#সূৰ্যফুলৰ_দেশলৈ

#খণ্ড_১৪

এপ্ৰিল মাহৰ এটি পুৱা। বিহুৰ আগে আগে কোনোবা এটা দিন। আকাশে বতাহে সানি থোৱা আছিল বসন্তৰ আগমনিৰ বতৰা। 

'খবৰ 24×7' ত জইন কৰা তেতিয়া বৰ বেছি দিন হোৱা নাছিল মোৰ। ট্রেইনিং চলি আছিল যদিও মাজে মাজে আমাক অনুষ্ঠান কিছুমান কৰি থাকিবলৈ দিয়া হৈছিল। আচলতে নিউজ চেনেল সমূহত এটা কথা সদায় মানি চলা হয় যে, কাম এটা অৰ্থাৎ প্ৰগ্ৰেম এটাই হওক বা পি চি আৰত বহি ষ্টুডিওত থকা এংকৰগৰাকীক নিৰ্দেশনা দিয়াই হওক নতুবা এটা ষ্টৰি লিখাই হওক; নিজেই নকৰালৈকে সেই কাম কেতিয়াও কোনেও শিকি উঠিব নোৱাৰে। গতিকে আমি নতুনকৈ সোমোৱা ছোৱালী কেইজনীকো গায়ক/গায়িকা এজনৰ সৈতে ৰাতিপুৱা হোৱা লাইভ অনুষ্ঠানটো আৰু দুপৰীয়াৰ মহিলা বিশেষ অনুষ্ঠানটো প্ৰায়েই কৰি থাকিবলৈ দিয়া হৈছিল। অৱশ্যে তাৰ লগে লগে মই কেতিয়াবা বাতৰিৰ বাবে 'ভয়চ অ'ভাৰ' দিয়াৰ কামো কৰি আছিলোঁ।

সেইদিনাও ৰাতিপুৱাৰ ডিউটি আছিল মোৰ। ৰাতিপুৱা লৰালৰিকৈ ওলাই আহিবলগীয়া হোৱাৰ বাবে প্ৰায়েই একো খাই অহা নহয়। গতিকে সাত বজাৰ পৰা আঠ বজালৈকে এঘণ্টা সময় একেৰাহে কথা কোৱাৰ পিছত স্বাভাৱিকতেই অনুষ্ঠানটো শেষ হোৱালৈ সাংঘাতিক ভোক লাগে।

অনুষ্ঠানটো শেষ কৰিয়েই কেণ্টিনলৈ আহি  ল'ৰাজনক চাহ একাপ আৰু মেগী আনিবলৈ দি চুকৰ ফালে থকা অকণমান আছুতীয়া টেবুল এখন বিচাৰি বহি পৰিছিলোঁ মই। কেণ্টিনৰ সেই টেবুলখন খালি থাকিলে বেলেগ টেবুলত সাধাৰণতেই কোনো নবহে। তাৰ দুটা কাৰণ- প্ৰথমটো হ'ল সেই টেবুলখনৰ একেবাৰে ওপৰতে থকা ফেনখন আৰু সেই টেবুলখনত বহি থাকিলে কোনোবা সোমাই আহিলেও ফটকৈ চকুত নপৰা কথাটো।

সেইদিনা দুপৰীয়াৰ মহিলা অনুষ্ঠানটোৰ দায়িত্বত মই নাছিলোঁ। মঙ্গলবাৰে সেই দায়িত্ব দ্বিপান্বিতাৰ ভাগত থাকে। কিন্তু হঠাৎ তাই কিবা কাৰণত আহিব নোৱাৰাৰ বাবে সেইদিনা অনুষ্ঠানটোৰ এংকৰিং মোক দিয়া হৈছিল। যি কথা মই গম পাইছিলোঁ অফিচলৈ অহাৰ পিছতহে।

