#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ২১

আজি কেইদিনমানৰ পৰা একেৰাহে গৈ আছোঁ সচিবালয়লৈ। দুটামান বস্তু সৰহকৈ বিক্ৰী হোৱাৰ স্বাৰ্থত হেপী ইণ্ডিয়াৰ মানুহ দুজনে যিকোনো ঠাইলৈকে আমাক পঠিয়াবলৈ আপোচ নকৰে।

এনেকৈ বস্তু বিক্ৰী কৰিবলৈ সচিবালয়ৰ দৰে কটকটীয়া নিৰাপত্তাৰ এডোখৰ ঠাইলৈ যোৱা কিমান যে কঠিন কাম সেই কথা মানুহ দুজনে নুবুজে। মিনিষ্টাৰ, এম এল এক লগ কৰিবলৈ অহা শ শ মানুহৰ মাজেৰে শাৰী পাৰি টিকেট কাউণ্টাৰত টিকেট লৈ সোমাই যোৱা সেই প্ৰক্ৰিয়াটো কিমান টান সেয়া এবাৰ বৰ্ণনা কৰিলেই যিকোনো মানুহে বুজি পাব; একমাত্ৰ সেই মানুহ দুজনৰ বাহিৰে।

প্ৰথমদিনা মই আৰু দেৱলীনা বায়ে কি ভাবি জানোঁ সোমাই দিছিলোঁগৈ সচিবালয়ৰ ভিতৰত! প্ৰায় এঘণ্টাতে আমি বিক্ৰী কৰি পেলাইছিলোঁ প্ৰায় দহটা বিষৰ তেল, তিনিটা কিতাপৰ টোপোলা আৰু দুডাল পেট কমোৱা বেল্ট। সেইদিনাৰ পৰা আজি প্ৰায় চাৰি দিন মানুহহালে ইয়ালৈকে আমাক একেৰাহে পঠিয়াই আছে।

অৱশ্যে আজি ৰাতিপুৱাই আমি মানুহহালক স্পষ্টকৈ কৈ দিছোঁ কাইলৈৰ পৰা যে আমি আৰু হাজাৰ পঠিয়ালেও ইয়ালৈ নাহো। কটকটীয়া নিৰাপত্তাৰ মাজত চুলিৰ আগত জীৱ বান্ধি আমি আৰু এই ঠাইলৈ আহিব নোৱাৰোঁ। 

আজি মই অকলে আহিছোঁ। আহিবলৈ একেবাৰেই মন নাছিল, কিন্তু মানুহ এজনে বৰ জোৰ কৰি তিনিটা বিষৰ তেল দিবলৈ কোৱাৰ বাবে অগত্যা মই আহিবলগীয়া হৈছে। দেৱলীনা বাৰ এজন চিনাকি মানুহে সচিবালয়তে চাকৰি কৰে। তেৱেঁই আমাৰ বস্তু থকা বেগবোৰ এইকেইদিন পাৰ কৰি দিছে। তেওঁক বস্তু পাৰ কৰাৰ বাবে ফোন কৰি মাতিবলৈ এই চাৰি দিন আমাৰ হাতত মোবাইলটোও দি দিছে মানুহহালে।

ভবানন্দ কলিতা নামৰ জলসিঞ্চন বিভাগৰ মানুহজনক লগ কৰিবলৈ যাওঁ বুলি টিকেট এটা লৈ সোমাই গ'লো মই। ভবানন্দ কলিতা সেইজন মানুহ যি তিনিটা বিষৰ তেল বিচাৰিছিল। 

বাকী আটাইবোৰ বস্তু বেলেগ এটা অফিচত বিক্ৰী কৰি থৈ আহি কেৱল তেল তিনিটা লৈ লৰালৰিকৈ খোজ পোনালোঁ নিৰ্দিষ্ট বিভাগটোলৈ। সোনকালে আজৰি হৈ ইয়াৰ পৰা ওলাই যাব পাৰিলেই ৰক্ষা পাওঁ মই। 

ঘড়ীলৈ চালোঁ। আবেলি তিনি বাজিছে। মানুহজন হয়তো কেবিনতে আছিল। বাহিৰত বহি থকা ল'ৰাজনক সুধিলোঁ

: ছাৰক লগ কৰিব লাগিছিল। যাব পাৰোঁ নে?

মূৰৰ পৰা ভৰিলৈকে এবাৰ চাই ল'ৰাজনে ক'লে

: ছাৰৰ কেবিনত মানুহ এজন বহুত দেৰিৰ পৰা বহি আছে। মই তথাপি এবাৰ সুধি চাওঁ ৰ'ব। আপুনি বিষৰ তেল বেচিবলৈ অহা বাইদেউজনী নহয় জানো?

