#সূৰ্যফুলৰ_দেশলৈ

খণ্ড ৭

বাইলেন -2
কল্যাণপুৰ, গণেশগুৰি

ট্ৰেকাৰখনৰ পৰা নামি মোবাইলৰ মেচেজটো আকৌ এবাৰ খুলি চালোঁ। হয়, এইটোৱেই মানুহজনে মেছেজ কৰি পঠিয়াই দিয়া ঠিকনাটো। গণেশগুৰিৰ কল্যাণপুৰ নামৰ এই পথটোলৈ মই আগতেও বহুবাৰ আহিছোঁ। কলেজত পঢ়ি থাকোঁতে লগৰ পৰিণীতাৰ হোষ্টেললৈ প্ৰায়েই আহিছিলোঁ। বিষন্ন আবেলিবোৰত কেতিয়াবা মনটো বেয়া লাগিলেই ঢাপলি মেলি আহিছিলোঁ 'পৰিণীতা শৰ্মা' নামৰ মোৰ বান্ধৱীজনীৰ ওচৰলৈ। তাইৰ হোষ্টেলৰ ছাদত বহি গল্প কৰিছিলোঁ ঘণ্টাৰ পাছত ঘণ্টা। হাতত দুকাপ চাহ লৈ একেৰাহে আমি দুয়োজনীয়ে পাতি যাব পাৰিছিলোঁ আশাপূর্ণা দেৱীৰ পৰা ঝুম্পা লাহিৰীৰলৈকে বিভিন্ন কথা। কথা পাতিব পাৰিছিলোঁ অনুৰাধাৰ বাদামী বেণীৰ পৰা অন্তৰীপৰ মেনকালৈকে, চনু নিগমৰ ৰোমান্টিক গীতৰ পৰা ৰফী চাহাবৰ বিষাদভৰা কন্ঠলৈকে। আমি ক'ব নোৱাৰাকৈয়ে কিমান দেৰি যে ডুব গৈছিলোঁ হৰিহৰণ জীৰ গীতবোৰত। বাৰে বাৰে ৰিপিত ম'ডত তাই বজাইছিল বম্বে' চিনেমাৰ সেই ধুনীয়া গীতটো
 
টু হি ৰে
টু হি ৰে
টেৰে বিনা মে
কেইচে জীয়ু
আজা ৰে
আজা ৰে
ইন ছাচ' মে বছ যা টু...

ইন ছাচ' কা দেখ'
তুম পাগলপন কি
আয়ে নেহী ইনহে চ্চে'ন.....

সেই পৰিণীতাই আত্মহত্যা কৰিছিল। কিতাপ পঢ়ি, গান শুনি ভালপোৱা পৰিণীতা শৰ্মাই আত্মহত্যা কৰিছিল। এদিন সন্ধিয়া হোষ্টেলৰ ফেনত দোপাত্তাৰে বান্ধি ওলমি আছিল তাই। গুচি গৈছিলগৈ মোক এবাৰো নোকোৱাকৈ। বুকুৰ দুখবোৰ এবাৰো মোৰ আগত খুলি নোকোৱাকৈ গুচি গৈছিলগৈ তাই। তাইৰ ওপৰত প্ৰচণ্ড ক্ষোভ আৰু অভিমান হৈছিল মোৰ। তাইক শেষবাৰৰ বাবে চাবলৈ আহিছিলো কল্যাণপুৰ নামৰ এই ঠাইখিনিৰ তাইৰ হোষ্টেললৈ। ওলমি ৰোৱাৰ পৰা পুলিচে নমাই কোঠাৰ মজিয়াত শুৱাই দিয়া ছোৱালীজনী শেঁতা পৰি আছিল। এসোপা যন্ত্ৰণাৰে সেমেকি আছিল তাইৰ ধুনীয়া মুখখন। টেবুলত তেতিয়াও পৰি ৰৈছিল মোৰপৰা পঢ়িবলৈ আনি থোৱা আশাপূর্ণা দেৱীৰ 'প্ৰথম প্ৰতিশ্ৰুতি'। মই মুহূৰ্ততে নিশ্চিত হৈছিলোঁ কিতাপখন তাই নিশ্চয় মেলিয়েই চোৱা নাছিল। নহ'লে সত্যৱতীৰ দৰে ইমান শক্তিশালী চৰিত্ৰ এটাৰ সৈতে যাত্ৰা কৰাৰ পিছত কাৰ মন যাব এনেকৈ দোপাত্তাৰে ডিঙি মেৰিয়াই ওলমি দিবলৈ? কাৰ মন যাব নিজকে শেষ কৰি পেলাবলৈ?