কেণ্টিনৰ চুকৰ টেবুলখনত বহি মই তৈয়াৰ কৰিবলৈ লৈছিলোঁ অনুষ্ঠানটোৰ অতিথিজনক সুধিবলৈ কেইটামান প্ৰশ্ন। সেইদিনাৰ অতিথি আছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্যন ডিজাইনাৰ সুৰুচি বেনাৰ্জী। অসমৰ লগতে বলিউডৰ বিভিন্ন নামী দামী তাৰকাৰ বাবে পোছাক প্ৰস্তুত কৰিছে তেওঁ। 

অনুষ্ঠান এটা কৰিবলৈ ল'লে সাধাৰণ প্ৰশ্নখিনিৰ বাহিৰেও অতিথিগৰাকীক বিশেষভাৱে সুধিবলগীয়া কিছুমান প্ৰশ্নও তৈয়াৰ কৰিবলগীয়া হয়। সাধাৰণতে অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে অতিথিজনে মেক-আপ লৈ থাকোঁতেই প্ৰশ্নবোৰ তেওঁক সুধি তৈয়াৰ কৰোঁ যদিও কেতিয়াবা বিশেষ কিছু কাৰণত আগতীয়াকৈ আলোচনা কৰাৰ দৰকাৰ হয়। সেয়ে প্ৰগ্ৰেম প্ৰডিউচাৰ জিন্নত বায়ে সেইদিনা মোক সুৰুচি বেনাৰ্জীৰ নম্বৰটো আগতীয়াকৈ দিছিল যাতে মানুহগৰাকীক সুধিবলগীয়া কথা কিছুমান মই ফোনতে আলোচনা কৰি ল'ব পাৰো। 

সুৰুচি বেনাৰ্জীলৈ ফোন লগাবলৈ মোবাইলটো হাতত লৈছিলোঁ মাত্ৰ। হঠাৎ কোনোবাই কাৰোবাক গালি পৰাৰ দৰে টুকুৰা-টুকুৰি বাক্যত মূৰ তুলি চালো। কেণ্টিনখনলৈ খুব খৰ খোজেৰে সোমাই আহিছে সুদীপ্ত চৌধুৰী আৰু চৈতালী। মই মন কৰিছিলোঁ সুদীপ্ত চৌধুৰীয়ে যেন চৈতালীক টান মাতেৰে কিবা এটা কৈছে। 

হঠাৎ চৈতালীয়ে দেখি গৈছিল মোক। মোৰ চকুৱে চকুৱে পৰাত সুদীপ্ত চৌধুৰীক কেণ্টিনৰ কাউণ্টাৰটোৰ ওচৰতেই এৰি খৰধৰকৈ তললৈ নামি গৈছিল তাই। হয়তো মোৰ আগত সুদীপ্ত চৌধুৰীৰ টান মাতত লাজ পাইছিল চৈতালীয়ে। 

চৈতালীৰ পৰা চকু আঁতৰাই কাগজ এখনত জিন্নত বায়ে লিখি দিয়া সুৰুচি বেনাৰ্জীৰ ফোন নম্বৰটো চাই চাই ফোন এটা কৰিবলৈ তলমুৰকৈ ৰৈছিলোঁ মই। হঠাৎ কোনোবা এজন আহি মই বহি থকা টেবুলখনৰ সন্মুখত থিয় দিছিলহি। মূৰ তুলি চাই দেখোঁ সেয়া আছিল সুদীপ্ত চৌধুৰী।
  
ফোনটো কৰিবলৈ লৈও বহাৰ পৰা খকমকাই উঠি সম্ভ্রমেৰে থিয় দিছিলোঁ মই আৰু মুখেৰে উচ্চাৰিছিলোঁ

: গুড মৰ্ণিং ছাৰ...!

: গুড মৰ্ণিং...বহিব পাৰো নে?

