুলি দিয়াতহে বাস্তৱলৈ আহিলোঁ। বৰষুণজাক উপভোগ কৰিবলৈকে হয়তো খিৰিকীখন খুলিছে তাই। দেৱাশ্ৰী বাক খিৰিকীৰে বৰষুণৰ আমেজ লোৱা মই আগতেও বহুবাৰ দেখিছোঁ, বৰষুণ ভাল পায় তাই।
সচকিত হৈ উঠিলোঁ। মোক এনেকৈ বৰষুণত তিতি থকা অৱস্থাত দেখিলে হাজাৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব মই। আজি যে কাৰো লগত কথা পতাৰ বা কাৰোৰে প্ৰশ্নৰে কোনো উত্তৰ দিব পৰাৰ অৱস্থাতেই মই নাই। লৰালৰিকৈ ভিতৰলৈ যাবলৈ খোজোতেই বায়ে ৰিঙিয়াই উঠিল
: ঐ ছোৱালী। বৰষুণত তিতি আছা কিয় হা?
নেদেখক বুলি বাৰে বাৰে ভাবোঁতেও তাই মোক দেখি গৈছিল। একো প্ৰশ্ন নকৰক বুলি ভাবোঁতেও তাই মোক সুধি পেলাইছিল প্ৰশ্নটো। কি ক'লে ভাল হ'ব একো ধৰিব নোৱাৰি খপজপাই কৈ পেলালোঁ
: অফিচৰ পৰা আহি চেন্ডেলযোৰ বাহিৰতে খুলি থৈছিলোঁ বা। তাকে আনিবলৈ আহোতেই তিতি গ'লো চোৱা!
আৰু একো প্ৰশ্নলৈ অপেক্ষা নকৰাকৈ মিছা কথা এটা কৈ লৰালৰিকৈ ভিতৰলৈ সোমালো। দিনটোৰ তিনি নম্বৰটো মিছা কথা এইমাত্ৰ মই কৈ পেলালোঁ। প্ৰথমতে ৰিছেপশ্যনৰ ডঁহা চকুৰ ধুনীয়া ছোৱালীজনীক, তাৰ পিছত দেউতাক আৰু এতিয়া দেৱাশ্ৰী বাক।
কিন্তু কি কৰোঁ?
তাৰ বাহিৰে যে মোৰ কোনো উপায়েই নাছিল!
দুখবোৰ কাকো খুলি দেখুৱাব নোৱাৰা মানুহৰেইতো পৃথিৱীত আটাইতকৈ কষ্ট বেছি। বুকুত এবোজা দুখেৰে ওঁঠত হাঁহি বিৰিঙাই ৰোৱা মানুহবোৰৰ ওঁঠৰ সেই হাঁহিটোতো যে অহৰহ কান্দোনেই থাকে সেয়ানো কোনে জানে? বুজে কোনে! দেখে কোনে সেই অদৃশ্য চকুপানী!
বৰ ভোক লাগিছিল। ভাত ৰান্ধিবলৈ মন নগ'ল। মেগীৰ পেকেট এটা ফালি চাহ কৰা চচটোতে বঢ়াই দিলোঁ। চচটোৰ পানীখিনিত মেগীবোৰ টুকুৰা টুকুৰকৈ ভাঙি থাকোঁতেহে মনলৈ আহিল মই যে মেগীবোৰ টুকুৰা হৈ যোৱাতকৈ দীঘল দীঘলকৈ খাইহে ভাল পাওঁ। বনাবলৈ শিকাৰে পৰা আজি প্ৰথমবাৰ ইমান গুৰি কৰি ভাঙি পেলালোঁ মেগীখিনি। মচলাৰ পেকেটটো ফালি দি গেছটো চিমত ৰাখি বিচনাখনত বহি পৰিলোঁ।
শাৰী শাৰী ভাড়াকোঠাৰ কোনোবা এটাত সন্ধিয়াৰ বাতৰি বজাইছিল। বৰষুণ কমিছিল বোধহয়। কাণত পৰিল বাতৰি পঢ়ি থকা জুপিতৰা বাৰ মাতটো। মংগলদৈৰ ফালে দৰা গাড়ী এখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ অনর্গল দি গৈছিল জুপি বায়ে। আজি গোটেই দিনটো এই নিউজটো বাজিছে। ৰাতিপুৱা লাইভো গৈছিল। প্ৰায় পাঁচ ঘণ্টা ধৰি এটোপাও