কিতাপখন তাইৰ টেবুলৰ পৰা মই লৈ আহিছিলো। সেইদিনাৰ পৰাই শুনিবলৈ এৰি পেলাইছিলোঁ পৰিণীতাৰ প্রিয় সেই গীত - 

"টু হি ৰে..."

আচলতে শুনিবলৈ এৰি পেলাইছিলোঁ বুলিলে হয়তো ভুল কোৱা হ'ব। শুনিবলৈ চেষ্টা কৰিও পৰা নাছিলোঁ শুনিব। গীতটো শুনিলেই তাইৰ চকুৰ আৱেগবোৰে মোক যেন মেৰিয়াই ধৰিছিল। মেৰিয়াই ধৰিছিল পুলিচে নমাই থোৱা সেই শৱদেহৰ শেঁতাপৰা বেদনাবোৰে। তাইলৈ হাজাৰ অভিমান বুকুত পুহি ৰাখিও তাইক কেতিয়াও মই বেয়াই পাব নোৱাৰিলোঁ। কিছুমান মানুহলৈ মাথোঁ অভিমান কৰা যায়; বেয়া পোৱা নাযায়। বেয়া পোৱা আৰু অভিমান কৰাৰ মাজত আচলতে বৰ সৰু পাৰ্থক্য এটা থাকে। আমি পতা বহুত কথাৰ মাজতে তাই মোক মাজে মাজে কৈ পেলাইছিল

: বুজিছ কৃষ্ণাক্ষী, তই যে জাৰ্নেলিষ্ট হোৱাৰ বাবে একেবাৰে উপযুক্ত।

মই প্ৰশ্নবোধক চাৱনিৰে চাই ৰৈছিলোঁ তাইলৈ। তাই কৈছিল

: এই যে আৱেগবোৰ উথলি আহিলেও বুকুত সাঁচি সামৰি ৰাখিব পাৰ, যিমান দুখৰ গান এটা শুনিলেও নকন্দাকৈ থাকিব পাৰ; জাৰ্নেলিষ্ট হ'লে তোৰ এই গুণটো বৰ কামত আহিব। মোৰ কথা ভাৱচোন! ডিগ্ৰী পাছ কৰি কিবা এটা পঢ়িব লাগে বাবেই যেন জাৰ্নেলিজম পঢ়িছোঁ। কিন্তু মোৰ দৰে ইমান অতি আবেগিক মানুহ কি জাৰ্নেলিষ্ট হ'ব পাৰে? দুখৰ বাতৰি এটা পঢ়িলে বা সংগ্ৰহ কৰিবলৈ গ'লে উচুপি কান্দি মৰিম মই।

হাঁহি পেলাইছিলোঁ দুয়োজনীয়ে। 
সেই অতি আবেগিক কোমল মনৰ ছোৱালীজনী গুচি গৈছিল। তাই গুচি যোৱাৰ পিছত আজি প্ৰথমবাৰলৈ মই এই ঠাইখিনিলৈ আহিছোঁ।

ঘড়ীটোলৈ চালোঁ। এঘাৰ বাজিবলৈ দহ মিনিট বাকী। ঘৰ এটাৰ সন্মুখত আহি মই থিয় দিছিলোঁ। মানুহজনে পঠিয়াই দিয়া ঠিকনা আৰু এই ঘৰটো মিলাই চালোঁ। এইটোৱেই ঠিকনা।

বাইলেন-2
কল্যাণপুৰ, গণেশগুৰি...