সন্মুখৰ চকীখন টানি চকীখনত এখন হাত ৰাখি বহিবলৈ লৈও থিয় দি আছিল তেওঁ। মই যেন নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলোঁ। বিশ্বাস কৰিব পৰা নাছিলোঁ চিনিঅ'ৰ প্ৰগ্ৰেম এংকৰ, প্ৰগ্ৰেম প্ৰডিউচাৰ অসমৰ সকলোৰে ঘৰে ঘৰে পৰিচিত এটি নাম; 'সুদীপ্ত চৌধুৰী' থিয় দি ৰৈছেহি মোৰ সন্মুখত। অনুমতি বিচাৰিছে বহিবলৈ। 

চাকৰিটোত সোমোৱা যদিও মোৰ প্ৰায় বিশদিনমান হৈ গৈছিল তথাপি এই মানুহজনক মই এদিন দূৰৰ পৰা এবাৰ দেখাৰ বাহিৰে এনেকৈ কাষৰ পৰা কেতিয়াও লগ পোৱা নাছিলোঁ। তাৰ কাৰণ আছিল মোৰ ৰাতিপুৱাৰ ডিউটি। তাৰ বিপৰীতে তেখেতৰ সদায় ৰাতিহে ডিউটি থাকিছিল। সন্ধ্যা টেলিকাষ্ট হোৱা বিশেষ ৰাজনৈতিক টক শ্ব' কিছুমানৰ আঁত ধৰিছিল তেওঁ।

যাৰ পৰা দেখি শুনি অনুপ্ৰাণিত হৈ মই এংকৰ হোৱাৰ সপোন দেখিছিলোঁ সেইসকল ব্যক্তিৰ মাজৰ এজন আছিল সুদীপ্ত চৌধুৰী। প্ৰায় চল্লিশ বছৰীয়া এই মানুহজনে যেতিয়া কিবা এটা অনুষ্ঠান কৰে তধা লাগি চাই ৰ'বলৈ বাধ্য হয় মানুহ।

বিশ্বাস-অবিশ্বাস আৰু ভাললগা এটি ভাৱেৰে সম্ভ্রমেৰে থিয় দি ৰৈ আছিলোঁ মই। চুইংগাম এটা চোবাই চোবাই মানুহজনে মোৰ চকুলৈ চাই আকৌ সুধিছিল

: বহিব পাৰোঁনে কৃষ্ণাক্ষী বৰুৱা?

উচপিচাই উঠিলোঁ মই। গোটেই কেণ্টিনখনত আৰু কোনো মানুহ নাছিল। খালি হৈ আছিল আটাইবোৰ টেবুল। তথাপি মোৰ সন্মুখত নিজেই বহিবলৈ আহিছে মানুহজন। বহিবলৈ অনুমতি বিচাৰিছে এনে এজন মানুহে যিজন মানুহলৈ আছিল মোৰ অপৰিসীম শ্ৰদ্ধা আৰু সমীহ ভাৱ। খৰধৰকৈ ক'লো

: ছাৰ বহকনা প্লিজ। 

মিচিকিয়াই হাঁহিলে মানুহজনে। হাঁহি হাঁহিয়েই ক'লে

: কাৰোবালৈ ফোন লগাবলৈ লৈছিলা তুমি। সেয়ে ভাবিলোঁ মই বহিলে অসুবিধাই পোৱা নেকি!

কথাষাৰ কৈ কৈয়েই ইমান দেৰি হাতেৰে ধৰি থকা মোৰ সন্মুখৰ চকীখন টানি বহি পৰিলে মানুহজন।

এইবাৰ এটি হাঁহি বিৰিঙিল মোৰ-

: ছাৰ আজি দুপৰীয়াৰ অনুষ্ঠানটোলৈ সুৰুচি বেনাৰ্জী আহিব। শুনিছোঁ তেওঁ বোলে যিকোনো ঠাইলৈকে মূৰামুৰিকৈহে গৈ পায়গৈ। গতিকে ভাবিলোঁ ফোন কৰিয়েই তেওঁৰ পৰা জানিবলগীয়া কথাখিনি জানি লওঁ।