মূৰ দুপিয়ালোঁ মই। 
হয়। ময়েই সেই বিষৰ তেল বেচা ছোৱালীজনী। তাৰ বাহিৰে অন্য একোৱেই পৰিচয় নাই মোৰ। দোকান, ঘৰ, অফিচ সকলোতে বিষৰ তেল বেচি ফুৰো মই। এতিয়া সেয়াই যে মোৰ একমাত্ৰ পৰিচয়।

: যাওক বাইদেউ। চাৰে মাতিছে। 
কেবিনটোৰ পৰা ওলাই আহি ল'ৰাজনে মোক উদ্দেশ্যি ক'লে।

আগুৱাই গ'লো মই। দুৱাৰখনৰ ঠিক কাষ পাওঁতেই ভিতৰৰ পৰা ভাঁহি অহা কথোপকথনৰ শব্দ কিছুমানত ৰৈ গ'লো। অকণমান ফাঁক হৈ আছে দুৱাৰখন। কেৰেচিয়াকৈ খোল খাই থকা দুৱাৰখনৰ ভিতৰৰ কোঠাটোৰ পৰা ভাঁহি অহা এই মাত মোৰ চিনাকি, বৰ চিনাকি। ওৰে জীৱন বুকুৰ মাজত দাগ কাটি ৰৈ যোৱা এই মাত মই পাহৰিবই বা পাৰোঁ কেনেকৈ?

এই মাত সুদীপ্ত চৌধুৰীৰ।

কি কথা পাতিছে ধৰিব নোৱাৰিলেও মানুহজনৰ মাতটো চিনি পোৱাত মোৰ অকণো অসুবিধা নহ'ল।

কি কৰোঁ, কি নকৰোঁ, সোমাই যাওঁ নে নাযাওঁ তত্‌ ধৰিব পৰাৰ আগতেই ভবানন্দ কলিতাই মই দুৱাৰৰ বাহিৰত ৰৈ থকাৰ উমান লৈ মাত দিলে

: সোমাই আহাঁ ভন্টি। ৰৈ আছা কিয়?

মোৰ হাতৰ বেগটোত মানুহজনলৈ বুলি অনা বিষৰ তিনিটা তেল। সোমাই যে মই যাবই লাগিব। 

টি-শ্বাৰ্টটোৰ ওপৰত ডিঙিত লৈ থকা ষ্টলখনেৰে মুখখন ঘপকৈ মেৰিয়াই ল'লোঁ। কেৱল চকু দুটা ওলাই থকাকৈ। কোনেও চিনি নোপোৱাকৈ। 

কোঠাটোলৈ সোমাই গ'লো। হাঁহি এটা মাৰি মানুহজনে কৈ উঠিল

: তুমি দেখোন ৰাতিপুৱাই অহাৰ কথা আছিল। আৰু অকণমান দেৰি হোৱা হ'লে ওলায়েই গ'লোহেঁতেন মই।

মানুহজনৰ হাঁহিৰ বিপৰীতে সুদীপ্ত চৌধুৰীৰ চিন্তাক্লিষ্ট মুখ। বহি থকাৰ ভাগতেই এখন হাত কঁকালত ৰাখি আনখন হাতেৰে মূৰৰ কুম পিটিকি ৰৈছে তেওঁ। কিবা যেন এক সাংঘাতিক চিন্তাত আছে মানুহজন। 

মোলৈ চোৱা নাছিল। হয়তো ভবাও নাই যে 'খবৰ 24×7' ত ৰাতিপুৱাৰ অনুষ্ঠান কৰাৰ পিছত তেওঁ প্ৰশংসাৰে ওপচাই পেলোৱা ছোৱালীজনীয়ে বেচি ফুৰিছে বিষৰ তেল।

তেল তিনিটা পলিথিনৰ পৰা উলিয়াই টেবুলত ৰাখিলোঁ। এটাও কথা নোকোৱাকৈ। এটাও কথা ক'বলগীয়া ন'হলেই যে ৰক্ষা পাওঁ মই।

: কেনেকৈ সানে ভন্টি? 

ভবানন্দ কলিতাই সুধিলে।

এইবাৰ মুখ খুলিবলৈ বাধ্য হ'লো মই।

: কেনেকৈ লগাব লাগে সেই কথা পেকেটটোৰ পিছফালে লিখা আছে ছাৰ।

কপালৰ কুমৰ পৰা হাত এৰি এইবাৰ মোলৈ চাৎকৈ ঘূৰি চাইছে সুদীপ্ত চৌধুৰীয়ে। হয়তো মোৰ মাতটো চিনি পাইছে তেওঁ।

: কেইটকা দিব লাগিব?