পানী মুখত নিদিয়াকৈ অহৰহ জুপি বায়ে পৰিবেশন কৰি গৈছিল বাতৰিটো। এনেকুৱাকৈ বহুদেৰিলৈকে লাইভ কৰিবলগীয়া বিষয় থাকিলে চেনেলে জুপি বাকেই বিচাৰে। কালি নাইট ডিউটি কৰি গৈ আজি আকৌ ব্ৰহ্মপুৱাতে আহিবলগীয়া হোৱাত ভোৰভোৰাই থকা জুপি বাৰ ৰাতিপুৱাৰ চেহেৰাটোলৈ মনত পৰি গ'ল মোৰ। নিউজৰূমটোলৈ সোমাই যোৱালৈকে চেনেলটোৰ অশান্তিদায়ক চিষ্টেমবোৰক গালি পাৰি যোৱা জুপি বায়ে কেনেকৈ যে তাৰ পিছমুহূৰ্ততে লাইভত ইমান ধুনীয়াকৈ মুখত হাঁহি এটি ফুটাই কৈ উঠিছিল
: নমস্কাৰ পুৱাৰ বাতৰি পঢ়িছোঁ জুপিতৰা কলিতাই।
আচলতে সংবাদ মাধ্যমৰ এই ৰঙীন পৃথিৱীখনত ভৰি দিওঁতেই সকলোৱে কিজানি শিকি পেলায় দুখবোৰ লুকুৱাবলৈ। বুকুত খুন্দ খাই থকা বেজাৰ এসোপা লৈয়ো দুওঁঠত হাঁহি বিৰিঙাব পৰা কলা জানে সংবাদ মাধ্যমৰ মানুহবোৰে। ক'ৰবাত এবাৰ শুনিছিলোঁ এগৰাকী জনপ্ৰিয় বাতৰি পৰিবেশিকাই আধা বাতৰি পৰিবেশন কৰি থাকোঁতেই গম পাইছিল তেওঁৰ পিতৃৰ মৃত্যু হোৱাৰ কথা। তাৰ পাছতো প্ৰকৃতিস্থ হৈ শেষ কৰিছিল গোটেই এক ঘণ্টাৰ বাতৰি।
তন্ময় হৈ ৰাতিপূৱা চাই ৰৈছিলোঁ বাতৰি পঢ়ি থকা জুপি বাৰ মুখখনলৈ। লাইভটো কৰিয়েই ঘৰলৈ গুচি গৈছিল তাই। হয়তো সন্ধিয়াৰ বাতৰি পঢ়িবলৈ আকৌ তায়েই আহিবলগীয়া হ'ল। দুগৰাকী এংকৰ চুটিত থকাৰ বাবে এনেকৈ কাম কৰিবলগীয়া হৈছে । নতুন ছোৱালী এজনীক দিনত বাতৰি পঢ়িবলৈ দিলেও ফটকৈ প্ৰাইম টাইমৰ সাত বজাত বাতৰিটো কোনোপধ্যেই যে দি দিব পৰা নাযায়। এই সময়খিনিত আটাইতকৈ বেছি টি আৰ পি অহাৰ সম্ভাৱনা থাকে।
হঠাৎ কিবা এটা পোৰাৰ গোন্ধ ওলোৱাত চাই দেখোঁ চচটোত বঢ়াই থৈ অহা মেগীখিনি তলত লাগি জ্বলিবলৈ ধৰিছিল। চচটো ক'লা পৰি ধোঁৱাই গৈছিল ঠাইখিনি। জাপ মাৰি উঠি গৈ লৰালৰিকৈ গেছটো বন্ধ কৰি ফুঁৱাই ফুঁৱাই চামুচ এখনেৰে মেগীখিনি লৰাই দিলোঁ। তলৰ খিনি বাৰুকৈয়ে জ্বলিছিল। এৰুৱাব নোৱাৰাকৈ। তথাপি আকৌ এবাৰ বনাবলৈ মোৰ একেবাৰে মন নগ'ল। ওপৰৰ পৰা চামুচখনেৰে চাকি লৈ খাব পৰা হৈ থকা মেগীখিনি বাটি এটাত উলিয়াই ল'লো। আনদিনা হোৱা হ'লে এইখিনি কোনোপধ্যেই মই খাব নোৱাৰিলোঁহেঁতেন। কিন্তু আজি মই আকৌ এবাৰ বনাই খাব পৰা মানসিক অৱস্থা এটাত যে সমূলি নাছিলো। ভুজিয়াৰ পেকেট এটা আনি থোৱা আছিল। সেইটোকে ফালি অলপমান মেগীখিনিৰ ওপৰত চটিয়াই লৈ বিছনাৰ গাৰুটোত আউজিলোঁ।