: গে'ষ্টক সোধা কিয়? এইবোৰ বস্তু নিজেই কালেক্ট কৰিব লাগে। 

: ছাৰ আধা ঘণ্টাৰ শ্ব' হোৱা হ'লে ইমান টেনশ্যন নল'লোহেঁতেন। কিন্তু এঘণ্টাৰ অনুষ্ঠান এটাত তেওঁক সুধিবলগীয়া কথা ক'ৰবাত কিবা ৰৈ গ'লে বেয়া লাগিব। আৰু কেতিয়াবা গে'ষ্টে নিজেও বিচাৰে কিছুমান বিশেষ প্ৰশ্ন তেওঁলোকক সোধাতো।

মানুহজনে এইবাৰ হাতৰ ঘড়ীলৈ চালে আৰু কৈ উঠিল

:বাৰু বাৰু! সুৰুচি বেনাৰ্জীৰ কথা পিছতো হ'ব। এতিয়াও প্ৰায় পাঁচ ঘণ্টা সময় আছে অনুষ্ঠানটো আৰম্ভ হ'বলৈ। কিবা এটা খাই লওঁ ন?

: মই মেগী আৰু চাহ অৰ্ডাৰ কৰিছোঁ। আপুনি কি খাব ছাৰ? মই অৰ্ডাৰ কৰি দিওঁ। 

মই থিয় হ'লোৱেই। মানুহজনে একেথিৰে চাই থাকিল মোলৈ। আকৌ সুধিলোঁ মই

:ছাৰ! কি খাব আপুনি?

এইবাৰ খকমকাই উঠিল মানুহজন। 

: দিলেই হ'ল আৰু কিবা এটা।

সুদীপ্ত চৌধুৰীলৈ কিবা এটা খোৱা আনিবৰ বাবে দুবাৰমান কেণ্টিনৰ ল'ৰাজনক ৰিঙিয়াই মাতিলোঁ। ল'ৰাজন বোধহয় কাউণ্টাৰটোত নাছিল। নুশুনা দেখি নিজেই খৰধৰকৈ উঠি গ'লো মই। 

প্ৰথমদিনা কথা পাতোঁতেই মানুহজন আহি মোৰ সন্মুখত বহি কিবা এটা খাবলৈ খোজাৰ কথাটোত মোৰ হঠাৎ ঘৰলৈ খবৰ নিদিয়াকৈ আলহী আহিলে হোৱা উথপথপ এখিনিৰ সৃষ্টি হৈছিল। 

তেওঁলৈকো মেগী আৰু চাহ আনিবলৈ দি ঘূৰি চাই দেখোঁ অপলক নেত্ৰে মানুহজনে ঘূৰি মোলৈকে চাই আছে। হাতত কলম এটা লৈ আছিল তেওঁ। হাতৰ কলমটো থুঁতৰিত লগাই চাই ৰৈছিল মোলৈ। ওঁঠত সনা আছিল এটি হাঁহি। মই আহি চকীত বহোঁতেই মানুহজনে কৈ উঠিল

: সাংঘাতিক এংকৰিং কৰা হে কৃষ্ণাক্ষী! 

: আপুনি মোৰ এংকৰিং চাইছে ছাৰ?

ক্ষণিকতে উজ্জ্বলি পৰিল মোৰ মুখখন। সুদীপ্ত চৌধুৰীয়ে মোৰ এংকৰিঙৰ প্ৰশংসা কৰিছে। মোৰ বাবে এয়া বৰ ডাঙৰ প্ৰাপ্তি। কণ্ঠতো মোৰ ফুটি উঠিছিল সেই আনন্দৰ ভাৱ।

: বহুতবাৰ। আৰু তোমাৰ পুৰণি গীতৰ ওপৰতো দেখোন ভাল 'নলেজ' আছে। তাৰ বিপৰীতে এই চৈতালী...