দুই তলাৰ ঘৰটোত চকু ফুৰালোঁ। কোনো দিশৰ পৰাই বাহিৰৰ পৰা চাই মই অনুমান কৰিব পৰা নাই এইটো এটা অফিচ হয়নে নহয়? অফিচ জানো দেখাত এনেকুৱা থাকে?

 ইমান শান্ত।
 ইমান নিৰ্জন। 

ঘৰটোৰ লোহাৰ গেইটখনত মোৰ দুচকুৱে তন্ন তন্নকৈ বিচাৰি উঠিল এখন চাইন বোৰ্ড। 'হেপী ইণ্ডিয়া ডট কম' নামৰ এখন ফলক মই বিচাৰি ফুৰিলোঁ। কিন্তু ক'তো তেনেকুৱা নামৰ একো ফলকেই মোৰ চকুত নপৰিল। নাকত এটা বৰ বেয়া গোন্ধ লগাত আশে পাশে ঠাইবোৰলৈ চকু ফুৰালোঁ। সন্মুখত খালি ঠাই অলপ আছিল। য'ত মানুহবোৰে প্ৰতিদিনে জাৱৰ পেলাই জাৱৰৰ এটা দ'ম কৰি ৰাখিছিল। গুৱাহাটীৰ প্ৰায়বোৰ ঠাইতেই দেখা যায় এনেকুৱা জাৱৰৰ পাহাৰ। 

কি কৰো কি নকৰোঁকৈ মই অলপ সময় সেইখিনিতে ৰৈ থাকিলোঁ। দোধোৰ মোধোৰ অৱস্থা এটাৰে মই সেইখিনিতে প্ৰায় দহ মিনিটমান ৰৈ বাট চালোঁ অন্ততঃ কোনোবা এজন লোক ঘৰটোৰ পৰা ওলাই অহালৈ। 

কিন্তু নাই!

ঘৰটোৰ পৰা কোনো ওলাই অহা নাছিল। অফিচটোৰ বিষয়ে কাৰোবাক সুধিবলৈকো আশে পাশে মই কাকোৱেই দেখা নাছিলোঁ। 

কালি ইণ্টাৰভিউটোৰ বাবে কথা পতা মানুহজনৰ নম্বৰটোত ফোন লগালোঁ। ব্যস্ত আছিল। ঘৰটোৰ সন্মুখত ৰৈ থাকিবলৈ মোৰ কিবা এটা ভাল লগা নাছিল। ৰং নিদিয়া দুইতলাৰ সেই ঘৰটো, ধূলিৰ চামনি পৰি বগা হৈ থকা ক'লা গেইটখন, সন্মুখৰ চোতালত দ'মাই থোৱা এসোপা বালিৰে গোটেই পৰিবেশটোৱেই মোৰ কিবা এটা ভাল লগা নাছিল। মই  সোমাই নোযোৱাকৈ সেইখিনিতে ৰৈয়েই থাকিলোঁ। 

হঠাৎ চকু পৰিল ঘৰটোৰ প্ৰথম মহলাৰ বাৰাণ্ডাৰ ৰেলিঙৰ ওচৰত ৰৈছিলহি এগৰাকী বৃদ্ধা। বগা শাৰী,ডিঙিত চন্দনৰ মালা পৰিহিতা বৃদ্ধাই থৰক বৰক খোজেৰে আহি চাৰৌপ চাৰৌপকৈ শব্দ কৰি তিতা গামোচা এখন আচাৰিছিল। বৃদ্ধাৰ কপালত দীঘলকৈ এটি চন্দনৰ ফোঁট। চকুত ডাঠ ফ্ৰেমৰ চশমা। কাপোৰখন লোহাৰ ৰেলিংডালত মেলি মানুহগৰাকীয়ে অকলে অকলে মুখেৰে কিবা এটা বিৰবিৰালে। যি শব্দ মই তললৈকে শুনা নাছিলোঁ। মাথোঁ দেখিছিলোঁ কিবা এটা বিৰবিৰাই থকা এযুৰি ওঁঠ। সেই মানুহগৰাকীক তলৰ পৰা ৰিঙিয়াই কিবা এটা সোধাৰ কোনো যুক্তি নাছিল। 