পাৰ্ছৰ পৰা টকা উলিয়াবলৈ লৈছে ভবানন্দ কলিতাই।

: এটাত ছশ নিৰান্নবৈকে ছাৰ। তিনিটাত দুহেজাৰ সাতান্নবৈ টকা।

'বাৰু বাৰু' বুলি পাৰ্ছৰ পৰা টকা উলিয়াই থাকি ভবানন্দ কলিতাই সুদীপ্ত চৌধুৰীক উদ্দেশ্যি ক'লে

: ইমান ধুনীয়া ছোৱালী কি কামত লাগিব লগীয়া হৈছে দেখিছা নে সুদীপ্ত? অহাবাৰ কিবা পোষ্ট ওলালে এওঁক এপ্লাই কৰিবলৈ কৈছোঁ মই। স্মাৰ্ট ছোৱালী। নুশুৱাই নহয় এইবোৰ কামেৰে। 

সুদীপ্ত চৌধুৰীয়ে একো কোৱা নাই। মাথোঁ তধা লাগি চাই আছে মোৰ মুখলৈ। মানুহজনৰ হাতৰ পৰা টকাকেইটা লৈ খৰধৰকৈ কোঠাটোৰ বাহিৰ হ'লো মই।

মই যেন উশাহ নোপোৱা হৈছোঁ। বাহিৰলৈ ওলাই দীঘলকৈ এটা উশাহ লৈ মানুহৰ অহা যোৱা কম থকা এডোখৰ নিজান ঠাই বিচাৰি ৰৈ গ'লো। বহি পৰিলোঁ চকী এখনত। মই লাহে লাহে স্বীকাৰ কৰি লোৱা এই জীৱনটো অলপ আগতে ঘপকৈ দেখি যোৱা সেই মুখখনে যেন আকৌ খেলিমেলি লগাই দিলে। কত কথাই যে মনত পৰি গ'ল মুহূৰ্ততে। হাতৰ খালি হোৱা পলিথিনটোলৈ চালোঁ। যি হাতত চেনেলৰ বুম লোৱাৰ সপোন দেখিছিলোঁ সেই হাতত আজি বিষৰ তেল বিক্ৰী কৰি খালি হোৱা পলিথিন।

অলপপৰ বহি লৰালৰিকৈ ওলাই আহিলোঁ অফিচটোৰ পৰা। হঠাৎ ৰৈ গ'লো মই। ওলাই অহাৰ ৰাস্তাতেই খৰকৈ পায়চাৰি কৰি ৰৈ আছে সুদীপ্ত চৌধুৰী। এখন্তেক তভক মাৰি ৰৈ তাৰ পিছত মই তেওঁক একেবাৰে যেন দেখাই নাই এই ভাৱেৰে তেওঁৰ উপস্থিতি অগ্ৰাহ্য কৰি খৰধৰকৈ কাষেৰে পাৰ হৈ আহিলোঁ। কেইখোজমান যাওঁতেই মাত দিলে তেওঁ

: কৃষ্ণাক্ষী ...

নৰ'লো মই। যিমান খৰ খোজেৰে ওলাই আহিছিলোঁ তাতকৈ বেছি খৰ খোজেৰে গৈ থাকিলোঁ এইবাৰ।

আকৌ মাতিলে তেওঁ

: এবাৰ শুনা। মাত্ৰ পাঁচ মিনিট।

মানুহজন মোৰ পিছে পিছে আহি আছিল। সেই একেই খোজেৰেই গৈ থাকি গেইটৰ সন্মুখ পাইছোহি মই। এবাৰো পিছলৈ ঘূৰি নোচোৱাকৈ গেইটৰ বাহিৰ হ'লো। মানুহজনে এইবাৰ অকণমান ডাঙৰ মাতেৰে কৈ উঠিল

: ঋষিৰ কথা কৃষ্ণাক্ষী। এবাৰ শুনাচোন।

ঋষি... সুদীপ্ত চৌধুৰীৰ প্ৰায় চাৰি বছৰীয়া কণমানি
সন্তানটো। মোক অফিচৰ পৰা উলিয়াই দিয়াৰ আগতে এবাৰ ল'ৰাটো অফিচলৈ লৈ আহিছিল তেওঁ। চৈতালীয়ে মোৰ ওচৰলৈ লৈ আনিছিল তাক আৰু কৈছিল " এইজনী কৃষ্ণাক্ষী বা দেই"। কণমানি ল'ৰাটোৰ মুখত কৃষ্ণাক্ষী নামটো নুফুটি    "কৃচ্চাক্ষী বা" হৈছিল। 'কৃচ্চাক্ষী বা' বুলি মাতি টপককৈ চুমা এটা খাই ডিঙিত সাবটি ধৰিছিল কণমানিটোৱে। মোক এৰি যাব নোখোজা ল'ৰাটোক চৈতালীয়ে মোৰ ডিঙিৰ পৰা হাত এৰুৱাই আঁতৰাই নিবলৈ কিমান যে কষ্ট কৰিবলগীয়া হৈছিল।

কি হৈছে তাৰ?
এনেকুৱা তাৰ কি হৈছে যাৰ বাবে মোক লগ কৰিবলৈ ইমান উদগ্ৰীৱ হৈ পৰিছে সুদীপ্ত চৌধুৰী।