সেই কথা মানুহজনে কিয় ক'লে মই বুজিলোঁ। ৰাতিপুৱাৰ লাইভ অনুষ্ঠানটো আজি পুৰণি গীতৰ ওপৰত আছিল। চৈতালী আৰু মই দুয়োজনী লগ হৈ এংকৰিং কৰা সেই অনুষ্ঠানৰ প্ৰায়খিনি সময় মনে মনেই ৰৈছিল তাই। এবাৰ কিবা এটা কথা অতিথিজনক সোধোতেও সেই তথ্য ভুল আছিল। আৰু মই যেনেতেনে কিবা কিবি কথাৰে ঢাকিবলৈ চেষ্টা কৰিছিলোঁ তাইৰ ভুল। 

তথাপি যেন তাইৰ বিষয়ে বেয়াকৈ শুনি ভালপোৱা নাছিলোঁ মই। খৰধৰকৈ সুদীপ্ত চৌধুৰীক ক'লো

: নহয় ছাৰ। সকলো মানুহৰে সকলো বস্তুৰ ওপৰত জ্ঞান নাথাকে যে...সকলোৰে ইণ্টাৰেষ্টৰ ক্ষেত্ৰখনো বেলেগ বেলেগ হয়।

হাতত লৈ থকা কলমটোৰে কিবা এখন ফৰ্ম পূৰ কৰিবলৈ লৈছিল তেওঁ। মোৰ কথাৰ উত্তৰ দিবলৈ ফৰ্মখন পুৰোৱাৰ পৰা কলম সামৰি সুধিলে-

: তুমি তেনেকৈ ভাবা? সঁচাকৈয়ে? আচ্ছা...আজি দুপৰীয়াৰ অনুষ্ঠানলৈ কোন আহিব বুলি কৈছিলা?

: সুৰুচি বেনাৰ্জী ছাৰ।

: তেওঁ কেনেকুৱা কাপোৰ ডিজাইন কৰে তুমি জানানে?

: ছাৰ Mostly western wear...

:exactly.... তেওঁ যেনেকুৱা কাপোৰ ডিজাইন কৰে তেনেকুৱা কাপোৰৰ ওপৰত ব্যক্তিগতভাৱে তোমাৰ ইন্টাৰেষ্ট আছেনে? 

একো উত্তৰ নিদিলো মই। আচলতে ৱেষ্টাৰ্ণ ৱে'ৰ বুলি নহয়, তেখেতে যেনেকুৱাই কাপোৰ ডিজাইন কৰক মোৰ সঁচাকৈয়ে কোনো ইন্টাৰেষ্ট নাই। মই সদায় মোৰ ঢুকি পাব পৰা সীমাৰ বাহিৰৰ যিকোনো বিষয়ৰ পৰা আঁতৰি থাকোঁ। সুৰুচি বেনাৰ্জীৰ একো একোটা ডিজাইন লাখ টকাত বিক্ৰী হয়।
 
সুদীপ্ত চৌধুৰীয়ে যেন মোৰ দুচকুত পঢ়ি পেলাইছিল সেই কথা। এইবাৰ মোৰ উত্তৰলৈ আশা নকৰাকৈ তেওঁ কৈ উঠিল

: কথাবোৰ ঠিক তেনেকুৱাই। এই ক্ষেত্ৰখনলৈ আহিলে তোমাৰ ইন্টাৰেষ্ট থকা নথকা প্ৰতিটো বস্তুৰ খবৰ তুমি ৰাখিব লাগিব। আৰু 'হোমৱৰ্ক' বুলি এটা শব্দ আছে। অৰ্থাৎ এটা অনুষ্ঠানৰ আগতে কৰিবলগীয়া প্ৰস্তুতি। যিটো তুমি এই মুহূৰ্তত কৰি আছা। সেই কাম তাই ৰাতিপুৱাৰ অনুষ্ঠানটোৰ বাবে কৰা উচিত নাছিল নে? জৰুৰী নাছিল জানো আহিবলগীয়া অতিথি গৰাকীৰ বিষয়ে অকণমান অধ্যয়ন কৰা? দৰকাৰী নাছিল নে যিটো বিষয়ত অনুষ্ঠান এটা হ'ব তাৰ বিষয়ে তথ্য কিছুমান প্ৰস্তুত কৰা?