মই আকৌ ফোন লগালোঁ। এইবাৰ ফোনটো বাজিছিল। সস্তীয়া হিন্দী গীতৰ কলাৰ টিউনটোৰে বাজি উঠিছিল ফোনটো। এইবাৰ মুহূৰ্ততে ফোন উঠালে মানুহজনে। মই তেখেতক জনালোঁ তলত অপেক্ষা কৰি থকাৰ কথা। 

: এই যে...শুনতে পাচ্ছ’?....তোমাক কৈছোঁ৷

হঠাৎ কাৰোবাৰ মাতত ওপৰলৈ চাই দেখোঁ মানুহ এজনে আধা বাংলা, আধা অসমীয়া মিহলি ভাষা এটাৰে বৃদ্ধাই কাপোৰ মেলিবলৈ অহা ৰেলিংডালৰ ঠিক কাষতে ৰৈ কাৰোবাক চিঞৰি মাতিছে। মোৰ কাণত ফোনটো তেতিয়াও আছিল। মন কৰিলোঁ মাতটো যেন মানুহজনৰ লগতে ফোনটোৰ ভিতৰৰ পৰাও আহিছিল। মই মানুহজনলৈ চাই নিজলৈ প্ৰশ্নবোধক চাৱনি এটাৰে আঙুলিয়াই দেখুৱালো। অৰ্থাৎ মোকেই মাতিছেনে? মানুহজনে আকৌ এবাৰ টেংটেঙিয়া মাতটোৰে চিঞৰি উঠিল

: হয় তুমি। আহাঁ। ওপৰলৈ উঠি আহাঁ।

কথাখিনি কৈ মানুহজন ভিতৰলৈ সোমাই গৈছিল। ফোনটো ৰাখি মই সোমাই নগৈ সেইখিনিতে আকৌ অলপ সময় ঠিয় দি থাকিলোঁ। কিবা এটা যেন ভাল লগা নাছিল। অলপ সময় ইতস্ততঃবোধ কৰি মই ডাঙৰ গেইটখনৰ কাষতে থকা অকণমানি গেইটখনেৰে ভিতৰলৈ সোমাই গ'লো। শলখাডাল বন্ধ নকৰাকৈ গেইটখন এনেয়ে জপাই দিলোঁ। যাতে কিবা এটা নঘটিবলগীয়া ঘটিলেও মই দৌৰি ঘৰটোৰ পৰা ওলাই আহিব পাৰোঁ। 

চোতালৰ বালিদ'ম পাৰ হৈ মই বিচাৰিলো ওপৰলৈ উঠি যাব পৰা বাটটো। চকুত পৰাকৈ নাছিল চিৰিবোৰ। ঘৰটোৰ একেবাৰে কাষেৰে প্ৰায় পিছফাললৈ আছিল ওপৰলৈ উঠি যাব পৰা চিৰি। মই থওঁ নথওঁকৈ ভৰি থ'লোঁ চিৰিকেইটাত। চিৰিৰ তলৰ ছাঁ খিনিতে কুকুৰ এজনীয়ে অকণ অকণ ক'লা বগা পোৱালি চাৰিটাক গাখীৰ খুৱাই আছিল। ইমান ভয়লগা পৰিবেশ এটাতো কুকুৰ পোৱালি কেইটাই মোৰ ওঁঠত হাঁহি এটি বিৰিঙাই তুলিছিল। 