এইবাৰ ৰৈ গ'লো মই। তেওঁৰ ফালে নোচোৱাকৈয়ে ক'লো

: কওক ।

অত্যন্ত কঠোৰ হৈ ওলাইছে মোৰ মাত।

: মোৰ ল'ৰাটো খুবেই অসুস্থ কৃষ্ণাক্ষী। তেজৰ এক জটিল ৰোগত আক্ৰান্ত সি।

থৰ হৈ ৰ'লো মই। 
সেই কণমানি ল'ৰাটোৰ? 
ভগৱান ইমানো নিষ্ঠুৰ হ'ব পাৰে নে? তেনেকৈয়ে আগফালে মুখ কৰি ৰোৱাৰ ভাগতেই থৰ হৈ ৰৈ গৈছোঁ মই।

: এদিন সি তোমাকো বিচাৰিছিল। তাৰ কৃচ্চাক্ষী বাৰ কথা সুধিছিল সি। 

মোৰ চিঞৰি চিঞৰি মানুহজনক সুধিবলৈ মন গ'ল তেওঁৰ চাৰি বছৰীয়া পুত্ৰই মোৰ কথা সোধোতে কি উত্তৰ দিলে তেওঁ? ক'লেনে তাৰ দেউতাকৰ বাবেই মোক চাকৰিৰ পৰা উলিয়াই দিয়াৰ কথা? ক'লেনে ৰাতি ৰাতি মোক কৰা অশ্লীল মেছেজবোৰৰ কথা?

কিন্তু এই সময় সেই কথা সোধাৰ নহয়। 
তেওঁক হাজাৰ বেয়া পালেও কণমানি ল'ৰাটোৰ বেমাৰৰ কথা শুনিবলৈও বৰ কষ্ট পাইছোঁ মই।

সুদীপ্ত চৌধুৰীয়ে আকৌ ক'লে

: তাক তেজৰ প্ৰয়োজন। একেই ব্লাড গ্ৰুপৰ মানুহৰ তেজৰ প্ৰয়োজন। তাৰ ব্লাড গ্ৰুপৰ মানুহ খুব কমকৈ পোৱা যায়। এদিন কিবা কথাত সোধোতে তুমি কৈছিলা তোমাৰ AB পজিটিভ ব্লাড গ্ৰুপ। তোমাক ফোনো কৰিছিলোঁ। মোৰ নম্বৰ ব্লক কৰিছা তুমি। তোমাৰ খবৰো কোনেও নাজানে। মোৰ ল'ৰাটোক জীয়াই তোলা কৃষ্ণাক্ষী। 
জীয়াই তোলা মোৰ ল'ৰাটোক।

এইবাৰ মানুহজনৰ ফালে ঘূৰিলোঁ মই। পৰাক্ৰমী সুদীপ্ত চৌধুৰীয়ে হাতযোৰ কৰি তলমুৰকৈ থিয় দি ৰৈছে মোৰ সন্মুখত। 

আৰু চকুহাল!
এইহাল চকু মই লগত নোশোৱাৰ বাবে চাকৰিৰ পৰা উলিয়াই দিয়া সুদীপ্ত চৌধুৰীৰ চকু নহয়। এইহাল চকু বাপেকৰ। মই কষ্টত থাকিলে মোৰ দেউতাৰ চকুতো যি বেদনা ফুটি উঠে সেই বেদনাসিক্ত দুচকুৰ সৈতে কোনো পাৰ্থক্য নাই এই চকুহালৰ। হাতযোৰ কৰি ৰোৱা মানুহজনে পুত্ৰৰ জীৱন ভিক্ষা মাগিছে।

মই লাহে লাহে কৈ উঠিলোঁ

: ক'ত, কেতিয়া তেজ দিব লাগিব মোক জনাব।

হাতযোৰ কৰাৰ ভংগীতেই ৰৈ আছিল সুদীপ্ত চৌধুৰী। ধন্যবাদসূচক কিবা এটা শব্দও হয়তো তেওঁ উচ্চাৰণ কৰিছিল।

কিন্তু মই তেওঁৰ কোনো কথা শুনিবলৈ চেষ্টা নকৰাকৈ কোবাকুবিকৈ অফিচলৈ যাবলৈ বাছ ধৰিবলৈ বুলি খোজ পেলালোঁ। 

তেজ দিম বুলি কৈ ভাল কৰিলোঁ নে বেয়া কৰিলোঁ মই নাজানোঁ। কিন্তু এই সময়ত বেমাৰত পৰি থকা এটা দেৱশিশুৰ বাহিৰে একো কথাই মনলৈ অহা নাই মোৰ। মোৰ ডিঙিত সাবটি ধৰা সেই অকণমানি হাত দুখনৰ বাহিৰে একোৱেই মনলৈ আনিব পৰা নাই মই।

