সূৰ্যফুলৰ দেশলৈ -খণ্ড 2

বৈ অহা চকুপানীখিনি কোনেও নেদেখাকৈ হাতৰ তলুৱাৰে মচি লৈ অফিচৰ গেইটৰ পৰা বাহিৰত ভৰি থ'লো। গেইটৰ সন্মুখত বহি থকা চিকিউৰিটি গাৰ্ডজনে মোলৈ চাই উঠিল। দেউতাৰ বয়সৰ এই মানুহজনে মোলৈ এনেদৰে চালে যে তেওঁ মোৰ বিষয়ে, গীতাৰ্থ ভৰদ্বাজে মোক কোৱা কথাবোৰৰ বিষয়ে যেন সকলো কথা বৰ বিশদভাৱে জানে। মোৰ চকুত তেতিয়া চকুপানী নাছিল, তেওঁক মই একো কোৱাও নাছিলোঁ। তেওঁকহে নালাগে চাকৰি এটা যে মই এইমাত্ৰ হেৰুৱাই পেলাইছোঁ সেই কথা মই মোৰ বাহিৰে কাকো জানিবলৈ সুযোগ দিয়া নাছিলোঁ। কিন্তু তেওঁ যেন গম পাইছে তেওঁক গোটেই অফিচটোৰ ভিতৰত একমাত্ৰ 'বৰদেউতা' বুলি সম্বোধন কৰা এই ছোৱালীজনী যে কাইলৈৰ পৰা এই অফিচটোলৈ নাহে। তাঁৰেৰে খুৰাকেইটা বান্ধি থোৱা ভগা চকীখনৰ পৰা লাহেকৈ উঠি আহিল মানুহজন। মই লৰালৰিকৈ গুচি যাব খোজোঁতেই তেওঁ মাত লগালে : তোমাৰ কিবা অসুবিধা হৈছে নেকি ? সকলো ঠিকেই আছেনে ? দুখ লগাৰ সময়ত কোনোবাই 'কিবা হৈছে নেকি' বুলি সুধিলেই হুকহুকাই কান্দি উঠা মোৰ পুৰণি বেমাৰটো যেন সাৰ পাই উঠিব খুজিল। তদুপৰি প্ৰায় ষাঠি বছৰীয়া এই মানুহজনৰ মাতত আছিল এনে এক আপোন সুৰ যি সুৰ মই মোৰ দেউতাৰ মাতত শুনো। যি সুৰে মোক মুহূৰ...