জুপি বাই তেতিয়াও বাতৰি পঢ়ি আছিল। মোৰ মনত পৰিল, কেনেকৈ সদায় টিভিত দেখি থকা জুপি বাক প্ৰথমবাৰ সন্মুখৰ পৰা দেখোঁতে মই 'ৰ' লাগি চাই আছিলোঁ। অনবৰতে গান এটা গুণগুণাই থকা জুপি বাক কিয় নাজানো মোৰ সাংঘাতিক মৰম লাগিছিল আৰু মানুহজনীক দেখিলেই মনৰ ভিতৰৰ পৰা জাগি উঠিছিল এক মৰম মিহলি শ্ৰদ্ধাৰ ভাৱ। এংকৰিং খুব ধুনীয়া কৰাৰ লগতে গানো গাই জুপি বাই। তদুপৰি অসমীয়াৰ সমান্তৰালকৈ হিন্দী আৰু ইংৰাজী ভাষাৰ ইমান দক্ষতা অসমৰ বহুত কম এংকৰৰহে দেখা যায়।
নিউজৰূমলৈ দুজন কেমেৰা পাৰ্চন আৰু বাতৰি পৰিবেশিকাৰ বাদে অন্য মানুহৰ প্ৰৱেশ নিষিদ্ধ থাকে। এদিন মই জুপিবাৰ পৰা অনুমতি লৈ আৰু গোটেই বাতৰি পঢ়ি থকা সময়খিনিত এটাও শব্দ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰি নিউজৰূমত বহি চাইছিলোঁ জুপি বাই বাতৰি পঢ়াৰ সেই দৃশ্য। ধুনীয়া মেক আপেৰে গাঢ় নীলা ব্লেজাৰ এটা পিন্ধি বাতৰি পঢ়ি থকা জুপি বাক নিউজৰুমৰ দুৱাৰৰ কাষত থিয় হৈ থৰ হৈ চাই ৰৈছিলোঁ মই। সপোন দেখিছিলোঁ এদিন জুপি বাৰ দৰে বাতৰি পঢ়াৰ। সেইদিনা ঘৰলৈ আহি উৰাই ঘূৰাই পঢ়ি চাইছিলোঁ বাতৰি কাকতখন। এদিন তেওঁ মোক কৈছিল-
: বুজিছা কৃষ্ণাক্ষী, এই চৈতালীহঁততকৈ তুমি এদিন ভাল কাম কৰিবা জানা! তোমাৰ দৰে স্পষ্ট আৰু ইমান ধুনীয়া মাত এংকৰিঙৰ বাবে বৰ উপযুক্ত। স্ক্ৰীনতো তোমাক খুব ধুনীয়া দেখি।
মোৰ সেইদিনা আনন্দৰ পাৰ নোহোৱা হৈছিল। জুপি বাৰ মুখৰ পৰা এই কথাষাৰ শুনা কোনোবা ঈশ্বৰৰ আকাশবাণী শুনাতকৈ কম নাছিল মোৰ বাবে। কাষতে ৰৈ থকা চৈতালী উচাৎ মাৰি খৰধৰকৈ ঠাইখিনিৰ পৰা আঁতৰি গৈছিল। হঠাৎ আনন্দৰ মাজতো ক'ৰবাত যেন মই দুখ পাইছিলোঁ। মোৰ এনেকুৱা লাগিছিল জুপি বাই মোৰ লগতে চৈতালী বা দ্বিপান্বিতাকো কওকচোন 'তোমালোক সকলোৱে বৰ ভাল কাম কৰি আছা' বুলি। সেইদিনা গোটেই দিনটো চৈতালীয়ে মোৰ সৈতে ভালকৈ কথা পতা নাছিল।
আজি এই উদাসী সন্ধিয়াটোত জুপি বাৰ সেই ভাললগা মাতটোৱেও মোক বৰ অশান্তি দিছে।