বাছ এখনলৈ বুলি ৰওতেই ফোন আহিল সাগ্নিকৰ।

: ক'ত আছা কৃষ্ণাক্ষী? 
: সচিবালয়ৰ সন্মুখত।
: তাতেই ৰ'বা। মই আহি আছোঁ।

তেতিয়াহে মনলৈ আহিল কালি ৰাতিৰে পৰা তেওঁ একেৰাহে কৈ আছে মোক কিবা এটা ক'বলৈ থকাৰ কথা। বাৰে বাৰে সোধাৰ পিছতো কথাটো মোক লগ পালেহে ক'ম বুলি তল পেলাই থৈছে। আৰু আজি ৰ'ব নোৱাৰি এইখিনি ওলাইছেহি।

আহক তেওঁ। মোৰোতো ক'বলৈ আছে সুদীপ্ত চৌধুৰীক লগ পোৱাৰ কথা। বাৰিষাৰ এৰাতি মুষলধাৰ বৰষুণত মোক এৰি থৈ যোৱা মানুহ এজনৰ পুত্ৰক মই যে তেজ দিম সেই কথা যে তেওঁক ক'বলৈ আছে মোৰ। মই জানো সেই কথা শুনি তেওঁ একে আষাৰেই কৈ উঠিব - "কিয় কৃষ্ণাক্ষী? ইমানৰ পিছতো কিয় কৰা তুমি এইবোৰ?"

বাছ ষ্টেণ্ডৰ চালিখনৰ তলতে মই অপেক্ষা কৰিলোঁ তেওঁলৈ।

তেওঁ আহি পাইছেহি। গাড়ী অনা নাই আজি। বাইক লৈ আহিছে। মহানগৰীৰ আবেলিৰ যান জঁটৰ পৰা ৰক্ষা পৰিবৰ বাবেই হয়তো!

মোৰ ভাল লাগিল। এচি চলাই আইনা বন্ধ গাড়ীত মিউজিক চিষ্টেমত গান শুনি যোৱাতকৈ তেওঁৰ বাহুত আলফুলে হাত থৈ আবেলিৰ বতাহ সানি গুণগুণাই গান গাই যোৱা মানুহজনৰ লগত বাইকত উঠি যাবলৈ ভাল পাওঁ মই।  

মোৰ কাষত ৰৈ হেলমেটৰ গ্লাছখন দাঙি সামান্য হাঁহিলে তেওঁ। খোলা হাঁহি নহয়। চিন্তাৰ পৰশ থকা এটি হাঁহি। এই হাঁহি মই চিনি পাওঁ। 

ধৰফৰাই উঠিলোঁ।
কি হৈছে?
কি হৈছে তেওঁৰ!
কি চিন্তাই অশান্ত কৰিছে মোৰ প্ৰিয়তম পুৰুষক?
ব্যতিব্যস্ত হৈ পৰিলোঁ মই।

ইমান গহীন শান্ত মানুহজনক কেতিয়াবা এটি শিশুৰ দৰে লাগে মোৰ। প্ৰতিটো কথাই বহুবাৰ চিন্তা কৰি চোৱা, এটা কথা ক'বলৈ দহবাৰ চিন্তা কৰা এই মানুহজনে মাজে মাজে এটা পাঁচ বছৰীয়া শিশুৰ দৰে অমুৰি জুৰিবলৈ খোজে। আজিকালি ভাৱ হয় প্ৰতিজন পুৰুষৰ মাজত চাগৈ একোটা অকণমানি শিশু লুকাই থাকে, যি শিশুৰূপ ওলাই আহিব খোজে প্ৰিয়তমা পত্নী বা প্ৰেয়সীৰ ওচৰত। গোটেই পৃথিৱীৰ আব্দাৰ পুৰোৱা সেই পুৰুষে আব্দাৰ কৰিব খোজে কোনো বিশেষ নাৰীৰ কাষত। 'Boys don't cry'ৰ সেই টেগ আঁতৰাই বিৱশ মুহূৰ্তত উচুপি ৰ'ব পাৰে সেই নাৰীৰ কোলাত মূৰ থৈ।

প্ৰতিবাৰেই বাইকত বহাৰ পিছত মোৰ হাতখন টানি নি তেওঁৰ বাহুত তেওঁ নিজেই ৰাখি লোৱাৰ অভ্যাস। আজি সেয়াও কৰা নাই তেওঁ। মই নিজেই লাহেকৈ হাত থ'লোঁ তেওঁৰ বাহুত। 
একো সোধা নাই মই।
একো কোৱা নাই তেওঁ।
গান এটা গুণগুণাইও ৰোৱা নাই।