একো নামতিলোঁ মই।

অকণমান পৰ ৰৈ আকৌ ক'লে তেওঁ

: নীলাভ্র ছুটিত থকাৰ বাবে আজি পুৱাৰ অনুষ্ঠানটো মই চাইছিলোঁ। এদিন চাওঁতেই ইমান আসোঁৱাহ। আচৰিত!

নীলাভ্র কাকতি। ৰাতিপুৱাৰ লাইভ অনুষ্ঠানটোৰ প্ৰডিউচাৰ। আজি তেওঁ ব্যস্ত থকাৰ বাবে সুদীপ্ত চৌধুৰী যে অনুষ্ঠানটোৰ দায়িত্বত আছিল সেই কথা মই গম পোৱা নাছিলোঁ। অনুষ্ঠানটো আজি কোনে চলাইছিল একেবাৰেই গম পোৱা নাছিলোঁ মই। প্ৰত্যেক দিনাৰ দৰে আজিও নীলাভ্র দায়েই সেই দায়িত্বত আছিল বুলি ভাবিছিলোঁ।

থতমত খালোঁ মই। ইমান পৰে মই ভাৱি আছিলোঁ চৈতালীয়ে ভুল এটা কৰাৰ কথা মানুহজনে বেলেগৰ মুখেৰে শুনিছিল। কিন্তু যেতিয়া গম পালোঁ সুদীপ্ত ছাৰ নিজেই দায়িত্বত আছিল, মই বুজি নাপালোঁ কি বুলি সমৰ্থন কৰোঁ চৈতালীৰ। কেনেকৈ লুকুৱাও প্রিয় বান্ধৱীৰ ভুল? তথাপি কওঁ নকওঁকৈ লাহে লাহে ক'লো

: ছাৰ আগতে এনেকুৱা কেতিয়াও নহয়। আজিহে...

: You don't need to be nervous...তুমি ভাল এংকৰিং কৰা কৃষ্ণাক্ষী। মই চৈতালীৰ কথাহে কৈছোঁ। আৰু এটা কথা আজি মন কৰিলোঁ যিটো মই আগতে কেতিয়াও মন কৰা নাছিলোঁ...

কিবা এটা ক'বলৈ লৈছিল তেওঁ। তেনেতে কেণ্টিনৰ ল'ৰাজনে দুখন মেগীৰ প্লেট আৰু দুকাপ চাহ আনি সন্মুখত ৰাখিলে। ল'ৰাজনলৈ চাই ওঁঠযোৰ টিপি হাঁহি এটা মাৰি চাহৰ কাপত শোহা দি তেওঁ কৈ উঠিল 

: কিবা এটা ক'বলৈ লৈছিলোঁ ন? অ' য়েছ, তোমাৰ চকু। তোমাৰ চকু কৃষ্ণাক্ষী! ডুব যাব পৰা দুচকু তোমাৰ। নীলা আই মেক আপেৰে অপূৰ্ব দেখিছে।

মেগী অলপমান কাটা চামুচ খনত পকাই খাবলৈ লৈছিলোঁ মই। মুখলৈ নিওঁতেই এই কথা কৈ পেলালে মানুহজনে।

থৰ হৈ ৰ'লো মই। 

ৰাতিপুৱাৰ মেক আপ তেতিয়ালৈকে মই গুচোৱাই নাছিলোঁ। মই পিন্ধি থকা বগা ছেলোৱাৰযোৰ আৰু সাগৰনীলা চুৰ্ণীখনৰ লগত মিলাকৈ মেক আপ আৰ্টিষ্টজনে চকুহাল নীলা কৰি দিছিল মোৰ।