বাতিটোৰ মেগীখিনি খাবলৈ অত্যন্ত বেয়া হোৱাৰ সত্বেও চুচি মাজি খাই পেলাইছিলোঁ মই। খাই উঠি বাতিটো বেচিনটোত থৈ ঘূৰি চাওঁতেই হঠাৎ মোৰ চকু গ'ল অফিচৰ পৰা আহি চকীখনত থৈ দিয়া বেগটোলৈ। কিয় জানো মোৰ বৰ মন গ'ল বেগৰ ভিতৰত থকা সেই কাগজখন এবাৰ পঢ়ি চাবলৈ। কাগজখনত লিখা মূল কথাটো গীতাৰ্থ ভৰদ্বাজে কোৱাৰ বাহিৰে কাগজখনত কিনো লিখা আছিল সেয়া মই এটা শব্দও এতিয়ালৈকে পঢ়িয়েই চোৱা নাছিলোঁ। এখোজ দুখোজকৈ গৈ বেগটোত হাত দিলোঁ। বেগটোৰ চেইনডাল মই ইমান লাহে লাহে আৰু ভয়ে ভয়ে খোলাৰ দৰে খুলিবলৈ লৈছিলোঁ যেন এই বেগটোত বোমা এটা আছে বুলি ইতিমধ্যে জনাজাত হৈ গৈছে আৰু সেই বেগটো খোলাৰ দায়িত্ব পৰিছে মোৰ ভাগত। চেইনডাল আধালৈকে খোলাৰ পিছতো মই আকৌ ভাবি উঠিলোঁ
"খোলো নে? নে ৰাতিপূৱালৈকে অপেক্ষা কৰো? গোটেই ৰাতি অকণমান সাহস গোটাই লওঁ নেকি!"
পিছমুহূৰ্ততে মনটোৱে আকৌ কৈ উঠিল-
" খুলিতো চা। কি বা লিখা আছে কাগজখনত! কিজানি লিখাই আছে গোটেই অফিছটোত যোৱা চাৰিটামাহৰ পৰা কাম কৰি অহা আটাইতকৈ বেয়া ছোৱালীজনী 'কৃষ্ণাক্ষী বৰুৱা'ই আছিল বুলি! কিজানি লিখাই আছে কৃষ্ণাক্ষী বৰুৱাক আৰু কোনো সংবাদ মাধ্যমত চাকৰি নিদিবলৈ অনুৰোধ জনাই লিখা কথা এষাৰ? "
এইবাৰ চেইনডাল খুলি একে আজোৰে কাগজখন উলিয়াই আনিলোঁ। কোঠাটোৰ ভিতৰত আখৰ পঢ়িব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ পোহৰ থকাৰ পিছতো টেবুল লেম্পটো জ্বলাই ল'লো মই। কাগজখন লেম্পটোৰ একেবাৰে তলতে ৰাখিলো। কাগজখনত কি লিখা আছে প্ৰতিটো শব্দৰ বিষয়ে জনাৰ পিছতো কাগজখন পঢ়িবলৈ লৈ নিজৰ বুকুৰ ঢক্ ঢক্ শব্দ নিজেই শুনা পালোঁ। সকলো হেৰাই যোৱাৰ পাছতো কি হেৰুওৱাৰ ভয়ত এনেকৈ কঁপে মানুহৰ বুকু?
হাতত পেঞ্চিল এডাল লৈ প্ৰতিটো শাৰীৰ তলত পেঞ্চিলডালৰ পিছফালৰ অকণমানি ৰবৰৰ অংশকণেৰে ঘঁহাই ঘঁহাই জুপি জুপি কাগজখন এনেদৰে পঢ়িলোঁ যাতে কাগজখনৰ এটা শব্দও মোৰ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰে। বহুখিনি কথাৰে আৰম্ভ কৰি কাগজখনৰ একেবাৰে শেষ অংশত লিখা আছিল
" We are going to miss you here. Good luck for your new endeavor and the never-ending adventures. See you soon! "
'Good luck' শব্দটোত মোৰ চকুহাল বাৰে বাৰে ৰৈ গ'ল। কোনে কাক শুভকামনা জনাইছে? যি নিজ হাতে ভাঙি চুৰমাৰ কৰিছে মোৰ অতদিনে জীয়ন দি ৰখা এটা আলফুল সপোন? যি গছকি ফেনেকি মোহাৰি পেলাইছে মোক, তেওঁ মোক শুভকামনা জনাইছে? লিখিব লাগে বাবেই কেনেকৈ মানুহে লিখি পেলাব পাৰে এসোপা মিছা কথা? লিখাৰ নিয়ম বাবেই কেনেকৈ মানুহে বুকুত কিঞ্চিতমানো শুভবোধ নথকাকৈ লিখি পেলাব পাৰে ইমানবোৰ কথা?