বাইকখন নি তেওঁ হেপী ইণ্ডিয়াৰ অফিচটোৰ সন্মুখত ৰাখিলে। মই লৰালৰিকৈ দিনটো বস্তু বিক্ৰী কৰি পোৱা টকাখিনি অফিচত জমা দি পাবলগীয়া ইনছেন্টিভৰ টকাকেইটা লৈ হুৰমুৰাই ওলাই আহি আকৌ বহি পৰিলোঁ বাইকত। 

ক'লৈ যাম, তেওঁ বা ক'লৈ নিছে একো নজনাকৈয়ে আলফুলে হাতখন তেওঁৰ বাহুত ৰাখি বহি ৰ'লো মই। মুখেৰে একো নাইকোৱা যদিও বাহুত ৰখা সেই হাতেৰে লাহে লাহে তেওঁৰ গাত পিহি বুজাবলৈ বিচাৰিছোঁ 

'তোমাৰ কি হৈছে মই নাজানোঁ, কিন্তু যিয়েই নহওঁক সকলো পৰিস্থিতিতে মই তোমাৰ লগত আছোঁ' 

মহানগৰীৰ মাজেৰে গৈ তেওঁ ৰৈছিলগৈ শুক্ৰেশ্বৰ মন্দিৰৰ কাষত। শুক্ৰেশ্বৰ মন্দিৰৰ বাহিৰত বাইক ৰখাই খৰধৰকৈ আগবাঢ়িল তেওঁ। 

মোৰ প্ৰিয় ঠাই। মন্দিৰৰ বাহিৰৰ চিৰিত তেওঁৰ সৈতে বহি আবেলিৰ ব্ৰহ্মপুত্ৰলৈ চাই ৰৈ বৰ ভাল পাওঁ। কিন্তু আজি এই প্রিয় ঠাইখিনিলৈ আহিও মই বাৰে বাৰে চাই ৰৈছোঁ তেওঁৰ চিন্তাক্লিষ্ট মুখলৈ।

বহি পৰিলোঁ দুয়ো। সন্মুখত ব্ৰহ্মপুত্ৰ। একেৰাহে দুয়োহাতৰ তলুৱা মোহাৰি ৰৈছে তেওঁ। যেন কিবা ক'বলৈ খুজিও ক'ব পৰা নাই মোক।

: বতাহ আজি কম ন?

কিবা এটা ক'ব লাগে বাবেই যেন ঘপকৈ ক'লে তেওঁ।
 
ক'বলৈ মন গৈছে 'ক'ৰপৰা লাগে আপোনাৰ গাত বতাহ? গোটেই বতাহবোৰ যে এতিয়া অশান্ত হৈ মোৰ বুকুত বলিবলৈ ধৰিছে।'

উত্তৰ নিদিলোঁ মই। দুয়োৰে মাজত থকা মোৰ হেণ্ডবেগটো একাষলৈ ঠেলি এইবাৰ তেওঁৰ একেবাৰে কাষ পালোগৈ। 

: কৃশ্বু....

আঃ এই মাত!
কিয় মাতে এনেকৈ তেওঁ?
কিয় মাতে মোৰ প্ৰিয় পুৰুষে এনে বিষাদগ্ৰস্ত কন্ঠেৰে? 

এইবাৰ সঁচাকৈয়ে বৰ চিন্তাত পৰিলোঁ মই। এই নামেৰে তেওঁৰ খুব মৰম লাগিলে নতুবা সাংঘাতিক কিবা এটা গহীন বিষয় আলোচনা কৰিবলৈ থাকিলে মাতে।

তেওঁলৈ চালোঁ। এইবাৰ মোৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত লৈ লাহে লাহে কৈ গ'ল 

: তোমাৰ এই অৱস্থাটোৱে মোক বৰ কষ্ট দিছে অ'!মই এটা কথা ভাবিছোঁ..কিন্তু নাজানোঁ তুমি কেনেকৈ লোৱা কথাটো। 

ভ্ৰূু যুগল কোঁচ খালে মোৰ। চকুত এসোপা প্ৰশ্নবোধক চিন। 

: মোক ভুল নুবুজিবা। কিন্তু কিছুমান কথা তোমাক ক'বলৈ সাংঘাতিক সংকোচ হয় মোৰ। যি কথা তুমি নহৈ আন কোনোবা হোৱা হ'লে হয়তো ইমান দেৰি কৈ পেলাব পাৰিলোঁহেতেন।

: কওক... । যি ভাবিছে কৈ পেলাওক। 

মই যেন মুহূৰ্ততে তৈয়াৰ হ'লো যিকোনো বেয়া পৰিস্থিতিলৈ। ভিতৰৰ পৰা মই ভাবি ৰ'লো এই মুহূৰ্ততে উফৰি আহিব পাৰে এনেকুৱা এটা কথা যি কথাই ভাঙি চুৰমাৰ কৰিব পাৰে মোক। 