প্লাষ্টাৰ নকৰা খপলা খপলি চিৰিবোৰেৰে উঠি যাওঁতে এনেকুৱা লাগিছিল চিৰিবোৰত চাগৈ কেতিয়াও ঝাড়ুৰ পৰশ পৰা নাছিল। ঠায়ে ঠায়ে আধাখোৱা চিগাৰেটৰ টুকুৰা, চিপছৰ খালি পেকেট, কল্ড ড্ৰিংকৰ খালি বটল আদি পৰি থকা ঠাইখিনি সাংঘাতিক লেতেৰা আছিল। 

মই উঠি গৈ থিয় দিলোঁগৈ মটীয়া ৰঙৰ দুৱাৰ এখনৰ সন্মুখত। তললৈ চালোঁ। এইখিনিৰ পৰাই মানুহজনে মোক ৰিঙিয়াই মাতিছিল। দুৱাৰখন মেল খাই আছিল। মই তথাপি সোমাই নগৈ সেইখিনিতে ৰৈ থাকিলোঁ। গেইটখনত শব্দ এটা হোৱাত তললৈ চাই দেখোঁ কোনোবাই বন্ধ কৰিছে মই খুলি থৈ অহা শলখাডাল। কিবা এটা হ'লে দৌৰি পলাবলৈ মই মুকলি কৰি থৈ অহা বাটটোও বন্ধ কৰি দিছিল।

মই ৰৈ থকা অনুমান এটা কৰিয়েই চাগৈ মানুহজন ওলাই আহিছিল। টিকটিকিয়া ৰঙা চাৰ্ট আৰু ক'লা জিন্সৰ পেন্ট পৰিহিত মানুহজন আছিল সাংঘাতিক ক্ষীণ। প্ৰায় পাঁচ ফুট তিনি ইঞ্চিমান উচ্চতাৰ মানুহজনে দুৱাৰখন খুলি মোক ভিতৰলৈ মাতিলে। 

সোমাই গৈ দেখিলোঁ প্ৰথম কোঠাটোত এজনো মানুহ নাছিল। মানুহ দূৰৰে কথা, এখন প্লাষ্টিকৰ ৰঙা চকীৰ বাহিৰে কোঠাটোত আন একো নাছিল। মানুহজন সেই কোঠাটোৰ পৰা আগবাঢ়ি পিছৰ কোঠাটোলৈ গ'ল। পৰ্দা এখনেৰে ঢাক খাই আছিল কোঠাটো। মই মানুহজনৰ ঠিক পিছে পিছে পৰ্দা ঠেলি সোমাই গ'লো কোঠাটোলৈ।

এখন টেবুল আৰু সন্মুখত দুখন প্লাষ্টিকৰ চকীৰে মহিলা এগৰাকী বহি আছিল। ভদ্ৰমহিলা আছিল অবয়বত মানুহজনৰ সম্পূৰ্ন বিপৰীত। খুব শকত মানুহগৰাকীৰ পিন্ধনত আছিল এযোৰ ধুনীয়া ভাটৌৰঙী চেলোৱাৰ। ডিঙিয়ে কাণে হাতে ওলমিছিল সোণৰ বিভিন্ন অলংকাৰ। চুৰিডাৰযোৰৰ হাতখন যিখিনিতে শেষ হৈছে সেইখিনিতে ওলমি আছিল কেইবাটাও ৰঙা নীলা গ্ৰহৰ আঙুঠিৰে এডাল ৰূপৰ চেইন। মানুহগৰাকী বহি থকাৰ ঠিক পিছফালে এখন স্কুলৰ ক্লাছৰুমত থকাৰ দৰে বোৰ্ড ওলমি আছিল। বগা প্লাষ্টিকৰ দৰে বর্ডখনত ক'লা মাৰ্কাৰ কলমেৰে কিবা কিবি আঁক বাঁক কৰা আছিল। ৱালখনৰ একোণত আছিল বগা সাজেৰে ধ্যানমগ্ন অৱস্থাত থকা লোকনাথ বাবা আৰু কালী মাৰ দুখন ফটোৰ সৈতে ঢিমিক ঢামাককৈ জ্বলি থকা চাকি এগছেৰে এডোখৰ পূজাৰ স্থান।

মানুহগৰাকীয়ে মোক বহিবলৈ আঙুলিয়াই দিলে। তাৰ পিছতে কোটকোটকৈ পি পেলালে টেবুলত ঢাকি থোৱা পানী এগিলাচ। মই তেওঁলৈ মোৰ বায়'ডাটাখন আগবঢ়াই দিলোঁ। পানী গিলাচ খাই শুদ্ধ হিন্দীৰে তেওঁ মোক সুধিলে

: চাকৰি এটা তোমাক কিয় লাগে?