খাবলৈ লোৱা মেগীখিনি প্লেটখনত থৈ গিলাচত পানী বাকী লৈছিলোঁ। কিবা এটা অস্বস্তি লাগিছিল।
এগিলাচ পানী খাই মই যেন নিজকে বুজাবলৈ বিচাৰিলো একো ডাঙৰ কথা কোৱা নাই তেওঁ।

মোৰ অস্থিৰতাৰ বিপৰীতে একেবাৰে নিৰ্বিকাৰ হৈ বহি ৰৈছিল তেওঁ। আধা পুৰাই ৰখা ফৰ্মখন আকৌ মেলি লৈছিল। পুৰাই গৈছিল ফৰ্মৰ প্ৰতিটো শাৰী।

এঠাইত কিবা এটা পূৰাবলৈ লৈ মোক তেওঁ সুধি পেলালে

: ব্লাড গ্ৰুপ কি তোমাৰ?

মানুহজনে ইমানেই সাধাৰণভাৱে কথাষাৰ সুধিছিল যেন অকণমান আগতে মোৰ দুচকুত ডুব যাবলৈ খোজাৰ কথা কোনোবাই হঠাৎ মচি পেলাইছিল তেওঁৰ মগজুৰ পৰা। পাহৰি পেলাইছিল তেওঁ নিজেই কোৱা সেই বাক্য।

মই যেন সকাহ পাইছিলোঁ। সকাহ পাইছিলোঁ কথাৰ সুৰ সলনি হোৱাত। বিষয় সলনি হোৱাত।

: AB নিগেটিভ ছাৰ।

মাতত তথাপি মোৰ অসহজ ভাৱ বিদ্যমান।

এইবাৰ তেওঁৰ কণ্ঠত উচ্ছাসৰ স্পষ্ট সুৰ

: আৰে ৱাহ! খুব কম সংখ্যক মানুহৰ এই ব্লাড গ্ৰুপ থাকে। তুমি জানানে?

মূৰ দুপিয়ালোঁ মই।

: মোৰ ল'ৰাটোৰো AB নিগেটিভ ব্লাড গ্ৰুপ। 

মানুহজনে ফৰ্মখন পুৰাই গৈছিল। এই সুযোগতে সুৰুচি বেনাৰ্জীলৈ ফোন এটা কৰিবলৈ ল'লোঁ মই। মানুহগৰাকীলৈ ফোন কৰা গোটেই সময়খিনি তেওঁ ফৰ্ম পূৰাবলৈ এৰি হাতৰ দুয়ো কিলাকুটি  নিজৰ বহি থকা চকীখনৰ পিছফালে ৰাখি মূৰটো সামান্য বেঁকা কৰি মোৰ চকুলৈ চাই থাকিল। 

প্ৰায় সাত মিনিটমান কথা পাতি ফোনটো ৰাখিছিলোঁ মই। ইমান সময় মোলৈ তন্ময় হৈ চাই ৰোৱা মানুহজনে বিৰবিৰাই উঠিল 

: এইটো মাতৰ প্ৰেমত কোনোবা নপৰি পাৰে নে? ইয়াতকৈ ধুনীয়া মাত মই কেতিয়াও কাৰোৰে শুনা নাই কৃষ্ণাক্ষী। মানুহৰ মাত ইমানো ধুনীয়া হ'ব পাৰে নে? এই মাত মই দিনে ৰাতিয়ে অহৰহ শুনি থাকিব পাৰিম।

এইবাৰ মই কথা সলাবলৈ একো ভাষা বিচাৰি পোৱা নাছিলোঁ। কথা সলোৱা নাছিল সুদীপ্ত চৌধুৰীয়েও। 