মুঠিত মোৰ হাত ৰাখিয়েই মোৰ চকুলৈ চাই লাহে লাহে কৈ উঠিল তেওঁ

: মোৰ লগৰ ল'ৰা এজনৰ এটা ফ্লেট আছে। হেঙেৰাবাৰীৰ ফালে। অহা সোমবাৰে তাত ভাড়া থকা মানুহহাল যাবগৈ। প্লিজ তুমি তাত থাকিবলৈ লোৱা। এই ৰ'দে বৰষুণে ঘূৰি ঘূৰি কিতাপ বেছি থকা চাকৰিটো তুমি এৰি পেলোৱা। সেই ফ্লেটটোত থাকি এটা সন্মানীয় চাকৰি বিচাৰি লোৱা তুমি। একোঠলিয়া ৰূমটোত সোমাই থাকিব নালাগে। মই তোমাক আৰু এনেকৈ চাই থাকিব নোৱাৰোঁ কৃষ্ণাক্ষী। কষ্ট হয় মোৰ। তুমি সেই ফ্লেটটোৰ ভাড়া দিব পৰা চাকৰি এটা নোপোৱালৈকে মই দিম ভাড়া। প্লিজ মানি লোৱা...প্লিজ....

এইবাৰ মুঠিৰ ভিতৰত থকা মোৰ হাতখন সজোৰে চেপি ধৰিলে তেওঁ।

একেথৰে তেওঁৰ মুখলৈ চাই ৰ'লো। তাৰ পিছত তেওঁৰ হাতৰ মুঠিত থকা মোৰ হাত এৰুৱাই লাহে লাহে অথচ বৰ স্পষ্টকৈ ক'লো

: এই কথা আজিয়েই যি মোক ক'লে। দ্বিতীয়বাৰ মোক এনে কথা ক'বলৈ চেষ্টা নকৰিব। মই যি কৰি আছোঁ, মই যেনেকৈ আছোঁ এই মুহূৰ্তত মোৰ বাবে এইয়াই সঠিক। আৰু অসন্মানীয় কিবা এটা কাম মই কৰি আছোঁ বুলি কেতিয়াও ভবা নাই আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে নাভাবোঁ। কাৰো সহায় নোলোৱাকৈ,কাৰো ওচৰত মূৰ তল নকৰাকৈ, সুদীপ্ত চৌধুৰীৰ দৰে এচাম মানুহৰ লেতেৰা চকুবোৰৰ সন্মুখীন নোহোৱাকৈ মই এটা কাম কৰি আছো। অঁ, মই অসুখী। এই কাম কৰি ভীষণ অসুখী মই। কিন্তু আপুনি ভাড়া দিয়া ফ্লেটত যদি থাকিবলৈ লওঁ ইয়াতকৈও অসুখী হ'ম মই। মৰি মৰি জী থাকিম। নিজৰ চকুতেই বৰ সৰু হৈ যাম। আপুনি চিন্তা নকৰিব। খুব সোনকালেই মই এটা চাকৰি পাম। আৰু এটা কথা, কিতাপ বিক্ৰী কৰি অফিচে অফিচে ঘূৰি ফুৰা ছোৱালী এজনীৰ লগত থাকিবলৈ যদি আপুনি লাজ পাইছে, তেন্তে লাজ নোপোৱাকৈ, মূৰ তুলি থাকিব পৰাকৈ যিকোনো সিদ্ধান্ত আপুনি ল'ব পাৰে। 

খং উঠিছে মোৰ।
আত্মসন্মানত আঘাত পাইছোঁ।
কিন্তু খং উঠিলেও অত্যন্ত সহজভাৱেই কথাকেইটা কৈ পেলাইছিলোঁ মই। 

চকুত এসোপা অপৰাধবোধ লৈ মোলৈ চাই ৰৈছে তেওঁ।

: আ্যম চৰী কৃষ্ণাক্ষী.. মই একো বেয়া ভাবি কোৱা নাছিলোঁ। মই জানিছিলোঁৱেই তুমি এনেকুৱাই কৰিবা। মই বহুদিনৰ পৰা ক'ম বুলি ভাবিও তোমাক ক'বলৈ সাহস গোটাব পৰা নাছিলোঁ। মোক ক্ষমা কৰা প্লিজ। মই বৰ ভুল কৰিছোঁ।

আকাশত হেঙুল বৰণ ধৰিছে।
অস্তগামী সুৰুযে কমলা বৰণ কিছুমান যেন নদীৰ বুকুলৈ ছাটি মাৰি পঠিয়াইছে। আবেলিৰ সেই সুমথিৰাৰঙী পোহৰত জলমলাই উঠিছে তেওঁৰ দুচকু। 
দুচকুত তেওঁৰ চকুপানী।
 
হঠাৎ বৰ অপৰাধবোধ হ'ল মোৰ। 
ছাটিফুটি লাগিল। 
যিজন মানুহে অহৰহ মোৰ ওঁঠত এটি হাঁহি সানি ৰাখিবলৈ বিচাৰে,তেওঁৰ চকুত আজি চকুপানী। আৰু তাৰ কাৰণ মই!