থতমত খালোঁ মই। 
চাকৰি এটা কিয় লাগে? এইটো কেনেকুৱা প্ৰশ্ন? মানুহগৰাকীৰ মুখখন আছিল অত্যন্ত কঠোৰ। মই ক'লো

: মেম, মই গুৱাহাটীত অকলে থাকোঁ। মোক চলিবলৈ এটা চাকৰিৰ খুবেই প্ৰয়োজন।

মানুহগৰাকীয়ে চকু ফুৰাই আছিল মই আগবঢ়াই দিয়া বায়'ডাটাখনত। 

: মাছ কমিউনিকেশ্যন কৰি বেলেগত চেষ্টা নকৰিলা? মন নাই সংবাদ মাধ্যমত কাম কৰাৰ?

মানুহগৰাকীয়ে বায়'ডাটাখনৰ পিছফালৰ পৃষ্ঠাটো লুটিয়াই চোৱা নাছিল, য'ত স্পষ্টকৈ উল্লেখ কৰা আছিল 'খবৰ 24×7' ত চাকৰি কৰি অহাৰ অভিজ্ঞতাৰ কথা।

আৰু চেষ্টা? কিমান চেষ্টাৰ কথা মই তেওঁক বুজাও? কিছুমান কথা মানুহক বুজোৱা নাযায়। মোৰ কিয় জানো ক'বলৈও মন নগ'ল মই চাকৰি এটা কৰি অহাৰ কথা। বৰ সাধাৰণভাৱে মই উত্তৰ দিলোঁ

: কেতিয়াবা পালে কৰিম বুলি ভাবি থৈছোঁ মেম।

মনে মনে ৰ'ল মানুহগৰাকী। পিছফালে লুটিয়াই নোচোৱাকৈয়ে মোৰ বায়'ডাটাখন ভাঁজ কৰি জাপি পেলালে আৰু সন্মুখৰ খৰাহীৰ দৰে কিবা এটাত প্ৰায় দলিয়াই দিয়াৰ দৰে থৈ দিলে।

মই ধৰফৰাই উঠিলোঁ। চাকৰি এটা যে আজিও নাপাওঁ সেই কথাত যেন মই প্ৰায় নিশ্চিত হৈ পৰিছিলোঁ। এইবাৰ গিলাছটোৰ অৱশিষ্ট পানীকণ খাই মহিলাগৰাকীয়ে মানুহজনক মাতিলে আৰু বাংলা ভাষাত কৈ উঠিল

: ছোৱালীজনীক কামবোৰ বুজাই দিয়া। কাইলৈৰ পৰা আহিবলৈ কোৱা। 

মই যেন মুহূৰ্ততে উশাহ পাইছিলোঁ। চকীখন দুয়োহাতেৰে পিছফাললৈ ঠেলি মহিলাগৰাকী উঠি গৈছিল। এইবাৰ সেইখন চকীত মানুহজন বহি টানি লৈছিল কাগজ এখন আৰু কলম এটা। মোৰ চকুলৈ চাই মানুহজনে কৈ পেলাইছিল

: কি কাম কৰিব লাগিব বুজিছা নহয়! কিতাপ বিক্ৰী কৰিব লাগিব। 

মই যেন বুজি নাপালোঁ। বুজা নুবুজা চাৱনি এটাৰে চাই থাকিলোঁ তেওঁলৈ। তেওঁ আকৌ কৈ উঠিল

: এনচাইক্ল'পিডিয়াৰ কিছুমান কিতাপ আৰু অভিধান বেচিব লাগিব। 

: ক'ত ছাৰ? ক'ত বেচিব লাগিব?