বৰ হাঁহি উঠিল মোৰ। বৰ জোৰেৰে এইবাৰ মই হাঁহি উঠিলোঁ। এপাকত মন গ'ল গীতাৰ্থ ভৰদ্বাজৰ দৰে হাতৰ পেঞ্চিলডালেৰে টেবুলখনত টুকুৰিয়াই গুণগুণাই গাই পেলাওঁ নেকি এটা গান?
কাগজখন আলফুলে ভাঁজ কৰি টেবুলখনত মোবাইলটোৰে হেঁচা মাৰি থৈ টেবুল লেম্পটো বন্ধ কৰি দিলোঁ। বন্ধ কৰি পেলালো ৰুমৰ জ্বলি থকা লাইটটোও। আন্ধাৰ হৈ পৰিল গোটেই কোঠাটো। খুলি দিলোঁ চুলিখিনি সামৰি ৰখা ক্লিপডাল। 'দন্ত্য দ' টোৰ দৰে ভাঁজ এটা লৈ, পিন্ধি থকা ফ্ৰকটোৰ চেপত দুয়োখন হাত নমস্কাৰৰ ভংগী এটাত ভৰাই বিছনাত পৰিলোঁ মই। গাৰুটোৰ চাৰিওফালে বিয়পি পৰিল মোৰ অবাধ্য দীঘল চুলিকোঁচা।
বিচনাখনত পৰোঁতেই হাজাৰ কথাই জুমুৰি দি ধৰিলে। আচলতে ইমানবোৰ কথা হৈ যোৱাৰ পিছত এতিয়াহে যেন মই কথাবোৰ ভালকৈ ভাবিবলৈ সময় পালোঁ।
কিয়? কি দোষ? কাৰ ভুল?- এনে বহুবোৰ কথাৰ উত্তৰ যেন তেতিয়াহে মই বিচাৰিবলৈ সুৰুঙা পালোঁ। যোৱা চাৰিটা মাহৰ গোটেই দিনবোৰ এটা এটাকৈ মনলৈ আনি থাকিলোঁ। ভাবিবলৈ চেষ্টা কৰিলোঁ যোৱা চাৰি মাহৰ কোনটো ঘটনাই মোক আজি এই কাগজখনৰ সৈতে গতা এটা মাৰি অফিচটোৰ পৰা উলিয়াই এইখিনি পোৱালেহি ?
কি কাৰণ? ভুল ক'ত হ'ল? কোনো যেন ভুলৰ কথাই মোৰ মগজুত বাহৰ পাতিবহি নোৱাৰিলে। এই চাৰিটা মাহত প্ৰতিবাৰ প্ৰতিটো কাম কৰাৰ পাছতেই পাইছোঁ সকলোৰে প্ৰশংসা। প্ৰতিবাৰ এংকৰিং কৰি ওলাই অহাৰ পাছতেই সকলোৱে বুৰাই পেলাইছে মৰমেৰে। কেতিয়াও কোনোদিনেই কামক লৈ কোনো কথা শুনিবলগীয়া হোৱা নাই মই। আনকি কেতিয়াবা ডিউটিৰ সময় শেষ হোৱাৰ পিছতো অন্য কাৰোবাৰ আহি পোৱা দেৰি হ'লে কতবাৰ মই বিৰক্তিৰ কোনো চিন মুখত নোহোৱাকৈ কৰিছোঁ দুই তিনিঘণ্টালৈকে অতিৰিক্ত কাম। একাদ্ৰিক্ৰমে এটা এটাকৈ দিন মনত পেলাই হঠাৎ মোৰ মনত কথা এটাই খুন্দা মাৰিলে। যেন পৰিষ্কাৰ নীলা আকাশ এখনত ক'ৰবাত ৰৈ আছিল এচপৰা ক'লা মেঘ।
কথাটো মনলৈ অহাৰ লগে লগে ধহমহাই বিছনাত বহি পৰিলোঁ মই। একেজাপে গৈ হাত দিলোঁগৈ লাইটৰ চুইটছত। ৰূমটো পোহৰ কৰি উৰা মাৰি পৰিলোঁগৈ টেবুলৰ ওপৰত থকা মোবাইলটোত। কনটেক্ট লিষ্টত পাগলৰ দৰে বিচাৰিবলৈ ধৰিলো চৈতালীৰ নম্বৰ। সময় চালোঁ। 'ন' বাজি পাঁচ মিনিট গৈছে মাত্ৰ। গুৱাহাটীত এয়া একো ৰাতি নহয়। আচলতে গুৱাহাটীত যে কোনোকালে ৰাতিয়েই নহয়। মহানগৰী সদায়েই সাৰে থাকে।