হে ঈশ্বৰ!
মই কিয় প্ৰতিটো কথাত এনেকৈ আচৰণ কৰোঁ? এই কথাখিনিকে মই ভালকৈয়োতো ক'ব পাৰিলোঁহেঁতেন! কেনেকৈ ভাবি ল'লো এই মানুহজনে মোৰ অহিত চিন্তা কৰিব পাৰে বুলি?

এইবাৰ যেন তেওঁৰ অভিমান ভাঙিবলৈ তৎপৰ হৈ পৰিলোঁ মই।

ঘপকৈ উঠি সন্মুখত থিয় দিলোঁ তেওঁৰ। এটা সৰু ল'ৰাৰ দৰে অভিমান কৰি সিফালে চাই ৰৈছে। বৰ মৰম লাগিল মোৰ। মূৰটো বুকুৰ মাজত আঁকোৱালি ধৰিলোঁ। বিৰবিৰাই উঠিলোঁ

: ভালপাওঁ আপোনাক। বৰ ভালপাওঁ।

: তোমাৰ কেতিয়াও বেয়া ভাবিব নোৱাৰোঁ মই। তুমি অশান্তিত থাকিলে কষ্ট পাওঁ।

এইবাৰ হাত ৰাখিলো তেওঁৰ ওঁঠৰ ওপৰত। 

নালাগে। একো ক'ব নালাগে তেওঁ। মই সকলো জানোঁ, সকলো বুজোঁ। কিদৰে মোৰ এধানি সুখৰ বাবে ব্যতিব্যস্ত হৈ ৰয় মোৰ প্ৰিয়তম পুৰুষ তাৰ উমান পাওঁ মই।

সন্ধ্যা লাগিছে। 
কপালত ওঁঠ থ'লোঁ তেওঁৰ।
প্ৰথমবাৰ এনেকৈ কোনো পুৰুষৰ কপালত আঁকি দিছোঁ এটি চুমা। 
সামান্য কঁপি উঠিছোঁ মই। 
তেওঁ আকুলতাৰে চাই ৰৈছে মোৰ দুচকুলৈ।
যাওঁ বুলিও অথনিৰে পৰা ৰৈ থকা বেলিটো এইবাৰ ঘপকৈ লুকাই গ'ল। আমাক যেন আৰু অকণমান পৰ এনেকৈ ৰ'বলৈ সুবিধা কৰি দিলে। আন্ধাৰৰ পাতল চাদৰ এখনেৰে ঢাকি পেলাব খুজিলে দুয়োকে।

এটি সন্ধ্যাতৰা সাক্ষী হৈ ৰ'ল এই ক্ষণৰ।

যাবলৈ উঠিলোঁ দুয়ো। 

সুদীপ্ত চৌধুৰীৰ কথা কোৱা নহ'ল। ইমান ধুনীয়া ক্ষণ এটাত আন কাৰোৰে কথা ক'ব খোজা নাই মই। এই ক্ষণ মাথোঁ আমাৰ হৈ ৰওক। সন্মুখৰ ব্ৰহ্মপুত্ৰই অনন্তকাললৈ বোৱাই নি থাকক মাথোঁ দুটি নাম-

 "সাগ্নিক আৰু কৃষ্ণাক্ষী"...

বেগটো লৈ চিৰিৰ পৰা উঠি আহোঁতেই মাতিলে তেওঁ

: কৃশ্বু...

ৰৈ গ'লো মই।

: এইফালে আহাঁ...
আগবাঢ়ি গ'লো তেওঁৰ ওচৰলৈ।
: কওক
: আৰু অকণমান...
কাষ চাপি গ'লো তেওঁৰ
: বছ আৰু অকণমান...

এইবাৰ তেওঁৰ একেবাৰে কাষ চাপি গ'লো। চকুহাল অজানিতে মুদ খাই আহিল মোৰ।আৱেগেৰে দুচকুত চুমা আঁকি আলফুলে সাবটি ধৰিলে তেওঁ।

এয়া কি হ'ল? 
এচাটি বিজুলী যেন মূৰৰ পৰা ভৰিলৈকে পাগ মাৰি উঠিছিল মোৰ।
এনেকুৱাই হয়নে সকলোৰে?
প্রিয় পুৰুষে ওঁঠেৰে চুলে শৰীৰত এনেকৈয়ে বিজুলীয়ে খেলে নে? 
কেনেকৈ ইমান দূৰ্বল হৈ পৰিছোঁ মই!
বুকুত যেন বাজিছে পিছফালৰ মন্দিৰটোৰ হাজাৰটা ঘণ্টাৰ ধ্বনি।
এই ক্ষণ এনেকৈয়ে ৰৈ যাব নোৱাৰে নে?
আজীৱন....

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