তেওঁ মাথোঁ চাই ৰৈছিল। 
চায়েই ৰৈছিল। 

বুকু কঁপিছিল মোৰ। যেন বুকুত একেসময়তে বাজিছিল হাজাৰটা হাতুৰীৰ কোব। 
ডুব্‌ ডুব্‌ ডুব্‌ ডুব্‌। 

লৰালৰিকৈ চাহকাপ খাই ঘপকৈ থিয় দিছিলোঁ মই। কৈ উঠিছিলোঁ মানুহজনক

: ছাৰ আপুনি বহক। মোৰ অলপ কাম আছে।

খুব খৰকৈ দুখোজমান গৈছিলোঁহে মাত্ৰ মই। আকৌ কাণত পৰিল তেওঁৰ মাত

: কৃষ্ণাক্ষী...

ৰৈ গ'লো। কাষলৈ আহি থিয় দিছিল মানুহজন। একেবাৰে কাষ চাপি আহিছিল। এদিনীয়া চিনাকীৰে কোনো সম্বন্ধ নথকা নাৰী এগৰাকীৰ যিমান কাষ নাচাপিলেও হয় পুৰুষ, সিমান কাষ চাপি আহিছিল তেওঁ আৰু মোৰ চকুৰ সন্মুখত দাঙি ধৰিছিল মোৰ দোপাত্তাৰ এটা আগ। খপজপাই ডিঙিত হাত দিলোঁ মই। খৰধৰকৈ উঠি আহোঁতে এফাল দীঘল হৈ চুচঁঁৰি আহিছিল দোপাত্তাখন। থপিয়াই ধৰি বুকুত পেলাই ল'লোঁ সেইখন। 

এইবাৰ ইফালে সিফালে চাই সুদীপ্ত চৌধুৰীয়ে কৈ উঠিল

: মোবাইল নম্বৰটো দিবা নে? 

মই যেন পলাবলৈ খুজিও পলাব নোৱাৰা মানুহ এজনী হৈ পৰিছিলোঁ। মোৰ ভিতৰৰ মানুহজনী যেন দুপদুপাই দৌৰি আঁতৰ হ'বলৈ খুজিছিল সেই ঠাইৰ পৰা, কিন্তু মোৰ শৰীৰ তথাপি যেন ৰৈ গৈছিল একে ঠাইতেই।

চৰাই এহালে কেণ্টিনৰ খিৰিকীৰ মুখত কোঢ়াল কিছুমান কৰি উঠিছিল। কোনে জানো কৈছিল চৰাইবোৰে বোলে বতাহ-ধুমুহা অহাৰ আগজাননী পালে এনেকৈ চিঞৰে। এইহাল চৰায়ে বাৰু কেনেবাকৈ মোৰ জীৱনলৈ আহিবলগীয়া ধুমুহাজাকৰ উমান পাইছিল নেকি? পাইছিল নেকি আগজাননী?

মোৰ নম্বৰটো চেভ কৰিবলৈ নিজৰ মোবাইলটো উলিয়াই লৈছিল তেওঁ।

মই মুখেৰে উচ্চাৰিছিলোঁ

: ৮২৫৩৮.....

নম্বৰটো দিয়েই মই কেণ্টিনৰ পৰা নিউজ ৰুমলৈ আহিছিলোঁ। দুই মিনিটৰ বাট যেন মোৰ বাবে আছিল দুটা যুগ।

গোটেই দিনটো এটা অস্বস্তিৰ ভাৱেৰে অফিচত কটাই ডিউটি শেষ কৰি ৰুমলৈ উভতি আহিছিলোঁ মই। 

ৰাতিলৈ মোবাইলৰ স্ক্ৰীনত ভাঁহি উঠিছিল এটি মেছেজ

: ধুনীয়া ছোৱালীজনীয়ে কি কৰি আছে? ধুনীয়া চকুহালে বাৰু এতিয়া কাক চাই আছে?

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