মই কি সুধিছিলোঁ আচলতে মই নিজেই বুজা নাছিলোঁ। কি সুধিব লাগে তাকো জনা নাছিলো। মানুহজনে এইবাৰ হাঁহি পেলালে। 

: ক'ত মানে? য'তেই বিক্ৰী হয়। য'তেই মানুহ থাকে। অফিচ, স্কুল,কলেজ,পুলিচ ষ্টেচন,তিনিআলি, চাৰিআলি, দোকান, বজাৰ সকলোতে। 

মই সঁচাকৈয়ে একো বুজি পোৱা নাছিলোঁ। বুৰ্বক ছোৱালীৰ দৰে মই আকৌ সুধিলোঁ

: ছাৰ কাকতখনৰ বিজ্ঞাপনটোত মেনেজাৰ পদৰ বাবে চাকৰি এটা খালি হোৱাৰ কথাহে লিখা আছিল!

মই যেন আকৌ এবাৰ চাকৰিটোৰ সম্পৰ্কে নিশ্চিত কৰিবলৈ বিচাৰিলো।

এইবাৰ মানুহজনে খৰধৰকৈ কৈ উঠিল

: চোৱা, এইটো এটা এনেকুৱা কোম্পানী য'ত বস্তু বিক্ৰী কৰা হয়। তুমি মেনেজাৰ হ'বলৈ কিছুমান অভিজ্ঞতাৰ জানো তোমাকো আৱশ্যক নহ'ব? তাৰ বাবে প্ৰথমতে তুমি এই কাম কৰিবই লাগিব। প্ৰথমতেই অকলে যাব নালাগে নহয়। আমাৰ চিনিঅ'ৰ ল'ৰা ছোৱালীবোৰৰ সৈতে ওলাই যাব লাগিব। সিহঁতে কেনেকৈ মানুহক এপ্ৰ'চ্চ কৰে সেয়া চাব লাগিব। তাৰ পিছতহে তুমি অকলে যাব লাগিব। তুমি যেতিয়া এই কামটো শিকি পেলাবা তাৰ পিছত তুমি ওলাই যাব নালাগে। তোমাৰ তলত কিছুমান নতুন ল'ৰা ছোৱালী থাকিব আৰু সিহঁতক তুমি পঠিয়াব লাগিব। দিনৰ শেষত হিচাপ ল'ব লাগিব সিহঁতে বেচি থৈ অহা বস্তুবোৰৰ। বুজিছাতো!

চিনিঅ'ৰৰ তলত কেনেকৈ ল'ৰা ছোৱালীবোৰ থাকিব সেই কথা কাগজত কাঁড় চিন টানি টানি আঁকি দেখুৱাইছিল তেওঁ।

মই মনে মনে ৰ'লো। বুজি পোৱা নাছিলোঁ কেনেকুৱা আচৰণ কৰা উচিত? কি কোৱা উচিত? তথাপি মোৰ মুখৰ পৰা কিয় জানো ওলাই আহিল

: দৰমহা..? দৰমহা কিমান ছাৰ?

: ফিক্সদ দৰমহা দুহেজাৰ টকা। তাৰ ওপৰত যিমান বস্তু বিক্ৰী কৰা প্ৰতিটো বস্তুৰ পৰা ইনছেন্টিভ আহিব।

: ছাৰ অফিচ কিমান সময়ৰ পৰা কিমান সময়ৰ লৈকে?

: ৰাতিপুৱা চাৰে ছয় বজাত আহি পাব লাগিব। আৰু গধূলি যিমান সোনকালে বস্তু বেচি শেষ কৰা সেয়া তোমাৰ কথা। তেন্তে কাইলৈৰ পৰা তুমি আহিবা নহয়?