ডায়েল কৰিলোঁ চৈতালীৰ নম্বৰ। কাৰোবাৰ সৈতে কথা পাতি আছিল তাই। কলটো ৱেইটিঙত আছিল। অধৈৰ্য হৈ পৰিলোঁ মই। লগে লগে আকৌ ডায়েল কৰিলোঁ নম্বৰটো। কথাই পাতি আছিল তাই।
মোবাইলটো দলি মাৰি বিছনাত থৈ ৰূমটোত পাইচাৰি কৰি ফুৰিলোঁ ইফালৰ পৰা সিফাললৈ। মানি প্লেণ্টৰ টাব এটা আছিল। কোনোবা এপাকত খুব জোৰেৰে উজুটি এটা খালোঁ মাটিৰ টাবটোত। অসম্ভৱ বিষাইছিল। কিন্তু মোৰ যেন আঙুলিটোলৈ চাবলৈকো সময় নাছিল।
বাৰে বাৰে হাত দিছিলোঁগৈ মোবাইলটোত। একোবত চুলিখিনি জোৰেৰে খামুচি ধৰিলোঁ। ৰ'ব নোৱাৰি এটা মেছেজ কৰি পেলালোঁ চৈতালীলৈ
: চৈতালী প্লিজ কল মি। ইটছ আৰ্জেন্ট।
'ইটছ আৰ্জেন্ট'ৰ পিছত 'ভেৰি আৰ্জেন্ট' বুলি লিখিও আকৌ বাক্যটো কাটি মেচেজটো পঠিয়াই দিলোঁ। মুহূৰ্ততে নীলা হ'ল ৱাটচ আপৰ টিকটো। মেচেজটো তাই দেখিলে। হয়তো ফোন এটা আহিব এতিয়া।
বিচনাতে বহি মই অপেক্ষা কৰিলোঁ তাইৰ ফোনটোলৈ। এটা এটা মিনিট যেন এটা যুগহে আছিল। কিন্তু প্ৰায় দহ মিনিটৰ পিছতো ফোন নহাত আকৌ ডায়েল কৰিলোঁ নম্বৰটো। এইবাৰ তাই ব্যস্ত নাছিল। প্ৰায় তিনিবাৰ ৰিং হোৱাৰ পিছত সংযোগ বিচ্ছিন্ন কৰি দিছিল মোৰ ফোনটোৰ।
তাইলৈ আৰু ফোন নকৰিলো। বহি থকা বিচনাখনৰ ঠাইখিনি তেজেৰে ৰঙা হৈ পৰিছে। উজুটি খোৱা ভৰিখনলৈ চালোঁ। অকণমান দীঘল হৈ থকা ভৰিৰ নখটো ওপৰলৈ দাং খাই আছে আৰু ফিৰফিৰকৈ তেজ ওলাই ৰঙা হৈ পৰিছে আঙুলিটো আৰু ভৰিখন লাগি থকা বিচনা চাদৰখনৰ অংশটো। আঙুলিটোত কিবা এটা লগাবলৈও মোৰ মন নগ'ল। আজি যেন মোৰ মনৰ বিষৰ আগত কোনো বিষৰে উমান ল'ব পৰা নাই মই।
ফোনটো গাৰুৰ কাষতে থ'লো। কিজানি জিলিকি উঠে চৈতালীৰ নম্বৰ। তাইক সুধিবলগীয়া প্ৰশ্নৰ যে মোৰ বুকুত উজান উঠিছে। যিমানেই ফোনটো অহা দেৰি হৈছে সিমানেই ওজন বাঢ়ি গৈ থাকিল প্ৰশ্নৰ টোপোলাৰ।
ৰূমটো অন্ধকাৰত ডুবাই বিছনাত বাগৰি পৰিলোঁ। বৰ ভাগৰ লাগিছে। কান্দিবলৈও কেতিয়াবা মানুহৰ বৰ ভাগৰ লাগে। বৰ ভাগৰ।
(আগলৈ)
©গায়ত্ৰী
Comments
Post a Comment