শেষৰ শাৰীটোৱে মোৰ যেন বুকুৰ পুখুৰীত টুপুংকৈ এটা শিলগুটিহে দলিয়াই দিলে। পুখুৰীৰ স্থিৰ পানীত শিলগুটি এটা পৰিলে কঁপি উঠাৰ দৰে প্ৰশ্নটোৱে মোৰ বুকুৰ গভীৰলৈকে কঁপাই নিছিল।

"তেন্তে কাইলৈৰ পৰা তুমি আহিবা"

কিমান দিন মই ৰৈ আছিলো এনেকুৱা এটা বাক্য শুনাৰ বাবেই। কিমান দিন যে অপেক্ষা কৰিছিলোঁ এটা মাথোঁ ফোনকলৰ। যি লৈ আহিব মোৰ বাবে এটা ভাল খবৰ। যি ভাল খবৰে ক্ষণিকতে জীয়াই তুলিব পাৰে মোৰ সপোনবোৰ।

কিন্তু এইটো চাকৰি? 
কিতাপ বেচিম মই ৰাস্তাই ঘাটে?
কোনো চাকৰিক ডাঙৰ বা সৰু বুলি মই কেতিয়াও হাঁহি পোৱা নাই। কোনো চাকৰিক কেতিয়াও হেয়জ্ঞান কৰি পোৱা নাই। 

কিন্তু তথাপি!

মনত পৰিল দেউতালৈ। শিক্ষকতা কৰি এপইচা এপইচাকৈ জমা কৰা ধন ভাঙি মোৰ জাৰ্নেলিজম পঢ়াৰ সপোন পুৰোৱা দেউতাৰ মুখখন মনলৈ আহিল। শুকান মুখখনত আমাৰ বাবে দেখা সপোনে জলমল কৰি থকা চকুহাল মনলৈ আহিল। 

"দেউতাই যদি গম পায় মই ৰাস্তাত থিয় হৈ কিতাপ বিক্ৰী কৰাৰ কথা?"

কিন্তু পিছমুহূৰ্ততে মোৰ এইটোও মনলৈ আহিল যে কলেজত পঢ়ি থকা দুজনীকৈ ভনী, ডায়েবেটিচে চেপি পেলোৱা মাৰ দৰবৰ খৰছ , বৃদ্ধ আইতাৰ প্ৰায় প্ৰতিমাহে হোৱা বিভিন্ন বেমাৰৰ খৰছ সকলোবোৰৰ উপৰিও মই কেতিয়াও দেউতাক ক'ব নোৱাৰোঁ মোৰ এটা চাকৰি যোৱাৰ কথা। পেঞ্চনৰ টকাকেইটাৰে ইমানবোৰ বোজা অকলে টানি থকাৰ পিছত মই কেতিয়াও আকৌ এটা নতুন বোজা হৈ ঘৰলৈ উভতি যাব নোৱাৰোঁ।

কিবা এটা আচৰিত অনুভৱে মোক আৱৰি ধৰিছিল। চাকৰি এটাৰ ইমান প্ৰয়োজন হোৱা দিনত মই এনেকুৱা এটা চাকৰি পালোঁ যিটো চাকৰি কৰিম নে নকৰিম ভাৱিব পৰাকৈ সুস্থিৰ অৱস্থা এটাতো মই নাই।

অকণো সুখী কৰিব নোৱাৰা চাকৰিবোৰ মানুহে পায় কিয়? মনত হাজাৰখন সুখৰ নাৱে তলবল কৰি থকা চাকৰিবোৰৰ পৰা উলিয়াই দি কিয় গুজি দিয়া হয় অসুখী চাকৰিৰ নিযুক্তিপত্ৰ?

ধুৱঁলী কুঁৱলী আশা কিছুমানে যেতিয়া খুলি দিয়ে সমস্ত দুৱাৰ কি কৰে মানুহে? 
বুকুৰ চুবুৰিত উশাহবোৰে ৰাস্তা নাপাই ধৰফৰালে কেনেকৈ জী থাকে মানুহ?

(আগলৈ)

©গায়ত্ৰী

Comments

Popular posts from this blog

সূৰ্যফুলৰ দেশলৈ